Arghadeep – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 12 Aug 2021 04:53:58 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Arghadeep – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Bioscope ৰ এই নতুন প্ৰচেষ্টা “স্মৃতিৰ ৰ’দালি”- https://rupaliparda.com/archives/27952 https://rupaliparda.com/archives/27952#respond Fri, 13 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=27952 জীৱন দৌৰত আমি দৌৰি দৌৰি কেতিয়াবা ভাগৰি পৰোঁ, বৰ্তমান আমি যি সময়ত জীয়াই আছোঁ তাত প্ৰত্যেকগৰাকী ব্যক্তিয়ে পূৰণি স্মৃতি বুকুত বান্ধি কেৱল মাত্ৰ আগবাঢ়ি গৈ আছে। পিছলৈ চাব যেন অকণো আহৰি নাই কোনো গৰাকী ব্যক্তিৰ, সংগ্ৰাম কৰি জয়ী হোৱাৰ মানসিকতাৰে এখোজ এখোজকৈ আগুৱাই গৈছোঁ। কিন্তু যেতিয়া আমি একান্তমনে ক’ৰবাত বহিবলৈ পাওঁ, তেতিয়া আমাক এই পূৰণি স্মৃতি বোৰে আমনি কৰে। সেই দিনবোৰ, পাহৰণিৰ গৰ্ভলৈ যোৱা বিষয়বোৰে সেইটো সময়ত আহি ব্যতিব্যস্ত কৰি তোলে আমাক। তথাপিও, এই স্মৃতিবোৰ আমাৰ মৰমৰ। শেহতীয়াকৈ, এই স্মৃতিসমূহক লৈয়ে মুক্তি লাভ কৰিছিল এটি নতুন গীত “স্মৃতিৰ ৰ’দালি”। Bioscope ৰ বেনাৰত নিৰ্মিত এই গীতটিক আঁকোৱালি লৈছে প্ৰত্যেকেই।গীতটিক লৈ জনসাধাৰণ উৎসাহী হোৱা অইন এক কাৰণ হৈছে গীতটিত কণ্ঠদান কৰাৰ লগতে ভিডিঅ’ত দেখিবলৈ পোৱা অভিনেতা তথা সংগীতশিল্পী গৰাকী; অসমীয়া ছবি “আমিষ” ৰ দ্বাৰা সৰ্বত্ৰে চৰ্চিত হোৱা অভিনেতা অৰ্ঘদ্বীপ বৰুৱাৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিত আপুনি শুনিবলৈ পাব। আনহাতে ইয়াৰ কথাখিনিয়েই সংগীত প্ৰেমী শ্ৰোতাক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গীতটিত কথা কুকিল প্ৰতিমৰ আৰু সংগীত পৰিচালনা অৰ্ণৱ বশিষ্ঠৰ। গীতাৰ ইশানুৰ লগতে ভায়’লিন বজাইছে মানস শইকীয়াই। ৰেকৰ্ডিং ইঞ্জিনিয়াৰৰ দায়িত্বত আছে দিব্যাংক তানিজা, শব্দ-সংমিশ্ৰণ কৰিছে ৰূপজিৎ দাসে লগতে গীতটিত চাউণ্ড ডিজাইন কৰিছে দেৱজিৎ গায়নে।


“স্মৃতিৰ ৰ’দালি” গীতটিৰ ভিডিঅ’ৰ পৰিচালনাৰ লগতে দৃশ্যগ্ৰহণ আৰু সম্পাদনা মানৱ জ্যোতি বৰুৱাৰ। ২০১৭ চনৰ পৰা পেছাগত ভাৱে পৰিচালনাৰ দিশটোৰ সৈতে জড়িত মানৱ জ্যোতি বৰুৱাৰ “অপৰাহ্ন” শীৰ্ষক চুটি ছবিখনৰ সমান্তৰালকৈ বিগত বৰ্ষৰ “লক-ডাউন” ৰ সময়ত মু্ক্তি লাভ কৰা আন এখন চুটি ছবি “গ্ৰহণ” ক দৰ্শকে আকোঁৱালি লোৱাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহতো দুয়োখন চুটি ছবিয়ে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱা তথা হৰুণ আলিয়ে। সহঃ পৰিচালনা সুনয়না দত্ত আৰু দীপান্নিতা দাসৰ। ভি.এফ.এক্স দীপজ্যোতি সন্দিকৈৰ। পোষ্টাৰ ডিজাইন মিচিচিপি হাজৰিকাৰ আৰু কলিগ্ৰাফী ধৰ্মজ্যোতি বৰুৱাৰ। Bioscope ৰ প্ৰকল্প সমূহে ইতিমধ্যে জনসাধাৰণ আপ্লুত কৰিবলৈ সক্ষম হৈছিল কিয়নো ইয়াৰ বিষয়বস্তু সমূহে সংযোগ কৰি আহিছে সাধাৰণ জনকো। সম্প্ৰতি সময়ছোৱাত একোগৰাকী নৱপ্ৰজন্মই সাংস্কৃতিক দিশটোৰ প্ৰতি দেখুওৱা আগ্ৰহ সঁচাকৈ উল্লেখনীয়। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।

Bioscope ৰ এই নতুন প্ৰচেষ্টা "স্মৃতিৰ ৰ'দালি"- 1


নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত এই গীতটিয়েও শ্ৰোতাক মুগ্ধ কৰিবলৈ সক্ষম হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও Bioscope ৰ এই নতুন প্ৰচেষ্টাক জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/27952/feed 0 27952
“আলিবাট; জিৰাব দে তোৰেই কোলাত”; পৰিণীতা গোস্বামীৰ নতুন গীতে মুহিছে শ্ৰোতা-দৰ্শককঃ https://rupaliparda.com/archives/26643 https://rupaliparda.com/archives/26643#respond Tue, 08 Jun 2021 08:42:00 +0000 https://rupaliparda.com/?p=26643 “আলিবাট; জিৰাব দে তোৰেই কোলাত”; শেহতীয়াকৈ নৱাগতা পৰিণীতা গোস্বামীৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত তেওঁৰ নতুন গীত “আলিবাট”। এই ধূসৰ সময়ছোৱাত এটি সুন্দৰ কন্ঠই শ্ৰোতা-দৰ্শকৰ মাজত চিনাকী লাভ কৰা কথাটোৱে এতিয়া প্ৰত্যেককে উৎসাহিত কৰি তুলিছে; পৰিণীতা গোস্বামীৰ সংগীত ক্ষেত্ৰখনত খোজ পেলোৱাৰ পিছত এয়া তেওঁৰ প্ৰথমটো গীত। Pratidhwani Records ৰ বেনাৰত মুক্তি লাভ কৰা এই গীতটিক ইতিমধ্যে সঁহাৰি জনাইছে শ্ৰোতা-দৰ্শকে। পৰিণীতা গোস্বামী আপোনালোকৰ বাবে হয়টো নতুন নাম নহয়; কিয়নো কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত কেইগৰাকীমান ছাত্ৰীৰ সহযোগত গঢ় লৈ উঠা মিউজিকেল বেণ্ড Blissed Integration ৰ সৈতে জড়িত হৈ থকা পৰিণীতাক আপোনালোকে চচিয়েল মিডিয়াত বহুবাৰ হয়টো দেখিছে। সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত পৰিণীতাৰ পৰিয়ালটোৰ প্ৰতিজন সদস্য সংগীতক লৈ আকৰ্ষিত হোৱাৰ বাবেই আচলতে তেওঁ সৰুৰ পৰাই জ্যোতি সংগীত, ৰাভা সংগীতকে আৰম্ভ কৰি বৰগীত ইত্যাদি শুনি এই সংগীত ক্ষেত্ৰখনত তেওঁ নিজ সম্পৰ্ক গাঢ় কৰি তুলিছিল। সংগীত অবিহনে জীৱন অৰ্থহীন বুলি ক’ব পৰা নৱপ্ৰজন্মৰ মাজৰ এগৰাকী পৰিণীতাৰ সংগীতক লৈ দৃঢ়তা অৱশ্যে ইয়াতেই ফুটি উঠিছে। “আলিবাট” শীৰ্ষক এই গীতটি যদিও প্ৰথম তথাপিও গীতটিয়ে সকলোৰে মাজত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।


আমি কেতিয়াবা নিজ সপোন পূৰণৰ অৰ্থে চিনাকী বাটটো এৰি অইন এটা অচিন বাটে খোজ দিওঁ; সপোন বোৰ বাস্তৱ কৰিবলৈ আমি নিজ জীৱনৰ অচিন-চিনাকী বাটত খোজ দিয়াৰ লগতেই কেতিয়াবা পাহৰি পেলাওঁ নিজ অস্তিত্ব। কিন্তু, জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ দৌৰত আমি যেতিয়া দৌৰি গৈ থাকো তেতিয়া এটা সময়লৈ আমাৰ ভাগৰুৱা মনটোৱে পূৰণি আলিবাটটোৰ সন্ধান কৰোঁ। উভতি যাব খুজো যদিও শূণ্য হৈ পৰে আমি সন্ধান কৰি ফুৰা আলিবাটটো; এনে এক বিষয়বস্তুকেই লৈ গীতটিৰ ভিডিঅ’টোক নিৰ্মাণ কৰি উলিওৱা হৈছে। গীতটিত কথা দিয়াৰ লগতে ইয়াৰ ভিডিঅ’টোৰ বিষয়বস্তু, কাহিনী তথা পৰিচালনাৰ দায়িত্বত আছে প্ৰাচুৰ্য্য তালুকদাৰ; Pratidhwani Records ৰ বেনাৰত নিৰ্মিত গীতসমূহত দেখিবলৈ পোৱা প্ৰাচুৰ্য্য তালুকদাৰৰ প্ৰতিভা সঁচাকৈ উল্লেখনীয়। কন্ঠদানৰ লগতে “আলিবাট” ত সুৰ কৰিছে পৰিণীতাই নিজেই; সংগীত পল্লৱ তালুকদাৰৰ। Mystic Production House ৰ এজন দক্ষ সদস্য পল্লৱৰ নামটো বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনৰ এক চিনাকী নাম। গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা অৰ্ঘ্যদ্বীপ বৰুৱাক লৈও ৰাইজৰ মাজতো উৎকণ্ঠা পৰিলক্ষিত হয়। ড° পি.এম গোস্বামীৰ প্ৰযোজনাত নিৰ্মিত গীতটিৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনা মানৱ জ্যোতি বৰুৱাৰ; এইগৰাকী প্ৰতিভাৰ পৰিচালনাৰে দৰ্শকে দুখনকৈ চুটি ছবি উপভোগ কৰাৰ লগতে তেওঁৰ প্ৰকল্পসমূহক সমাদৰো জনাইছে। “আলিবাট” শীৰ্ষক এই গীতটিক ভিডিঅ’টোৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তুত কৰিবলৈ বিচৰা কথাটোৱে গীতটিক ৰাইজৰ সন্মুখত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে।

"আলিবাট; জিৰাব দে তোৰেই কোলাত"; পৰিণীতা গোস্বামীৰ নতুন গীতে মুহিছে শ্ৰোতা-দৰ্শককঃ 2


গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে আৰু সহঃ পৰিচালনা কৰিছে প্ৰীতিস্না দত্তই; ডি.আই ৰতনশীল শৰ্মাৰ আৰু পোষ্টাৰ ডিজাইন ঋতুপৰ্ণ বৰাৰ। পৰিণীতাৰ নতুন প্ৰচেষ্টাক লৈয়ে তেওঁৰ আহিবলগীয়া প্ৰকল্পসমূহক লৈ জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26643/feed 0 26643
পৰিণীতা গোস্বামীৰ “আলিবাট” ৰ ফাৰ্ষ্ট লুকঃ https://rupaliparda.com/archives/25549 https://rupaliparda.com/archives/25549#respond Wed, 21 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25549 আমি কিছুদিনৰে পৰা এটি গীতক লৈ খলকনি লগা দেখিছিলো প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতাৰ মাজত। নৱাগতা পৰিণীতা গোস্বামীৰ কন্ঠৰে মুক্তিপাবলগীয়া গীত এটি সুন্দৰ গীত “আলিবাট” ক লৈ অপেক্ষাৰত হৈ পৰিছিল প্ৰতিজন। চচিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হোৱা সংগীতৰ ভিডিঅ’ ৰ সমান্তৰালকৈ নৱপ্ৰজন্মৰ এটা সংগীতৰ বেণ্ড The Blissed Integration ৰ নাম আপোনালোকেও হয়টো জানে। উক্ত বেণ্ডটোৰ সৈতে জড়িত পৰিণীতা গোস্বামীৰ সংগীতৰ জীৱনৰ প্ৰথমটো গীত; গীতটোৰ ইতিমধ্যে ফাৰ্ষ্ট লুকৰ চমু ভিডিঅ’ এটা মুকলি কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। গীতটিক লৈ জনসাধাৰণ উৎসাহী হোৱা অইন এক কাৰণ হৈছে গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা অভিনেতা তথা সংগীতশিল্পী গৰাকী; অসমীয়া ছবি “আমিষ” ৰ দ্বাৰা সৰ্বত্ৰে চৰ্চিত হোৱা অভিনেতা অৰ্ঘদ্বীপ বৰুৱাৰ অভিনয় দেখিবলৈ পোৱা যাব এই গীতটিৰ ভিডিঅ’ত। আনহাতে, সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত পৰিণীতাৰ পৰিয়ালটোৰ প্ৰতিজন সদস্য সংগীতক লৈ আকৰ্ষিত হোৱাৰ বাবেই আচলতে তেওঁ সৰুৰ পৰাই জ্যোতি সংগীত, ৰাভা সংগীতকে আৰম্ভ কৰি বৰগীত ইত্যাদি শুনি এই সংগীত ক্ষেত্ৰখনত তেওঁ নিজ সম্পৰ্ক গাঢ় কৰি তুলিছিল। সংগীত অবিহনে জীৱন অৰ্থহীন বুলি ক’ব পৰা নৱপ্ৰজন্মৰ মাজৰ এগৰাকী পৰিণীতাৰ সংগীতক লৈ দৃঢ়তা অৱশ্যে ইয়াতেই ফুটি উঠিছে। “আলিবাট” শীৰ্ষক এই গীতটি যদিও প্ৰথম তথাপিও গীতটিয়ে সকলোৰে মাজত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

পৰিণীতা গোস্বামীৰ "আলিবাট" ৰ ফাৰ্ষ্ট লুকঃ 3


Pratidhwani Records ৰ বেনাৰত নিৰ্মিত “আলিবাট” ত কথাৰ লগতে গীতটিৰ ভিডিঅ’ ৰ কাহিনী, বিষয়বস্তু আৰু পৰিচালনাৰ দায়িত্বতো আছে প্ৰাচুৰ্য্য তালুকদাৰ। তেওঁৰ কথা তথা পৰিচালনাৰে নিৰ্মিত নীল আকাশৰ কন্ঠৰে “ৰুক্সানা” ৰ লগতে শেহতীয়াকৈ দীপিলনা আৰু নিপজৰ কন্ঠৰ গীত “দুবাহুৰে সাৱটি ল’বানে” ও লাভ কৰিছিল শ্ৰোতা-দৰ্শকৰ সমাদৰ। গতিকে, এনে পৰিপ্ৰেক্ষিতত আহিবলগীয়া সময়ৰ “আলিবাট” তো ৰাইজৰ সঁহাৰি হ’ব লক্ষণীয়। আনহাতে, গীতটিত সংগীত দিছে সংগীত পল্লৱ তালুকদাৰে। Mystic Production House ৰ এজন দক্ষ সদস্য পল্লৱৰ নামটো বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনৰ এক চিনাকী নাম। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে আৰু সহঃ পৰিচালনা কৰিছে প্ৰীতিস্না দত্তই; দৃশ্যগ্ৰহণৰ লগতে সম্পাদনা কৰিছে মানৱ জ্যোতি বৰুৱাই। ডি.আই ৰতনশীল শৰ্মাৰ আৰু পোষ্টাৰ ডিজাইন ঋতুপৰ্ণ বৰাৰ। অতিশীঘ্ৰে গীতটি মুকলি কৰা হ’ব Pratidhwani Records ত। সংগীত শিকাৰ পৰাই এটা নিজাববীয়াকৈ এটা গীত মুকলি কৰি দিয়াৰ ইচ্ছা আছিল কন্ঠশিল্পী পৰিণীতা গোস্বামীৰ। সেইবাবেই হয়টো এই গীতটিৰ বাবে অপেক্ষাৰত প্ৰতিজন শ্ৰোতা।

পৰিণীতা গোস্বামীৰ "আলিবাট" ৰ ফাৰ্ষ্ট লুকঃ 4


“আলিবাট” ৰ সফলতা কামনা কৰি পৰিণীতা গোস্বামীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা যাঁচিছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/25549/feed 0 25549
লিমা দাস ও অৰ্ঘ্যদ্বীপৰ অভিনয় তথা কাদম্বৰীৰ পৰিচালনাৰে “যাযাবৰী”- https://rupaliparda.com/archives/13236 https://rupaliparda.com/archives/13236#respond Wed, 15 Apr 2020 12:30:54 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13236 বিগত বৰ্ষত দৰ্শকৰ হৃদয়ত নিজৰ স্থিতি মজবুত কৰা দুই গৰাকী নৱাগত অভিনেতা-অভিনেত্ৰী; নাম নক’লেও হয়টো আপোনালোকে ধৰিব পাৰিছে। যাৰ অভিনয়ক ঘৰুৱা দৰ্শকে আদৰাৰ পূৰ্বেই সঁহাৰি জনাইছিল ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বহু দৰ্শকে। হয়, আমি কৈছো লিমা দাস ও অৰ্ঘ্যদ্বীপ বৰুৱাৰ কথা। তেওঁলোকৰ যুঁটিটোৰ প্ৰেমত পৰা অনুৰাগী সকলৰ বাবে আন এক সুখবৰ; মুক্তি লাভ কৰিছে তেওঁলোকৰ অভিনয়ৰে এখন চুটি ছবি “যাযাবৰী”। নৱপ্ৰজন্মৰ প্ৰতিষ্ঠিত চুটি ছবিৰ পৰিচালক কাদম্বৰী কাশ্যপৰ পৰিচালনাৰে “আমিষ” ছবিখনৰে এটি গীতৰ অন্তৰ্ভূক্তিৰেই নিৰ্মাণ কৰা হৈছে এই ছবিখন। বিগত সময়ৰ পৰা বিভিন্ন খন চুটি ছবিৰ নিৰ্মাণ কৰি কাদম্বৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি লাভ কৰিছে। গতিকে, এনেক্ষেত্ৰত কেইবাখনো জনপ্ৰিয় মুখৰ সৈতে নিৰ্মিত উক্ত ছবিখনে নিশ্চিতৰূপত দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব। ঋষি বৰাৰ দ্বাৰা কন্ঠদান কৰা গীতকেই কাহিনী আকাৰে প্ৰস্তুত কৰিছে এই চুটি ছবিখনত কাদম্বৰী কাশ্যপে।


চুটি ছবিখন নিৰ্মাণৰ ক্ষেত্ৰত ৰূপালীপৰ্দাৰ ফালৰ পৰা কাদম্বৰী কাশ্যপৰ সৈতে হোৱা কথা বতৰাত তেওঁ লিমা দাস আৰু অৰ্ঘ্যদ্বীপৰ প্ৰশংসা কৰি কয় যে, “এই গীতটো আমি শ্বুট কৰিছিলো যোৱা বছৰৰ অক্টোবৰ মাহতেই; তেতিয়ালৈ “আমিষ” খন মুক্তি লাভ কৰা নাছিল ঘৰুৱা দৰ্শকৰ ওচৰত। পৰিস্থিতি সমূহৰ বাবে আমি আগতেই শ্বুটিং কৰিছিলো যদিও বিহুৰ মাজতেই মুক্তি দিয়াৰ কথা ভাৱিলো। শ্বুটিং কৰি থকা সময়ছোৱাত মই যিমান খিনি সহাঁৰি পাইছো লিমা বা, অৰ্ঘ্যদ্বীপ তথা ঋষি দাৰ পৰা সেয়া একেবাৰেই উল্লেখ্যনীয়। লিমা বা এগৰাকী প্ৰফেচাৰ লগতে ডাক্টৰ, আনহাতে অৰ্ঘ্যদ্বীপৰ নিজাকৈ বেণ্ড আছে কিন্তু তৎস্বত্বেও তেওঁলোকে আমি মুম্বাইত শ্বুটিং কৰা সময়ৰ পৰা আদি কৰি গোটেই সময়ছোৱাত যিখিনি সহযোগিতা আগবঢ়াইছে সেয়া মানিবলগীয়া।”

লিমা দাস ও অৰ্ঘ্যদ্বীপৰ অভিনয় তথা কাদম্বৰীৰ পৰিচালনাৰে "যাযাবৰী"- 5


ইয়াৰ উপৰিও কাদম্বৰীয়ে কয় যে, “মই বহু খিনি কথা শিকিছো আছলতে তেওঁলোকৰ পৰা।” উল্লেখ্য যে, ছবিখনৰ কাহিনী আছিলে মহান জ্যোতি দত্তৰ লগতে তাত অন্তৰ্ভূক্ত গীতটিৰ কথা আছিল ড° আকাশীতৰা আৰু পংকজ মিশ্ৰাৰ আৰু এই গীতটিত কন্ঠদান কৰিছে ঋষি বৰাই। ১৯৪২ চনত মুক্তি লাভ কৰা Albert Camus ৰ কিতাপ “The Myth of Sisyphus” ৰ ওপৰত কেন্দ্ৰ কৰিয়েই উক্ত চুটি ছবিখনৰ “ভিজুৱেল ট্ৰিট” পৰিচালনা কৰা হৈছিল।

গ্ৰীক পুৰাণ দেৱতাৰ দ্বাৰা অভিশপ্ত সিঁসিফাছে এখন পাহাৰৰ উচ্চতালৈ এটা প্ৰকাণ্ড শিল আঁজুৰি লৈ যায় যাতে উক্ত শিলটো আকৌ এবাৰ তললৈ আহে; আৰু পুনৰাই যাতে সিঁসিফাছে সেই শিলটো ওপৰলৈ লৈ যাব পাৰে। তেওঁ অনন্তকাললৈ এই কামফেৰা কৰি গৈ থাকে। তেওঁৰ মতে এই শাস্তিটোৱে তেওঁৰ বাবে জীৱনৰ চৰম শাস্তি। এনে এক কাহিনীৰ আধাৰেই হৈছে চুটি ছবি “যাযাবৰী”।

]]>
https://rupaliparda.com/archives/13236/feed 0 13236