Assamse Theatre – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 22 Dec 2019 07:24:08 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Assamse Theatre – Rupaliparda.com https://rupaliparda.com 32 32 163073109 নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ “শুভাশীষ ৰিয়ান কাশ্যপ”- https://rupaliparda.com/archives/7327 https://rupaliparda.com/archives/7327#respond Sun, 22 Dec 2019 09:30:21 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7327 প্ৰবল ইচ্ছাই অভীষ্ট লক্ষ্যৰ বাট কাটে।অভিনয়ৰ প্ৰতি প্ৰৱল ইচ্ছা থকা শুভাশীষ ৰিয়ান কাশ্যপ এতিয়া ৰূপালী পৰ্দাৰ এখন চিনাকী মুখ ৷ এমেছাৰ মঞ্চৰ পৰা ৰূপালী পৰ্দাৰ জগতখনলৈ শুভাশীষ ৰিয়ান কাশ্যপৰ এই যাত্ৰা বৰ বেছি দীঘলীয়া নহয় যদিও সফল আৰু সম্ভাৱনাপূৰ্ণ৷

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 1


অসম নাট্য সন্মিলন যোৰহাট শাখাৰ তাপস তৰুণ শইকীয়াৰ তত্বাৱধানত অসমৰ ভিন্ন প্ৰান্তত “বিবাহ : এটি বাঁহীৰ সুৰ ” নাটকত বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা শুভাশীষ ৰিয়ান কাশ্যপে বহু প্ৰতিযোগিতাত লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ সন্মান ৷

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 2

যোৰহাটৰ সন্তান শুভাশীষ বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখ। ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক “ভাৰাঘৰ” ৰ তৃতীয় সংস্কৰণৰ বহু কেইটা খণ্ডত বলিষ্ঠ অভিনয় প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় অভিনেতা গৰাকীয়ে ৷ পিছলৈ ৰেঙনি চেনেলত প্ৰচাৰিত ধাৰাবাহিক ‘ অালপনা’ ত কৰা অভিনয়ৰ যোগেৰে ৰাইজৰ মাজত চৰ্চিত হৈ পৰে শুভাশীষ ৷

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 3


শুভাশীষৰ প্ৰতিভা শেহতীয়াকৈ অধিক জনপ্ৰিয় হৈ পৰিছে ৰং চেনেলত প্ৰচাৰিত “তোমাৰ মৰমে মোক” ধাৰাবাহিক খনৰ “ৰাঘৱ” চৰিত্ৰটোৰ জৰিয়তে ৷ ৰং চেনেলৰ এখন জনপ্ৰিয় ধাৰাবাহিকৰ অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰা শুভাশীষ ৰিয়ানে ইয়াৰ উপৰিও বহুকেইটা ভিডিঅ’ গীতটো অভিনয় কৰিছে৷

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 4
নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 5


অভিনয়ৰ প্ৰতি থকা নিষ্ঠাই তেওঁক এনেদৰেই সুন্দৰৰ পথেৰে আগুৱাই যোৱাৰ অবিৰত ইন্ধন যোগাই যাওঁক। অসমবাসীয়ে এজন নিপুণ অভিনয় শিল্পী লাভ কৰক। অভিনয়ৰ নতুন দিগন্ত উন্মোচন কৰাত তেওঁ সফল হোৱাৰ কামনাৰে ৰূপালী পৰ্দাৰ ফালৰ পৰা শুভাশীষ ৰিয়ানক জনাইছো তেওঁৰ আগন্তুক জীৱনৰ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/7327/feed 0 7327