Avatar – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 11 Mar 2021 05:13:26 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Avatar – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ১৫ মাৰ্চৰ পৰা ৰেঙণিত নতুন ধাৰাবাহিক “অৱতাৰ”- https://rupaliparda.com/archives/24681 https://rupaliparda.com/archives/24681#respond Fri, 12 Mar 2021 10:30:15 +0000 https://rupaliparda.com/?p=24681 অহা ১৫ মাৰ্চ তাৰিখৰ পৰা ৰেঙণি চেনেল যোগে সম্প্ৰচাৰ লাভ কৰিব এখন নতুন ধাৰাবাহিক “অৱতাৰ”। ধাৰাবাহিক খনৰ ট্ৰেইলাৰৰ লগতে মুক্তি লাভ কৰিছে ইয়াৰ ফাৰ্ষ্ট লুক পোষ্টাৰো। ১৫ মাৰ্চৰ পৰা সন্ধিয়া ৬ বজাত আৰু নিশা ৮.৩০ বজাত সম্প্ৰচাৰ হ’বলগীয়া এই ধাৰাবাহিকখনৰ পৰিকল্পনা ৰাজেশ ভূঞাৰ লগতে ইয়াত পৰিচালনাৰ দায়িত্বত আছে মন্দিৰা বৰকটকী। বৰ্তমানলৈ দেখিবলৈ পোৱা অনুসৰি এই ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ তিনিটা ক্ৰমে আলিস্মিতা গোস্বামী, দীপাংকৰ মহন্ত আৰু দেৱশ্ৰী দাসে ৰূপায়ন কৰিব। তিনিও গৰাকী অভিনেতা-অভিনেত্ৰীক ইতিমধ্যে আপোনালোকেও দেখিবলৈ সক্ষম হৈছে বিভিন্নটা প্ৰকল্পৰ জৰিয়তে। আলিস্মিতা গোস্বামী লগতে অভিনেত্ৰী দেৱশ্ৰী দাসে ইয়াৰ পূৰ্বেও বিভিন্ন ধৰণৰ শ্বুটিং সময়ছোৱাৰ আপডেট সমূহ দি জনসাধাৰণক ধাৰাবাহিকখনৰ বিষয়ে জনাইছিল। আনহাতে, অভিনেতা দীপাংকৰ মহন্তক এই ধাৰাবাহিকখনৰ পূৰ্বেও আন কেইবাটাও মিউজিক ভিডিঅ’ যোগে তেওঁৰ অভিনয় উপভোগ কৰিবলৈ সক্ষম হৈছে দৰ্শক। এইখিনিতে, আপোনালোকক জনায় থওঁ যে, ধাৰাবাহিকখনৰ ট্ৰেইলাৰে বহুল হাৰত আকৰ্ষণ কৰিছে দৰ্শকক।

১৫ মাৰ্চৰ পৰা ৰেঙণিত নতুন ধাৰাবাহিক "অৱতাৰ"- 1


ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত সমান্তৰালকৈ সমাদৰ লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী হৈছে আলিস্মিতা গোস্বামী। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি “ককাইদেউ বিন্দাছ”, “তুমি মোক ফাঁকি দিলা”, “পৰিক্ৰমা” আদি কেইবাখনো ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা আলিস্মিতাই অসমীয়া ধাৰাবাহিক “আইনা” টো এক মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল। ছবি, চুটি ছবি অথবা মিউজিক ভিডিঅ’ বুলিয়েই নহয়; আলিস্মিতা ব্যস্ত হৈ পৰিছিল ভ্ৰাম্যমাণ জগতখনতো। ঝাৰখণ্ড আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত বলীউডৰ শ্ৰেষ্ঠ নৱাগতাৰ বঁটা বিজয়ী আলিস্মিতাৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। আনহাতে, আহিবলগীয়া সময়ত দেৱশ্ৰী দাসক দেখিবলৈ পোৱা যাব ডিজিটেল প্লেটফৰ্ম ReelDrama ৰ আহিবলগীয়া ৱেব চিৰিজ “ফিছা” ত। ইয়াৰ লগতে, বিগত বৰ্ষত এন.কে প্ৰডাকচন বেনাৰত মুক্তি লাভ কৰা “জানমণি” ছবিখনত দেখিবলৈ পোৱা গৈছিল অভিনেতা দীপজ্যোতি মহন্তক।

]]>
https://rupaliparda.com/archives/24681/feed 0 24681
অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ “অৱতাৰ”- https://rupaliparda.com/archives/19096 https://rupaliparda.com/archives/19096#respond Wed, 12 Aug 2020 10:30:30 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19096 ইলেক্ট্ৰনিক গীতৰ মাজতেই এইবাৰ ভক্তিমূলক গীতৰ সৈতে জনসাধাৰণৰ মাজলৈ আহিবলৈ সাজু হৈছে একাংশ যুৱপ্ৰজন্ম। আচলতে, প্ৰতিখন ক্ষেত্ৰৰ সৈতে নৱপ্ৰজন্ম এনেদৰে সাঙুৰ খাই পৰিছে যে ইয়াক লৈ গৌৰৱবোধ কৰিছে বৰ্তমান প্ৰতিজন জনসাধাৰণে। গুৰু দুজনাৰ অমূল্য সৃষ্টিৰ পৰা আৰম্ভ কৰি থলুৱা লোকগীত, আধুনিক গীতৰ পৰা আৰম্ভ কৰি স্তুতিমূলক গীতলৈ আটাইবোৰ ক্ষেত্ৰতে নৱপ্ৰজন্মৰ ন-ন প্ৰচেষ্টা লেখত ল’বলগীয়া। এইবাৰ যোৰহাটৰ বাঘমৰা অঞ্চলৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাত ইতিমধ্যে “অৱতাৰ” শীৰ্ষক এখন শ্ৰৱ্য সংকলন মুক্তিৰ চেষ্টা কৰিছে। এই এলবামটোত অন্তৰ্ভূক্ত “শিৱ শূলপাণি” শীৰ্ষক গীতটো ইউটিউব চেনেল Apex Studio ৰ জৰিয়তে মুক্তি লাভ কৰিছে।

অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ "অৱতাৰ"- 2
অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ "অৱতাৰ"- 3


Friends Forever নামে প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত এই এলবামটোৰ কাম চলি আছে যোৰহাট হাটীগড় স্থিত ষ্টুডিঅ’ মেলডীত। আগন্তুক সময়ত এই আটাইবোৰ ভক্তিমূলক গীতৰ সোঁৱাদ লাভ কৰিব অসমীয়া জনসাধাৰণে। এই গীতসমূহ লিখিছে ক্ৰমে দিব্য বৰা, মুনিন বৰা আৰু পৰাগ জ্যোতি শইকীয়াই। লগতে ইয়াত কন্ঠদান কৰিছে ক্ৰমে জনপ্ৰিয় শিল্পী ৰিন্তু শইকীয়া, সঞ্জয় বৰা, প্ৰণৱ দত্ত, পৰাগ জ্যোতি শইকীয়া, কল্যাণী দত্ত বৰা, অমৃত দত্ত আৰু হেমেন ৰাজ। গীতসমূহত জড়িত আন আন ব্যক্তিসকল হৈছে ঋতুৰাজ বৰা (পার্কচনিষ্ট), ঋতুপৰ্ণ বৰা(বাঁহী বাদক/ষ্টুডিও ৰেকৰ্ডিষ্ট), পৰাগ জ্যোতি শইকীয়া ( গীতিকাৰ/সুৰকাৰ), প্ৰাঞ্জল বৰা(খোল বাদক/ সম্পাদনা) , ৰক্তিম দত্ত (বাঁহী আৰু কীবর্ড ), নীলোৎপল বৰা (বাঁহী) । উল্লেখ্য যে, পেছাত এজন DJ percussionist হিচাপে মুম্বাইত প্ৰতিষ্ঠিত শিল্পী ঋতুৰাজ বৰাৰ সংগীতেৰে অসমৰ শ্ৰোতাক এক নতুন আৰু সুকীয়া সোৱাদ দিবলৈ চেষ্টা কৰিছে ।

অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ "অৱতাৰ"- 4
অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ "অৱতাৰ"- 5


উক্ত শ্ৰৱ্য সংকলনটোৰ প্ৰথমটো গীতৰ পিছতেই ই বৰ্তমান আকৰ্ষণ কৰিছে সকলোকে। সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হৈ থকা ভিন ভিন উপাদানৰ গীত সমূহৰ সৈতে জড়িত নৱপ্ৰজন্মই নিজৰ দুগুণ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই ক্ষেত্ৰখনত কিবা এটা নতুন কৰাৰ। ইয়াৰ উপৰিও কল্যাণী দত্ত বৰাৰ কণ্ঠত ” কবিতা” শীৰ্ষক এটি আধুনিক গীতৰ কাম চলি আছে । লগতে পল্লব দত্তৰ কণ্ঠত বাউল আৰু অসমীয়া লোকগীতৰ সংমিশ্ৰণত নতুন এটি গীতৰ কাম চলি আছে।

]]>
https://rupaliparda.com/archives/19096/feed 0 19096