Anuradha Sarma Pujari – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 01 Dec 2019 08:38:10 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Anuradha Sarma Pujari – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “জলছবি” ৰ জীৱন-গাঁথাঃ https://rupaliparda.com/archives/8449 https://rupaliparda.com/archives/8449#respond Sun, 01 Dec 2019 10:34:51 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8449 উপন্যাস হৈছে পাশ্চাত্য সাহিত্য অধ্যয়নৰ প্ৰত্যক্ষ ফল। বৰ্তমান উপন্যাস বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু মানৱ জীৱনৰ ঐহিক সুখ-দুখৰ কথাই ইয়াৰ উপজীৱ্য,। ব্যক্তি জীৱনৰ বৈচিত্ৰ্যময় ঘাত-প্ৰতিঘাতৰ প্ৰতিচ্ছবি উপন্যাসৰ মাজেদি উদ্ভাসিত হয়; তেনেক্ষেত্ৰত এখন সফল উপন্যাস হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ “জলছবি”। অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰা সাহিত্যিক সকলৰ ভিতৰত অনুৰাধা শৰ্মা পূজাৰীৰ নাম অন্যতম।


“জলছবি” উপন্যাসখনৰ আৰম্ভণিতেই লেখিকা পূজাৰীয়ে জীৱনক প্ৰশ্ন কৰিছে; য’ত তেওঁ তেওঁৰ প্ৰশ্নটোতেই নিবদ্ধ কৰিছে উপন্যাসখনৰ সাৰমৰ্ম- “জীৱন, মৃত্যুৰ বাবেই নেকি ইমান বিশাল আয়োজন? অৰ্থাৎ, মানৱ জীৱনৰ শেষ সময়কণ হৈছে বাৰ্ধক্য কাল । য’ত জীৱনে কুৰুকি-কুৰুকি হেঁচি-হেঁচি ধূলিস্যাৎ কৰি পেলাই জীয়াই থকা হাঁবিয়াস। পৃথিৱীত স্মৃতিভ্ৰংশ আৰু উন্মাদ হোৱা বৃদ্ধ মানুহৰ শতকৰা পঞ্চাশ পাৰ হৈ গৈছে। বাৰ্ধক্য সময়ত অহা বিভিন্ন যা-যন্ত্ৰণাআৰু লগতে বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰি ২০১৪ চনত অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি উলিয়াইছিল “জলছবি”।

"জলছবি" ৰ জীৱন-গাঁথাঃ 1


এজনী ছোৱালীৰ বাল্যকালৰ পৰাই দুকান্ধত থকা যি দায়িত্ব সেই দায়িত্বৰ বশৱৰ্তী হৈয়ে সৃষ্টি হয় এগৰাকী “স্ত্ৰী”। তেনে এগৰাকী “স্ত্ৰী” ৰ “সূৱৰ্ণজ্যোতি” ৰ জীৱন কাহিনীয়ে হৈছে জলছবি। সম্ভ্ৰান্ত ব্ৰাহ্মণ পৰিয়ালৰ নিয়মানুসৰি পঢ়া-শুনাত যথেষ্ট ৰাপ থকা স্বত্বেও শান্তি হোৱাৰ আগেয়ে বাগানৰ মেনেজাৰ “ৰমেশ” ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল “সূৱৰ্ণজ্যােতি”। বিবাহৰ গুৰু-গম্ভীৰ শিতান সমূহ মন-মগজুত ঠাই দিবলৈ নৌ-পাওঁতেই তাই লৈছিল অইন এখন পৰিয়ালৰ দায়িত্ব।


উপন্যাসখনত লেখিকা গৰাকীয়ে পতি-পত্নীৰ মাজৰ বুজা-বুজিৰ এক ছবি অংকণ কৰিছে য’ত ৰমেশে নিজ পত্নীক জীৱজগত তথা দেশৰ পৰিস্থিতিৰ সৈতে অৱগত কৰিবলৈ কিতাপৰ যোগান ধৰিছিল। নিজৰ লগতেই নিজ পত্নীক শিক্ষিত হিচাপে চোৱাৰ তেওঁৰ হাবিয়াস আছিল। প্ৰত্যেকখন পৰিয়ালত সুখ- দুখ থাকেই অথচ দুখ নহ’লে মানুহে সুখৰ সন্ধান কৰিব নোৱাৰে। ঠিক তেনেদৰেই “জলছবি” ত লেখিকাই সূৱৰ্ণজ্যেতি জীৱনৰ সংগ্ৰামবোৰ এনেদৰে উল্লেখ কৰিছে যেন পঢ়ুৱৈ পৃষ্ঠাৰ পিছত পৃষ্ঠা একধ্যানে পঢ়িব পাৰে। মানৱীয়তাৰ খাতিৰত “ৰমেশে” নিজ বন্ধুক বাগানৰ মজদুৰৰ পৰা বচাবলৈ গৈ পোৱা আঘাটৰ পিছত সুৱৰ্ণজ্যোতিয়ে নিজ সন্তানক স্ব-বুকুৰ গাখীৰৰ পৰা আঁতৰাই আইতাকৰ ওচৰত থৈ যোৱা ঘটনাৰ বৰ্ণনাই পঢ়ুৱৈক চকুৰ পতা তিয়াবলৈ সক্ষম হৈছে। পতিক ভগৱান জ্ঞান কৰা পত্নীয়ে যেতিয়া স্বামীৰ জীৱন ঘূৰাই অনাত স্থিতপ্ৰজ্ঞ হৈ পৰে তেতিয়া সেই পত্নীক কোনোৱে ৰখাব নোৱাৰে। ঠিক তেনে এক কাহিনীৰেই উল্লেখ কৰিছে লেখিকাই “জলছবি”ত।


বংগোপ সাগৰেৰে “সূৰ্ৱণ্যজ্যাতি” ৰ যাত্ৰা যি বৰ্ণনা সেই বৰ্ণনা পঢ়ুৱৈ নিশ্চয়কৈ হৃদয়ংগম কৰিব পাৰে। এক প্ৰকাৰ নাৰী ৰ “তামোল-পাণ” খোৱা যি ঘৰুৱা স্বভাৱ তাৰো উল্লেখ আছে উপন্যাসখনত। স্বামী ৰ অসুখীয়া অৱস্থাত কৰা সূৱৰ্ণজ্যেতিয়ে কৰা যাত্ৰাত তেওঁৰ “ডায়েৰী” য়ে আছিল একমাত্ৰ সংগী। উপন্যাসত ইয়াৰ কথা উল্লেখ কৰা হৈছে এনেদৰে-
” সাগৰত পানীৰ প্ৰতিবিম্ব,জোনাকৰ ঢৌ মই দেখা নাছিলো,মোৰ জীৱনৰ এক স্মৰণীয় ছবি,সেয়ে ডায়েৰীখনত লিখি গৈছিলো। মই প্ৰতিদিনৰ কথা লিখিছো।”
স্বামীক ঠিক কৰি অনাৰ পিছতো তেওঁ নিজ স্বামীৰ আত্মীয়ৰ লগত কৰা যুঁজ; আত্মীয়ই কেনেদৰে লালসাৰ ভিত্তিত কোনো এজন আত্মীয়ক বিষাক্ত হৈ চেলেকি চেলেকি মৃত্যুলৈ ঠেলি দিয়াৰ দৰে নিৰ্মম সত্যও প্ৰকাশ কৰিছে লেখিকা গৰাকীয়ে।

"জলছবি" ৰ জীৱন-গাঁথাঃ 2

এই আটাইবোৰ যুদ্ধৰ অন্তত যেতিয়া এগৰাকী স্ত্ৰী য়ে নিজৰ লগত তথা নিজ বাৰ্ধক্যৰ লগত যুদ্ধ কৰিব লগীয়া হয় তেতিয়া সেই যুদ্ধ হৈ পৰে কষ্টদায়ক। মৃত্যু প্ৰাপ্তি নহ’লেও তিল-তিলকৈ মৃত্যু হোৱাত বৃদ্ধগৰাকী হৈ পৰে “মনোৰোগী”। অতীতে বাৰে বাৰে কৰা বিশ্বাসঘাটকতাৰ ফলত “সূৱৰ্ণজ্যেতি” কেনেদৰে শাৰিৰীক আৰু মানসিক ৰোগী হৈ পৰে তাৰ বহুল প্ৰকাশে পঢ়ুৱৈক নিজ কল্পনা জগতলৈ ঠেলি পঠিয়ায়।
“সূৱৰ্ণজ্যোতি” ৰ দৃষ্টিৰে নিৰ্মম পৃথিৱীৰ জীৱন প্ৰক্ৰিয়া ৰ ছবি তাক সুন্দৰভাৱে বৰ্ণনায় কৰা হৈছে “জলছবি”। বাৰ্ধক্য ত কোনো ব্যক্তিক সদায় মৰম,স্নেহৰ প্ৰয়োজন, বিশ্বাস প্ৰদানৰ প্ৰয়োজন য’ত তেওঁলোকে নিজক সুন্দৰ বুলি ভাবিবলৈ লয়।

]]>
https://rupaliparda.com/archives/8449/feed 0 8449