Anurag Saikia – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 02 Oct 2021 10:23:14 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Anurag Saikia – Rupaliparda.com https://rupaliparda.com 32 32 163073109 আন এটি শ্ৰুতিমধুৰ ‘তোমাতেই হেৰালোঁ’ ৰ সৈতে অনুৰাগ শইকীয়া আৰু তন্ময় শইকীয়াঃ https://rupaliparda.com/archives/28568 https://rupaliparda.com/archives/28568#respond Sun, 03 Oct 2021 08:30:00 +0000 https://rupaliparda.com/?p=28568 এটি শ্ৰুতিমধুৰ গীতেৰে সমাজলৈ এক সুন্দৰ বাৰ্তা কঢ়িয়ালে অনুৰাগ শইকীয়া আৰু তন্ময় শইকীয়াৰ যুটীয়া কণ্ঠৰে নিৰ্মিত এটি নতুন গীত ‘তোমাতেই হেৰালোঁ’ য়ে। গীতটিৰ কণ্ঠৰে পৰা আদি তাত উপস্থাপিত ভিডিঅ’টোৱে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব।গীতটি উপভোগৰ শেষত আপোনাৰ মুখলৈও যে হাঁহি বিয়পিব, সেয়া কথাত আমি নিশ্চিত। সম্প্ৰতি সময়ছোৱাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰব হৈছে অসম চৰকাৰ। তেনে পৰিপ্ৰেক্ষিতত, অসম আৰক্ষীয়েও সক্ৰিয় ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিগত কেইদিনত ঘটা কিছু অপ্ৰীতিকৰ ঘটনাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে জনসাধাৰণৰ মাজত। একাংশ সচেতন নাগৰিকে এই ড্ৰাগছ সৰবৰাহকাৰী সকলৰ দৌৰাত্ম্যক অতিশীঘ্ৰে সমাজৰ পৰা আঁতৰাই নিকা সমাজ ৰূপে গঢ় দিবলৈ প্ৰশাসন ব্যৱস্থাক আহ্বান জনাইছে। এতিয়া এই বিষয়টোক সামৰি আমি আহো মনোৰঞ্জনৰ বিষয়টোত; উক্ত গীতটিক এনে এক বিষয়বস্তুক সামৰিয়েই প্ৰস্তুত কৰি উলিওৱা হৈছে।

গীতটিৰ কথা আৰু সুৰ কৰিছে তন্ময় শইকীয়াই। সংগীত জিতৰাজৰ, শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াই। নিজ অভিনয়ৰে গীতটিক দৰ্শকৰ আগত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু বৰ্তমানৰ এগৰাকী অভিনেত্ৰী ৰিচা চেত্ৰীয়ে। দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীৰ যুটিটোক আঁকোৱালিও লৈছে জনসাধাৰণে। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিছে অপুৰাজ গগৈয়ে। কম বয়সতে কিছুমান গুৰু-গম্ভীৰ দায়িত্ব লৈ আগবঢ়া বহু ব্যক্তি আমি দেখিছোঁ। কোনোৱে হয়টো তেনেকৈয়ে আগবাঢ়ি আজি নিজ পৰিয়ালটো পোহপাল দি আছে আৰু কোনোৱে সফলতাৰ শিখৰলৈ এখোজ দুখোজ আগবাঢ়ি যাবলৈ চেষ্টা চলাইছে। এনে বহু উদাহৰণ আছে আৰু আচলতে এনেকুৱা বোৰ উদাহৰণে প্ৰত্যেককে উৎসাহিত কৰাত সহায় কৰে। মনোৰঞ্জন এনে এক বস্তু; যি কেতিয়াও থমকি নৰয়। প্ৰতিটো বস্তুত বিৰাম লাগিলেও আচলতে এই ক্ষেত্ৰখনত কোনোদিন বিৰাম নালাগে; সেইবাবেই হয়টো এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিতও হৈ বিভিন্ন জন। …সৰুৰ পৰাই এটা গীত শিকি লৈ দৰ্শকৰ মাজত উপস্থাপন কৰি পোৱা হাত চাপৰিয়ে জনা নোহোৱাৰ পৰাই এই ক্ষেত্ৰখনৰ প্ৰতি শ্ৰদ্ধাৰ সৃষ্টি কৰি আহিছে। অনুৰাগ শইকীয়াইও এনে প্ৰতিভাৰ মাজৰেই এগৰাকী।

আন এটি শ্ৰুতিমধুৰ 'তোমাতেই হেৰালোঁ' ৰ সৈতে অনুৰাগ শইকীয়া আৰু তন্ময় শইকীয়াঃ 1


প্ৰতিভাগৰাকীৰ এই গীতটিৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে, অনাগত দিনত তেওঁৰ আৰু অধিক সুন্দৰ গীতৰ আশা কৰিছোঁ।

]]>
https://rupaliparda.com/archives/28568/feed 0 28568
অনুৰাগ শইকীয়া আৰু ৰুৱাডৰ নতুন গীত “তুমি আৰু মই” ৰ কাষ চাপিছে সমাদৰঃ https://rupaliparda.com/archives/26155 https://rupaliparda.com/archives/26155#respond Tue, 18 May 2021 08:30:00 +0000 https://rupaliparda.com/?p=26155 একোটা গীতৰ শুভমুক্তি আৰু একাংশ নৱপ্ৰজন্মৰ প্ৰতিভা। স্তব্ধ নোহোৱা এই মনোৰঞ্জন ক্ষেত্ৰখনলৈ বহু কন্ঠশিল্পী, অভিনেতা- অভিনেত্ৰী সোমাই আহিছে। একাংশৰ প্ৰতিভা লেখত ল’বলগীয়া হোৱাৰ উপৰিও একাংশই কৰা অহৰহ প্ৰচেষ্টাত উৎসাহিত জনসাধাৰণো। ইতিমধ্যে এনে বহু গীতৰ মুক্তিৰ বিষয়ে আমি দেখি আহিছো; ৰোমান্টিক গীতৰ দ্বাৰা শ্ৰোতাৰ হৃদয়ত ঠাই বনোৱা একাংশ কন্ঠশিল্পীয়ে প্ৰায়ে তেওঁলোকৰ ন-ন সৃষ্টিৰ দ্বাৰা কাষ চাপিছে জনসাধাৰণৰ। “প্ৰতিটো পল, প্ৰতি উশাহতেই যে তুমি”, তথা “তুমি তুমি লগা” শীৰ্ষক গীতটি কেইটাক হয়টো আপোনালোকৰো মনত আছে; অনুৰাগ শইকীয়াৰ দ্বাৰা মুক্তিপ্ৰাপ্ত এই গীতকেইটিয়ে সংগীত প্ৰেমী শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালকৈ, এই কন্ঠশিল্পী গৰাকীৰ কন্ঠৰে আন এটি গীতে লাভ কৰিছে মুক্তি। সদ্যমুক্তিপ্ৰাপ্ত “তুমি আৰু মই” শীৰ্ষক এই গীতটিয়ে ইউটিউবত লাভ কৰিছে জনপ্ৰিয়তা। ন-গীতৰ সৈতে ন-কন্ঠশিল্পী আৰু তেওঁলোকৰ নতুন অনুৰাগী; বৰ্তমান এই সংমিশ্ৰণৰেই আৰম্ভ হৈছে সংগীত ক্ষেত্ৰখনত নতুনৰ আৰম্ভণি। নৱপ্ৰজন্মৰ বোধগম্য অনুযায়ী তেওঁলোকে কৰা প্ৰচেষ্টা কোনো কাৰণতেই নুই কৰিব নোৱাৰি। প্ৰায় প্ৰতিটো সৃষ্টিত বহুল জনপ্ৰিয়তা লাভ নকৰিলেও তেওঁলোকে অহৰহ চলাই থকা প্ৰয়াসত একো সন্দেহ নাই।


মনোৰঞ্জন ক্ষেত্ৰখনে আগন্তুক সময়তো যে সুন্দৰ সুন্দৰ সৃষ্টিক উপভোগ কৰিব পাৰিব সেয়া নিশ্চিত। সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিত অনুৰাগ শইকীয়াৰ লগতে দেখিবলৈ পোৱা গ’ল আন এগৰাকী নতুন প্ৰতিভা ৰুৱাডক। তেওঁৰ এটি গীত “মৰীচিকা” ক ইতিমধ্যে বহুল হাৰত দৰ্শক-শ্ৰোতাই আঁকোৱালিছে। সমান্তৰালকৈ, সদ্যমুক্তিপ্ৰাপ্ত গীতটিত সুৰ কৰাৰ উপৰিও ইয়াত অনুৰাগৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে তেওঁ; সংগীত জিতৰজৰ। আনহাতে, গীতটিত কথা হিমাংশু শইকীয়াৰ লগতে ৰুৱাডৰ। বাঁহী অঞ্জন মেধিৰ আৰু শব্দ সংমিশ্ৰণ স্কিডি দাসৰ; গীতাৰ হীৰক জ্যোতি শৰ্মাৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণৰ লগতে সম্পাদনা অপুৰাজ গগৈৰ আৰু ইয়াত অভিনয় কৰিছে প্ৰশান্ত তিৱাৰী আৰু বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱাই। সহঃ দৃশ্যগ্ৰহণকাৰী ৰূপে আছে লাচিত নাথ আৰু বাৰ্বী বৰা। ৰূপসজ্জা চিমি ভূঞাৰ; শেহতীয়াকৈ নৱপ্ৰজন্মৰ যিসমূহ প্ৰতিভা আমাৰ সমুখলৈ আহিছে তেওঁলোক আটাইৰে ভিতৰত অন্যতম এগৰাকী হৈছে অনুৰাগ শইকীয়া; তেওঁৰ গীতসমূহক অৱশ্যে আঁকোৱালিও লৈছে বহুসংখ্যক জনসাধাৰণে।সম্প্ৰতি সময়ছোৱাত এনে একাংশ নৱপ্ৰজন্ম সমুখলৈ আহিছে; যাৰ দ্বাৰা সৃষ্ট একোটা গীতে সাধাৰণ শ্ৰোতা-দৰ্শককে আৰম্ভ কৰি প্ৰতিষ্ঠিত এগৰাকী সংগীত শিল্পীৰ হৃদয়তো সৃষ্টি কৰিছে খলকনিৰ। গীতসমূহক লৈ ধনাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেওঁলোকেও।

অনুৰাগ শইকীয়া আৰু ৰুৱাডৰ নতুন গীত "তুমি আৰু মই" ৰ কাষ চাপিছে সমাদৰঃ 2


অনুৰাগ শইকীয়াৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰত্যেকগৰাকীকেই জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/26155/feed 0 26155
মাজুলীৰ এটা পৰিয়াল আৰু অনুৰাগ শইকীয়াৰ “Project Borgeet Chapter 2”- https://rupaliparda.com/archives/25666 https://rupaliparda.com/archives/25666#respond Mon, 26 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25666 সমগ্ৰ দেশতেই নাটনি, ক’ৰবাত যদি আৰ্থিক অনাটন তাতেই আকৌ ক’ৰবাত অক্সিজেনৰ অনাটনত একাংশ নিৰীহ লোকৰ মৃত্যুৰ কিৰীলি। মুঠতে, অশান্তিকৰ এক পৰিৱেশে বিৰাজ কৰিছে সৰ্বত্ৰে। কিন্তু, এইসকলো বোৰৰ মাজতেই অহা এটা ভাল খবৰ; যিয়ে শেহতীয়াকৈ প্ৰতিজন অসমীয়াক গৌৰন্বিত কৰাৰ লগতেই উৎসাহিতও কৰি তুলিছে ই। মাজুলীক সংস্কৃতিৰ সমন্বয় ক্ষেত্ৰ বুলি কোৱা হয়;সংস্কৃতিৰ এক অংশ মাজুলীতেই আছে। মাজুলী বুলি ক’লে সকলোৰে মনত এক অজান শিহৰণে ভূমুকি মাৰে। সৰুৰে পৰাই মাজুলীৰ প্ৰতিটো সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকে তাত থকা প্ৰত্যেকজন জনসাধাৰণ। ৰাষ্ট্ৰীয় পৰ্যায়তো এওঁলোকে নিজৰ সংস্কৃতিক সুন্দৰ ৰূপত বিশ্লেষণ কৰা দেখিবলৈ পোৱা যায়। ইতিমধ্যে অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা বিকাশ তথা সুনাম অৰ্জন কৰা একাংশ শিল্পী, কলা-কুশলীৰ বিষয়ে আমি নিশ্চয় শুনিছো অথবা তেওঁলোকৰ কিছু কিছু সৃষ্টিক লৈ গৌৰন্বিতও হৈছো। এইখিনিতে আপোনাক দিবলৈ ওলাইছো আন এক ভাল খবৰ, অসম সন্তান তথা ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত অনুৰাগ শইকীয়াৰ বহু প্ৰত্যাশিত প্ৰকল্প “Project Borgeet Chapter 2” য়ে লাভ কৰিছে মুক্তি। মাজুলীস্থিত এটি সৰু আৰু সংস্কৃতিৰে পৰিপূৰ্ণ এটা পৰিয়ালৰ সান্নিধ্যলৈ আহি অনুৰাগ শইকীয়া কেনেদৰে উৎকন্ঠিত হৈ পৰিছিল, তাৰ এক বিৱৰণ দাঙি ধৰাৰ সমান্তৰালকৈ উক্ত পৰিয়ালটোৰে প্ৰতিভাৱান জীয়ৰী তুলিকাৰ কন্ঠত আপোনালোকে শুনিবলৈ পাব এটি সুন্দৰ বৰগীত।


ওৰেটো জীৱন বৰগীতৰ প্ৰচাৰ আৰু প্ৰসাৰক লৈ ব্যস্ত থকা মাজুলীৰ নোমল (পৱিত্ৰ) শইকীয়াৰ পৰিয়ালটোৰ এটা সুন্দৰ দিশ প্ৰকল্পটোৰ মাজেৰেই উপস্থাপন কৰা হৈছে। তেওঁ নিজ অঞ্চলৰ ছাত্ৰ- ছাত্ৰী সকলক বৰগীত শিকোৱাৰ লগতে নোমল শইকীয়াই নিজ জীয়ৰী ধৃতিময়ী আৰু তুলিকা শইকীয়াক সৰুৰে পৰাই বৰগীত বিষয়ক ভিন্ন শিক্ষা দি আহিছে। Zeal Creation ত মুক্তিপ্ৰাপ্ত এই প্ৰকল্পটোত তুলিকা শইকীয়াই তেওঁৰ তিনি বছৰ বয়সৰ পৰাই পিতৃৰ সান্নিধ্যত শিকি আহিছে বৰগীত। Chapter 2 ৰ দ্বিতীয়টো বৰগীত হৈছে “আৰে উদ্ধৱ চলহু গোকুলে লাই”। বৰগীতটি শুনাৰ পিছতেই যেন প্ৰতিজন অসমীয়াই এক শিহৰণ অনুভৱ কৰিছে নিজৰ মাজত। এক প্ৰশান্তিৰ হাঁহি মাৰিছে সকলোৱে। এই প্ৰকল্পটোৰ সমগ্ৰ পৰিকল্পনা অনুৰাগ শইকীয়াৰ নিজৰেই। ভিডিঅ’টোৰ পৰিচালনা অবিনাশ ভূঞাৰ আৰু দৃশ্যগ্ৰহণ উত্তম কলিতাৰ; এৰিয়েল ৰূপম শৰ্মাৰ আৰু লোকেশ্বন চাউণ্ড ডিজাইন য়শ ৰাজৰ। লিখিছে অনুৰাগ শইকীয়া আৰু বিতুপন কাশ্যপে। আনহাতে, প্ৰযোজনা শ্যামন্তক গৌতমৰ, সম্পাদনা বিতুপন কাশ্যপ, চাউণ্ড ডিজাইন কিংশুক মৰাণৰ।

মাজুলীৰ এটা পৰিয়াল আৰু অনুৰাগ শইকীয়াৰ "Project Borgeet Chapter 2"- 3


উক্ত প্ৰকল্পটোৰ পিছতেই অনুৰাগ শইকীয়ালৈ আহিছে এতিয়া ইটোৰ পিছত সিটোকৈ শুভকামনা বাৰ্তা। তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25666/feed 0 25666
“Project Borgeet Chapter 2” ক লৈ সাজু অনুৰাগ শইকীয়াঃ https://rupaliparda.com/archives/24782 https://rupaliparda.com/archives/24782#respond Wed, 17 Mar 2021 08:30:45 +0000 https://rupaliparda.com/?p=24782 বিগত বৰ্ষৰ আৰম্ভণি সময়ছোৱাতে এটা বৰ সুন্দৰ প্ৰকল্পক লৈ আমি প্ৰত্যেকগৰাকী অসমীয়া উৎসাহিত হৈছিলো। আচলতে, আমি প্ৰতিজন অসমীয়া মহাপুৰুষ দুজনাৰ সৃষ্টি সমূহক লৈ ইমানেই অধিক আগ্ৰহী যে তেওঁলোকক কেন্দ্ৰ কৰি নিৰ্মিত একোটা প্ৰকল্পই আমাক আনন্দিত কৰি তোলে। গতিকে, এইখিনিতে আপোনালোকক জনাওঁ আন এক সুখবৰ; ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান অনুৰাগ শইকীয়া সাজু হৈছে তেওঁৰ “প্ৰজেক্ট বৰগীত” ৰ দ্বিতীয়টো সংস্কৰণক লৈ। চলিত মাহতেই “Project Borgeet Chapter 2” ক মুকলি কৰি দিয়া হ’ব ৰাইজৰ মাজত। উক্ত প্ৰকল্পটোৰ প্ৰথমটো সংস্কৰণে ইতিমধ্যে জনসাধাৰণক বহুল হাৰত আকৰ্ষণ কৰাৰ সমান্তৰালকৈ ইয়াৰ দ্বিতীয়টো সংস্কৰণক লৈ ৰাইজক অপেক্ষাৰতও কৰি তুুলিছিল। অনুৰাগ শইকীয়াৰ এই প্ৰচেষ্টাত শেহতীয়াকৈ আকৌ এবাৰ গুণমুগ্ধ হৈ পৰিছে বহু অসমীয়া।ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বৰগীতক চিনাকী কৰোৱাই দিয়া যি এক প্ৰচেষ্টা; সেই প্ৰচেষ্টাত সফল ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত (ৰজত কমল) অসম সন্তান অনুৰাগ শইকীয়া।

৫০০-৬০০ বছৰ পূৰণি দুটিকৈ বৰগীত ক্ৰমে, “আৰে কম্পিত” আৰু “ফাগু খেলে” কোনো ধৰণৰ ফিউজন প্ৰদান নকৰি কেৱল মাত্ৰ ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছিল তেওঁৰ প্ৰথমটো সংস্কৰণত। “আৰে কম্পিত” বৰগীতটিক ভিডিঅ’ আকাৰে উপস্থাপন কৰা হৈছিল। উক্ত ভিডিঅ’টোত বৰগীতৰ তালে তালে দৰ্শকৰ আগত দেখুওৱা হৈছিল সত্ৰীয়া সংস্কৃতি তথা সত্ৰ সমূহক । জীৱনত এনে কিছুমান ব্যক্তিক লগ পোৱা যায় যাৰ সান্নিধ্যই আমাক আটাইকে মন্ত্ৰমুগ্ধ কৰি তোলে; আৰু তেনে এটা পৰিয়ালক লৈয়ে অনুৰাগ শইকীয়াই তেওঁৰ “প্ৰজেক্ট বৰগীত” ৰ দ্বিতীয়টো সংস্কৰণ লৈ আগবাঢ়িছে। উল্লেখ্য যে, অনুৰাগ শইকীয়াৰ “চেপটাৰ ১” প্ৰকল্পটো ২০১৯ ৰ মেছিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ’ত বাণীবন্ধৰ কাম সম্পূৰ্ণ কৰা হৈছিল। অনুৰাগ শইকীয়াৰ পৰিচালনাত সৃষ্ট এই প্ৰকল্পটিত বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে অংশগ্ৰহণ কৰে ১৫ গৰাকী কলা-কুশলীয়ে।

"Project Borgeet Chapter 2" ক লৈ সাজু অনুৰাগ শইকীয়াঃ 4

আনহাতে, আগন্তুক সময়ত মুক্তি পাবলগীয়া এই দ্বিতীয় সংস্কৰণটোত তেওঁ কি সংযোজন কৰিব সেয়া হ’ব লক্ষণীয়। অনুৰাগ শইকীয়াৰ “Project Borgeet Chapter 2” ক লৈ প্ৰত্যেকজন অসমবাসীৰ লগতে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/24782/feed 0 24782
“কিন্তু যিয়েই নিদিওঁ কিয় প্ৰতিটোতেই নিজৰ ১০০ শতাংশ থাকিব”- অনুৰাগ শইকীয়া https://rupaliparda.com/archives/20346 https://rupaliparda.com/archives/20346#respond Fri, 18 Sep 2020 08:30:49 +0000 https://rupaliparda.com/?p=20346 সদ্যমুক্তিপ্ৰাপ্ত “তুমি তুমি লগা” লগতে “প্ৰতিটো পল, প্ৰতি উশাহতে যে তুমি” শীৰ্ষক গীত দুটি নৱপ্ৰজন্মৰ বাবে চিনাকী গীত। নহয়নে? ৰোমান্টিক ধৰ্মী এই গীত দুটি উপভোগো কৰিছে হয়টো আপোনালোকে। নৱপ্ৰজন্মৰ কন্ঠশিল্পী আৰু বৰ্তমান সময়ত সাংস্কৃতিক ক্ষেত্ৰখনত নিজৰ চিনাকী কৰোৱাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা এগৰাকী যুৱক। অনুৰাগ শইকীয়া; বিদ্যালয়ৰ নিয়মিত ভাৱে হোৱা সংগীতৰ ক্লাছত গৈ গীত শিকিবলৈ ইচ্ছা প্ৰকাশ কৰা অনুৰাগৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰা যোগে তেওঁ জনায় যে, “সংগীত ক্ষেত্ৰখনত চতূৰ্থ শ্ৰেণীৰ পৰাই জড়িত হৈছিলো। স্কুলত হোৱা সংগীত শ্ৰেণীটোতেই মৃদুলা দত্ত বাইদেউৱে সংগীতৰ বিভিন্ন ধাৰাৰ সৈতে আমাৰ চিনাকী কৰোৱাইছিল। কেতিয়াবা অকলশৰীয়াকৈও গাবলৈ কৈছিল; যেতিয়া মোক এবাৰ অকলশৰীয়াকৈ গাবলৈ দিছিল তেতিয়া মোৰ কন্ঠ বাইদেউৱে ভাল পায় মোৰ ঘৰটো তেওঁ ফোন কৰি কথাটো জনাইছিল। তাৰ পিছত মোক গীতা বৰা বাইদেউৱে সংগীতৰ শিক্ষা দিবলৈ আৰম্ভ কৰিছিল।”


শ্ৰোতাক আকৰ্ষণ কৰিব পৰা বিধৰ কি গুণ তেওঁৰ সংগীত সমূহত আছে বুলি তেওঁ ভাৱে? উক্ত প্ৰশ্নটোৰ উত্তৰত অনুৰাগে জনাইছিল যে, “মই সংগীত ক্ষেত্ৰখনত একেবাৰেই নতুন। মোক শ্ৰোতাই কিহৰ বাবে পচন্দ কৰে সেইটো বিচাৰ কৰিবলৈও মই সক্ষম নহয় আচলতে। মাত্ৰ এইখিনিত এটাই কথা ক’ব পাৰিম যে, মই যি গীতত কন্ঠদান কৰো সকলোতেই মোৰ মনটো জড়িত হৈ থাকে আৰু অনুভৱৰ ভিত্তিত মই গীত গাবলৈ চেষ্টা কৰো। মোৰ এতিয়াও এই ক্ষেত্ৰখনত শিকিবলগীয়া যথেষ্ট আছে আৰু মই শিকি যাম; বহু লোকৰ পৰা মই জ্ঞান অৰ্জন কৰিবলগীয়া হৈ আছে।” আগন্তুক সময়ৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “শ্ৰোতাই কোনটো সময়ত কোনোটো গীতক আকোঁৱালি ল’ব; তাক কোৱাটো কঠিন। আগন্তুক সময়ত ৰাইজক কি দিম নাজানো কিন্তু যিয়েই নিদিওঁ কিয় প্ৰতিটোতেই নিজৰ ১০০ শতাংশ থাকিব।”

"কিন্তু যিয়েই নিদিওঁ কিয় প্ৰতিটোতেই নিজৰ ১০০ শতাংশ থাকিব"- অনুৰাগ শইকীয়া 5

অনুৰাগে আগলৈ কয় যে, “ইতিমধ্যে মই দুটা ৰোমান্টিক গান কৰিলো আৰু দুয়োটা গানেই ভাল পাইছিল শ্ৰোতা আৰু দৰ্শকে। এইবাৰ এই ৰোমান্টিক ধৰ্মীতাৰ পৰা কিছু ওলাই আহি মই এটা বিহুসুৰীয়া গীতত কন্ঠদান কৰা কথা ভাবিছো। আশা কৰো, পূৰ্বৰ গীতৰ দৰেই যেন আহিবলগীয়া সমূহো মোৰ জনসাধাৰণে আঁকোৱালি লয়।”

]]>
https://rupaliparda.com/archives/20346/feed 0 20346
ন-কন্ঠশিল্পী অনুৰাগ শইকীয়াৰ “তুমি তুমি লগা” ৰ শুভমুক্তিঃ https://rupaliparda.com/archives/20264 https://rupaliparda.com/archives/20264#respond Wed, 16 Sep 2020 08:30:56 +0000 https://rupaliparda.com/?p=20264 একোটা গীতৰ শুভমুক্তি আৰু একাংশ নৱপ্ৰজন্মৰ প্ৰতিভা। স্তব্ধ নোহোৱা এই মনোৰঞ্জন ক্ষেত্ৰখনলৈ বহু কন্ঠশিল্পী, অভিনেতা- অভিনেত্ৰী সোমাই আহিছে। একাংশৰ প্ৰতিভা লেখত ল’বলগীয়া হোৱাৰ উপৰিও একাংশই কৰা অহৰহ প্ৰচেষ্টাত উৎসাহিত জনসাধাৰণো। ইতিমধ্যে এনে বহু গীতৰ মুক্তিৰ বিষয়ে আমি দেখি আহিছো; ৰোমান্টিক গীতৰ দ্বাৰা শ্ৰোতাৰ হৃদয়ত ঠাই বনোৱা একাংশ কন্ঠশিল্পীয়ে প্ৰায়ে তেওঁলোকৰ ন-ন সৃষ্টিৰ দ্বাৰা কাষ চাপিছে জনসাধাৰণৰ। “প্ৰতিটো পল, প্ৰতি উশাহতেই যে তুমি” শীৰ্ষক এই গীতটিক হয়টো আপোনালোকৰো মনত আছে; অনুৰাগ শইকীয়াৰ দ্বাৰা মুক্তিপ্ৰাপ্ত এই গীতটিয়ে সংগীত প্ৰেমী শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালকৈ, এই কন্ঠশিল্পী গৰাকীৰ কন্ঠৰে আন এটি গীতে লাভ কৰিছে মুক্তি। সদ্যমুক্তিপ্ৰাপ্ত “তুমি তুমি লগা” শীৰ্ষক এই গীতটিয়ে ইউটিউবত লাভ কৰিছে জনপ্ৰিয়তা। ন-গীতৰ সৈতে ন-কন্ঠশিল্পী আৰু তেওঁলোকৰ নতুন অনুৰাগী; বৰ্তমান এই সংমিশ্ৰণৰেই আৰম্ভ হৈছে সংগীত ক্ষেত্ৰখনত নতুনৰ আৰম্ভণি।


গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে দীপজ্যোতি মহন্ত আৰু জ্যোতিষ্মিতা বৰুৱাই। ফেশ্বন জগতৰ পৰা আহি জ্যোতিষ্মিতা বৰুৱাই অভিনয় ক্ষেত্ৰখনত খোজ দিছে; আনহাতে দীপজ্যোতি মহন্তক ইতিমধ্যে দৰ্শকে দেখিবলৈ পাইছে কেইবাটাও মিউজিক ভিডিঅ’ৰ লগতে এন.কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “জানমণি” ছবিখনত। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “তুমি তুমি লগা” শীৰ্ষক গীতটিত সংগীত দিয়াৰ লগতে পৰিচালনাৰ দায়িত্বত আছে ত্ৰিয়ন মহন্ত আৰু গীতটিত কথা মৃদুস্মিতা দেৱীৰ। বাঁহী বজাইছে অঞ্জন মেধিয়ে লগতে শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। গীতটিৰ ভিডিঅ’ পৰিচালনাৰ লগতে দৃশ্যগ্ৰহণ আৰু সম্পাদনা হৈছে অম্লান জ্যোতি ৰাজখোৱাৰ। গীতটিৰ সহকাৰী অভিনেতা-অভিনেত্ৰী হৈছে ক্ৰমে অনুৰাগ, গৌৰাংগ আৰু অনুৰাধা। গীতটিত কিছু সময়ৰ বাবে দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় ইউটিউবাৰ হৰপাল শইকীয়াক।

ন-কন্ঠশিল্পী অনুৰাগ শইকীয়াৰ "তুমি তুমি লগা" ৰ শুভমুক্তিঃ 6


নৱপ্ৰজন্মৰ বোধগম্য অনুযায়ী তেওঁলোকে কৰা প্ৰচেষ্টা কোনো কাৰণতেই নুই কৰিব নোৱাৰি। প্ৰায় প্ৰতিটো সৃষ্টিত বহুল জনপ্ৰিয়তা লাভ নকৰিলেও তেওঁলোকে অহৰহ চলাই থকা প্ৰয়াসত একো সন্দেহ নাই। মনোৰঞ্জন ক্ষেত্ৰখনে আগন্তুক সময়তো যে সুন্দৰ সুন্দৰ সৃষ্টিক উপভোগ কৰিব পাৰিব সেয়া নিশ্চিত।

]]>
https://rupaliparda.com/archives/20264/feed 0 20264
চচিয়েল মিডিয়াত অনুৰাগ শইকীয়া আৰু গৰিমা গাৰ্গৰ “ডাকৰ বচন”- https://rupaliparda.com/archives/18959 https://rupaliparda.com/archives/18959#respond Fri, 07 Aug 2020 14:30:58 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18959 বৰ্তমান চচিয়েল মিডিয়াত নকৈ চলিছে “ডাকৰ বচন” ৰ পৰ্যায়। ইয়াৰ আৰম্ভণিৰ আঁৰত অইন কোনো নহয়; আছে অনুৰাগ শইকীয়াৰ লগতে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। প্ৰায়ে চচিয়েল মিডিয়াত একটিভ দুয়ো গৰাকী শিল্পীয়ে আৰম্ভ কৰিছে এই “ডাকৰ বচন” প্ৰক্ৰিয়া। য’ত অনুৰাগ শইকীয়াই লিখিছে যে, “নিজে কিবা এটা সৃষ্টি কৰাৰ পিছত অইনৰ পৰা সমালোচনা পোৱাটো অধিক গ্ৰহণযোগ্য; একো সৃষ্টি নকৰি আনক সমালোচনা কৰাতকৈ।” ইয়াৰ পিছতে এই কথাখিনিকেই নিজৰ ভাষাত লিখি আপলোড কৰে গৰিমা শইকীয়া গাৰ্গে। সংগীতৰ প্ৰতিটো ক্ষেত্ৰৰ সৈতে পৰোক্ষ ভাৱে জড়িত থকা গৰিমাৰ কথাৰে শেহতীয়াকৈ লাভ কৰিছে এটি গীতৰ । “আকাশ হেঁপাহ” শীৰ্ষক এই গীতটিয়ে অতি কম দিনৰ ভিতৰতেই জনসাধাৰণৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছিল সমাদৰ। শিৱসাগৰৰ ৰুদ্ৰসিংহ ৰিজোৰ্টত এই গীতটিক গৰিমাই ৰচনা কৰিছিল বুলি জানিব পৰা গৈছে। বৰ্তমান ইউটিউবত উপলদ্ধ এই গীতটিত ভিউৱাৰচৰ সংখ্যাও সৰ্বাধিক।

View this post on Instagram

#DakorBoson 290.

A post shared by Anurag Saikia (@anuraag_psychaea) on

https://www.instagram.com/p/CDig4vsBrJR/?utm_source=ig_web_copy_link


আনহাতে, অনুৰাগ শইকীয়াৰ আহিবলগীয়া এটি গীত “কুকুহা” ৰ মুক্তিৰ তাৰিখ ইতিমধ্যে সাল-সলনি কৰা হৈছে। সম্প্ৰতি পৰিস্থিতিৰ ওপৰত কেন্দ্ৰ কৰিয়েই গীতটিৰ মুক্তি কিছুদিন পিছুৱাই দিছে সংগীত পৰিচালক গৰাকীয়ে। গীতটিক লৈ জনসাধাৰণৰ বহুল উৎসাহ দেখিবলৈ পোৱা গৈছিল; “কুকুহা” নামটোৱেও দৰ্শকৰ মনত উৎস্যুকতাৰ সৃষ্টি কৰিছিল।

]]>
https://rupaliparda.com/archives/18959/feed 0 18959
অনুৰাগ শইকীয়াৰ ন-প্ৰকল্পঃ লগত আছে ৰাহুল গৌতম শৰ্মা আৰু শংকুৰাজ- https://rupaliparda.com/archives/17402 https://rupaliparda.com/archives/17402#respond Thu, 02 Jul 2020 08:30:14 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17402 কিছুমান সময়ত আমি নিজৰ মাজত হেৰাই যাওঁ; ক্লান্ত হৈ পৰো। এই ক্লান্তি আৰু ভাগৰ অথবা কল্পনা-বাস্তৱৰ মাজত অহৰহ হৈ থকা খেলি-মেলিৰ সমীকৰণবোৰৰ উত্তৰ উলিয়াই ল’বলৈ কেতিয়াবা ব্যক্তিবিশেষৰ অসুবিধা হয়। মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান জনপ্ৰিয় সংগীত পৰিচালক অনুৰাগ শইকীয়াক প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হোৱা দেখিবলৈ পোৱা যায়; তেওঁ প্ৰায়ে তেওঁৰ আগন্তুক প্ৰকল্পসমূহৰ ব্যতিক্ৰমী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা যায়। এইবাৰো এনে প্ৰকল্পৰ আগজাননী দি দৰ্শক আৰু শ্ৰোতাক আকৰ্ষণ কৰিছে শিল্পী গৰাকীয়ে। “কুকুহা” শীৰ্ষক এটি গীতৰ সৈতে আহি আছে অনুৰাগ শইকীয়াকে ধৰি নৱপ্ৰজন্মৰ দুই শিল্পী ক্ৰমে ৰাহুল গৌতম শৰ্মা আৰু শংকুৰাজ। অনুৰাগ শইকীয়াই জানিবলৈ দিয়া মতে, আগন্তুক সকলো প্ৰকল্পৰ সমান্তৰালকৈ “কুকুহা” গীতটিও তেওঁৰ বাবে বৰ আকৰ্ষণপূৰ্ণ আৰু কৌতুহলজনিত কৰ্ম। চলিত মাহৰ ১২ তাৰিখে এই গীতটিক মুকলি কৰি দিয়া হ’ব; ইতিমধ্যে ইয়াৰ ফাৰ্ষ্ট মোশ্বন পিকছাৰ উলিয়াই দিয়া হৈছে।

অনুৰাগ শইকীয়াৰ ন-প্ৰকল্পঃ লগত আছে ৰাহুল গৌতম শৰ্মা আৰু শংকুৰাজ- 7


গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ আৰু ইয়াত কন্ঠদান কৰিছে শংকুৰাজে; সংগীত ব্যৱস্থাপনা ইশান দাসৰ। বস্তুগত পৃথিৱীৰ পৰা ওলাই আহি এজন ব্যক্তিৰ মানসিকতাক গীতটিৰ জৰিয়তে প্ৰতিফলনৰ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে গীতটিৰ লেখক ৰাহুল গৌতম শৰ্মাই। এজন ব্যক্তি বিশেষৰ মনস্তাত্বিক স্থিতিৰ ওপৰত সমাজৰ ভিন্ন বান্ধোনে পেলোৱা প্ৰভাৱ অথবা সমাজৰ ওপৰত পৰা একোজন মনুষ্যৰ চিন্তা-ধাৰাবোৰে এটা সময়ত গৈ অৱসাদ বিচাৰে। কোনো জটিলতা নিবিচৰাকৈ, কোনো আক্ষেপ সহ্য নকৰাকৈ কিছু সময়ৰ জিৰণিৰ আশাৰে জীয়াই থকা একাংশ জীৱনৰ উপস্থাপনেই হৈছে “কুকুহা”; উক্ত গীতটিক লৈ বৰ্তমান সকলোৰে উৎকন্ঠা।


উক্ত গীতটিৰ পোষ্টাৰ ডিজাইন কৰিছে কৌশিক বৰগোঁহাইয়ে আৰু আনহাতে ইয়াত এনিমেশ্বন ঋতুপৰ্ণ বৰাৰ। গীতটিৰ সৈতে জড়িত প্ৰত্যেকটা নামৰ সৈতে থকা অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া। উল্লেখ্য যে, ইতিমধ্যে মুক্তি কৰি দিয়া গীতটিৰ নাম অথবা পোষ্টাৰখনৰ আঁৰৰ অৰ্থটোৱে দৰ্শকৰ মনত কৌতুহলৰ সৃষ্টি কৰিছে। এনে এটা শব্দৰ দ্বাৰা ৰচিত এটি গীতক লৈ এতিয়া অপেক্ষাৰত বহুজন। একোটা স্থানত প্ৰতিষ্ঠিত হৈ এই গীতটিৰ সৈতে জড়িত প্ৰত্যেকজনেই অসমলৈ কঢ়িয়াইছে গৌৰৱ।

]]>
https://rupaliparda.com/archives/17402/feed 0 17402
“লক-ডাউন” ৰ মাজতেই প্ৰিয়ংকা ভৰালী-অনুৰাগ শইকীয়াৰ ন-গীত “লুকা-ভাকু”- https://rupaliparda.com/archives/15504 https://rupaliparda.com/archives/15504#respond Tue, 26 May 2020 10:30:20 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15504 “লক-ডাউনে” আগভেঁটি ধৰিলেও নিজস্ব বাট নিৰ্মাণ কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনে। জনসাধাৰণ আগবাঢ়িব নোৱাৰিলেও তেওঁলোকৰ কাষলৈ আহিছে মনোৰঞ্জন ক্ষেত্ৰখনৰ বিভিন্নটা বিষয়। য’ত ছবিসমূহৰ মুকলিৰ বাবে OTT platform ৰ বিচাৰ কৰা হৈছে তাতেই আকৌ নতুন গীত সমূহকো জনসাধাৰণক হতাশাৰ পৰা আঁতৰি ৰখোৱা স্বাৰ্থত মুকলি কৰি দিয়া হৈছে। একেটা বিষয়বস্তুক লৈ প্ৰত্যেকদিনাই কথা পতাটো আমনি দায়ক ও হতাশপূৰ্ণ। ফলত; মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত ভিন্ন কলা-কুশলী লগ হৈ নিজ নিজ দায়িত্ব বুজি তেওঁলোকৰ একোটা সৃষ্টিক আগবঢ়াইছে জনসাধাৰণৰ মাজত। এনেই এটি নতুন গীতৰ সৈতে আহি আছে জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী ও নৱপ্ৰজন্মৰ উদীয়মান কন্ঠশিল্পী অনুৰাগ শইকীয়া। “লুকা-ভাকু” শীৰ্ষক এটি গীতৰ সৈতে আহি আছে দুই কন্ঠশিল্পী।

"লক-ডাউন" ৰ মাজতেই প্ৰিয়ংকা ভৰালী-অনুৰাগ শইকীয়াৰ ন-গীত "লুকা-ভাকু"- 8


ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ মুক্তি পোৱা গীতটিৰ পোষ্টাৰ খনেই আকৰ্ষণ কৰিছে দৰ্শকক। নতুনত্বৰ সোঁৱাদ পোৱাৰ লগতে পূৰণি দিনৰ ফটোৰ দৰেই কিছু স্মৃতিক ধৰি ৰখা হৈছে গীতটোৰ পোষ্টাৰ খনত। গীতটিত অভিনয় কৰিছে অভিজিৎ শৰ্মা লগতে ভায়লিনা ডেকাই। উক্ত গীতটিৰ সংগীত টাইফুন এক্স পিংকুলৰ আৰু গীতটিৰ কথা ডানিশৰ। ইয়াৰ লগতে, সান্নিধ্য ভূঞাৰ সংগীত পৰিচালনাৰে দৃশ্যগ্ৰহণ আৰু সম্পাদনা তিৰাপ সীমান্ত মেধিৰ। তিৰাপৰ সৈতে দৃশ্যগ্ৰহণত সহায় কৰিছে এন.জে। ভি.এফ.এক্স আৰু জি.এফ.এক্সৰ দায়িত্বত আছে ৰামজ্যোতি কৃষ্ণচৰণ।

"লক-ডাউন" ৰ মাজতেই প্ৰিয়ংকা ভৰালী-অনুৰাগ শইকীয়াৰ ন-গীত "লুকা-ভাকু"- 9
"লক-ডাউন" ৰ মাজতেই প্ৰিয়ংকা ভৰালী-অনুৰাগ শইকীয়াৰ ন-গীত "লুকা-ভাকু"- 10


শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত প্ৰিয়ংকা ভৰালীৰ “চোৱানা এবাৰ” শীৰ্ষক গীতটিয়ে ইতিমধ্যে লাভ কৰিছে বহুল জনপ্ৰিয়তা। বহু বছৰৰ অন্তত এটি ৰোমান্টিক গীতৰ জৰিয়তে অহা প্ৰিয়ংকা ভৰালীৰ গীতসমূহৰ জনপ্ৰিয়তা নক’লেও বুজিব পৰা যায়।

]]>
https://rupaliparda.com/archives/15504/feed 0 15504
কেইবাজনো অসমীয়া শিল্পীৰ প্ৰতিভাৰ অন্তৰ্ভূক্তিৰেঃ ইউটিউবত ট্ৰেণ্ডিং ঋতৃষা শৰ্মাৰ “Gustakhiyaan”- https://rupaliparda.com/archives/14171 https://rupaliparda.com/archives/14171#comments Sat, 02 May 2020 08:30:12 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14171 কেইবাগৰাকীও অসমীয়াৰ প্ৰচেষ্টাৰে সৃষ্ট এটি হিন্দী গীত বৰ্তমান ইউটিউবত হৈ পৰিছে ট্ৰেণ্ডিং। মায়ানগৰীত খ্যাতনামা অসমৰ শিল্পীসমূহৰ এনে প্ৰচেষ্টাই আছলতে গৌৰন্বিতও কৰি তুলিছে অসমবাসীক। ঋতৃষা শৰ্মাৰ কন্ঠ আৰু অনুৰাগ শইকীয়াৰ সুৰ আৰু সংগীত পৰিচালনাৰে কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “Gustakhiyaan” গীতটি বৰ্তমান ট্ৰেণ্ডিং হৈ পৰিছে ইউটিউবত। কেৱল মাত্ৰ ঋতৃষা ও অনুৰাগেই নহয়; গীতটিৰ সৈতে জড়িত হৈ আছে আন কেইবাগৰাকীও অসম সন্তান। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো গীতটিৰ প্ৰচুৰ চৰ্চা কৰা হৈছে। কোৱাৰেন্টাইত শ্ৰোতা তথা দৰ্শকক কিছু সময়ৰ মনোৰঞ্জনৰ যোগান ধৰিবলৈ গীতটিক “লক-ডাউন” ৰ মাজতেই মুকলি কৰি দিয়া হৈছিল। ইয়াৰ পূৰ্বেও ঋতৃষা শৰ্মা আৰু অনুৰাগ শইকীয়াৰ যুঁটীয়া প্ৰচেষ্টাৰে “Tum aaoge” শীৰ্ষক গীতটিও ট্ৰেণ্ডিং হৈ পৰিছিল ইউটিউবত।


উল্লেখ্য যে, “Gustakhiyaan” গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে পংকজ বৰাই লগতে গীতটি লিখিছে কৌশাল কিশোৰে। ৰাঘৱ চৈতন্য আৰু ঋতৃষাৰ যুঁটীয়ে কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে ৰোহন মিশ্ৰা আৰু বৈষ্ণৱী আন্ধেলে। সুগন্ধা মিশ্ৰাই প্ৰযোজনা কৰা গীতটিৰ শব্দযন্ত্ৰীৰ দায়িত্বত আছিল Euophony Studios ৰ পাৰ্থ পি দাস লগতে Neo Sound Studio ৰ প্ৰাঞ্জল বৰা।

কেইবাজনো অসমীয়া শিল্পীৰ প্ৰতিভাৰ অন্তৰ্ভূক্তিৰেঃ ইউটিউবত ট্ৰেণ্ডিং ঋতৃষা শৰ্মাৰ "Gustakhiyaan"- 11


কেইবাগৰাকীও অসম সন্তানৰ এনে প্ৰচেষ্টাত কেৱল মাত্ৰ অসমীয়া দৰ্শকেই নহয়; সঁহাৰি জনাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শকেও।

]]>
https://rupaliparda.com/archives/14171/feed 1 14171