Alokhua – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 06 Oct 2021 07:28:09 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Alokhua – Rupaliparda.com https://rupaliparda.com 32 32 163073109 দীপলিনা ডেকাৰ নতুন গীত ‘আলসুৱা’,উৎকণ্ঠিত শ্ৰোতা-দৰ্শক https://rupaliparda.com/archives/28612 https://rupaliparda.com/archives/28612#respond Wed, 06 Oct 2021 05:45:27 +0000 https://rupaliparda.com/?p=28612 যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ হিচাবে পৰিগণিত দীপলিনা ডেকা তেওঁৰ নতুন গীতটোৰ বাবে সাজু হৈ উঠিছে। ‘চুই দিয়ানা’ ৰ আৰম্ভ হোৱা জনপ্ৰিয়তাৰ পৰৱৰ্তী সময়ত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই দীপলিনা ডেকাই। বিগত বহু দিনৰ পৰা কণ্ঠশিল্পীগৰাকীয়ে চচিয়েল মিডিয়া যোগে বিভিন্ন আপডেট জনসাধাৰণক দি আহিছিল ‘আলসুৱা’ শীৰ্ষক তেওঁৰ নতুন গীতটিক লৈ, কিন্তু শেহতীয়াকৈ গীতটি মুক্তিৰ কাষ চাপিছে বুলি জনাইছে। ‘আলসুৱা’ শীৰ্ষক গীতটিৰ বাবে জনসাধাৰণ অপেক্ষাৰত, নহবওঁনো কিয়? দীপলিনা ডেকাৰ ব্যক্তিগত চেনেলত মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰত্যেকটা গীতেই শ্ৰোতা-দৰ্শকক ইমানেই অধিক আকৰ্ষিত কৰিছে যে তেওঁৰ বাবে উৎকণ্ঠিত হৈ ৰৈছে প্ৰতিগৰাকী। দীপলিনা ডেকা বুলি ক’লেই উৎসাহিত যুৱপ্ৰজন্মৰ মাজত আহিবলগীয়া এই গীতটিয়ে এক আলোড়ণৰ সৃষ্টি কৰিছে। এটি শ্ৰুতিমধুৰ কণ্ঠৰ গৰাকী দীপলিনা ডেকাই বৰ্তমানলৈকে অনুৰাগীক যিমানকেইটা গীতৰ উপহাৰ দিছে, সেই আটাইকেইটা গীতেই এতিয়া জনসাধাৰণৰ প্লে-লিষ্টত ঘূৰিছে গতিকে তেওঁৰ অনাগত দিনত আহিবলগীয়া গীতসমূহক লৈ জনসাধাৰণে অপেক্ষা কৰি ৰোৱাটো স্বাভাৱিক।

দীপলিনা ডেকাৰ নতুন গীত 'আলসুৱা',উৎকণ্ঠিত শ্ৰোতা-দৰ্শক 1


‘আলসুৱা’ গীতটিত কথা দিছে গীতসমূহক সফলতাৰ শিখৰলৈ তুলি নিয়া গীতিকাৰ ৰাহুল দে দাসে, আনহাতে ইয়াত সংগীত কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত অসম সন্তান সপোন শইকীয়াই। প্ৰথমখন পোষ্টাৰ ডিজাইন কৰিছে অভিজিৎ লস্কৰে, Title Design ৰিতুপৰ্ণ বৰাৰ। ২০১৭ চনত মায়ানগৰীত প্ৰতিষ্ঠা লাভ কৰাৰ মানসেৰে সপোন শইকীয়াই চেন্নাইলৈ গৈ এ.এৰ.ৰহমানৰ “KM Music College” ত চাউণ্ড ইঞ্জিনীয়াৰিং আৰু মিউজিক প্ৰডাকচনৰ ওপৰত শিক্ষা গ্ৰহণ কৰি চেন্নাইতে কিছুদিনলৈ বিভিন্ন সংগীতৰ সৈতে জড়িত কামত ব্যস্ত হৈ থাকে। আনহাতে, এই গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন পৰিচালক বেদান্তই। তেওঁৰ পৰিচালনাৰে নিৰ্মিত ‘হাতে হাতে’ ধৰি গীতটিয়ে মুক্তিৰ পিছৰে পৰা জনসাধাৰণৰ সমাদৰ বুটলিছে। আগন্তুক ‘আলসুৱা’ গীতটিৰ সৈতে ইজনতকৈ সিজন প্ৰতিভাশালী কলা-কুশলীৰ জড়িতেই গীতটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিব বুলি আমি বিশ্বাস কৰিব পাৰোঁ।

দীপলিনা ডেকাৰ নতুন গীত 'আলসুৱা',উৎকণ্ঠিত শ্ৰোতা-দৰ্শক 2


নতুন এটি বিষয়বস্তুৰ সৈতে ৰাইজৰ কাষ চাপিব ‘আলসুৱা’ শীৰ্ষক গীতটি। গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীৰ সফলতাৰ কামনা কৰাৰ লগতে অনাগত দিনত এওঁলোকৰ তৰফৰ আৰু অধিক সুন্দৰ কামনা কৰিছে ৰূপালীপৰ্দাই।

]]>
https://rupaliparda.com/archives/28612/feed 0 28612