Assamese Theatre – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 01 Jun 2026 11:44:28 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Assamese Theatre – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Arun Sharma’s remarkable play, Sri Nibaran Bhattacharya staged under the auspices of Seagull—Prantik Deka https://rupaliparda.com/archives/33150 https://rupaliparda.com/archives/33150#respond Mon, 01 Jun 2026 11:43:15 +0000 https://rupaliparda.com/?p=33150 Seagull Theatre

Since its inception in 1990, the renowned Seagull Theatre has been dedicated to the art of performance, bringing stories to life through theatrical expression and creative artistry. On 28 and 29 May, Seagull Theatre played to a packed auditorium with its production of Arun Sarma’s Sri Nibaran Bhattacharya — a powerful milestone in Assamese theatre. Presented in Hindi for the first time by Seagull to reach a wider, pan-Indian audience, the play was envisioned and directed by Baharul Islam. Rooted in the work of acclaimed Assamese dramatist and novelist Arun Sarma — celebrated as one of the foremost voices in modern Assamese literature and stage — Sri Nibaran Bhattacharya brings his enduring vision vividly to life.

Seagull Theatre

Sarma was widely recognised for his distinctive and unconventional narrative style, as well as for his profound and often critical insights into the social fabric of his time. Over the course of his career, he authored a substantial body of work, including numerous plays and novels that deftly illuminated the subtleties, contradictions, and quiet struggles of everyday life.

In recognition of his significant contributions to literature and theatre, he was honoured with several prestigious accolades, including the Sahitya Akademi Award, the Sangeet Natak Akademi Award, and the Padma Shri in 2010, which formally recognised his influence on the country’s cultural and artistic landscape.

Seagull Theatre

Among his notable dramatic works, the play Sri Nibaran Bhattacharya stands out as a deeply moving and introspective piece. It offers a sensitive and layered portrayal of an artist’s profound desire to be acknowledged and understood, both as a creator and as an individual. Through this character’s inner turmoil and emotional solitude, the play examines themes of passion, alienation, and the unrelenting impulse to create despite neglect, misunderstanding, or isolation. In doing so, it becomes a testament to the resilience of the artistic spirit and the timeless human need to give form and voice to one’s innermost convictions and dreams.

Seagull Theatre

The music for the play was composed by Prashanta Kalita, while the set design was overseen by Rakibul Ahmed and Gouranga Narayan Dev. Costume and lighting arrangements were managed by Bhagirathi Bai, with Kanu Choudhury lending a helping hand with the lighting. The play was thoughtfully translated into Hindi by Asha Kothari Choudhury.

Performed at the Seagull Studio on Juroni Path, R.G. Baruah Road in Guwahati, the cast included talented artistes such as Baharul Islam, Raju Roy, Jit Baruah, Zia Bahar, Gouranga Narayan Dev, Rakibul Hussain, Amlan, Prashanta Das, Arbab Omar, Poppy, Manasi, Gunjan, and Hawa.

Additionally, there are plans underway to present the play in various cities throughout the country.

]]>
https://rupaliparda.com/archives/33150/feed 0 33150
“সংস্কৃতিৰ চৰ্চা দেখি দেখি মোৰ মনতো সংস্কৃতিৰ বীজ নিজে নিজে ৰোপন হৈছিল”- তুহিন কন্যা বৰা https://rupaliparda.com/archives/27946 https://rupaliparda.com/archives/27946#respond Fri, 13 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=27946 যেতিয়া এটা শিশুয়ে এক সাংস্কৃতিক পৰিয়ালত জন্ম গ্ৰহণ কৰে তেতিয়া সেই শিশুটো সৰুৰে পৰাই মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হৈ গৈ থাকে। নিজৰ সপোনৰ দিশে আগবাঢ়ি যাবলৈ প্ৰায়ে পিতৃ-মাতৃৰ লগতে সমগ্ৰ পৰিয়ালৰ লোকে উদ্গনি যোগোৱা আমি দেখিবলৈ পাওঁ। শৈশৱত নিজ গন্তব্য স্থান পাবলৈ যেনেদৰে জ্যেষ্ঠজনে আমাক হাত ধৰি লৈ যোৱা আমি দেখো ঠিক তেনেদৰে আমাৰ সপোনৰ বাটচোৱাতো তেওঁলোকৰ অৰিহণা মন কৰিবলগীয়া। নিচেই সৰুৰে পৰা এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী নৱপ্ৰজন্ম হৈছে তুহিন কন্যা বৰা। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি প্ৰতিদিনেই আপোনালোকৰ মাজলৈ একোগৰাকী প্ৰতিভাৰ বিষয়ে উপস্থাপন কৰি আহিছোঁ। শেহতীয়াকৈ এই জগতখনত কৰা আৰম্ভণি ক্ষেত্ৰত তেওঁ কয় যে, “সৌভাগ্যক্ৰমে মোৰ জন্ম এখন সাংস্কৃতিক দিশত আগবঢ়া ঘৰত হৈছিল। মোৰ দেউতা এজন নাট্যকর্মী হোৱাৰ লগতে মোৰ ককাও আছিল ভাওনা সংস্কৃতিৰ এজন সুদক্ষ অভিনেতা। শুনা মতে, আজুককাও হেনো আগতে ভাওনাৰ সূত্ৰধাৰ আছিল।আনহাতে, মোৰ মা যদিও পেছাত এগৰাকী শিক্ষয়িত্ৰী আছিল তথাপিও তেওঁ এগৰাকী অভিনেত্ৰী তথা আবৃত্তিকাৰ হিচাবেও পৰিচিত। মাৰ ফালৰ ককাও আগতে নামাচাৰ্য আৰু এগৰাকী ভাৱৰীয়া আছিল ।গতিকে, মনোৰঞ্জনৰ ক্ষেত্ৰখনৰ লগত মোৰ জন্মৰ পৰায়ে সম্পৰ্ক গাঢ় হৈ উঠিছিল। সৰুৰে পৰা সংস্কৃতিৰ চৰ্চা দেখি দেখি মোৰ মনতো সংস্কৃতিৰ বীজ নিজে নিজে ৰোপন হৈছিল।জীৱনত প্ৰথম বাৰ মঞ্চত কেতিয়া উঠিছিলোঁ মনত নাই, হয়তো মোৰ তেতিয়া বয়স ৩ বছৰ মান হ’ব, গাৱঁৰ বিহু ফাংচনত। জীৱনৰ প্ৰথমখন নাটক আছিল “বুদ্ধুৰাম” ২০০৮ চনত কৰিছিলোঁ নগাঁৱৰ অবিনশ্বৰ গোষ্ঠীয়ে আয়োজন কৰা শিশুনাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত। তিনিখন নাটক উপস্থাপন কৰা হৈছিল, ভাগীৰথী বাইকদমৰ দ্বাৰা অনুদিত বি.ভি. কাৰান্তৰ নাটক “বুদ্দুৰাম”, দীপক বৰা অৰ্থাৎ আমাৰ দেউতাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত “মইনা মেলৰ ভাওনা” আৰু “অ’ ফুল অ’ ফুল নুফুল কিয়”। মই তিনিও খনতে চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ, বয়স তেতিয়া পাঁচ বছৰ অতিক্ৰম কৰি ছয় বছৰত সোমাইছিলোঁ।তেতিয়াৰ পৰা এতিয়া লৈকে মনোৰঞ্জনৰ ক্ষেত্ৰখনৰ লগত বিলীন হৈ আছোঁ।”

"সংস্কৃতিৰ চৰ্চা দেখি দেখি মোৰ মনতো সংস্কৃতিৰ বীজ নিজে নিজে ৰোপন হৈছিল"- তুহিন কন্যা বৰা 1


এগৰাকী অভিনেত্ৰী ৰূপে তুহিন কন্যাই কেনেধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ ইচ্ছা কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয়, “এগৰাকী অভিনেত্ৰী হিচাবে মোৰ বোধেৰে মই এটা ধাৰাতে ব্ৰতী হৈ থাকিব নালাগে। মই যিকোনো ধৰণৰ অভিনয় কৰিব পৰা হ’ব লাগে, অন্ততঃ চেষ্টা কৰিব লাগে। গতিকে, নতুন প্ৰকল্প এটা হাতত ল’লে প্ৰকল্পটোৱে পোহৰাই তোলা নতুন দিশটো মই আগে চাম। যদি প্ৰকল্পটোৱে সমাজ তথা ব্যক্তিগত জীৱনতো নতুন চেতনা বা নতুন চিন্তা উদ্বেগ কৰিব পাৰে তেনেহ’লে সেই প্ৰকল্প কৰিবলৈ পাই মই নিজকে ধন্য মানিম।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জনাই তেওঁ কয় যে, “বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে নাটক, নৃত্য আদি সকলো অনুষ্ঠান অস্থায়ী ভাৱে বন্ধ যদিও লকডাউন ভালকৈ খুলিলে আকৌ নতুন উদ্যমেৰে কৰিবলৈ পাম বুলি আশাবাদী। তাৰ বাহিৰে নতুনকৈ চুটি ছবি দুখনমান হাতত লোৱাৰ কথা ভবা হৈছে, সময় আৰু অৰ্থ মিলিলে অতি সোনকালেই কাম হাতত ল’ম।” তেওঁৰ ফালৰ পৰা এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয়, “মোৰ বোধেৰে এগৰাকী শিল্পী হ’বলৈ হ’লে কেৱল শিল্প চর্চায়ে যথেষ্ট নহয়, তাতোকৈ বেছি লাগে শিল্প-সাধনা। পৃথিৱীত শিল্পপ্ৰেমী তথা শিল্পকর্মী অজস্ৰ আছে কিন্তু শিল্পী বুলি ক’লে আমি এইটো বুজোঁ যে তেওঁ ৰাইজৰ মানুহ। অৰ্থাৎ যিজনে নিজৰ শিল্প সাধনাৰ দ্বাৰা সমাজৰ বাবে, ৰাইজৰ বাবে ওলাই আহে, সমাজৰ হৈ মাত মাতিবলৈ সংকোচ নকৰে, সমাজ তথা সংস্কৃতিৰ কল্যাণৰ কথা ভাবি শিল্পসাধনা কৰে সেইজনেই শিল্পী। কেৱল ব্যক্তিগত লাভালাভৰ বাবে শিল্প-চৰ্চা কৰাজন কেৱল শিল্পকর্মীহে হ’ব পাৰিব, শিল্পী হ’ব কেতিয়াও নোৱাৰে।”

"সংস্কৃতিৰ চৰ্চা দেখি দেখি মোৰ মনতো সংস্কৃতিৰ বীজ নিজে নিজে ৰোপন হৈছিল"- তুহিন কন্যা বৰা 2
"সংস্কৃতিৰ চৰ্চা দেখি দেখি মোৰ মনতো সংস্কৃতিৰ বীজ নিজে নিজে ৰোপন হৈছিল"- তুহিন কন্যা বৰা 3


সৰুতেই সাংস্কৃতিক ক্ষেতখনক লৈ দৃঢ়তা আৰু একাগ্ৰতাৰে আগবঢ়া এই প্ৰতিভাসকলৰ সৈতে প্ৰতিজন ব্যক্তিয়ে সঁহাৰি জনাইছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও তুহিন কন্যা বৰালৈ জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/27946/feed 0 27946
“মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ”- অভিজিত নাথ https://rupaliparda.com/archives/27897 https://rupaliparda.com/archives/27897#respond Tue, 10 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=27897 সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত একোজন প্ৰতিভাই এটা পৰ্যায়লৈ নিজক তুলি নি এই ক্ষেত্ৰখনক কিবা এটা নতুন কৰাৰ ইচ্ছা মনত পুঁহি ৰাখে। দৃঢ়প্ৰতিজ্ঞা আৰু একাগ্ৰতাই বৰ্তমানৰ একাংশ নৱপ্ৰজন্মৰ মাজত দেখিবলৈ পোৱা যায়, তেওঁলোকে পেচাৰ সমানেই নিজৰ এই নিচাটোক লৈ ব্যস্ত হৈ থাকে। আমি প্ৰায়ে দেখিছোঁ যে, একোগৰাকী নৱপ্ৰজন্মই নিজ পিতৃ-মাতৃক দেখি শুনি অথবা তেওঁলোকৰ অনুপ্ৰেৰণাৰে এই মনোৰঞ্জন জগত খনৰ সৈতে সাঙুৰ খায়। অৰ্থাৎ, পিতৃ-মাতৃৰ লগতে এটা ঘৰুৱা সাংস্কৃতিক পৰিৱেশ অবিহনে একোজন নৱপ্ৰজন্মই কেতিয়াও সংস্কৃতিটোক হৃদয়ংগম কৰিব নোৱাৰিলেহেঁতেন। এই যুগ উন্নয়নৰ যুগ, বৰ্তমান সময়ছোৱাত কেৱল মাত্ৰ শিক্ষাগত অৰ্হতাৰে নহয়। একোজন নৱপ্ৰজন্মক সামাজিক,সাংস্কৃতিক তথা ৰাজনৈতিক আদি এই প্ৰতিটো বিষয়ত নিজৰ স্পষ্ট মতামত দাঙি ধৰা দেখিবলৈ পোৱা যায়। কিছুদিন পূৰ্বে “মঞ্চশিখা” ৰ দ্বাৰা আয়োজিত এখন নাট্য কৰ্মশালাৰ বিষয়ে আপোনালোকক জনাইছিলোঁ, এই কৰ্মশালা খনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত অভিজিত নাথৰ বিষয়ে ক’বলৈ যাওঁতে আপোনালোকে তেওঁক এগৰাকী অভিনেতা বুলিও জানিবলৈ পাৰিছিল। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁৰ অভিনয় জীৱনক লৈ পাতিছিলোঁ কিছু কথা। আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “জড়িত বুলিলে আচলতে একেবাৰে সৰুৰে পৰাই মনোৰঞ্জন বা সাংস্কৃতিক দিশটোক দেখি ডাঙৰ হৈছোঁ বুলি কব লাগিব।কাৰণ মোৰ ঘৰখনেই আচলতে সংস্কৃতিৰ লগত জড়িত এখন ঘৰ। মোৰ দেউতা শ্ৰী জিতেন কুমাৰ নাথ, নিজেও এজন ৰাসসংস্কৃতি তথা লোক সংস্কৃতিৰ লগত জড়িত ব্যক্তি। গতিকে, জন্মৰে পৰাই তেনে এটা পৰিৱেশ দেখি ডাঙৰ হৈছো। প্ৰসংগক্ৰমে ক’বলৈ ভাল পাম যে, মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলো আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত লাগি আছোঁ, শিকি আছোঁ।”

"মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ"- অভিজিত নাথ 4


এগৰাকী অভিনেতা হিচাবে তেওঁক কেনে চৰিত্ৰই আকৰ্ষণ কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “ধন্যবাদ, এই প্ৰশ্নটিৰ বাবে। নিজকে অভিনেতা বুলি ক’ব পৰাৰ ধৃষ্টতা মই নকৰো এতিয়াও। তথাপিও অভিনয় শিল্পৰ এজন অনুৰাগী হিচাবে এতিয়ালৈকে শিকাৰ আধাৰত আৰু অভিজ্ঞতাৰ আধাৰত ক’ব খোজো যে মই সকলো ধৰণৰ চৰিত্ৰকেই প্ৰাধান্য দিওঁ বা মোৰ ভাল লাগে। মোৰ বাবে যিকোনো চৰিত্ৰই আকৰ্ষণৰ বিষয়। প্ৰতিটো চৰিত্ৰৰে নিজা কিছুমান বৈশিষ্ট থাকে, তাক সঁচা অৰ্থত অনুধাৱন কৰি, নিৰীক্ষণ কৰি ,অধ্যয়ন কৰি আগবাঢ়িলেই সি এজন অভিনেতাকেই নহয় দৰ্শককো আকৰ্ষণ কৰাত সফল হ’ব।” এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “প্ৰকৃত শিল্পীৰ চিনাকী তেওঁৰ সাধনাত লুকাই থাকে। যিজনে নিজৰ শিল্পটোক লৈ অবিৰত সাধনা কৰিব পাৰে, নিজৰ শিল্পক প্ৰকৃত সন্মান জনাব পাৰে আৰু সেই শিল্পক সমাজ আৰু সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে , তেন্তে মই ভাবো তেওঁৱেই শিল্পী। অৱশ্যে, মোৰ ব্যক্তিগত মত এইয়া।” আগন্তুক পৰিকল্পনা বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “যিহেতু নাটক ভালপোৱা মানুহ, গতিকে নাটকক লৈয়ে এটা প্ৰচেষ্টা হাতত লোৱাৰ কথা ভাবি আছোঁ। “সেউজীয়া নাটক”/”green theatre” নামেৰে পৰীক্ষামূলক প্ৰকল্প এটিৰ কথা আলোচনা চলি আছে আমাৰ বন্ধুমহলৰ মাজত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জন্মলাভ কৰা ‘মঞ্চশিখা’ই ইয়াৰ আগভাগ ল’ব। লগতে , বিভিন্ন মাধ্যমত অভিনয় কৰাৰ আৰু ভালকৈ অভিনয় শিকাৰ সুযোগ বিচাৰি প্ৰয়াস চলি আছে আৰু চলিয়েই থাকিব । বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে অৱশ্যে পৰিকল্পনা কৰিবলৈ অসুবিধা যদিও, পৰিস্থিতিত খাপ খাই লৈ পৰিকল্পনাসমূহ বিশেষকৈ ‘সেউজীয়া নাটক’ সফল কৰাৰ পৰিকল্পনা চলি আছে।”

"মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ"- অভিজিত নাথ 5
"মোৰ জীৱনৰ প্ৰথম নাটক খন মই চতুৰ্থ শ্ৰেণীত নিজে লিখি পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ"- অভিজিত নাথ 6


আগলৈ তেওঁ কয় যে, শেষত, rupaliparda.com ৰ ৰীমা দত্তক ধন্যবাদ জনাইছোঁ, আমাৰ দৰে নাটকৰ লগত, অভিনয়ৰ লগত লাগি থাকিবলৈ যত্ন কৰা এজন সাধাৰণ লোকক এইখিনি সুবিধা দি উৎসাহিত কৰাৰ বাবে। বৰ্তমান সময়ত উৎসাহ, প্ৰেৰণা আদি অতি প্ৰয়োজনীয় হৈ পৰিছে সকলো ধৰণৰ লোকৰ বাবে আশা কৰোঁ, ভাল দিনবোৰ সোনকালে ঘূৰি আহক।আকৌ দেশৰ বা বিদেশৰ সকলো মঞ্চতে নাটক হওক, সংগীত হওক, সংস্কৃতিৰ সাধনা হওক।”

]]>
https://rupaliparda.com/archives/27897/feed 0 27897
“মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ’ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা” https://rupaliparda.com/archives/27805 https://rupaliparda.com/archives/27805#respond Thu, 05 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=27805 বৰ্তমান সময়ত মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি অধিকাংশ নৱপ্ৰজন্ম আপ্লুত হৈছে।তেওঁলোকৰ সক্ৰিয়তা তথা এই ক্ষেত্ৰখনৰ বাবে কিবা এটা নতুন কৰাৰ প্ৰতি প্ৰতিদিনেই যি আগ্ৰহ তেওঁলোকে প্ৰদৰ্শন কৰে সেয়া সঁচাকৈ প্ৰশংসাৰ যোগ্য। আপোনালোকক ইতিমধ্যে ৰূপালীপৰ্দাৰ কেইবাটাও লেখা যোগে আমি জনাইছিলোঁ যে, নাটক ক্ষেত্ৰখনত নিজ পাৰদৰ্শিতাৰ প্ৰদৰ্শনেৰে বহু প্ৰতিভা বৰ্তমান টেলিভিছন অৰ্থাৎ কেমেৰাৰ সৈতে জড়িত। গতিকে, এনেক্ষেত্ৰত মনোৰঞ্জন জগতখনৰ অনাগত দিনৰ সফলতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰত্যেকেই এই প্ৰতিভাসকলক সহায়-সহযোগিতা প্ৰদান কৰাটো জৰুৰী। শেহতীয়াকৈ, নাটকৰ প্ৰতি ইচ্ছুক নৱপ্ৰজন্মক যৎকিঞ্চিৎ সঁহাৰি জনাবলৈয়ে “নাট্য শিল্পৰ কৰ্মশালা” অনুষ্ঠিত কৰিছে নৱপ্ৰজন্মৰ মাজৰেই এটি বিশেষ দলে। প্ৰায় ১০ দিনীয়া কাৰ্যসূচীৰে সামাজিক মাধ্যম “গুগল মিট” ৰ জৰিয়তে এই কৰ্মশালা খন অনুষ্ঠিত কৰা হৈছে । ১ আগষ্টৰ পৰা অনাগত ১০ আগষ্ট তাৰিখ পৰ্যন্ত চলিব এই কৰ্মশালা। নাটক ক্ষেত্ৰখনৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২০১৭ চনৰ ২০‌ আগষ্ট তাৰিখে আত্মপ্ৰকাশ ঘটা মঞ্চশিখাই বিগত বৰ্ষ কেইটাৰ দৰে এইবাৰো আয়োজন কৰিছে নাট্য শিল্পৰ এক কৰ্মশালা “নাট্য-প্ৰৱেশনা”। মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ’ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা। উক্ত কৰ্মশালা খনৰ সন্দৰ্ভত কিছু কথা জানিবলৈ বিচৰাত কৰ্মশালা খন অনুষ্ঠিত কৰা এগৰাকী আয়োজক অভিজিত নাথৰ সৈতে পাতিছিলোঁ আমি কিছু কথা। তেওঁ নিজেও নাটক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ কয় যে, “আমি লক্ষ্য কৰিছোঁ যে, ছাত্ৰ-ছাত্ৰী বা সাধাৰণ লোক ব্যক্তিগত জীৱনত অধ্যয়নেই হওক বা অন্য কৰ্মব্যস্ততাৰ বাবেই হওক, নাটকৰ প্ৰতি সাংঘাতিক এক অনুৰাগ থকাৰ পিছতো নাটক কৰিবলৈ সুবিধা নাপায়। আমি তেনে লোকক গুৰুত্ব প্ৰদানেৰে তেওঁলোকক এখন মঞ্চ দিবৰ বাবে জন্মলগ্নৰে পৰা চেষ্টা কৰি আহিছো আৰু কৰি যাম।”

"মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ'ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা" 7


আগলৈ তেওঁ কয় যে,” বৰ্তমান এই মহামাৰীৰ সময়ছোৱাত, ঘৰতে থাকি যাতে নাটকৰ জৰিয়তে মানসিক উত্তৰণ ঘটাব পাৰে, তাৰেই এটি সৰু প্ৰচেষ্টা নাট্য-প্ৰৱেশনা। কাৰণ , মঞ্চশিখাই বিশ্বাস কৰে যে নাটক, অভিনয় মানেই হ’ল নিজক বিশ্লেষণ কৰি চোৱাৰ লগতে সমাজখনক, চৌপাশৰ পৰিৱেশক বিশ্লষণ কৰি অনুভৱ কৰা আৰু তাক উপস্থাপন কৰা। যিয়ে জীৱনটোক নতুন দৃষ্টিৰে চাবলৈ শিকায়। তদুপৰি, নাট্যকৰ্মী সকলে যাতে অনলাইন মাধ্যমত হ’লেও এবাৰ লগ পাই ভাবৰ আদান- প্ৰদান কৰাৰ লগতে, নাটকৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা লোক এজনে এই কৰ্মশালাৰ দ্বাৰা এক ক্ষুদ্ৰ সাহস পায়।এনেধৰণৰ উদ্দেশ্য আগত ৰাখিয়েই এইবাৰ পুলি আৰু কুঁহি নামেৰে দুটাকৈ শাখাত ১৬ বছৰৰ পৰা উৰ্দ্ধৰ সকলোলোকৰ বাবে মুক্ত মুঠ ৪০ খন আসনেৰে আয়োজন কৰা হৈছে নাট্য-প্ৰৱেশনা। এই ৪০খন আসনৰ ,৫ খন আসন আৰ্থিক ভাৱে অসুবিধা থকা প্ৰশিক্ষাৰ্থীৰ বাবে সংৰক্ষিত হৈ আছে। ১-১০‌ আগষ্টলৈ চলিবলগীয়া এই নাট্য শিল্পৰ কৰ্মশালাত অসমৰ নাট্যক্ষেত্ৰ তথা অভিনয়ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি অসীম কুমাৰ শৰ্মা, ৰোনাল্ড হুচেইন, জাহানাৰা বেগম, পলাশ প্ৰতীম মেচ, বিৰাজ চুতীয়া,বিজিত দাস, গৌতম ঠাকুৰীয়া, প্ৰদীপ বৰা, অভিজিত চুতীয়াই নাটক তথা অভিনয় শিল্পৰ বিভিন্ন মৌলিক বিষয়ৰ লগতে নাটকৰ বিভিন্ন কাৰিকৰী দিশ, নাট্যৰচনা আৰু পৰিৱেশনাৰ ওপৰত প্ৰশিক্ষণ আগবঢ়াব। আমি আশাবাদী, এই কৰ্মশালাৰ অন্তত প্ৰতিজন প্ৰশীক্ষাৰ্থীয়ে প্ৰকৃত নাট্যকৰ্মী হোৱাৰ মূলমন্ত্ৰক লগতলৈ আগবাঢ়ি যাব আৰু এজন সম্ভাৱনাপূৰ্ণ শিল্পী হিচাপে আত্মপ্ৰকাশ কৰাত সফল হব। শেষত মঞ্চশিখাৰ এই প্ৰচেষ্টাক ৰাইজৰ আগত জনাবলৈ সুবিধা কৰি দিয়াৰ বাবে rupaliparda.com তথা ইয়াৰ গুৰি ধৰোঁতা ৰীমা দত্তৰ ওচৰত আমি মঞ্চশিখাৰ সমূহ সদস্য কৃতজ্ঞ হৈ ৰ’ম ধন্যবাদ।”

"মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ'ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা" 8
"মঞ্চশিখাৰ লক্ষ্য আৰু উদ্দেশ্যেই হ'ল, প্ৰকৃত নাট্যকৰ্মীৰ সৃষ্টিত অৰিহণা যোগোৱা" 9


এনে নৱপ্ৰজন্মৰ চেষ্টা সমূহক দেখিলেই অনুভৱ কৰিব পাৰি যে আমাৰ মনোৰঞ্জন ক্ষেত্ৰখনে আগন্তুক দিনত ইয়াতকৈ অধিক প্ৰতিভাক উপভোগ কৰিবলৈ সক্ষম হ’ব। এওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27805/feed 0 27805
হীৰেন বৰাৰ সপক্ষে,বিপক্ষে/১।।- উৎপল মেনা https://rupaliparda.com/archives/27116 https://rupaliparda.com/archives/27116#respond Wed, 30 Jun 2021 06:45:00 +0000 https://rupaliparda.com/?p=27116 নাটকৰ মানুহ , চিনেমাৰ মানুহ হীৰেন বৰা । — ২০০৩ বৰ্ষৰ কোনো এটা নিশা ‘ অভিনয়ৰ মানুহ জনৰ সৈতে মোৰ প্ৰথম মুখামুখি । সেই সময়ত মই ‘ আজি ‘ৰ উপ সম্পাদক । দৈনিক কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ নিৰ্দেশ — এঠাইৰ পৰা আহিব লাগে । নিশা ৯ বাজি গৈছিল । ২ মিনিট মান আগতে শেষ পৃষ্ঠাৰ কাম শেষ কৰিছোহে ! পুৱৰে পৰা লাগি – লাগি সাহিত্য আৰু প্ৰকৃতিৰ পৃষ্ঠা দুটা কৰিছো ! এতিয়া আকৌ ! ‘ আৰু নোৱাৰিম ‘ বুলি কোৱাৰ আগতে ভূঞা চাৰে কৈছিল — ” বিশেষ কাম নাই ! তুমি যোৱা , তাত ৰাতিৰ আহাৰ খাবা ! আৰু ঘৰলৈ যাবা ! মোৰ গাড়ী খন লৈ যোৱা ! মোক মাতিছিল ! মই যাব নোৱাৰিম ! মোৰ হৈ তুমি যাবা বুলি কৈছো । — যাবা নহয় ? ” মই নাযাও বুলিব নোৱাৰিলো ।

হীৰেন বৰাৰ সপক্ষে,বিপক্ষে/১।।- উৎপল মেনা 10
হীৰেন বৰা

১০ মান বজাত মহানগৰীৰ নাৰিকলবাৰীৰ নিৰ্দিষ্ট ঘৰটো পাইছিলো । মানুহ ভৰি আছিল ! কেইবা খনো চিনকি মুখ । অসমীয়া ৰূপালি পৰ্দাৰ বাহিৰৰ – ভিতৰৰ চিনাকি মুখ । স্বাভাবিকতে অসমীয়া চিনেমাৰ অতীত – বৰ্তমানক লৈ ব্যস্ত হৈছিলো । সেইদিনা অনুভৱ কৰিছিলো — অসমীয়া চিনেমাৰ কেইবা গৰাকীও পৰিচালকে নিজে নিজকে ৰাজ কাপুৰ – সুভাষ ঘাইৰ স্থানত ৰাখিছে ! আৰু এনে ‘ ভাব ‘ ( অহংকাৰ ) -এ অসমীয়া চিনেমাৰ সমস্যা বঢ়াইছে ! মই হয়তো কঠোৰ ভাবে কৈছিলো — অসমত ‘কথাছবি ‘ৰ পৰিচালকৰ আকাল নাই , চিনেমাৰ পৰিচালকৰহে আকাল ! মজাৰ কথা ‘ সুভাষ ঘাই ‘ কেইগৰাকীয়ে মোৰ কথাৰ অৰ্থ বুজিয়ে নাপালে ! কথা আৰু বঢ়াৰ আগতে এজনে কৈছিল — ” আপোনাক দাদাই মাতিছে ! সেইফালে , ভিতৰলৈ ! ” — ভিতৰত খোৱাৰ আয়োজন ! ” মই হীৰেন বৰা ! ” — খোৱাৰ পাতত প্ৰথমবাৰ মুখা মুখি হৈছিলো হীৰেন বৰাৰ সৈতে । তেতিয়ালৈকে মই জানিছিলো হীৰেন বৰাই অভিনয় কৰে ! টি ভি ধাৰাবাহিক পৰিচিলনা কৰে , লিখে । কথা প্ৰসঙ্গত কৈছিল , লখিমী থিয়েটাৰতো অভিনয় কৰিছিল । সেইটো নাট্যবৰ্ষত , যিটো নাট্যবৰ্ষত অসমীয়া চিনেমাৰ তাৰকা বিজু ফুকনে অভিনয় কৰিছিল । ” চিনেমাৰ কথা চিন্তা কৰি আছো । সহায় কৰিব লাগিব ! ” — সেই ৰাতি হীৰেন বৰাই কৈছিল । — আৰু তাৰ পিছত ! — মাজে – মাজে বহিছিলো ! চিনেমাৰ কথা আগবাঢ়িছিল । আৰু এদিন কৈছিল , চিনেমাৰ বিষয়বস্তু খাটাং — হাতী আৰু মানুহৰ সংঘাত । নাম ৰাখিছে ‘ বসুন্ধৰা ‘ । পৰিচালনা হীৰেন বৰাই নিজে কৰিব । ” এতিয়া তোমাৰ সহায়ৰ প্ৰয়োজন ! ” — হীৰেন বৰাই কৈছিল । — প্ৰথম ‘ সহায় ‘ সংগীত পৰিচালনা কোনে কৰিব পাৰিব মোৰ ফালৰ পৰা চিন্তা কৰিব লাগে আৰু ঠিক কৰিব কৰিব লাগে । মই এক মিনিতো চিন্তা নকৰাকৈ তৰালি শৰ্মাৰ কথা কৈছিলো আৰু এদিন তৰালি শৰ্মাক লৈ গৈছিলো । আৰু সংগীত পৰিচালনাৰ দায়িত্ব তৰালি শৰ্মাই লৈছিল । ( কথা প্ৰসঙ্গত হীৰেন বৰাই কৈছিল — তৰালি ‘ সংগীত ‘ক লৈ সুখী । আৰু পৰিচালক গৰাকীৰ পৰৱৰ্তী চিনেকৰ্মৰো সংগীত সৌন্দৰ্য আছিল তৰালি শৰ্মাৰ সংগীত । ) — আহিছো দ্বিতীয় ‘ সহায় ‘লৈ । চিনেমা খনৰ ‘ খলনায়ক ‘ৰ চৰিত্ৰটো যতীন বৰাক লৈ চিন্তা কৰিছে ! মই যতীনৰ সৈতে কথা পাতিব লাগে ! পাতিছিলো । যতীন বৰা মান্তি হৈছিল । কিন্তু শেষ ‘ সময় ‘ ত কি হ’ল নাজানিলো ! চৰিত্ৰটোৰ বাবে নিৰ্বাচন কৰিছিল আন এগৰাকী অভিনেতাক । অৱশ্যে ইমান খিনি জানো — যতীন বৰাই অভিনয় নকৰাৰ কাৰন ‘ আৰ্থিক ‘ নাছিল । — পৰিচালক গৰাকীয়ে আৰু কৈছিল , চিনেমা খনত সাংবাদিকৰ চৰিত্ৰ এটা আছে । চৰিত্ৰটোই ৰূপালী গল্পটো আগবঢ়াই নিব । — মই সৌৰভ হাজৰিকাৰ কথা কৈছিলো । সৌৰভ হাজৰিকাৰ সৈতে কথা পাতিছিলো । আৰু চৰিত্ৰটোত সৌৰভ হাজৰিকাকে দেখিছিলো । মোৰ পৰা বিচৰা ‘ সহায় ‘ সিমানে আছিল ! — মই ‘ অসমীয়া প্ৰতিদিন ‘ত ব্যস্ত হৈছিলো । ‘ বসুন্ধৰা ‘ৰ খবৰ ৰখা নাছিলো । এদিন ‘ অসমীয়া প্ৰতিদিন ‘ লৈ অহা খবৰ এটা সম্পাদনাৰ বাবে হাতত লৈহে জানিব পাৰিছিলো ‘ বসুন্ধৰা ‘ সম্পূৰ্ণ । আৰু এদিন চিত্ৰগৃহত চিনেমা খন চাইছিলো । চিনেমা খনৰ গল্প কোৱাৰ কৌশল , পৰিচালনা শৈলীয়ে মোক সন্তুষ্ট কৰিব পৰা নাছিল ।

হীৰেন বৰাৰ সপক্ষে,বিপক্ষে/১।।- উৎপল মেনা 11
হীৰেন বৰা

মোৰ ধাৰণাত বিষয়বস্তুক চিত্ৰনাট্যকাৰে বিশেষ গুৰুত্ব দিয়া নাছিল , গল্পকেন্দ্ৰীক গতি দিয়াতহে গুৰুত্ব দিছিল । দৰ্শকে চিনেমা খন চোৱাৰ পিছত প্ৰকৃতিক ৰক্ষাৰ বাবে সংঘৰ্ষ কৰা ‘ নায়িকা ‘কহে মনত ৰাখিছিল । হাতী – মানুহৰ সংঘাত ‘ নায়িকা ‘ৰ সংঘৰ্ষ – দুখৰ ওচৰত নিস্প্ৰভ হৈছিল সু-পৰিকল্পনাৰ অভাৱত । ( দ্বিতীয়তে — কেমেৰাৰ ভাষাতকৈ সাহিত্যৰ ভাষাক বেছি গুৰুত্ব দিছিল । গতিকে ‘ নাটক ‘ বেছি আছিল ।) ফলত ‘ বিশেষ বিষয়বস্তু ‘ সাধাৰণ পৰ্যায়ত ৰৈ গৈছিল । ( বিষয়বস্তু : হাতী – মনুহৰ সংঘাত । পৰিচালকৰ সাধাৰণ চিন্তা নাছিল ! সেই সময়ত , আজিৰ তাৰিখতো কেৱল অসমৰে নহয় , বিশ্বৰে সমস্যা । চিনেচিন্তা সুপৰিকল্পিত হ’লে ‘ বসুন্ধৰা ‘ ( শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ) ৫৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উৰ্ধলৈ গ’ল হেতেন ! বিশ্বৰ চিনেমা হ’ল হেতেন ! ( ‘ বসুন্ধৰা -The Earth ‘ ২০১০ চনৰ চিনেমা । ‘ সুৰভি এন্টাৰপ্ৰাইজ’ৰ বেনাৰত নিৰ্মিত এই চেনেমা খনত অভিনয় কৰিছে বৰষা ৰাণী বিষয়া, সৌৰভ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া ভ্ৰান্তি মেধি ইফটিকাৰ আদিয়ে । ) এই দিশটো হয়তো মই অনুভৱ নকৰিলো হেতেন ! — যদিহে পৰিচালক হীৰেন বৰাই ৰূপালী গল্পলৈ ৰূপান্তৰ হোৱাৰ পূৰ্বে ‘ বসুন্ধৰা ‘ৰ গল্প আৰু বিষয়বস্তু অনুভৱৰ সুযোগ নিদিলে হেতেন ! নিদিলে ‘ হীৰেন বৰাৰ চিনেচিন্তা ‘ যে ‘ হীৰেন বৰাৰ চিন্তা ‘ত কৈ দুৰ্বল , সেয়া হয়তো অনুভৱ নকৰিলো হেতেন ! — মোৰ ‘বেয়া লগা ‘ মানেই চিনেমা এখনৰ মান নিম্ন নহবও পাৰে ! আনৰ কথা বাদ দিলো ! ‘ বসুন্ধৰা ‘ক লৈ পৰিচালক সুখী । প্ৰথম ( চিনেমা ) স্বাধীন পৰিচলনাৰেই ‘ ৰাষ্টীয় বঁটা ‘! — সুখী নহব কিয় ? আৰু চিনেমা খনে দেশ – বিদেশৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱতো চিত্ৰৰসিকক সন্তুষ্ট কৰাৰ , সন্মান পোৱাৰ খবৰো বিভিন্ন মাধ্যমত দেখিছো , পঢ়িছো । ‘ স্থনীয় বজাৰ ‘ৰ বিফলতাৰ বিপৰিতে নিঃসন্দেহে এয়া সফলতা । আৰু এই সফলতাৰ বুনিয়াদত ঠিয় হৈ পৰিচালক গৰাকীয়ে নিৰ্মাণ কৰিছে — ‘ ক্ষোভ ‘ ( ২০১৭) , ‘ সীমা : দা আনটোল্ড ষ্টোৰী ‘ ( ২০১৮ ) , ‘বাঁহী ‘ । ২০১০ চনত প্ৰকাশ পাইছিল মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস ‘ বাঁহী ‘ । এই উপন্যাস খন ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে হীৰেন বৰাই । ( আগলৈ চিনেমা কেইখন আলোচনা কৰিম)

]]>
https://rupaliparda.com/archives/27116/feed 0 27116
|| ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম পাঠ || -উৎপল মেনা https://rupaliparda.com/archives/27058 https://rupaliparda.com/archives/27058#respond Mon, 28 Jun 2021 07:16:15 +0000 https://rupaliparda.com/?p=27058 কোৱা হয় বৰপেটাত ১৮৬০ – ৭০ ৰ সময় চোৱাত তিথিৰাম বায়ন নামৰ এজন নৃত্য-বাদ্যত পাৰ্গত অভিনেতা এগৰিকীয়ে নাটক লৈ ঘুৰি ফুৰিছিল । অকলে নহয় , অসমীয়া কলা-কুশলীৰে গঠিত এটা দল লৈ । এই দলটোৱে অসম ভ্ৰমি ফুৰা অসমৰ প্ৰথম যাত্ৰাদল । কথা প্ৰসঙ্গত ওষ্টাদ উদয় ভাগৱতীয়ে কৈছিল ( ওষ্টাদ ভাগৱতীৰ সৈতে মোক চিনাকি কৰি দিছিল সাংবাদিক চন্দন ভাগৱতীয়ে । ১৯৯২ – ৯৩ চনৰ কোনো এটা দিনত । সেই সময়ত ভাগৱতী – মই কলেজৰ ছাত্ৰ । কাকত – আলোচনীত আমাৰ লেখা ছপা হয় । হেমন্তু বৰ্মন সম্পাদিত পষেকীয়া আলোচনী শ্ৰীময়ীত ” সংস্কৃতিৰ টোকাবহী ” নামেৰ শিতান লিখো । মাজে – মাজে যাত্ৰা দলৰ শিল্পীৰ , শিল্পীয়ে কোৱা কথা লিখো । ” শ্ৰীময়ী “ত ওষ্টাদ ভাগৱতীয়ে কোৱা যাত্ৰাৰ কথাও লিখিছিলো । ) — ” তিথিৰিম বয়নৰ বহু কথা শুনিছো । মই শুনামতে দুৰ্য্যোধনৰ ‘ উৰু-ভংগ ‘ , ‘ৰাম বনবাস’ আৰু ‘ৰাধিকাৰ মান ভঞ্জন ‘ নাটক তিনিখনেৰে প্ৰথম বছৰ যাত্ৰা কৰিছিল । সেই সময়ত অসমীয়া নাটক নাছিলেই । তথাপি অসমীয়া নাটক দুখন যোগাৰ কৰিছিল । ‘ ৰাম বনবাস ‘ আৰু ‘ ৰাধিকাৰ মান ভঞ্জন ‘ লিখিছিল গোবিন্দৰাম চোধুৰীয়ে । আন খন নাটক আছিল বঙালী নাট্যকাৰৰ । এই যাত্ৰাদলটো প্ৰথম হয় নে নহয় নাজানো । ” — ওষ্টাদ ভাগৱতীয়ে আমাক আৰূ কিছু তথ্য দিছিল । সেই তথ্যৰ কথা মনত ৰাখি কব পাৰি ১৮৭০ – ১৯৫০ চনৰ সময় ছোৱাত কমেও ৫০০ টা যাত্ৰা দলে অসমৰ বিভিন্ন স্থানত নাটক মঞ্চস্থ খৰিছিল । সৰহ সংখ্যক যাত্ৰা দল আছিল কামৰূপ আৰু গোৱালপাৰা জিলাৰ । এই যাত্ৰা অভিনৰ উত্তৰন হৈছিল ১৯৩০ চনত , ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত । এনেদৰে ক’লে ভুল নহব — এই বুনিয়াদতে পাঠশালাৰ সদানন্দ লহকৰে নটৰাজ অপেৰা গঠন কৰে , ১৯৫৯ চনত। আৰু সদানন্দ লহকৰৰ জেষ্ঠ্য ভাতৃ অচ্যুত লহকৰে ‘নটৰাজ অপেৰা’ক ভ্ৰাম্যমাণ থিয়েটাৰলৈ ৰূপান্তৰ কৰে ।

|| ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম পাঠ || -উৎপল মেনা 12


১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগনৰপৰা যাত্ৰা কৰে । প্ৰথম ৰাতি মঞ্চস্থ কৰিছিল ফণী শৰ্মাৰ ‘ভোগজৰা’। তেতিয়ালৈ ‘ নটৰাজ ‘ ক দৰ্শকে যাত্ৰা বুলিয়ে কৈছিল , চাইছিল ।তেতিয়ালৈ ভ্ৰাম্যমাণ থিয়েটাৰ নাম দিয়া হোৱা নাছিল। অৱশ্যে সেই প্ৰথম নাট্যবৰ্ষতে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই ‘ গুৱাহাটীৰ টাউন ক্লাব ‘ৰ সাহায্যাৰ্থ নটৰাজ থিয়েটাৰক আমন্ত্ৰন কৰিছিল । বাতৰি কাকতত দিয়া বিজ্ঞাপনত ব্যৱহাৰ কৰিছিল এই কেইটা শব্দ — “বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ” । আৰু তেতিয়াৰেপৰা এই অনুষ্ঠানটোক ‘ভ্ৰাম্যমাণ থিয়েটাৰ’ বুলি কোৱা হয় । — প্ৰথম নাট্যবৰ্ষত ‘ নটৰাজ ‘ৰ নাটক আছিল — উত্তম বৰুৱাৰ ‘জেৰেঙাৰ সতী’, ফণী শৰ্মাৰ ‘ভোগজৰা’, অতুল চন্দ্ৰ হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’ আৰু বাংলাৰ পৰা অনুবাদ কৰা নাটক ‘হায়দৰ আলি ‘ , চন্দ্ৰ চৌধুৰীৰ নেতৃত্বত । গজেন বৰুৱা, আদ্য শৰ্মা আৰু ত্ৰৈলোক্য দত্তই ৰূপাঙ্কন কৰিছিল। সংগীত আছিল প্ৰভাত শৰ্মাৰ । আলোক পৰিচালনা আছিল অচ্যুত লহকৰে । কথা প্ৰসঙ্গত প্ৰভাত শৰ্মাই কৈছিল — ” দৰাছলতে আমি আছিলো সৈনিক । অচ্যুত লহকৰ গুণী – জ্ঞানী মানুহ আছিল । নাটক – সংগীত জানিছিল । সংগীত , নাটক , লাইটৰ কাম কৰিছিল ।নৃট্য – নাটিকা কম সময়তে লিখি দিছিল । নাটকৰ সংগীতৰ কাম চন্দ্ৰ চৌধুৰীৰ সৈতে কৰিছিলো । আমি দল হৈ কাম কৰিছিলো । ” — অভিনয় কৰিছিল চন্দ্ৰ চৌধুৰী, জ্যোৎস্না দেৱী, অনুপমা ভট্টাচাৰ্য, ভোলা কটকী, নেত্ৰকমল বৰঠাকুৰ, জীতেন পাল, বনিতা বৰঠাকুৰ, মঞ্জিল বৰদলৈ, ধৰণী বৰ্মন, বলদেৱ শইকীয়া, সদা লহকৰ, ৰুদ্ৰ চৌধুৰী, হৰেণ ডেকা, স্বৰ্ণলতা বৰা, অক্ষয় পাটগিৰী, কৃষ্ণ বৰুৱা, নগেন শৰ্মা, প্ৰাণেশ্বৰ কাকতি, কৃষ্ণ ৰয়, খগেন বৰ্মন, মুকুল দাস, উদয় দাস আদিয়ে । নৃত্যত খগেন (নাউ) বৰ্মন, স্বৰ্ণ বৰা, জয়হৰি দাস, উদয় দাস, মুকুল দাস, বীণা বৰঠাকুৰ, পৱিত্ৰী কাকতি আৰু ভূপেন দাস। প্ৰভাত শৰ্মাই কোৱা মতে , বিভিন্ন বাদ্য বজাইছিল গোপী দাস, লীলা শইকীয়া, মুনীন্দ্ৰ বৰকটকী, জয়হৰি দাস, ৰাজকৃষ্ণ বাঢ়ৈ, ৰজনী দাস, উদয় দাস, কান্তেশ্বৰ দাস, উপেন্দ্ৰ বৰ্মন আৰু চন্দ্ৰ চৌধুৰীয়ে আৰূ গীত গাইছিল ৰাজকৃষ্ণ বাঢ়ৈ। ৰাজকৃষ্ণ বাঢ়ৈয়ে ।


সেই সময়ত মঞ্চ আজিৰ দৰে নাছিল । এখন আছিল । ছেট দুখন চকা লগোৱা মঞ্চত সজোৱা হৈছিল । দুখন মঞ্চৰ তলত চকা লগোৱা মঞ্চত । এখন মঞ্চত অভিনয় চলি থাকোঁতে আনখন মঞ্চত ছেট সজাই সাজু কৰি ৰখা হৈছিল । ” ড্ৰপ-চিন পৰাৰ লগে লগে অভিনয় চলি থকা মঞ্চখনঠেলি আঁতৰাই ছেট সাজু কৰি ৰখা মঞ্চখন ড্ৰপচিনৰ আঁৰত ৰখা হৈছিল। প্ৰথম অৱ্স্থাত টায়াৰৰ চকা ব্যৱ্হাৰ কৰা হৈছিল । সমস্যা হৈছিল । সেয়েহে পাছলৈ লোৰে নিৰ্মিত বিশেষ ধৰণৰ চকা ব্যৱহাৰ কৰা হৈছিল । ” — কৈছিল প্ৰযোজক অচ্যুত লহকৰে ।

নটৰাজ থিয়েটাৰৰ এগৰাকী অভিনেতা ধৰণী বৰ্মন । ১৯৬০ চনত অভিনেতা গৰাকীয়ে চামতাত ‘সুৰদেৱী নাট্য সংঘ’ নামৰ ভ্রাম্যমাণ দল এটাৰ গঠন কৰে । নাট্যদলটোই মঞ্চস্থ কৰে ‘ সোণৰ ভাৰত ‘ , ‘ বনবীৰ’ , ‘ হৰিশ্চন্দ্র ‘ আদি নাটক । ১৯৬৫ চনত সুৰদেৱী নাট্য সংঘৰ নাম সলনি কৰি সুৰদেৱী থিয়েটাৰলৈ ৰূপান্তৰিত কৰে৷ সেই সময়ত কলাগুৰু বিষ্ণু প্রসাদ ৰাভাই ধৰণী বর্মনক নাটক – নৃত্য পৰিচালনাত সহায় কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই । সেই সময়ত সুৰদেৱী থিয়েটাৰত মঞ্চস্থ হৈছিল ‘ সম্রাট অশোক ‘,’ চম্বলৰ অভিশাপ ‘, ‘ ৰজা হৰিশ্চন্দ্র ‘ আদি । তেতিয়ালৈকে যাত্ৰাত খোলা মঞ্চৰহে ব্যৱস্থা আছিল। মাজত মঞ্চ । চাৰিও ফালে দৰ্শক । সুৰদেৱী থিয়েটাৰে এই ব্যৱস্থাৰ সলনি কৰি তিনিফাল খোলা আৰু পিছফাল বন্ধ মঞ্চৰ ব্যৱস্থা কৰিছিল। ১৯৭০-৭১ চনত আৰু পৰিবৰ্তন হয় । ধৰণী বৰ্মনে ‘থ্ৰি ডাইমেনছন ষ্টেজ’ (Three dimension stage) পদ্ধতি আৰম্ভ কৰে কৰে কলা নিৰ্দেশক গোবিন্দ চৌধুৰীৰ সহায়ত । — এই খিনিতে উল্লেখ কৰিব পাৰি ‘ সুৰদেৱী পৰিয়ালৰ পৰা ১৯৭৬ চনত সুৰদেৱী শিল্পী তীর্থ নাট্যদল , ১৯৭৮ চনত বর্মনৰ সহধর্মিণী অৱলা বর্মনে প্রথম মহিলা থিয়েটাৰ মুন থিয়েটাৰ , ১৯৮০ চনত জ্যেষ্ঠ পুত্র হিৰণ্য বর্মনে বিষ্ণুজ্যোতি থিয়েটাৰ , ১৯৮২ চনত কনিষ্ঠ পুত্র ৰবীন্দ্র দেৱবর্মনে ৰংঘৰ থিয়েটাৰ গঠন কৰিছিল ।( ‘ ইস্তাহাৰ ‘ /১৯৮৪)

]]>
https://rupaliparda.com/archives/27058/feed 0 27058
“সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়”- ৰূপম শইকীয়া https://rupaliparda.com/archives/27015 https://rupaliparda.com/archives/27015#respond Sun, 27 Jun 2021 06:30:00 +0000 https://rupaliparda.com/?p=27015 আমি আপোনালোকক প্ৰায় সময়তে আমাৰ অসমীয়া সংগীত ক্ষেত্ৰখন কিমান চহকী সেই বিষয়ে উনুকিয়াই থাকোঁ। নহয়নে? অৱশ্যে সেয়া নুই কৰিবও পৰা নাযায় ; তাৰ সমান্তৰালকৈ আমি আমাৰ অভিনয় ক্ষেত্ৰখনৰ বিষয়টো সেই একেই সক্ৰিয়তাই দেখিবলৈ পাওঁ। বৰ্তমান সময়ত এটা সুঠাম দেহা অথবা ধুনীয়া মুখ এখনেহে যে অভিনেতা অথবা অভিনেত্ৰী ৰূপে চিনাকী লাভ কৰিবলৈ সক্ষম হ’ব তেনে নহয়; আজিৰ তাৰিখত এটা চৰিত্ৰক সুন্দৰ ৰূপত ৰূপায়ণ কৰিব পৰা জনেই অভিনেতা নাইবা অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। আপোনালোকে বলীউডত ইতিমধ্যে তেনে উদাহৰণ বহু পাইছে। নৱাজুদ্দিন চিড্ডিকী, পংকজ ত্ৰিপাঠী আদি হৈছে উৰ্দ্ধৃত কথাষাৰৰ সুন্দৰ নিৰ্দশন। ঠিক তেনে এক প্ৰক্ৰিয়া শেহতীয়াকৈ আৰম্ভ হৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনতো; বৰ্তমান সময়ত অধিকাংশ এনে প্ৰতিভা ওলাই আহিছে যিয়ে প্ৰতিটো সময়ত নতুনত্ব দিয়াৰ চেষ্টা কৰে। চৰিত্ৰসমূহৰ সুন্দৰ ৰূপায়ণৰ দ্বাৰা তেওঁলোকে বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰে। আমি আজি এনে এগৰাকী অভিনেতাৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো; যাৰ হয়টো বহু বেছি প্ৰকল্প আপোনালোকে উপভোগ কৰা নাই, তথাপিও তেওঁ নিৰৱচ্চিন্ন সাধনা কৰিছে এই অভিনয়ৰ দিশটোত। আজি ৰূপালীপৰ্দাৰ দেওবাৰৰ অতিথি গৰাকী হৈছে এগৰাকী অভিনেতা ৰূপম শইকীয়া। চাওঁচোন আহকঃ

"সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়"- ৰূপম শইকীয়া 13

প্ৰশ্নঃ অভিনয় ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

ৰূপম শইকীয়াঃ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে মই সৰুৰে পৰাই জড়িত; তেতিয়া হয়টো তৃতীয়মান শ্ৰেণীত আছিলোঁ, ননৈ সম্প্ৰীতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত এখন ঢোল বাদন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল আৰু তাত তেতিয়া মইও অংশগ্ৰহণ কৰি ঢোল বজাবলৈ শিকিলোঁ। এতিয়া অৱশ্যে সেই ঢোলৰ চৰ্চা নাইকিয়া হ’ল যদিও বজাও মাজে-সময়ে I সমান্তৰালকৈ, মই যেতিয়া ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত নাম লগালো তাত তেতিয়া প্ৰত্যেক বছৰে সুকুমাৰ কলা অনুষ্ঠিত হয় আৰু প্ৰত্যেকে বছৰে মই অংশ লৈছিলোঁ। বিশেষকৈ, তেতিয়াৰ পৰাই মোৰ এই নাটক কৰা আৰু অভিনয়ৰ পোকটো মনত সোমালে। অভিনয়ক ভাল পাবলৈ আৰম্ভ কৰিলোঁI এতিয়া ভাল অভিনেতা হোৱাৰ ইচ্ছা, আগলৈ ভাল ভাল চিনেমাসমূহত অভিনয় কৰিবলৈ বৰ ইচ্ছা আছে; এনেক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব I

প্ৰশ্নঃ এগৰাকী অভিনেতা ৰূপে, তুমি কেনেধৰণৰ চৰিত্ৰক লৈ আকৰ্ষিত?

"সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়"- ৰূপম শইকীয়া 14

ৰূপম শইকীয়াঃ মই ভাবো, প্ৰত্যেকটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ প্ৰস্তুত থাকিব লাগে অভিনেতা বা অভিনেত্ৰী এগৰাকীয়ে; সকলোবোৰ চৰিত্ৰই ৰূপায়ন কৰিব লাগে প্ৰত্যেকে অভিনেতা-অভিনেত্ৰীয়ে। ইয়াৰ পৰা ক’ৰবাত কিবা এটা হ’লেও শিকিব পৰা যায়। এইখিনিতে, সঁচা কথা ক’বলৈ গ’লে সকলোবোৰ চৰিত্ৰই মোৰ বাবে প্ৰিয়। মোক প্ৰত্যেকটো চৰিত্ৰই আকৰ্ষণ কৰে । বিশেষকৈ যদি কোনো এটাৰ বিষয়ে ক’বলগীয়া হয় তেতিয়া হ’লে সেয়া হ’ব ঋণাত্মক চৰিত্ৰবোৰ। তাৰ উপৰিও, ‘মদাহী’ , ‘বেঙা- বোবা’ আৰু সমানে বেয়া-ভাল গুণ থকা এটা চৰিত্ৰৰ প্ৰতি মই আগ্ৰহী হওঁ।

প্ৰশ্নঃ তোমাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

ৰূপম শইকীয়াঃ এক কথাত, “শিল্পী” হৈছে ৬৪ বিধ কলাৰ লগত জড়িত লোক। তাৰ ভিতৰত কোনোৱে গান গায় ; কোনোৱে অভিনয় কৰে ইত্যাদি I মোৰ মতে, শিল্পীৰ এটা নিজস্ব সত্তা থাকিব লাগে; জন্মলগ্নৰে পৰা প্ৰত্যেক ব্যক্তিৰে কিছুমান কলা থাকে I যেনে: কিছুমানে আৰ্ট কৰি ভাল পায়; কিছুমানে অন্যান্য সামগ্ৰী তৈয়াৰ কৰি ভাল পায়। আচলতে, সামাজিক সকলো কামতেই জড়িত লোকেই হৈছে একোগৰাকী শিল্পী I কিন্তু, সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়।

"সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়"- ৰূপম শইকীয়া 15

প্ৰশ্নঃ তোমাৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

ৰূপম শইকীয়াঃ আগন্তুক পৰিকল্পনা বুলি ক’লে বহু কিবা কিবি আছে I আচলতে মই এতিয়াও শিকিহে আছোঁ , যেতিয়া কাম আহিব কৰিবলৈ প্ৰস্তুত আছো। নাটকো কৰিম পৰিস্থিতি ভাল হ’লে, চুটি ছবি দুখনমান কৰাৰ কথা চিন্তা কৰি আছোঁ সময় ভাল হ’লেই কৰিম বুলি ভাবি আছোঁ, আপোনালোকৰ মৰম-আশীৰ্বাদ আমাৰ কাম্য। গতিকে, সহযোগিতা সদায় লাগিব।

ৰূপালীপৰ্দাঃ ধন্যবাদ ৰূপম শইকীয়া, তোমালৈ শুভকামনা।

ৰূপম শইকীয়াঃ ধন্যবাদ জনালো ৰূপালী পৰ্দালৈও, মোক এইকণ সুযোগ দিয়া বাবে।

]]>
https://rupaliparda.com/archives/27015/feed 0 27015
“আমি অভিনয়ৰ অনুৰাগীহে।”- অম্লান দ্বীপ শইকীয়া https://rupaliparda.com/archives/25992 https://rupaliparda.com/archives/25992#respond Mon, 10 May 2021 05:30:00 +0000 https://rupaliparda.com/?p=25992 একাংশ নৱপ্ৰজন্মৰ নিজৰ প্ৰিয় দিশটোক লৈ থকা একাগ্ৰতাই আমাক আপ্লুত কৰে; তেওঁলোক একাংশই নিজৰ প্ৰিয় দিশটোক ইমানেই মৰম কৰে যে তেওঁলোকে প্ৰতিটো সময়ত ব্যস্ত হৈ থাকে এক নতুন প্ৰয়াস তথা প্ৰচেষ্টাৰ বাবে। সৰুতে জ্যেষ্ঠ এগৰাকীৰ সৈতে কোনো এখন মঞ্চত কিবা এটা প্ৰদৰ্শন কৰিব পালেই পোৱা উৎসাহৰ বশৱৰ্তী হৈ তেওঁলোক নিজ জীৱনৰ আগন্তুক কালছোৱাতো সেই প্ৰদৰ্শিত দিশটোক লৈ আগবাঢ়ে। অভিনয় দিশটোত সক্ৰিয় এগৰাকী নৱপ্ৰজন্ম হৈছে অম্লান দ্বীপ শইকীয়া; পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত দাদাহঁতৰ সৈতে স্কুলত অনুষ্ঠিত বাৰ্ষিক একাংকিকা নাট প্ৰতিযোগিতাত এটা সংলাপহীন চৰিত্ৰ ৰূপায়নৰ দ্বাৰা অভিনয় ক্ষেত্ৰখনত খোজ পেলোৱা এই প্ৰতিভাগৰাকীৰ বাবে সেয়াই আছিল আৰম্ভণি। পিছলৈ, অভিনয়ক লৈ এই আগ্ৰহটো ইমানেই শিপাইছিল যে তেওঁ নিজাববীয়াকৈ এটা দল গঠনৰ দ্বাৰা বাৰ্ষিক একাংকিকা নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। সৰুৰ পৰাই নাটকৰ সৈতে জড়িত অম্লান দ্বীপ শইকীয়াৰ দৰে একোগৰাকী প্ৰতিভাৰ ইচ্ছাৰ বাবেই আচলতে এই অভিনয় ক্ষেত্ৰখন আনতকৈ সুকীয়া হৈ থাকিবলৈ সক্ষম হৈছে। ৰূপালীপৰ্দাই প্ৰায়ে নতুন একোগৰাকী প্ৰতিভাৰ সন্ধান কৰে; ঠিক তেনেদৰে, আজিও আমি আপোনালোকৰ আগত এইগৰাকী প্ৰতিভাৰ কিছু কথা ক’ম। লগতে, তেওঁৰ পৰাও জানিম কিছু কথা। একোজন নৱপ্ৰজন্মই যেতিয়া নিজৰ পৰিপক্ক দিশটোক আৰু অধিক সুন্দৰতাৰে আগবঢ়াই নিয়ে; তেতিয়া তেওঁক আৰু আগলৈ আগুৱাই লৈ যোৱাত সহায় কৰে সাধাৰণ জনেও। আমি অইন প্ৰসংগলৈ নাযাওঁ, মনোৰঞ্জন দিশটোকেই লৈছো। সম্প্ৰতি সময়ছোৱাত আমি ইমানেই অধিক বেয়া খবৰৰ সন্মুখীন হৈছো যে আমাক উৎসাহিত কৰা কথাবোৰ ইয়াৰ মাজতেই লুকাই পৰে। এতিয়াৰ নৱপ্ৰজন্মৰ বিভিন্ন দিশত সক্ৰিয়তা নুই কৰিব নোৱাৰো; তেওঁলোকৰ অভিনয়, সংগীত অথবা পৰিচালনাই নহওঁক কিয়! কোনো এটা দিশৰ সৈতে জড়িত হৈ তেওঁলোকে এনে কিছু কৰ্ম সম্পাদন কৰে যিয়ে দৰ্শকক আমোদ দিয়াৰ সমান্তৰালকৈ নজনা বিষয় এটাত জ্ঞান প্ৰদান কৰিবলৈও সক্ষম হয়।

"আমি অভিনয়ৰ অনুৰাগীহে।"- অম্লান দ্বীপ শইকীয়া 16
"আমি অভিনয়ৰ অনুৰাগীহে।"- অম্লান দ্বীপ শইকীয়া 17


এতিয়া আহো অম্লানৰ প্ৰসংগলৈ; অভিনয় দিশটোত কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “নিজাববীয়াকৈ গঠন কৰি লোৱা দলটোৰে আমি প্ৰতি বছৰে দলীয় আৰু ব্যক্তিগত শিতানত পুৰষ্কাৰ পাবলৈ সক্ষম হৈছিলোঁ; ক’ব নোৱাৰাকৈয়েই নাটকৰ প্ৰেমত তেতিয়াই পৰিলোঁ। এতিয়াও “মিৰদান” আৰু “নিবেদন” নাট্য গোষ্ঠীৰ লগত জড়িত হৈ নাটক কৰি আছোঁ আৰু শিকি গৈ আছোঁ।” এগৰাকী অভিনেতা ৰূপে কেনেধৰণৰ প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ ইচ্ছা বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “সদায় নতুনকৈ কিবা এটা শিকাৰ আগ্ৰহতে থাকোঁ; মই মোৰ সীমাবদ্ধতাখিনিও জানো। নিজৰ পচন্দৰ চৰিত্র এটাত অভিনয় কৰাৰ মন অভিনেতা হিচাপে সকলোৰেই থাকে; গতিকে সেয়া মোৰো আছে। অভিনয়ৰ সমান্তৰালকৈ যিহেতু আমি নাটক আৰু চিত্ৰনাট্য লিখাৰ কামত মনোনিবেশ কৰিছোঁ, গতিকে ভাল চিত্ৰনাট্য(প্ৰযোজক,পৰিচালক আৰু দৰ্শকৰ মন জয় কৰিব পৰা) লিখিবলৈ চেষ্টা কৰি আছোঁ।” অম্লানৰ পৰ এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “আমাৰ মতে “শিল্পী” এজন হওঁ বুলিয়েই হ’ব নোৱাৰি; আন এটা কথা হ’ল যে আমি বৰ্তমান সময়ত গান গোৱা, অভিনয় কৰা, নৃত্য কৰা এজনকে “শিল্পী” বুলি কৈ দিওঁ! আচলতে, প্ৰকৃত “শিল্পী”হোৱাটো অত্যন্ত কঠিন; সাধনা, ত্যাগ আৰু অক্লান্ত শ্ৰমৰ ফলত এগৰাকী শিল্পীৰ জন্ম হয়। আমি অভিনয়ৰ অনুৰাগীহে।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত প্ৰতিভাগৰাকীয়ে কয় যে, “বৰ্তমান চুটি ছবি এখনৰ চিত্ৰনাট্য লিখি আছোঁ; আনহাতে, এখন চুটি ছবিত অভিনয় কৰিলোঁ।

"আমি অভিনয়ৰ অনুৰাগীহে।"- অম্লান দ্বীপ শইকীয়া 18

আগলৈ তেওঁ কয় যে, “যিহেতু এতিয়াৰ সময় আমাৰ বাবে অতি ভয়ংকৰ, এই সময়ত নাটকৰ আখৰাৰ কথা ভাৱিবই নোৱাৰি। অৱশ্যে এখন নাটকৰ আখৰা হোৱাৰ কথা আছিল গুৰু জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিচালনাত। ভাল সময় অহাৰ লগে লগে সেই নাটকখনৰ কাম কৰা হ’ব; পৰিকল্পনা বুলিবলৈ এইয়াই। মঞ্চ আমাৰ সদায় প্ৰিয়।” প্ৰতিভাগৰাকীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/25992/feed 0 25992
“নাটকৰ প্রতি ক’ব নোৱাৰাকৈয়ে প্রেম হৈ গৈছিল আৰু আজি এজন নাটকৰ দুৰন্ত প্ৰেমিক”- পৰমানন্দ শইকীয়া https://rupaliparda.com/archives/25796 https://rupaliparda.com/archives/25796#respond Sun, 02 May 2021 06:30:00 +0000 https://rupaliparda.com/?p=25796 আমি কেতিয়াবা নৱপ্ৰজন্মৰ এনে একাংশ প্ৰতিভাক লগ পাওঁ; যিসকল অভিনয়েই হওঁক অথবা তেওঁলোক জড়িত হৈ থকা দিশটোৰ প্ৰতি থকা শ্ৰদ্ধাই আমাক আপ্লুত কৰে। তেওঁলোকৰ ইচ্ছাবোৰৰ বাবেই তেওঁলোকে প্ৰতিটো সময়ত কেনেদৰে এটা সুন্দৰ প্ৰকল্পৰে জনসাধাৰণক নিজৰ ফালে আকৰ্ষণ কৰিব পৰা যায় তাক চিন্তা কৰে। আমি বৰ্তমানলৈ এনে কিছুমান অভিনেতাক লগ পাইছো যাৰ আৰম্ভণি আছিল ভাওঁনাৰ আখৰা; নামঘৰত প্ৰত্যেকটো বৰ্ষতেই অনুষ্ঠিত হোৱা ভাওঁনাত ভাওঁ দিয়াৰ পৰা আৰম্ভ কৰি নিজৰ জীৱনৰ ডাঙৰ ডাঙৰ মঞ্চত অভিনয় কৰালৈ তেওঁলোকৰ নিৰৱিচ্চিন্ন সাধনাই তেওঁলোকক আৰু অধিক দৰ্শকৰ ওচৰত গ্ৰহণযোগ্য কৰি তোলে। দেওবৰীয়া বিশেষত আজি আমি আপোনালোকৰ মাজলৈ লৈ আনিছো এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা পৰমানন্দ শইকীয়াক। বৰ্তমানলৈ প্ৰায় ১০০ টা মান চৰিত্ৰত অভিনীত এই গৰাকী প্ৰতিভাৰ অভিনয়ৰ দিশটোত থকা মজবুত স্থিতি আপোনালোকেও হয়টো হৃদয়ংগম কৰিব পাৰিছে। আচলতে, আমি আৰু আপোনালোকক নৰখাই তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰটো দিওঁ; যাতে এই প্ৰতিভাগৰাকীয়ে কৰা প্ৰতিটো কামৰ খতিয়ান স্পষ্ট হৈ পৰে সকলোৰে ওচৰত। চাওঁচোন আহকঃ

"নাটকৰ প্রতি ক'ব নোৱাৰাকৈয়ে প্রেম হৈ গৈছিল আৰু আজি এজন নাটকৰ দুৰন্ত প্ৰেমিক"- পৰমানন্দ শইকীয়া 19

প্ৰশ্নঃ অভিনয়ৰ ক্ষেত্ৰ খনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

পৰমানন্দ শইকীয়াঃ অভিনয়ৰ আদি পাঠ শিকিছিলো নামঘৰৰ আখৰাত; ভাওঁনা কৰিছিলো প্ৰথম যেতিয়া অভিনয়ৰ বিষয়ে একোৱেই ধাৰণা নাছিল আৰু একো বুজাও নাছিলো। “সীতা হৰণ বালি বধ” ভাওঁনাখন আছিল মোৰ জীৱনৰ প্রথম খন আৰু মোৰ ভাগত পৰিছিল “সুগ্ৰীৱ” ৰ চৰিত্ৰটো। তেতিয়াৰ পৰাই আৰম্ভ হ’ল অভিনয়ৰ যাত্রা। তাৰ পাছৰে পৰা বৰ্তমানলৈকে প্ৰায় ১০০ টা চৰিত্ৰ অভিনয় কৰিছো ভাওঁনাত; পঞ্চম মান শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথম খন একাংকিকা নাটক আমাৰ শিক্ষা গুৰু শ্ৰী যুত বিনেশ্বৰ গগৈ দেৱে লিখা “নিছিগা তেজৰ ধাৰ” ত মূখ্য চৰিত্ৰত অভিনয় কৰিছিলো। পৰৱৰ্তী সময়ত, নাটকৰ প্রতি ক’ব নোৱাৰাকৈয়ে প্রেম হৈ গৈছিল আৰু আজি এজন নাটকৰ দুৰন্ত প্ৰেমিক। গাঁৱত তেতিয়া নাটক হয় প্ৰতি বছৰে বছৰে; তাতে সৰু সুৰা চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাওঁ। লগতে, অতি কম বয়সতে মই ২৩ বাৰ মান কংসৰ চৰিত্ৰটো অভিনয় কৰাৰ সুবিধা পাইছিলো। শেষলৈ, নাটকত মূখ্য চৰিত্ৰটো অভিনয় কৰাৰ সুযোগ পালো। ২০১২ চনত মোৰ দাদা কৃষ্ণ ভূঞাই পৰিচালনা কৰা এখন নাটকত মূখ্য চৰিত্ৰত অভিনয় কৰিছিলো যি খন নাটকে দিল্লী NSD লৈ মনোনীত হৈছিল। আমি নাটক কৰিছিলো NSD ৰ “Abhimanch” ত; অসম তথা ভাৰতৰ বহু কেইখন ঠাইৰ নাটক চোৱাৰ সূভাগ্য হৈছিল আৰু তেতিয়াৰ পৰা NSD ৰ প্ৰতি আকৰ্ষিত হৈছিলো। NSD ৰ নাটকৰ কৰ্মশালা অনুষ্ঠিত হৈছে বুলি খবৰ পালেই দৌৰ মৰিছিলো অসমৰ যিকোনো ঠাইলৈকে; তেনেকৈয়ে তিনিচুকীয়াত এটা Nsd Workshop ত সান্নিধ্য লাভ কৰিছিলো NSDIAN পৰাগ শৰ্মা , দুলাল ৰয়কে ধৰি যশ ৰাস যাদৱ, ত্ৰিপুৰাৰী শৰ্মা, আদিল হুছেইন ছাৰ আদি বহু কেইজন নাটকৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গুৰুক। এতিয়া, নাটক অবিহনে জীৱনটো কল্পনাও কৰিব নোৱাৰো। মই অভিনীত বহু কেইখন নাটকে ৰাষ্ট্রীয় পৰ্যায়ত পুৰস্কৃত হৈছে। তাৰে ভিতৰত আছে ” ধনীৰামৰ থিয়টাৰ”,পঞ্চৱতী,আন্ধাৰত সিহঁতৰ মুখবোৰ, মণিমুগ্ধ আদি। মোৰ এই যাত্ৰাত নাটক আৰু জীৱনৰ ওপৰত ধাৰণা সলনি হৈ গৈছিল যেতিয়া হিমাংশু প্ৰসাদ দাসক লগ পাইছিলো। “Guernika Artist Fectory” ৰ তত্ত্বাৱধানত nsd য়ে আয়োজন কৰা এটা নাটকৰ কৰ্মশালাত লগ পাইছিলো তেখেতক আৰু তাৰ পিছৰ পৰাই সলনি হৈ গৈছিল জীৱনবোধ। তেখেতৰ পৰিচালনাত কেইবাখনো নাটক কৰাৰ সুবিধা পালো; ক্ৰমে “এখন গাওঁ ত এটা টিভি আছিল”, “মণিমুগ্ধ”আদি।তেখেতৰ পৰিচালনাতে প্রথম খন ধাৰাবাহিক “বকুল তলৰ আদালত” ত (ৰং চেনেলত)অভিনয় কৰিলো। এতিয়াও কৰি আছো অভিনয়; কৰি যাম। অভিনয় অবিহনে মই শূণ্য।
ভাওঁনা, নাটক, ধাৰাবাহিক, চিনেমা; য’তেই সুবিধা পাইছো তাতেই কৰিছো। শেহতীয়াকৈ RB production ৰ বেনাৰত ৰজনী বৰ্মন দেৱৰ পৰিচালনাত অসমীয়া বিগ বাজেটৰ ছবি “লংকাকাণ্ড” ত অভিনয় কৰিছো। আনহাতে, মই অভিনয় কৰা চুটি ছবি সমূহ হৈছে ক্ৰমে “স্তব্ধ সময়” ,”Sucide Note”, “আখৰা ঘৰ” ,”বাৰুদ”, “ৰতি” আদি।

"নাটকৰ প্রতি ক'ব নোৱাৰাকৈয়ে প্রেম হৈ গৈছিল আৰু আজি এজন নাটকৰ দুৰন্ত প্ৰেমিক"- পৰমানন্দ শইকীয়া 20

প্ৰশ্নঃ এগৰাকী অভিনেতা ৰূপে তোমাৰ কেনেধৰণৰ প্ৰকল্প সমূহৰ সৈতে জড়িত হোৱাৰ ইচ্ছা?

পৰমানন্দ শইকীয়াঃ ইচ্ছাটো থকাত বহুখিনি আছে, সপোনো বহুত আছে; নাজানো পিছলৈ কি হয়! মাজে মাজে চিৰিয়েল, চিনেমা কৰিলেও নাটকৰ প্রতি আন্তৰিক টানটো অকণমান বেছি। নাটক বেছি ভাল পাওঁ। কিন্তু বৰ্তমান সময় বৰ জটিল। যোৱা বছৰো একো কৰিব নোৱাৰিলো; যোৱাবছৰেই এটা পৰিকল্পনা কৰিছিলো শিশুসমূহক লৈ কিবা এটা কৰাৰ কথা; কিন্তু এইবছৰো সম্পূৰ্ণ হোৱাৰ আশা দেখা নাই তথাপিও আমি আশাবাদী; ভাল হ’ব।
অভিনেতা হিচাপে যি কোনো চৰিত্ৰই ৰূপায়ন কৰিবলৈ চেষ্টা কৰিম। যিহেতু গাঁওৰ ল’ৰা মাটিৰ গোন্ধ থকা মাটিৰ লগত সম্পৰ্ক থকা চৰিত্ৰ হলে বেছি সুখী হওঁ। অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিয়ে এতিয়া বহু উচ্চ মান সম্পন্ন ছবিৰ নিৰ্মাণ কৰি আছে; যি বোৰ ফিল্মে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। এনেকুৱা প্ৰকল্পৰ লগত নিজকে সমৰ্পণ কৰিব বিচাৰো যি প্ৰকল্পই হলীউডৰ লগত সমানে একে শাৰীতে থিয় হ’ব পাৰে।

"নাটকৰ প্রতি ক'ব নোৱাৰাকৈয়ে প্রেম হৈ গৈছিল আৰু আজি এজন নাটকৰ দুৰন্ত প্ৰেমিক"- পৰমানন্দ শইকীয়া 21

প্ৰশ্নঃ বৰ্তমান পৰিপ্ৰেক্ষিতত এগৰাকী”শিল্পী”মানে তোমাৰ মতে কি ?

পৰমানন্দ শইকীয়াঃ যি সৃষ্টি কৰে; যি শিল্পৰ সাধনা কৰে তেওঁৱেই শিল্পী। কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত শিল্পীৰ সঠিক মূল্যায়ন নাই হোৱা দৰেই অনুভৱ হয়। “শিল্পী” শব্দটোৰ অৱমাননা হোৱাৰ নিচিনা অনুভৱ হয়। ধনত্ৰন্ত্ৰৰ এই যুগত তেনে হোৱাটোৱেই অৱশ্যে স্বাভাৱিক। শিল্পী সদায় জনসাধাৰণৰ; মানুহৰ বাবে মানুহৰ লগত থাকি মানুহৰ কাৰণে শিল্পীয়ে কাম কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, বিষ্ণু ৰাভা এইসকল মহান শিল্পী আছিল। এতিয়াও গাঁৱে ভূঞে বহু শিল্পী আছে যাৰ সঠিক মূল্যায়ন হোৱা নাই।

"নাটকৰ প্রতি ক'ব নোৱাৰাকৈয়ে প্রেম হৈ গৈছিল আৰু আজি এজন নাটকৰ দুৰন্ত প্ৰেমিক"- পৰমানন্দ শইকীয়া 22

প্ৰশ্নঃ আগন্তুক পিৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম

পৰমানন্দ শইকীয়াঃ পৰিস্থিতি যদি সূস্থিৰ হয়; এটা শিশুৰ বাবে নাট কৰ্মশালা কৰাৰ পৰিকল্পনা আছে। (NSD ৰ স্নাতক প্ৰশিক্ষক হিচাপে থাকিব); কিন্তু সকলো নিৰ্ভৰ কৰিব সময়ৰ ওপৰত। খুব সোনকালেই এখন চুটি ছবিৰ কাম আৰম্ভ কৰিম। এজন শিল্পীৰ জীৱন সংগ্ৰামৰ ওপৰত কাহিনীটো । গুৰু দুজনাৰ কৃষ্টি সংস্কৃতি, আৰ্ট, লগতে নাটক- যোগাসনৰ কৰ্মশালাৰো পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিম; আগতে চলি আছিল বিশেষ পৰিস্থিতিৰ কাৰণে বন্ধ হৈ আছিল।এইবাৰ ন-উদ্যমেৰে পুনৰ আৰম্ভ কৰাৰ মানস কৰিছো। নাটক কৰি যাম।

ৰূপালীপৰ্দাঃ ধন্যবাদ পৰমানন্দ শইকীয়া; আপোনাৰ সকলো কথা যেন আন দুজনৰ বাবে সাহস হওঁক।

"নাটকৰ প্রতি ক'ব নোৱাৰাকৈয়ে প্রেম হৈ গৈছিল আৰু আজি এজন নাটকৰ দুৰন্ত প্ৰেমিক"- পৰমানন্দ শইকীয়া 23

পৰমানন্দ শইকীয়াঃ ধন্যবাদ ৰূপালীপৰ্দা।

]]>
https://rupaliparda.com/archives/25796/feed 0 25796
” আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ’বলৈও বিভিন্ন সুবিধা লাভ কৰিম”- অংশুমান শইকীয়া https://rupaliparda.com/archives/25634 https://rupaliparda.com/archives/25634#comments Sun, 25 Apr 2021 06:30:00 +0000 https://rupaliparda.com/?p=25634 একোজন নৱপ্ৰজন্মই যেতিয়া নিজৰ পৰিপক্ক দিশটোক আৰু অধিক সুন্দৰতাৰে আগবঢ়াই নিয়ে; তেতিয়া তেওঁক আৰু আগলৈ আগুৱাই লৈ যোৱাত সহায় কৰে সাধাৰণ জনেও। আমি অইন প্ৰসংগলৈ নাযাওঁ, মনোৰঞ্জন দিশটোকেই লৈছো। সম্প্ৰতি সময়ছোৱাত আমি ইমানেই অধিক বেয়া খবৰৰ সন্মুখীন হৈছো যে আমাক উৎসাহিত কৰা কথাবোৰ ইয়াৰ মাজতেই লুকাই পৰে। এতিয়াৰ নৱপ্ৰজন্মৰ বিভিন্ন দিশত সক্ৰিয়তা নুই কৰিব নোৱাৰো; তেওঁলোকৰ অভিনয়, সংগীত অথবা পৰিচালনাই নহওঁক কিয়! কোনো এটা দিশৰ সৈতে জড়িত হৈ তেওঁলোকে এনে কিছু কৰ্ম সম্পাদন কৰে যিয়ে দৰ্শকক আমোদ দিয়াৰ সমান্তৰালকৈ নজনা বিষয় এটাত জ্ঞান প্ৰদান কৰিবলৈও সক্ষম হয়। সৰুৰ পৰাই নাটক ৰচনা তথা অভিনয় দিশটোৰ সৈতে জড়িত এনে এগৰাকী নৱপ্ৰজন্মৰ নাম হৈছে অংশুমান শইকীয়া; অসমৰ কেইবাখনো ঠাইত অনুষ্ঠিত নাট প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি কুৰিতকৈও অধিক পুৰষ্কাৰ পাবলৈ সক্ষম অংশুমান নিৰৱিচ্চিন্ন ভাৱে জড়িত হৈছে এই ক্ষেত্ৰখনৰ সৈতে। আপোনালোকে যদি তেওঁক এবাৰলৈ চচিয়েল মিডিয়াত চাবলৈ বিচাৰিছে তেতিয়াহ’লে তেওঁৰ প্ৰফাইলত থকা তেওঁৰ অভিনয়ৰ সময়ৰ ভিন্ন দৃশ্যাংশক দেখিয়েই বুজিব পাৰিব অংশুমানৰ এই দিশটোত সক্ৰিয়তা। ৰূপালীপৰ্দাতেই আমি দুদিন মান পূৰ্বে অংশুমান শইকীয়াৰ পৰিচালনা আৰু অভিনয়ৰে নিৰ্মিত এখন চুটি-ছবিক আপোনালোকৰ মাজলৈ লৈ আনিছিলো; নাম আছিল “শিল পি”। আৰু, আজিৰ দেওবৰীয়া বিশেষত আমি অংশুমান শইকীয়াৰ পৰাই জানিম কিছু কথা। চাওঁচোন আহকঃ

" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 24

প্ৰশ্নঃ অভিনয় ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

অংশুমান শইকীয়াঃ অভিনয়ৰ ক্ষেত্ৰখনত জড়িত বুলি ক’বলৈ গ’লে, মই পঞ্চম মান শ্ৰেণীৰ পৰাই জড়িত। নগাঁও জিলাৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক সুকুমাৰ কলা প্ৰতিযোগিতাত প্ৰথম নিজৰ দল খুলি অংশগ্ৰহণ কৰিছিলো। তেতিয়াৰ পৰাই অবিৰত ভাৱে লাগি আছোঁ আৰু আগলৈও এই ক্ষেত্ৰখনত কামবোৰ কৰি যাম; আপোনালোকৰ সহায় লাগিব।

" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 25

প্ৰশ্নঃএগৰাকী অভিনেতা ৰূপে তোমাৰ কেনেধৰণৰ প্ৰকল্প সমূহৰ সৈতে জড়িত হোৱাৰ ইচ্ছা?

অংশুমান শইকীয়াঃ অভিনয় শিকি আছোঁ। বিশেষকৈ, নাটকৰ লগত জড়িত যদিও নাটকৰ পৰা আদি কৰি সকলো ধৰণৰ অভিনয় কৰি ভাল পাওঁ। তথাপিও, শেষত গৈ এগৰাকী চিনেমাৰ অভিনেতা হিচাপে নিজকে চিনাকী দিয়াৰ সপোন আছে। আৰু, আশা কৰিছো আগন্তুক সময়ত নিশ্চয়কৈ অসমীয়া চিনেমা জগত খন আৰু উন্নত হ’ব। ভাল ভাল চিত্ৰনির্মাতা, পৰিচালক, চিত্ৰনাট্যকাৰ আৰু কাৰিকৰী কলা কুশলীয়ে লাহে লাহে ইয়াত খোঁপনি পুতিছে আৰু তেওঁলোকৰ কাম সমূহৰো চৰ্চা হ’বলৈ আৰম্ভ হৈছে গতিকে এনে পৰিপ্ৰেক্ষিতত, আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ’বলৈও বিভিন্ন সুবিধা লাভ কৰিম।

" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 26

প্ৰশ্নঃআগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

অংশুমান শইকীয়াঃ পৰিকল্পনা অভিনেতা হিচাপে নাই। যিহেতু কাম হঠাৎ আহে; তথাপিও নতুন চুটি ছবি এখন নিৰ্মাণৰ কাম হাতত লৈছো। pre- production ৰ কাম চলি আছে। যিহেতু চুটি ছবি নিৰ্মাণ নতুনকৈ কৰিবলৈ শিকি আছোঁ, সেই কামটোতেই বৰ্তমান ভালকৈ লাগি আছো। ইতিমধ্যে মোৰ পৰিচালনাৰে নিৰ্মিত এখন চুটি ছবি “শিল পি” ক ইতিমধ্যে দৰ্শকে সঁহাৰি জনাইছে;ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চুটি ছবিখনে লাভ কৰিবলৈও সক্ষম হৈছে মনোনয়ন।

" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 27

প্ৰশ্নঃ এগৰাকী “শিল্প” বুলিলে তুমি কি বুজা?

অংশুমান শইকীয়াঃ “শিল্পী” বুলিলে ৬৪ কলাৰ অধিকাৰী হ’ব লাগে বুলি আগতে কোৱা হয়; কথাষাৰত আজিে বিশ্বাস কৰোঁ। আজিকালি প্ৰায় শিল্পী শব্দটো ব্যৱহাৰ কৰে; কিন্তু মোৰ মতে অভিনেতা, সঙ্গীতজ্ঞ, গায়ক, বাদ্যযন্ত্ৰী হিচাপে ভাগ কৰিলে বেছি ভাল লাগে। “শিল্পী” শব্দটো ব্যৱহাৰ কৰিবলৈ হয়তো এটা পৰ্যায়ত এজন performer ৰূপে উপনীত হ’বগৈ লাগে। অৱশ্যে, এয়া সম্পূৰ্ণ নিজা মত মোৰ।

ৰূপালীপৰ্দাঃ ধন্যবাদ অংশুমান শইকীয়া। তোমাৰ সপোনবোৰ সাৰ্থক হওঁক।

" আহিবলগীয়া সময়ত এই ক্ষেত্ৰখন ঠন ধৰি উঠাৰ সমান্তৰালকৈ জড়িত হ'বলৈও বিভিন্ন সুবিধা লাভ কৰিম"- অংশুমান শইকীয়া 28

অংশুমান শইকীয়াঃ ধন্যবাদ ৰূপালীপৰ্দা।

]]>
https://rupaliparda.com/archives/25634/feed 1 25634