Assamese Youtube Channel – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 28 Aug 2021 05:20:04 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Assamese Youtube Channel – Rupaliparda.com https://rupaliparda.com 32 32 163073109 নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দশ্যে Wildwood Records ৰ পৰিকল্পনাঃ https://rupaliparda.com/archives/28189 https://rupaliparda.com/archives/28189#respond Sun, 29 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=28189 যিমানেই নতুন প্ৰতিভাৰ আগমন এই ক্ষেত্ৰখনত হৈছে সিমানেই ন-ন প্ৰযোজনা গোষ্ঠীয়েও ভুমুকি মাৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত। নতুনক উৎসাহ দিয়াৰ স্বাৰ্থত এই প্ৰযোজনা গোষ্ঠীসমূহৰ আগমনে নিশ্চিতভাৱে উৎসাহিত কৰিছে প্ৰত্যেককে, বিশেষকৈ যুৱপ্ৰজন্মৰ প্ৰতিভাসকলক। কিছুদিন পূৰ্বৰে পৰা অসমীয়া কেইটামান জনপ্ৰিয় গীত শুনিবলৈ পোৱা এটা নতুন প্লেটফৰ্ম হিচাবে আমাৰ মাজত চিনাকী লাভ কৰিছিল Wildwood Records য়ে। বৰ্তমানলৈকে মুঠ ২১ টা গীতক তেওঁলোকে নিজ প্লেটফৰ্ম যোগে মুকলি কৰি দিছে ৰাইজৰ মাজত। এই ক্ষেত্ৰখনৰ সৈতে জড়িত উক্ত প্ৰডাকচন হাউচটোৱে শেহতীয়াকৈ তেওঁলোকৰ উল্লেখনীয় কাম সমূহেৰে সংগীত ক্ষেত্ৰখনত খুঁপনি পুতিবলৈ আৰম্ভ কৰিছে। নৱপ্ৰজন্মক সকাহ প্ৰদানৰ বাবে ওলাই আহিছে এওঁলোক। আমি নিজেও দেখিছোঁ যে, সংগীত ক্ষেত্ৰখনত নিতৌ ইজনৰ পিছত সিজনকৈ নতুন প্ৰতিভাৰ আৱিৰ্ভাব হৈছে। কেৱল মাত্ৰ আৱিৰ্ভাব হোৱা বুলিয়ে নহয়; তেওঁলোকৰ প্ৰতিভাসমূহো হৈছে লেখত ল’বলগীয়া। কিন্তু, কেতিয়াবা কোনো সময়ত এনে হয় যে এই প্ৰতিভাসকলে উচিত প্লেটফৰ্মৰ অভাৱত তেওঁলোক নিৰ্দ্দিষ্ট এঠাইত আহি স্তব্ধ হৈ পৰে; প্ৰতিভা থাকিও সেই প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই অনাত তেওঁলোক অসুবিধাৰ সন্মুখীন হয়। গতিকে, এই অসুবিধা তথা সমস্যা সমূহক খণ্ডন কৰি বিশেষকৈ নৱপ্ৰজন্মৰ কাষ চাপিছে এই প্ৰডাকচন হাউচটো। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত আৰু অধিক হতাশগ্ৰস্ত হৈ পৰিছে পৰিস্থিতিবোৰ; জীৱিকাৰ খাতিৰত একাংশ কণ্ঠশিল্পীয়ে অইন পথৰ বিচাৰ কৰি উলিয়াইছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ কিছু কিছু মাধ্যমত যদিও স্তব্ধতাই বিৰাজ কৰিছে তথাপিও এনে কিছু প্ৰযোজনা গোষ্ঠীয়ে আশাৰ কিৰণ হৈ নামিছে প্ৰত্যেকৰে হৃদয়ত।


পূৰণি দিনৰ পৰা আৰম্ভ কৰি বৰ্তমান নতুন সকলৰ মাজতো নিজৰ স্থিতি মজবুত কৰি ৰাখিবলৈ বিচৰা এই প্ৰযোজনা গোষ্ঠীটোৰ পৰিকল্পনা সমূহে আকৰ্ষণ কৰিছে এতিয়া সকলোকে।এওঁলোকে নৱপ্ৰজন্মক দিবলৈ বিচৰা সুবিধা কণেৰে অনাগত দিনত প্ৰতিজন শ্ৰোতা-দৰ্শকে নতুন কিছু পৰিকল্পনা উপভোগ কৰিব পৰাটো নিশ্চিত বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। “উপাসনা”, “প্ৰহেলিকা”, “অভিমান”, তথা “শাৰদী পুৱা” আদি গীতসমূহ Wildwood Records ৰ অন্যতম নিবেদন বুলি ক’ব পৰা যায়। উক্ত গীতসমূহৰ ভিতৰত “উপাসনা” শীৰ্ষক গীতটিয়ে ১.২ মিলিয়নতকৈও অধিক ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈছে। Electronic Dance Music চমুকৈ EDM ক অসমীয়া সংগীত ক্ষেত্ৰখনত সাঙুৰ খোৱাই লোৱাৰ উদ্দেশ্যে এই প্ৰযোজনা গোষ্ঠীটোৱে অহোপুৰুষাৰ্থ কৰি আহিছে। আনহাতে উল্লেখ্য যে, এই প্ৰযোজনা গোষ্ঠীটোৱে কেৱল মাত্ৰ সংগীত সমূহক নিজ প্লেটফৰ্মৰৱমাজেৰে মুকলি কৰি দিয়া বুলিয়েই নহয় তেওঁলোকে নৱপ্ৰজন্মৰ বাবে সংগীত বিষয়ক শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰিছে। বেংগালুৰুৰ পৰা ইয়াৰ কাৰ্যসম্পাদন হৈ থাকিলেও প্ৰযোজনা গোষ্ঠীটোৱে অসমক লৈ কিবা এটা কৰাৰ প্ৰয়াসত মনোনিৱেশ কৰিছে বৰ্তমান।

নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দশ্যে Wildwood Records ৰ পৰিকল্পনাঃ 1
নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দশ্যে Wildwood Records ৰ পৰিকল্পনাঃ 2


Wildwood Records আৰু অধিক নতুন গীত শুনিবলৈ আশাবাদী এতিয়া শ্ৰোতা সকল। প্ৰযোজনা গোষ্ঠীটোৰ সফলতা কামনাৰে জনাইছোঁ শুভকামনা

]]>
https://rupaliparda.com/archives/28189/feed 0 28189
আলিস্মিতা গোস্বামীৰ ব্যক্তিগত ইউটিউব চেনেলৰ জনপ্ৰিয়তাঃ https://rupaliparda.com/archives/27777 https://rupaliparda.com/archives/27777#respond Wed, 04 Aug 2021 10:30:00 +0000 https://rupaliparda.com/?p=27777 চিলেব্ৰেটী আৰু ইউটিউব; আচলতে এই দুইটা বস্তুৰে ইটোৰ আনটোৰ লগত নজনাকৈয়ে এক গভীৰ সম্পৰ্ক আছে। বলীউডৰ প্ৰায় সমূহ তাৰকাৰ ব্যক্তিগত ইউটিউব চেনেল থকা আমি সকলোৱে দেখিছো। তেওঁলোকৰ এই চেনেল সমূহত বিভিন্ন কমেডী ভিডিঅ’ নাইবা দৰ্শকক ফিটনেছ টিপ কিছুমান দি ভিডিঅ’ আপলোড কৰা দেখিবলৈ পোৱা যায়। শিল্পা ছেট্টী, আলিয়া ভাট, বৰুণ ধৱন,দিশা পাটানীৰ সমান্তৰালকৈ অসমীয়া অভিনেতা-অভিনেত্ৰীৰ মাজতো এনে এক ঢৌৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কিছুমান ভিডিঅ’ বহুল দৰ্শকৰ মাজত শ্বেয়াৰ কৰিবলৈ এওঁলোকে ইউটিউবৰ সহায় লোৱা দেখা যায়; এনেক্ষেত্ৰত শেহতীয়াকৈ ব্যক্তিগত ইউটিউব চেনেল এটাৰে নিজৰ বহুল অনুৰাগীৰ কাষ চাপিছিল অভিনেত্ৰী আলিস্মিতা গোস্বামীয়ে। ইতিমধ্যে তেওঁ নিজৰ কেইবাটাও ভিডিঅ’ আপলোড কৰি জনসাধাৰণৰ সমাদৰ বুটিবলৈ সক্ষম হৈছে। প্ৰায় ১৫-৩০ চেকেণ্ডৰ ভিডিঅ’ত নিজ নৃত্য অথবা অভিনয়ৰ প্ৰতিভা প্ৰদৰ্শন কৰা আলিস্মিতা গোস্বামীয়ে নিজাববীয়াকৈ খুলি লোৱা ইউটিউব চেনেলটোক লৈ উৎসাহিতও হৈছে তেওঁৰ অনুৰাগী। তেওঁৰ কণ্টেণ্ট সমূহক পচন্দ কৰি প্ৰতিটো ভিডিঅ’ ত অনুৰাগীৰ শাৰী দীঘলীয়া হৈছে বৰ্তমান আলিস্মিতাৰ।

আলিস্মিতা গোস্বামীৰ ব্যক্তিগত ইউটিউব চেনেলৰ জনপ্ৰিয়তাঃ 3


অসম তথা মুম্বাইৰ মনোৰঞ্জন ক্ষেত্ৰখনতো সমাদৰ লাভ কৰা আলিস্মিতা মনোৰঞ্জন ক্ষেত্ৰখনৰে এক জনপ্ৰিয় নাম। তেওঁৰ চচিয়েল মিডিয়াত অনুৰাগীৰ সংখ্যা দেখিলে হয়টো আপোনালোকো আচৰিত হৈ পৰিব। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ সমান্তৰালকৈ ধাৰাবাহিক লগতে মিউজিক ভিডিঅ’ৰে দৰ্শকৰ হৃদয় জিনা এইগৰাকী অভিনেত্ৰী ভ্ৰাম্যমাণ ক্ষেত্ৰখনতো দপদপাই থাকে। অনাগত দিনত, আলিস্মিতাৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উপভোগ কৰিবলৈ সক্ষম হ’ব দৰ্শক।

]]>
https://rupaliparda.com/archives/27777/feed 0 27777
১ কোটি সদস্যৰে পৰিপূৰ্ণ “Times Music Assamese”- https://rupaliparda.com/archives/27738 https://rupaliparda.com/archives/27738#respond Sun, 01 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=27738 ইউটিউব ক্ষেত্ৰখনৰ এটি উল্লেখনীয় চেনেলৰ নাম হৈছে “Times Music Assamese”। শেহতীয়াকৈ চেনেলটোৱে চুমুক দিছে ১মিলিয়ান চাবচক্ৰাইবাৰত। ১ মিলিয়ন সদস্যৰে বৰ্তমান পৰিপূৰ্ণ হৈ উঠিছেএই চেনেলটো। সংগীত ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এই চেনেলটো। ইয়াত এবাৰ চকু ফুৰালেই আপুনি দেখিব কিমান সুন্দৰ গীতৰ অন্তৰ্ভূক্তি ঘটিছে এই চেনেলটোত; প্ৰত্যেকটো গীতত শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ। সংগীত ক্ষেত্ৰখনত ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা একোগৰাকী দক্ষ জনৰ লগতে নৱপ্ৰজন্মৰ একোটা সৃষ্টিকো এইটো চেনেলত সুবিধা প্ৰদান কৰা হৈছে। আগন্তুক সময়ত অসমীয়া সংগীত ক্ষেত্ৰখনলৈ বহু নতুন কন্ঠশিল্পীৰ আগমন ঘটিব যিয়ে হয়টো ক্ষেত্ৰখনক আকৌ এখোজ আগুৱাই লৈ যোৱাত সহায় কৰিব। ঠিক তেনেদৰে আকৌ বহু নতুন কন্ঠশিল্পী আগবাঢ়িছে তেওঁলোকৰ সংগীতময় যাত্ৰাৰ সফলতাৰ দিশত। প্ৰায়ে শুনিবলৈ পাওঁ যে অন্ধকাৰৰ পিছত পোহৰে পাখি মেলে; কথাষাৰৰ ওপৰত শেহতীয়াকৈ বিশ্বাস কৰিবলৈ আচলতে মন গৈছে। বিগত বহু কেইমাহৰ স্তব্ধতাৰ পিছত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে কেৱল মাত্ৰ বহু নতুন প্ৰকল্প বুলিয়ে নহয়; উপভোগ কৰিছে বহু নতুন প্ৰতিভাক। এই প্ৰতিভা সমূহকেই আৰু এখোজ আগুৱাই নিয়াৰ স্বাৰ্থত অথবা এওঁলোকক উদ্গনি যোগোৱাৰ স্বাৰ্থত এই ক্ষেত্ৰখনত বহু ন-ন প্ৰযোজনা গোষ্ঠীৰ শুভাৰম্ভণি ঘটিছে।

১ কোটি সদস্যৰে পৰিপূৰ্ণ "Times Music Assamese"- 4


ইয়াৰ ভিতৰত এটা চেনেল হ’ল “Times Music Assamese”। নৱপ্ৰজন্মক সকাহ প্ৰদানৰ বাবে ওলাই আহিছে এই চেনেলটো। আমি নিজেও দেখিছোঁ যে, সংগীত ক্ষেত্ৰখনত নিতৌ ইজনৰ পিছত সিজনকৈ নতুন প্ৰতিভাৰ আৱিৰ্ভাব হৈছে। কেৱল মাত্ৰ আৱিৰ্ভাব হোৱা বুলিয়ে নহয়; তেওঁলোকৰ প্ৰতিভাসমূহো হৈছে লেখত ল’বলগীয়া। কিন্তু, কেতিয়াবা কোনো সময়ত এনে হয় যে এই প্ৰতিভাসকলে উচিত প্লেটফৰ্মৰ অভাৱত তেওঁলোক নিৰ্দ্দিষ্ট এঠাইত আহি স্তব্ধ হৈ পৰে; প্ৰতিভা থাকিও সেই প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই অনাত তেওঁলোক অসুবিধাৰ সন্মুখীন হয়। গতিকে, এই অসুবিধা তথা সমস্যা সমূহক খণ্ডন কৰি বিশেষকৈ নৱপ্ৰজন্মৰ কাষ চাপিছে এই প্ৰডাকচন হাউচটো। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত আৰু অধিক হতাশগ্ৰস্ত হৈ পৰিছে পৰিস্থিতিবোৰ; জীৱিকাৰ খাতিৰত একাংশ কণ্ঠশিল্পীয়ে অইন পথৰ বিচাৰ কৰি উলিয়াইছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ কিছু কিছু মাধ্যমত যদিও স্তব্ধতাই বিৰাজ কৰিছে তথাপিও এনে কিছু প্ৰযোজনা গোষ্ঠীয়ে আশাৰ কিৰণ হৈ নামিছে প্ৰত্যেকৰে হৃদয়ত। পূৰণি দিনৰ পৰা আৰম্ভ কৰি বৰ্তমান নতুন সকলৰ মাজতো নিজৰ স্থিতি মজবুত কৰি ৰাখিবলৈ বিচৰা এই প্ৰযোজনা গোষ্ঠীটোৰ পৰিকল্পনা সমূহে আকৰ্ষণ কৰিছে এতিয়া সকলোক।

১ কোটি সদস্যৰে পৰিপূৰ্ণ "Times Music Assamese"- 5


১ কোটি চাবচক্ৰাইবাৰৰ সৈতে সফলতা অৰ্জন কৰা এই ইউটিউব চেনেলটোৰ আগবাঢ়ি যাবলৈ অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। অনাগত দিনত, বহু ভাল গীতেৰে যাতে শ্ৰোতাক মনোৰঞ্জন প্ৰদান কৰিব পাৰে তাৰেই আশা ৰাখিছোঁ।

]]>
https://rupaliparda.com/archives/27738/feed 0 27738
“মই সৰু মানুহ , সৰু সৰু কাম কৰি ডাঙৰ হোৱাৰ আশাত…”- কল্পজ্যোতি দাস https://rupaliparda.com/archives/23728 https://rupaliparda.com/archives/23728#respond Tue, 26 Jan 2021 08:30:10 +0000 https://rupaliparda.com/?p=23728 এই সমগ্ৰ পৃথিৱীখনত চোকে-কোণে থকা প্ৰতিজন ব্যক্তিৰ কিছু নতুন নতুন সপোন আছে, আশা আছে অথবা ইচ্ছ আছে। চিচিডিত বহি একাপ কফিৰ কাপত চুমুক দিয়াতকৈ কেতিয়াবা বহু ব্যক্তিৰ বাবে আমোদায়ক হ’ব পাৰে ৰাষ্টাৰ কাষতে থকা পাঁচটকীয়া চাহ কাপ। কোনোবা ৰেষ্টুৰাৰ কোনোবা এটা চোকত বহি প্ৰেম নিবেদন কৰাতকৈ কেতিয়াবা এজন ব্যক্তিৰ বাবে নিৰৱিচ্চিন্ন হৈ বৈ যোৱা নৈখনৰ বালিচৰ খিনি হ’ব পাৰে প্ৰেম নিবেদনৰ ঠাই। আচলতে, এনে সৰু সৰু আশাক বুকুত বান্ধিয়ে নিজৰ প্ৰাপ্তিৰ বাটটোলৈ খোজ দিয়ে একোজন সৰু মানুহে। আপোনালোকে নিশ্চয় ভাবিছে, মই এই সৰু সৰু আশা বোৰক মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে কিয় গুঠিব বিচাৰিছো। আচলতে, শেহতীয়াকৈ এগৰাকী নৱপ্ৰজন্মৰ পৰিচালক কল্পজ্যোতি দাসৰ সৰু আশা আৰু সপোনক লৈয়ে নিৰ্মাণ কৰা হৈছে এটি সুন্দৰ প্ৰকল্প Movie Mafia। “মই সৰু মানুহ, সৰু সৰু কাম কৰি ডাঙৰ হোৱাৰ আশাত; সৰু মাথাটোৰে কিবা এটা সৰুকৈ কৰিছো!” বাক্যশাৰী পৰিচালক গৰাকীৰ নিজৰেই। চচিয়েল মিডিয়াৰ এটা জনপ্ৰিয় মাধ্যম ইউটিউবক নিজৰ সাধন হিচাপে গ্ৰহণ কৰি পৰিচালক কল্পজ্যোতি দাসে নিজৰ সৰু আশাটোক পূৰ্ণাংগ ৰূপ দিয়াৰ চেষ্টা ইতিমধ্যে হাতত লৈছে।

"মই সৰু মানুহ , সৰু সৰু কাম কৰি ডাঙৰ হোৱাৰ আশাত…"- কল্পজ্যোতি দাস 6


নিজৰ একক চেষ্টাৰে নৱপ্ৰজন্মক লৈ কাম কৰাৰ বহুল ইচ্ছা থকা কল্পজ্যোতি দাসে শেহতীয়াকৈ ইউটিউবত মুকলি কৰিছে তেওঁৰ এই Movie Mafia নামে চেনেলটো। চমুকৈ যদি ক’বলৈ যাওঁ তেতিয়াহ’লে Movie Mafia হৈছে ইউটিউবৰ এনে এক প্লেটফৰ্ম যাৰ দ্বাৰা পৰিচালক কল্পজ্যোতি দাসৰ লগতে আন একাংশ নৱপ্ৰজন্মই নিজৰ প্ৰতিভা অথবা নিজ নিজ ক’বলগীয়া কিছু কথা দৰ্শকৰ মাজলৈ লৈ যাব। ইউটিউবত উপলদ্ধ হোৱা এই চেনেলটোত থাকিব কেইবাখনো উপভোগ্য চিৰিজ; যাৰ নিৰ্মাণত বৰ্তমান ব্যস্ত হৈ আছে উক্ত পৰিচালক গৰাকী। আনহাতে, শেহতীয়াকৈ চেনেলটোত মুক্তিপাবলগীয়া এখন চিৰিজ “ৰমিঅ’ ইন জেং” ৰ ট্ৰেইলাৰটোক মুকলি কৰি দিয়া হৈছে। থ্ৰীলাৰ, ৰোমান্টিক তথা কমেডী আদি বিভিন্ন কাহিনী অন্তৰ্ভূক্ত এই চিৰিজ সমূহক লৈয়ে পৰিচালক কল্পজ্যোতি দাসৰ সৰু আশা।

"মই সৰু মানুহ , সৰু সৰু কাম কৰি ডাঙৰ হোৱাৰ আশাত…"- কল্পজ্যোতি দাস 7
"মই সৰু মানুহ , সৰু সৰু কাম কৰি ডাঙৰ হোৱাৰ আশাত…"- কল্পজ্যোতি দাস 8


প্ৰতিভাৰ ওপৰত গুৰুত্ব দি নৱপ্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ প্ৰতিও গুৰুত্ব দিয়া হ’ব এই চেনেলটোত। পৰিচালক কল্পজ্যোতি দাসৰ এই পৰিকল্পনাটোত তেওঁক সহায় কৰিছে ক্ৰমে ৰূপাংকৰ দাস, নিশিৰঞ্জন কে মল্লিকা, মধুস্মিতা দাস, প্ৰাঞ্জল দাস, অনুজ পৰশ, হৰগোবিন্দ মহন্তই। চিৰিজখনৰ চিত্ৰগ্ৰহণ কৰিছে নগেন বৈশ্যই।

]]>
https://rupaliparda.com/archives/23728/feed 0 23728
“পদ্মনাভৰ কোঠাত কথা” ৰ জনপ্ৰিয়তাঃ দুটা খণ্ডই টানিছে দৰ্শক- https://rupaliparda.com/archives/23462 https://rupaliparda.com/archives/23462#respond Thu, 14 Jan 2021 10:30:50 +0000 https://rupaliparda.com/?p=23462 আমি সাধাৰণজনে প্ৰায়ে কোনো নহয় কোনো চিলেব্ৰেটীক অনুসৰণ কৰো; তেওঁলোকৰ পিন্ধণ-উৰণৰ পৰা আৰম্ভ কৰি তেওঁলোকে কেতিয়া শোৱাপাটীৰ পৰা উঠিব অথবা কেতিয়া শোৱাপাটীলৈ যাব। সেই আটাইবোৰ আমি জানিবলৈ বিচাৰো; আচলতে এনে বহু সাক্ষাৎকাৰৰ ভিডিঅ’ দেখিছো যদিও কেতিয়াবা এই ভিডিঅ’ সমূহৰ উপস্থাপন শৈলীয়ে বাৰুকৈয়ে উৎসাহিত কৰে জনসাধাৰণক। শেহতীয়াকৈ অসমীয়া অন্যতম জনপ্ৰিয় সংগীতশিল্পী পদ্মনাভ বৰদলৈৰ পৰিচালনাৰে তথা “ডা গ্ৰেট কামৰূপ” ৰ সৌজন্যত পদ্মনাভৰ ব্যক্তিগত ইউটিউব চেনেল যোগে সম্প্ৰচাৰিত কৰা হৈছে এক অনুষ্ঠান The Great Kamrup presents “পদ্মনাভৰ কোঠাত কথা”। ইতিমধ্যে অনুষ্ঠানটোৰ দুটা খণ্ডই দৰ্শকৰ মনত উৎকন্ঠাৰ সৃষ্টি কৰাও দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গ, নীল আকাশকে আৰম্ভ কৰি নিশিতা গোস্বামী, কপিল বৰা, ৰবি শৰ্মা, সুবাসবা দত্তকে ধৰি আন কেইবাগৰাকীও অসমীয়া সংগীত ক্ষেত্ৰৰ সুদক্ষ শিল্পীৰ মনৰ কথা আৰু তেওঁলোকৰ ভাব ধাৰণাৰ ওপৰত কেন্দ্ৰ কৰিয়ে নিৰ্মাণ কৰা হৈছে এই অনুষ্ঠানটোৰ। এগৰাকী ঘোষক ৰূপে পদ্মনাভ বৰদলৈৰ উপস্থাপনে যে দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰিছে সেই কথা একাষাৰে ক’লেও হয়টো ভুল কোৱা নহ’ব।


১৯৮৮ চনত জন্মগ্ৰহণ কৰা পদ্মনাভে কেৱল মাত্ৰ অসমীয়াই নহয়; তেওঁ কন্ঠদান কৰিছিল হিন্দী বাংলা তথা মাৰাঠী ভাষাৰ গীতটো। হিন্দুস্তানী ক্লাচিকেল ও পাশ্চাত্য সংগীতৰ প্ৰশিক্ষণ প্ৰাপ্ত পদ্মনাভ বৰদলৈ হৈছে প্ৰথম গৰাকী অসমীয়া; যিয়ে ৰাষ্ট্ৰীয় ক্ষেত্ৰত অনুষ্ঠিত ৰিয়েলিটী শ্ব’ “ইণ্ডিয়ান আইডল” ত ফাইনেলিষ্ট হোৱাৰ লগতে পিছলৈ জি.ভি “সা ৰে গা মা পা” ত অংশগ্ৰহণ কৰি তেওঁ সেই সংগীত ৰিয়েলিটী শ্ব’টোৰো ফাইনেলিষ্ট হৈ পৰে। পদ্মনাভ বৰদলৈ কন্ঠদান কৰা প্ৰথমটো হিন্দী গীত “তেৰী জ্যে বাতে হে” ৰ বাবে তেওঁ গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটাৰ “নন ফিল্ম” শাখাত মনোনয়ন লাভ কৰে। পদ্মনাভ বৰদলৈৰ প্ৰথম একক এলবাম হৈছে “ধ্বনি”; ইয়াৰ পিছতেই তেওঁ এজন গীতিকাৰ আৰু সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। গতিকে, পদ্মনাভৰ কথাই উক্ত শ্ব’টোৰ ক্ষেত্ৰত অনুৰাগীৰ শাৰীও দীঘলীয়া কৰি তুলিছে।

"পদ্মনাভৰ কোঠাত কথা" ৰ জনপ্ৰিয়তাঃ দুটা খণ্ডই টানিছে দৰ্শক- 9


আহিবলগীয়া সময়ত “পদ্মনাভৰ কোঠাত কথা” ই আৰু কেনে ধৰণে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হ’ব সেয়া হ’ব লক্ষণীয়। এই শ্ব’টোক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/23462/feed 0 23462
Zeroth Drama ৰ প্ৰতিটো প্ৰচেষ্টাত মুগ্ধ জনসাধাৰণঃ https://rupaliparda.com/archives/22065 https://rupaliparda.com/archives/22065#respond Wed, 18 Nov 2020 12:30:00 +0000 https://rupaliparda.com/?p=22065 “Zeroth Drama” ৰ সৈতে জড়িত একাংশ শিল্পীয়ে সদায় সমাজৰ হকে নিৰ্মাণ হৈ থকা প্ৰকল্প সমূহেৰে আমোদ দিয়া কথা হয়টো নক’লেও আপোনালোকে জানে! ব্যংগ, হাস্য অথবা কোনো ধৰণৰ বিষয়ক লৈ এই ইউটিউব চেনেলটোৰ নিবেদনত নিৰ্মিত প্ৰকল্প সমূহে বৰ্তমানলৈ অহৰহ মনোৰঞ্জন প্ৰদান কৰিছে অসমীয়া দৰ্শকক। জনসাধাৰণক সংযোগ কৰিব পৰা বিধৰ কিছু কনচেপ্টেৰে আগবঢ়া উক্ত ইউটিউব চেনেলৰ প্ৰতিটো ভিডিঅ’ৰ বাবে উৎসাহী জনসাধাৰণ। প্ৰায় ৬-১০ মিনিটৰ এটি ভিডিঅ’ৰে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা Zeroth Drama ৰ প্ৰচেষ্টাত শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “When Mom Visits Your room” ভিডিঅ’টোক প্ৰায় প্ৰত্যেকগৰাকী নৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে চচিয়েল মিডিয়াত ভাইৰেল কৰি তোলাৰ সমান্তৰালকৈ প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে।


সম্প্ৰতি সময়ছোৱাত অকণমান হাঁহিৰ অৱকাশ দিয়াটো অত্যন্ত কঠিন হৈ পৰিছে কিন্তু তেনে সময়তে একাংশ নৱপ্ৰজন্মৰ প্ৰচেষ্টাই জনসাধৰাণক দিয়া এনে কিছু বিৰতি মন কৰিবলগীয়া। ইউটিউব চেনেলসমূহৰ ভিতৰত জনপ্ৰিয় ইউটিউব চেনেল হৈছে Zeroth Drama।অন্বেষা মহন্ত, বেদব্ৰত বৰা আৰু অৰ্পিতা শৰ্মাৰ প্ৰচেষ্টাৰে নিৰ্মাণ হৈ থকা ভিডিঅ’ সমূহত জনসাধাৰণৰ লাইকৰ সংখ্যাও সৰ্বাধিক। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ভিডিঅ’টোতো উক্ত তিনিওগৰাকী যুৱক-যুৱতীৰ প্ৰতিভাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল। ভিডিঅ’টোৰ দৃশ্যগ্ৰহণৰ লগতে ইয়াৰ সম্পাদনা মাধুৰ্য্য বৰাৰ।

Zeroth Drama ৰ প্ৰতিটো প্ৰচেষ্টাত মুগ্ধ জনসাধাৰণঃ 10

মাত্ৰ কেইটামান মিনিটৰ ভিতৰত জনসাধাৰণক বহুল মনোৰঞ্জন প্ৰদান কৰা Zeroth Drama ৰ প্ৰতিটো ভিডিঅ’ ৰ বাবে বৰ্তমান অপেক্ষাৰত প্ৰতিজন দৰ্শক।

]]>
https://rupaliparda.com/archives/22065/feed 0 22065
Youthz Korner ৰ নতুন সৃষ্টিঃ মুকলি হ’ব ন-ৱেব চিৰিজ- https://rupaliparda.com/archives/20867 https://rupaliparda.com/archives/20867#respond Tue, 06 Oct 2020 10:30:47 +0000 https://rupaliparda.com/?p=20867 আকৌ এবাৰ নৱপ্ৰজন্ম আৰু তেওঁলোকৰ নতুন সৃষ্টি। কিন্তু এইবাৰ সংগীত অথবা চুটি ছবিৰ প্ৰসংগত নহয়; এইবাৰ এওঁলোকৰ দ্বাৰা কৰা হৈছে এক দীঘলীয়া প্ৰচেষ্টা। এইবাৰ ১০ টা খণ্ডযুক্ত এখন ৱেব চিৰিজ নিৰ্মাণত ব্যস্ত হৈছে একাংশ নৱপ্ৰজন্ম। “লক-ডাউনে” যদিও দেশত বিভিন্ন জনৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি কৰিছে তাতেই আকৌ একাংশৰ মাজত ই সৃষ্টিশীল মানসিকতাৰো সৃষ্টি কৰিছে। মুঠতে, পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহৰ ক্ষেত্ৰত যদিও বিৰাম লগা পৰিলক্ষিত হৈছে তৎস্বত্বেও এনেক্ষেত্ৰত নৱপ্ৰজন্মৰ প্ৰচেষ্টাই কিছু সঁকাহ দিছে জনসাধাৰণক। Youthz Korner ৰ নিবেদনত এইবাৰ অসমীয়া সৰ্বসাধাৰণ ৰাইজে উপভোগ কৰিবলৈ পাব এখন ১০ টা খণ্ডযুক্ত ৱেব চিৰিজ। “জীৱন আনপ্লাগ্ড” শীৰ্ষক এই ৱেব চিৰিজ খন ইতিমধ্যে মুকলি কৰি দিয়া হৈছে জনপ্ৰিয় ইউটিউব চেনেল Youthz Korner তে। উক্ত ইউটিউব চেনেলটোৱে বিগত দিনৰ পৰা মনোৰঞ্জন ক্ষেত্ৰখনক লৈ কৰি থকা প্ৰয়াস তথা প্ৰচেষ্টা আছিল লেখতল’বলগীয়া।

Youthz Korner ৰ নতুন সৃষ্টিঃ মুকলি হ'ব ন-ৱেব চিৰিজ- 11
Youthz Korner ৰ নতুন সৃষ্টিঃ মুকলি হ'ব ন-ৱেব চিৰিজ- 12


যোৱা ৫ অক্টোবৰ তাৰিখৰ পৰাই ৱেব চিৰিজখনৰ মুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । ইয়াৰ প্ৰতিটো খণ্ডৰ বাবে অভিনেতা-অভিনেত্ৰীৰ উপৰিও কাহিনীৰ সাল- সলনি হ’ব; প্ৰতিটো খণ্ডতেই জনসাধাৰণে উপভোগ কৰিবলৈ পাব নতুনত্ব।প্ৰথমটো খণ্ডৰ নাম হৈছে “Paused”; য’ত অভিনয় কৰিছে দীপজ্যোতি মহন্ত আৰু নীলাক্ষী ডেকাই। আনহাতে উক্ত খণ্ডটোৰ পৰিচালনা আৰু সম্পাদনা অনুপ্ৰাস দাসৰ আৰু লিখিছে পাৰ্থ গোস্বামীয়ে। দৃশ্যগ্ৰহণৰ দায়িত্বত আছে অনুপ্ৰাস দাস আৰু জগদীশ দাস। নতুন নতুন প্ৰকল্পৰ সৈতে এতিয়াৰ নৱপ্ৰজন্মৰ এনে সৃষ্টিক আমি নুই কৰিব নোৱাৰো। মনোৰঞ্জন জগত খনত অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই ইজনে আনজনক কৰা প্ৰয়াসো মন কৰিবলগীয়া।

Youthz Korner ৰ নতুন সৃষ্টিঃ মুকলি হ'ব ন-ৱেব চিৰিজ- 13


কালি মুক্তি লাভ কৰা এই খণ্ডটোৰ পিছতেই আগন্তুক প্ৰতিটো খণ্ডৰ বাবেই অপেক্ষাৰত হৈ পৰিছে অসমীয়া দৰ্শকো। মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰত্যেকটা মাধ্যমত অংকিত কৰি লোৱা নৱপ্ৰজন্মৰ নামে সঁচাকৈ উৎসাহিত কৰিছে সকলোকে। আনহাতে, Youthz Korner ৰ তৰফৰ পৰা কৰা এই নতুন প্ৰচেষ্টাটোকো ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/20867/feed 0 20867
বানপীড়িতক সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিছে “Team Olacrazy”- https://rupaliparda.com/archives/18552 https://rupaliparda.com/archives/18552#respond Mon, 27 Jul 2020 10:30:04 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18552 প্ৰতিটো বছৰৰ দৰে এইবছৰো ৰাজ্যৰ অধিকাংশ জনসাধাৰণ ভূক্তভোগী হৈ আছে বানসমস্যাটোক লৈ। তেওঁলোকৰ প্ৰাপ্তিতকৈ অধিকাংশ বস্তুই হেৰুৱাইছে তেওঁলোকে; আশ্ৰয় শিবিৰ বোৰটো যদি কোনোৱে খাবলৈ পোৱা নাই আনহাতে কোনোৱে অকণমান ঠাই পোৱা নাই আশ্ৰয় ল’বলৈ। কান্দোনৰ ৰোলৰ মাজতে তেওঁলোকে হেৰুৱাব লগা হৈছে নিজ জীৱিকাৰ থল। এনেবোৰ দুখলগা পৰিস্থিতিৰ মাজতেই অসমীয়া ভিন্ন জন শিল্পী, কলা-কুশলীয়ে বৰ্তমান চেষ্টা কৰিছে বানপীড়িত সকলক সহায় কৰাৰ। ক’ৰোণা মহামাৰীয়ে দিয়া মাধমাৰৰ পিছতেই ৰাজ্যত হোৱা বান সমস্যাই যেন কেওঁদিশে হাঁহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে অসমীয়া জনপ্ৰিয় ইউটিউবাৰ কেইজনক এক ন-প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। ডিম্পু বৰুৱা, ভূষণ পাঠক আদিৰ সমান্তৰালকৈ এটা জনপ্ৰিয় কমেডী ইউটিউব চেনেল “Team Olacrazy” য়ে বানপীড়িত সকলক সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিছে। এই জনপ্ৰিয় কমেডী ইউটিউব চেনেলটোৰ সৈতে জড়িত সদস্য সকলৰ এনে পদক্ষেপে আকৌ এবাৰ জনসাধাৰণক আপ্লুত কৰিবলৈ সক্ষম হৈছে।

বানপীড়িতক সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিছে "Team Olacrazy"- 14


উক্ত ইউটিউব চেনেলটোৰ স্বত্বাধিকাৰী ক্ৰমে নিপু আহমেদ, ৰূপজ্যােতি মহন্ত, হৃষীকেশ শৰ্মা আৰু ধৃতিমানে চেনেলটোৰ যোগেৰে লাইভ আহি মুঠ ২২ হাজাৰ ৩৭০ টকা গোটাবলৈ সক্ষম হয় আৰু তেওঁলোকৰ ফালৰ পৰা ৭ হাজাৰ ৬৩০ টকা যোগ কৰি মুঠ ৩০ হাজাৰ টকাৰ সাহাৰ্য্য আগবঢ়াবলৈ সাজু হৈছে বৰ্তমান “Team Olacrazy”। এই কমেডী চেনেলটোৱে দীৰ্ঘদিনৰ পৰাই বিভিন্ন কমেডী ভিডিঅ’ শ্বেয়াৰ কৰি জনসাধাৰণক হহুঁৱাই ৰাখিছিল। সমাজৰ কিছু তথাকথিত নিয়ম-নীতি আদিকো হাস্যৰসিক ভাৱে প্ৰস্তুত কৰি এওঁলোকে উপস্থাপন কৰে জনসাধাৰণৰ সমুখত। বৰ্তমান সময়ৰ বাবে ই অৱশ্যে এক ভাল কথা।


কিয়নো, সচেতন সৰ্বসাধাৰণ ৰাইজৰ লগতে অসমীয়া শিল্পী আৰু বিভিন্ন জনপ্ৰিয় ইউটিউবাৰৰ এনে প্ৰচেষ্টাই বানপীড়িত সকলৰ কিছু পৰিমাণে হ’লেও দুখ, কষ্ট আদিবোৰ লাঘৱ কৰিবলৈ সক্ষম হৈছে। জনসাধাৰণে তেওঁলোকক যঁচা মৰমবোৰক যেন তেওঁলোকেও শ্ৰদ্ধাৰে সাৱটি তাৰ প্ৰতিদান দিছে।

]]>
https://rupaliparda.com/archives/18552/feed 0 18552
“যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?”- ডিম্পু বৰুৱা https://rupaliparda.com/archives/18519 https://rupaliparda.com/archives/18519#respond Sun, 26 Jul 2020 09:30:36 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18519 বৰ্তমান ইউটিউবৰ মাধ্যমেৰে একাংশ যুৱপ্ৰজন্মই জনসাধাৰণক ভিন্ন ন-খবৰ দিয়াৰ উপৰিও ইয়াক প্লেটফৰ্ম হিচাপে লৈ সমাজৰ হকেও কিছু লেখত ল’বলগীয়া কাম সম্পন্ন কৰি আহিছে। এনে এগৰাকী অসমৰ জনপ্ৰিয় ইউটিউবাৰ হৈছে ডিম্পু বৰুৱা। ইউটিউবত কৰা ব্লগ সমূহেৰে তেওঁ একোটা নতুন বস্তুক বুজাবলৈ চেষ্টা কৰাৰ উপৰিও বৰ্তমান সমাজত চলিত কিছু তত্ত্বগধুৰ বিষয়বস্তুকো সৰল কৰি ৰাইজৰ মাজত উপস্থাপনৰ চেষ্টা কৰে। শেহতীয়াকৈ তেওঁ কৰা এক কৰ্মই আকৌ এবাৰ চচিয়েল মিডিয়াত তেওঁক ভাইৰেল কৰাৰ উপৰিও ডিম্পুৰ এই কামৰ প্ৰশংসা কৰিছে। এগৰাকী অসমৰ ইউটিউবাৰ ৰূপে অসমৰ বান সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ইউটিউবত লাইভ আহে আৰু সেই মাধ্যমেৰে তেওঁ ৪৫ হাজাৰতকৈ অধিক টকা উপাৰ্জন কৰি বানপীড়িত সকলক ১ হাজাৰ টকাকৈ সহায় আগবঢ়ায়। আজি ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত কোনো অভিনেতা/ অভিনেত্ৰী অথবা কন্ঠশিল্পী নাই। আমাৰ মাজত আছে এই গৰাকী ইউটিউবাৰ ডিম্পু বৰুৱা; চাওঁ চোন আহক তেওঁক সোধা প্ৰশ্নবোৰক লৈ তেওঁ কি ক’লেঃ

"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 15

প্ৰশ্নঃ আপুনি ইউটিউব ক্ষেত্ৰখনত কেতিয়াৰ পৰা অন্তৰ্ভূক্ত হৈছিল??

ডিম্পু বৰুৱাঃ ভাৰতত যেতিয়া জিঅ’ চিম আহিছিল অৰ্থাৎ দুই-আঢ়ৈ বছৰ মানৰ পৰাই মই ইউটিউব ক্ষেত্ৰখনৰ সৈতে জড়িত। মই জিঅ’ চিম লোৱা পিছত প্ৰায়ে ইউটিউবৰ ভিডিঅ’ বোৰ চাব লৈছিলো; চাই ভাবিছিলো যে যদি মই চাব পাৰো, বনাবও পাৰো। তেনেকৈয়ে মই প্ৰথমটো ইউটিউব ভিডিঅ’ বনালো নলবাৰীৰ চৰকাৰী স্কুলৰ ওপৰত; তাৰ পিছত নলবাৰীৰ ওপৰত। আৰু, তেনেকৈয়ে মই আৰম্ভ কৰিছিলো ইউটিউব ভিডিঅ’বোৰ বনোৱা…

"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 16

প্ৰশ্নঃ বহুতে উপলুঙা কৰে আনহাতে আপোনাক বহুতে প্ৰশংসাও কৰে। এই দুইটা বস্তুক আপুনি কেনেদৰে গ্ৰহণ কৰে?

ডিম্পু বৰুৱাঃ ইয়াত আৰু কি ক’ম! আৰম্ভণিৰে পৰা মোক বহুতে সমালোচনা কৰিছে লগতে ভালকৈও কৈছে। গতিকে যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে? যদি শুদ্ধ কাৰণত মোক সমালোচনা কৰা হৈছে তেতিয়াহ’লে দ্বিতীয়বাৰলৈ মই তাক শুধৰাবলৈ চেষ্টা কৰো; যেনে ধৰক মোৰ ভাষাটোক লৈ সকলোৱে কয়; মই নলবাৰীয়া ভাষাটোক লৈ ভিডিঅ’ বনাও কাৰণে। এই ভাষাটোক বা এই যিটো মোৰ কথা কোৱা ষ্টাইল সেইটো মই সৰুৰ পৰাই গ্ৰহণ কৰিছো গতিকে ইয়াক তৎক্ষণাত মই সলনি কৰিব নোৱাৰো যদিও প্ৰয়াস কৰো যাতে ইয়াক অলপ হ’লেও ঠিক কৰিব পাৰো। আনহাতে, কিছুমানেটো এনেই সমালোচনা কৰে; ভাল ক’লেও কৰে, বেয়া ক’লেও কৰে আৰু এইবোৰক মই বৰ বেছি প্ৰাধান্য নিদিওঁ। বাকী, যিমানখিনি লোকে মোৰ প্ৰশংসা কৰে তেওঁলোকক সঁচাকৈ ধন্যবাদ জনাইছো।

"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 17

প্ৰশ্নঃ আপোনাক দেখিয়েই আন বহুজনে বৰ্তমান ইউটিউবক নিজৰ পেছা হিচাপে গ্ৰহণ কৰিছে; এইক্ষেত্ৰত আপোনাৰ কিবা পৰামৰ্শ??

ডিম্পু বৰুৱাঃ ইউটিউব পেছা! আচলতে, কেৱল মাত্ৰ ইউটিউবকে পেছা হিচাপে গ্ৰহণ কৰাটো ভাল নহয়; মানে ধৰক আজি যেনেকৈ টিক-টক বন্ধ হৈ গ’ল। ঠিক তেনেকৈ যদি ইউটিউবো বন্ধ হয়? গুগলৰ বস্তু হয় ইউটিউব; ই তৎক্ষণাত বাৰু বন্ধ নহয় তথাপিও কোনে জানে পিছলৈ কি হ’ব! ইউটিউব বন্ধ নহয় যদি আপোনাৰ চেনেলটো বন্ধ হয় যায় তেতিয়াহ’লে কি হ’ব! গতিকে মোৰ মতে “ইউটিউব” ক কেতিয়াও পেছা হিচাপে ল’ব নালাগে, ই ইচ্ছাটেই থকা ভাল। কিন্তু, ইউটিউবটোক আন এটা ধৰণেও ল’ব পাৰে যে আপুনি এতিয়া গান গায় আৰু গানৰ ভিডিঅ’বোৰ আপুনি ইউটিউবত আপলোড কৰে। এতিয়া আপুনি এগৰাকী প্ৰফেচনেল গায়ক/গায়িকা ৰূপেটো কাম কৰেই লগতে ইউটিউবটোকো এটা মাত্ৰ প্লেটফৰ্ম হিচাপে গ্ৰহণ কৰি জনসাধাৰণৰ মাজলৈ অহাৰ প্ৰয়াস কৰিছে। ইউটিউবক এটা মাধ্যম হিচাপে গ্ৰহণ কৰাটো ভাল কিন্তু কেৱল ইউটিউবেই হ’লে পিছলৈ ই অসুবিধাৰো সৃষ্টি কৰিব পাৰে।

"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 18

প্ৰশ্নঃ আগন্তুক সময়ত ইউটিউব ক্ষেত্ৰখনক লৈ কৰা আন কিবা প্ৰচেষ্টা??

ডিম্পু বৰুৱাঃ প্ৰচেষ্টাটো চলাই গৈ আছো কিন্তু ইয়াৰ উত্তৰ একাষাৰে দি দিয়াটো কঠিন হ’ব; কিয়নো মনলৈ কেতিয়া কি আহে ঠিক নাই। কিছুদিন পূৰ্বে যেনেকৈ মই ইউটিউবত এটা প্ৰচেষ্টা হাতত ল’লো যে লাইভ আহি কিছু সাহাৰ্য্য মই পালো আৰু এইখিনিৰে মই বানপীড়িত সকলক সহায় আগবঢ়ালো। সময় আগবঢ়াৰ লগে লগে এনেধৰণৰ কিছু নতুন নতুন চিন্তালৈ আগবঢ়াৰ চেষ্টা কৰিছো। মই মানুহজনে ফুৰি বৰ ভাল পাওঁ, মোৰ এটা চেষ্টা সদায় থাকিব যে মই বহু ঠাই ফুৰি সেই ঠাইখিনিৰ প্ৰতি কিছু জ্ঞান আহৰণ কৰি যাতে ৰাইজৰ মাজলৈ আগবঢ়াব পাৰো।

"যিখিনিয়ে মোক সমালোচনা কৰিছে; তাক মই চাবলৈ চেষ্টা কৰো যে কোনে কি কৈছে?"- ডিম্পু বৰুৱা 19

প্ৰশ্নঃ কিছুদিন পূৰ্বে টিক-টক আৰু ইউটিউবৰ মাজত এখন শীতল যুদ্ধ হৈছিল; এতিয়া টিক-টক বন্ধ হ’ল বাৰু। চৰকাৰৰ এনে পদক্ষেপক লৈ আপুনি কি ক’ব??

ডিম্পু বৰুৱাঃ মই ইতিমধ্যে এই বিষয়টোক লৈ বহুকেইটা ভিডিঅ’ বনাইছো। আচলতে, “টিক-টক” ৰ দৰে এনে কিছুমান এপ; যিয়ে চেকেণ্ডৰ ভিতৰত মনোৰঞ্জনৰ প্ৰদানৰ চেষ্টা কৰে। এই এপবোৰে মানুহৰ মন-মগজু বোৰ আগ্ৰাসনত লয় আৰু এটা দীঘলীয়া বস্তু চাবলৈ তেতিয়া আমি আমনি পাওঁ। মই এই চিষ্টেমটো বৰ ভাল নাপাওঁ, তাৰ লগতে ই এটা চাইনীজ এপ; চীনে আমাৰ ডাটাবোৰ পাই আছে। গতিকে ভালেই হ’ল, কিন্তু এনে কিছুমান এপ নিজ প্ৰতিভা প্ৰদৰ্শনৰো এটা মাধ্যম; যদিহে ইয়াৰ কেৱল ভাল গুণটো লোৱা হয় তেতিয়া ই ভালকৈয়ে কাম কৰে।

… ধন্যবাদ ডিম্পু বৰুৱা। আপোনাৰ এই কথাবোৰে নিশ্চয় আন বহুতকো সহায় কৰিব।

ডিম্পু বৰুৱাঃ ধন্যবাদ ৰূপালীপৰ্দালৈও।

]]>
https://rupaliparda.com/archives/18519/feed 0 18519
চাৰিওফালে ৰাজকুমাৰ ঠাকুৰীয়াৰ প্ৰশংসাঃ https://rupaliparda.com/archives/13033 https://rupaliparda.com/archives/13033#respond Sat, 11 Apr 2020 10:30:04 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13033 অসমত হোৱা এনে বিপৰ্যয়ৰ সময়ত জনসাধাৰণৰ ওচৰলৈ বহু শিল্পীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। সংবাদ মাধ্যমত নিতৌ তেওঁলোকৰ বাতৰিও প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায়। কিন্তু এনেক্ষেত্ৰত, এই শিল্পী সমূহৰ সমান্তৰালকৈ আগবাঢ়ি আহিল ৰাজকুমাৰ ঠাকুৰীয়াও অৰ্থাৎ সকলোৰে পৰিচিত “ৰাকু দা”। এই ব্যক্তিগৰাকীৰ দ্বাৰা নিৰ্মিত গীত সমূহৰ বাবে তেওঁক বিভিন্ন সময়ত চচিয়েল মিডিয়াত ট্ৰোল কৰাৰ লগতে তেওঁক বিভিন্ন টক-শ্ব’লৈ মতাই নি “মূৰৰ কামোৰণি” নাইবা নানানটা উপলুঙাসূচক মন্তব্যও কৰা দেখিবলৈ পোৱা গৈছিল। ৰাইজৰ পৰা পোৱা এনে ককৰ্থনাৰ পিছতো ৰাজকুমাৰ আগুৱাই আহিল জনসাধাৰণৰ মাজলৈ। জাতি, ধৰ্মৰ কোনো বাচ-বিচাৰ নকৰি মুঠ ৩০ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰিকল্পনা কৰিছে ৰাজকুমাৰে।

চাৰিওফালে ৰাজকুমাৰ ঠাকুৰীয়াৰ প্ৰশংসাঃ 20


ৰাজকুমাৰ ঠাকুৰীয়াৰ এনে প্ৰচেষ্টাক লৈ বৰ্তমান তেওঁক প্ৰশংসা কৰিছে এতিয়া বিভিন্ন জন জনসাধাৰণৰ লগতে অসমীয়া শিল্পীয়েও। নীলোৎপল বৰাই তেওঁৰ ফেচবুক একাউন্টৰ দ্বাৰা ৰাজকুমাৰ ঠাকুৰীয়াক প্ৰশংসা কৰাৰ লগতে ৰাইজে তেওঁক কৰা উপলুঙাৰ বাবে নীলোৎপল বৰাই সকলোৰে ওপৰত ক্ষোভো প্ৰকাশ কৰে।

চাৰিওফালে ৰাজকুমাৰ ঠাকুৰীয়াৰ প্ৰশংসাঃ 21


এগৰাকী পেঞ্চনাৰ হোৱাৰ পিছতো ৰাজকুমাৰ ঠাকুৰীয়াৰ এনে মহানুভৱতা সঁচাকৈ প্ৰশংসাৰ যোগ্য। অসমীয়া-হিন্দী-ইংৰাজী ভাষাৰ সানমিহলিৰে নিৰ্মাণ কৰা গীতসমূহক লৈ তেওঁক প্ৰায়ে সকলোৱে জোকায়; তেওঁৰ নামটোও যদি কেতিয়াবা কোনোৱে লয় তাকো উপলুঙা কৰিবলৈহে। মিৰ্জাত জন্মগ্ৰহণ কৰা ৰাজকুমাৰে অসমীয়া সংস্কৃতিৰ প্ৰতি থকা ভালপোৱাৰ বাবে চাকৰিৰ পৰা অৱসৰ লৈ গীত-মাতত নিম্মজিত হৈ পৰে।

]]>
https://rupaliparda.com/archives/13033/feed 0 13033