Assamesse E-Books – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 11 Jun 2021 07:20:27 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Assamesse E-Books – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বিষ্ণুপ্ৰসাদ ৰাভাক অনুসৰণ কৰিয়েই লিখা কাহিনী; কল্পকাহিনী “কলাগুৰু” য়ে লাভ কৰিছে চৰ্চাঃ https://rupaliparda.com/archives/26704 https://rupaliparda.com/archives/26704#respond Fri, 11 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26704 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ সমাজ জীৱনৰ এক অনন্য প্ৰতিভা। অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অন্যতম। অসমৰ কৃষ্টি-সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা ব্যক্তি গৰাকীয়ে আছিল বিষ্ণুপ্ৰসাদ ৰাভা।ৰাজনীতিবিদ, বিপ্লৱী সত্তাৰে ভৰপূৰ বিষ্ণু প্ৰসাদ ৰাভা আছিল মনোৰঞ্জনৰ দিশৰ পৰাও অনন্য। তেওঁৰ ৰচিত সংগীতৰ দ্বাৰাই জাতিৰ সত্তা ঘূৰাই অনাৰ চেষ্টা কৰিছিল।বিষ্ণুপ্ৰসাদ ৰাভাই নিজে বাণীবদ্ধ কৰা মুঠ ৩০ টা গীতৰ সম্ভেদ পোৱা গৈছে। তাৰে ২০ টা গীত পোনপ্ৰথমে গীতিকাৰৰ কণ্ঠৰ ৰেকৰ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। বিষ্ণু প্ৰসাদ ৰাভাৰ গীত, বাদ্য, নৃত্যৰ বাবে শিক্ষক হিচাপে নিয়োগ কৰা হৈছিল ক্ৰমে বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালচাঁদ আৰু গহৰজানবিবিক।গতিকে শেষলৈ বিষ্ণুপ্ৰসাদ এজন “এণ্টাৰটেইনাৰ” ৰূপেও গঢ় লৈ উঠিছিল। তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ,নাট্যকাৰ, অভিনেতা আছিল বাবেই তেওঁক “কলাগুৰু” আখ্যা দিয়া হয়। তেওঁ নিজ সৃষ্টিৰাজিৰ জৰিয়তে মানৱীয় প্ৰমূল্যৱোধৰ ছবি ডাঙি ধৰিবলৈ বিচাৰিছিল। ১৯৩৩ চনৰ জ্যোতিপ্ৰসাদৰ “জয়মতী”ৰ কামত সহায় কৰাৰ উপৰিও বাণ ৰংগমঞ্চত “কাৰেঙৰ লিগিৰী” নাটক খন মঞ্চস্থ কৰে বিষ্ণু প্ৰসাদ ৰাভাই। সংগীত পৰিচালনাৰ লগতে সুদৰ্শনৰ চৰিত্ৰত অভিনয় কৰে ৰাভাই। ইয়াৰ উপৰিও ১৯৩৬ চনত শোণিতকুঁৱৰী আৰু জয়মতী আদি ছবিসমূহৰ ৰেকৰ্ডিঙৰ সমস্ত দায়িত্ব বহন কৰাৰ লগতে অসমীয়া সত্ৰীয়া নৃত্য-গীত পুনৰুদ্ধাৰ কৰি ভাৰতবৰ্ষত প্ৰচাৰৰ চেষ্টা কৰে বিষ্ণুপ্ৰসাদে ৰাভাই। জাতিক নিকা কৰাৰ স্বাৰ্থত উঠি পৰি লাগিছিল বিষ্ণু প্ৰসাদ ৰাভা। তেওঁ সকলো দিশৰ পৰাই অসমীয়া জাতিটোক চহকী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়া হ’ল বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ত আপোনালোকক দিয়া এক থুলমুল আভাষ; আজিও এই ৰাভাই নৱপ্ৰজন্মক উৎসাহিত কৰি ৰাখে। আজিৰ প্ৰজন্মই তেওঁক অনুসৰণ কৰিয়ে ভিন্ন দিশত আগবঢ়া দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে, আমি আপোনালোকক দিবলৈ ওলাইছো এক নতুন ভাল খবৰ।

বিষ্ণুপ্ৰসাদ ৰাভাক অনুসৰণ কৰিয়েই লিখা কাহিনী; কল্পকাহিনী "কলাগুৰু" য়ে লাভ কৰিছে চৰ্চাঃ 1


নৱপ্ৰজন্মৰ এদল প্ৰতিভাই এখন কিতাপৰ পৰিকল্পনা কৰিছে; য’ত থাকিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা অনুপ্ৰাণিত হৈ লিখা ৪-৫ টা মান সুন্দৰ কাহিনী। ইন্টাৰনেটত উপলদ্ধ হোৱাৰ লগতে এই কিতাপখনক আপোনালোকে হাৰ্ড কপি ৰূপটো পঢ়িবলৈ পাব। এজন নৱমশ্ৰেণীত অধ্যয়নৰত ছাত্ৰই সৰুৰ পৰা ককাকৰ মুখে শুনি অহা বিষ্ণুপ্ৰসাদৰ সাধুসমূহৰ বাবে বৰ্তমান সময়ছোৱাত তেওঁৰ চুপাৰহিৰো’ কোনো স্পাইদাৰমেন অথবা শক্তিমান নহয়; তেওঁৰ বাবে চুপাৰহিৰো’ জন হৈছে কলাগুৰু। যাক কুলধৰ নামে এই ছাত্ৰজনে সপোনে-দিঠকে অনুসৰণ কৰে; ককাদেউতাকে সৰুৰে পৰা তাক কোৱা কাহিনী সমূহেৰে এটা চৰিত্ৰক তাৰ মন-মগজুত সুমুৱাই দিয়াৰ ফলত কুলধৰে ভাবিবলৈ আৰম্ভ কৰে যে তাৰ বাস্তৱ জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধানৰ বাট মোকলাই দিয়াত সহায় কৰে তাৰ মনে-প্ৰাণে শিঁপাই থকা “কলাগুৰু” নামৰ এই চুপাৰহিৰো’ গৰাকীয়ে। “কলাগুৰু” নামটিৰেই কিতাপখনৰো নামাংকন কৰা হৈছে। এই কিতাপখনৰ পৰিকল্পনা জনপ্ৰিয় কাৰ্টুনিষ্ট কুলদীপ শইকীয়াৰ, সমান্তৰালকৈ তেওঁ কিতাপখনৰ কাৰ্টুনসমূহো অংকন কৰিছে। ইয়াত সন্নিৱিষ্ট কাহিনীসমূহ লিখিছে পৰী দাস; তেওঁৰ কাহিনীৰে ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আন এখন চুটি ছবি “তেজৰ টুকুৰা”। ডিজিটেল আৰ্ট কৰিছে ঋত্বিকা নিশা শইকীয়াই; তেওঁৰ চচিয়েল মিডিয়া প্ৰফাইলত চকু ফুৰালে আপোনালোকে বুজি উঠিব ঋত্বিকাৰ প্ৰতিভা। আনহাতে, তেওঁলোকৰ এই সামগ্ৰিক পৰিকল্পনাত সহায় কৰিছে পৰিচালক চিন্ময় বাৰ্মাই। কাল্পনিক খণ্ড খণ্ড কাহিনীৰে লিখি উলিওৱা এই কিতাপখন অতিশীঘ্ৰে ৰাইজৰ মাজত উলিয়াই দিয়া হ’ব।

বিষ্ণুপ্ৰসাদ ৰাভাক অনুসৰণ কৰিয়েই লিখা কাহিনী; কল্পকাহিনী "কলাগুৰু" য়ে লাভ কৰিছে চৰ্চাঃ 2


উক্ত কিতাপখন ইতিমধ্যে চচিয়েল মিডিয়াত মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। ইয়াৰ সৈতে জড়িত প্ৰত্যেকগৰাকী প্ৰতিভা আমি ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/26704/feed 0 26704