Anju Panchi – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 13 Aug 2021 05:05:54 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Anju Panchi – Rupaliparda.com https://rupaliparda.com 32 32 163073109 অসমীয়া মণিপুৰী কথাৰ সংমিশ্ৰণেৰে এটি নতুন প্ৰেমৰ গীত অঞ্জু পাঞ্চি আৰু ৰেপাৰ অভিষেকৰ কণ্ঠৰেঃ https://rupaliparda.com/archives/27972 https://rupaliparda.com/archives/27972#respond Sat, 14 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=27972 নতুনৰ সৈতে নতুন হৈ আগবাঢ়িছে অসমীয়া সংগীত ক্ষেত্ৰখন। প্ৰতিদিনেই একোটা নতুন গীতৰ মুক্তি আৰু এই মুক্তিপ্ৰাপ্ত গীতসমূহত নতুন বিষয়বস্তু একোটাই জনসাধাৰণক আকৰ্ষণ কৰিছে। অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে। প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়টো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত গুনগুনাবলৈ আৰম্ভ কৰে; আনহাতে আকৌ, আন একোটা শিশুৰ সংগীতৰ প্ৰতি থকা ইচ্ছাক দেখি পিতৃ-মাতৃয়ে তেওঁক গীত গাবলৈ উৎসাহিত কৰে। এয়া নিৰৱিচ্চিন্ন প্ৰক্ৰিয়া; আদি কালৰ পৰা চলি আহি ই অনন্ত কাললৈ ঠিক এনেদৰেই চলি যাব। কিছুমান ক্ষেত্ৰত যদিও পৰিৱৰ্তন অথবা সাল-সল/নিৰ মুখা-মুখি হোৱা দেখা যায় তৎস্বত্বেও আমাৰ এই সংগীত ক্ষেত্ৰখন পূৰ্বতকৈ অধিক জীপাল হ’ব বুলি একাষাৰে কৈ দিলেও হয়টো সেয়া অতিৰঞ্জিত নহ’ব। বৰগীত, লোকগীতৰ ধাৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ৰেপ আৰু EDM ৰ পয়োভৰৰ মাজত শ্ৰোতাই প্ৰতিদিনেই এই ক্ষেত্ৰখনত নতুনত্বৰ আৱিষ্কাৰ কৰিলে; জীৱনৰ পাৰ্থিৱ বস্তুসমূহৰ আঁতৰি অথবা ব্যৱসায়িক যিটো মানসিকতা সেই আটাইবোৰৰ উৰ্দ্ধতো শেহতীয়াকৈ গীতৰ নিৰ্মাণ হৈছে। যিবোৰ গীতৰ যদিও ভিউৱাৰচৰ সংখ্যা কম তথাপিও গীতসমূহৰ অন্তৰ্নিহিত ভাৱধাৰা সমূহ উল্লেখনীয় তথা লেখল’বলগীয়া। এই সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত বহু ন-ন প্ৰতিভাৰ বিষয়ে আপোনালোকে ৰূপালীপৰ্দাৰ জৰিয়তে পঢ়িবলৈ পাইছে; এইবাৰ আপোনালোকক এটা নতুন গীতৰ কথা জনাবলৈ ওলাইছোঁ।

অসমীয়া মণিপুৰী কথাৰ সংমিশ্ৰণেৰে এটি নতুন প্ৰেমৰ গীত অঞ্জু পাঞ্চি আৰু ৰেপাৰ অভিষেকৰ কণ্ঠৰেঃ 1


সংগীত জগতখনত এখোজ দুখোজকৈ আগবাঢ়ি অনুৰাগীৰ শাৰীৰ দীঘলীয়া কৰা অঞ্জু পাঞ্চিৰ কণ্ঠৰে মুক্তি লাভ কৰিবলৈ সাজু হৈছে এটি নতুন গীত “মৰমৰ দাপোণত”। অহা ১৫ আগষ্ট তাৰিখলৈ গীতটিয়ে লাভ কৰিব মুক্তি। গীতটি এইবাবেই ব্যতিক্ৰম কিয়নো ইয়াত সংযোজন হৈছে মণিপুৰী কথাও। শিলচৰৰ এগৰাকী নৱপ্ৰজন্মৰ ৰেপাৰ অভিষেক টংগব্ৰাম অঞ্জু পাঞ্চিৰ সৈতে যুটীয়া ভাৱে গীতটিত জড়িত হৈ আছে। গীতটি অসমীয়া মণিপুৰী কথাৰে নিৰ্মিত এটি প্ৰেমৰ গীত, ইয়াত সংগীত কৰিছে কালেইঘটে। আমি অধিক কথা কোৱা লোকসকলক বাৰু “কথা চহকী” অথবা “কথাৰে ধনী” বুলি আখ্যা নিদিওঁ নে? সেই একেখিনি কথাকেই আমি প্ৰয়োগ কৰিব পাৰোঁ আমাৰ সংগীত ক্ষেত্ৰখনক লৈও; শেহতীয়াকৈ এই ক্ষেত্ৰখনত আমি এনে একাংশ গীত শুনিছো যি সমূহৰ কথা ইমানেই অধিক গ্ৰহণযোগ্য যে সেইসমূহ বাৰম্বাৰ শুনিবলৈ আমি প্ৰয়াস কৰোঁ। মনোৰঞ্জন এক অবিৰত প্ৰক্ৰিয়া; যেতিয়া কোনো এজন নৱপ্ৰজন্মৰ প্ৰতিভাই স্তব্ধতাক আওঁকান কৰি মনোৰঞ্জন প্ৰদানৰ অৰ্থে তেওঁলোকৰ সৃষ্টি সমূহ শ্ৰোতা-দৰ্শকৰ মাজলৈ উলিয়াই দিয়ে তেতিয়া তেওঁলোকৰ প্ৰতি জনসাধাৰণ আৰু অধিক আকৰ্ষিত হৈ পৰে। সম্প্ৰতি সময়ছোৱাত একোগৰাকী নৱপ্ৰজন্মই সাংস্কৃতিক দিশটোৰ প্ৰতি দেখুওৱা আগ্ৰহ সঁচাকৈ উল্লেখনীয়। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।অসমৰ সাংস্কৃতিক জগতখন পৃথিৱীৰ ভিতৰতেই চহকী। এই ক্ষেত্ৰখনৰ বিভিন্ন শিতানত অন্তৰ্ভূক্ত শিল্পী সমূহৰ তেওঁলোকৰ কলাটোক লৈ থকা শ্ৰদ্ধা তথা ভক্তিয়েই ইয়াক বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ সক্ষম হয়।

অসমীয়া মণিপুৰী কথাৰ সংমিশ্ৰণেৰে এটি নতুন প্ৰেমৰ গীত অঞ্জু পাঞ্চি আৰু ৰেপাৰ অভিষেকৰ কণ্ঠৰেঃ 2
অসমীয়া মণিপুৰী কথাৰ সংমিশ্ৰণেৰে এটি নতুন প্ৰেমৰ গীত অঞ্জু পাঞ্চি আৰু ৰেপাৰ অভিষেকৰ কণ্ঠৰেঃ 3


আগন্তুক মুক্তিপাবলগীয়া এই গীতটিক লৈ অঞ্জু পাঞ্চিৰ লগতে ৰেপাৰ অভিষেকলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অলেখ অযুত শুভকামনা। তেওঁলোকৰ এই যুটিটোক জনসাধাৰণে যাতে সঁহাৰি জনায়।

]]>
https://rupaliparda.com/archives/27972/feed 0 27972
“সফলতাৰ কোনো সংজ্ঞা নাথাকে, এয়া এক উপলব্ধি এক আত্মতৃপ্তি”- অঞ্জু পাঞ্চি https://rupaliparda.com/archives/26470 https://rupaliparda.com/archives/26470#comments Tue, 01 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26470 বিগত বৰ্ষৰ ৰোমাণ্টিক গীত সমূহৰ মাজত এটি জনপ্ৰিয় হৈ পৰা গীত হৈছে “আছুতীয়াকৈ থ’লো”; গীতটি মুক্তি লাভৰ পিছতেই লাভ কৰিছিল শ্ৰোতাৰ বহুল সমাদৰ। গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছিল অঞ্জু পাঞ্চি আৰু ৰাকেশ ৰিয়ানে। গীতটিৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ শ্ৰোতাৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছিল নৱপ্ৰজন্মৰ কন্ঠশিল্পী অঞ্জু পাঞ্চিয়ে। আচলতে, ৰাকেশ ৰিয়ানৰ সৈতে ন-প্ৰতিভা অঞ্জুৰ কন্ঠই শ্ৰোতাক মোহাচ্ছন্ন কৰাৰ লগতে তেওঁক লৈ শেহতীয়াকৈ বৃদ্ধিও পাইছে অনুৰাগীৰ শাৰী। উক্ত গীতটি আছিল তেওঁৰ সংগীত কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট আৰু যাৰ ফলত বৰ্তমান তেওঁৰ আহিবলগীয়া প্ৰতিটো গীতক লৈ অপেক্ষাৰত অনুৰাগী। তেওঁৰ বিষয়ে আৰু অকণমান আপোনালোকক জনাবলৈ আমি পাতিছিলো তেওঁৰ সৈতেই কিছু কথা; ৰূপালীপৰ্দাৰ জৰিয়তে তেওঁক আৰু অধিক আপোনালোকৰ মাজত চিনাকী কৰি দিয়াৰ প্ৰয়াস কৰিছিলো আমি। সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “সংগীতৰ প্ৰতি সৰুৰে পৰা আগ্ৰহী আছিলো; মোৰ পৰিয়ালত মা-দেউতা দুয়ো গৰাকীয়ে সংগীতৰ সৈতে জড়িত আছিলে আৰু তেওঁলোকৰ পৰাই অনুপ্ৰাণিত হৈ মইও এই ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হৈছিলো। লাহে লাহে, আগ্ৰহ সপোনত পৰিণত হৈছিল; সৰুৰে পৰা সংগীতৰ জগত খনত কিবা এটা কৰাৰ হাঁবিয়াস মনতে পুহি ৰাখিছিলো। মাৰ পৰা জ্যোতি বিষ্ণুসংগীত শুনি শুনি শিকিছিলো; মা দেউতা দুয়ো গৰাকী সংগীতপ্ৰেমী আছিল । তেওঁলোকৰ উৎসাহ- উদ্দীপনাই মোক প্ৰতিটো সময়ত এই ক্ষেত্ৰত আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাইছিল; ঘৰখনৰ পৰা আৰম্ভ কৰি স্কুলৰ শিক্ষা গুৰু তথা সমনীয়া সকলেও সদায় সহায় সহযোগ কৰিছিল। প্ৰথম শ্ৰেণীৰ পৰাই স্কুলৰ লগতে বিভিন্ন অনুষ্ঠান তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ শিক্ষাটো গুৰুত্ব দিছিলো । সময় বাগৰাৰ লগে লগে সংগীত মোৰ জীৱনৰ এটা অংশ হৈ পৰিছিল; যদিও সৰুৰ পৰা সংগীতৰ সৈতে জড়িত হৈছিলো তথাপিও বিগত বৰ্ষৰ পৰাহে নিজাববীয়াকৈ গীত গাবলৈ আৰম্ভ কৰিলো। “আছুতীয়া কৈ থলোঁ” শীৰ্ষক গীতটি মোৰ প্ৰথম প্ৰচেষ্টা হিচাপে যথেষ্ট সংখ্যক শ্ৰোতা দৰ্শকে গীতটিক মৰমেৰে আঁকোৱালি লৈছে; এই গীতটিৰ সফলতাৰ আঁৰত প্ৰথমে মোৰ মা দেউতা আৰু অতিকৈ মৰমৰ বন্ধু প্ৰাঞ্জল ,পার্থ প্ৰতিম তথা মৰমৰ ককাইদেউ নিলোৎপাল দা জড়িত আছিল । গীতটিৰ কথা সুৰ কৰিছিল চিন্ময় কৌশিক আৰু জয় নিৰ্বানে; সংগীত কৰিছিল প্ৰণয় দত্ত দাই আৰু মোৰ লগত গীতটিত একেলগে কণ্ঠদান কৰিছিল অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী ৰাকেশ ৰিয়ান দাই। এই গীতটিয়ে যথেষ্ট সমাদৰ লাভ কৰিছিল; আৰু এই গীতটিৰ পৰাই এই ক্ষেত্ৰখনত মোৰ অবিৰত যাত্ৰা আৰম্ভ হৈছে।”

"সফলতাৰ কোনো সংজ্ঞা নাথাকে, এয়া এক উপলব্ধি এক আত্মতৃপ্তি"- অঞ্জু পাঞ্চি 4


এটা গীতৰ সফলতা/বিফলতাৰ লগতে গীত এটিৰ কোনটো উপাদানত অঞ্জু পাঞ্চিয়ে অধিক গুৰুত্ব দিয়ে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এটা গীতৰ সফলতা বুলি কলে শ্ৰোতা দৰ্শকৰ আগ্ৰহ আৰু গীতটিৰ জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰে। এটা গীতক সফলতাৰ শিখৰত তুলি নিবলৈ গীতটিৰ সৈতে জড়িত প্ৰতিজন শিল্পী, কলা-কুশলীয়ে কষ্ট, ধৈৰ্য্য আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। মই ভাবো, সফলতাৰ কোনো সংজ্ঞা নাথাকে, এয়া এক উপলব্ধি এক আত্মতৃপ্তি। জীৱনত বিফলতাতকৈ ডাঙৰ শিক্ষা একোৱেই হ’ব নোৱাৰে ; বিফলতাই সফলতাৰ মূলমন্ত্ৰ। বিফলতা নেওঁচি সফলতা পোৱাটোহে প্রকৃত সোৱাদ; মোৰ দৃষ্টিত সংগীতৰ কোনো বিফলতা নাথাকে কাৰণ সংগীত এক সাধনা। কথা,সুৰ, সংগীত আৰু গায়কী এই গোটেই খিনিৰ সংমিশ্ৰণত গীত এটিয়ে প্ৰাণ পাই উঠে; গীত এটি এটা উপাদানৰ ওপৰত নিৰ্ভৰ নকৰে যদিও কথা আৰু সুৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।” কন্ঠশিল্পী গৰাকীৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মোৰ আগন্তুক বহুত পৰিকল্পনা আছে, মই অসমীয়া সংগীত জগত খনৰ বাবে ৰাইজৰ বাবে গীত গাই যাব বিচাৰিম। যিখিনি আমাৰ থলুৱা গীত আছে সেইবোৰক লৈ নতুন কিবা সৃষ্টি কৰিবলৈ প্ৰচেষ্টা কৰিম; বিহু গীত বা বিহু সুৰীয়া গীতৰ মাজতেই আবদ্ধ হৈ থাকিব মই বিচৰা নাই । অসমীয়া থলুৱা সংগীত যেনে ধৰক বৰগীত , ঝুমুৰ,লোক সংগীত , চিয়াগীত আদিৰ ওপৰতো কাম কৰিবলৈ হেঁপাহ আছে আৰু ইয়াৰ লগতে পশ্চিমীয়া সংগীতৰ ওপৰতো কাম কৰিবলৈ আগ্ৰহ আছে। ইয়াৰ উপৰিও, বলীউড ষ্টাইল, ফক মিউজিক edm আৰু ৱেষ্টাৰ্ণ গীতৰ ওপৰতো মই মনোনিৱেশ কৰিছো। ইতিমধ্যে তিনিতা গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু, আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া গীত সমূহ ৰাইজে আঁকোৱালি ল’ব বুলি আশা কৰিছো। নতুন নতুন পৰিকল্পনাৰ মাজেৰে গীত সমূহ আগবঢ়াবলৈ চেষ্টা কৰিছো।”

"সফলতাৰ কোনো সংজ্ঞা নাথাকে, এয়া এক উপলব্ধি এক আত্মতৃপ্তি"- অঞ্জু পাঞ্চি 5
"সফলতাৰ কোনো সংজ্ঞা নাথাকে, এয়া এক উপলব্ধি এক আত্মতৃপ্তি"- অঞ্জু পাঞ্চি 6

তেওঁ আগলৈ কয় যে, “প্ৰত্যেকটো গীতত নতুনত্ব দিবলৈ প্ৰচেষ্টা কৰিছো সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব আৰু ৰূপালীপর্দাৰ সমূহ কৰ্মকৰ্তা লৈ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।” এইখিনিতে, এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা তেওঁৰ আহিবলগীয়া প্ৰকল্পসমূহক লৈ জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26470/feed 1 26470