Arranged – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 01 Nov 2020 06:19:16 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Arranged – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “আমি যিয়ে নকৰো কিয় সেয়া দৰ্শকৰ বাবে কৰিম”- হৰ্ষ সিদ্ধান্ত https://rupaliparda.com/archives/21635 https://rupaliparda.com/archives/21635#respond Mon, 02 Nov 2020 08:30:13 +0000 https://rupaliparda.com/?p=21635 “Arranged” চুটি ছবিখনে ইতিমধ্যে দৰ্শকক ইমানেই বেছি আকৰ্ষণ কৰি পেলাইছে যে সৰ্বত্ৰে চলা ইয়াৰ চৰ্চা সমূহেও চুটি ছবিখনক এক বেলেগ পৰ্যায়ত উপনীত কৰাত সক্ষম হৈছে। চুটি ছবিখনৰ কাহিনীভাগ তথা ইয়াৰ উপস্থাপনৰ লগতে চুটি ছবিখনত অভিনীত প্ৰতিটো চৰিত্ৰৰ অভিনয় আছিল উল্লেখনীয়। লিমা দাস, ৰঞ্জীৱ লাল বৰুৱাৰ লগতে “Arranged” খনক আৰু অধিক উপভোগ্য কৰি তুলিছিল হৰ্ষ সিদ্ধান্ত নামৰ এজন নৱপ্ৰজন্মৰ প্ৰতিভাই। এই প্ৰতিভাগৰাকীয়ে চুটি ছবিখনৰ কাহিনীভাগো লিখি উলিয়াইছিল। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত আমি এইগৰাকী প্ৰতিভা হৰ্ষ সিদ্ধান্তৰ সৈতে পাতিছিলো কিছু কথা। মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে আচলতে বিগত তিনি বছৰৰ পৰাই মই সক্ৰিয় হৈ স্ক্ৰীণ ৰাইটিঙৰ কাম শিকিবলৈ আৰম্ভ কৰিছিলো। মই দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে নিজাববীয়াকৈ যিমান পাৰো এই স্ক্ৰীণ ৰাইটিঙৰ ওপৰত শিকিবলৈ চেষ্টা কৰি আছো। ইয়াৰ লগতে, অভিনয় আৰু সংগীতৰ সৈতে মই সৰুৰ পৰা অৰ্থাৎ “আছাম ভেলী স্কুল” ত পঢ়ি থকা দিনৰ পৰা জড়িত। পঢ়ি থকা অৱস্থাত থিয়েটাৰত সক্ৰিয় ৰূপত অংশগ্ৰহণ কৰিছিলো; তেতিয়াৰ পৰাই মই এই ছবিজগত খনত সোমাবলৈ চেষ্টা অব্যাহত ৰাখিছো। মই লিখি ৰখা কাহিনী, চিত্ৰনাট্যবোৰক সুন্দৰ ৰূপত কেনেদৰে জনসাধাৰণৰ মাজলৈ লৈ আনিব পাৰো তাৰ বাবে কৰি থকা প্ৰয়াসৰ মাজতেই মই ফোন কৰিছিলো সমুজ্জল ছাৰক লগতে ৰঞ্জীৱ ছাৰক। ৰঞ্জীৱ ছাৰক আগতেই মই স্কুলত লগ পাইছিলো গতিকে তেনেদৰেই মই “Arranged” ৰ কাহিনীটো লৈ এওঁলোকৰ কাষ চাপিছিলো।”

"আমি যিয়ে নকৰো কিয় সেয়া দৰ্শকৰ বাবে কৰিম"- হৰ্ষ সিদ্ধান্ত 1


হৰ্ষে আগলৈ কয় যে, “Arranged” মোৰ বাবে এই বিশাল ক্ষেত্ৰখনত সোমাবালৈ কৰা এটা সৰু প্ৰয়াসহে; মই এতিয়ালৈ যে সম্পূৰ্ণৰূপে মনোৰঞ্জন জগতত সাঙুৰ খাইছো সেয়া একাষাৰে ক’ব নোৱাৰো। এইখিনিতে, এটা কথা ক’বই লাগিব যে মই নেটফ্লিক্সৰ সৈতে চলিত বৰ্ষৰ আৰম্ভণিতে কাম কৰাৰ সুবিধা পাইছিলো; তেওঁলোকৰ এখন ৱেব চিৰিজৰ গৱেষণা টীমত মই কাম কৰিছিলো আৰু সঁচাকৈ সেই প্ৰকল্পটোৱে মোক বহুখিনি অভিজ্ঞতা দিলে। বিভিন্ন জন বলীউডৰ কলা-কুশলীৰ সৈতে কাম কৰা সুবিধা লাভ কৰিছিলো।” শেহতীয়াকৈ জনপ্ৰিয় হোৱা চুটি ছবি “Arranged” ৰ সফলতাক লৈ তেওঁৰ মতামত জানিবলৈ বিচৰাত হৰ্ষে কয় যে, “চুটি ছবিখনৰ সফলতাক লৈ মই ৰাইজৰ ওচৰত সঁচাকৈ কৃতজ্ঞ। আমি কোনো এটা বস্তু তেতিয়ালৈ সফল বুলি ক’ব নোৱাৰো যেতিয়ালৈ সেই বস্তুটোৰ সৈতে জনসাধাৰণে সংযোগ কৰিব নোৱাৰে।আমাৰ এই চুটি ছবিখনৰ বাবেও এয়াই সফলতা যে ইয়াক দৰ্শকে গ্ৰহণ অথবা আঁকোৱালি লৈছে।

"আমি যিয়ে নকৰো কিয় সেয়া দৰ্শকৰ বাবে কৰিম"- হৰ্ষ সিদ্ধান্ত 2


আমি আগলৈও এয়াই চেষ্টা কৰিম যাতে আমি যিয়ে নকৰো কিয় সেয়া দৰ্শকৰ বাবে কৰিম। কেৱল ছবি সমালোচকৰ দ্বাৰা প্ৰশংসা লাভ কৰা লগতে ছবি সমাৰোহ সমূহত বঁটা লাভ কৰাই আচলতে আমাৰ লক্ষ্য-উদ্দেশ্য নহয়। সৰুকৈ হ’লেও এতিয়াৰ দৰ্শকে অসমত হোৱা এনেবোৰ সলনি আৰু এনেবোৰ কামক আঁকোৱালি লৈছে গতিকে আমি যদি সমগ্ৰ ভাৰতবৰ্ষতে অসমত এনেবোৰ কাৰিকৰী, অভিনয়ৰ দিশৰ পৰা হোৱা ভাল কামবোৰক উপস্থাপন কৰিব পাৰো তেতিয়াহ’লে তাতকৈ অধিক আৰু ভাল লগা কথা কি হ’ব পাৰে! আগলৈও দৰ্শকৰ এনে সঁহাৰিয়ে আমি আশা কৰিছো।” হৰ্ষ সিদ্ধান্তৰ পৰা তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে,

"আমি যিয়ে নকৰো কিয় সেয়া দৰ্শকৰ বাবে কৰিম"- হৰ্ষ সিদ্ধান্ত 3

“বৰ্তমান মই মুম্বাইস্থিত এখন কলেজত চিনেমাৰ দিশটোত মাষ্টাৰচ কৰি আছো। এই দিশটোত মই মোৰ শিক্ষাটো সম্পূৰ্ণ কৰিব খুজিছো আৰু অহা বছৰত আচলতে মোৰ আনুষ্ঠানিক শিক্ষাৰ শেষৰটো বৰ্ষ। ইয়াৰ লগতে, ভাস্কৰ হাজৰিকা ছাৰৰ সৈতে মোৰ কেইবাটাও প্ৰকল্পৰ কথা চলি আছে আৰু সমুজ্জল ছাৰৰ সৈতেও কিছু কাম অব্যাহত আছে। গতিকে আহিবলগীয়া সময়ত ৰাইজৰ মাজলৈ কিছু সুন্দৰ কাম লৈ অনাৰ চেষ্টা কৰিছো। অৱশেষত, ৰূপালীপৰ্দা পেজটোৰ ফালৰ পৰাই মই আমাৰ Arranged ৰ সমূহ কলা-কুশলী লগতে সদস্যক ধন্যবাদ জ্ঞাপন কৰিছো।”

]]>
https://rupaliparda.com/archives/21635/feed 0 21635
“Arranged” য়ে কৰিলে বহুল দৰ্শকক এৰেঞ্জঃ সুন্দৰ পৰিচালনা; উপভোগ্য অভিনয়ৰে গ্ৰহণযোগ্য “Arranged”! https://rupaliparda.com/archives/21294 https://rupaliparda.com/archives/21294#respond Wed, 21 Oct 2020 08:30:22 +0000 https://rupaliparda.com/?p=21294 বিবাহ; জীৱনৰ আটাইবোৰ সম্পৰ্কতকৈ মধুৰ আৰু দায়িত্বশীল সম্পৰ্কৰ মাজৰ এটা হৈছে “বিবাহ”। য’ত দুইজন ব্যক্তিয়ে নিজৰ কিছু বস্তু বা প্ৰয়োজনীয়তা এৰা-ধৰাকৈ সম্পূৰ্ণ কৰি অইন জনৰ মুখত হাঁহি বিৰিঙাবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখে। “লভ মেৰেজ” আৰু “এৰেঞ্জ মেৰেজ”; এই দুইটা শব্দৰ মাজত ভিন্নতা থাকিলেও প্ৰেম আৰু আৱেগ অথবা ইজনৰ আনজনৰ প্ৰতি থকা আন্তৰিকতাবোৰ দুইটাতে আছে। সেইবাবেই হয়টো বহুতেই কোৱা শুনো যে, “বিয়াৰ লাৰু খালেও বেয়া আৰু নাখালেও বেয়া”। চলিত বৰ্ষত মহামাৰীয়ে সৃষ্টি কৰা ত্ৰাস আৰু “লক-ডাউন” ৰ ফলত বহু ফাট মেলা বৈবাহিক সম্পৰ্কত আশাৰ সঞ্চাৰ বৈছিল আৰু পূৰ্বতকৈ অধিক ই সুন্দৰ হৈ পৰিছিল। এনে কাহিনীক কেন্দ্ৰ কৰি কিছু চুটি ছবিৰ আমি নিৰ্মাণ দেখিবলৈ পাইছিলো। কিন্তু শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “Arranged” শীৰ্ষক চুটি ছবিখনত দৰ্শকে লাভ কৰিছে এক নতুনত্ব তথা সম্পৰ্কৰ গভীৰতা সমূহৰ এক সুন্দৰ সোঁৱাদ। চুটি ছবিখনৰ পৰিচালনাৰ লগতে ইয়াৰ কাহিনীয়ে যেন দৰ্শকক বাৰুকৈয়ে চুই গৈছিল; যাৰ ফলত ই মুক্তিৰ পিছতেই দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছিল।


“লক-ডাউন” এতিয়াৰ সৃষ্টি সমূহৰ বিষয়বস্তু ৰূপে পৰিগণিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছ। “লক-ডাউন” য়ে পেলোৱা ধনাত্মক-ঋণাত্মক প্ৰভাৱবোৰক কেন্দ্ৰ কৰি নিৰ্মাণ হ’বলগীয়া সৃষ্টি সমূহে আগন্তুক সময়তো এনেদৰেই দৰ্শকৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈ পৰিব। KC Digital Films নামে অনলাইন প্লেটফৰ্মত মুক্তি লাভ কৰা উক্ত চুটি ছবিখনত অভিনীত লিমা দাস আৰু ৰঞ্জীৱ লাল বৰুৱাৰ অভিনয়ৰ চৰ্চা বৰ্তমান সৰ্বত্ৰে; চুটি ছবিখন দৰ্শকক হৃদয়ংগম কৰোৱাৰ ক্ষেত্ৰত এওঁলোকে কৰা প্ৰচেষ্টা প্ৰশংসনীয়। উক্ত চুটি ছবিখনৰ কাহিনীভাগ লিখাৰ লগতে ইয়াৰ আন এক চৰিত্ৰত অভিনয়ো কৰিছে হৰ্ষ সিদ্ধান্তই; হৰ্ষ সিদ্ধান্তৰ চৰিত্ৰটোৱে চুটি ছবিখন আৰু অধিক উপভোগ্য কৰি তোলাত সফল হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ২২ মিনিট দৈৰ্ঘ্যৰ চুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত থকা সমুজ্জল কাশ্যপৰ পৰিচালনাৰ দিশটো যে সঁচাকৈ মজবুত সেয়া একাষাৰেই কৈ দিব পৰা যায়।

"Arranged" য়ে কৰিলে বহুল দৰ্শকক এৰেঞ্জঃ সুন্দৰ পৰিচালনা; উপভোগ্য অভিনয়ৰে গ্ৰহণযোগ্য "Arranged"! 4


চুটি ছবিখনত সংগীত কৰিছে ৰূপম ভূঞা আৰু ৰাকেশ বড়োই; নগেন বৈশ্যৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সম্পাদনা কৰিছে গৌতম মজুমদাৰে। প্ৰডাকচন মেনেজাৰ ৰূপম ৰিয়ান ডেকা, ফাইনেল মিক্সিং কৰিছে বুলগানীন বৰুৱা আৰু লোকেশ্বন চাউণ্ড ৰেকৰ্ডিং কৰিছে ৰুক্মজিৎ বৰুৱাই। “লক-ডাউন” ৰ বিষয়বস্তুৰে নিৰ্মিত একোটা সৃষ্টিৰ মাজত গ্ৰহণযোগ্য “Arranged”।

]]>
https://rupaliparda.com/archives/21294/feed 0 21294