Assamese latest tv series – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 07 Sep 2021 06:41:02 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Assamese latest tv series – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Nktv ত নতুন সংযোজন, সৌৰভ বৈশ্যৰ পৰিচালনাৰে “মামৰ”- https://rupaliparda.com/archives/28281 https://rupaliparda.com/archives/28281#respond Tue, 07 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28281 মনোৰঞ্জন ক্ষেত্ৰখনে অবিৰত ভাৱে দৰ্শকক আমোদ প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে। প্ৰতিদিনেই বহু নতুন খবৰৰ সৈতে আগবাঢ়িছে তেওঁলোক, নতুন একোটা বিষয়বস্তুক লৈ নিৰ্মিত একোটা প্ৰকল্পই আমাক উৎসাহিত নকৰাকৈও অৱশ্যে নাই থকা। আমি প্ৰত্যেকগৰাকী ব্যক্তি অপেক্ষাৰত এই নতুন প্ৰকল্প সমূহ উপভোগৰ বাবে, যদিও চিত্ৰগৃহ সমূহত ক’ভিড দুৰ্যোগৰ ফলত স্তব্ধতাই বিৰাজ কৰিছে তথাপিও মনোৰঞ্জন প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰিছে একাংশই। এনেক্ষেত্ৰত নৱপ্ৰজন্মৰ সক্ৰিয়তা আমি একাষাৰে মানি ল’ব লাগিব, তেওঁলোকৰ কনচেপ্ট আৰু বৰ্তমান প্ৰেক্ষাপটৰ সৈতে সংযোজিত একাংশ ঘটনাক কাহিনী আকাৰে সঁজাই এওঁলোকে দৰ্শকৰ আগত উপস্থাপন কৰাটোৱে আচলতে আপ্লুত কৰে প্ৰতিগৰাকী দৰ্শকক। শেহতীয়াকৈ বহুলভাৱে চৰ্চিত ছবি “কাহিনীৰ আঁৰৰ কাহিনী” ৰ পৰিচালক সৌৰভ বৈশ্যৰ পৰিচালনাৰে আপোনালোকৰ মাজলৈ আহিবলৈ সাজু হৈছে এখন নতুন টিভি চিৰিজ “মামৰ”। Nktv ৰ প্ৰযোজনাৰে নিৰ্মিত এই চিৰিজখনৰ নামটোৱেই যথেষ্ট দৰ্শকক উৎকণ্ঠিত কৰিবলৈ সক্ষম হৈছে, চিনাকী মুখবোৰৰ অচিনাকী একোটা চৰিত্ৰৰে “মামৰ” চিৰিজখনৰ কাহিনীভাগক অগ্ৰগতি দিয়া হৈছে। চিৰিজখনৰ সদ্যমুক্তিপ্ৰাপ্ত ট্ৰেইলাৰে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শক সমাজক, আপোনালোক নিশ্চয় অৱগত যে এই গুৱাহাটী মহানগৰ খন বাহিৰৰ পৰা দেখিবলৈ যিমান সুন্দৰ তথা মনোৰম প্ৰাকৃতিক পৰিৱেশেৰে আবৃত, ইয়াৰ ভিতৰচোৱা সিমানেই কৰ্দয্যময়।

Nktv ত নতুন সংযোজন, সৌৰভ বৈশ্যৰ পৰিচালনাৰে "মামৰ"- 1


আকস্মিক ভাৱে হোৱা আপোনজনৰ মৃত্যু আৰু সেই মৃত্যুৰ আঁৰত লুকাই থকা ৰহস্যজনক হত্যাকাণ্ড, একাধিক লোকৰ হত্যা আৰু তাৰ পিছৰ তদন্ত। এই আটাইবোৰ ঘটনা-পৰিঘটনাক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে টিভি চিৰিজ “মামৰ”, যি অতিশীঘ্ৰে Nktv ত সম্প্ৰচাৰ লাভ কৰিব। পৰিচালনাৰ লগতে আন কেইবাটাও বিভাগ ক্ৰমে দৃশ্যগ্ৰহণ, সম্পাদনা, সহযোগী লিখক আৰু ভি এফ এক্সৰ দায়িত্বও বহন কৰিছে সৌৰভ বৈশ্যই নিজেই। চিৰিজখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ হিমাংশু শৰ্মাৰ। সংগীত কৰিছে হীৰক নাথে আৰু শব্দ পৰিচালনা বিকাশ জ্যোতি কলিতাৰ। ৰং শ্যামল দাসৰ। সহঃ দৃশ্যগ্ৰহণকাৰী মৃদুল কলিতাৰ লগতে ইয়াত সহঃ পৰিচালনাৰ দায়িত্বত আছে দীপজ্যোতি মালি। চিৰিজখনত চিবিআই বিষয়া হিচাবে গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাই। তেওঁৰ সৈতে অভিনয় কৰিছে ক্ৰমে অমিতাভ ৰাজখোৱা, ভ্ৰান্তি মেধি, আফতাব আহমেদ, সিদ্ধাৰ্থ মুখাৰ্জী, পৰাগ শৰ্মা, অপূৰ্ব ঠাকুৰীয়া, কৌশিক নাথ, প্ৰদ্যুত বিকাশ দাস, নয়ন জ্যোতি, স্বাগতা ভৰালী, স্বপন দাস, হেমন্ত দেৱনাথ, গৌতম ঠাকুৰীয়া, অখিল কলিতা, দীপজ্যোতি মালি, বলেন চৌধুৰী, কুমুদ তালুকদাৰ, গণেশ দাস, অশোক ৰাজ দাস, ৰাতুল দাস, স্বপ্না দাস, তছলিমা ৰহমান, দিৱস দৰ্শন,ডঃ ভাৰ্গৱ জ্যোতি চহৰীয়া,পংকজ কুমাৰ,জীৱন মালি, পুষ্পা শইকীয়া, দিলীপ শৰ্মা,কংকণা বৈশ্য, সীমান্ত দাস, নিতুল মালি, ধ্ৰুৱ জ্যােতি নাথ, ৰমেন মালি, ধ্ৰুবজ্যোতি দাস, নমিতা দাস বৈশ্য, কংকণ দাস, নিপেন শৰ্মা, বিজয়, ধীৰাজ নাথ, দীপজ্যোতি নাথ আৰু সৰোজিনী দাসে।

Nktv ত নতুন সংযোজন, সৌৰভ বৈশ্যৰ পৰিচালনাৰে "মামৰ"- 2


ক্ৰাইম থ্ৰীলাৰ সমৃদ্ধ এই চিৰিজখনে দৰ্শকৰ সঁহাৰি আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হওঁক তাৰেই আশা কৰিছোঁ। লগতে, ৰূপালীপৰ্দাৰ তৰফৰ পৰা “মামৰ” সৈতে জড়িত প্ৰতিগৰাকীকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

]]>
https://rupaliparda.com/archives/28281/feed 0 28281