ArupjyotI Baruah – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 07 Apr 2021 03:50:47 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 ArupjyotI Baruah – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট! কাক দিছিল ভোট? শুনক Cultivators ৰ “বিচাৰৰ শেষ ৰাতি”- https://rupaliparda.com/archives/25305 https://rupaliparda.com/archives/25305#respond Thu, 08 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25305 তৃতীয়টো পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ শেষৰটো পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ক্ষমতাসম্পন্ন প্ৰভাৱশালী নেতাৰ সমান্তৰালকৈ সাধাৰণজনে প্ৰত্যেকটো ৰাজনৈতিক দলকে বিগত দিনকেইটাত পুংখানুপুংখভাৱে পৰীক্ষা কৰিবলৈ সক্ষম হৈছে। অসমখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অথবা নিজ জাতিটোৰ হিত হোৱাৰ স্বাৰ্থত প্ৰতিজন বিবেকবান ৰাইজে প্ৰদান কৰিছিল নিজৰ বহুমূলীয়া ভোট। নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতেই এইবাৰ মনোৰঞ্জন ক্ষেত্ৰখনত সন্নিৱিষ্ট শিল্পী, কলা-কুশলীয়ে নিৰ্বাচন কেন্দ্ৰিক কেইবাটাও প্ৰকল্পৰ সৃষ্টি কৰি উলিয়াইছিল; যি প্ৰকল্পৰ দ্বাৰা সৰুকৈ হ’লেও এটা ৰাজনৈতিক বাৰ্তা দিবলৈ চেষ্টা কৰিছিল তেওঁলোকে। আমি জনগণৰ কোনেও কাঢ়ি নিব নোৱাৰা এক অস্ত্ৰ হৈছে ভোটাধিকাৰ; কোনো অইন সা-সম্পত্তিৰে পৰিপূৰ্ণ নহ’লেও একোজন জনসাধাৰণৰ লগত থকা ভোটৰ অধিকাৰে তেওঁক এগৰাকী সচেতন নাগৰিক হিচাপে চিনাকী কৰোৱায়। নিৰ্বাচনক লৈ সৃষ্টি হোৱা একাংশ প্ৰকল্পৰ মাজৰে এটি উল্লেখনীয় প্ৰকল্প হৈছে Cultivators ৰ দ্বাৰা মুক্তিপ্ৰাপ্ত গীত “বিচাৰৰ শেষ ৰাতি।” গীতটি সন্দৰ্ভত তেওঁলোকে কয় যে, “মানুহৰ উৰ্ধত সমাজ। সমাজেই ৰাজনীতিৰ দিশ নিৰ্ণয় কৰে। দুৰ্নীতি আৰু আদৰ্শহীন ৰাজনীতিত গণতন্ত্ৰই কক্ষচ্যুৎ হয় বুলি শংকা হয়। এই ভীতি অথবা বিভ্ৰান্তি দূৰ কৰি, গণতন্ত্ৰৰ সমতা আৰু ক্ষমতা অক্ষুণ্ণ ৰখাৰ বাবে আমি জনগনৰ আছে এক আমোঘ অস্ত্ৰ- ‘ভোটাধিকাৰ’। যাক শাসক-শোষক, বণিক-বিৰোধী কোনোৱেই প্ৰলোভনেৰে কিনিব নোৱাৰে, যাক বিক্ৰী কৰাতো নৈতিকতা নাথাকে। যাতে বিচাৰ আৰু বিবেচনাৰে, চিন্তাৰে, দূৰদৰ্শিতাৰে সমাজত একোজন সৎ আৰু দক্ষ জন-প্ৰতিনিধি নিৰ্বাচিত কৰা হয়, সেয়া গুৰুত্বপূৰ্ণ কথা।


ৰাজনীতিৰ পৰিবৰ্তন আৰু পৰিব্যপ্তিত জাতি আৰু ভাষাৰ অস্তিত্বলৈ প্ৰত্যাহ্বান নামি আহিছে, এয়াও চিন্তনীয়। সেয়েহে জাতীয়তাবাদী আবেগকো নাঃ ক’ব নোৱাৰোঁ।” গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ কৰিছে অৰূপ জ্যোতি বৰুৱাই; গীতটিত কথা মৃণাল পি জ্যোতিৰ আৰু সংগীত প্ৰযোজনা, গীতাৰৰ দায়িত্বত আছে ইশানু। বাঁহী ভাস্কৰ জ্যোতি কলিতাৰ লগতে শব্দ-সংমিশ্ৰণ ভাস্কৰ শৰ্মাৰ। Cultivators ৰ এগৰাকী সদস্য অৰূপ জ্যোতি বৰুৱাৰ এই সংগীত ক্ষেত্ৰখনত অৱদান সমূহৰ বিষয়ে আকৌ এবাৰ নতুনকৈ আপোনালোকক জনোৱাৰ হয়টো নিশ্চয় প্ৰয়োজন নাই। “সংগ নহ’লে সংগীত নহয়” বুলি থকা কথাষাৰৰ ওপৰতেই বিশ্বাস কৰিয়েই অৰূপ জ্যোতি বৰুৱাই আন কেইবাগৰাকীও উদীয়মান শিল্পীক লগত লৈ “Cultivators” নামে বেণ্ডৰ গঠন কৰি কামসমূহ আৰম্ভ কৰিবলৈ লৈছিল। থলুৱা সংগীতৰ সৈতে ইলেক্ট্ৰনিক সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত থকা অৰূপ জ্যোতি বৰুৱাৰ পাৰদৰ্শিতাই আচলতে গীত সমূহ আৰু অধিক উপভোগ্য কৰি তোলে।

বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট! কাক দিছিল ভোট? শুনক Cultivators ৰ "বিচাৰৰ শেষ ৰাতি"- 1


“Cultivators” ৰ এই জয়যাত্ৰা অব্যাহত থাকক। তেওঁলোকৰ প্ৰতিটো প্ৰকল্পৰ বাবে ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25305/feed 0 25305
অৰূপ জ্যোতি বৰুৱা আৰু পল্লৱ চাংঘৰৰ যুঁটীয়া প্ৰচেষ্টাৰে “সোণাৰ বৰণ পাঁখি”- https://rupaliparda.com/archives/24541 https://rupaliparda.com/archives/24541#respond Thu, 04 Mar 2021 10:30:43 +0000 https://rupaliparda.com/?p=24541 নৱপ্ৰজন্মৰ সৃষ্টি সমূহে জনসাধাৰণক ইমানেই উৎসাহিত কৰিছে যে এতিয়া তেওঁলোকৰ আন আন সৃষ্টি সমূহৰ বাবে আমি অপেক্ষা কৰি ৰ’বলৈও সংকোচ নকৰো। মুঠতে, নতুন আৰু ব্যতিক্ৰমী সোঁৱাদ এটা আমি প্ৰতিটো প্ৰকল্পতেই বিচাৰিবলৈ লৈছো। আমি বিগত বৰ্ষৰ ৰাসৰ আগছোৱাত এটি প্ৰকল্প “ব্ৰজনন্দন” ৰ বিষয়ে আপোনালোকক জনাইছিলো; প্ৰকল্পটোৱে শ্ৰোতা- দৰ্শকক বহুল হাৰত আকৰ্ষণ কৰিবলৈও সক্ষম হৈছিল। যোৰহাটৰ প্ৰতিভাৱান যুৱক পল্লৱ চাংঘৰৰ বিষয়বস্তু আৰু পৰিচালনাৰে নিৰ্মিত এই প্ৰকল্পটোৰ পিছতেই তেওঁক লৈ জনসাধাৰণৰ ইচ্ছা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছিল। আনহাতে, Cultivators ৰ অৰূপ জ্যোতি বৰুৱাৰ এই সংগীত ক্ষেত্ৰখনত অৱদান সমূহৰ বিষয়ে আকৌ এবাৰ নতুনকৈ আপোনালোকক জনোৱাৰ হয়টো নিশ্চয় প্ৰয়োজন নাই। “সংগ নহ’লে সংগীত নহয়” বুলি থকা কথাষাৰৰ ওপৰতেই বিশ্বাস কৰিয়েই অৰূপ জ্যোতি বৰুৱাই আন কেইবাগৰাকীও উদীয়মান শিল্পীক লগত লৈ “Cultivators” নামে বেণ্ডৰ গঠন কৰি কামসমূহ আৰম্ভ কৰিবলৈ লৈছিল। থলুৱা সংগীতৰ সৈতে ইলেক্ট্ৰনিক সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত থকা অৰূপ জ্যোতি বৰুৱাৰ পাৰদৰ্শিতাই আচলতে গীত সমূহ আৰু অধিক উপভোগ্য কৰি তোলে।

অৰূপ জ্যোতি বৰুৱা আৰু পল্লৱ চাংঘৰৰ যুঁটীয়া প্ৰচেষ্টাৰে "সোণাৰ বৰণ পাঁখি"- 2
অৰূপ জ্যোতি বৰুৱা আৰু পল্লৱ চাংঘৰৰ যুঁটীয়া প্ৰচেষ্টাৰে "সোণাৰ বৰণ পাঁখি"- 3


এইখিনিতে, আপোনালোকৰ বাবে লৈ আনিছো এক সুখবৰ। অৰূপ জ্যোতি বৰুৱা আৰু পল্লৱ চাংঘৰৰ যুঁটীয়া প্ৰচেষ্টা তথা কন্ঠৰে আহিবলগীয়া সময়ত মুক্তি লাভ কৰিব এটি গীত “সোণাৰ বৰণ পাখি”। বাউল আৰু কামৰূপীয়া লোকসংগীতৰো কিছু সোঁৱাদ উক্ত গীতটিৰ যোগেৰেই শ্ৰোতা দৰ্শকক দিয়াৰ চেষ্টা কৰিব অৰূপ জ্যোতি বৰুৱাৰ লগতে পল্লৱ চাংঘৰ। ৰূপালীপৰ্দাৰ প্ৰশ্নৰ উত্তৰত এবাৰ পল্লৱে নিজেও কৈছিল যে “লোকগীত বা পূৰণি যিসমূহ থলুৱা গীতৰ ধাৰা আছে এইবোৰ আমিয়ে ধৰি ৰাখিব লাগিব; আমি ইয়াৰ বিষয়ে উত্তৰপ্ৰজন্মক বুজাব লাগিব।” গতিকে, এনেক্ষেত্ৰত উক্ত দুয়োগৰাকীৰ প্ৰচেষ্টাই জনসাধাৰণক যে আকৰ্ষণত সক্ষম হ’ব সেয়া হয়টো একাষাৰে কৈ দিলেও অতিৰঞ্জিত নহ’ব। “সোণাৰ বৰণ পাখি” শীৰ্ষক এই গীতটিৰ কাম সমূহ চলি আছে ষ্টুডিঅ’ মেলডিত। আনহাতে, গীতটিত সংগীত আৰু শব্দ-সংমিশ্ৰণ ঋতুপৰ্ণ বৰাৰ, বাঁহী বজাইছে ৰক্তিমে লগতে কী-বোৰ্ড চন্দনৰ।

অৰূপ জ্যোতি বৰুৱা আৰু পল্লৱ চাংঘৰৰ যুঁটীয়া প্ৰচেষ্টাৰে "সোণাৰ বৰণ পাঁখি"- 4


অতিশীঘ্ৰে এই গীতটিৰ বাবে মুক্তিৰ বাবে সাজু হৈছে দুয়োগৰাকী কন্ঠশিল্পী। ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁলোক প্ৰত্যেককে জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/24541/feed 0 24541
নৱপ্ৰজন্মক লৈ নিৰ্মিত গীত “নিচা গৰল সমান” ক সমাদৰঃ https://rupaliparda.com/archives/23720 https://rupaliparda.com/archives/23720#respond Mon, 25 Jan 2021 10:30:42 +0000 https://rupaliparda.com/?p=23720 নৱপ্ৰজন্মই বহুত ভাল কাম কৰি আছে; আচলতে সম্প্ৰতি প্ৰত্যেকখন ক্ষেত্ৰতে নৱপ্ৰজন্মৰ প্ৰতিভা নুই কৰিব নোৱাৰি। কিন্তু এয়াও সত্য যে, একাংশ নৱপ্ৰজন্ম গুটখা জাতীয় বস্তুৰ সেৱন কৰি ইমানেই অধিক ধ্বংসৰ গৰাললৈ নামিছে যে তাৰ পৰা তেওঁলোকক উলিয়াই অনাটোও একপ্ৰকাৰ প্ৰশ্ন হৈ পৰিছে। আমি প্ৰায়ে সংবাদ মাধ্যমত দেখো অথবা সংবাদ পত্ৰযোগে পঢ়ো যে অনাগত দিনত অতিশীঘ্ৰেই দোকান সমূহৰ পৰা গুটখা, পান অথবা ভিন্ন নিচা জাতীয় পণ্যৰ বিক্ৰী বন্ধ হ’ব। কিন্তু পিছলৈ গৈ এই আটাইবোৰ হয় পৰে ফুটুকাৰ ফেন। নৱপ্ৰজন্মৰ এনে এক বিষয়ক লৈ শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি গীত “নিচা গৰল সমান”। গীতটিক লিখিছে এগৰাকী অধিবক্তাই; তেওঁৰ নাম হৈছে বিনোদ পাঠক। ১৯৭৯ চনৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতপ্ৰাপ্ত গীতিকাৰ আছিল বিনোদ পাঠক। গীতটিয়ে মুক্তিৰ পিছতেই ভিন্ন জন শ্ৰোতা-দৰ্শকে সঁহাৰি জনাইছে। একোজন নৱপ্ৰজন্মৰ “নিচা”ৰ অভ্যাসে প্ৰতিটো মিনিটত তেওঁক ধ্বংস কৰাৰ লগতে তেওঁৰ পৰিয়াল তথা তেওঁৰ আহিবলগীয়া সময়কো ধবংসৰ কুঁৱালৈ ঠেলি পঠিয়ায়।


এইখিনিতে, এটা কথা ক’বই লাগিব যে; অৰূপজ্যোতি বৰুৱাৰ কন্ঠ তথা প্ৰতিটো গীতৰ সৃষ্টিত আছে নতুনত্ব। তেওঁৰ প্ৰতিটো গীতত এনে এক বিশেষ গুণ দেখা যায় যাৰ দ্বাৰা তেওঁ আকৰ্ষণ কৰিবলৈ সক্ষম হয় অনুৰাগীক। গীতটিত সংগীত বাবন বৰ্ণিলৰ আৰু ইয়াত সুৰ দিছে বিদ্যুৎ বিকাশৰ লগতে বিনোদ পাঠকে নিজেই। RedAv ষ্টুডিঅ’ত গীতটিৰ শব্দ-সংমিশ্ৰণ কৰিছে পিংকু দাসে; বাঁহী প্ৰদীপ ডেকাৰ আৰু থলুৱা বাদ্যযন্ত্ৰীৰ দায়িত্বত আছে বৰুণ দাস। গীতাৰ বজাইছে তপন দাসে। গীতটিত এটি সঁচা বিষয়ৰ উপস্থাপন আৰু উপভোগ্য কন্ঠই “নিচা গৰল সমান” ক অধিক গ্ৰহণযোগ্য কৰি তুলিছে।

নৱপ্ৰজন্মক লৈ নিৰ্মিত গীত "নিচা গৰল সমান" ক সমাদৰঃ 5


আমি প্ৰায়ে নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা এক অন্যতম কাৰণ ৰূপে দেখিবলৈ পাওঁ নিচাক আৰু এনেধৰণৰ খবৰে প্ৰায় প্ৰতিজন সচেতন নাগৰিককেই হতাশ কৰি তোলে। উক্ত গীতটিৰ জৰিয়তে এটি ধনাত্মক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছে সকলোৱে।

]]>
https://rupaliparda.com/archives/23720/feed 0 23720
Cultivators সংগীত গোষ্ঠীৰ ড° ভূপেন হাজৰিকালৈ জ্ঞাপন শ্ৰদ্ধাঞ্জলিঃ https://rupaliparda.com/archives/21765 https://rupaliparda.com/archives/21765#respond Fri, 06 Nov 2020 10:30:59 +0000 https://rupaliparda.com/?p=21765 অসমীয়া সংগীত ক্ষেত্ৰখনত বহু নতুনৰ সৃষ্টি আমি দেখিছো; কিন্তু এই নতুনে কৰা নতুন সৃষ্টি সমূহত সদায় প্ৰেৰণা হৈ উজ্বলি আছে বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকা। একতা আৰু সমন্বয়ৰ বাৰ্তা কঢ়িওৱা এই গৰাকী শিল্পীক সুঁৱৰি Cultivators গোষ্ঠীয়ে নিৰ্মাণ কৰিছে “অগ্নিযুগৰ ফিৰিঙতি” শীৰ্ষক গীতটিৰ নতুন সংস্কৰণ। ড° ভূপেন হাজৰিকাৰ কন্ঠৰে নিৰ্মিত এই গীতটিৰ নতুন সংস্কৰটোক বৰ্তমান পচন্দও কৰিছে আচলতে প্ৰতিগৰাকী সংগীত প্ৰেমী শ্ৰোতাই। উক্ত সংগীত গোষ্ঠীটোৰ ব্যতিক্ৰমীতাই হৈছে তেওঁলোকৰ গোটটোৰ বৈশিষ্ট্য। গতিকে, শেহতীয়াকৈ তেওঁলোকৰ দ্বাৰা মুক্তিপ্ৰাপ্ত এই গীতটিয়ে চৰ্চা লাভ কৰিছে সচেতন মহলত। ড° ভূপেন হাজৰিকা এনে এগৰাকী শিল্পী যাৰ স্থান সহজে পূৰণ কৰাটো সাধাৰণ শিল্পী সাহিত্যিকৰ কল্পনাৰ অতীত। ড° ভূপেন হাজৰিকা বৰ্তমান আমাৰ মাজত নাই যদিও অসমীয়া মানুহৰ হৃদয়, মন, সত্তাত আৰু জাতীয় ইতিহাসত চিৰদিন প্ৰবাহিত হৈ থাকিব। তেওঁৰ দ্বাৰা সৃষ্টি হোৱা যিকোনো বস্তুত যেতিয়া বৰ্তমানৰ প্ৰজন্মই নিজৰ প্ৰতিভা অংকুৰিত কৰে তেতিয়া তাতোকৈ অধিক ভাল লগা বিষয় আৰু একোৱে হ’ব নোৱাৰে।


সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিৰ নতুন সংস্কৰণটোত কন্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই লগতে ইয়াত সংগীত ব্যৱস্থাপনা কৰিছে অৰ্ণৱ বশিষ্ঠ আৰু ইশানুয়ে। গীতাৰ আৰু শব্দ সংমিশ্ৰণ ইশানুৰ লগতে গীতটিৰ ভিডিঅ’ পৰিচালনা চিন্ময় দত্তৰ। দৃশ্যগ্ৰহণ চিৰঞ্জিৎ ৰামচিয়াৰী আৰু চিন্ময় কলিতাৰ। আনহাতে, সম্পাদনা আৰু কলা নিৰ্দেশনা উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্যৰ। ড° ভূপেন হাজৰিকাৰ নৱতম মৃত্যুবাৰ্ষিকীত বিশ্ববিশ্ৰুত এইগৰাকী শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ মানসেৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল এই গীতটি। “সংগ নহ’লে সংগীত নহয়” শীৰ্ষক এটি সুন্দৰ সংজ্ঞাৰে আগবঢ়া Cultivators সংগীত গোষ্ঠীটোৰ প্ৰতিটো গীতেই জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়।

Cultivators সংগীত গোষ্ঠীৰ ড° ভূপেন হাজৰিকালৈ জ্ঞাপন শ্ৰদ্ধাঞ্জলিঃ 6


আনহাতে, থলুৱা সংগীতৰ সৈতে ইলেক্ট্ৰনিক সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত থকা অৰূপ জ্যোতি বৰুৱাৰ পাৰদৰ্শিতাই আচলতে গীত সমূহ আৰু অধিক উপভোগ্য কৰি তোলে।

]]>
https://rupaliparda.com/archives/21765/feed 0 21765
মিনিমি আৰু Cultivators ৰ নতুন সৃষ্টি “মোৰ দেশ” ৰ জনপ্ৰিয়তাঃ https://rupaliparda.com/archives/20905 https://rupaliparda.com/archives/20905#respond Wed, 07 Oct 2020 10:30:03 +0000 https://rupaliparda.com/?p=20905 অসমীয়া দুই জনপ্ৰিয় শিল্পী গোষ্ঠীক যেতিয়া একেটা গীতৰ সৈতে দেখিবলৈ পোৱা যায় তেতিয়া আচলতে মুক্তি লাভ কৰা সেই গীতটো আৰু অধিক গ্ৰহণযোগ্য হৈ পৰে। শেহতীয়াকৈ, অসমীয়া সংগীত প্ৰেমী শ্ৰোতাৰ কাষ চপা এটি গীতত ৰাইজৰ বহুল উৎসাহ পৰিলক্ষিত হৈছে। একোটা বিষয়বস্তুক কেন্দ্ৰ কৰি যেতিয়া নিৰ্দ্দিষ্ট গীতৰ সৃষ্টি হয় তেতিয়া তাক আকোঁৱালি লোৱাও দেখিবলৈ পোৱা যায়। “কালটিভেটৰচ” নামৰ জনপ্ৰিয় শিল্পী গোষ্ঠী আৰু জনপ্ৰিয় ৰেপাৰ “মিনিমি” ৰ সহযোগিতাত মুক্তি লাভ কৰা “মোৰ দেশ” শীৰ্ষক এই গীতটিয়ে ইতিমধ্যে লাভ কৰিছে জনপ্ৰিয়তা। ঝাৰখণ্ডত হোৱা মাওবাদী সংঘৰ্ষত প্ৰাণ আহুতি দিয়া অসম সন্তান কমাণ্ডো উৎপল ৰাভাৰ দেশৰ প্ৰতি থকা শ্ৰদ্ধা-ত্যাগক উদ্দেশ্যিয়ে এই গীতটিৰ নিৰ্মাণ কৰি উলিওৱা হৈছিল। গীতটিত কন্ঠ অৰূপ জ্যোতি বৰুৱাৰ লগতে মিনিমিৰ; পৰিচালনা অৰূপজ্যোতি বৰুৱাৰ আৰু গীতটিত কথা ৰাহুল জ্যোতি শৰ্মাৰ। সংগীত ব্যৱস্থাপনা ইশানু আৰু অৰ্ণৱ বশিষ্ঠৰ। লগতে, প্ৰগ্ৰেমিং আৰু প্ৰডাকচন ইশানুৰ।


গীতাৰ ইশানুৰ আৰু বাঁহী বজাইছে মন্তু দাসে; লগতে গীতটিত খোল-ভোৰতাল বজাইছে জিতুল দাসে। কালটিভেটৰচ আৰু মিনিমিৰ প্ৰতিটো গীতেই এখন বাস্তৱ ছবিক প্ৰতিফলিত কৰে; ২০১৬ চনৰ পৰা এই ৰেপ ক্ষেত্ৰখনত খোজ পেলোৱা মিনিমিৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “মই খেতিয়ক” শীৰ্ষক গীতটিয়েও লাভ কৰিছিল সফলতা। “সংগ নহ’লে সংগীত নহয়” বুলি থকা কথাষাৰৰ ওপৰতেই বিশ্বাস কৰিয়েই অৰূপ জ্যোতি বৰুৱাই আন কেইবাগৰাকীও উদীয়মান শিল্পীক লগত লৈ “Cultivators” নামে বেণ্ডৰ গঠন কৰি কামসমূহ আৰম্ভ কৰিবলৈ লৈছিল।

মিনিমি আৰু Cultivators ৰ নতুন সৃষ্টি "মোৰ দেশ" ৰ জনপ্ৰিয়তাঃ 7
মিনিমি আৰু Cultivators ৰ নতুন সৃষ্টি "মোৰ দেশ" ৰ জনপ্ৰিয়তাঃ 8


সামাজিক, ৰাজনৈতিক ক্ষেত্ৰখনৰ সম্প্ৰতি পৰিস্থিতিৰ বিভিন্ন ঘটনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা একোটা সংগীতে প্ৰায়ে জনসাধাৰণৰ ধ্যান আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। থলুৱা সংগীতৰ সৈতে ইলেক্ট্ৰনিক সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত থকা অৰূপ জ্যোতি বৰুৱাৰ পাৰদৰ্শিতাই আচলতে গীত সমূহ আৰু অধিক উপভোগ্য কৰি তোলে।

]]>
https://rupaliparda.com/archives/20905/feed 0 20905
“বন্দী” য়ে লগাইছে খলকনিঃ অৰূপজ্যোতি বৰুৱাৰ সৃষ্টিত আকৌ উৎফুল্লিত অনুৰাগী- https://rupaliparda.com/archives/15809 https://rupaliparda.com/archives/15809#respond Mon, 01 Jun 2020 08:30:17 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15809 কিছুদিন পূৰ্বে “বন্দী” শীৰ্ষক এটি গীতে খলকনিৰ সৃষ্টি কৰিছিল সচেতন মহলত। গীতটিত কন্ঠদান কৰা কন্ঠশিল্পী অৰূপজ্যোতি বৰুৱাৰ নামটোও চৰ্চা লাভ কৰিছিল একাংশৰ মুখত। পাঠশালাৰ বামাখাটা নামে এখন ঠাইত জন্মগ্ৰহণ কৰি সৰুৰ পৰাই পিতৃ জিতেন বৰুৱাৰ সানিধ্যত সংগীতৰ শিক্ষা গ্ৰহণ কৰা অৰূপজ্যোতি বৰুৱাই দ্বিতীয় শ্ৰেণীৰ পৰাই গুৰুজনাৰ বৰগীত সমূহ গাবলৈ আৰম্ভ কৰিছিল। নিজ গাওঁতেই হোৱা বিভিন্ন লোক-সংস্কৃতিৰ কামত জড়িত হৈ থকা অৰূপজ্যোতি বৰুৱা ২০০৬ চনত গুৱাহাটীলৈ আহি কেৱল মাত্ৰ সংগীতত কন্ঠদান কৰাই নহয় বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও জড়িত হৈ পৰে সংগীত পৰিচালনাৰ কামত। নিজ গাওঁতেই ৰূপেন কলিতা নামে এগৰাকী শিক্ষাগুৰুৰ পৰা শাস্ত্ৰীয় গীতৰ শিক্ষা গ্ৰহণ কৰা উক্ত শিল্পীগৰাকীয়ে পৰৱৰ্তী সময়ত প্ৰজ্ঞান বৰুৱা তথা বিদ্যুৎ মিশ্ৰৰ পৰাও শাস্ত্ৰীয় সংগীতৰ জ্ঞান অৰ্জন কৰে। অৰূপজ্যোতি বৰুৱাৰ প্ৰথম খন এলবাম আছিল ২০১১ চনত মুক্তিপ্ৰাপ্ত “কাঞ্চনজংঘা”। ২০১১ চনৰ পৰা ২০১৬ চনলৈ প্ৰায়ে থিয়েটাৰ আৰু অসমীয়া ছবি ক্ষেত্ৰৰ সৈতে জড়িত হৈ থাকে কন্ঠশিল্পী অৰূপজ্যোতি বৰুৱা।


“যাযাবৰ”, “ছাকিৰা আহিব বকুলতলৰ বিহুলৈ” আদি ছবিত কৰা অৰূপজ্যোতি বৰুৱাৰ কামে বহুল প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছিল। “সংগ নহ’লে সংগীত নহয়” বুুলি থকা কথাষাৰৰ ওপৰতেই বিশ্বাস কৰি তেওঁ Cultivators নামে এটি ব্ৰেণ্ড মুকলি কৰি তাত কেইবাজনো উদীয়মান শিল্পীক লগ লৈ অৰূপজ্যাতি বৰুৱাই কামসমূহ আৰম্ভ কৰিবলৈ ল’লে। সদ্যমুক্তিপ্ৰাপ্ত “বন্দী” উক্ত ব্ৰেণ্ডটোৰেই এক অন্যতম নিবেদন। উল্লেখ্য যে, অৰূপজ্যোতি বৰুৱাই “ত্ৰিপলিং-২” শীৰ্ষক ৱেব চিৰিজখনৰো এটি গীতত কন্ঠদান কৰিবলৈ সুবিধা লাভ কৰিছিল।

"বন্দী" য়ে লগাইছে খলকনিঃ অৰূপজ্যোতি বৰুৱাৰ সৃষ্টিত আকৌ উৎফুল্লিত অনুৰাগী- 9
"বন্দী" য়ে লগাইছে খলকনিঃ অৰূপজ্যোতি বৰুৱাৰ সৃষ্টিত আকৌ উৎফুল্লিত অনুৰাগী- 10


“বন্দী” শীৰ্ষক গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ আৰু গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াৰ পৰিচালনা অৰূপজ্যোতি বৰুৱাৰ। সংগীত প্ৰযোজনা ও গীতাৰৰ দায়িত্বত আছিল ইশানু লগতে গীতৰ শব্দ সংমিশ্ৰণ ভাস্কৰ শৰ্মাৰ (Euphony Studio, Mumbai) আৰু ইয়াৰ সম্পাদনা উপামান্যু দাসৰ। “বন্দী” ৰ ভিডিঅ’ পৰিচালনা ও দৃশ্যগ্ৰহণ উপামান্যু দাসৰ আৰু ইয়াত তেওঁক সহায় কৰিছে প্ৰাচুৰ্য্য দেৱ চৌধুৰীয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাৎ “লক-ডাউন” ৰ ঘোষণা কৰাৰ পিছতেই আৱদ্ধ হৈ পৰে অৰূপজ্যোতি বৰুৱাৰ লগতে Cultivators ৰ অন্যতম সদস্য দিগন্ত ৰয়। দুয়োগৰাকী শিল্পী আৱদ্ধ হৈ থকা সময়ছোৱাত কৰা বিভিন্ন চিন্তা-ধাৰাৰ মাজেৰেই সৃষ্টি কৰা হ’ল গীত “বন্দী”।

]]>
https://rupaliparda.com/archives/15809/feed 0 15809