Amit Kumar Borah – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 15 Aug 2020 09:36:52 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Amit Kumar Borah – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বৈবাহিক জীৱনৰ পূৰ্ণ সুখ প্ৰাপ্তি অভিনেতা অমিত কুমাৰ বৰাৰঃ https://rupaliparda.com/archives/19186 https://rupaliparda.com/archives/19186#respond Fri, 14 Aug 2020 14:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19186 বিবাহ পাশত আৱদ্ধ টেলিভিছন পৰ্দাৰ জনপ্ৰিয় অভিনেতা অমিত কুমাৰ বৰা। পূৰ্বেও প্ৰেয়সী সুপ্ৰিয়া বৰাৰ সৈতে বিভিন্ন ফটো আপলোড কৰি জনসাধাৰণক নিজৰ বিষয়ে খবৰ দিয়ে অভিনেতা গৰাকীয়ে। আৰু, এইবাৰো নিজ বৈবাহিক জীৱনৰ আৰম্ভণিক যেন পূৰ্ণৰূপত স্ফূৰ্তি কৰি অতিবাহিত কৰিছে অভিনেতা গৰাকীয়ে। তেওঁৰ ফটোৱে আচলতে তেওঁৰ ব্যক্তিগত জীৱনৰ সুখানুভূতিক ব্যক্ত কৰিছে। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ ইটো সিটো কথাত স্পষ্ট যুক্তি দাঙি ধৰা অভিনেতা গৰাকীয়ে নিজ কথাৰে অনুৰাগীক আপ্লুত কৰি ৰাখে।

এখন ধাৰাবাহিকত এটি সৰু চৰিত্ৰৰে নিজ অভিনয় জীৱনৰ আৰম্ভণি কৰা অমিত কুমাৰে ৰিল লাইফতকৈ অধিক ৰিয়েল লাইফত দিয়া লজিক বোৰে তেওঁক তেওঁৰেই অনুৰাগীৰ অধিক কাষ চপাবলৈ সক্ষম হয়। কিছুদিন পূৰ্বে অমিতে দিয়া “হিৰো” ৰ সংজ্ঞাটিয়ে চচিয়েল মিডিয়াত লাভ কৰিছিল বহুল জনপ্ৰিয়তা। তেওঁ কৈছিল যে, “মই এতিয়ালৈ কেইবাখনো ধাৰাবাহিকত কাম কৰিছো, কিন্তু ইয়াত মাত্ৰ এটাই কথা আছে যে হিৰোইন এজনীৰ স্বামী চৰিত্ৰ ৰূপায়ন কৰিলে কোনো এজন মানুহ হিৰো’লৈ ৰূপান্তৰ নহয়। এই “ল’জিক” টোক লৈয়ে মই এতিয়ালৈ হিৰো’ হোৱাগৈ নাই।

বৈবাহিক জীৱনৰ পূৰ্ণ সুখ প্ৰাপ্তি অভিনেতা অমিত কুমাৰ বৰাৰঃ 1

গতিকে, মোক হিৰো’ বুলি নক’ব আৰু মই হিৰো’ হ’বলৈও নাই বিচৰা। ভগৱানৰ আশীৰ্বাদত ফটোত মোক অকণমান হিৰো’ৰ দৰেই লাগে। আচলতে, হিৰো’ সেইজনেই হয় যিগৰাকীয়ে জীৱনত হিৰো’ৰ দৰে ভিন্ন কাম কৰে।” আগন্তুক সময়ত “নমামী” ধাৰাবাহিকখনতো আকৌ এক আৱেগবিহ্বল কমেডী চৰিত্ৰত দেখিবলৈ পোৱা যাব অমিত কুমাৰ বৰাক।

]]>
https://rupaliparda.com/archives/19186/feed 0 19186
মাতৃৰ স্নেহ, অৰ্ধাংগিনীৰ দায়িত্বৰে ৩১ তাৰিখৰ পৰা টেলিভিছনলৈ “নমামী”- https://rupaliparda.com/archives/18955 https://rupaliparda.com/archives/18955#respond Fri, 07 Aug 2020 10:30:44 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18955 মাতৃ স্নেহতকৈ অইন কোনো স্নেহ উৰ্দ্ধত হ’ব নোৱাৰে। এগৰাকী “মাতৃ” কেনে হোৱা উচিত বা তেওঁ কেনেধৰণে থাকিব লাগে এনেবোৰ কথাৰ সংজ্ঞা আচলতে কোনোগৰাকী ব্যক্তিয়ে দিব নোৱাৰিব। এগৰাকী মাতৃ, পুত্ৰ আৰু তেওঁৰ পত্নীৰ কাহিনীৰে চলিত মাহৰ ৩১ তাৰিখে ৰং চেনেলত আহিবলৈ সাজু হৈছে এখন ধাৰাবাহিক “নমামী”। এগৰাকী মাতৃৰ পুত্ৰক লৈ থকা মৰম, ভালপোৱা তথা প্ৰতিৰক্ষা মূলক যি ভাৱ সেয়া অতুলনীয়। উক্ত ধাৰাবাহিকখনো এনে কিছু কাহিনীৰ আধাৰ লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে; কিন্তু ইয়াৰ মাজতো আছে এক টুইষ্ট। “নমামী” ত শাহু-বোৱাৰীৰ কাহিনীকো অন্তৰ্ভূক্ত কৰা হৈছে; য’ত এগৰাকী শাহুয়ে তেওঁৰ পুত্ৰক ইমান মৰম অথবা আবেগেৰে জড়িত কৰি তোলে যে পিছলৈ গৈ ই বোৱাৰীৰ বাবে মূৰৰ কামূৰণি হৈ পৰে। কিছু সময়লৈ সহজ হৈ থাকিলেও ক্ৰমান্বয়ে ই বাঢ়ি বাঢ়ি এখন ডাঙৰ বিবাদৰ সৃষ্টি কৰে।

মাতৃৰ স্নেহ, অৰ্ধাংগিনীৰ দায়িত্বৰে ৩১ তাৰিখৰ পৰা টেলিভিছনলৈ "নমামী"- 2
মাতৃৰ স্নেহ, অৰ্ধাংগিনীৰ দায়িত্বৰে ৩১ তাৰিখৰ পৰা টেলিভিছনলৈ "নমামী"- 3


আনহাতে, এই বিবাদৰ মাজত চেপা খাবলগীয়া হয় পুত্ৰ লগতে এগৰাকী স্বামীয়ে। ইতিমধ্যে ধাৰাবাহিকখনৰ বিভিন্ন প্ৰমো’ লগতে পোষ্টাৰ মুকলি কৰা হৈছে। কামৰূপা ক্ৰিয়েচনৰ বেনাৰত ধাৰাবাহিকখন প্ৰযোজনা কৰিছে ভৰত কলিতা আৰু ইয়াৰ পৰিচালনা নানান পাঁচনিৰ। ধাৰাবাহিকখনৰ মূল চৰিত্ৰ ৰূপায়নৰ কৰা অমিত কুমাৰ বৰাই ইতিমধ্যে “নমামী” ৰ বিভিন্ন আপডেট চচিয়েল মিডিয়া যোগে দি ইয়াৰ প্ৰতি জনসাধাৰণক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। ইয়াত অমিতৰ বাহিৰেও আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে সাগৰিকা গোস্বামী, জুৰি শৰ্মা, জুনু নাথ, অমিতাভ ৰাজখোৱা, অৱতোষ ভূঞা, অশ্ৰুমণি বৰা, হিমাক্ষী বৰা, ত্ৰৈলোক্য কাশ্যপ, জয় কাশ্যপ, শেইনী বৰ্মণ, বনজ্যোৎস্না দেৱী আৰু ধীৰাজ মজুমদাৰে।


নয়ন সাউদৰ কাহিনী, চিত্ৰনাট্য তথা জান্হৱী মজুমদাৰ আৰু নয়ন সাউদৰ সংলাপেৰে নিৰ্মিত ধাৰাবাহিকখনৰ সংগীত নৈবেদ্য হাজৰিকাৰ। ধাৰাবাহিকখনত আলহী শিল্পী ৰূপত দেখিবলৈ পোৱা যাব অভিনেতা জয় কাশ্যপকো। ভাস্কৰ শৰ্মাৰ চিত্ৰগ্ৰহণেৰে ধাৰাবাহিক সহঃ পৰিচালনা সিদ্ধাৰ্থ শংকৰ নাথ আৰু প্ৰাঞ্জল হালৈৰ। সহঃ চিত্ৰগ্ৰহণ শংকৰ ডেকাৰ লগতে কাৰ্যবাহী প্ৰযোজক কমল পৰাণ। অনিমা পাচনিৰ প্ৰডাকচন ডিজাইনেৰে ধাৰাবাহিক খনৰ প্ৰযোজনা নিয়ন্ত্ৰণ শশাংক নাথৰ। ৰূপসজ্জাৰ দায়িত্বত আছে নিতুল ঠেঙাল আৰু সম্পাদনা শ্যামল দাসৰ লগতে শব্দগ্ৰহণ দায়িত্বত আছে প্ৰণৱ কুমাৰ বড়ো।

]]>
https://rupaliparda.com/archives/18955/feed 0 18955
“স্বামীৰ চৰিত্ৰ ৰূপায়ন কৰিলেই হিৰো” হৈ নপৰে”- অমিত কুমাৰ বৰা https://rupaliparda.com/archives/17048 https://rupaliparda.com/archives/17048#respond Thu, 25 Jun 2020 16:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17048 অভিনেতা অমিত কুমাৰ বৰাই দিলে হিৰো’ৰ স্পষ্ট সংজ্ঞা। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ ইটো সিটো কথাত স্পষ্ট যুক্তি দাঙি ধৰা অভিনেতা গৰাকীয়ে নিজ কথাৰে অনুৰাগীক আপ্লুত কৰি ৰাখে। প্ৰায়ে তেওঁৰ একোটা পোষ্টে আকৰ্ষণ কৰিবলৈও সক্ষম হয় জনসাধাৰণক। কেইবাখনো ধাৰাবাহিকত কৰা অভিনয়ৰ যোগেৰে অনুৰাগীৰ মনত বাস কৰা অমিত কুমাৰ বৰাই হিৰো’ৰ সংজ্ঞা দি ক’লে যে, “মই এতিয়ালৈ কেইবাখনো ধাৰাবাহিকত কাম কৰিছো, কিন্তু ইয়াত মাত্ৰ এটাই কথা আছে যে হিৰোইন এজনীৰ স্বামী চৰিত্ৰ ৰূপায়ন কৰিলে কোনো এজন মানুহ হিৰো’লৈ ৰূপান্তৰ নহয়। এই “ল’জিক” টোক লৈয়ে মই এতিয়ালৈ হিৰো’ হোৱাগৈ নাই। গতিকে, মোক হিৰো’ বুলি নক’ব আৰু মই হিৰো’ হ’বলৈও নাই বিচৰা। ভগৱানৰ আশীৰ্বাদত ফটোত মোক অকণমান হিৰো’ৰ দৰেই লাগে। আচলতে, হিৰো’ সেইজনেই হয় যিগৰাকীয়ে জীৱনত হিৰো’ৰ দৰে ভিন্ন কাম কৰে।”

"স্বামীৰ চৰিত্ৰ ৰূপায়ন কৰিলেই হিৰো" হৈ নপৰে"- অমিত কুমাৰ বৰা 4


অভিনেতা গৰাকীৰ এই কথাখিনিয়ে বহু দৰ্শকক আকৌ এবাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। “অপৰূপা” ধাৰাবাহিকখনৰ এটি সৰু চৰিত্ৰৰ দ্বাৰা অভিনয় ক্ষেত্ৰত খোজ পেলোৱা অমিত কুমাৰ বৰ্তমান টেলিভিছন ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম। আনহাতে, আগন্তুক সময়ত অভিনেতা গৰাকীক “নমামী” শীৰ্ষক ধাৰাবাহিক খনতো মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব। তেওঁৰ সৈতে এই ধাৰবাহিকখনৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব ঝুনু নাথে।

]]>
https://rupaliparda.com/archives/17048/feed 0 17048
গৰ্ভৱতী হাতীৰ মৃত্যুত শোকস্তব্ধ সুকন্যা বৰুৱা, অমিতৰ লগতে অঘ্ৰদীপ তথা আন অসমীয়া শিল্পী সকলোঃ https://rupaliparda.com/archives/15963 https://rupaliparda.com/archives/15963#respond Thu, 04 Jun 2020 14:30:40 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15963 কিছুদিনৰ পৰা দেশত সংঘটিত কিছু অমানৱীয় কাৰ্য-কলাপে দুখ দিছে প্ৰত্যেক নাগৰিককে। সেয়া লাগিলে প্ৰকৃতি হওঁক অথবা নিষ্ঠুৰ ব্যক্তিয়ে হওঁক আৰু নাইবা কোনো অসহায় জীৱ-জন্তুয়ে নহওঁক কিয়! এই আটাইবোৰ প্ৰাণী ও প্ৰকৃতিৰ ওপৰত চলা কিছু অমানৱীয় কাৰ্য্যক নিন্দা কৰিছে বৰ্তমান সাধাৰণজনৰ লগতে অসমীয়া শিল্পী সকলেও। কেৰালাত এটা হাতীৰ লগত মনুষ্যই কৰা পাশৱিক কাণ্ডই কন্দুৱাইছে এতিয়া প্ৰত্যেককে; জীৱশ্ৰেষ্ঠ বুলি মনুষ্যক আখ্যা দিয়া হয় যদিও এতিয়া নিজেই নিজৰ শ্ৰেষ্ঠতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে জনসাধাৰণক।

গৰ্ভৱতী হাতীৰ মৃত্যুত শোকস্তব্ধ সুকন্যা বৰুৱা, অমিতৰ লগতে অঘ্ৰদীপ তথা আন অসমীয়া শিল্পী সকলোঃ 5

অসমীয়া শিল্পী সকলেও একো একোটা পোষ্ট যোগে নিষ্ঠুৰ হাতীটোৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আচলতে, কেৰালাৰ পালাকাৰ জিলাত এজনী গৰ্ভৱতী হাতীয়ে খাদ্যৰ সন্ধানত মে’ মাহৰ প্ৰথম ভাগতেই জনবসতি থকা ঠাইলৈ ওলাই আহিছিল; হাতী জনী ওলাই আহিছিল যদিও কোনো লোকৰ অনিষ্ট কৰা নাছিল তাই। কিন্তু, কিছু অমানুহে তেওঁক আনাৰস খাবলৈ দিয়ে আৰু সেই আনাৰসটোৰ সৈতে বান্ধি দিয়ে আতচবাজী অৰ্থাৎ ফটকা।

গৰ্ভৱতী হাতীৰ মৃত্যুত শোকস্তব্ধ সুকন্যা বৰুৱা, অমিতৰ লগতে অঘ্ৰদীপ তথা আন অসমীয়া শিল্পী সকলোঃ 6


হাতীজনীয়ে যেতিয়া আনাৰসটো মুখৰ ভিতৰত খাবলৈ সোমাইছিল তাত তাইৰ মুখৰ ভিতৰতে ফটকা ফুটি গৈছিল। তাই কষ্ট সহিব নোৱাৰাত পানীলৈ নামি যায় আৰু তাতেই বিগত ২৭ তাৰিখলৈ থিয় হৈ থাকে। ২০ দিনৰো অধিক থিয় হৈ থকা হাতীজনীক স্থানীয় বিষয়াইও উদ্ধাৰ কৰিব পৰা নাছিল আৰু শেষত তাই মৃত্যুক সাৱটি লয়। তাইৰ মৰণোত্তৰ পৰীক্ষাত তাই গৰ্ভৱতী বুলি ডাক্তৰে সদৰি কৰে। মনুষ্য জাতিৰ এনে পাশৱিক কামত গৰিহণা দিছে প্ৰত্যেকেই। চাওঁক শিল্পী সকলৰ এই পোষ্ট সমূহঃ

https://www.instagram.com/p/CA9-O57Augi/?igshid=1kmq28eww4vm9
https://www.instagram.com/p/CA_z7RjJQYY/?igshid=4n0sqswj4g9l
গৰ্ভৱতী হাতীৰ মৃত্যুত শোকস্তব্ধ সুকন্যা বৰুৱা, অমিতৰ লগতে অঘ্ৰদীপ তথা আন অসমীয়া শিল্পী সকলোঃ 7
গৰ্ভৱতী হাতীৰ মৃত্যুত শোকস্তব্ধ সুকন্যা বৰুৱা, অমিতৰ লগতে অঘ্ৰদীপ তথা আন অসমীয়া শিল্পী সকলোঃ 8
]]>
https://rupaliparda.com/archives/15963/feed 0 15963
হঠাৎ অভিনেতা অমিত কুমাৰ বৰাই বিচাৰিলে উৎপল দাস-স্নিগ্ধাক ক্ষমাঃ https://rupaliparda.com/archives/15443 https://rupaliparda.com/archives/15443#respond Mon, 25 May 2020 12:30:38 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15443 অসমীয়া অভিনেতা অমিত কুমাৰ বৰাই উৎপল দাস তথা অভিনেত্ৰী স্নিগ্ধা গগৈৰ ওচৰত বিচাৰিলে ক্ষমা। সদায় সুঁহুতীয়া কথাৰে দৰ্শকক মুগ্ধ কৰি ৰখা এইগৰাকী অভিনেতাই হঠাৎ বিচাৰিলে উক্ত দুই অভিনেতা-অভিনেত্ৰীৰ পৰা ক্ষমা। আচলতে, উৎপল দাস আৰু স্নিগ্ধা অভিনীত এখন ধাৰাবাহিক “আঁউসীৰ জোনাক” ৰ আৱহ গীতটিত নিজ কন্ঠদান কৰিলে অমিতে; গীতটোক সুঁৱলাকৈ গাব নোৱাৰা ফলত ধাৰাবাহিকখনত অভিনীত দুই অভিনেতা-অভিনেত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে। ইয়াৰ উপৰিও, ধাৰাবাহিক খনৰ একপ্ৰকাৰ প্ৰচাৰো আৰম্ভ কৰিলে অভিনেতা অমিতে। “অপৰূপা” ধাৰাবাহিকখনৰ এটি সৰু চৰিত্ৰৰ দ্বাৰা অভিনয় ক্ষেত্ৰত খোজ পেলোৱা অমিত কুমাৰ বৰা বৰ্তমান টেলিভিছন ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম।


চচিয়েল মিডিয়াতো তেওঁক বহু সময়ত বিভিন্ন বিষয়ত মাত মতা দেখিবলৈ পোৱা যায়। আগন্তুক সময়ত নানান পাচনি পৰিচালিত ধাৰাবাহিক “নমামি” ৰ মূখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব অমিত কুমাৰ বৰাক। তেওঁৰ সৈতে ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিব “নূপুৰ” অৰ্থাৎ জুনু নাথে।

]]>
https://rupaliparda.com/archives/15443/feed 0 15443
নূপুৰ-মৃত্তিক; এইবাৰ “নমামী” ত একেলগেঃ https://rupaliparda.com/archives/14519 https://rupaliparda.com/archives/14519#respond Fri, 08 May 2020 16:30:57 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14519 “ক’ভিড ১৯” ৰ সন্ত্ৰাসে মাধমাৰ সোধালেও প্ৰত্যেকেই নিজ কৰণীয় খিনি কৰি যোৱাটো নিয়ম মানিয়ে দৈনন্দিন কামবোৰ কৰিছে। সংবাদদাতাই বাতৰি যুগোতাইছে; সংগীত শিল্পীয়ে চচিয়েল মিডিয়াতেই গীত পৰিৱেশন কৰি অনুৰাগীক আমোদ যোগাইছে আনহাতে অভিনেতা-অভিনেত্ৰীয়ে বিভিন্ন ধৰণে মনোৰঞ্জন কৰোৱাইছে দৰ্শকৰ। কোনোৱে কোনোৱে তেওঁলোকৰ পূৰ্বৰ শ্বুটিং ভিডিঅ’ অথবা ফটো সমূহ শ্বেয়াৰ কৰিও পূৰণা দিন বোৰ মনত পেলাইছে। “অৰ্ধাংগিনী” ৰ মৃত্তিক অথবা “নূপুৰ” ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ নূপুৰক হয়টো আপোনালোকৰ এতিয়াও মনত আছে। আচলতে, থকাটো স্বাভাৱিক; কিয়নো তেওঁলোক অভিনীত ধাৰাবাহিক দুখনে ইতিমধ্যে আলোড়নৰ সৃষ্টি কৰিছিল দৰ্শকৰ মাজত। ধাৰাবাহিক দুখনৰ জনপ্ৰিয়তাই তেওঁলোকক টি.আৰ.পিৰ ক্ষেত্ৰতো আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। গতিকে, আপোনালোকৰ মাজলৈ আহি আছে আন এক সুঃখবৰ।

নূপুৰ-মৃত্তিক; এইবাৰ "নমামী" ত একেলগেঃ 9


এইবাৰ টি.ভি পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব নূপুৰ আৰু মৃত্তিকক। “নমামী” শীৰ্ষক আগন্তুক ধাৰাবাহিক খনৰ জৰিয়তেই দেখিবলৈ পোৱা যাব এওঁলোকক। কামৰূপা ক্ৰিয়েচনৰ প্ৰযোজনাত নানান পাচনিৰ নিৰ্দেশনাত তথা নয়ন সাউদৰ কাহিনীৰে নিৰ্মিত “নমামী” ত দেখা পাবলগীয়া উক্ত ন-যুঁটিটোক লৈ উৎসাহিতও হৈ আছে দৰ্শক সকল। অমিত কুমাৰ বৰাই পুনৰ বাৰ শ্বুটিং সময়ছোৱাৰ এখন ফটো আপলোড কৰি ধাৰাবাহিকখন মুক্তিৰ আগজাননী দিছে।

View this post on Instagram

#NAMAMI #rang #comingsoon #assamese_serial

A post shared by Amit Kumar Borah (@amit_kumar_borah) on


উল্লেখ্য যে, কামৰূপা ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ৰং চেনেলৰ ধাৰাবাহিক “কাঞ্চন” আৰু “দামিনী” য়ে ইতিমধ্যে দৰ্শকৰ মন টানিবলৈ সক্ষম হৈছিল।

]]>
https://rupaliparda.com/archives/14519/feed 0 14519
বলীউড নহয়; জলীউডৰ পৰাও লাভ কৰিব পৰা যায় “Couple Goals”- https://rupaliparda.com/archives/7859 https://rupaliparda.com/archives/7859#respond Tue, 12 Nov 2019 10:34:50 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7859 “অপৰূপা” ধাৰাবাহিকখনৰ পৰা অসমীয়া অভিনয় জগতত খোজ পেলোৱা অভিনেতা অমিত কুমাৰ বৰা বৰ্তমান অসমৰ ৰাইজৰ বাবে এখন চিনাকী মুখ। কেইবাটাও মিউজিক ভিডিঅ’ ত অভিনীত এই অভিনেতা গৰাকীয়ে নিজৰ অভিনয় জীৱনক আৰু এক উচ্চতালৈ লৈ যোৱাত সহায় কৰিছিল “অৰ্ধাংগিনী” ধাৰাবাহিকখনে।

বলীউড নহয়; জলীউডৰ পৰাও লাভ কৰিব পৰা যায় "Couple Goals"- 10


“অৰ্ধাংগিনী” ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনীত অমিত কুমাৰ বৰাৰ অনুৰাগীও এতিয়া যথেষ্ট। তেওঁ প্ৰায় একটিভো হৈ থকা দেখিবলৈ পোৱা যায় চচিয়েল মিডিয়াত।

View this post on Instagram

Fun unlimited with @supriya_barooah

A post shared by Amit Kumar Borah (@amit_kumar_borah) on


নিজৰ অভিনয়ৰ সৈতে জড়িত ফটোৰ লগতেই তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ডৰ সৈতেও কিছু ফটো আপলোড কৰে। আছলতে, কোনো অভিনেতা-অভিনেত্ৰীয়ে যেতিয়া নিজৰ গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডৰ লগত ফটো আপলোড কৰে তেতিয়া ই ভাইৰেল হৈ পৰাটো প্ৰায় নিশ্চিত।

https://www.instagram.com/p/B4u48CgpYhm/?utm_source=ig_web_copy_link


অমিতে প্ৰায়ে এনে কিছু ফটো আপলোড কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰাৰ লগতে অনুৰাগী সকলক আকৰ্ষিত কৰি ৰাখে।

]]>
https://rupaliparda.com/archives/7859/feed 0 7859