Assamese poet – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 12 Oct 2021 05:34:12 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Assamese poet – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “নতুন নতুন চিন্তাৰে কবিতাক দাঙি ধৰিব মন আছে”- বেদান্ত হাজৰিকা https://rupaliparda.com/archives/28716 https://rupaliparda.com/archives/28716#respond Wed, 13 Oct 2021 05:30:00 +0000 https://rupaliparda.com/?p=28716 সৰুৰে পৰা আমি গাই অহা ‘অ’ মানে অমিতা’, ‘আ’ মানে আম’ কবিতাটোৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় পৰিচালক, চিত্ৰনাট্যকাৰ আৰু এগৰাকী কবি হিমাংশু প্ৰসাদ দাসৰ ‘ঔ ছোৱালী এবাৰ ভালপাই চাবি’ শীৰ্ষক কবিতাটোলৈ আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্বৰূপ হৈছে সাহিত্য তথা মনোৰঞ্জন এই মাধ্যমটো। শেহতীয়াকৈ ‘হাজাৰবাৰ প্ৰেমত পৰিম’ নামে কবিতাটিয়ে চচিয়েল মিডিয়াত বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন বেদান্ত হাজৰিকাৰ কথা আৰু আবৃত্তিৰে ইউটিউবত মুক্তিপ্ৰাপ্ত উক্ত কবিতাটিৰ প্ৰতিটো শব্দ আছিল একোজন প্ৰেমিকৰ বাবে আৱেগৰ মেটমৰা বোজা। আমি আপোনালোকৰ ওচৰলৈ প্ৰতিদিনেই কিছু নতুন আৰু এক্সক্লুচিভ খবৰ লৈ অনাৰ প্ৰয়াস কৰিছোঁ আৰু এই নিৰলস প্ৰয়াসৰ বশৱৰ্তী হৈয়ে আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ বেদান্ত হাজৰিকাক। তেওঁৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলোঁ কিছু কথা। বেদান্ত হাজৰিকাৰ ব্যক্তিগত ইউটিউবত চেনেলত যদিও বৰ্তমানলৈকে বহু বেছি কবিতাৰ সংযোজন নাই হোৱা তথাপিও তেওঁৰ শব্দসমূহৰ বাবে অনুৰাগী এতিয়া প্ৰতিজন শ্ৰোতা-দৰ্শক।


বেদান্ত হাজৰিকাৰ মতে ‘কবিতা’ ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “জীৱন, কবিতা আৰু প্ৰেম” এইকেইটাৰ সংজ্ঞা দিয়াটো মোৰ বাবে বৰ টান‌। সহজ ভাষাত কবিতা মোৰ বাবে ভাললগা, ভালপোৱা আৰু দুখৰ সময়টো হাঁহি এটা বিচাৰি পোৱাৰ কাৰণ।” কবিতা লিখিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু কেনেদৰে বুলি সোধাত তেওঁ কয় যে, “একেবাৰে সৰুৰ পৰাই কবিতাৰ সৈতে সম্পৰ্ক এটা গঢ়ি উঠিছিল। আবৃত্তি কৰি ভাল পাইছিলো কিন্তু লিখিবলৈ চেষ্টা কৰা নাছিলোঁ কেতিয়াও। গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ জালুকবাৰীৰ বতাহ এটাক অনুভৱ কৰিবলৈ লৈছিলোঁ, লিখিবলৈ আৰম্ভ কৰিলোঁ। সঁচা অৰ্থত, মোক লিখাৰ ক্ষেত্ৰত লগৰবোৰে সাহস দিলে, প্ৰেৰণা দিলে আৰু তেতিয়াৰ পৰাই কবিতা লিখাটো মোৰ বাবে হৈ পৰিল নিচা।” সংগীত ক্ষেত্ৰখনলৈ অহাৰ কথা ভাবিছা নেকি বুলি প্ৰশ্ন কৰাত বেদান্তই কয় যে, “নাই, গানৰ ক্ষেত্ৰত একেবাৰে দক্ষতা মোৰ নাই। ৰেপ সংগীতৰ চৰ্চা মাজে মাজে কৰি থাকোঁ। কিন্তু, বেছিকৈ সপোন কবিতাক লৈয়ে দেখোঁ।”

"নতুন নতুন চিন্তাৰে কবিতাক দাঙি ধৰিব মন আছে"- বেদান্ত হাজৰিকা 1


বেদান্ত হাজৰিকাই নিজৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে জনাই তেওঁ কয় যে, “নতুন নতুন চিন্তাৰে কবিতাক দাঙি ধৰিব মন আছে।কবিতাক “commercialize” কৰিবলৈ মন আছে। লগতে, বিশেষকৈ চিনেমাত অন্তৰ্ভূক্ত কৰিবলৈ মন আছে।” বেদান্ত হাজৰিকাৰ আগন্তুক পৰিকল্পনা সমূহৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/28716/feed 0 28716
“মাথো সলনি হয় সময়, মন আজিও একে”, বেদান্ত হাজৰিকাৰ নতুন কবিতাঃ https://rupaliparda.com/archives/28620 https://rupaliparda.com/archives/28620#respond Thu, 07 Oct 2021 08:30:00 +0000 https://rupaliparda.com/?p=28620 কথাতে কয়, কবিয়ে হেনো কল্পনাত সপোন ৰচে। নিঁয়ৰৰ কণিকাটো তেওঁলোকে মুকুতা বাচে। স্কুলীয়া পাঠ্যক্ৰমসমূহত অন্তৰ্ভূক্ত কবিতাসমূহৰ লগতে আমি প্ৰায়ে অইন কবি সমূহৰ কবিতাসমূহকো পঢ়িবলৈ বিচাৰোঁ; তেওঁলোকৰ অন্তৰ্নিহিত ভাৱধাৰা সমূহ আমি প্ৰায়ে বুজিবলৈ চেষ্টা কৰোঁ। কবিতা আৰু সংগীতৰ মাজত এক গভীৰ সম্পৰ্ক আছে বুলি সকলোৱে কয়। এটা দিশৰ পৰা উদাহৰণ দিবলৈ হ’লে আপোনালোকে নিজেও হীৰু দাৰ যথেষ্ট সংখ্যক কবিতাৰে নিৰ্মাণ হোৱা গীতসমূহ শুনিছে। আজি আমি আপোনালোকৰ মাজলৈ কোনো গীত অথবা তাৰ আঁৰৰ কণ্ঠশিল্পীক লৈ অনা নাই । আমি আজি আপোনালোকক কবিতা এটাকে শুনাব বিচাৰিছোঁ, শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত কবিতাটিয়ে খলকনিৰ সৃষ্টি কৰিছে। ইয়াৰ নাম হৈছে ‘হাজাৰবাৰ প্ৰেমত পৰিম’। কবিতাটিৰ কথাই আপ্লুত কৰিছে প্ৰত্যেককে। মনোৰঞ্জন হৈছে এনে এক মাধ্যম যাৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ উৎফুল্লিত হ’বলৈ চেষ্টা কৰে। দেশত চলি থকা অমানৱীয়তা, অন্যায়, দূনীৰ্তি, ভ্ৰষ্টাচাৰ আদিবোৰৰ উৰ্দ্ধত জনসাধাৰণক কিছু সময়ৰ অৱকাশ, স্ফূৰ্তিৰ প্ৰয়োজন হয় আৰু এই আটাইবোৰৰ মাজত তেওঁলোকক প্ৰয়োজন হয় মনোৰঞ্জনৰ।


শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ‘হাজাৰবাৰ প্ৰেমত পৰিম’ শীৰ্ষক কবিতাটি লিখিছে বেদান্ত হাজৰিকাই। লগতে, কবিতাটি আবৃত্তি কৰাৰ লগতে ভিডিঅ’টিত অভিনয় কৰিছে বেদান্ত হাজৰিকা আৰু য়াশাশ্ৰী ভূঞাই। ভিডিঅ’ পৰিচালনা প্ৰণৱ ডিৰ আৰু দৃশ্যগ্ৰহণ কৰিছে ইক্ৰিম হক আৰু প্ৰণৱে। কবিতাটিৰ ইউটিউব লিংকৰ কমেণ্ট বক্সত আপুনি যদি এবাৰ চকু ফুৰাই তেতিয়াহ’লে তাত ইতিবাচক কমেণ্টেই দেখিবলৈ পাব। কোনো এটা সুন্দৰ প্ৰকল্পক লৈ আমি আকোঁৰগোজ হওঁ, তাতেই আকৌ যদি নৱপ্ৰজন্মৰ এনেধৰণৰ প্ৰয়াস পৰিলক্ষিত হয় তেতিয়াহ’লে তাতকৈ অধিক আমাৰ বাবে ভাললগা আৰুনো কি হ’ব পাৰে! বেদান্তৰ ইউটিউব চেনেলত তেওঁৰ আন কবিতা ক্ৰমে ‘মই তোমাৰ একপক্ষীয় প্ৰেমিক’, ‘ভালপাঁও তোমাক’ ইত্যাদিয়ে পূৰ্বৰে পৰা তেওঁৰ অনুৰাগীৰ লিষ্টখন দীঘলীয়া কৰি লৈ গৈ আছে। পূৰ্বে নিৰ্মিত উক্ত দুই কবিতাটেই ভিউচ লেখত ল’বলগীয়া।

"মাথো সলনি হয় সময়, মন আজিও একে", বেদান্ত হাজৰিকাৰ নতুন কবিতাঃ 2


আহিবলগীয়া সময়ত তেওঁৰ তৰফৰ পৰা আৰু অধিক কবিতাৰ আশা প্ৰকাশ কৰিছে শ্ৰোতা-দৰ্শকে। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/28620/feed 0 28620
“সাহিত্য চৰ্চাৰ ‘কবিতা’ এটা মাধ্যম হিচাপে লৈ প্ৰেমৰ মাজেৰে এনাজৰী গঢ়িবলৈ প্ৰয়াস কৰিছোঁ”- ধ্ৰুৱ পাঠক https://rupaliparda.com/archives/27426 https://rupaliparda.com/archives/27426#respond Fri, 16 Jul 2021 05:30:00 +0000 https://rupaliparda.com/?p=27426 কথাতে কয়, কবিয়ে হেনো কল্পনাত সপোন ৰচে। নিঁয়ৰৰ কণিকাটো তেওঁলোকে মুকুতা বাচে। স্কুলীয়া পাঠ্যক্ৰমসমূহত অন্তৰ্ভূক্ত কবিতাসমূহৰ লগতে আমি প্ৰায়ে অইন কবি সমূহৰ কবিতাসমূহকো পঢ়িবলৈ বিচাৰোঁ; তেওঁলোকৰ অন্তৰ্নিহিত ভাৱধাৰা সমূহ আমি প্ৰায়ে বুজিবলৈ চেষ্টা কৰোঁ। কবিতা আৰু সংগীতৰ মাজত এক গভীৰ সম্পৰ্ক আছে বুলি সকলোৱে কয়। এটা দিশৰ পৰা উদাহৰণ দিবলৈ হ’লে আপোনালোকে নিজেও হীৰু দাৰ যথেষ্ট সংখ্যক কবিতাৰে নিৰ্মাণ হোৱা গীতসমূহ শুনিছে। আমি আজি নৱপ্ৰজন্মৰ এগৰাকী কবিক আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, তেওঁৰ নাম হৈছে ধ্ৰুৱ পাঠক। ইউটিউবত তেওঁৰ কবিতা সমূহে ইতিমধ্যে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ এক্সক্লুচভলি তেওঁৰ সৈতে হোৱা কথা-বতৰা যোগে আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত ধ্ৰুৱ পাঠকে কয় যে, “কবিতা প্ৰত্যেক জনে সৰুতেই লিখিবলৈ আৰম্ভ কৰে,কিন্তু এই কবিতা এটা সুকীয়া নিজৰ অনুভৱত লিখা হয়। কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ যেতিয়া মই প্ৰেমত পৰিছিলোঁ। মোৰ প্ৰেয়সী প্ৰেম, প্ৰকৃতিৰ প্ৰেম, মোৰ জীৱনৰ প্ৰেম, ঘৰৰ প্ৰেম, নদী সাগৰ প্ৰেম ইত্যাদিক লৈ মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। সেই প্ৰেমৰ অনুভৱ বোৰ বুজাবলৈ কবিতাৰ প্ৰত্যেক শব্দৰ লগত খেলি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেতিয়াৰ পৰা লিখি আহিছোঁ। মই কবিতাৰ প্ৰথম প্ৰকাশ কৰিছিলোঁ মহাবিদ্যালয়ৰ বছৰেকীয়া আলোচনীত।”


কবিতা লিখিবলৈ ধ্ৰুৱ পাঠকৰ অনুপ্ৰেৰণা কোন আৰু কিয় বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “আচলতে মই প্ৰেমত হাবুডুবু খাই কবিতাৰ দিশটো বাছি লৈছিলোঁ কিন্তু এই দিশটোত সম্পূৰ্ণৰূপে মোৰ মা অনুপ্ৰেৰণাতহে আগবাঢ়ি যাব পাৰিছোঁ। সৰুৰ পৰা মাৰ মুখত কবিতাৰ শব্দবোৰ মোৰ কাণত পৰি আহিছিল, মাই এখন টোকাবহীত কবিতা বিলাক লিখি ৰাখিছিল আৰু সেইবিলাক মোক পঢ়াই শুনাই ৰাখি এই দিশটোৰ প্ৰতি মোক উৎসাহিত কৰিছিল। আজিও সেই টোকাবহী যিমানেই পূৰণি হৈ আহিছে সিমানেই মোৰ আৰু মা কবিতাৰ প্ৰতি আকৰ্ষিত বেছি হৈ আহিছে। অসমীয়া সমাজত অসমীয়া ভাষাৰ বৌদ্ধিক, শব্দৰ বিকাশ, কথা কোৱা জ্ঞান, প্ৰত্যেক জনে প্ৰত্যেক জনৰ লগত ভাল ব্যৱহাৰৰ মাধ্যম হৈছে সাহিত্য চৰ্চা। যি নতুন প্ৰজন্মৰ মাজত হেৰাই গৈছে। উগ্ৰ সমাজ ,ইলেট্ৰনিক যন্ত্ৰ আদিয়ে ধ্বংস কৰা নতুন প্ৰজন্মৰ সকলো ফালৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ সাহিত্য চৰ্চাৰ ‘কবিতা’ এটা মাধ্যম হিচাপে লৈ প্ৰেমৰ মাজেৰে এনাজৰী গঢ়িবলৈ প্ৰয়াস কৰিছোঁ মই আৰু মোৰ এই প্ৰয়াসত “আমাক” সংযোজন কৰিবলৈ আহ্বান কৰিছোঁ। তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “পৰিকল্পনা বুলি ক’লে বহুতো হেঁপাহ আছে মোৰ। কবিতা আগতে লিখিছিলোঁ আৰু কৰবাত প্ৰকাশ কৰিছিলোঁ। এতিয়া সেই কবিতা ভিডিঅ’ ৰূপত আগবঢ়াই দিবলৈ নতুনকৈ ভাবিছোঁ ইতিমধ্যে তাৰে প্ৰয়াস “বাখৰুৱা প্ৰেম” কবিতাটো যথেষ্ট আশীৰ্বাদ তথা সঁহাৰি লাভ কৰিছে ৰাইজৰ পৰা। আগন্তুক সময়ত মই আৰু কবিতাৰ চৰ্চা কৰি যাম, যদি ভগৱানে আশীৰ্বাদ কৰে নিশ্চয় কবিতা আগবঢ়াই যাম।”

"সাহিত্য চৰ্চাৰ 'কবিতা' এটা মাধ্যম হিচাপে লৈ প্ৰেমৰ মাজেৰে এনাজৰী গঢ়িবলৈ প্ৰয়াস কৰিছোঁ"- ধ্ৰুৱ পাঠক 3


কবিতাৰে প্ৰত্যেকগৰাকীক জনসাধাৰণক আকৰ্ষণ কৰিবলৈ বিচৰা ধ্ৰুৱ পাঠকৰ কবিতাই যাতে অনাগত দিনত আৰু অধিক চৰ্চা লাভ কৰিবলৈ সক্ষম হয় তাৰেই আশা ৰাখিছোঁ। তেওঁৰ প্ৰতিটো পৰিকল্পনাৰ বাবে তেওঁক জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/27426/feed 0 27426
“মিছ মেঘালী” ক লগত লৈ আহি আছে দেৱৰাজ বৰাঃ https://rupaliparda.com/archives/18938 https://rupaliparda.com/archives/18938#respond Fri, 07 Aug 2020 12:30:47 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18938 কবিতা আৰু সংগীত, গল্প অথবা উপন্যাস আৰু চলচিত্ৰ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। এটা কবিতাত যেতিয়া সুৰ,সংগীতৰ প্ৰয়োগ কৰা হয় তেতিয়াই এটা কবিতা আৰু অধিক গ্ৰহণযোগ্য হৈ পৰে। ঠিক তেনেদৰে এইবাৰ এগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পী দেৱৰাজ বৰা সাজু হৈছে এটি কবিতাক লৈ। দেৱৰাজৰ দাপোন দলিচা আৰু শব্দজাল কাব্য সংকলনৰ মুক্তিৰ পাছত কবিতা আবৃত্তিৰ পুনৰ যাত্ৰা নতুন উদ্যমৰে আহি আছে তেওঁৰ “মিছ মেঘালী বৰুৱা”। দেৱৰাজৰ মতে, ” গীতৰ লগতে কবিতা ও গৈ থাকিব; গীত আৰু কবিতা ৰে’ ল লাইন দুডালৰ দৰে। গীত বোৰ ঠিকনা বিহীন হৈ পৰে শব্দ অবিহনে ( ইয়াত মই ধ্বনিৰ কথা কোৱা নাই) আৰু শব্দবোৰক গুঁঠি গুঁঠি আমি কবিতা কৰো আৰু কবিতাক সুৰৰে গীত কৰো। যাৰ বাবে গীত বোৰ আমাৰ বেছি প্ৰিয় কবিতাৰ তুলনাত; কিন্তু আমি কবিতাক সদায় গুৰুত্ব দিব লাগিব কাৰণ এটা ভাল কবিতা অবিহনে এটা ভাল গীত অসম্ভৱ আৰু কবিতা এটা আবৃত্তি কৰা টো গীততকৈ বেছি প্ৰত্যাহ্বানমূলক কিয়নো ই অন্তৰৰ গভীৰতম কোণৰ পৰা সৃষ্ট। আমি নতুন প্ৰজন্মই কবিতাক গুৰুত্ব দিয়াটো বাধ্যতামূলক কাৰণ কবিতা বোৰ যিমান গভীৰ হ’ব গীত বোৰো সিমানেই গভীৰ আৰু শুৱলা হ’ব; তাৰ বাবেই কবিতাক মই ভালপাওঁ, কৰো আৰু অনাগত দিন বোৰতো মই চেষ্টা কৰি যাম এইদৰে।”

"মিছ মেঘালী" ক লগত লৈ আহি আছে দেৱৰাজ বৰাঃ 4


বৰ্তমান পৰিপ্ৰেক্ষিতত, একোজন নৱপ্ৰজন্মই পাৰ্যমানে নিজ প্ৰতিভাৰে আপ্লুত কৰাৰ চেষ্টা কৰিছে প্ৰত্যেককে। “লক-ডাউন” ৰ এই সময়ভাগত অধিকাংশ গীতৰ ৰচনাৰ লগতে ই লাভ কৰিছে মুক্তি। তেজপুৰত জন্মগ্ৰহণ কৰা এইগৰাকী নৱপ্ৰজন্মৰ যুৱকে গীতত কন্ঠদান কৰাৰ লগতে এটি গীতত কথা আৰু সুৰ দিয়াৰ দায়িত্বতো থাকে দেৱৰাজ। শেহতীয়াকৈ তেওঁৰ কথাৰে মুক্তি লাভ কৰা “উজাগৰী” শীৰ্ষক গীতটিয়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছিল ৰাইজৰ সঁহাৰি। এগৰাকী কন্ঠশিল্পী ৰূপে তেওঁ কন্ঠদানৰ সমান্তৰালকৈ তবলা, বাঁহী, দোতাৰা, ঢোল, কী বোৰ্ড আদি বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰতো পাৰ্গত।

"মিছ মেঘালী" ক লগত লৈ আহি আছে দেৱৰাজ বৰাঃ 5


সৰুৰ পৰাই সংগীতৰ প্ৰেমত পৰা এইগৰাকী কন্ঠশিল্পীয়ে প্ৰায়ে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিছে। দেৱৰাজৰ গীত সমূহত প্ৰাচ্য আৰু পাশ্চাত্যৰ সোঁৱাদো লাভ কৰিব পৰা যায়।

]]>
https://rupaliparda.com/archives/18938/feed 0 18938
“তুমিটো জানাই এই কবিৰ আৰু একো নাই”- হীৰেন ভট্টাচাৰ্য্যলৈ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ https://rupaliparda.com/archives/17497 https://rupaliparda.com/archives/17497#respond Sat, 04 Jul 2020 10:30:46 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17497 “তুমিটো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়”
………এনেধৰণৰ কেইবাটাও কবিতাৰ গৰাকী হীৰেন ভট্টাচাৰ্য্যৰ আজি মৃত্যুবাৰ্ষিকী। “কবি” বুলি ক’লেই প্ৰত্যেকৰে মনলৈ অহা এটা নাম। “সুগন্ধি পখিলাৰ কবি” অথবা “হীৰু দা” নামেৰে খ্যাত হীৰেন ভট্টাচাৰ্য্য দেৱৰ প্ৰতিটো কবিতা জনসাধাৰণৰ মাজত জনপ্ৰিয়। “আজি মোৰ এন্ধাৰতে টোপনি ভাগিল” শীৰ্ষক একোটা কবিতাৰ দ্বাৰা পঢ়ুৱৈৰ মন-মগজুত ঠাই বিস্তাৰ কৰা হীৰেন ভট্টাচাৰ্য্যৰ জন্ম হৈছিল যোৰহাটত। বিংশ শতিকাৰ শেষৰ দশককেইটাত অনিৰ্বাচনীয় কবিতাৰে পাঠকৰ মনগহ্বৰত সোমাই পৰা হীৰু দাৰ প্ৰথমখন কবিতাৰ সংকলন মুক্তি লাভ কৰে ১৯৭২ চনত; এই পুথিখনৰ নাম আছিল “মোৰ দেশ মোৰ প্ৰেমৰ কবিতা”।

"তুমিটো জানাই এই কবিৰ আৰু একো নাই"- হীৰেন ভট্টাচাৰ্য্যলৈ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ 6


জনপ্ৰিয় সাহিত্য সমালোচক হীৰেন গোঁহাইয়ে এবাৰ হীৰু দাৰ জীৱন সম্পৰ্কে বক্তব্য দাঙি ধৰোতে কৈছিল যে, “ওপৰে ওপৰে চালে হীৰেন ভট্টাচাৰ্য্যৰ জীৱন খেয়ালী আৰু বিশৃংখল। কিন্তু তেওঁৰ শিল্পী জীৱন বান্ধি ৰাখিছিল সহজে চকুত নপৰা ৰুচিবোধ আৰু সংযমেৰে। কাৰো লগত বিবাদ-বিতৰ্কত লিপ্ত হোৱাটো তেওঁৰ বাবে আছিল সময়ৰ অপচয়। অথচ অসমীয়া ভাষা সংস্কৃতিৰ ঐতিহ্যৰ বাবে তেওঁ সচেতনভাৱে দায়বদ্ধ আছিল।” ১৯৭৬ চনত হীৰেন ভট্টাচাৰ্য্যই লাভ কৰিছিল অসম সাহিত্য সভাৰ “ৰঘুনাথ চৌধুৰী বঁটা”; ইয়াৰ পিছতে তেওঁক প্ৰদান কৰা হয় বিভিন্নটা বঁটা ক্ৰমে “সাহিত্য অকাডেমী বঁটা” “বিষ্ণু ৰাভা বঁটা”, “বালাজী সাহিত্য বঁটা”, “চোভিয়েট দেশ নেহেৰু বঁটা” কে ধৰি আন বহুতো। ২০১২ চনত কবি গৰাকীৰ দেহাৱসান ঘটাত স্তব্ধ হৈ পৰিছিল অসমীয়া শিল্পী জগত। হীৰু দাই আগবঢ়োৱা অৱদানসমূহে অসমৰ সংস্কৃতিৰ ভঁৰাল পৰিপূৰ্ণ কৰি ৰখাত যথেষ্ট সহায় কৰিছে।

"তুমিটো জানাই এই কবিৰ আৰু একো নাই"- হীৰেন ভট্টাচাৰ্য্যলৈ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ 7


হীৰেন ভট্টাচাৰ্য্যৰ মৃত্যুবাৰ্ষিকীত তেওঁক স্মৰণ কৰি এটি গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গেও। “বকুল ফুলৰ দৰে” শীৰ্ষক গীতটিৰ জৰিয়তে জুবিন গাৰ্গে জ্ঞাপন কৰিছে হীৰু দালৈ শ্ৰদ্ধাঞ্জলি। কিছুদিন পূৰ্বে কন্ঠশিল্পী তৰালী শৰ্মাইও হীৰু দাই তেওঁলৈ আগবঢ়োৱা এটি গীত “সাঁজৰ তৰা” ক পুনৰ বাৰ মুকলি কৰি দিছিল।

]]>
https://rupaliparda.com/archives/17497/feed 0 17497