Anubhuti Kakoty Goswami – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 20 Jun 2021 07:24:45 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Anubhuti Kakoty Goswami – Rupaliparda.com https://rupaliparda.com 32 32 163073109 সৈনিক শিল্পী কলাগুৰু ৰাভালৈ শ্ৰদ্ধাঞ্জলি; অনুভূতি কাকতি গোস্বামী সহিতে ১১ গৰাকী শিল্পীৰ কণ্ঠৰে “বিশ্বৰে ছন্দে ছন্দে”- https://rupaliparda.com/archives/26913 https://rupaliparda.com/archives/26913#respond Sun, 20 Jun 2021 08:30:00 +0000 https://rupaliparda.com/?p=26913 আজি পবিত্ৰ ৰাভা দিৱস; মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰত্যেকটো প্ৰজন্মৰ লোকৰ বাবেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হৈছে আদৰ্শ। যি আদৰ্শক বুকুত বান্ধি তেওঁলোকে এই ক্ষেত্ৰখনত মনোনিৱেশৰ প্ৰয়াস কৰে। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা অসমৰ সমাজ জীৱনৰ এক অনন্য প্ৰতিভা। অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অন্যতম। অসমৰ কৃষ্টি-সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা ব্যক্তি গৰাকীয়ে আছিল বিষ্ণুপ্ৰসাদ ৰাভা।ৰাজনীতিবিদ, বিপ্লৱী সত্তাৰে ভৰপূৰ বিষ্ণু প্ৰসাদ ৰাভা আছিল মনোৰঞ্জনৰ দিশৰ পৰাও অনন্য। তেওঁৰ ৰচিত সংগীতৰ দ্বাৰাই জাতিৰ সত্তা ঘূৰাই অনাৰ চেষ্টা কৰিছিল।বিষ্ণুপ্ৰসাদ ৰাভাই নিজে বাণীবদ্ধ কৰা মুঠ ৩০ টা গীতৰ সম্ভেদ পোৱা গৈছে। তাৰে ২০ টা গীত পোনপ্ৰথমে গীতিকাৰৰ কণ্ঠৰ ৰেকৰ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। বিষ্ণু প্ৰসাদ ৰাভাৰ গীত, বাদ্য, নৃত্যৰ বাবে শিক্ষক হিচাপেব নিয়োগ কৰা হৈছিল ক্ৰমে বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালচাঁদ আৰু গহৰজানবিবিক।গতিকে শেষলৈ বিষ্ণুপ্ৰসাদ এজন “এণ্টাৰটেইনাৰ” ৰূপেও গঢ় লৈ উঠিছিল। তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ,নাট্যকাৰ, অভিনেতা আছিল বাবেই তেওঁক “কলাগুৰু” আখ্যা দিয়া হয়। তেওঁ নিজ সৃষ্টিৰাজিৰ জৰিয়তে মানৱীয় প্ৰমূল্যৱোধৰ ছবি ডাঙি ধৰিবলৈ বিচাৰিছিল। ১৯৩৩ চনৰ জ্যোতিপ্ৰসাদৰ “জয়মতী”ৰ কামত সহায় কৰাৰ উপৰিও বাণ ৰংগমঞ্চত “কাৰেঙৰ লিগিৰী” নাটক খন মঞ্চস্থ কৰে বিষ্ণু প্ৰসাদ ৰাভাই। সংগীত পৰিচালনাৰ লগতে সুদৰ্শনৰ চৰিত্ৰত অভিনয় কৰে ৰাভাই। ইয়াৰ উপৰিও ১৯৩৬ চনত শোণিতকুঁৱৰী আৰু জয়মতী আদি ছবিসমূহৰ ৰেকৰ্ডিঙৰ সমস্ত দায়িত্ব বহন কৰাৰ লগতে অসমীয়া সত্ৰীয়া নৃত্য-গীত পুনৰুদ্ধাৰ কৰি ভাৰতবৰ্ষত প্ৰচাৰৰ চেষ্টা কৰে বিষ্ণুপ্ৰসাদে ৰাভাই। জাতিক নিকা কৰাৰ স্বাৰ্থত উঠি পৰি লাগিছিল বিষ্ণু প্ৰসাদ ৰাভা। তেওঁ সকলো দিশৰ পৰাই অসমীয়া জাতিটোক চহকী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়া হ’ল বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ত আপোনালোকক দিয়া এক থুলমুল আভাষ; আজিও এই ৰাভাই নৱপ্ৰজন্মক উৎসাহিত কৰি ৰাখে।


সৈনিক শিল্পী কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰৰ মুঠ ১১ গৰাকী শিল্পীয়ে লগ হৈ প্ৰস্তুত কৰি উলিয়াইছে বিষ্ণুপ্ৰসাদ ৰাভাৰ “বিশ্বৰে ছন্দে ছন্দে” শীৰ্ষক গীতটিৰ কভাৰ সংস্কৰণ। ক’ভিড প্ৰটকল সমূহৰ ফলত উক্ত প্ৰত্যেকগৰাকী শিল্পীয়ে নিজ নিজ বাসগৃহতেই থাকি অনলাইন যোগে প্ৰস্তুত কৰি উলিয়াইছে গীতটি; অৱশ্যে ভিডিঅ’টোৱে এই কথাটো স্পষ্ট কৰিছে। গীতটিৰ পৰিকল্পনা তথা সম্পাদনা হৈছে অনুভূতি কাকতি গোস্বামীৰ; আনহাতে গীতটিত কণ্ঠদান কৰা শিল্পী কেইজন হৈছে ক্ৰমে অনুভূতি কাকতি গোস্বামী, মঞ্জুশ্ৰী বৰুৱা, অনুষ্মা শৰ্মা, সম্প্ৰীতি গোস্বামী, মনমিত মহন্ত, মনদ্বীপ মহন্ত, কৌশিক দাস আৰু ঋষভ বৰুৱাই। ৰি-প্ৰডাকচনৰ দায়িত্বত আছে ইমন সেউজ গোস্বামী; আনহাতে, এই গীতটিৰ ভিডিঅ’টোত নৃত্য প্ৰদৰ্শন কৰিছে ত্ৰিদিশা শৰ্মা আৰু ইমন শৰ্মাই; চিত্ৰগ্ৰহণ কৰিছে ক্ৰমে ইমন, অনুভূতি, অভিনৱ কলিতা, মানৱজ্যোতি শৰ্মা, কবীৰ কাশ্যপ, অনুভৱ শৰ্মা, কৌশিক, ঋষভৰ লগতে মনদ্বীপ আৰু মনমিতে। উল্লেখ্য যে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথমটো লং প্লেয়িং ৰেকৰ্ড খনক নামাকৰণ কৰা হৈছিল “বিশ্বৰে ছন্দে ছন্দে” নামেৰে। লং প্লেয়িং ৰেকৰ্ডখনৰ এই গীতটিত শিল্পী লোকনাথ গোস্বামীয়ে কণ্ঠদান কৰাৰ লগতে সমস্ত কামখিনিত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল। এই ৰেকৰ্ডখন সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ দ্বাৰা প্ৰযোজিত হৈছিল। লোকনাথ গোস্বামীদেৱৰ তত্বাৱধানতে এই গীতটি পুনৰবাৰ বাণীবদ্ধ কৰা হ’ল।

সৈনিক শিল্পী কলাগুৰু ৰাভালৈ শ্ৰদ্ধাঞ্জলি; অনুভূতি কাকতি গোস্বামী সহিতে ১১ গৰাকী শিল্পীৰ কণ্ঠৰে "বিশ্বৰে ছন্দে ছন্দে"- 1

গীতটিৰ নতুন সংস্কৰণটোৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26913/feed 0 26913
আজি “জয়মতী দিৱস”; অনুভূতি কাকতি গোস্বামীৰ “জয়মতী” ৰ জনপ্ৰিয়তাঃ https://rupaliparda.com/archives/25024 https://rupaliparda.com/archives/25024#comments Sat, 27 Mar 2021 08:30:00 +0000 https://rupaliparda.com/?p=25024 “সতী জয়মতী”; ই এনে এক কাহিনী অথবা এনে এক নাম, যাৰ কাহিনী প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে শিঁপাই আছে। প্ৰজন্মৰ পিছত প্ৰজন্ম আহিলেও ই কোনোদিন লুপ্ত নহয় হৃদয়ৰ পৰা; আজি ২৭ মাৰ্চ অৰ্থাৎ সৰ্বত্ৰে পালন কৰা হৈছে জয়মতী দিৱস। অসম বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিখা সতী জয়মতীৰ নামৰ লগতে তেওঁৰ সত্বা, সাধনা, একাগ্ৰতাক আজিও পাহৰিব পৰা নাই কোনেও। জয়মতী দিৱস উপলক্ষে কিছুদিন পূৰ্বে অসমীয়া কন্ঠশিল্পী তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা অনুভূতি কাকতি গোস্বামীৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি গীত “জয়মতী”; গীতটি উপভোগ কৰা প্ৰত্যেক গৰাকী শ্ৰোতা-দৰ্শকে কেৱল মাত্ৰ এটাই কথা কৈছে যে এই গীতটি শুনি থকা সময়ছোৱাত তেওঁলোকৰ গাঁৰ নোম শিঁয়ৰি উঠিছিল। অৱশ্যে, কথাষাৰ একেবাৰেই নুই কৰিব নোৱাৰি যে “সতী জয়মতী” ৰ বাস্তৱ কাহিনীভাগেই ইমান অধিক হৃদয়স্পৰ্শী যে তেওঁৰ বিষয়ক লৈ নিৰ্মিত প্ৰায় প্ৰতিটো প্ৰকল্পত দৰ্শকৰ আগ্ৰহ নিজাববীয়াকৈ সৃষ্টি হয়। আনহাতে, অনুভূতি কাকতি গোস্বামীৰ কন্ঠৰে মুক্তি লাভ কৰা এই গীতটিৰ প্ৰসংগলৈ যদি আহো তেতিয়াহ’লে আপোনাকলোকক এটাই কথা ক’ব লাগিব যে এই গীতটিক উপভোগ কৰক; কাৰণ, গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীৰ নিঁখুট কৰ্মই গীতটিক আৰু অধিক উপভোগ্য কৰি তুলিছে। কন্ঠশিল্পী গৰাকীৰ কন্ঠ সমন্বিতে উপস্থাপিত ভিডিঅ’টোৱেও দৰ্শকক নিজৰ ফালে আজুৰিবলৈ সক্ষম হৈ পৰিছে।


উল্লেখ্য যে, “জয়মতী” শীৰ্ষক সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিৰ কাম বিগত ১০ বছৰ ধৰি কৰি থকা হোৱাৰ লগতে এই গীতটিত কথা কাৰ আছিল সেয়া বৰ্তমানেও অজ্ঞাত। মাত্ৰ এই গীতটিৰ বাবে কথা সংগ্ৰহ কৰা হৈছিল বোকাখাত নিবাসী নিত্যা নন্দা বৰদলৈৰ দেৱৰ পৰা। সাংস্কৃতিক পৰিয়ালত জন্ম লাভ কৰা অনুভূতি কাকতি গোস্বামীৰ এই গীতটিত সুৰ কৰিছে সেউজ অনুভূতিয়ে আৰু লগতে সংগীত প্ৰযোজনা ইমন সেউজ গোস্বামীৰ। গীতাৰ ঋতু পবন কটকীৰ লগতে গীতটিৰ কিছু অংশত কন্ঠদান কৰিছে অনুষ্মা শৰ্মাই; ডাবিং চুপাৰভাইজাৰ সুকুমাৰ দত্ত। মুম্বাইস্থিত Heartz Studio আৰু Swarit Studio ত বাণীবদ্ধ হোৱা এই “জয়মতী” গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে মুম্বাইৰে Play head Studio ত ৰূপজিৎ দাসে। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা জাবালিক খাউণ্ডে আৰু দৃশ্যগ্ৰহণ কৰিছে বিদ্যুৎ শইকীয়াই। সম্পাদনা অমল কাকতিৰ আৰু সহঃ সম্পাদনা অম্বৰিশ বৰকটকীৰ। পোহৰ ৰাজীৱ দাসৰ, ৰূপসজ্জা দেৱ শৰ্মাৰ লগতে সাজসজ্জা ত্ৰিদিশা শৰ্মা আৰু কমলা ক’লৰ। প্ৰডাকচন মেনেজাৰ হিচাপে কাম কৰিছে দীপ বৰাই আৰু ভি এফ এক্স দিব্যজ্যোতি বৰাৰ।

আজি "জয়মতী দিৱস"; অনুভূতি কাকতি গোস্বামীৰ "জয়মতী" ৰ জনপ্ৰিয়তাঃ 2


অনুভূতি কাকতি গোস্বামীৰ এই নতুন গীতটিক লৈ তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/25024/feed 1 25024
“জয়মতী” মৌন যুদ্ধক লগত লৈ অনুভূতি কাকতি গোস্বামীৰ নতুন গীতঃ https://rupaliparda.com/archives/24802 https://rupaliparda.com/archives/24802#respond Fri, 19 Mar 2021 08:30:37 +0000 https://rupaliparda.com/?p=24802 আগন্তুক ২৭ মাৰ্চ তাৰিখে জয়মতী দিৱস উদযাপন কৰিব সমগ্ৰ অসমবাসীয়ে। জয়মতীক সুঁৱৰি উক্ত দিনটোত ঠাইয়ে ঠাইয়ে ভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ’ব। সতী জয়মতীৰ কষ্ট, সাধনা, ত্যাগ আদিক লগত লৈ আমি প্ৰত্যেকেই কেৱল মাত্ৰ এটা দিনতেই যে তেওঁক সুঁৱৰিম আচলতে তেনে নহয়; এতিয়াও আমাৰ সমাজত জয়মতীৰ উদাহৰণেৰে নাৰীয়ে ত্যাগ কৰিছে, নিৰৱিচ্চিন্ন সাধনা কৰিছে। তেওঁৰ কষ্টৰ সৈতে তুলনা যদিও কৰিব পৰা নাযায় তৎস্বত্বেও তেওঁৰ জীৱন গাঁথা শুনিলে আজিও প্ৰতিজন অসমীয়াৰ গাৰ নোঁম শিঁয়ৰি উঠে। অসম বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰোৱা নামটোৱে হৈছে সতী জয়মতীৰ; জেৰেঙা পথাৰত আজিও হয়টো জয়মতীৰ কান্দোন ভাঁহি আছে। তেওঁৰ ত্যাগৰ সৰু সৰু টুকুৰাবোৰ সামৰি আজিও জেৰেঙা পথাৰখন চাবলৈ বহু লোকৰ সোঁত বয়। জয়মতী আছিল ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ বিষয়ববীয়া বৰগোঁহাই বংশৰ জীয়াৰী। গদাপণিৰ পত্নী জয়মতীক লৈ ইতিমধ্যে বহু গৱেষণা পত্ৰ, ভিচিডি, একোখন ছবিৰ নিৰ্মাণ হোৱা আমি দেখিছো। কিন্তু, বৰ্তমানেও জয়মতী আমাৰ মনত সজীৱ গতিকে তেওঁক লৈ এতিয়াও আমাৰ অসমীয়া শিল্পী সমাজ উৎকন্ঠিত হৈ থকা দেখিবলৈ পোৱা যায়। এনেপৰিপ্ৰেক্ষিততে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অনুভূতি কাকতি গোস্বামীৰ কন্ঠৰে মুক্তি পাবলৈ সাজু হৈছে নতুন গীত “জয়মতী”। যোৰহাটত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে নিজ মাতৃৰ পৰাই লাভ কৰে শাস্ত্ৰীয় সংগীতৰ বুনিয়াদী শিক্ষা; সৰুৰ পৰাই সাংস্কৃতিক পৰিৱেশ লাভ কৰা অনুভূতিৰ আহিবলগীয়া “জয়মতী” শীৰ্ষক গীতটিক লৈ শেহতীয়াকৈ উৎসাহিত হৈ পৰিছে সকলো।

"জয়মতী" মৌন যুদ্ধক লগত লৈ অনুভূতি কাকতি গোস্বামীৰ নতুন গীতঃ 3


আচলতে, “জয়মতী” বুলি ক’লেই আমি প্ৰতিজন অসমীয়া এই নামটোৰ সৈতে জড়িত হৈ পৰো; তেওঁৰ নামটো শুনাৰ লগে লগে আমাৰ চকুলৈ ভাঁহি আহে তেওঁৰ মৌনতাৰ যুদ্ধ। আহিবলগীয়া গীতটিৰ কাম ১০ বছৰ ধৰি কৰি থকা হৈছে; ইয়াত কথা কাৰ আছিল সেয়া বৰ্তমানেও অজ্ঞাত। গীতটিৰ কথা সংগ্ৰহ কৰা হৈছিল বোকাখাত নিবাসী নিত্যা নন্দা বৰদলৈ দেৱৰ পৰা। গীতটিত সুৰ কৰিছে সেউজ অনুভূতিয়ে আৰু লগতে সংগীত প্ৰযোজনা ইমন সেউজ গোস্বামীৰ। গীতাৰ ঋতু পবন কটকীৰ লগতে গীতটিৰ কিছু অংশত কন্ঠদান কৰিছে অনুষ্মা শৰ্মাই; ডাবিং চুপাৰভাইজাৰ সুকুমাৰ দত্ত। মুম্বাইস্থিত Heartz Studio আৰু Swarit Studio ত বাণীবদ্ধ হোৱা এই “জয়মতী” গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে মুম্বাইৰে Play head Studio ত ৰূপজিৎ দাসে। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা জাবালিক খাউণ্ডে আৰু দৃশ্যগ্ৰহণ কৰিছে বিদ্যুৎ শইকীয়াই। সম্পাদনা অমল কাকতিৰ আৰু সহঃ সম্পাদনা অম্বৰিশ বৰকটকীৰ। পোহৰ ৰাজীৱ দাসৰ, ৰূপসজ্জা দেৱ শৰ্মাৰ লগতে সাজসজ্জা ত্ৰিদিশা শৰ্মা আৰু কমলা ক’লৰ। প্ৰডাকচন মেনেজাৰ হিচাপে কাম কৰিছে দীপ বৰাই আৰু ভি এফ এক্স দিব্যজ্যোতি বৰাৰ।


অনূভূতি কাকতি গোস্বামীৰ এই গীতটি মুক্তি লাভ কৰিব ২৩ মাৰ্চ তাৰিখে Dhwani Records নামে ইউটিউব চেনেলটোত। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/24802/feed 0 24802
“মোৰ কন্ঠত থকা কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতাক দিব বিচাৰো……”- অনুভূতি কাকতি গোস্বামী https://rupaliparda.com/archives/16243 https://rupaliparda.com/archives/16243#respond Wed, 10 Jun 2020 08:30:19 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16243 সংগীত ক্ষেত্ৰখনত এনে বহু সংগীতশিল্পী আছে যাৰ কন্ঠৰ ব্যতিক্ৰমে আকৰ্ষণ কৰে শ্ৰোতাক। তেওঁৰ কন্ঠৰ যাদুই মোহাচ্ছন্ন কৰিব পাৰে শ্ৰোতাক; যাৰ কন্ঠৰ বাবে তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। অসমৰ সংগীত শিল্পী সমূহৰ একাংশই এতিয়া এনে কিছুমান সুন্দৰ গীতৰ সৃষ্টি কৰিছে যাৰ গীতে আপ্লুত কৰিছে অসমৰ লগতে বলীউডৰ শিল্পী, কলা-কুশলীকো।সৰুৰে পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা কন্ঠশিল্পী অনুভূতি কাকতি গোস্বামী বৰ্তমান স্বামী ও পুত্ৰৰ সৈতে মুম্বাইত প্ৰতিস্থিত। যোৰহাটত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে মাতৃ আৰতি কাকতিৰ পৰাই লাভ কৰিছিল শাস্ত্ৰীয় সংগীতৰ বুনিয়াদী শিক্ষা। আনহাতে, তেওঁৰ পিতৃ দ্বিপেন কাকতিয়ে গীতত কথা দিয়ে, গতিকে অনুভূতিয়ে সৰুৰে পৰাই লাভ কৰিছিল সংগীতেৰে পৰিপূৰ্ণ এখন পৰিয়াল। লগতে, তেওঁৰ জেঠায়েক ভাৰতী শৰ্মা এগৰাকী অনাঁতাৰ শিল্পী হোৱা ফলত উক্ত কন্ঠশিল্পী গৰাকীয়ে নিচেই সৰুৰ পৰা গীত পৰিৱেশনৰ সুবিধা অৰ্জন কৰিছিল। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰতো অনুভূতিয়ে ৫ বছৰ বয়সতে অনুষ্ঠান কৰিবলৈ সুবিধা লাভ কৰে। যোৰহাটত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাৰ যোৰহাট সংগীত বিদ্যালয়ত সংগীতৰ আদি পাঠ শিকে। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত যেতিয়া তেওঁক সোধা হৈছিল যে বৰ্তমান সংগীত ক্ষেত্ৰখনৰ সৈতে মিলি যাবলৈ লগতে শ্ৰোতাক আকৰ্ষণ কৰিব পৰা কি বস্তু তেওঁৰ তাত আছে বুলি প্ৰশ্ন কৰাত কন্ঠশিল্পী গৰাকীয়ে কয় যে,

"মোৰ কন্ঠত থকা কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতাক দিব বিচাৰো……"- অনুভূতি কাকতি গোস্বামী 4
"মোৰ কন্ঠত থকা কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতাক দিব বিচাৰো……"- অনুভূতি কাকতি গোস্বামী 5


“মই ইয়াৰ উত্তৰ তিনিটা ভিন্ন ভাগত দিবলৈ চেষ্টা কৰিম। প্ৰথমতে, মোৰ সংগীতত কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতা ও দৰ্শকক দিবলৈ বিচাৰো। যাৰ ভিতৰত এটা হৈছে “মোৰ কন্ঠ”। অইন কন্ঠশিল্পীৰ তুলনাত মোৰ কন্ঠৰ গঠনটো সামান্য ব্যতিক্ৰম; এই গঠনটোক মই মোৰ সংগীতত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰো। সাধাৰণতে এই কন্ঠক ব্যৱহাৰ কৰিয়েই মই মোৰ শ্ৰোতাৰ মন মুহিবলৈ চেষ্টা কৰো। “মোতিচ্চুৰ চকনাচ্চুৰ” ৰ এটি গীতৰ যেতিয়া মই কভাৰটো প্ৰস্তুত কৰিছিলো তেতিয়া এই গীতটোৰেই পৰিচালক গৰাকীয়ে মোৰ কন্ঠত গীতটোক পচন্দ কৰিছিল। দ্বিতীয়তে, এটি গীতৰ কথাক আমি বহু বেছি গুৰুত্ব প্ৰদান কৰো। আচলতে, কথা প্ৰধান গীত আমাৰ ইয়াত যথেষ্ট খিনিয়ে আছে; আৰু আমাৰ যিটো গ্ৰুপ আছে সিহঁতবোৰৰ লগতেই একেলগে মিলি এনেধৰণৰ কথাপ্ৰধান গীত ৰচনা কৰিছো। দু্টা ইউটিউব চেনেল ক্ৰমে “Team Ashawari” আৰু “Viral Democracy” ত আমি কেইবাটাও হৃদয়স্পৰ্শী বিষয়বস্তুক লৈ ইয়াত গানৰ সৃষ্টি কৰি আপলোড কৰিছো।

"মোৰ কন্ঠত থকা কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতাক দিব বিচাৰো……"- অনুভূতি কাকতি গোস্বামী 6


ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু ধৰ্ষণকাৰীৰ মানসিকতাৰ ওপৰত ভিত্তি কৰিও আমি কথাৰ মহত্ব থকা গীতৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছো আৰু আগন্তুক সময়লৈ চেষ্টা কৰি যাম বুলি ঠিৰাং কৰিছিলো। তৃতীয়তে,যিহেটো আমি শাস্ত্ৰীয় সংগীত শিকিয়ে ডাঙৰ হৈছো আৰু তাৰ সমান্তৰালকৈ লোকসংগীতৰ সৈতেও আমাৰ ঘনিষ্ঠতা আছে; আমি বিহুও নাচো। গতিকে লোকসংগীত মোৰ গীতৰ আন এক উপাদান যিহেতো লোকসংগীত গোৱাৰ লগে লগেই আমাক সকলোৱে প্ৰশংসাও কৰে ফলত এয়া মোৰ সংগীতত অন্তৰ্ভূক্ত। এতিয়ালৈ বিভিন্ন ভাষাৰ লোকসংগীত গাবলৈ মই চেষ্টা কৰিছো যেনে ধৰক বঙালী লোকসংগীত, উৰিয়া লোকসংগীত, কানাডা লোকসংগীত, মাৰাঠী লোকসংগীত আদি। এই আটাইবোৰ ভিন্নতাই আচলতে দৰ্শকৰ ওচৰত অনুভূতি কাকতি গোস্বামীক এগৰাকী সংগীতশিল্পী ৰূপে প্ৰতিষ্ঠিত কৰিছে।”

]]>
https://rupaliparda.com/archives/16243/feed 0 16243