assamese video creator – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 04 Oct 2021 10:08:47 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 assamese video creator – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ”- টীম OLaCrazy https://rupaliparda.com/archives/28585 https://rupaliparda.com/archives/28585#respond Tue, 05 Oct 2021 05:30:00 +0000 https://rupaliparda.com/?p=28585 বিজ্ঞানভিত্তিক এই সময়ছোৱাত জনসাধাৰণক কিছু বিনোদনৰ অৱকাশ দিয়াটো বৰ জৰুৰী হৈ পৰিছে। সম্প্ৰতি সময়ছোৱাৰ যান্ত্ৰিকতাৰ মাজত জীৱনপ্ৰণালী অব্যাহত ৰখা একোজন ব্যক্তিবিশেষক হহুঁৱাটো বৰ কষ্টকৰ হৈ পৰিছে। তাৰ মাজতো একাংশই নিজ প্ৰচেষ্টাৰে জনসাধাৰণক হহুঁৱাবলৈ অথবা ব্যংগাত্মক ৰসেৰে জীৱনটো আগবঢ়াই নিবলৈ দিয়া অকণমান সঁহাৰিয়ে আচলতে বৰ সকাহ দিছে সকলোকে। কমেডী; যি এনে এক বিষয় যিটোক জোৰ কৰি কৰিবও নোৱাৰি আৰু জোৰ কৰি সেইটোৰ দ্বাৰা কোনো জন লোকক হহুঁৱাবও নোৱাৰি। কমেডী কৰিবলৈ এটা নিৰ্দ্দিষ্ট সময়, উপস্থিত বুদ্ধি আৰু প্ৰত্যুৎপন্নমতি হোৱাৰ খুবেই প্ৰয়োজন হয়। হিন্দী ক্ষেত্ৰখনত এনে কমেডিয়ান আমি বহু দেখিছো; ৰাজু শ্ৰীবাস্তৱ অথবা কপিল শৰ্মা ইয়াৰ এক জ্বলন্ত উদাহৰণ। এই দুগৰাকীৰ কমেডীয়ে প্ৰত্যেকগৰাকীকে আমোদ দিছে। ঠিক তেনেধৰণে, অসমীয়া ক্ষেত্ৰখনতো OLaCrazy নামে এক কমেডি গ্ৰুপ আছে; যাৰ অধিকাংশ কমেডী ভিডিঅ’ বৰ্তমান সৰ্বত্ৰে চৰ্চিত। আজি আমি আপোনালোকৰ মাজলৈ কোনো জনপ্ৰিয় কন্ঠশিল্পী, অভিনেতা-অভিনেত্ৰীক লৈ অনা নাই; আজিৰ আমাৰ সাক্ষাৎকাৰ বিশেষত আপোনালোকলৈ লৈ আনিছো OLaCrazy ক। চাওঁচোন আহকঃ

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 2

প্ৰশ্নঃ OLaCrazy গ্ৰুপটোৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ?

OLaCrazyঃ OLaCrazy জন্ম হোৱাৰ আগত আমাৰ মনত জন্ম লৈছিল কিবা এটা কৰাৰ দূৰ্বাৰ হেঁপাহ; যাৰ দ্বাৰা আমি এটা পৰিচয় গঢ় লৈ তুলিব পাৰোঁ । আৰু, তাৰপিছতেই আমাৰ সৰু সৰু পাগলামিয়ে জন্ম দিছিল “OLaCrazy” নামৰ এই গ্ৰুপটো; আজি প্ৰায় তিনিটা বছৰৰ বেছি হ’ল OLaCrazyৰ। আমাৰ গ্ৰুপটো জন্ম লাভ কৰাৰ প্ৰথমচোৱাৰ পৰা আজিলৈ আমি এটা হাঁহিৰ হকে কাম কৰি আহিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদৰ লগত আগলৈও এনেদৰে চেষ্টা কৰি যাম।

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 3

প্ৰশ্নঃ জনসাধাৰণক আমোদ প্ৰদান কৰাৰ উপৰিও আপোনালোকৰ কোনো অইন উদ্দেশ্য??

OLaCrazyঃ আমাৰ অসমত এনেকুৱা এচাম মানুহ আছে যাৰ হাতত মোবাইলটো আছে কিন্তু শিক্ষা বা জ্ঞানৰ যথেষ্ট অভাৱ ! সেইবাবে, আমি সকলো “Creator” য়ে এইটো চোৱা উচিত যে জনসাধাৰণে যাতে আমি প্ৰস্তুত কৰি উলিওৱা ভিডিঅ’ সমূহৰ পৰা আমোদৰ জৰিয়তে অলপ কিবা ভাল বস্তু শিকে; সমান্তৰালকৈ, “OLaCrazy” ৰ জৰিয়তে কোনোবা অসুস্থ লোকক অকণমান সঁহাৰি নাইবা যিকোনো সহায় কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ। আমাৰ এই চেষ্টা অব্যাহত আছে মাথোঁ আমাৰ অসমখন আৰু বেছি ভাল কৰা স্বাৰ্থত !

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 4

প্ৰশ্নঃ “শিল্পী” শব্দটোৰ যদি সৰুকৈ সংজ্ঞা বিচৰা হয়; তেতিয়াহ’লে আপোনালোকৰ মতে কি হ’ব?

OLaCrazyঃ “শিল্পী” শব্দটো আচলতে এটা বহুত ডাঙৰ শব্দ; কিন্তু আজিকালি প্ৰায়ভাগে নিজকে নিজাববীয়াকৈ এই শব্দটোৰ অধিকাৰী বুলি ভাৱে। আচলতে, অসমত “শিল্পী”ৰ এটা বাস্তৱ উদাহৰণ বুলি ক’লে অতি কম সংখ্যকহে জনা যায়। গতিকে,এই বিষয়ত সম্প্ৰতি সময়ৰ “শিল্পী” ৰ সংজ্ঞা দিবলৈ আমি অপাৰগ।

প্ৰশ্নঃ গ্ৰুপটোক লৈ আপোনালোকৰ আগন্তুক পৰিকল্পনা কেনেধৰণৰ??

OLaCrazyঃ পৰিকল্পনা বুলি ক’বলৈ গ’লে এটা বেলেগ ধৰণে অসমৰ সাংস্কৃতিক জগত খনক আগবঢ়াই নিব চেষ্টা কৰিম; নতুন বহুত কাম কৰি আছো আৰু ভাল ভাল কাম কৰি যাব চেষ্টা কৰিম। এইখিনিতে এটা কথা আমি ক’বই লাগিব যে আমাৰ কোনোধৰণৰ স্থিৰ লক্ষ্য নাই কাৰণ আমি ভাবোঁ সেই লক্ষ্যটোত উপনীত হোৱাৰ পিছত জীৱনটো শেষ যেন অনুভৱ হয় ! ইংৰাজীত ক’ব গ’লে মানুহৰ “Comfort zone” থাকিব নালাগে কাৰণ তেতিয়া কিবা এটা পাবলৈ বা কিবা এটা কৰিবলৈ “ভোক” থাকে আৰু এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ !

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 5

প্ৰশ্নঃ সমাজৰ প্ৰতি আপোনালোকৰ কি দায়বদ্ধতা আছে বুলি আপোনালোকে ভাবে?

OLaCrazyঃ সমাজখনৰ কথা কিনো ক’ম! আজি এটা কিবা এটা; কাইলৈ বেলেগ এটা। আমি সমাজখনক এটা সুস্থিৰ দিশত আগবঢ়াই নিব খোজোঁ কাৰণ আমি বিচাৰোঁ আমাৰ অসমখনক আগবঢ়াই নিব ! এতিয়া দায়বদ্ধতা বুলি ক’লে, সমাজ বুলি কোৱাৰ আগত আজি অসমত ভিন্ন জাতি বা ভিন্ন ভাষাৰ বাবে সমাজ একোখন গঢ় লৈ উঠিছে; আৰু ইয়াৰ বাবদ আমাৰ অসম খন দূৰ্বল হৈ যায় আছে। সমাজ বুলি কোৱাৰ আগত আমি এজন এজন প্ৰকৃত মানুহ হোৱা উচিত তাৰ পিছত আমি সকলোৱে এখন ভাল সমাজ দেখিবলৈ পাম।

"এই ভোকটো মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰয়োজনবোধ কৰোঁ"- টীম OLaCrazy 6

ৰূপালীপৰ্দাঃ ধন্যবাদ OLaCrazy; আপোনালোকৰ আগন্তুক প্ৰতিটো পৰিকল্পনা সফল হওঁক।

OLaCrazyঃ ধন্যবাদ ৰূপালীপৰ্দা।

]]>
https://rupaliparda.com/archives/28585/feed 0 28585