Assamese Web Series – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 06 Oct 2021 06:30:39 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Assamese Web Series – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে ‘দ্য ক্লিনিক’- https://rupaliparda.com/archives/28628 https://rupaliparda.com/archives/28628#respond Thu, 07 Oct 2021 05:30:00 +0000 https://rupaliparda.com/?p=28628 অসমীয়া এখন নতুন ৱেব চিৰিজ মুক্তিৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে। বৰ্তমান ৱেব চিৰিজ সমূহৰ এক নতুন ঢৌক লৈ আমি উৎসাহিত হৈছো; হলীউড- বলীউডৰ এই ৱেব চিৰিজ সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ এতিয়া একোখন অসমীয়া ৱেব চিৰিজৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। সমান্তৰালকৈ, অসমীয়া ৱেব চিৰিজৰ এই দিশটোক পূৰ্বতকৈ আৰু অধিক মজবুত কৰি তুলিবলৈ আহিবলগীয়া সময়ত আন কেইবাখনো ৱেব চিৰিজৰ মুক্তিৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ। শেহতীয়াকৈ মহুৰত সম্পন্ন হৈছে এখন নতুন ৱেব চিৰিজ ‘দ্য ক্লিনিক’ ৰ। এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ ৱেব চিৰিজসমূহৰ গ্ৰহণযোগ্যতা আমি বাৰুকৈয়ে অনুভৱ কৰিছোঁ, বিশেষকৈ এই একোখন ৱেব চিৰিজত একোটা কাহিনীৰ অথবা একোটা নিৰ্দ্দিষ্ট বিষয়বস্তুৰ পুংখানুপুংখ বিৱৰণ থাকে যাৰ বাবে ই জনপ্ৰিয়তাৰ শিখৰত আছে। হিন্দী অথবা ইংৰাজীৰ লগতে এনে কিছুমান উল্লেখনীয় বিষয়বস্তুৰে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন দৰ্শকৰ বাবে উৎকণ্ঠাৰ বিষয়ে হৈ পৰিছে। ‘দ্য ক্লিনিক’ ৱেব চিৰিজখনটো বহু বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন ঘটোৱা হৈছে। আপোনালোকক আন এক উৎসাহিত হোৱা বিষয় জনাওঁ যে, ময়ূৰ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এই ৱেব চিৰিজখনত আপোনালোকে যুৱপ্ৰজন্মৰ বহুকেইগৰাকী প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰীক উপভোগ কৰিবলৈ সক্ষম হ’ব।

বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে 'দ্য ক্লিনিক'- 1


সমাজৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশৰ উপস্থাপন কৰাৰ লগতে ৱেব চিৰিজখনৰ সংযোজিত কাহিনীভাগৰ জৰিয়তে জনসজাগতা সৃষ্টি কৰিবলৈও চেষ্টা কৰা হৈছে। সমাজৰ একঘেয়ামী দিশটোৰ লগতে কু-সংস্কাৰৰ কিছু আভাস প্ৰদান কৰাৰ উপৰিও মহানগৰীৰ কৰ্পোৰেট কালচাৰ আৰু কাৰ্যালয়ৰ সহকৰ্মীসকলৰ ওপৰত পৰা চাপকো বৰ্ণনা কৰা হৈছে। ৱেব চিৰিজখনৰ খণ্ড অনুসৰি দৰ্শকসকল কাহিনীভাগৰ ভিতৰত আৰু অধিক সোমাই গৈ থাকিব বুলি একাষাৰে কৈ দিব পাৰি। ‘দ্য ক্লিনিক’ ৰ পৰিচালনাৰ দায়িত্বত আছে হিতাৰ্থ বৰাই। ইয়াত অভিনয় কৰিছে ক্ৰমে প্ৰসেনজিৎ বৰা, হিৰণ্য ডেকা, অপৰ্ণা দত্ত চৌধুৰী, উদয়ন দুৱৰা, অৰ্ঘ্যদ্বীপ বৰুৱা, বেদব্ৰত বৰা, বেদান্ত প্ৰকাশ বৰা আৰু হিতাৰ্থ বৰাই। অসমীয়া দুইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠও এই ৱেব চিৰিজখনত সংযোজন কৰা হৈছে। গীত দুটিত কণ্ঠদান কৰিছে ক্ৰমে শংকুৰাজ কোঁৱৰ আৰু প্ৰবীণ বৰাই। মূলসুঁতিৰ বিষয়বস্তুৰ বহু আঁতৰৰ চিৰিজখন দৰ্শনীয় আৰু নতুন চিন্তাৰ বাহক হ’ব বুলি আশা কৰা হৈছে।

বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে 'দ্য ক্লিনিক'- 2


ৱেব চিৰিজখনৰ বাবে অপেক্ষাৰত হৈ পৰিছে দৰ্শক সমাজ। লগতে, সফলতাৰ কামনা কৰি ৱেব চিৰিজখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক জনাইছোঁ আন্তৰিক শুভকামনা।

]]>
https://rupaliparda.com/archives/28628/feed 0 28628
ReelDrama ৰ চিৰিজ ‘মৃত্যুঞ্জয়’ লৈ ৰাইজৰ ইতিবাচক মন্তব্যঃ https://rupaliparda.com/archives/28543 https://rupaliparda.com/archives/28543#respond Thu, 30 Sep 2021 08:30:00 +0000 https://rupaliparda.com/?p=28543 Reeldrama ৰ উল্লেখনীয় প্ৰকল্প ‘মৃত্যুঞ্জয়’ য়ে শেহতীয়াকৈ ইতিবাচক মন্তব্য লাভ কৰিবলৈ সক্ষম হৈছে। ReelDrama ত একোখন সুন্দৰ অসমীয়া ছবিৰ লগতে দৰ্শকে উপভোগ কৰিবলৈ পাব ৱেব চিৰিজ, সংগীত, কৌতুক, কবিতা, ৰন্ধন প্ৰণালী আৰু ভক্তিমূলক অনুষ্ঠান ইত্যাদি। আনহাতে, উক্ত OTT প্লেটফৰ্মটোত শিশুসকলৰ বাবে এক নিৰ্দ্দিষ্ট শাখাও অন্তৰ্ভূক্ত কৰা হৈছে; মুঠতে, সৰ্বাংগসুন্দৰ হৈ জনসাধাৰণৰ মাজলৈ ওলাই আহিছে এই প্লেটফৰ্মটো। ৰাইজৰ মাজতো নতুন কিবা এটা উপভোগ কৰাৰ এক সুন্দৰ ইচ্ছা পৰিলক্ষিত হৈছে। সঁচাকৈ ক’বলৈ গ’লে স্তব্ধতাৰ মাজতো স্তব্ধ নোহোৱাকৈ ৰোৱা মনোৰঞ্জন ক্ষেত্ৰখনত ReelDrama হৈছে আশাৰ ৰেঙণি; য’ত দৰ্শকে লাভ কৰিছে নতুনত্ব। ৯ টা ৰহস্যধৰ্মী হত্যাৰ আঁৰত থকা এটা হত্যাকাৰীক কেন্দ্ৰ কৰি নিৰ্মাণ হোৱা চিৰিজখনে আপ্লুত কৰিছে সকলোকে। ৱেব চিৰিজখনৰ কাহিনীভাগৰ লগতে ইয়াত অভিনীত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ সুন্দৰ তথা যথোপযুক্ত অভিনয়ে চিৰিজখনক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে ৰাইজৰ মাজত। আমাৰ সমাজখনত ধনাত্মক আৰু ঋণাত্মক এই দুই শক্তিয়ে ক্ৰিয়া কৰি থাকে, আমাৰ মনৰ মাজটো এই দুই শক্তিয়ে বাহৰ পাতি থাকে কিন্তু এই দুই শক্তিৰ মাজৰ কোনবিধে আমাক আগ্ৰাসনত ল’ব পাৰে অথবা কোনবিধ শক্তিক আমি আমাৰ জীৱনত অধিক প্ৰাধান্য দিওঁ, সেই আটাইবোৰ নিৰ্ভৰ কৰে আমাৰ কৰ্মসমূহৰ ওপৰত। এই চিৰিজখনত এনে কিছু কথাক সাঙুৰিয়ে কাহিনীভাগৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।

ReelDrama ৰ চিৰিজ 'মৃত্যুঞ্জয়' লৈ ৰাইজৰ ইতিবাচক মন্তব্যঃ 3


উক্ত চিৰিজখনত অভিনীত জয় কাশ্যপ, উদয়ন দুৱৰা, জ্যোতি নাৰায়ণ নাথ, ভাগৱত প্ৰীতম, ৰঞ্জীৱ লাল বৰুৱা, হিমাংশু গগৈ, ৰিচা ভৰদ্বাজ, ৰূপম শৰ্মা আৰু মধুস্মিতা দিহিঙীয়াই নিজ নিজ চৰিত্ৰসমূহক সুন্দৰভাৱে ৰাইজৰ আগত উপস্থাপনৰ চেষ্টা কৰিছে। বিশেষকৈ,এই ক্ষেত্ৰত আমি জয় কাশ্যপ আৰু উদয়ন দুৱৰাৰ নাম ল’ব লাগিব, এওঁলোক দুয়োগৰাকীৰ মাজত থকা অভিনয়ৰ দক্ষতা চিৰিজখনৰ জৰিয়তে সুন্দৰভাৱে ওলাই পৰিছে। চিৰিজখনৰ আন এক মনোগ্ৰাহী দিশ এয়াও যে ৯ টা হত্যাকাণ্ডৰ কাহিনীৰ ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল। ৱেব চিৰিজ খনৰ সৃষ্টিকৰ্তা হৈছে ৰতনশীল শৰ্মা লগতে পৰিচালনাৰ দায়িত্বত আছে অসমীয়া ধাৰাবাহিক ক্ষেত্ৰখনৰ জনপ্ৰিয় পৰিচালক নানান পাঁচনি। কাহিনীভাগ লিখিছে নয়ন সাউদ আৰু জাহ্নৱী মজুমদাৰে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নতুনৰ সংযোজনে কাকনো উৎসাহিত নকৰে! নহয়নে? অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনসাধাৰণৰ মাজত চিনাকী লাভ কৰাটো সঁচাকৈ সকলোৰে বাবে এক গৌৰৱৰ বিষয়। অসমীয়া সাংস্কৃতিক তথা মনোৰঞ্জন ক্ষেত্ৰখনত জনসাধাৰণৰ বাবে একাংশই কৰা প্ৰচেষ্টা তথা প্ৰয়াস নুই কৰিব পৰা নাযায়। বৰ্তমান সময়ছোৱাত মনোৰঞ্জন জৰুৰী হৈ পৰিছে জনসাধাৰণৰ বাবে; হতাশগ্ৰস্ততাই প্ৰভাৱ বিস্তাৰ কৰা একাংশৰ বাবে একমাত্ৰ মনোৰঞ্জনেই হৈছে যিয়ে এজন ব্যক্তিক নিজৰ চিন্তাৰ পৰা কিছু সময় বিৰত ৰাখি আমোদ প্ৰদান কৰিব পাৰে।

ReelDrama ৰ চিৰিজ 'মৃত্যুঞ্জয়' লৈ ৰাইজৰ ইতিবাচক মন্তব্যঃ 4


চিৰিজখনৰ সৈতে জড়িত প্ৰত্যেকগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

]]>
https://rupaliparda.com/archives/28543/feed 0 28543
কিছু নতুন কাহিনী আৰু নতুন প্ৰকল্পৰে আহি আছে Nexster Studiosঃ https://rupaliparda.com/archives/28470 https://rupaliparda.com/archives/28470#respond Sat, 25 Sep 2021 08:30:00 +0000 https://rupaliparda.com/?p=28470
বৰ্তমান ডিজিটেল যুগ; ডিজিটেলী সক্ৰিয় হ’বলৈ আগবাঢ়িছে এতিয়া প্ৰত্যেকেই। কোনো এটা বিষয়ৰ ওপৰত জ্ঞান লাভ কৰাৰ পৰা আৰম্ভ কৰি টকা অৰ্জন কৰালৈ প্ৰতিটো সময়ত ডিজিটেল মাধ্যমে সহায় কৰি আহিছে। ঠিক তেনেদৰে, সম্প্ৰতি সময়ছোৱাত ডিজিটেল মাধ্যমে অধিক হাৰত জনসাধাৰণক মনোৰঞ্জন প্ৰদানতো সহায় কৰিছে। এতিয়া একোটা ফোনত এখন ছবি, চুটি ছবি অথবা একোখন ৱেব চিৰিজ উপভোগ কৰাৰ ইচ্ছা দৰ্শকৰ মাজত পৰিলক্ষিত হৈছে। ইয়াৰ বাবে শেহতীয়াকৈ বিভিন্ন OTT প্লেটফৰ্মৰ আৰম্ভণি অথবা মুক্তিৰ বিষয়ে আপোনালোকে শুনিছে লগতে ইয়াক গ্ৰহণ কৰি হয়টো বিভিন্ন প্ৰকল্পৰ সোঁৱাদো লৈছে। গতিকে, এনে পৰিপ্ৰেক্ষিততে আমি আপোনালোকলৈ আনিছো আন এক সু-খবৰ; অতিশীঘ্ৰে অসমত মুক্তি লাভ কৰিব Nexster Studios নামে আন এক OTT প্লেটফৰ্ম। এই এপটোত উপলদ্ধ হ’বলগীয়া ছবি, চুটি ছবি অথবা এই ৱেব চিৰিজ সমূহ যে কেৱল অসমবাসীৰ মাজতেই সীমাৱদ্ধ হ’ব আচলতে তেনে নহয়; Nexster Studios নামে এই এপটো বিশ্বৰ বিভিন্ন দিশৰ প্ৰতিভাৰ সৃষ্টিক ইয়াত সাঙুৰি অনাৰ চেষ্টা অব্যাহত ৰাখিছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ উক্ত তিনিটা মাধ্যমৰ সমান্তৰালকৈ এপটোত থাকিব আন বহু মনোৰঞ্জনধৰ্মী প্ৰকল্প; যিটোক লৈ একোজন দৰ্শক ব্যস্ত হ’ব পাৰে।

This image has an empty alt attribute; its file name is WhatsApp-Image-2021-02-07-at-13.30.59-693x1024.jpeg


চলি থকা কাহিনীবোৰৰ পৰা অকণমান ফালৰি কাটি চাচপেন্স, চাইকো’লজি, থ্ৰীলাৰ, ক্ৰাইম, পলিটিকেল, প্লেইন আদি প্ৰতিটো দিশৰ সৈতে জড়িত প্ৰকল্পৰ সোঁৱাদ অসমীয়া মনোৰঞ্জনপ্ৰেমী দৰ্শকে লাভ কৰাৰ লগতে এটা কথা নিশ্চিত হৈ পৰিছে যে আহিবলগীয়া এপটোৰ যোগেৰে দৰ্শকক নিৰাশ কৰা নহ’ব। তেওঁলোকৰ প্ৰকল্প সমূহৰ মাজৰ যদি একাংশৰ আপোনালোকক আভাস দিবলগীয়া হয় তেতিয়াহ’লে ক’ব লাগিব যে তেওঁলোকৰ এখন ৱেব চিৰিজৰ নাম হৈছে “Memories Of an Ant”; যাৰ পৰিচালনা আৰু চিত্ৰনাট্যৰ দায়িত্বত আছে অজিত গিৰি; ইয়াৰ লগতে চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত “Go Goi” নামে আন এখন ছবিকো অন্তৰ্ভূক্ত কৰা হৈছে এই এপটোত। “Go Goi” ছবিখনত প্ৰেৰণামূলক এটা কাহিনীক সন্নিৱিষ্ট কৰা হৈছে য’ত গগৈ নামে এজন লোকে ক’ৰোণা ভাইৰাছৰ কালছোৱাত নিজৰ পৰিয়ালক লগ দিবলৈ সূদুৰ দক্ষিণ ভাৰতৰ পৰা খোজ কাঢ়ি নিজ পৰিয়ালৰ কাষ পাইহি। এই দুয়োটা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু অতি সোনকালে ৰাইজৰ মাজলৈ উলিয়াই দিয়া হ’ব প্ৰকল্প দুটাক। ইয়াৰ উপৰিও, Reflected man, শিপা, কলিৱেদ নামে আন কেইবাটাও প্ৰকল্প এপটোৰ যোগেৰে উপভোগ কৰিবলৈ পাব অসমবাসীয়ে।

This image has an empty alt attribute; its file name is WhatsApp-Image-2021-02-07-at-13.30.40-693x1024.jpeg


মনোৰঞ্জন ক্ষেত্ৰখনত শেহতীয়াকৈ দেখিবলৈ পোৱা সলনিটোৱে দৰ্শকক আৰু অধিক টানি নিছে ডিজিটেল মাধ্যমটোলৈ। গতিকে ইয়াত আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া Nexster Studios য়েও যে জনসাধাৰণক আমোদ প্ৰদামত সক্ষম হ’ব তাক লৈ আশাবাদী সকলো।

]]>
https://rupaliparda.com/archives/28470/feed 0 28470
OTT প্লেটফৰ্ম “Niri9” ৰ আদৰণীয় প্ৰচেষ্টা, আহি আছে নতুন প্ৰকল্পঃ https://rupaliparda.com/archives/28002 https://rupaliparda.com/archives/28002#respond Mon, 16 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=28002 মনোৰঞ্জন ক্ষেত্ৰখনত নিতৌ ইজনৰ পিছত সিজনকৈ নতুন প্ৰতিভাৰ আৱিৰ্ভাব হৈছে। কেৱল মাত্ৰ আৱিৰ্ভাব হোৱা বুলিয়ে নহয়; তেওঁলোকৰ প্ৰতিভাসমূহো হৈছে লেখত ল’বলগীয়া। কিন্তু, কেতিয়াবা কোনো সময়ত এনে হয় যে একাংশ প্ৰতিভাই উচিত প্লেটফৰ্মৰ অভাৱত তেওঁলোক নিৰ্দ্দিষ্ট এঠাইত আহি স্তব্ধ হৈ পৰে; প্ৰতিভা থাকিও সেই প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই অনাত তেওঁলোক অসুবিধাৰ সন্মুখীন হয়। গতিকে, এই অসুবিধা তথা সমস্যা সমূহক খণ্ডন কৰি চলিত বৰ্ষৰ প্ৰথম ভাগতেই বিশেষকৈ নৱপ্ৰজন্মৰ কাষ চাপিবলৈ মুক্তি লাভ কৰিছিল “Niri9” নামে এক OTT প্লেটফৰ্মৰ। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত আৰু অধিক হতাশগ্ৰস্ত হৈ পৰিছে পৰিস্থিতিবোৰ; জীৱিকাৰ খাতিৰত একাংশ কণ্ঠশিল্পীয়ে অইন পথৰ বিচাৰ কৰি উলিয়াইছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ কিছু কিছু মাধ্যমত যদিও স্তব্ধতাই বিৰাজ কৰিছে তথাপিও এনে কিছু প্ৰযোজনা গোষ্ঠীয়ে আশাৰ কিৰণ হৈ নামিছে প্ৰত্যেকৰে হৃদয়ত। ছবি, চুটি ছবি অথবা ৱেব চিৰিজ সমূহৰ মুক্তিৰ বিকল্প পথ ৰূপে পৰিগণিত এই Niri9 য়ে প্ৰথমাৱস্থাৰ পৰাই লাভ কৰিছে ৰাইজৰ সঁহাৰি। তেওঁলোকৰ প্ৰথমটো প্ৰকল্প “Illegal” ৱেব চিৰিজখন বৰ্তমানেও দৰ্শকৰ হৃদয়ত। এইখিনিতে, আপোনালোকক এই প্ৰডাকচন হাউচটোৰ এটি নতুন খবৰ দিবলৈ বিচাৰিছোঁ। হাউচটোৰ বেনাৰত মুক্তি লাভ কৰিবলৈ সাজু হৈছে এখন নতুন ৱেব চিৰিজ “ৰাতিৰ অভিসাৰ”। এই ৱেব চিৰিজখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্বত আছে ধীৰাজ বড়ো।

OTT প্লেটফৰ্ম "Niri9" ৰ আদৰণীয় প্ৰচেষ্টা, আহি আছে নতুন প্ৰকল্পঃ 5


স্ত্ৰী-পুৰুষৰ মাজৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰিয়েই এই ৱেব চিৰিজখনৰ কাহিনীভাগ লিখি উলিওৱা হৈছে। সচৰাচৰ যদিও এই বিষয়বস্তুটোৰ সৈতে জড়িত হ’ব পৰিচালকৰ কলাত্মক উপস্থাপন শৈলী। জানিব পৰা মতে, এই চিৰিজখনৰ প্ৰথমটো সংস্কৰণত মুঠ ছয়টা খণ্ড থাকিব। একঘেয়ামিতাৰ পৰা ফালৰি কাটি নতুন ব্যতিক্ৰমী প্ৰকল্পেৰে এই প্লেটফৰ্মটোক ৰাইজৰ মাজলৈ লৈ অনাৰ ইচ্ছা প্ৰকাশ কৰিছে Niri9 ৰ সৈতে জড়িত বিষয়ববীয়াসকলে। সেইবাবেই হয়টো তেওঁলোকে উঠি অহা প্ৰজন্মৰ নতুন বিষয়বস্তু সমূহক সামৰি একোটা প্ৰকল্প নিৰ্মাণত তেওঁলোকক সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী হোৱা “NIRI9” এপটোত কেৱল মাত্ৰ অসমীয়া প্ৰকল্পই নহয়; মুক্তি লাভ কৰিব হিন্দী আৰু বাংলা ভাষাৰো বিভিন্ন ধৰণৰ প্ৰকল্প। থ্ৰীলাৰ, চাইকো’লজিকেল থ্ৰীলাৰ, এক্সন, ড্ৰামা সম্পন্ন কাহিনীও ইয়াত ইতিমধ্যে ৰাইজে দেখিবলৈ পাইছে; গুগল প্লে ষ্টোৰ তথা এপ্পল প্লে ষ্টোৰত উপলদ্ধ এই এপটোত নৱপ্ৰজন্মৰ সোঁৱাদনুসৰিয়ে বিভিন্ন ধৰণৰ প্ৰকল্পক অন্তৰ্ভূক্তি কৰা হৈছে। আকৌ এবাৰ আপোনালোকক ক’বলৈ বিচাৰিছো যে, এই এপটোত অসমীয়া দৰ্শকৰ বাবেই নহয় ইয়াত মণিপুৰী, মিচিং অথবা বড়ো ভাষাৰ প্ৰকল্প সমূহকো ঠাই দিয়া হৈছে।যাতে, উক্ত ভাষা কোৱা অথবা সেই ভাষাৰ নৱপ্ৰজন্মৰ প্ৰতিভা সকলেও তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক উপযুক্ত প্লেটফৰ্ম লাভ কৰিব পাৰে। এক কথাত ক’বলৈ গ’লে, Niri9 য়ে নৱপ্ৰজন্মৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে। এই প্ৰতিযোগিতাৰ সময়কণত কোন আগত, কোন পিছত বিচাৰ কৰি থকা সময়তে এই প্লেটফৰ্মটোৱে গুৰুত্ব দিছে নতুনত্বক।

OTT প্লেটফৰ্ম "Niri9" ৰ আদৰণীয় প্ৰচেষ্টা, আহি আছে নতুন প্ৰকল্পঃ 6
OTT প্লেটফৰ্ম "Niri9" ৰ আদৰণীয় প্ৰচেষ্টা, আহি আছে নতুন প্ৰকল্পঃ 7


সুস্থ ৰুচিশীল বিনোদন জগতত Niri9 পৰিয়ালৰ আন এক সম্ভ্ৰান্ত পদক্ষেপ হৈছে “কুকি”। এইবাৰ Niri9 য়ে এখন ব্যয়বহুল চলচিত্ৰ প্ৰযোজনা কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে। অসমীয়া আৰু হিন্দী দুয়োটা ভাষাতেই নিৰ্মাণ হ’বলগীয়া এই ছবি খনত Bollywood আৰু Hollywood ৰ কেইবাগৰাকীে জনপ্ৰিয় শিল্পীৰ সমাবেশ ঘটিব বুলি প্ৰযোজক পৰিচালকে জানিবলৈ দিছে। আশা কৰিছোঁ, অনাগত দিনত Niri9 আৰু অধিক সফলকাম হওঁক। তেওঁলোক নৱপ্ৰজন্মৰ বাবে ওলাই আহি যি সহায়-সহযোগিতা প্ৰতিভাসমূহক আগবঢ়াইছে তাৰ বাবে দৰ্শক সমাজেও একোটা উল্লেখনীয় প্ৰকল্প উপভোগ কৰিবলৈ সক্ষম হৈছে।

]]>
https://rupaliparda.com/archives/28002/feed 0 28002
ReelDrama ৰ আন এক উল্লেখনীয় প্ৰকল্প “মৃত্যুঞ্জয়”; মুক্তি লাভ কৰিছে ট্ৰেইলাৰঃ https://rupaliparda.com/archives/27711 https://rupaliparda.com/archives/27711#respond Fri, 30 Jul 2021 05:30:00 +0000 https://rupaliparda.com/?p=27711 সাম্প্ৰতিক পৰিস্থিতিৰ ডিমাণ্ডৰ প্ৰতি যদি লক্ষ্য কৰোঁ তেতিয়াহ’লে আমি দেখিবলৈ পাম যে শেহতীয়াকৈ ডিজিটেল মাধ্যমৰ প্ৰাধান্য আমাৰ বাবে বেছি হৈ পৰিছে। ইজনে আনজনৰ পৰা দূৰত্ব বজাই ৰখাৰ লগতে সম্প্ৰতি প্ৰতিটো অফিচৰ অধিকাংশ কামেই সম্পন্ন কৰা হৈছে ডিজিটেল মাধ্যমৰ যোগেৰে। তেনে ক্ষেত্ৰত আমি আচলতে মনোৰঞ্জন জগতখনৰ বিষয়েও ক’ব পাৰোঁ, বিগত বৰ্ষৰ পৰা আজি পৰ্যন্ত অধিকাংশ সময়তে ছবিগৃহসমূহত স্তব্ধতাই বিৰাজ কৰিছে। তথাপিও, মনোৰঞ্জন প্ৰদানৰ স্বাৰ্থত অধিকাংশ পৰিচালক-প্ৰযোজকে তেওঁলোকৰ প্ৰকল্প সমূহ মুকলি কৰি দিয়াৰ বাবে এই ডিজিটেল মাধ্যমকেই এক উল্লেখনীয় বিকল্প হিচাবে নিৰ্বাচন কৰিছে। দৰ্শক সমাজৰ শেহতীয়া মনোযোগ পৰিলক্ষিত হৈছে ৱেব চিৰিজ সমূহৰ ওপৰত, প্ৰায় প্ৰত্যেকেই ৱেব চিৰিজসমূহৰ বাবে অপেক্ষাৰত হৈ থকা দেখিবলৈ পোৱা যায়। ইংৰাজী, হিন্দীৰ লগতে বৰ্তমান অসমীয়া ৱেব চিৰিজসমূহেও নিজ নিজ গাড়ীসমূহত গিয়েৰ লগোৱা দেখিবলৈ পোৱা গৈছে। দৰ্শক সমাজে আঁকোৱালি লৈছে এই অসমীয়া ৱেব চিৰিজ সমূহকো। অৱশ্যে, এই ৱেব চিৰিজ সমূহক দৰ্শকৰ মাজলৈ লৈ অনাত সহায় কৰিছে ReelDrama নামে আন এক ডিজিটেল প্লেটফৰ্মেও। ইতিমধ্যে, ইয়াত কেইবাটাও উল্লেখনীয় প্ৰকল্পই মুক্তি লাভ কৰিছে। এইখিনিতে, আপোনালোকলৈ আনিছোঁ আন এক সুখবৰ। উক্ত প্লেটফৰ্মটোৰ যোগেৰে মুক্তি লাভ কৰিবলৈ সাজু হৈছে আন এখন ৱেব চিৰিজ। চিৰিজখনৰ নাম হৈছে “মৃত্যুঞ্জয়”, ইয়াৰ সদ্যমুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটোৱে খলকনি লগাবলৈ সক্ষম হৈছে সচেতন মহলত। কিয়নো ট্ৰেইলাৰত উপস্থাপিত চিৰিজ খনৰ কাহিনীভাগৰ সাৰাংশই আকৰ্ষণ কৰিছে প্ৰত্যেককে।

আমাৰ সমাজ ব্যৱস্থাত অথবা আমাৰ আশে-পাশে ধনাত্মক আৰু ঋণাত্মক এই দুই প্ৰকাৰৰ শক্তিয়ে ক্ৰিয়া কৰি থাকে। কিন্তু দুই ক্ৰিয়াৰ কোনটোক আঁকোৱালি আগবাঢ়িব পৰা যাব সেই সমষ্ট আমাৰ মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। আহিবলগীয়া ৱেব চিৰিজ “মৃত্যুঞ্জয়” টো সমাজৰ এই ইতিবাচক আৰু নেতিবাচক দিশ দুটাক উপস্থাপন কৰা হৈছে। সমান্তৰালকৈ, এই চিৰিজখনত সংযোজন কৰা হৈছে ৰহস্যধৰ্মী হত্যাৰ কাহিনী। অৰ্থাৎ, এই চিৰিজখনত দুটা কাহিনীক ইটোক আনটোৰ ওপৰত নিৰ্ভৰ কৰোৱাই প্ৰস্তুত কৰা হৈছে। উল্লেখযোগ্য যে, “মৃত্যুঞ্জয়” ৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীয়ে মনোৰঞ্জন ক্ষেত্ৰখনত ইতিমধ্যে নিজ দক্ষতা প্ৰদৰ্শন কৰিছে। ৱেব চিৰিজ খনৰ সৃষ্টিকৰ্তা হৈছে ৰতনশীল শৰ্মা লগতে পৰিচালনাৰ দায়িত্বত আছে অসমীয়া ধাৰাবাহিক ক্ষেত্ৰখনৰ জনপ্ৰিয় পৰিচালক নানান পাচনি। কাহিনীভাগ লিখিছে নয়ন সাউদ আৰু জাহ্নৱী মজুমদাৰে। ইয়াত গুৰুত্বপূৰ্ণ চৰিত্ৰ সমূহ ৰূপায়ন কৰিছে ক্ৰমে জয় কাশ্যপ, উদয়ন দুৱৰা, জ্যোতি নাৰায়ণ নাথ, ভাগৱত প্ৰীতম, ৰঞ্জীৱ লাল বৰুৱা, হিমাংশু গগৈ, ৰিচা ভৰদ্বাজ, ৰূপম শৰ্মা আৰু মধুস্মিতা দিহিঙিয়াই।

ReelDrama ৰ আন এক উল্লেখনীয় প্ৰকল্প "মৃত্যুঞ্জয়"; মুক্তি লাভ কৰিছে ট্ৰেইলাৰঃ 8
ReelDrama ৰ আন এক উল্লেখনীয় প্ৰকল্প "মৃত্যুঞ্জয়"; মুক্তি লাভ কৰিছে ট্ৰেইলাৰঃ 9


“ৰীলড্ৰামা” ৰ প্ৰকল্পসমূহক লৈ জনসাধাৰণ উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। তাতেই আকৌ এই ৱেব চিৰিজখনত সন্নিৱিষ্ট প্ৰতিগৰাকী শিল্পীৰেই অনুৰাগীৰ শাৰী দীঘলীয়া হোৱাৰ বাবে “মৃত্যুঞ্জয়” য়ে লাভ কৰিছে বহুল চৰ্চা। চিৰিজখনক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা প্ৰত্যেককে জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27711/feed 0 27711
ৰাইজক হাঁহিৰ অৱকাশ দিবলৈ আহিছে এটি সুন্দৰ প্ৰকল্প; “Vocal with Locall” য়ে আনিব থলুৱা সোঁৱাদঃ https://rupaliparda.com/archives/26661 https://rupaliparda.com/archives/26661#comments Wed, 09 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26661 বৰ্তমানৰ ধূসৰ সময়ছোৱাত যেতিয়া আমি অকণমান হাঁহিৰ অৱকাশ পাওঁ; তেতিয়ানো কাৰ ভাল নালাগে! আমি প্ৰত্যেকেই হাঁহি ভাল পাওঁ; মনোৰঞ্জন ভাল পাওঁ। আচলতে, এই হাঁহিৰ অৱকাশ দিবলৈ প্ৰয়াস কৰাও দেখিবলৈ পোৱা গৈছে একোজন প্ৰতিভাসম্পন্ন ব্যক্তিক; নিজ নিজ প্ৰতিভাৰেই তেওঁলোকে এই প্ৰয়াস অব্যাহত ৰাখিছে। শেহতীয়াকৈ এনে একাংশ পেৰেডি কাহিনীৰ সৈতে ৰাইজৰ কাষ চাপিছে এটা উল্লেখনীয় প্ৰকল্প; Vocal with Local নামে আন এটা প্ৰকল্পৰ সৈতে ৰাইজক এক নতুন সোঁৱাদ দিবলৈ আগবাঢ়িছে নৱপ্ৰজন্মৰ এদল প্ৰতিভাই; য’ত আছে থলুৱা অসমীয়াৰ কিছুমান ব্যংগ কাহিনী। আপোনালোকে ইতিমধ্যে এই প্ৰকল্পটোৰ প্ৰথমটো খণ্ডক উপভোগ কৰিছে; যদিহে এতিয়ালৈ নাই কৰা তেতিয়াহ’লে আপোনালোকৰ বাবে তলত ইয়াৰ লিংক দি দিয়া হৈছে। Youthzkorner ৰ বেনাৰত নিৰ্মিত “Vocal with Local” নামে এই প্ৰকল্পটোৰ আটাইতকৈ ভাল লগা বিষয় এয়াই যে জাক-জমকতাহীন এখন ঠাইৰ পৰা ওলাই অহা একোজন প্ৰতিভাক লৈ একোটা কাহিনীৰ নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটোত। আমি প্ৰায়ে দেখি আচম্বিত হও একোগৰাকী ভিতৰুৱা অঞ্চলৰ পৰা একোজন ব্যক্তিৰ প্ৰতিভাক দেখি; তেওঁলোকে নিজ প্ৰতিভাৰে যেতিয়া আমাক মোহাচ্ছন্ন কৰে তেতিয়া আমি প্ৰত্যেকেই উৎসাহিত হওঁ। এই প্ৰকল্পটোৰো উদ্দেশ্য ঠিক এনেকুৱাই; য’ত এফালে ক’ৰোণা মহামাৰীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে তাতেই আকৌ আনফালে একাংশ জনসাধাৰণৰ আৰ্থিক অনাটনে প্ৰত্যেককে হতাশাৰ মাজলৈ ঠেলি পঠিয়াইছে; হতাশাৰ ফলত বহু ব্যক্তিয়ে নল’বলগীয়া ৰাষ্টাকো গ্ৰহণ কৰা আমি সংবাদ মাধ্যমযোগে দেখিছো অথবা সংবাদ পত্ৰযোগে পঢ়িবলৈ পাইছো। গতিকে, এনে সময়ত যেতিয়া অকণমান হ’লেও মনোৰঞ্জন প্ৰদান কৰা হয় তেতিয়া দৰ্শকৰ মানসিক স্থিতি সমূহক ধনাত্মক দিশলৈ ধাৱমান কৰোৱাবলৈ সক্ষম হোৱা যায়।


শেহতীয়াকৈ মুক্তিলাভ কৰা এই প্ৰকল্পটোৰ প্ৰথমটো খণ্ডৰ নাম হৈছে “Red Label FOTa Lebel *Alcohol is injurious to health!” ইয়াৰ পৰিচালনা আৰু সম্পাদনাৰ দায়িত্বত আছে অনুপ্ৰাস দাস। ইতিমধ্যে এইগৰাকী পৰিচালক দ্বাৰা Youthzkorner ৰ বেনাৰত নিৰ্মিত এখন অসমীয়া ৱেব চিৰিজ “Jibon Unplugged” ৰ প্ৰতিটো খণ্ডই দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিজন দৰ্শকৰ সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে। আনহাতে, Vocal with Local ৰ প্ৰথমটো খণ্ড “Red Label FOTa Lebel *Alcohol is injurious to health!” ৰ কাহিনীভাগ লিখিছে মনজিতে; সংলাপ চক্ৰধৰ বৰকাকতিৰ। দৃশ্যগ্ৰহণ কৰিছে জগদীশ দাসৰ লগতে প্ৰথমটো খণ্ডত অভিনয় কৰিছে মনোৰঞ্জন দাস, জিন্তু মণি কলিতা আৰু ভাস্কৰ ঠাকুৰীয়াই। আৱহ সংগীত অনুভৱ গগৈৰ আৰু এনিমেশ্বনৰ দায়িত্বত আছে সৌৰভ হাজৰিকা। ভইচ অভাৰ ৰূপম ভূঞাৰ তথা শীৰ্ষ গীতটি অনুভৱ গগৈৰ; সংগীত মিশ্ৰণ ত্ৰিহাংকু লহকৰৰ। গ্ৰাফিক্স সাগৰিকা বি ৰিকুৰ; প্ৰডাকচন ডিজাইন চক্ৰধৰ বৰকাকতিৰ, প্ৰডাকচন মেনেজমেন্ট চিত্ৰমণি দাসৰ। প্ৰডাকচন এচিচটেন্ট ৰুবুল সাউদৰ আৰু পি.আৰ ডানিশৰ। উল্লেখ্য যে, এই প্ৰকল্পটোৰ সৈতে জড়িত খণ্ডসমূহত উক্ত নৱপ্ৰজন্মৰ দলটোৱে গাওঁ অঞ্চলৰ ধুনীয়া তথা সুন্দৰ ঠাইসমূহক উপস্থাপনৰো চেষ্টা কৰা হৈছে যাতে দৰ্শকে চিৰিজখনৰ বাস্তৱ ঘটনাসমূহৰ দ্বাৰা নিজক সংযোগ কৰিবলৈ সক্ষম হয়।

ৰাইজক হাঁহিৰ অৱকাশ দিবলৈ আহিছে এটি সুন্দৰ প্ৰকল্প; "Vocal with Locall" য়ে আনিব থলুৱা সোঁৱাদঃ 10

বৰ্তমান সময়ৰ এটা বহুল প্ৰত্যাশিত প্ৰকল্পৰ ভিতৰৰ এটা হৈছে “Vocal With Local”। এই প্ৰকল্পটোৰ সৈতে জড়িত আন আন খণ্ডসমূহকলৈ অপেক্ষাৰতও হৈ পৰিছে ৰাইজ। এই প্ৰকল্পটোৰ প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/26661/feed 1 26661
সংকল্পজিৎ হাজৰিকাৰ “ফিছা” ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ https://rupaliparda.com/archives/26203 https://rupaliparda.com/archives/26203#respond Thu, 20 May 2021 08:30:00 +0000 https://rupaliparda.com/?p=26203 এখন ৱেব চিৰিজ আৰু বহুল ভাৱে চৰ্চিত ইয়াৰ কাহিনী; অসমীয়া ৱেব চিৰিজ সমূহৰ ভিতৰত বৰ্তমানলৈ ইমান অধিক প্ৰশংসিত হয়টো ৱেব চিৰিজ আমি দেখাই নাছিলো। কিয়নো, আজি আমি আলোচনা কৰিবলৈ বিচৰা এই ৱেব চিৰিজখনে কেৱলমাত্ৰ সাধাৰণ ৰাইজকেই নহয় আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসমীয়া চিলেব্ৰেটী সকলকো। আপোনালোকে নিশ্চয় এই চিৰিজখনৰ নামটোৰ কিছু আভাস পাইছে; হয় এই চিৰিজখনৰ নাম হৈছে “ফিছা”। সংকল্পজিৎ হাজৰিকাৰ দ্বাৰা পৰিচালিত এই ৱেব চিৰিজখনক কৰা প্ৰশংসাৰ যদি আপুনি এক পৰ্যালোচনা চাবলৈ বিচাৰে তেতিয়াহ’লে এই পৰিচালক গৰাকীৰ ফেচবুক প্ৰফাইলতেই দেখিবলৈ পাব। পৰিচালক সংকল্পজিতে নিজেও কৈছে যে এই ৱেব চিৰিজখনৰ স্ক্ৰীপ্ট নিৰ্মাণত তেওঁলোক দীৰ্ঘদিন ব্যস্ত হৈছিল; বহুকেইটা দিনে-ৰাতিয়ে তেওঁ আৰু চিত্ৰনাট্য ৰচক প্ৰণৱ বৰুৱাই কৰা আলোচনাৰ দ্বাৰাহে “ফিছা” খনক এনে এক পৰ্যায়লৈ তুলি লৈ যাবলৈ সক্ষম হৈছিল। ডিজিটেল প্লেটফৰ্মত ৰীলড্ৰামাত মুক্তিপ্ৰাপ্ত এই ৱেব চিৰিজখন আছিল ৰোমাঞ্চ, ৰহস্য, ষড়যন্ত্ৰ তথা পুংখানুপুংখ কাহিনীৰ উপস্থাপনেৰে পৰিপূৰ্ণ। এগৰাকী প্ৰখ্যাত সমাজসেৱকৰ হত্যাৰ “অপেন এণ্ড শ্বাট” কেছক কেনেদৰে মাছৰ ফিছাৰ অস্তিত্বৰ সৈতে তুলনা কৰি দৰ্শকৰ মনস্তাত্বিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৈতে সংলগ্ন কৰা হৈছে, তাৰ সুন্দৰ উপস্থাপনত সফল সংকল্পজিৎ হাজৰিকাক প্ৰত্যেকে কৰা প্ৰশংসাৰ কিছু স্ক্ৰীণছট্ আমি আপোনালোকক দিয়াৰ চেষ্টা কৰিম। চাওঁচোন আহকঃ

সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 11
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 12
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 13
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 14
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 15
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 16
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 17
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 18
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 19
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 20
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 21
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 22
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 23
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 24
সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 25


ৱেব চিৰিজখনত এগৰাকী প্ৰশিক্ষিত তথা অভিজ্ঞ অভিনেতা-অভিনেত্ৰীৰ সুন্দৰ অভিনয়ৰ সমান্তৰালকৈ ইয়াত একোগৰাকী নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ো আছিল খুবেই গ্ৰহণযোগ্য। বৰ্ষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা, ৰাজীৱ গোস্বামীৰ লগতে কমল লোচন, দেৱাশ্ৰী দাস, চিন্ময় কটকী, মহেশ বৰাৰ লগতে পৰাগ শৰ্মা আদি বিভিন্ন শিল্পীৰ অভিনয়ত মুগ্ধ হৈছে জনসাধাৰণো। সেইবাবেই হয়টো চচিয়েল মিডিয়াত একাংশ দৰ্শকে চচিয়েল মিডিয়াত এই ৱেব চিৰিজখনত অভিনীত অভিনেতা-অভিনেত্ৰী সকলৰ অভিনয়ক নিঁখুত বুলি দাবী কৰিছে। আনহাতে, এয়া সঁচাকৈ ভাল লগা কথা যে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত এগৰাকী পৰিচালকে আনগৰাকী পৰিচালকৰ প্ৰকল্পসমূহক গুৰুত্ব সহকাৰে উপভোগ কৰাৰ উপৰিও প্ৰকল্পটোক লৈ ধনাত্মক বাৰ্তা প্ৰেৰণ কৰাৰো চেষ্টা কৰে। সেইবাবেই হয়টো “ফিছা” ক লৈ প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছিল পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে অনুপম কৌশিক বৰুৱাকো। ৱেব চিৰিজখনৰ কাৰিকৰী দিশটো অৰ্থাৎ বেকগ্ৰাউণ্ড স্কৰ, সম্পাদনা আদিকো গ্ৰহণ কৰিছিল দৰ্শকে।

সংকল্পজিৎ হাজৰিকাৰ "ফিছা" ক দিয়া ধনাত্মক কমেন্টৰ এক পৰ্যালোচনাঃ 26


এই ৱেব চিৰিজখনৰ উচ্চ মানদণ্ডৰ হোৱাৰ বাবেই হয়টো পৰিচালকগৰাকীৰ ওপৰত এতিয়া দৰ্শক সমাজে বহুল আশা প্ৰকাশ কৰিছে। তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26203/feed 0 26203
কোন আছে কল্পজ্যোতি দাসৰ “ৰমিঅ’ ইন জেং” ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ https://rupaliparda.com/archives/26089 https://rupaliparda.com/archives/26089#respond Sat, 15 May 2021 05:30:00 +0000 https://rupaliparda.com/?p=26089 সৰু মানুহৰ সৰু চিন্তাৰে পৰিচালিত প্ৰকল্প এটাক চলিত বৰ্ষৰ এপ্ৰিল মাহত ডিজিটেল প্লেটফৰ্ম Niri9 ত মুকলি কৰি দিয়া হৈছিল; প্ৰকল্পটোৰ নামে দৰ্শকক আকৰ্ষণ কৰাৰ সমান্তৰালকৈ ইয়াৰ কাহিনীভাগতো জনসাধাৰণে পাইছিল নতুন সোঁৱাদ। প্ৰকল্পটোৰ নাম হৈছে “ৰমিঅ’ ইন জেং”; নিশ্চয় নামটো শুনাৰ পিছতেই আপোনালোকে প্ৰকল্পটোৰ কিছু আভাস পাবলৈ সক্ষম হৈছে। Niri9 ৰ স্বত্বাধিকাৰী জোনমণি দেৱী খাউণ্ডে আৰম্ভ কৰা এই ডিজিটেল প্লেটফৰ্মটোত উক্ত চিৰিজখনৰ ৰেটিঙত আপোনালোকে দেখিবলৈ ৫ ষ্টাৰ; আনহাতে, চিৰিজখনৰ সৈতে জড়িত শিল্পী, কলা-কুশলীক দৰ্শকে প্ৰদান কৰা ধনাত্মক কমেন্টো আছিল লেখত ল’বলগীয়া। কোনো এটা প্ৰকল্প সুন্দৰকৈ জনসাধাৰণৰ সমুখত উপস্থাপন হ’বলৈ বাৰু কেনেদৰে ইয়াক তৈয়াৰ কৰা হয়? আচলতে, ইয়াত এগৰাকী পৰিচালকৰ পুংখানুপুংখ দিশৰ পৰিচালনাৰ লগতে প্ৰয়োজন হয় অভিনেতা-অভিনেত্ৰীৰ হৃদয়স্পৰ্শী অভিনয়ৰ। আমি পূৰ্বেও,উক্ত প্ৰকল্পটোৰ সৈতে জড়িত পৰিচালক কল্পজ্যোতি দাসৰ পৰিচালনাৰ দিশটোক লৈ কথা পাতিছিলো। কিন্তু, আজি কিছু ব্যতিক্ৰম; আজি আমি কথা পাতিম “ৰমিঅ’ ইন জেং” ৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰীৰ বিষয়েহে। তেওঁলোকৰ বিষয়ে জানিম কিছু কথা; এইখিনিতে আপোনালোকক এই প্ৰকল্পটোক লৈ ক’বলৈ বিচাৰিছো আন এক ভাললগা কথা। চিৰিজখনত অন্তৰ্ভূক্ত অভিনেতা-অভিনেত্ৰীৰ এই দলটোৰ প্ৰায়ে চিনাকী মুখ নহয় যদিও তেওঁলোকৰ কৰ্মস্পৃহাই তেওঁলোকক দৰ্শকৰ সমুখত অধিক প্ৰাধান্য দিবলৈ সক্ষম হৈছে। পৰিচালক গৰাকীয়েও পূৰ্বতেই জনাইছিল যে এই চিৰিজ খনত তেওঁ কোনোধৰণৰ সুন্দৰ মুখ অথবা সুঠাম দেহৰ একোজন অভিনেতা নাইবা অভিনেত্ৰীক বিচৰা নাছিল। বিচাৰিছিল প্ৰতিভাসম্পন্ন একোগৰাকী নৱপ্ৰজন্মক; আহক চোন এই চিৰিজখনৰ সৈতে জড়িত সকলৰ বিষয়ে অকণমান জানো-

নিশিৰঞ্জন কে মল্লিকাঃ দৰং জিলাত ১৫ আগষ্ট তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেতাক নিশ্চয় আপোনালোকেও চিনি পাইছে। অভিনয় ক্ষেত্ৰখনত সপ্তম শ্ৰেণীৰ পৰা অৰ্থাৎ প্ৰায়ে ২০০৮ চনৰ পৰাই জড়িত নিশিৰঞ্জন কে মল্লিকাক “দুটি মনৰ জোনাক” শীৰ্ষক ৰং যোগে সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিকখনৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰতো দেখিবলৈ পোৱা গৈছিল। প্ৰায়ে নাটকৰ সৈতে জড়িত নিশিৰঞ্জনে “ৰমিঅ’ ইন জেং” ত ৰূপায়ন কৰিছে মূখ্য ভূমিকা। তেওঁৰ অভিনয়ৰ অৱশ্যে অনুৰাগী হৈ উঠিছে এতিয়া বহুকেইগৰাকী দৰ্শকবৃন্দ।

কৰিশ্মা পূজাৰীঃ আন দহজন শিশুৰ দৰে কৰিশ্মা পূজাৰীকো তেওঁৰ মাতৃয়ে সৰুতেই মঞ্চত উঠাই দিছিল; তিনি বছৰ ছয় মাহ মানতেই কৰিশ্মাই পোন প্ৰথমবাৰৰ বাবে মঞ্চত বিহু নাচিছিল। তেনেকৈয়ে একক অভিনয়, আবৃত্তি, নৃত্য আদিত ভাগ লৈ লৈ ভয় আৰু ফুৰ্টিৰে এই মঞ্চখনৰ প্ৰেমত পৰিছিল কৰিশ্মা । ২০০৭ চনত প্ৰথম নাটক “ফৰিং” ৰ ৰাজ সিংহাসন লাভ আৰু কৰিশ্মাই দুৱৰীৰ চৰিত্ৰ এটা ৰূপায়ন কৰিছিল ক্লাছ ফাইভ ত পঢ়ি থাকোতে। তেতিয়াৰ পৰা আজিলেকে কৰিশ্মাই এই অভিনয় ক্ষেত্ৰখনত নিৰৱিচ্চিন্ন সাধনা কৰিছে, শিকি আছে লগতে কৰি গৈ আছে।”

দীপজ্যোতি মালিঃ নেশ্বনেল স্কুল অৱ ড্ৰামাৰ চিকিম চেন্টাৰৰ পৰা পাছ কৰি অহা দীপজ্যোতি মালি অসমলৈ অহা পিছত “ৰমিঅ’ ইন জেং” হৈছে তেওঁৰ অভিনয় কেৰিয়াৰৰ প্ৰথমটো কাম।

জিৎ বৰুৱাঃ ২০১৪/১৫ চনৰ নেশ্বনেল স্কুল অৱ ড্ৰামাৰ চিকিম চেন্টাৰৰ পৰাই ওলাই অহা জিৎ বৰুৱাই ইতিমধ্যে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত যথেষ্ট কাম কৰি অহাৰ লগতে তেওঁ ইতিমধ্যে দৰ্শকৰ আগত নিজৰ কামক চিনাকী কৰোৱাই দিবলৈ সক্ষম হৈছে।


উল্লেখ্য যে, আপোনালোকক এতিয়া চিৰিজখনৰ সৈতে জড়িত আন যিকেইজন অভিনেতা-অভিনেত্ৰীৰ নাম ক’ম; তেওঁলোক আটাইকেইজন হৈছে নৱাগতা প্ৰতিভা। অভিনয়ৰ দিশটোত যথেষ্ট ধাউতি থকাৰ সমান্তৰালকৈ এই মনোৰঞ্জন দিশটোত দৰ্শকক নতুন কিবা এটা দিয়াৰ স্বাৰ্থত ওলাই অহা এই সকল নৱপ্ৰজন্মৰ প্ৰতিভাক লৈয়ে পৰিচালক কল্পজ্যোতি দাসে তেওঁৰ প্ৰকল্প “ৰমিঅ’ ইন জেং” ক সফলতাৰ শিখৰলৈ লৈ গৈছিল। এনে নৱপ্ৰজন্মৰ প্ৰতিভাকেইজন হৈছে ক্ৰমে বিবেক বৰুৱা, ভাৰ্গৱ কে নাথ, ৰিকি আহমেদ, মধুস্মিতা দাস, নীলোৎপল ৰাজবংশী, ৰাহিল, ডিউক, পূজা বৰ্মণ, মৈত্ৰেয়ী বৰুৱা, বন্দনা গগৈ, মিনহাজ, মণিমুগ্ধি ৰাজখোৱা, প্ৰাঞ্জল প্ৰতিম মহন্ত, নয়ন জ্যোতি কলিতাৰ লগতে আন একাংশ প্ৰতিভা। গতিকে, নৱাগতা একাংশক কেমেৰা আগত তথা জনসাধাৰণৰ আগত চিনাকী কৰোৱাই দিয়াৰ যি উদ্দেশ্য লৈ পৰিচালক কল্পজ্যোতি দাস ওলাই আহিছিল তাত নিশ্চিতভাৱে তেওঁ সফল হৈছে বুলি একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। তলত তেওঁলোক আটাইৰে ফটো সমূহ দি দিয়া হৈছেঃ

কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 27
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 28
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 29
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 30
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 31
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 32
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 33
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 34
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 35
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 36
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 37
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 38
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 39
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 40
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 41
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 42
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 43
কোন আছে কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ত? কিয় ৫ ষ্টাৰ চিৰিজ খনত? পঢ়ক সৱিশেষঃ 44
]]>
https://rupaliparda.com/archives/26089/feed 0 26089
সৰ্বত্ৰে চৰ্চিত ReelDrama ৰ “ফিছা”; ধনাত্মক কমেন্ট ৱেব চিৰিজখনতঃ https://rupaliparda.com/archives/25680 https://rupaliparda.com/archives/25680#respond Wed, 28 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25680 সমালোচকৰ পৰা আৰম্ভ কৰি অসমীয়া দৰ্শক সমাজক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৱেব চিৰিজ “ফিছা” ৰ প্ৰশংসাৰে পৰিপূৰ্ণ এতিয়া চচিয়েল মিডিয়া। একঘেয়ামিতাৰ পৰা ফালৰি কাটি ৰহস্যৰে পৰিপূৰ্ণ এটা ঘটনাৰ পুংখানুপুংখ উপস্থাপনেৰে সফল এই অসমীয়া ৱেব চিৰিজখনে এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ৱেব চিৰিজ সমূহৰ সৈতেও থিয় দিবলৈ সক্ষম হৈছে। অৱশ্যে, এইখিনি কথা কোৱাৰ লগে লগে ই অতিৰঞ্জিত এইবাবেই হোৱা নাই কিয়নো চিৰিজখনৰ খণ্ডসমূহৰ এক ধনাত্মক পৰ্যালোচনা ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে। OTT প্লেটফৰ্ম ReelDrama ত উপলদ্ধ হোৱা এই চিৰিজখনত এগৰাকী প্ৰখ্যাত সমাজসেৱকৰ হত্যাৰ কাণ্ড অন্তৰ্ভূক্ত কৰা হৈছে; কাহিনীভাগৰ প্ৰথমছোৱাত যদিও এই কেছটোক “অপেন এণ্ড শ্বাট” বুলি কোৱা হৈছিল তথাপিও পিছলৈ “মাছ” ৰ ফিছাৰ অস্তিত্বৰ মাজেৰে জনসাধাৰণৰ ওপৰত পৰা ইয়াৰ মনস্তাত্বিক প্ৰভাৱৰ এটা দিশ কাহিনীভাগত সংযোজন কৰা হৈছে। ৰোমাঞ্চ, ৰহস্যকে আৰম্ভ কৰি ষড়যন্ত্ৰৰে পৰিপূৰ্ণ “ফিছা” ত প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰ অভিনয় উচ্চ মানদণ্ডৰ। বৰ্ষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা লগতে ৰাজীৱ গোস্বামীৰ দৰে একোজন জনপ্ৰিয় তাৰকাৰ অভিনয়ৰ মজবুত দিশটো এই ৱেব চিৰিজখনত সুন্দৰ ৰূপত ফুঁটি উঠা বুলি ইতিমধ্যে দৰ্শকে কমেন্ট কৰিছে।

সৰ্বত্ৰে চৰ্চিত ReelDrama ৰ "ফিছা"; ধনাত্মক কমেন্ট ৱেব চিৰিজখনতঃ 45


আকৰ্ষণীয় ছাছপেন্স ৱেব শৃংখলাটোৰ পৰিচালনা কৰিছে সংকল্পজিৎ হাজৰিকাই লগতে চিত্ৰনাট্য ৰচনা কৰিছে প্ৰণৱ বৰুৱাই। আনহাতে ইয়াৰ বেকগ্ৰাউণ্ড স্কৰৰ দায়িত্বত আছে শিৱব্ৰত শৰ্মা। “ফিছা” ৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে কমল লোচন, দেৱাশ্ৰী দাস, চিন্ময় কটকী, মহেশ বৰা, পৰাগ শৰ্মাকে আদি কৰি বিভিন্ন গৰাকী ন-পূৰণি শিল্পীয়ে। “ফিছা” ত দেখুওৱা দৰ্শকৰ ইচ্ছাই এতিয়া ৱেব চিৰিজখনৰ পৰিচালক সংকল্পজিৎ হাজৰিকাকো উৎকন্ঠিত কৰি তুলিছে। উল্লেখ্য যে, ReelDrama ত একোখন সুন্দৰ অসমীয়া ছবিৰ লগতে দৰ্শকে উপভোগ কৰিবলৈ পাব ৱেব চিৰিজ, সংগীত, কৌতুক, কবিতা, ৰন্ধন প্ৰণালী আৰু ভক্তিমূলক অনুষ্ঠান ইত্যাদি। আনহাতে, উক্ত OTT প্লেটফৰ্মটোত শিশুসকলৰ বাবে এক নিৰ্দ্দিষ্ট শাখাও অন্তৰ্ভূক্ত কৰা হৈছে; মুঠতে, সৰ্বাংগসুন্দৰ হৈ জনসাধাৰণৰ মাজলৈ ওলাই আহিছে এই প্লেটফৰ্মটো। ৰাইজৰ মাজতো নতুন কিবা এটা উপভোগ কৰাৰ এক সুন্দৰ ইচ্ছা পৰিলক্ষিত হৈছে। সঁচাকৈ ক’বলৈ গ’লে স্তব্ধতাৰ মাজতো স্তব্ধ নোহোৱাকৈ ৰোৱা মনোৰঞ্জন ক্ষেত্ৰখনত ReelDrama হৈছে আশাৰ ৰেঙণি; য’ত দৰ্শকে লাভ কৰিছে নতুনত্ব।

সৰ্বত্ৰে চৰ্চিত ReelDrama ৰ "ফিছা"; ধনাত্মক কমেন্ট ৱেব চিৰিজখনতঃ 46
সৰ্বত্ৰে চৰ্চিত ReelDrama ৰ "ফিছা"; ধনাত্মক কমেন্ট ৱেব চিৰিজখনতঃ 47


ReelDrama ৰ লগতে সংকল্পজিৎ হাজৰিকাৰ দৰ্শকক কিবা এটা নতুন দিয়াৰ যি প্ৰয়াস, সেই প্ৰয়াসক বৰ্তমান প্ৰতিজন জনসাধাৰণৰ লগতে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও যাঁচিছো অশেষ শুভকামনা। পৰিচালক গৰাকীৰ পৰিচালনাৰে আন একাংশ প্ৰকল্পক লৈ বৰ্তমান প্ৰস্তুত হৈছে দৰ্শক।

]]>
https://rupaliparda.com/archives/25680/feed 0 25680
আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে সাজু হৈছে ডিজিটেল প্লেটফৰ্ম Niri9 https://rupaliparda.com/archives/25443 https://rupaliparda.com/archives/25443#respond Thu, 15 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25443 প্ৰায়ে শুনিবলৈ পাওঁ যে অন্ধকাৰৰ পিছত পোহৰে পাখি মেলে; কথাষাৰৰ ওপৰত শেহতীয়াকৈ বিশ্বাস কৰিবলৈ আচলতে মন গৈছে। বিগত ৮-৯ মাহৰ স্তব্ধতাৰ পিছত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে কেৱল মাত্ৰ বহু নতুন প্ৰকল্প বুলিয়ে নহয়; উপভোগ কৰিছে বহু নতুন প্ৰতিভাক। এই প্ৰতিভা সমূহকেই আৰু এখোজ আগুৱাই নিয়াৰ স্বাৰ্থত অথবা এওঁলোকক উদ্গনি যোগোৱাৰ স্বাৰ্থত এই ক্ষেত্ৰখনৰ বহু ন-ন প্ৰকল্পৰ শুভাৰম্ভণি ঘটিছে। ইতিমধ্যে আপোনালোকে প্ৰায় প্ৰত্যেকটো দিনত শুনিবলৈ পোৱা শব্দ দুটা হৈছে ক্ৰমে “Illegal” আৰু “Niri9″। বিগত ২৯ জানুৱাৰী তাৰিখে আপোনালোকৰ দুৱাৰডলিত উপস্থিত হোৱা ৱেব চিৰিজখন আছিল “Illegal”। দৰ্শকক আমোদ প্ৰদানৰ অৰ্থে ৱেব চিৰিজখনৰ প্ৰতিটো দিশতেই যে যথোপযুক্ত তথা পুংখানুপুংখ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। দৰ্শকক উৎসাহিত তথা আকৰ্ষণ কৰিব পৰা কাহিনী, একচন, ড্ৰামা আৰু থ্ৰীলাৰৰ সম্পূৰ্ণ পয়োভৰেৰে নিৰ্মাণ কৰা হৈছে “Illegal”। উঠি অহা প্ৰজন্মৰ নিৰ্মাতা সকলে নিজ প্ৰতিভা প্ৰদৰ্শনৰ ক্ষেত্ৰত সদায় একোটা প্লেটফৰ্মৰ সন্ধান কৰে আৰু ইয়াৰে ভিতৰত এটা হয় ৰাইজৰ মাজলৈ আহিছে “Niri9” এপটো । “Illegal” ৰ পৰা আৰম্ভ কৰা এই যাত্ৰাৰে এপটোত আগন্তুক সময়ত সন্নিৱিষ্ট কৰা হ’ব আন ভিন্ন নৱপ্ৰজন্মৰ সোঁৱাদনুযায়ী প্ৰকল্প। Niri9ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, চলিত মাহৰ ১৮ তাৰিখে এই এপটোৰ তিনি মাহ সম্পূৰ্ণ হোৱাৰ সমান্তৰালকৈ অসমীয়াকে ধৰি হিন্দী, বঙালী, বড়ো, মিছিং তথা ভোজপুৰী আদি ভিন্ন ভাষাতো ৱেব চিৰিজ উপভোগ কৰিবলৈ পাব দৰ্শকে। লগতে, বহু কেইখন দেশত উপলদ্ধ হ’ব Niri9 ।

আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে সাজু হৈছে ডিজিটেল প্লেটফৰ্ম Niri9 48


বৰ্তমান প্ৰেক্ষাপটৰ লগত সংগতি ৰাখি নিৰ্মিত বহুল প্ৰত্যাশিত প্ৰকল্প সমূহৰ সোঁৱাদ এই এপটোৰ জৰিয়তেই ল’ব পাৰিব দৰ্শকে। কল্পজ্যোতি দাস ৰ অসমীয়া ৱেব চিৰিজ ‘ৰমিঅ’ ইন জেং”, পশ্চিমবংগৰ চিনেমা জগতৰ জনপ্ৰিয় পৰিচালক শুভজিৎ গাঙ্গুলিৰ বঙালী ৱেব চিৰিজ নিষিদ্ধ, অসমৰ মিচিং সম্প্ৰদায়ৰ জনপ্ৰিয় পৰিচালক নাৰায়ণ শীলৰ মিচিং ছবি “লি-লেন” অসমৰ বড়ো সম্প্ৰদায়ক বহু কেইখন ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা ধীৰাজ বড়োৰ ছবি “SWLW এ ৰিয়েল গেম”, অসমৰ নৱ পৰিচালক কৌশিক নাথৰ অসমীয়া হৰৰ ৱেব চিৰিজ মৃত্যদূত আৰু পঞ্জাবৰ অধিক জনপ্ৰিয় পৰিচালক গুৰপিত সিং ৰ ” হিন্দী ৱেব চিৰিজ ৰোল প্লে” এই সকলোবোৰ নতুন ৱেব চিৰিজ আৰু ছবি মুকলি কৰা হ’ব Niri9 এপটোত । ইতিমধ্যে এই এপটোৰ দ্বাৰা আয়োজিত চুটি ছবি প্ৰতিযোগিতাৰ বহু সংখ্যক চুটি ছবিৰ মাজৰ পৰা ২০ খনকৈ চুটি ছবি বাচনি কৰি উলিওৱা হৈছে; যিকেইখন অহা ২৩ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল পৰ্যন্ত গুৱাহাটী অনুৰাধা ছবিগৃহত প্ৰদৰ্শিত কৰা হ’ব।

আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে সাজু হৈছে ডিজিটেল প্লেটফৰ্ম Niri9 49

আনহাতে, ৩০ এপ্ৰিল তাৰিখেই চুটি ছবি সমূহৰ মাজৰ পৰা পুৰষ্কাৰ পাবলগীয়া সমূহ বাচি উলিওৱা হ’ব। Niri9 ৰ এই যাত্ৰাটোক লৈ এতিয়া উৎসাহিত হৈ পৰিছে জনসাধাৰণো। তেওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25443/feed 0 25443