Assamese Actor – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 26 Aug 2021 05:27:50 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Assamese Actor – Rupaliparda.com https://rupaliparda.com 32 32 163073109 নতুন ধাৰাবাহিকত সুনীতা কৌশিক আৰু উৎপল দাসৰ যুটিঃ https://rupaliparda.com/archives/28166 https://rupaliparda.com/archives/28166#respond Fri, 27 Aug 2021 11:30:00 +0000 https://rupaliparda.com/?p=28166 বহুদিনৰ বিৰতিৰ অন্তত আকৌ এবাৰ স্ক্ৰীণত একেলগে দেখিবলৈ পোৱা যান সুনীতা কৌশিক আৰু উৎপল দাসক। “অনুৰাধা” ধাৰাবাহিকখনত দুয়োগৰাকীৰ যুঁটিয়ে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ আন কেইবাবাৰো মিউজিক ভিডিঅ’ত একেলগেই দেখিবলৈ পোৱা গৈছিল উক্ত যুটিটোক। কিন্তু বিগত বহু দিনৰ অন্তৰ আন এক নতুন প্ৰকল্পৰ সৈতে দুই অভিনেতা-অভিনেত্ৰী আহি আছে আপোনালোকৰ মাজলৈ। শেহতীয়াকৈ উক্ত দুয়োগৰাকীৰ অভিনয়েৰে আহিবলৈ সাজু হৈছে এখন নতুন ধাৰাবাহিক “ৰজনীগন্ধা”। ৰং চেনেল যোগে সম্প্ৰচাৰ লাভ কৰিব এই ধাৰাবাহিকখনে, তেওঁলোক দুয়োকে একেলগে দেখিবলৈ পোৱা যাব বুলি শুনিবলৈ পাইয়ে ইতিমধ্যে তেওঁলোকৰ অনুৰাগী উৎসাহী হোৱা পৰিলক্ষিত হৈছে। চচিয়েল মিডিয়াত সুনীতা কৌশিক লগতে উৎপল দাস দুয়োগৰাকীয়ে প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা যায়। উৎপল দাসে একোখন ফটোৰ সৈতে একোটা কেপছনেৰে দৰ্শকৰ মাজত উৎসাহৰ সৃষ্টি কৰা দেখা যায়; আনহাতে সুনীতা কৌশিকৰ অভিনয়ৰ উপৰিও নৃত্যৰ ক্ষেত্ৰত থকা দখলে অভিনেত্ৰী গৰাকীক আৰু অধিক লোকক নিজ অনুৰাগী কৰি ৰখাত সক্ষম হয়।


অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা অভিনেত্ৰী সুনীতা কৌশিকে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। আনহাতে, উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে।

]]>
https://rupaliparda.com/archives/28166/feed 0 28166
কন্যাৰ বাবে শ্ৰেষ্ঠ পুৰুষ হিচাবে থিয় দিব অভিনেতা উদয়ন দুৱৰাইঃ https://rupaliparda.com/archives/27982 https://rupaliparda.com/archives/27982#respond Sat, 14 Aug 2021 10:30:00 +0000 https://rupaliparda.com/?p=27982 অমৃতা গগৈ, ৰাকেশ ৰিয়ানৰ সমান্তৰালকৈ এইবাৰ জীৱনৰ তৃতীয়খন ইনিংছত অৱতীৰ্ণ হৈছে অভিনেতা উদয়ন দুৱৰাই। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এগৰাকী খুবেই জনপ্ৰিয় অভিনেতা উদয়ন দুৱৰাই শেহতীয়াকৈ ইনষ্টাগ্ৰাম যোগে স্পষ্ট কৰিছে যে পিতৃত্বৰ সুখ প্ৰাপ্তিৰ পিছত কিমান সুখী তেওঁ। এগৰাকী কন্যা সন্তানৰ পিতৃ বৰ্তমান অভিনেতা গৰাকী, কন্যা গৰাকীৰ সৈতে ইনষ্টাগ্ৰাম যোগে এখন ফটো আপলোড কৰি শেহতীয়াকৈ অভিনেতা গৰাকী প্ৰতিজ্ঞাবদ্ধ হৈ যে অনাগত দিনত নিজ সন্তানৰ বাবে তেওঁ এগৰাকী শ্ৰেষ্ঠ পুৰুষ হিচাবে নিজক প্ৰমাণিত কৰিব। তেওঁলোকৰ সুখৰ সময়কণত বহুকেইগৰাকী অসমীয়া অভিনেতা- অভিনেত্ৰীয়ে শুভকামনাও জ্ঞাপন কৰিছে। অসমীয়া অভিনয় ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় অভিনেতা ৰূপে পৰিগণিত উদয়ন দুৱৰাৰ অনুৰাগীৰ শাৰীখন আচলতে যথেষ্ট দীঘলীয়া। তেওঁক বৰ্তমান পডকাষ্ট শ্ব “অযান্ত্ৰিক” ত নৱপ্ৰজন্মৰ পৰিচালক ৱঁৱেচিচ তালুকদাৰৰ সৈতে ঘোষক ৰূপে দেখিবলৈ পোৱা যায়। খুবেই জনপ্ৰিয় হৈ উঠা এই শ্ব’টোত বৰ্তমানলৈ ভালকেইজন প্ৰভাৱশালী ব্যক্তিৰ আগমন ঘটিছে। বিগত বৰ্ষত “UD Talks” নামে এক অনলাইন সাক্ষাৎকাৰ অনুষ্ঠানৰো পোষকতা কৰিছিল অভিনেতা গৰাকীয়ে। এই অনুষ্ঠানত অসমীয়াৰ লগতে কেতবোৰ হিন্দী অভিনেতা-অভিনেত্ৰীৰো সংযোগ ঘটা দেখিবলৈ পোৱা গৈছিল। গুৰু-গম্ভীৰ বিষয়ৰ পৰিৱৰ্তে কিছু কমেডী প্ৰশ্নৰেহে আৰম্ভ কৰা এই অনুষ্ঠানটো জনসাধাৰণক কিছু সময়ৰ মনোৰঞ্জন প্ৰদানৰ অৰ্থেই আৰম্ভ কৰা হৈছিল।


উল্লেখ্য যে, উদয়ন দুৱৰাক আহিবলগীয়া সময়ত এখন বহু প্ৰত্যাশিত ছবি “গুৱাহাটী ডায়েৰিজ” ত দেখিবলৈ পোৱা যাব। আনহাতে, তেওঁৰ জীৱনলৈ আহিবলগীয়া সন্তানটিৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে অভিনেতা গৰাকীৰ অনাগত দিনবোৰ সুখময় হওক ৰূপালীপৰ্দাৰ তৰফৰ পৰা তাৰেই আশা ৰাখিছোঁ।

]]>
https://rupaliparda.com/archives/27982/feed 0 27982
ৰবি শৰ্মাৰ দৰেই তেওঁৰ পুত্ৰ-কন্যা; “দৈহিক ফিটনেছ হৈছে অত্যন্ত জৰুৰী”- https://rupaliparda.com/archives/27956 https://rupaliparda.com/archives/27956#respond Fri, 13 Aug 2021 11:30:00 +0000 https://rupaliparda.com/?p=27956 অভিনেতা ৰবি শৰ্মা দৈহিক আৰু মানসিক ভাৱে যে ফিট সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। তেওঁ প্ৰায়ে নিজৰ ফিটনেছ অথবা সাম্প্ৰতিক সময়ত এগৰাকী ব্যক্তি দৈহিক ভাৱে সুস্থ হৈ থকাটো কিমান প্ৰয়োজনীয় সেই বিষয়ে বিভিন্ন চচিয়েল মিডিয়া আপডেটৰ জৰিয়তে তেওঁ জনাই থাকে। শেহতীয়াকৈ অভিনেতা গৰাকী পুনৰ এবাৰ নিজ ফিটনেছৰ ফটো আপলোড কৰে যদিও তাত ব্যতিক্ৰম পৰিলক্ষিত হয়। নিজ বাসগৃহত শৰীৰ চৰ্চা কৰি থকা ৰবি শৰ্মাৰ পুত্ৰ-কন্যাইও নিজ শৰীৰৰ প্ৰতি গুৰুত্ব প্ৰদানেৰে ব্যায়াম আৰু প্ৰাণায়ম কৰা দেখিবলৈ পোৱা যায়। ফটোকেইখনে চচিয়েল মিডিয়াত খলকনি লগোৱাৰ সমান্তৰালকৈ পোষ্টটোত কমেণ্টো দেখিবলৈ পোৱা গ’ল যথেষ্ট। অভিনেতা ৰবি শৰ্মাৰ সামাজিক বিষয়সমূহৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত নিজ মত সুন্দৰকৈ ব্যক্ত কৰা অভিনেতা ৰবি শৰ্মা সদায়েই চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। ২০০০ চনৰ পৰা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত খোজ পেলোৱা এই গৰাকী অভিনেতাই অসমীয়া দৰ্শকক প্ৰায় কেইবাখনো উল্লেখনীয় ছবিৰ উপহাৰ দিছে। অৱশ্যে, তেওঁৰ প্ৰথমখন ছবি “হিয়া দিয়া নিয়া” য়ে আছিল চুপাৰহিট ছবি। অসমীয়া ফিট অভিনেতাৰ মাজৰ এগৰাকী ৰবি শৰ্মাৰ অনুৰাগীৰ শাৰী দীঘলীয়া; তেওঁৰ প্ৰতিটো কথাই প্ৰশংসা পাবলৈও আচলতে সক্ষম হয়।

ৰবি শৰ্মাৰ দৰেই তেওঁৰ পুত্ৰ-কন্যা; "দৈহিক ফিটনেছ হৈছে অত্যন্ত জৰুৰী"- 1


কিছুদিন পূৰ্বে ডিজিটেল প্লেটফৰ্ম Niri9 যোগে মুক্তি লাভ কৰা Illegal নামে ৱেব চিৰিজখনটো দেখিবলৈ পোৱা গৈছিল এই অভিনেতা গৰাকীক। এক দমদাৰ লুকেৰে ৱেব চিৰিজখনক উপভোগ কৰিবলৈ বাধ্য কৰোৱাইছিল দৰ্শকক।

]]>
https://rupaliparda.com/archives/27956/feed 0 27956
“মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ”- অভিজিত নাথ https://rupaliparda.com/archives/27897 https://rupaliparda.com/archives/27897#respond Tue, 10 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=27897 সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত একোজন প্ৰতিভাই এটা পৰ্যায়লৈ নিজক তুলি নি এই ক্ষেত্ৰখনক কিবা এটা নতুন কৰাৰ ইচ্ছা মনত পুঁহি ৰাখে। দৃঢ়প্ৰতিজ্ঞা আৰু একাগ্ৰতাই বৰ্তমানৰ একাংশ নৱপ্ৰজন্মৰ মাজত দেখিবলৈ পোৱা যায়, তেওঁলোকে পেচাৰ সমানেই নিজৰ এই নিচাটোক লৈ ব্যস্ত হৈ থাকে। আমি প্ৰায়ে দেখিছোঁ যে, একোগৰাকী নৱপ্ৰজন্মই নিজ পিতৃ-মাতৃক দেখি শুনি অথবা তেওঁলোকৰ অনুপ্ৰেৰণাৰে এই মনোৰঞ্জন জগত খনৰ সৈতে সাঙুৰ খায়। অৰ্থাৎ, পিতৃ-মাতৃৰ লগতে এটা ঘৰুৱা সাংস্কৃতিক পৰিৱেশ অবিহনে একোজন নৱপ্ৰজন্মই কেতিয়াও সংস্কৃতিটোক হৃদয়ংগম কৰিব নোৱাৰিলেহেঁতেন। এই যুগ উন্নয়নৰ যুগ, বৰ্তমান সময়ছোৱাত কেৱল মাত্ৰ শিক্ষাগত অৰ্হতাৰে নহয়। একোজন নৱপ্ৰজন্মক সামাজিক,সাংস্কৃতিক তথা ৰাজনৈতিক আদি এই প্ৰতিটো বিষয়ত নিজৰ স্পষ্ট মতামত দাঙি ধৰা দেখিবলৈ পোৱা যায়। কিছুদিন পূৰ্বে “মঞ্চশিখা” ৰ দ্বাৰা আয়োজিত এখন নাট্য কৰ্মশালাৰ বিষয়ে আপোনালোকক জনাইছিলোঁ, এই কৰ্মশালা খনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত অভিজিত নাথৰ বিষয়ে ক’বলৈ যাওঁতে আপোনালোকে তেওঁক এগৰাকী অভিনেতা বুলিও জানিবলৈ পাৰিছিল। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁৰ অভিনয় জীৱনক লৈ পাতিছিলোঁ কিছু কথা। আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “জড়িত বুলিলে আচলতে একেবাৰে সৰুৰে পৰাই মনোৰঞ্জন বা সাংস্কৃতিক দিশটোক দেখি ডাঙৰ হৈছোঁ বুলি কব লাগিব।কাৰণ মোৰ ঘৰখনেই আচলতে সংস্কৃতিৰ লগত জড়িত এখন ঘৰ। মোৰ দেউতা শ্ৰী জিতেন কুমাৰ নাথ, নিজেও এজন ৰাসসংস্কৃতি তথা লোক সংস্কৃতিৰ লগত জড়িত ব্যক্তি। গতিকে, জন্মৰে পৰাই তেনে এটা পৰিৱেশ দেখি ডাঙৰ হৈছো। প্ৰসংগক্ৰমে ক’বলৈ ভাল পাম যে, মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলো আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত লাগি আছোঁ, শিকি আছোঁ।”

"মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ"- অভিজিত নাথ 2


এগৰাকী অভিনেতা হিচাবে তেওঁক কেনে চৰিত্ৰই আকৰ্ষণ কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “ধন্যবাদ, এই প্ৰশ্নটিৰ বাবে। নিজকে অভিনেতা বুলি ক’ব পৰাৰ ধৃষ্টতা মই নকৰো এতিয়াও। তথাপিও অভিনয় শিল্পৰ এজন অনুৰাগী হিচাবে এতিয়ালৈকে শিকাৰ আধাৰত আৰু অভিজ্ঞতাৰ আধাৰত ক’ব খোজো যে মই সকলো ধৰণৰ চৰিত্ৰকেই প্ৰাধান্য দিওঁ বা মোৰ ভাল লাগে। মোৰ বাবে যিকোনো চৰিত্ৰই আকৰ্ষণৰ বিষয়। প্ৰতিটো চৰিত্ৰৰে নিজা কিছুমান বৈশিষ্ট থাকে, তাক সঁচা অৰ্থত অনুধাৱন কৰি, নিৰীক্ষণ কৰি ,অধ্যয়ন কৰি আগবাঢ়িলেই সি এজন অভিনেতাকেই নহয় দৰ্শককো আকৰ্ষণ কৰাত সফল হ’ব।” এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “প্ৰকৃত শিল্পীৰ চিনাকী তেওঁৰ সাধনাত লুকাই থাকে। যিজনে নিজৰ শিল্পটোক লৈ অবিৰত সাধনা কৰিব পাৰে, নিজৰ শিল্পক প্ৰকৃত সন্মান জনাব পাৰে আৰু সেই শিল্পক সমাজ আৰু সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে , তেন্তে মই ভাবো তেওঁৱেই শিল্পী। অৱশ্যে, মোৰ ব্যক্তিগত মত এইয়া।” আগন্তুক পৰিকল্পনা বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “যিহেতু নাটক ভালপোৱা মানুহ, গতিকে নাটকক লৈয়ে এটা প্ৰচেষ্টা হাতত লোৱাৰ কথা ভাবি আছোঁ। “সেউজীয়া নাটক”/”green theatre” নামেৰে পৰীক্ষামূলক প্ৰকল্প এটিৰ কথা আলোচনা চলি আছে আমাৰ বন্ধুমহলৰ মাজত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জন্মলাভ কৰা ‘মঞ্চশিখা’ই ইয়াৰ আগভাগ ল’ব। লগতে , বিভিন্ন মাধ্যমত অভিনয় কৰাৰ আৰু ভালকৈ অভিনয় শিকাৰ সুযোগ বিচাৰি প্ৰয়াস চলি আছে আৰু চলিয়েই থাকিব । বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে অৱশ্যে পৰিকল্পনা কৰিবলৈ অসুবিধা যদিও, পৰিস্থিতিত খাপ খাই লৈ পৰিকল্পনাসমূহ বিশেষকৈ ‘সেউজীয়া নাটক’ সফল কৰাৰ পৰিকল্পনা চলি আছে।”

"মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ"- অভিজিত নাথ 3
"মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ"- অভিজিত নাথ 4


আগলৈ তেওঁ কয় যে, শেষত, rupaliparda.com ৰ ৰীমা দত্তক ধন্যবাদ জনাইছোঁ, আমাৰ দৰে নাটকৰ লগত, অভিনয়ৰ লগত লাগি থাকিবলৈ যত্ন কৰা এজন সাধাৰণ লোকক এইখিনি সুবিধা দি উৎসাহিত কৰাৰ বাবে। বৰ্তমান সময়ত উৎসাহ, প্ৰেৰণা আদি অতি প্ৰয়োজনীয় হৈ পৰিছে সকলো ধৰণৰ লোকৰ বাবে আশা কৰোঁ, ভাল দিনবোৰ সোনকালে ঘূৰি আহক।আকৌ দেশৰ বা বিদেশৰ সকলো মঞ্চতে নাটক হওক, সংগীত হওক, সংস্কৃতিৰ সাধনা হওক।”

]]>
https://rupaliparda.com/archives/27897/feed 0 27897
“আমি তেতিয়ালৈ কাৰোবাৰ গুৰুত্ব বুজি নাপাও, যেতিয়ালৈকে তেওঁ আমাৰ পৰা আঁতৰি নাযায়”- “The Radio Guy” https://rupaliparda.com/archives/27881 https://rupaliparda.com/archives/27881#respond Mon, 09 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=27881 “ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি”, যদিও এক ফঁকৰা-যোজনা তথাপিও ই বাস্তৱ জীৱনৰ সৈতে খাপ খোৱা। আমি ভাবি থকা কথাবোৰে কেতিয়াবা পূৰ্ণতা লাভ নকৰিবও পাৰে, এনে কথাবোৰে আমাক কেতিয়াবা হতাশাৰ মাজলৈ টানি নিয়ে। দায়িত্বই কেতিয়াবা আমাৰ সপোনবোৰৰ মাজত বাধা হৈ থিয় দিয়ে। কিন্তু তাৰ পিছতো একাংশই দৃঢ়প্ৰতিজ্ঞা আৰু একাগ্ৰতাৰে নিজ বাস্তৱ জীৱনত অহোপুৰুষাৰ্থ কৰে। প্ৰায় সংখ্যক লোকে আমাক আগবাঢ়ি যোৱাত সঁহাৰি জনায় লগতে সাহস দিয়ে। আমাৰ প্ৰত্যেকৰে জীৱনটো একোখন নাটকৰ দৰেই, য’ত পুৱাৰ প্ৰথমটো কিৰণত চুমুক দিয়েই নাটকৰ প্ৰথমটো দৰ্শনীৰ বাবে প্ৰস্তুত হ’ব লাগে। কেতিয়াবা হাঁহিয়েই ভাল নলগা কথাত হয়ভৰ দিবলগীয়া হয়। জীৱনটো খুব কঠিন অথচ ভাবিলে একোৱেই নাই। শেহতীয়াকৈ এই জীৱনটোৰেই কিছু ইতিবাচক-নেতিবাচক কথাসমূহক লৈ কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত মুক্তি লাভ কৰিছে এখন চুটি ছবি “The Radio Guy”। অসমীয়া জনপ্ৰিয় চুটি ছবিৰ তালিকাখনত এদিনতেই অন্তৰ্ভূক্তি লাভ কৰিবলৈ সক্ষম হৈছে এই চুটি ছবিখনেও, জনসাধাৰণক সংযোগ কৰিব পৰাকৈ একোখন চুটি ছবিক নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত কাদম্বৰী ক্ৰিয়েচনৰ নাম অন্যতম। অৱশ্যে, আমি এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে সদ্যমুক্তিপ্ৰাপ্ত এই চুটি ছবিখন তেওঁলোকৰ বিগত দিনত মুক্তিপ্ৰাপ্ত চুটি ছবি সমূহতকৈ কিছু ব্যতিক্ৰম আৰু নতুন। কিয়নো, “The Radio Guy” ত আছে জীৱনভিত্তিক সংগ্ৰাম, সপোন আৰু পৰৱৰ্তী সময়ৰ সফলতা।


“The Radio Guy” ৰ পৰিচালনাৰ দায়িত্বত আছে সকলোৰে চিনাকী তথা বৰ্তমানৰ মনোৰঞ্জন প্ৰেমী দৰ্শকৰ মাজত জনপ্ৰিয় সমুজ্জল কাশ্যপ। বিষয়বস্তু আৰু দৃশ্যগ্ৰহণ পৰিচালক গৰাকীৰ নিজৰেই। কাহিনীত টুইষ্ট আনি দৰ্শকক ধৰি ৰখাৰ এক বিশেষ গুণ পৰিচালক গৰাকীৰ সৃষ্টি সমূহৰ মাজত দেখিবলৈ পোৱা যায়। আনহাতে ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শশাংক সমীৰে। ৰেডিঅ’ কৰ্মকৰ্তাৰে কেৰিয়াৰ আৰম্ভ কৰা শশাংক বৰ্তমান সময়ৰ এগৰাকী অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ জনপ্ৰিয় তাৰকা, যি একাধাৰে গীতিকাৰ, অভিনেতা, গায়ক তথা এগৰাকী চিত্ৰকাৰ। তেওঁৰ সৈতে এই চুটি ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে ক্ৰমে বাদল সিনহা, হৰ্ষ সিদ্ধান্ত আৰু বহুল ভাৱে সমাদৃত অভিনেত্ৰী হীৰা নেওঁগ। বাদল সিনহা আৰু হৰ্ষ সিদ্ধান্ত চৰিত্ৰ দুটাই চুটি ছবিখনক ৰাইজৰ মাজত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। চিত্ৰনাট্য হৰ্ষ সিদ্ধান্তৰ। চুটি ছবিখনত সংযোজিত গীত “কৈ দিয়ানা” ত সংগীত কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ অসমক গৌৰৱান্বিত কৰা হৰজিৎ দিয়াজ। গীতটি লিখিছে শশাংক সমীৰে, ইয়াত কণ্ঠদান কৰিছে আন এগৰাকী জনপ্ৰিয় তাৰকা জয় বৰুৱাই। সম্পাদনা আৰু ৰং অম্বৰিশ বৰকটকীৰ।

"আমি তেতিয়ালৈ কাৰোবাৰ গুৰুত্ব বুজি নাপাও, যেতিয়ালৈকে তেওঁ আমাৰ পৰা আঁতৰি নাযায়"- "The Radio Guy" 5


ৰূপসজ্জা বিশ্ব কলিতাৰ লগতে ফাইনেল মিক্স, ডিজাইন নৱাৰুণ বৰাৰ। লোকেশ্বন চাউণ্ড য়শ শৰ্মাৰ। চুটি ছবিখনে ধনাত্মক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে দৰ্শকৰ মাজত। “The Radio Guy” ৰ বহুল সফলতা কামনা কৰাৰ লগতে ইয়াৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাত তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।

]]>
https://rupaliparda.com/archives/27881/feed 0 27881
ড্ৰাগছ আসক্ত নৱপ্ৰজন্ম আৰু প্ৰশাসন, মুক্তি লাভ কৰিছে “ক্লান্ত”- https://rupaliparda.com/archives/27836 https://rupaliparda.com/archives/27836#respond Sat, 07 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=27836 সম্প্ৰতি সময়ছোৱাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰব হৈছে অসম চৰকাৰ। তেনে পৰিপ্ৰেক্ষিতত, অসম আৰক্ষীয়েও সক্ৰিয় ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিগত কেইদিনত ঘটা কিছু অপ্ৰীতিকৰ ঘটনাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে জনসাধাৰণৰ মাজত। একাংশ সচেতন নাগৰিকে এই ড্ৰাগছ সৰবৰাহকাৰী সকলৰ দৌৰাত্ম্যক অতিশীঘ্ৰে সমাজৰ পৰা আঁতৰাই নিকা সমাজ ৰূপে গঢ় দিবলৈ প্ৰশাসন ব্যৱস্থাক আহ্বান জনাইছে। এতিয়া এই বিষয়টোক সামৰি আমি আহো মনোৰঞ্জনৰ বিষয়টোত; আমি প্ৰায়ে একোটা বাস্তৱ কাহিনীক পৰ্দাত দেখোঁ। সঁচা অৰ্থত ক’বলৈ গ’লে, এই বাস্তৱ কাহিনীসমূহে আমাক বেছিকৈ আকৰ্ষণ কৰে কাৰণ সেই কাহিনীভাগৰ সৈতে আমি নিজক সংযোগ কৰিবলৈ সুবিধা লাভ কৰোঁ। উক্ত ড্ৰাগছ বিৰোধী অভিযান তথা নৱপ্ৰজন্মই ইয়াৰ আগ্ৰাসনলৈ আহি নিজ জীৱনটোক কেনেদৰে ধ্বংস কৰে তাকেই কেন্দ্ৰ কৰি নিৰ্মিত এখন চুটি ছবিয়ে শেহতীয়াকৈ লাভ কৰিছে মুক্তি। চুটি ছবিখনৰ নাম হৈছে “ক্লান্ত”। মনোৰঞ্জন বিষয়টো এক অবিৰত প্ৰক্ৰিয়া; হতাশ, স্ফূৰ্তি অথবা নীৰৱতাৰ মাজতো আমি মনোৰঞ্জন বিচাৰোঁ। নিজৰ সৈতে থকা অৱস্থাটো আমি সংগীত এটাকেই হওক অথবা চিনেমা এখনকেই হওক নিজ সংগী ৰূপে নিৰ্বাচন কৰোঁ। গতিকে, এইক্ষেত্ৰত নৱপ্ৰজন্মৰ সক্ৰিয়তা মনকৰিবলগীয়া।


কেতিয়াবা একাংশ নৱপ্ৰজন্মই নভবাকৈয়ে কিছু বেয়া পৰিস্থিতিৰ সন্মুখীন হয়। তাৰ ভিতৰত এক হৈছে নিচাজাতীয় দ্ৰব্য সেৱন। সদ্যমুক্তিপ্ৰাপ্ত “ক্লান্ত” ত উপস্থাপিত কাহিনীভাগ আছিল এনেধৰণৰ য’ত দুগৰাকী নৱপ্ৰজন্মই নিচাসক্ত হৈ থাকে আৰু পিছলৈ তাৰ মাজৰে এগৰাকী আকস্মিক মৃত্যুক সাবটি ল’বলগীয়া হয়। ইয়াৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনা কৰিছে বিজন বিকাশ ব্ৰহ্মাই। ৭ মিনিট ৪১ চেকেণ্ডৰ এই চুটি ছবিখনত অভিনয় কৰিছে ক্ৰমে দীপাংকৰ কলিতা (অৰ্ক), গকুল মিপুন আৰু কিশালয় এম বি বৰুৱাই। দৃশ্যগ্ৰহণ কৰিছে সুৰুয শ্বেখৰ শৰ্মাই লগতে চাউণ্ড মিক্সিং কৰিছে জনাৰ্দন পাটোৱাৰীয়ে। আমি এইখিনিতে, অভিনেতা দীপাংকৰ কলিতাৰ অভিনয়ৰ সাৱলীলতাৰ বিষয়ে উল্লেখ কৰিব লাগিব। কেইবাখনো বাটৰ নাটৰ লগতে প্ৰায় ৬ খন ধাৰাবাহিক অভিনয় কৰাৰ সমান্তৰালকৈ আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পত অভিনয় কৰিছে অভিনেতা গৰাকীয়ে। চুটি ছবিসমূহৰ প্ৰসংগ এতিয়ালৈ সক্ৰিয় হয় আছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত। ক’ৰোণা ভাইৰাছৰ সময়ছোৱাত চুটি ছবিসমূহৰ এক সুন্দৰ পৰিক্ৰমা আৰম্ভ হোৱা আমি সকলোৱে দেখিবলৈ পাইছিলো। সেই সময়ৰ পৰা আৰম্ভ হোৱা যাত্ৰাটোত বৰ্তমানলৈ আমি বহুকেইখন উল্লেখনীয় চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হৈছো। আমাৰ অসমখন অইন প্ৰতিটো দিশত চহকী হোৱাৰ সমান্তৰালকৈ ইয়াত নিৰ্মিত একাংশ চুটি ছবিয়ে লাভ কৰা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানৰ কথা আমি শুনিছো অথবা সংবাদপত্ৰ যোগে পঢ়িছো।

ড্ৰাগছ আসক্ত নৱপ্ৰজন্ম আৰু প্ৰশাসন, মুক্তি লাভ কৰিছে "ক্লান্ত"- 6


উক্ত চুটি ছবি “ক্লান্ত” ৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27836/feed 0 27836
“অনুগ্ৰহ কৰি ভালদৰে চাওক আৰু তেওঁলোকৰ বাবে গৌৰৱান্বিত হওক”- আদিল হুচেইন https://rupaliparda.com/archives/27840 https://rupaliparda.com/archives/27840#respond Fri, 06 Aug 2021 10:30:00 +0000 https://rupaliparda.com/?p=27840 “টকিঅ’ অলিম্পিক” ত চকমপ্ৰদ প্ৰদৰ্শনেৰে অসমবাসীক গৌৰৱান্বিত কৰা বক্সাৰ লাভলীনা বৰগোঁহাইলৈ আদিল হুচেইনৰ শুভেচ্ছা বাৰ্তা। ইয়াৰ সমানন্তৰালকৈ, তেওঁ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিৰ লোক সকলক আন ঠাইত কৰা দূৰ্ব্যৱহাৰৰ বিষয়েও মাত মাতে। তেওঁ ইনষ্টাগ্ৰাম পোষ্টত লাভলীনাৰ এখন ফটোৰ সৈতে এটি কেপছন লিখে যে, অভিনেতা গৰাকীয়ে কয় যে, “ঠিক মই এনেকুৱাই অনুভৱ কৰোঁ। মোৰ সকলো ভাৰতীয় বন্ধু, যিসকলে এই অসাধাৰণ ভাৰতীয়সকলৰ বিষয়ে নাজানে। অনুগ্ৰহ কৰি ভালদৰে চাওক আৰু তেওঁলোকৰ বাবে গৌৰৱান্বিত হওক। ইয়াৰ লগতে অসম, মণিপুৰৰ বিষয়ে নজনা আনসকলক শিক্ষিত কৰক, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ছিকিমৰ বাবে গৌৰৱ উদযাপন কৰাটো সম্পূৰ্ণ স্বাভাৱিক কিন্তু যেতিয়া তেওঁলোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰা হয় তেতিয়া তেওঁলোকৰ বাবে থিয় হোৱাটোও সমানে গুৰুত্বপূৰ্ণ। নহয়নে জানো?” জনপ্ৰিয় অভিনেতা আদিল হুচেইনৰ এই পোষ্টটোৱে খলকনিৰ সৃষ্টি কৰিছে চচিয়েল মিডিয়াত। তেওঁৰ অনুৰাগী সকলে সঁহাৰি ব্যক্ত কৰিছে তেওঁৰ এই পোষ্টটোত।


অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰা এই গৰাকী অসম সন্তানৰ কেৱলমাত্ৰ অভিনয়েই নহয়; তেওঁৰ ব্যক্তিত্বয়েও অসমকে ধৰি বাহিৰৰ প্ৰায় সমগ্ৰ লোকক নিজৰ অনুৰাগী কৰি তুলিছ। শিক্ষা জীৱনত তেওঁ বহু কেইখন নাটকত অভিনয় কৰাৰ লগতে “ভায়ামামা” নামৰ জনপ্ৰিয় নাটক গোষ্ঠীৰ সৈতেও তেওঁ ব্যংগাত্মক চৰিত্ৰ ৰূপায়ন কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছত আদিল হুচেইনে দিল্লীস্থিত “ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়” তথা লণ্ডনৰ “ড্ৰামা ষ্টুডিঅ’ লণ্ডন” ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে।

]]>
https://rupaliparda.com/archives/27840/feed 0 27840
পূৰণি ৰবি শৰ্মা আৰু আজিৰ অভিনেতাগৰাকীৰ মাজৰ পাৰ্থক্য! https://rupaliparda.com/archives/27763 https://rupaliparda.com/archives/27763#respond Tue, 03 Aug 2021 10:30:00 +0000 https://rupaliparda.com/?p=27763 অভিনেতা ৰবি শৰ্মাৰ অতীত ৰোমন্থন। পূৰণি ফটো শ্বেয়াৰ কৰি নিজক আজিৰ সৈতে তুলনা কৰিছে অভিনেতা গৰাকীয়ে। ১৯৯১ চনৰ পৰা ২০০৭ চনলৈ আৰু সেই ২০০৭ চনৰ পৰা বৰ্তমানলৈ ৰবি শৰ্মাৰ দৈহিক পৰিৱৰ্তন কেনে সেয়া ফটো দুখন প্ৰত্যক্ষ কৰা প্ৰতিজন দৰ্শকেই বুজিব পাৰিব। এগৰাকী অনুৰাগীয়ে ৰবি শৰ্মাই শেহতীয়াকৈ আপলোড কৰা ফটোখনতেই কমেণ্ট কৰি জনাই যে এগৰাকী সফল অভিনতা হোৱাৰ সমান্তৰালকৈ ৰবি শৰ্মাই পঢ়ি থকা সময়ত এগৰাকী ভাল খেলুৱৈ হিচাবেও চিনাকী লাভ কৰিছিল। ফেকাল্টি হাইস্কুলত তেওঁ অধ্যয়ন কৰি সময়ত কেইবাবাৰো বিদ্যালয় সপ্তাহৰ প্ৰায় খেলত যোগদান কৰি মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। পূৰণি দিনৰ দৰেই আজিও তেওঁ ফিট। সামাজিক বিষয়সমূহৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত নিজ মত সুন্দৰকৈ ব্যক্ত কৰা অভিনেতা ৰবি শৰ্মা সদায়েই চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। ২০০০ চনৰ পৰা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত খোজ পেলোৱা এই গৰাকী অভিনেতাই অসমীয়া দৰ্শকক প্ৰায় কেইবাখনো উল্লেখনীয় ছবিৰ উপহাৰ দিছে। অৱশ্যে, তেওঁৰ প্ৰথমখন ছবি “হিয়া দিয়া নিয়া” য়ে আছিল চুপাৰহিট ছবি। অসমীয়া ফিট অভিনেতাৰ মাজৰ এগৰাকী ৰবি শৰ্মাৰ অনুৰাগীৰ শাৰী দীঘলীয়া; তেওঁৰ প্ৰতিটো কথাই প্ৰশংসা পাবলৈও আচলতে সক্ষম হয়।

পূৰণি ৰবি শৰ্মা আৰু আজিৰ অভিনেতাগৰাকীৰ মাজৰ পাৰ্থক্য! 7
পূৰণি ৰবি শৰ্মা আৰু আজিৰ অভিনেতাগৰাকীৰ মাজৰ পাৰ্থক্য! 8


কিছুদিন পূৰ্বে ডিজিটেল প্লেটফৰ্ম Niri9 যোগে মুক্তি লাভ কৰা Illegal নামে ৱেব চিৰিজখনটো দেখিবলৈ পোৱা গৈছিল এই অভিনেতা গৰাকীক। এক দমদাৰ লুকেৰে ৱেব চিৰিজখনক উপভোগ কৰিবলৈ বাধ্য কৰোৱাইছিল দৰ্শকক।

]]>
https://rupaliparda.com/archives/27763/feed 0 27763
সপোন আৰু বাস্তৱ; অতনু মহন্তৰ অভিনয়েৰে “Desolation” https://rupaliparda.com/archives/27637 https://rupaliparda.com/archives/27637#respond Tue, 27 Jul 2021 05:30:00 +0000 https://rupaliparda.com/?p=27637 সপোন; এই সপোনবোৰ লৈয়েটো আমি প্ৰত্যেকেই জীয়াই আছোঁ অথবা জীয়াই থাকিবলৈ চেষ্টা কৰিছোঁ। সপোনবোৰক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ স্বাৰ্থত আমি যিমান দূৰলৈ পাৰোঁ সিমান দূৰলৈ যাওঁ। আচলতে, বহু বিজ্ঞ জনে পূৰ্বেও বহুবাৰ কৈছে যে হাৰ নামানিবা; প্ৰত্যাহ্বান সামৰি আগুৱাই যোৱা। আমিও সেই একেবোৰ কথাকেই হৃদয়ংগম কৰি প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আগবাঢ়িবলৈ প্ৰয়াস কৰিছোঁ কিন্তু! হয়, ইয়াত প্ৰায় বহু ব্যক্তিয়ে নিজ জীৱনত সপোনবোৰ সাৰ্থক কৰিবলৈ যাওঁতে কোনোবাখিনিত এই “কিন্তু” টোৱে বৰ আমনি কৰে। সংগ্ৰাম-সংঘৰ্ষ ব্যক্তিবিশেষৰ জীৱনৰ এনে কিছু উপাদান, যাক এৰুৱাই ৰাখিবলৈ চেষ্টা কৰিলেও নোৱাৰি। জীৱন যুদ্ধত প্ৰাপ্তিৰ-অপ্ৰাপ্তিৰ খেল খনে আমাক আমনি কৰে; আমি কেতিয়াবা নিজৰ সপোনবোৰৰ ডিঙি চেপি আৰ্থিক নিৰাপত্তাৰ বাবে উপায়হীন হৈ অনিচ্ছা স্বত্বেও কৰ্মটোত নিয়োজিত হ’বলগীয়া হয়। য’ত টকা অধিক কিন্তু আত্মসন্তুষ্টিৰ অভাৱ থাকে, ক্ষণে ক্ষণে অহা প্ৰত্যাহ্বান তথা মনৰ মাজৰ দোধোৰ-মোধোৰ পৰিস্থিতিটোৰ সৈতে যুঁজ দিবলগীয়া হয়। এই আটাইবোৰ কথাকেই সামৰি শেহতীয়াকৈ মুক্তি লাভ কৰা এখন চুটি ছবিয়ে ইতিমধ্যে দৰ্শক সকলৰ পৰা বহুল সমাদৰ লাভ কৰিছে। “Desolation” শীৰ্ষক এই চুটি ছবিখনত এগৰাকী কিশোৰৰ কৰ্মদায়িত্ব আৰু সপোনৰ মাজৰ কথাখিনিক উপস্থাপন কৰা হৈছে।


এজন যুৱকৰ অভিনয়ৰ সপোন আৰু তেওঁ নিজ পেট পুঁহিবলৈ কৰি থকা কামটোৰ মাজৰ সেই ক্ষীণ ৰেখাডালক লৈ এই চুটি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে। নিজৰ পেট আৰু পৰিয়ালবৰ্গক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে এগৰাকী যুৱকে নিজৰ সপোন বোৰক বাকচত ভৰাই আকৌ এবাৰ বিচাৰি আনিব নোৱাৰাকৈ দলিয়াই দিয়া আমি দেখিছোঁ। তেতিয়াই আচলতে স্পষ্ট হয় সেই পুৰুষৰ প্ৰত্যাহ্বান কোনটো পৰ্যায়ৰ। পঞ্চম শ্ৰেণীৰ পৰা নাটকৰ সৈতে জড়িত অতনু মহন্তৰ অভিনয় ক্ষেত্ৰখনত থকা দক্ষতাই এই চুটি ছবিখনক ৰাইজৰ আগত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। ফেঁহুজালি মিডিয়ালেবৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনা মানসজ্যোতি বৰাৰ। কাহিনী কুসুম মহন্তৰ লগতে দৃশ্যগ্ৰহণ কৰিছে নয়ন জ্যোতি দেৱীয়ে। সংগীত কৰিছে দীপাংক শইকীয়াই। প্ৰডাকচন ডিজাইন কৰিছে ৰঞ্জিতা বৰুৱা আৰু দূৰ্গাশ্ৰী বৰাৰ। সংগীত ব্যৱস্থাপনা ৰাকেশ বড়োৰ। আনহাতে, ডি আই উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্য আৰু পোষ্টাৰ ডিজাইন কৰিছে সাগৰিকা বি ৰিকুৰ। আমি প্ৰায়ে কৈ আহিছোঁ যে নৱপ্ৰজন্মৰ চুটি ছবিসমূহে আমাক মনোৰঞ্জন প্ৰদানত অহোপুুৰুষাৰ্থ কৰিছে, তাতেই আকৌ যেতিয়া তেওঁলোকে দৰ্শকক সংযোগ কৰিব পৰা বিধৰ কাহিনী ইয়াত সন্নিৱিষ্ট কৰি গৈ থাকে তেতিয়া ই চৰ্চা লাভ কৰিবলৈ সক্ষম হয়।

সপোন আৰু বাস্তৱ; অতনু মহন্তৰ অভিনয়েৰে "Desolation" 9


সাম্প্ৰতিক সময়ৰ সৈতে খাপ খোৱা এই চুটি ছবিখনৰ আৰু অধিক সফলতাৰ কামনা কৰিছে ৰূপালীপৰ্দাই। লগতে, পেজটোৰ তৰফৰ চুটি ছবিখনৰ সৈতে জড়িত কলা-কুশলীক জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/27637/feed 0 27637
“ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত”- বিৰিঞ্চি কুমাৰ গগৈ https://rupaliparda.com/archives/27564 https://rupaliparda.com/archives/27564#respond Fri, 23 Jul 2021 05:30:00 +0000 https://rupaliparda.com/?p=27564 আমি বাৰু এনে কিছুমান ব্যক্তিক মন কৰিছোনে যিয়ে অহৰহ কৰা চেষ্টাৰে কিবা এটা সুন্দৰ ৰাইজক প্ৰদান কৰিবলৈ প্ৰয়াস কৰে; যি বিষয় সাম্প্ৰতিক সময়ৰ লগত খাপখোৱা অথবা এখন বাস্তৱ ছবিক প্ৰতিফলিত কৰা বিধৰ। শেহতীয়াকৈ তুলনামূলকভাৱে বহু পৰিচালকৰ জন্ম হৈছে; একাংশই মনোৰঞ্জন ক্ষেত্ৰখনত নিজক এটা সুবিধা দিবলৈও আগবাঢ়ি অহা দেখা যায়; আনহাতে একাংশ এনেও পৰিচালক আছে যাৰ কেৱল মাত্ৰ ইচ্ছা আৰু প্ৰচেষ্টা জড়িত হৈ আছে পৰিচালনাৰ দিশটোত। এই বিগত বৰ্ষৰ প্ৰায় এইখিনি সময়তেই আমি এনে একাংশ চুটি ছবিক আপোনালোকৰ সমুখলৈ আনিছিলো যিসমূহৰ বিষয়বস্তু সমূহ আছিল সুকীয়া। এনে চুটি ছবি সমূহৰ ভিতৰত এখন আছিল “Frame Of Mind”। কোৱা বাহুল্য যে, অসমীয়া এই মনোৰঞ্জন ক্ষেত্ৰখনত এজনতকৈ এজন সৃষ্টিশীল প্ৰতিভা যে আছে সেই কথা নুই কৰিব পৰা নাযায়। প্ৰথমে চুটি ছবি সমূহৰ দ্বাৰাই এই ক্ষেত্ৰখনত যোগ দিবলৈ বিচৰা এনে নৱপ্ৰজন্মৰ পৰিচালক সমূহৰ বিষয়বস্তুবোৰক লৈ আকৰ্ষিত হৈ পৰে দৰ্শক সকলো; তেওঁলোকৰ প্ৰচেষ্টাত নতুনত্ব আৰু ব্যতিক্ৰম পৰিলক্ষিত হয়। যাৰ ফলত গ্ৰহণযোগ্য হৈ পৰে তেওঁলোকৰ প্ৰকল্প সমূহ। আমি আজি ৰূপালীপৰ্দাৰ তৰফৰ পৰা যিগৰাকী নৱপ্ৰজন্মৰ সৈতে কথা পাতিম তেওঁৰ নাম হৈছে বিৰিঞ্চি কুমাৰ গগৈ; তেওঁৰ উক্ত চুটি ছবি” খনত এগৰাকী পৰিচালকৰ মানসিক স্থিতিক উপস্থাপন কৰা হৈছে। এটা কাহিনীক ছবিৰ ৰূপ দিয়া সময়লৈ এগৰাকী পৰিচালকৰ মনস্তাত্বিক খেলি-মেলি সমূহক লৈয়ে নিৰ্মিত এই চুটি ছবিখন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰাত সক্ষম হৈছে। এই চুটি ছবিখনৰ পিছত বিৰিঞ্চি কুমাৰ গগৈৰ আন একাংশ প্ৰকল্পক লৈ উৎসাহিত জনসাধাৰণো।

"ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত"- বিৰিঞ্চি কুমাৰ গগৈ 10


পৰিচালনাৰ সমান্তৰালকৈ বিৰিঞ্চি কুমাৰ গগৈ জড়িত অভিনয় দিশটোৰ সৈতেও। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা বতৰা যোগে পৰিচালনাৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “বিদ্যালয়ৰ বাৰ্ষিক সপ্তাহত প্ৰতি বছৰে নাটক কৰিছিলোঁ। অভিনয়ৰ লগতে নাটক পৰিচালনা কৰাৰ চখ আছিল; গুৱাহাটীলৈ আহি ছিগাল থিয়েটাৰৰ লগত জড়িত হোৱাৰ পিছৰে পৰা এই ক্ষেত্ৰখনত ভালদৰে জড়িত হৈ পৰিলোঁ। বিগত বৰ্ষৰ পৰা হোৱা বিভীষিকাময় পৰিস্থিতিটোৱে অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ কি সাল-সলনি কৰিছে বুলি প্ৰশ্ন কৰাত বিৰিঞ্চি কুমাৰ গগৈয়ে কয় যে, “ক’ভিড মহামাৰীৰ আগৰ আৰু পিছৰ পৃথিৱীখনৰ সাল-সলনি স্বাভাৱিক। বিভীষিকাময় পৰিস্থিতিৰ মাজত সৃষ্টিশীল কাম কাজ ৰুদ্ধ হৈছিল যদিও নিজৰ সাধনা আৰু আত্মবিশ্লেষণ কৰিবলৈ শিল্পীসকলক সময়ে যথেষ্ট সুবিধা কৰি দিছিল। ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত।” বিৰিঞ্চি কুমাৰ গগৈৰ সংক্ষিপ্ত আৰু স্পষ্ট উত্তৰ সমূহে তেওঁৰ অনুৰাগী সকলক আপ্লুত তথা আকৰ্ষণ কৰিছে বুলি আমি আশাবাদী। আগলৈ, তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা বুলিলে মোৰ এটাই আছে, সেইটো হৈছে নাটক আৰু চিনেমাৰ অবিৰত সাধনা। এখন চুটি ছবিৰ প্ৰি-প্ৰডাকচনৰ কাম আৰম্ভ কৰিছোঁ; ইয়াৰ লগতে, নাটক কৰিবলৈ প্ৰেক্ষাগৃহত মানুহ আহিব পৰা পৰিস্থিতিলৈ বাট চাইছোঁ।”

"ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত"- বিৰিঞ্চি কুমাৰ গগৈ 11

ইতিবাচক মানসিকতাৰে ক্ষেত্ৰখনত জড়িত হ’বলৈ বিচৰা বিৰিঞ্চি কুমাৰ গগৈৰ প্ৰতিটো পৰিকল্পাৰ সফলতা কামনা কৰিছোঁ। লগতে, তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27564/feed 0 27564