Adhorua Ramdhenu – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 28 Apr 2020 06:05:10 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Adhorua Ramdhenu – Rupaliparda.com https://rupaliparda.com 32 32 163073109 চকুত লগা আভূষণেৰে নাই কোনো অভিনেত্ৰীঃ ডানিশৰ গীত “আধৰুৱা ৰামধেনু”- https://rupaliparda.com/archives/13952 https://rupaliparda.com/archives/13952#respond Tue, 28 Apr 2020 10:30:29 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13952 বৰ্তমান সময়ত য’ত একাংশ চিলেব্ৰেটীয়ে নিজ নিজ ফিটনেছ টিপ তথা নৃত্যৰে জনসাধাৰণক মনোৰঞ্জন কৰোৱাইছে; তাতেই আকৌ একাংশ নৱ প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিভাৰ ন-পোখা মেলা দেখিবলৈ পোৱা গৈছে। “লক-ডাউন” ৰ সদ্ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে এওঁলোকক। “লক-ডাউন” ৰ নিয়ম উলংঘা নকৰি য’ত এগৰাকীয়ে ঘৰতে বহি চুটি ছবিৰ পৰিচালনা কৰিছে তাতেই আকৌ কোনোৱে ন-কনচেপ্টৰ সৈতে সৃষ্টি কৰিছে গীতৰ। একোটা গীত অথবা এখন ছবিত আমি প্ৰায়ে এগৰাকী অভিনেত্ৰীক দেখো; অভিনেত্ৰী জনীৰ গাত সাধাৰণ মেক-আপ ও আভূষণ নাথাকিলে জনসাধাৰণৰ চকুত নালাগে বুলি কোৱা হয়। ডানিশৰ কন্ঠৰে নিৰ্মাণ কৰি এটি গীতত নৱ-প্ৰজন্মই সাঙুৰি লোৱা নাই কোনো অভিনেত্ৰী। উল্লেখ্য যে, অন্য কন্ঠশিল্পীৰ বাবে গীতত কথা দিয়াৰ পৰা সামান্য আঁতৰি এইবাৰ ডানিশে নিজ কথা, কম্পজিচন ও নিজ কন্ঠৰে প্ৰস্তুত কৰি উলিয়াইছে গীত।


“আধৰুৱা ৰামধেনু” শীৰ্ষক এই গীতটিৰ ভিডিঅ’ পৰিছালনা কৰিছে অৱয়ব ভূঞাই। চৰকাৰৰ নীতি নিয়ম উলংঘা নকৰি অৱয়বেনিজ গৃহতেই তেওঁলোকৰ সৈতে বসবাস কৰা এগৰাকী মহিলা “চামেলি” ক কেন্দ্ৰ কৰি ভিডিঅ’টো প্ৰস্তুত কৰি ওলাইছে। দুটা ভিন্ন কনচেপ্ট হ’লেও বৰ্তমান ডানিশৰ গীতটিৰ সৈতে উক্ত ভিডিঅ’টো এটা আনটোৰ ওপৰত ইমানেই অধিক নিৰ্ভশীল হৈ পৰিছে যে গীতটিৰ পৰা যদি ভিডিঅ’টো আঁতৰাই দিয়া তেনেহ’লে দুয়োটা বস্তু আধৰুৱা হৈ পৰিব।

চকুত লগা আভূষণেৰে নাই কোনো অভিনেত্ৰীঃ ডানিশৰ গীত "আধৰুৱা ৰামধেনু"- 1


ডানিশে পোন প্ৰথমবাৰৰ বাবে কন্ঠদান কৰা এই গীতটিক আকোঁৱালি লোৱাও দেখিবলৈ পোৱা গৈছে বহু দৰ্শক তথা শ্ৰোতাক। গীতটিত সংগীত দিছে অৰ্ণৱ বশিষ্ঠই আৰু ইয়াত শব্দ সংমিশ্ৰণ পিংকু দাসৰ।

]]>
https://rupaliparda.com/archives/13952/feed 0 13952