Assamese Director – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 11 Aug 2021 08:11:44 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Assamese Director – Rupaliparda.com https://rupaliparda.com 32 32 163073109 মেগা চিৰিয়েলৰ পৰিচালকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰঃ https://rupaliparda.com/archives/27943 https://rupaliparda.com/archives/27943#respond Thu, 12 Aug 2021 10:30:00 +0000 https://rupaliparda.com/?p=27943 একাংশ মেগা চিৰিয়েলৰ পৰিচালকৰ বিৰুদ্ধে নিজ ক্ষোভ ব্যক্ত কৰিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পত্নী তথা এগৰাকী ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে। তেওঁ চচিয়েল মিডিয়া যোগেই এই কথা ব্যক্ত কৰিলে সকলোৰে ওচৰত। আমি তেওঁৰ কথাখিনিকেই আপোনালোকৰ মাজত লৈ আনিছো। তেওঁ কয় যে, “আজি কালি অসমীয়া মেগা(?) serial ৰ দুই এজন প্ৰযোজক, পৰিচালকে হয়তো নিজকে ভগৱান বুলি ভাবিবলৈ লৈছে । স্বনামধন্য (?) এই দুই এজন ব্যক্তিয়ে হয়তো আন এজন ব্যক্তিৰ সময়,নিষ্ঠা আৰু কামৰ প্ৰতি থকা আগ্ৰহ,ভক্তিক আজিলৈকে উপলব্ধি কৰা নাই আৰু কৰি চাবও বিচৰা নাই । perfectionist ৰ বেশ ধৰি পোন্ধৰ দিন, এমাহ, দুমাহলৈকে এটা কামৰ বাবে বিস্তৃত ভাৱে কথা পাতি, কথা দি, সকলো ধৰণেৰে প্ৰস্তুতি কৰোৱাই এজন শিল্পীক শেষ মুহূৰ্ত্তত নাকচ কৰি একেবাৰে হতাশ কৰি কেনে ধৰণৰ পাশবিক আনন্দ(?) পায় বুজি নাপাওঁ । শেহতীয়া ভাৱে এনেকুৱা কেইবাটাও কথা শুনিলো, নিজেই পৰোক্ষভাৱে জড়িত হৈ থকা কামত একেবাৰে ওচৰৰ পৰা দেখিলোঁ । কিবা এটা দুখ, খং নে ক্ষোভ কʼব নোৱাৰো ,, কিন্তু বিৰাট এক অশান্তি পাইছোঁ এনেকুৱা অন্যা‌য় দেখি । এগৰাকী শিল্পীয়ে যেতিয়া এটা চৰিত্ৰ নিজৰ কৰি লয়, আৰু সেই চৰিত্ৰটোক ( মানে আন এজন ব্যক্তিক) নিজৰ মাজত ধাৰণ কৰি জীয়াবলৈ লয়, তাৰ পিছত হঠাৎ এদিন কোনো কাৰণ নোহোৱাকৈ সেই ব্যক্তিজনক হত্যা কৰি পেলাব লগা হোৱাটো কিমান কষ্টকৰ হʼব পাৰে ,এবাৰ উপলব্ধি কৰি চাইনে তেওঁলোকে?”


আগলৈ গৰিমা শইকীয়া গাৰ্গে কয় যে, “আনৰ সময়বোৰ, আশাবোৰ তেওঁলোকৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ তেওঁলোকক দিয়া হৈছে বুলি যদি তেওঁলোকে ভাবি লৈছে, তেন্তে এইটো ও মনত ৰখা উচিত যে সময়ৰ হাতত তেওঁলোকো এদিন পুতলা হৈ নাচিব লগা হʼব পাৰে । গতিকে আনৰ সময়, নিষ্ঠা আৰু আশাবোৰক গচকি কোনেও কিন্তু ফুলেৰে পথ সজাব নোৱাৰে.. মনত ৰাখিব।”

]]>
https://rupaliparda.com/archives/27943/feed 0 27943
“মই ভাবো, এনেধৰণৰ বঁটা-বাহনে মোক নিশ্চিত আনন্দিত কৰে”- পাৰ্থজিৎ বৰুৱা https://rupaliparda.com/archives/27933 https://rupaliparda.com/archives/27933#respond Thu, 12 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=27933 কিছুদিন পূৰ্বৰে পৰা এখন তথ্যচিত্ৰৰ নাম আমি কেইবাবাৰো শুনিছোঁ। তথ্যচিত্ৰখনৰ নাম হ’ল “Breaking The Silence”। ৮০ দশকৰ শেষৰ ফালে পাঁচজনী নাৰীৰ প্ৰচেষ্টাৰে গঢ় লৈছিল এটা মিউজিক বেণ্ড “সুৰ-সমলয়।” পুৰুষ প্ৰধান ৰাজ্যখনত যেতিয়া এখন মঞ্চত উঠি পাঁচগৰাকী মহিলাৰ এটা গোটে বাদ্যযন্ত্ৰ বজাই আমোদ প্ৰদান কৰাৰ চেষ্টা কৰে তেতিয়া সেই সময়ৰ মানসিকতা অথবা দৃষ্টিভংগীয়ে কেনে ধৰণৰ প্ৰশ্নৰ উত্থাপন কৰিব পাৰে সেয়া হয়টো আপোনালোকক নক’লেও বুজিব পাৰে। উক্ত সময়ছোৱাৰ সেই পাঁচগৰাকী নাৰীৰ বিপ্লৱৰ কাহিনীৰে এখন তথ্যচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে পৰিচালক পাৰ্থজিৎ বৰুৱাই; ৩০ মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখনে ইতিমধ্যে বিভিন্ন সমাৰোহত মনোনয়ন লাভ কৰা উপৰিও বিভিন্ন শিতানত বঁটা লাভ কৰাৰ লগতে বহুল ভাৱে সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে। এই বিষয়ে পৰিচালক গৰাকীৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মই প্ৰথমতে ৰূপালীপৰ্দাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ, আমাৰ তথ্যচিত্ৰ “Breaking The Silence” আৰু ইয়াৰ সৈতে সংগতি ৰাখি আমি যি প্ৰমোশ্বনেল গীত ইবচন লাল বৰুৱাৰ কথা আৰু জয় বৰুৱাৰ কণ্ঠৰে “পৰিধি ভাঙি” ক মুকলি কৰিছিলোঁ, সেই প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা মোক অনুপ্ৰেৰণা দিয়াৰ লগতে উৎসাহিত কৰিছে ৰূপালীপৰ্দাই। মই নথৈ আনন্দিত হৈছোঁ প্ৰতিটো মূহুূৰ্ততে মোৰ খবৰ লোৱাৰ বাবে। আজি এই তথ্যচিত্ৰখনৰ সফলতাক উদ্দেশ্যি মোৰ অভিজ্ঞতাৰ বিষয়ে প্ৰশ্ন কৰাত মই এটাই কথা ক’ম যে, আমাৰ এই তথ্যচিত্ৰখনত ১৯৮০ দশত পাঁচগৰাকী মহিলাই কেনেদৰে সংগ্ৰাম কৰি অসমৰ বিভিন্ন গাঁওৱে ভূঁইয়ে তেওঁলোকে সংগীত চৰ্চা কৰিছিল সেই বিষয়টোক লৈ নিৰ্মাণ কৰা হৈছে। এই ৫ গৰাকী মহিলাৰ ভিতৰত এগৰাকী ইছলাম সম্প্ৰদায়ৰো আছিলে, এই ইছলাম সম্প্ৰদায়ৰ বাদ্যযন্ত্ৰীগৰাকীৰ নাম হৈছে নাজমা আহমেদ। বিভিন্ন সময়ত তেওঁ কৰি থকা কামটোক লৈ হত্যাৰ ভাবুকি লাভ কৰিছিল সম্প্ৰদায়ৰ জনাব সকলৰ তৰফৰ পৰা, কিন্তু সেই ১৫-১৬ বছৰীয়া নাজমা আহমেদে যি ধৰণে নাৰীৰ প্ৰতিবাদী কণ্ঠ সংগীতৰ মাজেৰে প্ৰকাশ কৰিছিলে তেনেধৰণৰ কথাকেই তথ্যচিত্ৰখনৰ জৰিয়তে অংকন কৰিব বিচাৰিছোঁ।


যেতিয়া মই এই তথ্যচিত্ৰখন কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰিছিলোঁ, মোৰ ভাল লাগিছিল যে প্ৰতিজন দৰ্শক তথা সমালোচকে তথ্যচিত্ৰখন গ্ৰহণ কৰিছিল। আটাইতকৈ ভাল লগা কথাটো আছিল কেৰালাৰ এখন আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ “SIGNS” লৈ তথ্যচিত্ৰখন প্ৰেৰণ কৰিছিলোঁ, এই মহোৎসৱত আমাৰ এই তথ্যচিত্ৰখনে প্ৰতিযোগিতামূলক শাখাত নিৰ্বাচিত হৈছিল। অৱশ্যে, এই শাখাত নিৰ্বাচন হোৱাটোৱে এটা ডাঙৰ কথা আছিলে। তদুপৰি, ফ্ৰান্সৰ প্ৰায় ঠাইতে “Breaking The Silence” প্ৰদৰ্শিত হোৱাৰ সুবিধা লাভ কৰিছিল। ইয়াৰ লগতে, “দাদা চাহেব ফাল্কে চলচিত্ৰ মহোৎসৱ” ত আমাৰ তথ্যচিত্ৰখনে “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি শেহতীয়াকৈ ঘোষণা হোৱা “আন্তঃৰাষ্ট্ৰীয় চুটি ছবি/চলচিত্ৰ মহোৎসৱ” টো “Breaking The Silence” ৰ বাবে মই “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা লাভ কৰিছোঁ। ইয়াত যিধৰণে কেমেৰাৰ কাম কৰিছে চন্দ কুমাৰে, চাউণ্ডৰ কাম কৰিছে দেৱজিৎ গায়নে আৰু সম্পাদনাৰ কাম কৰিছে হীৰকজ্যোতি পাঠকে, তেওঁলোকক আচলতে মই ইয়াৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। মই যি বঁটা লাভ কৰিছোঁ অথবা যি বঁটা আমাৰ তথ্যচিত্ৰখনে লাভ কৰিছে সেই বঁটাৰ সমানেই সহভাগী তেওঁলোক। মোৰ বিষয়টো এটাই যে কণমানি ৫ গৰাকী মহিলাই এই ৰক্ষণশীল, পুৰুষতান্ত্ৰিক সমাজখনত সংগীতৰ মাধ্যমেৰে কেনেদৰে যুঁজি দিছিল সেইটোৱে আছিল মূল বিষয়বস্তু। এই তথ্যচিত্ৰখনৰ জৰিয়তে নাৰীৰ বক্তব্যসমূহ ভৌগোলিক চাৰিসীমাৰ মাজলৈ লৈ যাবলৈ মই সক্ষম হৈছোঁ। মই ভাবো, এনেধৰণৰ বঁটা-বাহনে মোক নিশ্চিত আনন্দিত কৰে।

"মই ভাবো, এনেধৰণৰ বঁটা-বাহনে মোক নিশ্চিত আনন্দিত কৰে"- পাৰ্থজিৎ বৰুৱা 1


মই সুখী। আশা কৰিছোঁ, এই তথ্যচিত্ৰখনৰ জৰিয়তে আমাৰ সমাজখন সচেতন হ’ব।” তথ্যচিত্ৰখনৰ বহুল সফলতা লাভ কৰাৰ লগতে ৰূপালীপৰ্দাৰ জৰিয়তে পাৰ্থজিৎ বৰুৱাক জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/27933/feed 0 27933
“ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত”- বিৰিঞ্চি কুমাৰ গগৈ https://rupaliparda.com/archives/27564 https://rupaliparda.com/archives/27564#respond Fri, 23 Jul 2021 05:30:00 +0000 https://rupaliparda.com/?p=27564 আমি বাৰু এনে কিছুমান ব্যক্তিক মন কৰিছোনে যিয়ে অহৰহ কৰা চেষ্টাৰে কিবা এটা সুন্দৰ ৰাইজক প্ৰদান কৰিবলৈ প্ৰয়াস কৰে; যি বিষয় সাম্প্ৰতিক সময়ৰ লগত খাপখোৱা অথবা এখন বাস্তৱ ছবিক প্ৰতিফলিত কৰা বিধৰ। শেহতীয়াকৈ তুলনামূলকভাৱে বহু পৰিচালকৰ জন্ম হৈছে; একাংশই মনোৰঞ্জন ক্ষেত্ৰখনত নিজক এটা সুবিধা দিবলৈও আগবাঢ়ি অহা দেখা যায়; আনহাতে একাংশ এনেও পৰিচালক আছে যাৰ কেৱল মাত্ৰ ইচ্ছা আৰু প্ৰচেষ্টা জড়িত হৈ আছে পৰিচালনাৰ দিশটোত। এই বিগত বৰ্ষৰ প্ৰায় এইখিনি সময়তেই আমি এনে একাংশ চুটি ছবিক আপোনালোকৰ সমুখলৈ আনিছিলো যিসমূহৰ বিষয়বস্তু সমূহ আছিল সুকীয়া। এনে চুটি ছবি সমূহৰ ভিতৰত এখন আছিল “Frame Of Mind”। কোৱা বাহুল্য যে, অসমীয়া এই মনোৰঞ্জন ক্ষেত্ৰখনত এজনতকৈ এজন সৃষ্টিশীল প্ৰতিভা যে আছে সেই কথা নুই কৰিব পৰা নাযায়। প্ৰথমে চুটি ছবি সমূহৰ দ্বাৰাই এই ক্ষেত্ৰখনত যোগ দিবলৈ বিচৰা এনে নৱপ্ৰজন্মৰ পৰিচালক সমূহৰ বিষয়বস্তুবোৰক লৈ আকৰ্ষিত হৈ পৰে দৰ্শক সকলো; তেওঁলোকৰ প্ৰচেষ্টাত নতুনত্ব আৰু ব্যতিক্ৰম পৰিলক্ষিত হয়। যাৰ ফলত গ্ৰহণযোগ্য হৈ পৰে তেওঁলোকৰ প্ৰকল্প সমূহ। আমি আজি ৰূপালীপৰ্দাৰ তৰফৰ পৰা যিগৰাকী নৱপ্ৰজন্মৰ সৈতে কথা পাতিম তেওঁৰ নাম হৈছে বিৰিঞ্চি কুমাৰ গগৈ; তেওঁৰ উক্ত চুটি ছবি” খনত এগৰাকী পৰিচালকৰ মানসিক স্থিতিক উপস্থাপন কৰা হৈছে। এটা কাহিনীক ছবিৰ ৰূপ দিয়া সময়লৈ এগৰাকী পৰিচালকৰ মনস্তাত্বিক খেলি-মেলি সমূহক লৈয়ে নিৰ্মিত এই চুটি ছবিখন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰাত সক্ষম হৈছে। এই চুটি ছবিখনৰ পিছত বিৰিঞ্চি কুমাৰ গগৈৰ আন একাংশ প্ৰকল্পক লৈ উৎসাহিত জনসাধাৰণো।

"ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত"- বিৰিঞ্চি কুমাৰ গগৈ 2


পৰিচালনাৰ সমান্তৰালকৈ বিৰিঞ্চি কুমাৰ গগৈ জড়িত অভিনয় দিশটোৰ সৈতেও। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা বতৰা যোগে পৰিচালনাৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “বিদ্যালয়ৰ বাৰ্ষিক সপ্তাহত প্ৰতি বছৰে নাটক কৰিছিলোঁ। অভিনয়ৰ লগতে নাটক পৰিচালনা কৰাৰ চখ আছিল; গুৱাহাটীলৈ আহি ছিগাল থিয়েটাৰৰ লগত জড়িত হোৱাৰ পিছৰে পৰা এই ক্ষেত্ৰখনত ভালদৰে জড়িত হৈ পৰিলোঁ। বিগত বৰ্ষৰ পৰা হোৱা বিভীষিকাময় পৰিস্থিতিটোৱে অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ কি সাল-সলনি কৰিছে বুলি প্ৰশ্ন কৰাত বিৰিঞ্চি কুমাৰ গগৈয়ে কয় যে, “ক’ভিড মহামাৰীৰ আগৰ আৰু পিছৰ পৃথিৱীখনৰ সাল-সলনি স্বাভাৱিক। বিভীষিকাময় পৰিস্থিতিৰ মাজত সৃষ্টিশীল কাম কাজ ৰুদ্ধ হৈছিল যদিও নিজৰ সাধনা আৰু আত্মবিশ্লেষণ কৰিবলৈ শিল্পীসকলক সময়ে যথেষ্ট সুবিধা কৰি দিছিল। ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত।” বিৰিঞ্চি কুমাৰ গগৈৰ সংক্ষিপ্ত আৰু স্পষ্ট উত্তৰ সমূহে তেওঁৰ অনুৰাগী সকলক আপ্লুত তথা আকৰ্ষণ কৰিছে বুলি আমি আশাবাদী। আগলৈ, তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা বুলিলে মোৰ এটাই আছে, সেইটো হৈছে নাটক আৰু চিনেমাৰ অবিৰত সাধনা। এখন চুটি ছবিৰ প্ৰি-প্ৰডাকচনৰ কাম আৰম্ভ কৰিছোঁ; ইয়াৰ লগতে, নাটক কৰিবলৈ প্ৰেক্ষাগৃহত মানুহ আহিব পৰা পৰিস্থিতিলৈ বাট চাইছোঁ।”

"ন- চিন্তাৰে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰিপক্কতাৰ সালসলনি নিশ্চিত"- বিৰিঞ্চি কুমাৰ গগৈ 3

ইতিবাচক মানসিকতাৰে ক্ষেত্ৰখনত জড়িত হ’বলৈ বিচৰা বিৰিঞ্চি কুমাৰ গগৈৰ প্ৰতিটো পৰিকল্পাৰ সফলতা কামনা কৰিছোঁ। লগতে, তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27564/feed 0 27564
স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি “Before Spring”- https://rupaliparda.com/archives/26960 https://rupaliparda.com/archives/26960#respond Thu, 24 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26960 গুৱাহাটী মহানগৰীৰ মাজেৰে নিৰৱিচ্চনিভাৱে বৈ যোৱা নৈ “ব্ৰহ্মপুত্ৰ” খন ছাগে ক’ত কাহিনীৰ সাক্ষী হৈছে! গুৱাহাটীৰ সিটো পাৰে থকা সৰু ঠাইখনেই হৈছে উত্তৰ গুৱাহাটী; যদিও উত্তৰ গুৱাহাটীলৈ যাবলৈ পকী ৰাষ্টাৰ নিৰ্মাণ কৰা হৈছে তৎস্বত্বেও অধিকাংশ জনসাধাৰণ নৈখনৰ বুকুৰেই পাৰ হৈ যাবলৈ বিচাৰে। মনোমোহা দৃশ্যৰ সাক্ষী হৈ যাব বিচাৰে বিভিন্ন জন। আমি আমাৰ জন্মঠাই খনক লৈ খুবেই আন্তৰিকতা অনুভৱ কৰোঁ; ইয়াৰ পৰা আঁতৰি গ’লেও ক’ৰবাত জন্মঠাইখিনিক লৈ এক টান আমাৰ প্ৰত্যেকৰে আছে। যিখন ঠাইত মা-দেউতাৰ হাত ধৰি খোজ কাঢ়িবলৈ শিকিছিলো, সেই ঠাইখন পাহৰি পেলোৱাটো জানো সম্ভৱ? নিজৰ জন্মঠাইখনক লৈ শ্ৰুতিস্মৃতি চাংকাকতিয়ে নিৰ্মাণ কৰি উলিয়াইছে এখন ছবি “Before Spring”। শ্ৰুতিস্মৃতিৰ এই ছবিখনেই হৈছে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি; নিজৰ জন্মঠাইখনক উদ্দেশ্যি তথা নিজৰ চকুৰ আগত পূৰ্বৰে পৰা দেখি অহা কিছুমান কথা তথা ঘটনাৰ আঁৰ লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে “Before Spring”। পৰিচালক গৰাকীয়ে পূৰ্বতে জীয়াই অহা সেই ঘটনাবোৰক লৈ এতিয়াও সেই ঠাইৰ আন একাংশ জনসাধাৰণে নিজ জীৱন নিৰ্বাহ কৰিছে। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম; ইয়াক স্ব-ইচ্ছাৰে সলনি কৰিব পৰা নাযায়। কিন্তু এতিয়াও এনে একাংশ ঠাই আছে য’ত পৰিৱৰ্তনে হয়টো পোখা মেলা নাই, নহ’লে আকৌ পোখা মেলা পৰিৱৰ্তনত কেতিয়াবা ঋণাত্মকমুখী পোকে আহি নিজ অধিকাৰ সাৱস্ত্য কৰিছে। গতিকে উক্ত সমগ্ৰ ছবিখনেই পৰিচালক গৰাকীৰ নিজ জন্মঠাইখনৰ সৈতে জড়িত স্মৃতিক লৈ জড়িত; তেওঁৰ বিগত সময়ছোৱাৰ স্মৃতি সমূহক বাস্তৱ ৰূপত উপস্থাপনৰ চেষ্টা কৰা হৈছে এই ছবিখনত। দশম শ্ৰেণীলৈ উত্তৰ গুৱাহাটীতেই কটোৱা সময়খিনিক লৈ পৰিচালক গৰাকীয়ে সাম্প্ৰতিক সময়ছোৱাৰ পৰিস্থিতিটোৰ সৈতে সংলগ্ন কৰি পৰিচালনা কৰিছে।

স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি "Before Spring"- 4
স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি "Before Spring"- 5


তিনিটা ভিন্ন চৰিত্ৰৰে ছবিখন প্ৰস্তুত কৰি উলিওৱা হৈছে যদিও উক্ত তিনিওটা চৰিত্ৰক একেধৰ্মী কাহিনীয়ে বান্ধি ৰাখিছে। পৰিচালক গৰাকীয়ে নিজেই কৈছে যে এই ছবিখনত পাৰ্যমানে এখন বাস্তৱ ছবিক উপস্থাপনৰ চেষ্টা কৰিছে তেওঁ। ছবিখন ইতিমধ্যে ভিন্ন ছবি সমাৰোহলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰি থকা হৈছে; পৰিচালনাৰ লগতে ইয়াৰ কাহিনী আৰু চিত্ৰনাট্যও হৈছে শ্ৰুতিস্মৃতি চাংকাকতিৰ। আনহাতে, দৃশ্যগ্ৰহণ জয়ন্ত মাধৱানৰ লগতে সহঃ দৃশ্যগ্ৰহণকাৰী হৈছে আকাশদীপ গগৈ। সহকাৰী পৰিচালকৰ দায়িত্বত আছিল মনোজ বৰকটকী, কুলদীপ শইকীয়া আৰু সম্পাদনা অভিশিক্তা কাইলাৰ। ছবিখনত অভিনয় কৰিছে ক্ৰমে ভৃগনেশ গোস্বামী, দ্বিপ ভূঞা, কংকী বৰদলৈ, মনোজ বৰকটকী, উপাসনা প্ৰিয়ম, অভিজিত ৰয়, ৰনজিতা বৰুৱা, দুৰ্গাশ্ৰী বৰা আৰু হিমবৰ্ষা দাসে। ছবিখনত সংযোজিত সংগীত হৈছে জেৰি ভিনচেন্তৰ। প্ৰডাকচন মেনেজাৰ ৰুক্মজিত বৰুৱা আৰু দেৱৰাজ কাশ্যপৰ। চাউণ্ড ডিজাইনাৰ সেঠু ভেনুগোপাল আৰু কালেক্ষ লক্ষ্মণন। লোকেশ্বন চাউণ্ড মনজিত নাথ, ৰিংকু বড়ো আৰু ৰুক্মজিত বৰুৱাৰ। বুম দিকি কাশ্যপৰ। আনহাতে, ছবিখন নিৰ্মাণ কৰি উলিওৱাত তেওঁৰ পিতৃ-মাতৃৰ লগতে স্বামী আৰু পৰিয়ালৰ প্ৰতিজন সদস্যই তেওঁক যথেষ্ট সহায় আৰু অনুপ্ৰেৰণা যোগাইছে; যাৰ বাবে পৰিচালকগৰাকী আটাইৰে ওচৰত চিৰ কৃতজ্ঞ। উল্লেখ্য যে, এই ছবিখন বিগত বৰ্ষৰ মাৰ্চ মাহতে শ্বুটিং কৰি উলিওৱা হৈছিল। শেহতীয়াকৈ ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম অব্যাহত আছে।

স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি "Before Spring"- 6
স্বাধীন পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি "Before Spring"- 7

ছবিখনৰ সকলো কাম চলিত বৰ্ষৰ মাজতেই শেষ কৰাৰ চেষ্টা কৰিছে প্ৰত্যেকেই। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও ছবিখনৰ বাবে জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/26960/feed 0 26960
এগৰাকী পৰিচালকৰ মনস্তাত্বিক অৱস্থাক লৈ বিৰিঞ্চি কুমাৰ গগৈৰ “Frame Of Mind” https://rupaliparda.com/archives/26944 https://rupaliparda.com/archives/26944#respond Wed, 23 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26944 একোগৰাকী নৱপ্ৰজন্মই বৰ্তমান নিজৰ ওপৰত বিশ্বাস ৰাখিয়েই একোটা নতুন প্ৰকল্পৰ সৃষ্টি কৰি উলিয়াইছে। আমি এনে বহু প্ৰকল্প উপভোগ কৰিছো; যি সমূহে আমাক কেতিয়াবা য’ত চিন্তাগ্ৰস্ত কৰি তোলে তাতেই আকৌ আন একাংশ প্ৰকল্পই আমাক উৎসাহিত কৰি তোলে। কিন্তু এই সৃষ্টি সমূহক ৰাইজৰ মাজলৈ লৈ অনাৰ ক্ষেত্ৰত এগৰাকী পৰিচালকৰ সাধনা, কষ্ট, সংগ্ৰাম আদি বিষয়বোৰ কিছু লুপ্ত হৈ থাকে; ক’ত ৰাতি হয়টো তেওঁলোকে অনাহাৰে কটাইছে সেয়া আমি নাজানো। আপোনালোকক পূৰ্বতেও কৈছিলো যে, একোখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান একোখন চুটি ছবিৰ গ্ৰহণযোগ্যতা আৰু উপভোগ্যতা বৃদ্ধি পাইছে। তিনিঘন্টাৰ সলনি নাই কমেও ১০-১৫ মিনিট দৈৰ্ঘ্যৰে দৰ্শকৰ ওচৰত উপস্থাপন কৰা এটা বিষয়বস্তুয়ে বেছিকৈ আপ্লুত কৰে জনসমাজক। বিগত বৰ্ষৰ “লক-ডাউন” ৰ সময়ছোৱাৰে পৰা আমি বহু এনে চুটি ছবি উপভোগ কৰিছো যাৰ কাহিনীয়ে হয়টো বৰ্তমানলৈ আমাৰ মন-মগজুত ক্ৰিয়া কৰি আছে। আচলতে, কেৱল “লক-ডাউন” বুলিয়েই নহয়; পূৰ্বৰে পৰা একাংশ চুটি ছবিয়ে জনসাধাৰণৰ পৰা বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা মই ৰীমা দত্তই উপভোগ কৰিছিলো এখন চুটি ছবি “Frame Of Mind”। এগৰাকী পৰিচালকৰ মনস্তাত্বিক অৱস্থাক কেন্দ্ৰ কৰিয়েই উক্ত চুটি ছবিখন নিৰ্মাণ কৰি উলিয়াইছে নৱপ্ৰজন্মৰ পৰিচালক বিৰিঞ্চি কুমাৰ গগৈয়ে। অৱশ্যে, চুটি ছবিখনৰ কাহিনী, দৃশ্যগ্ৰহণ তথা সম্পাদনাৰ দায়িত্বতো আছে এই প্ৰতিভা গৰাকী। মূলতঃ নাটকৰ সৈতে জড়িত বিৰিঞ্চিয়ে এইখন চুটি ছবিৰ দ্বাৰাই কৰিছে প্ৰথম পৰিচালনা।

এগৰাকী পৰিচালকৰ মনস্তাত্বিক অৱস্থাক লৈ বিৰিঞ্চি কুমাৰ গগৈৰ "Frame Of Mind" 8


একোটা কাহিনী নিৰ্মাণৰ আঁৰত এগৰাকী পৰিচালকৰ মনত ততোধিক কথাই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি গৈ থাকে; এইবোৰ কেতিয়াবা ঋণাত্মক অথবা ধনাত্মকো হ’ব পাৰে। তেওঁ লিখি থকা কাহিনীটোৰ মাজত এনেদৰে কেতিয়াবা সোমাই পৰে যে নিজেও সেই কাহিনীটোৰ মাজৰ পৰা ওলাই অহাত তেওঁৰ অসুবিধা হয়। ঠিক তেনে এক কাহিনীৰেই নিৰ্মাণ কৰি উলিওৱা হৈছে “Frame Of Mind”। চুটি ছবিখনে ইতিমধ্যে বহুকেইখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত ছবি সমাৰোহত মনোনয়ন লাভ কৰাত সক্ষম হৈছে; আনহাতে, চুটি ছবিখনৰ অধিকাংশ শ্ব’টেই পৰিচালক গৰাকী ক্ল’জ শ্ব’টৰ ব্যৱহাৰ কৰিছে। ইয়াত অভিনীত অভিনেতা গৰাকীৰ মুখৰ ভংগিমা খিনিক পুংখানুপুংখ উপস্থাপনত মনোনিৱেশ কৰিছে পৰিচালক গৰাকীয়ে। ইয়াত অভিনয় কৰিছে কল্লোল নাথে লগতে সংগীতৰ দায়িত্বত আছে অলকেশ দত্ত। ৰং শংকৰ কাশ্যপৰ আৰু শব্দ মিশ্ৰণ বিভূ মহন্তৰ। অহা মাহৰ ভিতৰত হয়টো এই চুটি ছবিখনক ৰাইজৰ মাজত উলিয়াই দিয়া হ’ব। অৱশ্যে, স্তব্ধতা যদিও অইন বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল; তৎস্বত্বেও এই স্তব্ধতাই গ্ৰাস কৰিব পৰা নাছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক। একাংশৰ প্ৰতিভাৰ আৱিৰ্ভাবৰ লগতে বহু নৱপ্ৰজন্মৰ সুন্দৰ কাম সমূহ আমি উপভোগ কৰিবলৈ সক্ষম হৈছিলো। ঠিক সেইখিনি সময়ৰ পৰাই আমি একোখন অসমীয়া চুটি ছবি সমূহৰ মুক্তিক লৈ উৎসাহিত হৈ পৰিছো। নতুন বিষয়বস্তু সমূহৰ সোঁৱাদ ল’বলৈ উৎকন্ঠিত হৈছো। এই নতুন প্ৰয়াস আৰু প্ৰচেষ্টাৰ বাবেই এওঁলোক আগবাঢ়িবলৈ আমি শুভকামনা জনাইছো।

এগৰাকী পৰিচালকৰ মনস্তাত্বিক অৱস্থাক লৈ বিৰিঞ্চি কুমাৰ গগৈৰ "Frame Of Mind" 9

আহিবলগীয়া সময়ত বিৰিঞ্চি কুমাৰ গগৈৰ অইন একাংশ প্ৰকল্পৰ বাবেও অপেক্ষাৰত হৈ পৰিছে দৰ্শক সমাজ। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও আগন্তুক প্ৰকল্প সমূহক লৈ জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26944/feed 0 26944
সৌৰভ শইকীয়াৰ “প্ৰতিশ্ৰুতি” ৰে খলকনি চচিয়েল মিডিয়াতঃ https://rupaliparda.com/archives/26917 https://rupaliparda.com/archives/26917#respond Mon, 21 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26917 এখন ছবিয়ে যেনেদৰে আমাক এখন অইন পৃথিৱীলৈ টানি লৈ যায়; ঠিক তেনেদৰে এখন উপন্যাসে আমাক ঠিক একেখিনি সোঁৱাদেই প্ৰদান কৰে। আমি কল্পনা ৰাজ্যত উপন্যাস অথবা গল্পৰ এটা চৰিত্ৰক লৈ ঘূৰি ফুৰো; আৰু সেইবাবেই হয়টো আজৰি সময়ত কিতাপ পঢ়াটো বহুতৰেই অভ্যাস সদৃশ। কিতাপখনক লৈ কেতিয়াবা একোজন পঢ়ূৱৈয়ে নিদ্ৰাদেৱীৰ কোলাতো আশ্ৰয় লৈ পৰে; আনহাতে, আমি একাংশ এনেও পঢ়ূৱৈ দেখিছো যিয়ে একোখন উপন্যাস মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতেই শেষ কৰি পেলায়। অৱশ্যে বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিৰ ফলত বহু সুবিধা হোৱাও পৰিলক্ষিত হৈছে; যেনেদৰে ডিজিটেল প্লেটফৰ্মত আমি একোখন ছবি নাইবা চুটি ছবি উপভোগ কৰিব পাৰো ঠিক তেনেদৰে খণ্ড খণ্ডকৈ আমি একোখন উপন্যাসো চচিয়েল মিডিয়াৰ জৰিয়তে পঢ়িব পাৰোঁ। বিগত “লক-ডাউন” ৰ সময়ছোৱাত আমি প্ৰত্যেকেই স্তব্ধ হৈ পৰিছিলো বহু দিনৰ বাবে; একাংশই আৰ্থিক অনাটনৰ সন্মুখীন হৈছিল যদিও আন একাংশই বহু দিনৰ অন্তত নিজ পৰিয়ালটোৰ সৈতে সময় অতিবাহিত কৰিবলৈ পাইছিল। আনহাতে আকৌ, আন একাংশই নিজৰ পূৰণি অভ্যাসটোকেই হওঁক অথবা নিজৰ সুপ্ত প্ৰতিভাটোকেই হওঁক আকৌ এবাৰ জনসাধাৰণৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰিছিল। শেহতীয়াকৈ, চচিয়েল মিডিয়াত “প্ৰতিশ্ৰুতি” শীৰ্ষক এটি কাহিনীৰ মুঠ তিনিটা খণ্ডয়ে খলকনিৰ সৃষ্টি কৰিছে পঢ়ূৱৈৰ মাজত। শ্বেয়াৰ লাভ কৰিছে কাহিনীটোৱে; এগৰাকী পৰিচালক ৰূপে চিনাকী সৌৰভ শইকীয়াই এই কাহিনীটো লিখি উলিয়াইছে।

সৌৰভ শইকীয়াৰ "প্ৰতিশ্ৰুতি" ৰে খলকনি চচিয়েল মিডিয়াতঃ 10


অৱশ্যে, বিগত “লক-ডাউন” সময়তে সৌৰভ শইকীয়াই “প্ৰতিশ্ৰুতি” ৰ প্ৰথমটো অধ্যায় লিখি সমাপ্ত কৰিছিল আৰু শেহতীয়াকৈ তেওঁ আৰম্ভ কৰিছে ইয়াৰ দ্বিতীয়টো অধ্যায়। ৰহস্যধৰ্মী এই ধাৰাবাহিক গল্পটোৱে সমাদৰো লাভ কৰা দেখা পোৱা গৈছে। প্ৰকৃত প্ৰেম পাহৰিব পৰা নাযায়; চকুৰ আঁতৰ হ’লেও সি মনৰ কোনোবা এটা চোকত ক্ৰিয়া কৰি থাকে। আচলতে, এই ক্ৰিয়াই কেতিয়াবা ঋণাত্মক প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰে। অৱশ্যে, বৰ্তমান আমি ধনাত্মক-ঋণাত্মক পৰ্যালোচনালৈ নাযাওঁ; মাত্ৰ এটাই কথা ক’ম যে এই “প্ৰতিশ্ৰুতি” ধাৰাবাহিক গল্পটোত আপোনালোক আটাইয়ে সোঁৱাদ প্ৰকৃত প্ৰেমৰ আজৱ শক্তিৰ; যি কোনো মূহুৰ্ততেই দূৰত যাবলৈ নিবিচাৰে। গল্পটোৰ নায়ক সঞ্জয়ো এগৰাকী প্ৰেমিক; তেওঁৰ প্ৰেম বৰষা কেতিয়াবাই চকুৰ আঁতৰ হৈছিল যদিও যেন এতিয়াও সঞ্জয় বৰষাক লৈ ব্যস্ত। বৰষা সুখ-দুখ, হাঁহি- কান্দোন বৰ্তমানেও সঞ্জয়ৰ জীৱনৰ আটাইকৈ আপোন। কিন্তু বৰষাৰ এই কল্পনাই সঞ্জয়ৰ জীৱনত কি বিভীষিকাৰ সৃষ্টি কৰে; সেয়া জানিবলৈ আপোনালোকে পঢ়িব লাগিব “প্ৰতিশ্ৰতি”। বৰ্তমান এই দ্বিতীয় অধ্যায়টো “অৰ্ধ আকাশ” নামে পেজটোত উপলদ্ধ। উল্লেখ্য যে, সৌৰভ শইকীয়া সহিতে তেওঁৰ বন্ধুবৰ্গই এই ধাৰাবাহিক গল্পটোক লৈ এখন ৱেব চিৰিজ নিৰ্মাণৰ পৰিকল্পনা কৰিছে; ইতিমধ্যে তেওঁলোকে এই বিষয়ত কথা বতৰা আৰম্ভ কৰিছে। চতূৰ্থ শ্ৰেণীত পঢ়ি থকা দিনৰে পৰা নাটকৰ সৈতে জড়িত হোৱা সৌৰভ লেখক ৰূপে আত্মপ্ৰকাশ কৰাত তেওঁৰ অনুৰাগী উৎসাহিত হৈ পৰিছে।

সৌৰভ শইকীয়াৰ "প্ৰতিশ্ৰুতি" ৰে খলকনি চচিয়েল মিডিয়াতঃ 11

সৌৰভ শইকীয়াৰ চুটি ছবিসমূহত লাভ কৰা নতুনত্ব সমূহৰ দৰে এই গল্পটিটো পঢ়ূৱৈয়ে লাভ কৰিছে ব্যতিক্ৰমী স্বাদ। এই দ্বিতীয় অধ্যায়ত এটা অগতানুগতিক কাহিনীৰে খণ্ড সমূহ আগবঢ়াই নিছে সৌৰভে। বাকী, আন তিনিটা খণ্ডৰ বাবে শেহতীয়াকৈ অপেক্ষাৰত প্ৰতিজন।

]]>
https://rupaliparda.com/archives/26917/feed 0 26917
|| মহোৎসৱত মনোজ কুমাৰ গোস্বামীৰ কাহিনীৰে নিৰ্মিত ” পাপ “||- উৎপল মেনা https://rupaliparda.com/archives/26861 https://rupaliparda.com/archives/26861#respond Thu, 17 Jun 2021 11:00:00 +0000 https://rupaliparda.com/?p=26861 সীমান্ত ফুকন । নাট্যকৰ্মী । নতুন নাট্য চিন্তাৰে আমাক কেইবাবাৰো ছুই গৈছে । সৰুপৰ্দাতো চাইছো কেইবটাও মন ছুই যোৱা কাম । কথা প্ৰসঙ্গত আজি ( ১৬ জুন , ২০২১ ) পৰিচালক গৰাকীয়ে ক’লে — “
আমাৰ চুটি চিনেমা ‘PAAP’ নিৰ্বাচিত হৈছে ( Official Selection ) FILMINGO INTERNATIONAL SHORT FILM FESTIVAL-2020 ,Mumbai – ত প্ৰদৰ্শনৰ বাবে । চুটি চিনেমা খনৰ প্ৰসঙ্গত পৰিচালক সীমান্ত ফুকনে কয় : পৰিৱৰ্তিত সময়ৰ মেৰপেচত ক্ৰমে খঁহিপৰা সামাজিকতাৰ এক নগ্নৰূপ হ’ল “পাপ”।প্ৰতিটো পুৱা যেন এক ভয় লগা ৰুঢ় বাস্তৱ আমাৰ দুৱাৰ দলিত ৰৈ থাকে হি গোপণে-সংগোপনে। আৰু এক অজান আশংকা,ভয় তথা অনামি উত্তেজনাৰে পাৰ হয় আমাৰ প্ৰতিনিয়ত।আচলতে উদ্দেশ্যহীন ভাৱে গঢ়ি উঠা নগৰীয়া চঞ্চলতাত বিব্ৰত হোৱা মানুহৰ কষ্টকৰ শ্বাস-প্ৰশ্বাসৰ অনুৰণনৰ নিৰ্মোহ ৰেখাংকনেই হ’ল “পাপ”। কাহিনী:মনোজ কুমাৰ গোস্বামীৰ ।https://www.filmingo.in/filmingo-2020-official-selection/ চিত্ৰনাট্য:সীমান্ত ফুকন আৰু অসীম কুমাৰ নাথৰ ,সংগীত:অহিৰ ভৈৰৱৰ। অভিনয় কৰিছে অৰুণ নাথ আৰু চিমি গোস্বামীয়ে।

|| মহোৎসৱত মনোজ কুমাৰ গোস্বামীৰ কাহিনীৰে নিৰ্মিত " পাপ "||- উৎপল মেনা 12


কথা প্ৰসঙ্গত “অন্য আকাশ” কথা ক’লে পৰিচালক গৰাকীয়ে । ” বয়স বৃদ্ধি এটা স্বাভাবিক প্ৰক্ৰিয়া।এই চুটি ছবিখনত এগৰাকী বয়স্ক ভদ্ৰলোক সৌৰভ হাজৰিকাৰ আবেগ আৰু চহৰীয়া জীৱনৰ বস্তুবাদী সুখ স্বাচ্ছন্দ্যৰ সতে খাপ খাব নোৱাৰা তেওঁৰ অৱস্থাক আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে।ব্যক্তিৰ জীৱনত অতীত স্মৃতিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰে।গ্ৰাম্যাঞ্চলত জন্ম হৈ ডাঙৰ দীঘল হোৱা এজন ব্যক্তিয়ে সেই জীৱনৰ সতে সম্পৃক্ত থকা স্মৃতি কেতিয়াও এৰি চলিব নোৱাৰে । মৰম সাদৰ অথবা সকলো প্ৰয়োজনীয়তা পূৰ্ণ হৈ থাকিলেও তেওঁ স্মৃতিকাতৰ হৈ কটায়।জীৱনৰ অধিক সময় যি ঠাইত পাৰ কৰে সেই ঠাইখনলৈ যাবলৈ বা তাতে থাকিবলৈ তেওঁৰ ইচ্ছা হয়।সৌৰভৰ দৰে মানুহে তেনে ঠাইতে মুকলিমুৰিয়া , স্বাধীনতা অনুভৱ কৰে।অৰ্ণবৰ দৰে সততে তেওঁৰ যত্ন লৈ থকা পুত্ৰ থাকিও,অপৰ্ণাৰ দৰে সাদৰী বোৱাৰী থকাৰ পিচতো,ছাঁ‌ৰ দৰে থকা বিজিত আৰু মৰমলগা নাতিনী আদৰ পাইয়ো তেওঁ অসম্পূৰ্ণ যেন অনুভৱ হয়।বয়স বৃদ্ধি এক সংবেদনশীল বিষয়। কাহিনী:সীমান্ত ফুকন,চিত্ৰনাট্য-সংলাপ:নৱজ্যোতি বৰা,সংগীত:অহিৰ ভৈৰৱ। মূখ্য চৰিত্ৰত:বিষ্ণু খাৰঘৰীয়া সহযোগী চৰিত্ৰত:গীতাৱলী ৰাজ কুমাৰী,সুনিল আকাশ,ত্ৰিদীপ শৰ্মা। শিশু শিল্পী:হিয়াংগী ফুকন। “

|| মহোৎসৱত মনোজ কুমাৰ গোস্বামীৰ কাহিনীৰে নিৰ্মিত " পাপ "||- উৎপল মেনা 13

|| সীমান্ত ফুকনৰ আন এক চিনেকৰ্ম “TEARS OF RAIN”….The others. ||

একৈশ শতিকাৰ আধুনিক জীৱনশৈলীয়ে গৰকি যোৱা বিজ্ঞানৰ যুগতো “কিন্নৰ” সকলৰ প্ৰতি মানুহৰ মানসিকতা হয়তো যৎ-কিঞ্চিতহে সলনি হৈছে বা কোনো কোনো ক্ষেত্ৰত সমাজ তথা পৰিয়াল সাপেক্ষে সলনি হোৱাই নাই ৷ কিন্নৰ সকল অ-প্ৰাকৃতিক নহয় ৷ মাথো কিছু শাৰীৰিক পার্থক্যৰ বাবেই তেওঁলোক সমাজৰ আনকি পৰিয়ালৰো অৱহেলিত ৷ শাৰীৰিক পার্থক্য থাকিলেও তেওঁলোকৰ হৃদয়ৰ তাড়না সাধাৰণ লোকৰ সৈতে একে ৷ “Teares of Rain”মূলত তৃতীয় লিংগ সকলৰ প্ৰেম ভালপোৱা, আবেগ অনুভূতি, খং ৰাগ, মান-অভিমান, আক্ষেপ,অভিযোগ আৰু অন্তৰৰ হাঁহাকাৰৰ বর্হি: প্ৰকাশ ৷

কাহিনী:অজন্তা চিত্ৰনাট্য: সীমান্ত ফুকন,গৌতম বৰা,সংগীত:নিপন চুতীয়া। অভিনয়:অৰ্ঘদ্বীপ বৰুৱা,অসীম কৃষ্ণ বৰুৱা,পাকিজা বেগম আৰু পাঁচ গৰাকী প্ৰকৃত কিন্নৰ,শিশু শিল্পী:ৰোহন গৌতম আৰু আদ্ৰিত আনয়ণ।

|| মহোৎসৱত মনোজ কুমাৰ গোস্বামীৰ কাহিনীৰে নিৰ্মিত " পাপ "||- উৎপল মেনা 14

তিনিওখন চুটি চিনেমা Deep Sea Production ৰ বেনাৰত প্ৰযোজনা কৰিছে চৈয়দ ইচ্‌মে আলমে,পৰিচালনা:সীমান্ত ফুকন,সহকাৰী পৰিচালক:ৰনাল হুছেইন আৰু প্ৰয়াস ফুকন,চিত্ৰগ্ৰহণ(DOP):পৃথৱী
ৰাজ দত্ত,সম্পাদনা:মানস কাশ্যপ আৰু প্ৰতীম লামা,মেকাপ:বিশ্বজিৎ কলিতা।

]]>
https://rupaliparda.com/archives/26861/feed 0 26861
“পৰিচালক হ’বলৈ বিচৰা এজন সাধাৰণ ল’ৰাহে মই; যিয়ে ছবি ভাল পায়।”- লোচন কৌশিক https://rupaliparda.com/archives/26780 https://rupaliparda.com/archives/26780#respond Tue, 15 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26780 কিছুদিন পূৰ্বে অৰ্থাৎ এই “আংশিক লক-ডাউন” ৰ মাজতেই আমি এখন চুটি ছবি “The Barbel Piece” উপভোগ কৰিছিলো। সাধাৰণ ৰাইজৰ সমান্তৰালকৈ চুটি ছবিখন উপভোগ কৰি ভাল পাইছিলে পৰিচালক ভাস্কৰ হাজৰিকাৰ লগতে এগৰাকী পৰিচালক আৰু চলচিত্ৰ সমালোচক উৎপল দত্তই। এটা loop ত নিৰ্মাণ হোৱা উক্ত চুটি ছবিখনত হত্যাকাণ্ডৰ ঘটনা অৰ্থাৎ “মাৰ্ডাৰ মিষ্ট্ৰী” ৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে। সমান্তৰালকৈ, এগৰাকী নাৰীৰ দৃঢ়তাকো উপস্থাপন কৰা হৈছিল এই চুটি ছবিখনত। এগৰাকী নাৰীৰ মনস্বাত্বিক খেলি-মেলিকে লৈ নিৰাপত্তাহীনতা আদি বিষয়সমূহৰ কিছু কিছু কথাক লৈ উক্ত চুটি ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিছিল পৰিচালক লোচন কৌশিকে। এই চুটি ছবিখন আছিল তেওঁৰ আৰম্ভণি; ইয়াৰ লগতে তেওঁ পৰিচালক ৰূপে খোজ পেলাইছে এই ছবি ক্ষেত্ৰখনত। শেহতীয়াকৈ আমি এই পৰিচালক গৰাকীৰ প্ৰথমটো পৰিচালনা তথা তেওঁৰ আহিবলগীয়া কাম সমূহৰ বিষয়ে জানিবলৈ তেওঁৰ সৈতে পাতিছিলো কিছু কথা। কেতিয়াৰ পৰা এই ক্ষেত্ৰখনক লৈ ইচ্ছা জাগিছিল বুলি প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, “The Babel Piece” মোৰ প্ৰথম কাম। চিনেমা তথা নাটক দুয়োটাই উপভোগ কৰি ভাল পাওঁ। তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত দুখন নাটকৰ স্ক্ৰীপ্ট লিখিছিলো; তাৰে এখনত অৰ্থাৎ বিগত বৰ্ষত “শ্ৰেষ্ঠ চিত্ৰনাট্য লিখক” বঁটা লাভ কৰিলো; সমান্তৰালকৈ তিনি চাৰিখন মান নাটকত অভিনয়ো কৰিছো। নাটক সমূহ কৰি থকা অৱস্থাত একাংশ বিখ্যাত পৰিচালক তথা তেওঁলোকৰ সুন্দৰ স্ক্ৰীপ সমূহৰ সৈতে চিনাকী হ’বলৈ সক্ষম হ’লো। তেতিয়াৰ পৰাই বিখ্যাত ছবি পৰিচালকৰ চিনেমা সমূহ উপভোগ কৰিবলৈ আৰম্ভ কৰিলো।”

"পৰিচালক হ'বলৈ বিচৰা এজন সাধাৰণ ল'ৰাহে মই; যিয়ে ছবি ভাল পায়।"- লোচন কৌশিক 15
"পৰিচালক হ'বলৈ বিচৰা এজন সাধাৰণ ল'ৰাহে মই; যিয়ে ছবি ভাল পায়।"- লোচন কৌশিক 16


তেওঁ আগলৈ কয় যে,” কৰিয়ান ছবি “Memories Of Murder”, জাপানৰ ছবি “Ikiru” আৰু Tokyo Story, ফ্ৰান্সৰ ছবি Peradiso, সত্যজিৎ ৰায়ৰ ভিন্ন খন ছবিৰ লগতে ইটালীৰ Neo Realism Cinema, ফ্ৰান্সৰ new Wave Cinema ইত্যাদিয়ে মোৰ ওপৰত প্ৰভাৱ পেলালে। মই স্নাতক পঢ়ি থকা অৱস্থাত চিনেমাকে গৱেষণাৰ বিষয়ৰূপে গ্ৰহণ কৰিলো আৰু তাত পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত আমিষ আৰু কথানদীক লৈ আলোচনা কৰিছিলো। The Babel Piece যদিও মোৰ প্ৰথম কাম তথাপিও মই আগন্তুক কালছোৱাত আৰু কাম কৰিবলৈ প্ৰস্তুত। এইখিনিতে, মই ক’ব বিচাৰিম যে চিনেমালৈ অহা আগতে এই বিষয়টোক অধ্যয়ন কৰাৰ লগতে দৰ্শন শাস্ত্ৰ, ৰাজনীতি, সাহিত্য আদি বিষয়টো অধ্যয়ন থকাটো দৰকাৰী। মোৰ প্ৰথমটো প্ৰকল্পত ভুল ৰৈ গৈছে; গতিকে মই আশা কৰোঁ যে এই ভুলখিনিক মনত ৰাখি মই যাতে মোৰ আগৰ প্ৰকল্প সমূহ ভালদৰে নিৰ্মাণ কৰিব পাৰো। বৰ্তমানলৈ মই এগৰাকী পৰিচালক ৰূপে নিজক চিনাকী দিবলৈ বেয়া পাম; সেই সাৱলীলতা এতিয়ালৈ মই শিকা নাই। শিকাৰ চেষ্টাহে অব্যাহত ৰাখিছো। পৰিচালক হ’বলৈ বিচৰা এজন সাধাৰণ ল’ৰাহে মই; যিয়ে ছবি ভাল পায়।” এগৰাকী পৰিচালক ৰূপে তেওঁ কেনে ধৰণৰ কাহিনীক লৈ আকৰ্ষিত বুলি কৰা প্ৰশ্নৰ উত্তৰত লোচন কৌশিকে কয় যে, “মোৰ মতে এটা কাহিনীত যেতিয়া সমাজৰ বাস্তৱ দৃশ্যখন প্ৰতিফলিত কৰা ক্ষমতা থাকে তেতিয়া সেই কাহিনীভাগ মোৰ প্ৰিয় হৈ পৰে। সমাজ ব্যৱস্থাক এখন পৰ্দাৰ জৰিয়তে দাঙি ধৰা ছবিবোৰ মোৰ মতে শ্ৰেষ্ঠ।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক প্ৰকল্পৰ বিষয়ে কি ক’ম/কি নক’ম হৈ পৰিছো। পৰিকল্পনা কিছু আছে। সময় আহিলেই আৰু পৰিচালনাত ব্যস্ত হ’ম; দুটামান কাহিনীয়ে বাৰুকৈয়ে দিগদাৰ দি আছে।”

"পৰিচালক হ'বলৈ বিচৰা এজন সাধাৰণ ল'ৰাহে মই; যিয়ে ছবি ভাল পায়।"- লোচন কৌশিক 17


পৰিচালক গৰাকীৰ প্ৰথমটো চেষ্টাক উৎসাহিত হৈছিল একাংশ দৰ্শক গতিকে তেওঁৰ ফালৰ আৰু কিছু ভাল প্ৰকল্পৰ আশা কৰিছে প্ৰত্যেকেই। সেইবাবে, আমিও ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা তেওঁৰ আহিবলগীয়া প্ৰকল্পসমূহৰ বাবে যাঁচিছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26780/feed 0 26780
|| অনলাইন চলচ্চিত্ৰ মহোৎসৱ ‘জয় ‘ কৰিয়ো অসমৰ সংবাদ মাধ্যমত ‘ জিলিকি ‘ আছে অসমীয়া চিনেমা! || – উৎপল মেনা https://rupaliparda.com/archives/26773 https://rupaliparda.com/archives/26773#respond Sat, 12 Jun 2021 06:45:00 +0000 https://rupaliparda.com/?p=26773 ১৯৫৬ চন । কাঁ চলচ্চিত্ৰ মহোৎসৱত সন্মানিত হৈছিল ‘ পথেৰ পাঁচালী ‘ । সত্যজিৎ ৰায়ৰ এই চিনেমেটিক কলাই কেৱল বাংলা চিনেমাৰে নহয় , ভাৰতীয় চিনেমাৰো দুৱাৰ মুকলি কৰিছিল ‘চিনেমা বিশ্ব ‘ যাত্ৰাৰ ।

|| অনলাইন চলচ্চিত্ৰ মহোৎসৱ 'জয় ' কৰিয়ো অসমৰ সংবাদ মাধ্যমত ' জিলিকি ' আছে অসমীয়া চিনেমা! || - উৎপল মেনা 18


‘ পথেৰ পাঁচালী ‘ ( ২৬ আগষ্ট , ১৯৫৫ ত চিত্ৰগৃহলৈ আহিছিল ) বিশ্বৰ চিত্ৰৰসিকে চোৱাৰ সুযোগ পোৱাৰ আগৰ সময় চোৱাত ভাৰতীয় চিনেমা মানেই ধাৰণা আছিল ‘ canned theatre ‘ । চিনেমাত চিনেমেটিক সৌন্দৰ্যৰ সন্ধান কৰা দৰ্শকে ভাৰতীয় চিনেকৰ্মত ‘ ফিল্ম শিল্প ‘ দেখা নাছিল , অনুভৱৰ অৱকাশ পোৱা নাছিল । কাৰণ ? চিনে পণ্ডিতৰ চিনেচৰ্চাত স্পষ্ট — সাহিত্যধৰ্মী সংলাপ – মঞ্চাঅভিনয়ৰে আক্ৰান্ত আছিল । প্ৰমথেশ বৰুৱা , ভি শান্তৰাম আদিৰ চিনেকৰ্মত ‘গল্প ‘ আছিল গতি নাছিল । বিশেষকৈ অভিনয়ত অপেৰাৰ প্ৰভাৱ স্পষ্ট আছিল । এই প্ৰসংগত ‘ আজছা চিত্ৰপট ‘ত অজয় মাহ্‌ত্ৰেয়ে লিখিছে , ” নাটকৰ ওচৰৰ , মঞ্চাভিনয়ৰ দূৰৰ নহয় বছৰি নিৰ্মাণ হোৱা ৮০ – ৯০ শতাংশ ভাৰতীয় চিনেমা । ক’ব পাৰি সৰহ সংখ্যক ভাৰতীয় চিনেমায়ে চলমান ছবি বা কথাছবি পৰ্যায়ৰ । আজিৰ তাৰিখতো ( গ্ৰন্থ খন প্ৰকাশ পাইছিল ১৯৮৪ চনত ) ভাৰতত কথাছবি নিৰ্মাণ হয় বেছি , চিনেমা কম । একাংশ পৰিচালকৰ গীত -নৃত্য ব্যৱহাৰ নকৰা কথাছবিক আৰ্ট ফিল্ম নাম দিয়া হয় । এই ধাৰাটোত কিছু উন্নত কাম কৰে হিমাংশু ৰায় , বিমল ৰয় , চেতন আনন্দ আদিয়ে । এই ধাৰাটো কথাছবিৰ পৰা চিনেমালৈ উত্তৰণ হয় ‘ পথেৰ পাঁচালী ‘ নামেৰে ।”

‘ পথেৰ পাঁচালী ‘ৰ সফলতাৰে ‘ ভাৰতীয় চিনেমা ‘ মজবুট হোৱাৰ আঁৰত এক চিনেশক্তিয়ে পৰিশ্ৰম কৰিছিল । সেই চিনেশক্তিৰ নাম — ‘ কলিকতা ফিল্ম ছোচাইটি ‘। ১৯৪৭ চনত সত্যজিৎ ৰায়ৰ নেতৃত্বত স্থাপিত হৈছিল । উদেশ্য নিৰ্মল চিনে চৰ্চাৰে চিনেশিল্পৰ উত্তৰণৰ পথ প্ৰসস্থ কৰা । ‘ নিৰ্মল চিনেচিন্তা ‘ ৰ সূত্ৰ ভিন্ন জনৰ চিন্তাত ভিন্ন হোৱা বাবে চিনে সংস্থাটো ১৯৫২ চনত বন্ধ হয় । ১৯৫৬ চনত চিনে সংস্থাটোৰ চিনেচৰ্চাই গতি লয় । সমৰেশ বসুৰ ‘ নন্দন ‘ত প্ৰকাশ পোৱা বাংলা চিনেমা কেন্দ্ৰীক লেখাত পঢ়িছো — ” নিৰ্মল বা বিশুদ্ধ চিনেমাৰ তিনটা বিন্দু স্পষ্ট হৈছিল কলিকতা ফিল্ম ছোচাইটিৰ মজিয়াত । ১৯৫৬ চনত সেই বিন্দু তিনিটাক এটা বিন্দুলৈ ৰূপান্তৰ কৰিছিল সত্যজিৎ ৰায়ে , ‘ পথেৰ পাঁচালী ‘ৰে । চিনেমা চিন্তা ভিন্ন আছিল । আৰু ভিন্ন সেই চিনেমি চিন্তা দেখিছিল নতুন পৰিচালক ৰায়ৰ চিনেমা খনত । কথাটো এনেধৰণৰ নেকি , সেই সময়লৈ বিশুদ্ধ ভাৰতীয় চিনেমা নিৰ্মাণ হোৱা নাছিল ! … ” আছিল নে নাছিল ? চৰ্চা আৰম্ভ হৈছিল । আৰু চৰ্চা চলি থকা সময়তে ‘ পথেৰ পাঁচালি ‘ ৰে চিনেমা বিশ্বত যাত্ৰা আৰম্ভ কৰিছিল ভাৰতীয় চিনেমাই ।

|| অনলাইন চলচ্চিত্ৰ মহোৎসৱ 'জয় ' কৰিয়ো অসমৰ সংবাদ মাধ্যমত ' জিলিকি ' আছে অসমীয়া চিনেমা! || - উৎপল মেনা 19


১৯৫২ চনত ভাৰতত প্ৰথমবাৰ আৰম্ভ হৈছিল আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ । ” সেই চিনেমা উৎসৱত বিশ্বৰ চিত্ৰৰসিকৰ ওচৰত লাজ পাইছিল ভাৰতৰ চিত্ৰৰসিকে । ৪০ খন চিনেমা প্ৰদৰ্শন কৰিছিল । দুখীয়া আছিল ভাৰতীয় চিনেমা , পৰিচালকৰ চিন্তা । ” ( সমৰশ বসু ) পৰবৰ্তী বৰ্ষত ভবিছিল বিমল ৰায়ৰ ‘ দো বিঘা জমিন ‘ চিনেমা খনে বিশ্বৰ চিত্ৰৰসিকক সন্তুষ্ট কৰিব । কিন্তু আলোচক সকলে ক’লে — ‘ বাইচাইকেল থীফ ‘ৰ প্ৰভাৱ স্পষ্ট ।


১৯৫৬ চনত ভাৰতলৈ আহিছিল বৃটিছ সমালোচক মেৰী চিতন । চিনেমা চৰ্চাৰ কেইবাটাও অনুষ্ঠানত চিনেমাৰ কথা কৈছিল । প্ৰসঙ্গক্ৰমে কৈছিল — ” সত্যজিৎ ৰায়ে মৌলিক চিন্তাৰে নতুন বাট দেখুৱাইছে । আৰু ভাৰতীয় আলোচক সকলে ‘ পথেৰ পাঁচালী ‘ বিষয়ত সঠিক সিদ্বান্ত লৈছে । ‘ পথেৰ পাঁচালী ‘ক ভেটি হিচাবে লৈ কাম কৰিলে ভাৰতীয় চিনেমাই শীৰ্ষ স্থান দখল কৰিব পাৰিব ।”

( উৎস : Cinema India – The Visual Culture of Film )
‘পথেৰ পাঁচালী ‘ কেন্দ্ৰীক সুস্থ চিনেমা চৰ্চা সম্ভৱ হৈছিল ‘ কলিকতা ফিল্ম ছোচিইটিৰ ‘ পৰিৱেশ নিৰ্মাণ আৰু নিয়ন্ত্ৰনৰ বাবে । কোনো পক্ষই সাধাৰণ মানৰ চিনে কৰ্মক অসাধৰণ কৰাৰ কচৰৎ আৰম্ভ কৰিলেই ‘ কলিকতা ফিল্ম ছোচাইটিয়ে ‘ প্ৰতিবাদ কৰিছিল । প্ৰতিবাদ কৰি যথাস্থানত লিখিছিল । সেই সময়ত বহুতে এনে ধৰনেও চৰ্চা কৰিবলৈ চেষ্টা কৰিছিল — এয়া দৰাচলতে ফিল্ম ছোচাইটিৰ নামত সত্যজিৎ ৰায়ৰ প্ৰতিবাদ ! আৰু এনে ধাৰণাৰ বাবে কলকতাৰ একাংশ চিনেমা সমালোচকে ‘ পথেৰ পাঁচালী ‘ ক প্ৰথম পৰ্যায়ত স্বীকৃতি দিব খোজা নছিল কলকাতা , মুম্বাইৰ একাংশ চিনেমা আলোচকে । স্বীকৃতি দিবলৈ অৱশ্যে বাধ্য হৈছিল বিদেশৰ চিত্ৰৰসিক , সমালোচকে অসাধৰণ মৌলিক চিনেশিল্প হিচাবে প্ৰশংসা কৰাৰ পিছত । — এতিয়া আহিছো অসমীয়া চিনেমাৰ প্ৰসংগলৈ । শেহতীয়া ভাবে সাধাৰণ চিনেকৰ্মক প্ৰচাৰ মাধ্যমৰ সহায়ত অসাধাৰণ চিনেকৰ্মৰ তালিকাভুক্ত কৰা হৈছে ‘ বঁটা ‘ কেন্দ্ৰীক চৰ্চাৰে । আজিৰ তাৰিখত ‘ বঁটা প্ৰাপ্ত চিনেমা মানেই সাৰ্থক চিনেমা ‘ ধাৰণা নিৰ্মাণ হৈছে একাংশ চতুৰ ‘ পৰিচালক – প্ৰযোজকৰ প্ৰযোজনাত । চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা মানেই অসাধাৰণ চিনেমাৰ তালিকাত ৰাখি ‘ সংবাদ ‘ নিৰ্মাণৰ অলিখিত নিয়ম পালনৰ প্ৰতিযোগিতা আৰম্ভ হৈছে । স্বাভাবিকতে এনে ধাৰণা, নিয়মে ক্ষতি কৰিছে চিনেমাৰ ,অসমীয়া চিনেমাৰ । — হয় , দেশ – বিদেশৰ ১৮ – ২০ খন চলচ্চিত্ৰ মহোৎসৱ আছে , যি কেইখনত প্ৰদৰ্শন হ’লে , বঁটা পালে সাৰ্থক চিনেকৰ্ম নোচোৱাকৈয়ে কব পাৰি । দেশ – বিদশৰ এই ১৮ – ২০ টা চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা প্ৰদৰ্শন হৈছে কেইখন ? — দেশ – বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ‘ হালধীয়া চৰায়ে বাঁও ধান খায় ‘ -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ – ১৯৮৮ চনত । শেহতীয়া ভাবে ২৫ – ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ‘ জয় ‘ কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকা ব্যৱসায় কৰিব পৰা নাই কিয় ? — এই যে পৰা নাই , ইয়াতেই স্পষ্ট হৈ আছে শেহতীয়া ভাবে মহোৎসৱ ‘ জয় ‘ কৰা চিনেমা কেইখনৰ মান । “জয় ‘ কৰা চলচ্চিত্ৰ মহোৎসৱ কেইখনৰ মান । এনে ‘ জয় ‘ৰ প্ৰচাৰ পৰ্বই যে অসমীয়া চিনেমাৰ ক্ষতি কৰিছে ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! — যদি অসমতো ‘ কলিকতা ফিল্ম ছোচাইটি ‘ৰ দৰে সাধাৰণ চিনেমাক অসাধাৰণ কৰা কাৰ্যৰ বিৰূদ্ধে ঠিয় হোৱা কনো চিনেসংস্থা থাকিল হেতেন !

|| অনলাইন চলচ্চিত্ৰ মহোৎসৱ 'জয় ' কৰিয়ো অসমৰ সংবাদ মাধ্যমত ' জিলিকি ' আছে অসমীয়া চিনেমা! || - উৎপল মেনা 20


কথাটো এনে ধৰনৰ নহয় — আজিৰ তাৰিখত অসমত চিনেশক্তি থকা পৰিচালক নাই । — আছে , ৰীমা দাস , জয়ছেং জয় দহোতীয়া , অনুপম কৌশিক বৰা , ভাস্কৰ হজৰিকাৰ দৰে নিৰৱে চিনেকৰ্ম কৰা চিনেকৰ্মীয়ো আছে । নতুন চিন্তাৰে সাৰ্থক চিনেকৰ্ম কৰি দৰ্শকৰ মন – মগজু ছুই যোৱা পৰিচালক । কিন্তু প্ৰচাৰ পৰ্বৰ বাবে আঁৰতে থাকি যায় । — কিছু দিন পূৰ্বে এখন অসমীয়া চিনেমাৰ বঁটা কেন্দ্ৰীক চৰ্চা কৰিছিলো । কথা প্ৰসঙ্গত পৰিচিলক – অভিনেতা যদুমণি দত্তই ক’লে — ” সেই বঁটাটো প্ৰতিমাহে দিয়ে । সেই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ খন প্ৰতিমাহে হয় । অনলাইন চলচ্চিত্ৰ মহোৎসৱ । ” এনে মহোৎসৱ ‘জয় ‘ কৰিয়ো অসমৰ সংবাদ মাধ্যমত ‘ জিলিকি ‘ আছে অসমীয়া চিনেমা ।


(২)
সমস্যা — চিনেচৰ্চা । বিশুদ্ধ চিনেচৰ্চা । সত্যজিৎ ৰায়ৰ ‘ পথেৰ পাঁচালী ‘ৰ পিছৰ সময় ছোৱাতে বিভাজন স্পষ্ট হয় ভাৰতীয় চিনেমাৰ । ভুল চিনেচৰ্চাৰ বাবে এক ধাৰণাৰ নিৰ্মাণ হয় — গীতৰ ফেণ্টাচি চিত্ৰায়ণ ব্যৱহাৰ নহোৱা , ছাঁ – পোহৰৰ চলমান চিত্ৰয়ে ‘ আৰ্ট ফিল্ম ‘। আৰু গীত – নৃত্য ব্যৱহাৰ কৰি গল্প কোৱা চলমান চিত্ৰয়ে — ‘
কমাৰ্চিয়েল ফিল্ম ‘ ।
আর্ট ফিল্ম ‘ নো কি ? — কোনো কোনোৱে আৰু ক’ব খোজে , যি চিনেমাত সৃষ্টিশীলতাৰ আনন্দ অনুভৱৰ অৱকাশ , কেৱল চিনেশিল্পৰ সৌন্দৰ্য পানৰ অৱকাশ থাকে। আৰু কোৱা হয় পৰিচালকে নিজেৰ ভাবনাক , চিনেচিন্তিক প্রাণ দিয়াৰ স্বাৰ্থত যি চিনেমা ৰচনা কৰা হয় , বজাৰ চিন্তা শূণ্য , কেৱল শিল্প চিন্তৰ গুৰুত্ব স্পষ্ট , সেয়াই ‘ আৰ্ট ফিল্ম ‘ ।


আৰ্ট ফিল্ম ‘ ধাৰণা নাছিল ; কিন্তু ভাৰতত আৰম্ভ হৈছিল ১৯২০ – ১৯৩০ ৰ দশকত। কোৱা হয় এই শৈলী বাবুৰাও পেইণ্টাৰৰ নিৰ্বাক চলমান ছবি Savkari Pash (Indian Shylock) দেখা যায় । চিনেমা খনৰ গল্পত আছে ( মই চোৱাৰ সুযোগ পোৱা নাই । ‘ইণ্ডিয়ান চিনেমা ‘ত পঢ়িছিলো । ) এজন দৰিদ্ৰ কৃষকৰ মন – মগজু ছুই যোৱা ছবি । লুভীয়া জমিদাৰ এজনৰ হাতত নিজৰ মাটি হেৰুৱাই । — কি কৰিব ? কামৰ সন্ধানত চহৰলৈ যোৱাৰ বাহিৰে অন্য উপাই নাছিল । কৃষিকৰ্ম বাদ দি কল-শ্রমিক হিসাবে কাম কৰিবলৈ বাধ্য হয় । চিনে আলোচক সকলৰ লেখাত পোৱা যায় — চিনেমা খনত শিল্পলৈ ৰূপান্তৰ হোৱাকেইবাটাও শ্বট আছে , যি কেইটাক ভাৰতীয় চিনেমাৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয় । উদাহৰণ : মিড শ্বটত এটা জুপুৰি, কাষত এটা বলীয়া কুকুৰ ।

— ৮০ মিনিত দৈৰ্ঘৰ Savkari Pash চিত্ৰগৃহলৈ আহিছিল ১৯২৫ চনত । আৰূ এই ধাৰাই গতি লৈছিল চল্লিছ দশকৰ শেষ ভাগৰ পৰা ১৯৬৫ চনৰ সময় ছোৱাত । আগবঢ়াই নিছিল গুৰু দত্ত, ভি. চন্তৰাম , তপন সিংহা, খাৱাজা আহমেড আৱাজ, বুদ্ধদেৱ দাসগুপ্ত, চেতন আনন্দ, মৃণাল সেন, ঋত্বিক ঘটক আদিৰ লগতে সত্যজিৎ ৰায়ে । আৰু ধাৰাটোক ‘ বিশ্ব চিনেমা ‘ পৰ্যায়লৈ নি বিশুদ্ধ চিনেমালৈ ৰূপান্তৰ কৰি প্ৰতিস্থা কৰে । এই সময় ছোৱাত আৰু পৰৱৰ্তী সময় ছোৱাত গল্প – উপন্যাসক ৰূপালী গল্গলৈ ৰূপান্তৰ কৰাত গুৰুত্ব এই ধাৰাৰ একাংশ পৰিচালকে ।


সত্যজিৎ ৰায়ৰ লগতে এই ধাৰাটো মজবুট কৰে শ্যম বেনেগাল, মনি কৌল, ৰাজিন্দৰ সিং বেদী, কন্তিলাল ৰাথোড় আৰু চৈয়দ আখটাৰ মিৰ্জা , আদুৰ গোপালকৃষ্ণন, কে. পি. কুমাৰন, জি অৰবিন্দন, জন আব্ৰাহাম, পদ্মৰাজন, ভাৰথান, টি. বি. চন্দ্ৰত , ছাজি এন. কৰণ , আৰিবাম শ্যাম শৰ্মা আদিয়ে ।


— ১৯৬৫ – ১৯৯০ চনৰ সময় ছোৱাত ‘ আৰ্ট ফিল্ম ‘ ধাৰণাটো ইমানেই স্পষ্ট হৈছিল যে অভিনেতা – অভিনেত্ৰীকো ছুইছিল । শাবানা আজমী, স্মিতা পাটিল, অমল পালেকাৰ, ওম পুৰী, নাছিৰুদ্দিন শ্বাহ, কুলভূষণ খাৰবান্দা, পংকজ কাপুৰ, দীপ্তি নাভাল, ফাৰুক শ্বেইখ আদিক কোৱা হৈছিল ‘ আৰ্ট ফিল্ম ‘ৰ অভিনয় শিল্পী । নাছিৰুদ্দিন – শাবানাক কোৱা হৈছিল এই ধাৰাৰ সফল আৰু জনপ্ৰিয় যুটী । ( অসমাপ্ত )

]]>
https://rupaliparda.com/archives/26773/feed 0 26773
“মোৰ এই চুটি ছবিখনে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল”- শ্ৰুতিমান দেউৰী https://rupaliparda.com/archives/26722 https://rupaliparda.com/archives/26722#respond Sat, 12 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26722 অসমবাসীয়ে প্ৰতিটো সময়ত একোজন এনে প্ৰতিভাক উপভোগ কৰে; যিয়ে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হোৱাৰ লগতে দৰ্শকে এই প্ৰতিভা সমূহ শ্বেয়াৰ কৰাটোও গ্ৰহণযোগ্য হৈ পৰে। আমি হয়টো এতিয়ালৈ এনে বহু প্ৰকল্পক উপভোগেই কৰা নাই যাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰো। মুঠতে, সেয়াই। আমাৰ এই ৰাজ্যখন বহুল হাৰত প্ৰতিভাৰে পৰিপূৰ্ণ। ছবিয়েই হওঁক, সংগীত অথবা নৃত্য তথা অভিনয় ইত্যাদি যিয়েই নহওঁক কিয়; চোকে-কোণে আপুনি এনে একোজন নৱপ্ৰজন্মক দেখিবলৈ পাব যিয়ে হয়টো পঢ়াৰ সমান্তৰালকৈ নিজ ইচ্ছাৰ তথা আগ্ৰহৰ বিষয়টোকো আগবঢ়াই লৈ গৈছে। ৰূপালীপৰ্দা পেজখনত যদি আপোনালোকে এবাৰ চকু ফুৰায়; তাতেই আচলতে আপোনালোকে দেখিবলৈ পাব প্ৰতিভা সমূহক। কেৱলমাত্ৰ একঘেয়ামী ধাৰণাৰে কন্ঠদান কৰি যোৱা অথবা কোনো এক বস্তু সৃষ্টিত নহয়; এই প্ৰতিভাসকল বিশ্বাসী নতুনত্বৰ প্ৰকাশত। প্ৰায় প্ৰত্যেকগৰাকী প্ৰতিভাক ইতিমধ্যে আগন্তুক পৰিকল্পনাৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁলোকে জনসাধাৰণৰ মাজত নতুনত্ব সৃষ্টি কৰাৰ ওপৰতেই বিশ্বাসী বুলি উত্তৰত দিয়ে। আমি শেহতীয়াকৈ কথা পাতিছিলো মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত এনে এগৰাকী প্ৰতিভা শ্ৰুতিমান দেউৰীৰ সৈতে; তেওঁক আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “প্ৰায় মই ৫ বছৰ মান আগৰ পৰাহে ছবি নিৰ্মাণৰ সৈতে জড়িত হৈ আছো; সঁচা কথা ক’বলৈ গ’লে মোৰ পৰিয়ালটো সংগীত ক্ষেত্ৰখনক লৈহে ব্যস্ত আছিল। মোৰ দাদা (ধৃতিমান দেউৰী) ই সৰুৰ পৰাই সংগীত শিকিছিল আৰু মা-দেউতাইও এই বিষয়টোত সঁহাৰি জনাইছিল। মই ট্ৰামপেড আৰু গীতাৰ বজোৱাৰ লগতে বহুখিনি অইন সংগীতশিল্পীৰ সৈতে মঞ্চত পৰিৱেশনো কৰিছো। গতিকে, তেনেকৈয়ে এই মনোৰঞ্জন ক্ষেত্ৰখনত আগবাঢ়িলো আৰু এই চিনেমা দিশটোৰ সৈতে জড়িত হোৱা কথাটো যদিও হঠাৎ আছিল তথাপিও এইক্ষেত্ৰখনক লৈ মই বৰ্তমান ব্যস্ত; নিজক আগতকৈ অধিক উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো।

"মোৰ এই চুটি ছবিখনে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল"- শ্ৰুতিমান দেউৰী 21


যিহেতু শেহতীয়াকৈ শ্ৰুতিমান দেউৰীয়ে এগৰাকী দৃশ্যগ্ৰহণকাৰী ৰূপেও কৰ্ম সম্পাদন কৰিছে; গতিকে তেনেক্ষেত্ৰত তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছিল যে, পৰিচালকৰ বিষয়বস্তু এটাক ৰাইজৰ সমুখলৈ পুংখানুপুংখভাৱে উপস্থাপন কৰাটো কিমান প্ৰত্যাহ্বানমূলক বুলি ভাবে? তেতিয়া তেওঁ কয় যে, “এখন ছবি নিৰ্মাণত তিনিটা পৰ্যায় আছে; প্ৰি-প্ৰডাকচন, ফটোগ্ৰাফী আৰু পোষ্ট প্ৰডাকচন। গতিকে, ছবি নিৰ্মাণৰ প্ৰথম পৰ্যায়টোতেই যদি পৰিচালকৰ সৈতে প্ৰত্যেকেই বিষদভাৱে আলোচনা সমূহ কৰি লয় তেতিয়াহ’লে পিছলৈ কাম কৰি যোৱাটো সহজ হৈ পৰে। অকণমান সময় লৈ যদি প্ৰি-প্ৰডাকচনতেই পৰ্যালোচনা কৰা হয় তেন্তে কেৱল দৃশ্যগ্ৰহণকাৰীৰ বাবেই নহয় ছবিখনৰ সৈতে জড়িত প্ৰত্যেকৰে বাবে কাম সহজ হৈ পৰে। আচলতে, এই প্ৰি-প্ৰডাকচন পৰ্যায়টো মোৰ বাবে আমোদদায়ক কাৰণ তাত এগৰাকী পৰিচালকে কি বিচাৰে অথবা কি উপস্থাপন কৰিব বিচাৰিছে আটাইবোৰ বুজি পাব পাৰি। অৱশ্যে ভিন্ন জন পৰিচালকৰ সৈতে কাম কৰাৰ ষ্টাইল বেলেগ বেলেগ কৰিব লগা হয়; একাংশ পৰিচালকে “ষ্টৰীব’ৰ্ড” অথবা শ্ব’ট সমূহ নিজে পৰ্যালোচনা কৰি চায়। কিন্তু, একাংশ এনেও পৰিচালক আছে যিয়ে দৃশ্যগ্ৰহণকাৰীৰ ওপৰত সমষ্ট দায়িত্বভাৰ অৰ্পণ কৰে। তথাপিও, আপোনাৰ প্ৰশ্নৰ উত্তৰত মই এটাই কথা ক’ম যে এগৰাকী পৰিচালকৰ বিষয়বস্তু উপস্থাপন দৃশ্যগ্ৰহণকাৰীৰ বাবে কেতিয়াও টান নহয় যদিহে প্ৰথম পৰ্যায়তে পৰিচালক গৰাকীয়ে কি বিচাৰিছে তাৰ বিষয়ে আলোচনা কৰি লয়।” শ্ৰুতিমান দেউৰীৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “শেহতীয়াকৈ মই এখন সাংগীতিক তথ্যচিত্ৰ “The Lyricak Rongdanis” ৰ সৈতে জড়িত হৈছিলো। মেঘালয়ৰ মানিকগঞ্জস্থিত সংগীতশিল্পী ৰংগদানী ৰাভাৰ সাংগীতিক যাত্ৰাৰ লগতে ৰাভা সম্প্ৰদায়ৰ লুপ্তপ্ৰায় একাংশ বাদ্যযন্ত্ৰ তথা সম্প্ৰদায়টোৰ বিষয়ত দেখুওৱা হৈছিল উক্ত তথ্যচিত্ৰখনত। ইয়াৰ পৰিচালনাৰ দায়িত্বত আছিল আকাশ বসুমতাৰী আৰু ধৃতিমান দেউৰী; লগতে কেমেৰাত মোৰ সৈতে আছিল আকাশ আৰু শ্যামল নাথ। আনহাতে চাউণ্ডত আছিল সীমান্ত চৌধুৰী তথা ধৃতিমান। সম্পাদনা শ্যামল নাথৰ।”

"মোৰ এই চুটি ছবিখনে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল"- শ্ৰুতিমান দেউৰী 22
"মোৰ এই চুটি ছবিখনে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল"- শ্ৰুতিমান দেউৰী 23


আগলৈ তেওঁ কয় যে, “ইয়াৰ লগতে মই PSBT ৰ বাবে ১০ মিনিট দৈৰ্ঘ্যৰ এখন চুটি ছবি নিৰ্মাণ কৰিছিলো। PSBT Film Making Challenge নামে এক প্ৰতিযোগিতাত মোৰ এই চুটি ছবিখনে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। “গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট” ভিতৰত বসবাস কৰা পৰিয়াল সমূহ তথা ক’ৰোণা মহামাৰীৰ ফলত তেওঁলোকে সন্মুখীন হোৱা সংঘৰ্ষক লৈয়ে নিৰ্মাণ কৰা হৈছিল এই চুটি ছবিখন। আনহাতে, PSBT ৰ তৰফৰ পৰা লাভ কৰা পুঁজিৰ পৰাই মই এখন তথ্য চিত্ৰ নিৰ্মাণত ব্যস্ত হৈ আছো; এইবাৰো এইখন “গড়ভঙা” ক লৈয়ে নিৰ্মিত। ৩০ মিনিট দৈৰ্ঘ্যৰ ভিতৰত হয়টো তথ্যচিত্ৰ নিৰ্মাণ হ’ব।”

]]>
https://rupaliparda.com/archives/26722/feed 0 26722