Babon Bornil – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 09 Sep 2021 07:58:48 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Babon Bornil – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “তোমাকে ৰাখো বুকুতে” ৰ জৰিয়তে দীপলিনা ডেকা আৰু বাবন বৰ্ণিলে অনুৰাগীলৈ দিলে সুন্দৰ উপহাৰঃ https://rupaliparda.com/archives/28350 https://rupaliparda.com/archives/28350#respond Fri, 10 Sep 2021 08:30:00 +0000 https://rupaliparda.com/?p=28350 “বুকুতে ঘৰ সাজি ল’লা সোণ তুমি নজনাকে, নোৱাৰিমেই থাকিব মই তুমি নোহোৱাকে”; আপোনজনক লৈ আমাৰ হেঁপাহ আৰু ইচ্ছা বোৰ সদায় বৃদ্ধি হৈ গৈ থাকে। তেওঁলোকৰ অৱৰ্তমানত আমি এক মিনিট সময় থকাটোও যেন অস্বত্বিদায়ক হৈ পৰে। কিন্তু, প্ৰেম জানো সদায় প্ৰাপ্তিৰ বাবেই হয়? নিশ্চয় নহয়; আমি বৰ্তমানলৈ পঢ়ি অহা প্ৰতিটো প্ৰেম কাহিনী আধৰুৱা আৰু আধৰুৱা প্ৰেম কাহিনীবোৰৰেই এক সুকীয়া মাদকতা আছে। আমি মাত্ৰ এই প্ৰেম আৰু আপোনজনৰ মাজৰ নিজ স্বাৰ্থপৰতাবোৰ ত্যাগ কৰিব লাগিব। শেহতীয়াকৈ দীপলিনা ডেকা আৰু বাবন বৰ্ণিলৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত ‘তোমাকে ৰাখো বুকুতে’ গীতটিৰ ভিডিঅ’ সংস্কৰণটিয়ে লাভ কৰিছে মুক্তি। গীতটিৰ অডিঅ’টোৱে লাভ কৰা জনপ্ৰিয়তাৰ সমানেই ইয়াৰ ভিডিঅ’টিয়ো লাভ কৰিছে সফলতা। এটি গীতে যেতিয়া প্ৰশান্তি আনে তেতিয়া সেই গীতটি আপোন হৈ পৰে শ্ৰোতা সকলৰ বাবে। যেতিয়া শ্ৰুতিমধুৰ কণ্ঠস্বৰ শুনিবলৈ পোৱা যায় তেতিয়া আচলতে গীতটিক লৈ আমি প্ৰত্যেকজন ব্যক্তি উৎসাহিত হৈ পৰোঁ। দীপলিনা ডেকা আৰু বাবন বৰ্ণিল, দুয়োগৰাকীৰেই অনুৰাগীৰ শাৰী দীঘলীয়া। দীপলিনা বুলিলেই আপোন পাহৰা একাংশৰ বাবে কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীতেই তেওঁলোকৰ হিট লিষ্টৰ মাজৰ। ৰোমাণ্টিক গীতৰ ক্ষেত্ৰত সুকীয়া স্থান থকা বাবন বৰ্ণিলৰ এই গীতটিয়ে শেহতীয়াকৈ শ্ৰোতাৰ মন চুবলৈ সক্ষম হৈছে।


গীতটিত কথা দিছে প্ৰশান্ত দাসে, বহুসংখ্যক অসমীয়া জনপ্ৰিয় গীতৰ সৈতে জড়িত প্ৰশান্ত দাসৰ এই গীতটিতো অংকুৰিত হৈছে সফলতা। আনহাতে, গীতটিত সুৰ কৰিছে নৱপ্ৰজন্মৰ মাজত শেহতীয়াকৈ বহুল হাৰত জনপ্ৰিয় হৈ উঠা বিকি কলিতাই। গীতটিৰ শব্দ-সংমিশ্ৰণ কৰিছে পিংকু দাসে, আনহাতে গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ তথা সম্পাদনা অপুৰাজ গগৈৰ। নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন পৰিচালক অপুৰাজ গগৈয়ে বৰ্তমানলৈকে সংগীতক্ষেত্ৰখনক কেইবাটাও জনপ্ৰিয় আৰু সমাদৃত গীতৰ উপহাৰ দিছে। গীতটিৰ ভিডিঅ’ত প্ৰথমবাৰৰ বাবে এটি নতুন যুটিক দেখিবলৈ পোৱা গৈছে, নিৰূপম শইকীয়া আৰু ৰিচা চেত্ৰীৰ এই যুটিটোক সঁহাৰি জনাইছে প্ৰতিজন জনসাধাৰণে। দেশত হোৱা বিভীষিকাময় পৰিস্থিতিয়ে আচলতে প্ৰায় প্ৰতিজন ব্যক্তিৰ পৰাই কিবা নহয় কিবা এটা বস্তুক কাঢ়ি নিছে। প্ৰাপ্তিৰ ঠাইডোখৰৰ তুলনাত অপ্ৰাপ্তিৰ ৰেখা ক্ৰমশ বাঢ়ি আকাশলংঘী হৈছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাও এনে বহু শিল্পী আঁতৰি গৈছে যি বৰ্তমানেও সাধাৰণজনৰ কল্পনাৰো অগোচৰ। কিন্তু, চলিত বৰ্ষটোত সাধাৰণজনে বহু প্ৰতিভাক ওলাই অহাও দেখিবলৈ পাইছে। সেয়া চুটি ছবিৰ ক্ষেত্ৰতেই হওঁক অথবা সংগীত ক্ষেত্ৰখনতেই হওঁক; নৱপ্ৰজন্মৰ প্ৰতিভাই বৰ্তমান সকলোকে আপ্লুত কৰিছে। “লক-ডাউন” য়ে প্ৰতিজন ব্যক্তিৰ জীৱনত যিমানেই সন্ত্ৰাসৰ সৃষ্টি নকৰক কিয়; ই কেতিয়াও সৃষ্টিৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে।

"তোমাকে ৰাখো বুকুতে" ৰ জৰিয়তে দীপলিনা ডেকা আৰু বাবন বৰ্ণিলে অনুৰাগীলৈ দিলে সুন্দৰ উপহাৰঃ 1


এনেদৰে মুক্তিপ্ৰাপ্ত গীতসমূহে আমাক হাঁহিৰ অৱকাশ দিয়ে। ‘তোমাকে ৰাখো বুকুতে’ শীৰ্ষক গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/28350/feed 0 28350
প্ৰশান্ত দাসৰ কথাত আকৌ বিকি কলিতা, বাবন বৰ্ণিলৰ কণ্ঠ; আছে হৰ্ষৰাজৰ সংগীতঃ https://rupaliparda.com/archives/27937 https://rupaliparda.com/archives/27937#respond Thu, 12 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=27937 বিকি কলিতা, বাবন বৰ্ণিল আৰু প্ৰশান্ত দাস যুটিৰে মুক্তিপ্ৰাপ্ত এটি নতুন গীতে কিছুদিন পূৰ্বৰে পৰা খলকনিৰ সৃষ্টি কৰিছিল ৰাইজৰ মাজত। গীতটি হয়টো আপোনাৰো মনত আছে, সেই গীতটি আছিল “তোমাকে নাপালে”। গীতটিয়ে ইনষ্টাগ্ৰাম ৰীল ভিডিঅ’তেই হওঁক অথবা আন কোনো চচিয়েল মিডিয়া মাধ্যমতেই হওঁক ই চৰ্চিত হৈছিল বহুল হাৰত। বিকি কলিতাৰ কণ্ঠইও অধিক হাৰত সঁহাৰি লাভ কৰিছিল এই গীতটিৰ পৰাই আৰু এক কথাত ক’বলৈ গ’লে সংগীত ক্ষেত্ৰখনত ইতিমধ্যে সংগীত প্ৰেমী শ্ৰোতাৰ সমাদৰ লাভ কৰিছে উক্ত তিনিওগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাই। কিছুমান গীতৰ শব্দই আমাক এনেদৰে মোহাচ্ছন্ন কৰে যে আমি গীতটি শুনিবলৈ উৎসাহিত হওঁ; কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও যেতিয়া ৰূপালীপৰ্দাৰ তৰফৰ পৰা বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে। আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে।


গীতটি হিতেশ দেউৰী প্ৰডাকচন বেনাৰত মুক্তি লাভ কৰিছে। ইয়াৰ পূৰ্বেও হিতেশ দেউৰী প্ৰডাকচনৰ বেনাৰত বাবন বৰ্ণিলৰ সংগীত আৰু বিদ্যুৎ বিকাশৰ সুৰেৰে নীল আকাশৰ কণ্ঠৰ “নীলিম হাঁহি” গীতটিয়ে সমাদৰ লাভ কৰিছিল। অনাগত দিনত উক্ত প্ৰডাকচন হাউচৰ বেনাৰত বহুটো কাম অহাৰ লগতে নতুন প্ৰতিভাক সুযোগত আগ-ভাগ লৈছে হাউচটোৱে। এই সংগীত ক্ষেত্ৰখনলৈ বৰ্তমান বহুত ন-ন শিল্পী, কলা-কুশলী আগবাঢ়ি আহিছে; ইয়াত একাংশৰ সৃষ্টিও হৈছে লেখত ল’বলগীয়া। আনহাতে, এনে সুন্দৰ কথাৰ সৈতে যেতিয়া শ্ৰোতাই এটা হৃদয়স্পৰ্শী কন্ঠক শুনিবলৈ পায় তেতিয়াই আচলতে এটি গীত সফলতাৰ শাৰীত খোজ দিয়ে। শেহতীয়াকৈ ওপৰত উল্লেখ কৰা প্ৰতিভা কেইগৰাকীৰ প্ৰচেষ্টাৰে মুক্তি লাভ কৰিছিল এটি নতুন গীত “চালে চকুলে”। গীতটিত দ্বৈতভাৱে কণ্ঠদান কৰিছে বিকি কলিতা আৰু বাবন বৰ্ণিলে। আনহাতে, ইয়াত কথা প্ৰশান্ত দাসৰ আৰু সুৰ কৰিছে বিকি কলিতাই নিজেই। ইয়াৰ লগতে, গীতটিত সংগীত কৰিছে নৱপ্ৰজন্মৰ আন এগৰাকী প্ৰতিভাবান হৰ্ষৰাজ পাঠকে। সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া একোজন নৱপ্ৰজন্মই নিজৰ সৰ্বস্ব দি আগবাঢ়ি যোৱাৰ চেষ্টা কৰে তেতিয়া তাতকৈ অধিক ভাল লগা বিষয় আৰু কি হ’ব পাৰে! আমি সকলোৱে বৰ্তমান প্ৰজন্মৰ কৰ্মত সেই কিবা এটা কৰাৰ অযুত ইচ্ছা দেখিবলৈ পাইছো। অইন পেছাৰ তুলনাত যেন সংগীত সাধনাই তেওঁলোকৰ জীৱনৰ একমাত্ৰ ধৰ্ম; ঠিক তেনে এক ভাৱনাৰে উঠি অহা বহু কন্ঠশিল্পীৰ গীত আমি ইতিমধ্যে শুনিছো। সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই এনে নৱপ্ৰজন্মই ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰে, শ্ৰদ্ধা কৰে।

প্ৰশান্ত দাসৰ কথাত আকৌ বিকি কলিতা, বাবন বৰ্ণিলৰ কণ্ঠ; আছে হৰ্ষৰাজৰ সংগীতঃ 2


“চালে চকুলে” শীৰ্ষক এই গীতটিৰ সফলতা কামনাৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ।

]]>
https://rupaliparda.com/archives/27937/feed 0 27937
বাবন বৰ্ণিল আৰু দীপলিনা ডেকাৰ যুটীয়া কণ্ঠৰে “তোমাকে ৰাখো বুকুতে”- https://rupaliparda.com/archives/27584 https://rupaliparda.com/archives/27584#respond Sat, 24 Jul 2021 08:30:00 +0000 https://rupaliparda.com/?p=27584 “বুকুতে ঘৰ সাজি ল’লা সোণ তুমি নজনাকে, নোৱাৰিমেই থাকিব মই তুমি নোহোৱাকে”; আপোনজনক লৈ আমাৰ হেঁপাহ আৰু ইচ্ছা বোৰ সদায় বৃদ্ধি হৈ গৈ থাকে। তেওঁলোকৰ অৱৰ্তমানত আমি এক মিনিট সময় থকাটোও যেন অস্বত্বিদায়ক হৈ পৰে। কিন্তু, প্ৰেম জানো সদায় প্ৰাপ্তিৰ বাবেই হয়? নিশ্চয় নহয়; আমি বৰ্তমানলৈ পঢ়ি অহা প্ৰতিটো প্ৰেম কাহিনী আধৰুৱা আৰু আধৰুৱা প্ৰেম কাহিনীবোৰৰেই এক সুকীয়া মাদকতা আছে। আমি মাত্ৰ এই প্ৰেম আৰু আপোনজনৰ মাজত নিজ স্বাৰ্থপৰতাবোৰ ত্যাগ কৰিব লাগিব। নাই, আজি আমি আপোনালোকক প্ৰেম বিষয়ত কোনো ধৰণৰ কথা ক’বলৈ বিচৰা নাই। এটা গীতক লৈহে এই প্ৰসংগসমূহ টানি অনা হৈছে। বাবন বৰ্ণিল আৰু জনপ্ৰিয দীপলিনা ডেকাৰ কণ্ঠৰে শেহতীয়াকৈ মুক্তি লাভ কৰা গীত “তোমাকে ৰাখো বুকুতে” লাভ কৰিছে বহুল হাৰত শ্ৰোতা-দৰ্শকৰ সমাদৰ। অসমীয়া সংগীক্ষেত্ৰখনৰ দুগৰাকীকৈ জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিক লৈ উৎসাহিত হৈছে তেওঁলোকৰ অনুৰাগীও। দীপলিনাৰ কণ্ঠ বুলিলেই সাম্প্ৰতিক সময়ছোৱাত যুৱপ্ৰজন্মৰ বুকুৰ ঢপঢপনি বাঢ়িবলৈ ধৰে। এই ঢপঢপনিয়ে কণ্ঠশিল্পী গৰাকী প্ৰত্যেকটা গীতক জনপ্ৰিয়তাৰ দুৱাৰডলিলৈ লৈ যায়। উক্ত গীতটিত জনপ্ৰিয়তাৰ সমান্তৰালকৈ দীপলিনাৰ অনুৰাগীৰ প্লে-লিষ্টত তেওঁৰ কণ্ঠৰ আন এটা সন্নিৱিষ্ট হৈ পৰিল বুলি ক’লেও ভুল কোৱা নহ’ব।


আনহাতে, গীতটিত কণ্ঠদান কৰাৰ লগতে সংগীত কৰিছে আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বাবন বৰ্ণিলে। কণ্ঠদান কৰাৰ উপৰিও সুৰ-সংগীতেৰে গীতসমূহক শ্ৰোতা-দৰ্শকৰ মাজত সুন্দৰকৈ তুলি ধৰাৰ ক্ষেত্ৰত বাবন বৰ্ণিলৰ চেষ্টা উল্লেখনীয়। ইয়াৰ লগতে, গীতটিত কথা দিছে নৱপ্ৰজন্মৰ আন এগৰাকী প্ৰতিভা প্ৰশান্ত দাসে। ২০১৭ চনৰ সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰশান্ত দাসৰ কথাৰে নিৰ্মিত একোটা গীতত ৰাইজৰ সঁহাৰি আমি নুই কৰিব নোৱাৰোঁ। আপোনাক আমি উদাহৰণ দিবলৈ হ’লে মুখৰ ওচৰতে থকা গীত “আছোঁ থাকিম তোমাৰ স’তে” ৰ উদাহৰণ দিব পাৰোঁ। গীতটি ক্ষন্তেকতে নৱপ্ৰজন্মৰ মাজত ভাইৰেল হৈ পৰিছিল। আনহাতে, গীতটিত সুৰ কৰিছে বিকি কলিতা। এগৰাকী কণ্ঠশিল্পী ৰূপে উক্ত গীতটিৰ পৰাই সংগীত ক্ষেত্ৰখনত ভাইৰেল হৈ পৰা বিকি কলিতাৰ চৰ্চা এতিয়া ঠাইয়ে ঠাইয়ে। তেওঁ কিছুদিন পূৰ্বে নিজ ব্যক্তিগত ইউটিউব চেনেলটোৰ বাবদ লাভ কৰিছিল ইউটিউব চিলভাৰ বুটাম। বাবন বৰ্ণিল তথা দীপলিনা ডেকাৰ সৈতে নৱপ্ৰজন্মৰ আন আন প্ৰতিভা সমূহ জড়িত হৈ থকাৰ বাবে “তোমাকে ৰাখিলোঁ বুকুতে” শীৰ্ষক গীতটি জনসাধাৰণৰ ওচৰত আৰু অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

বাবন বৰ্ণিল আৰু দীপলিনা ডেকাৰ যুটীয়া কণ্ঠৰে "তোমাকে ৰাখো বুকুতে"- 3

সদ্যমুক্তিপ্ৰাপ্ত গীতটিত জনসাধাৰণৰ আৰু অধিক সঁহাৰিৰ আশা কৰিছে ৰূপালীপৰ্দাই। ইয়াত লগতে, গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীকে পেজটিৰ তৰফৰ পৰা মই ৰীমা দত্তই জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27584/feed 0 27584
ক’ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক’লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ https://rupaliparda.com/archives/25482 https://rupaliparda.com/archives/25482#respond Sat, 17 Apr 2021 05:30:00 +0000 https://rupaliparda.com/?p=25482 ৰঙালী বিহুৰ সমান্তৰালকৈ এতিয়া প্ৰায়বোৰ ঠাইত আৰম্ভ হৈছে বিহু অনুষ্ঠান সমূহ। আকৌ আনহাতে গা কৰি উঠিছে ক’ৰোণাৰ দ্বিতীয়টো ঢৌ; বহু জনসাধাৰণ ইয়াৰ আগ্ৰাসনত সোমাই পৰাৰ লগতে ই আন একাংশক সন্ত্ৰাসগ্ৰস্তও কৰি তুলিছে। মুঠতে, আকৌ এবাৰ চিন্তিত হৈছে জনসাধাৰণ। কিন্তু, শেহতীয়াকৈ চিন্তাত পৰিছে সাধাৰণ কন্ঠশিল্পী অথবা সংগীতশিল্পী সকলহে। বিগত বৰ্ষত বিহু অনুষ্ঠানসমূহ অনুষ্ঠিত নহ’ল আৰু তাৰ পিছতেই এইবাৰ আকৌ এবাৰ ক’ৰোণাৰ দ্বিতীয়টো ঢৌৰ ফলত অনুষ্ঠানসমূহ সামৰণিৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে নিশা ১১ টা বজাত। গতিকে, তেনেক্ষেত্ৰত উপায়হীন হৈ পৰিছে সাধাৰণ কন্ঠশিল্পী। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি এনে একাংশ কন্ঠশিল্পীৰ কাষ চাপিছিলো; ক’ৰোণাই আকৌ এবাৰ গা কৰি উঠিছে। তেনেক্ষেত্ৰত আকৌ এবাৰ বিহু অনুষ্ঠান সমূহত ইয়াৰ প্ৰভাৱ পৰিছে; গতিকে, সাধাৰণ কন্ঠশিল্পী সমূহৰ মানসিক অৱস্থা কেনে বুলি প্ৰশ্ন কৰাত তেওঁলোকে দিয়া উত্তৰসমূহ চাওঁচোন আহকঃ

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 4

পল্লৱ চাংঘৰঃ প্ৰথম কথা, ক’ৰোণাৰ ভয়াৱহতা আমি নুই কৰিব নোৱাৰোঁ; বিহু বুলিলেই আমাৰ মনবোৰ সুকীয়া অনুভৱেৰে ভৰি পৰে। গীত-মাত, নাচ-গানৰ লগত আমি বিলীন হৈ যাওঁ । যিহেতু বিগত বৰ্ষত আমি বিহু পালন কৰিব নোৱাৰিলোঁ, গতিকে তাৰ ফলস্বৰূপে অসমৰ বহু কন্ঠশিল্পী বিহু অনুষ্ঠান কৰাৰ পৰা বিৰত থাকিব লগা হ’ল । এই ভয়াৱহতাৰ কাৰণে এইবাৰো অসমৰ বিভিন্ন ঠাইত বিহু অনুষ্ঠান সমূহ পাতিবলৈ সাহস কৰিব পৰা নাই। অসমৰ বহু কন্ঠশিল্পী বিহুৰ অনুষ্ঠান পৰিৱেশন কৰি ৰাইজক আমোদ দিয়াৰ লগতে নিজৰ পৰিয়াল চলাই আহিছে; কিন্তু ক’ৰোণাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পৰা সকলো শংকিত হৈ পৰিছে; বিভিন্ন ঠাইৰ লোক সংস্কৃতিৰ লগত জড়িত শিল্পী সকলৰ যি আগৰ উৎসাহ সেইখিনি প্ৰায়ে কমি অহা দেখিবলৈ পাইছোঁ । শিল্পী সকলে বিহুৰ পৰিৱেশৰ কাৰণে আখৰা আৰম্ভ কৰিছিল । কিন্তু, বৰ্তমান পৰিস্থিতিৰ বাবে তেওঁলোকেমনত বাৰুকৈ আঘাত পাইছে। আগৰ ষ্ফুৰ্তি , বিহুৰ আমেজ , এইখিনি কমি অহা দেখিবলৈ পাইছোঁ ।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 5

বিকি কলিতাঃ বৰ চিন্তনীয় বিষয় হৈ উঠিছে; এনেয়ে যোৱাবছৰ যিটো ক্ষতি শিল্পী সকলৰ হ’ল সেয়া বৰ দুখ লগা কথা। তথাপিও, সকলো পাহৰি বিহুখন হ’ব বুলিয়ে অলপ সন্তুষ্টি লাভ কৰিছিল কিন্তু এতিয়া আকৌ ক’ৰোণাৰ উত্থানে শিল্পী সমাজক জুৰুলা কৰি তুলিব। শুনিবলৈ পাইছোঁ ভালে সংখ্যক কণ্ঠশিল্পীৰ ঠিক হৈ থকা অনুষ্ঠানসমূহ বাতিল হ’বলৈ ধৰিছে। এনেকৈ হ’লে কণ্ঠশিল্পী বুলিয়ে নহয় বাদ্যযন্ত্ৰী , কলা-কুশলী সকলো বৰ বিপাঙত পৰিব।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 6

বাবন বৰ্ণিলঃ নিশ্চয়কৈ আকৌ এবাৰ ক’ৰোণাই গা কৰি উঠাৰ ফলত শিল্পী সমাজ পুনৰ এবাৰ শংকিত হৈ উঠিছে। বিগত বৰ্ষত কোনো এখন অনুষ্ঠান হোৱা নাছিল; গতিকে চলিত বৰ্ষত নহ’লে বৰ ডাঙৰ সমস্যা হ’ব বুলিয়ে মই ভাবো। তথাপিও, ক’ৰোণাৰ প্ৰতি লক্ষ্য ৰাখি সজাগ সচেতনতাৰে চৰকাৰী নিয়ম খিনি মানি অনুষ্ঠান বোৰ কৰি যাব লাগিব; আৰু যেতিয়ালৈ অনুষ্ঠান কৰিব পৰা বিধৰ অৱস্থা থাকে তেতিয়ালৈ আমি কৰি যাম। যিহেতু, দেহা থাকিলেহে বেহা। এই বেমাৰটোৰ প্ৰভাৱ বেছি হ’লে বাৰুকৈয়ে বিষয়টো চিন্তনীয় হ’ব।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 7

নিহাৰ কাশ্যপঃ লোকগীত বাদ্যবাদক আৰু সাধাৰণ শিল্পী সমাজৰ বাবে এয়া বৰ বেয়া সময়। লোকবাদ্য বাদক বোৰৰ প্ৰসংগ মই এইটো বাবেই আনিছো কিয়নো এই সময়ছোৱাত লোকবাদ্য বাদক বোৰে এইখিনি সময়তে কিছুপৰিমাণে হ’লেও নিজক আৰ্থিকভাৱে উন্নত কৰি তোলে গতিকে এয়া ক’ৰোণা কালছোৱা তেওঁলোকৰ বাবেই প্ৰত্যাহ্বানমূলক।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 8

অঞ্জন ফুকনঃ এচাম কণ্ঠশিল্পী মানসিকভাৱে ভাগি পৰিব। কিয়নো বহুতৰে বাবে সংগীতেই হৈছে তেওঁলোকৰ উপাৰ্জনৰ পথ। যোৱা বছৰৰ দৰে এইবাৰো তেনে পৰিস্থিতি নহওঁক তাৰে আশা কৰিছোঁ।

… উক্ত প্ৰতিজন কন্ঠশিল্পীয়ে বৰ্তমান সজাগ-সচেতনতাৰে ক’ৰোণাক নাশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও তেওঁলোক কোনোবাখিনিত হতাশ হৈ ৰোৱাও পৰিলক্ষিত হৈছে। আগন্তুক কালছোৱাত পৰিস্থিতি বোৰ সাম কটাৰ আশাৰে ৰূপালীপৰ্দাৰ তৰফৰ পৰা আটাইলৈ জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25482/feed 0 25482
নৱপ্ৰজন্মক লৈ নিৰ্মিত গীত “নিচা গৰল সমান” ক সমাদৰঃ https://rupaliparda.com/archives/23720 https://rupaliparda.com/archives/23720#respond Mon, 25 Jan 2021 10:30:42 +0000 https://rupaliparda.com/?p=23720 নৱপ্ৰজন্মই বহুত ভাল কাম কৰি আছে; আচলতে সম্প্ৰতি প্ৰত্যেকখন ক্ষেত্ৰতে নৱপ্ৰজন্মৰ প্ৰতিভা নুই কৰিব নোৱাৰি। কিন্তু এয়াও সত্য যে, একাংশ নৱপ্ৰজন্ম গুটখা জাতীয় বস্তুৰ সেৱন কৰি ইমানেই অধিক ধ্বংসৰ গৰাললৈ নামিছে যে তাৰ পৰা তেওঁলোকক উলিয়াই অনাটোও একপ্ৰকাৰ প্ৰশ্ন হৈ পৰিছে। আমি প্ৰায়ে সংবাদ মাধ্যমত দেখো অথবা সংবাদ পত্ৰযোগে পঢ়ো যে অনাগত দিনত অতিশীঘ্ৰেই দোকান সমূহৰ পৰা গুটখা, পান অথবা ভিন্ন নিচা জাতীয় পণ্যৰ বিক্ৰী বন্ধ হ’ব। কিন্তু পিছলৈ গৈ এই আটাইবোৰ হয় পৰে ফুটুকাৰ ফেন। নৱপ্ৰজন্মৰ এনে এক বিষয়ক লৈ শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি গীত “নিচা গৰল সমান”। গীতটিক লিখিছে এগৰাকী অধিবক্তাই; তেওঁৰ নাম হৈছে বিনোদ পাঠক। ১৯৭৯ চনৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতপ্ৰাপ্ত গীতিকাৰ আছিল বিনোদ পাঠক। গীতটিয়ে মুক্তিৰ পিছতেই ভিন্ন জন শ্ৰোতা-দৰ্শকে সঁহাৰি জনাইছে। একোজন নৱপ্ৰজন্মৰ “নিচা”ৰ অভ্যাসে প্ৰতিটো মিনিটত তেওঁক ধ্বংস কৰাৰ লগতে তেওঁৰ পৰিয়াল তথা তেওঁৰ আহিবলগীয়া সময়কো ধবংসৰ কুঁৱালৈ ঠেলি পঠিয়ায়।


এইখিনিতে, এটা কথা ক’বই লাগিব যে; অৰূপজ্যোতি বৰুৱাৰ কন্ঠ তথা প্ৰতিটো গীতৰ সৃষ্টিত আছে নতুনত্ব। তেওঁৰ প্ৰতিটো গীতত এনে এক বিশেষ গুণ দেখা যায় যাৰ দ্বাৰা তেওঁ আকৰ্ষণ কৰিবলৈ সক্ষম হয় অনুৰাগীক। গীতটিত সংগীত বাবন বৰ্ণিলৰ আৰু ইয়াত সুৰ দিছে বিদ্যুৎ বিকাশৰ লগতে বিনোদ পাঠকে নিজেই। RedAv ষ্টুডিঅ’ত গীতটিৰ শব্দ-সংমিশ্ৰণ কৰিছে পিংকু দাসে; বাঁহী প্ৰদীপ ডেকাৰ আৰু থলুৱা বাদ্যযন্ত্ৰীৰ দায়িত্বত আছে বৰুণ দাস। গীতাৰ বজাইছে তপন দাসে। গীতটিত এটি সঁচা বিষয়ৰ উপস্থাপন আৰু উপভোগ্য কন্ঠই “নিচা গৰল সমান” ক অধিক গ্ৰহণযোগ্য কৰি তুলিছে।

নৱপ্ৰজন্মক লৈ নিৰ্মিত গীত "নিচা গৰল সমান" ক সমাদৰঃ 9


আমি প্ৰায়ে নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা এক অন্যতম কাৰণ ৰূপে দেখিবলৈ পাওঁ নিচাক আৰু এনেধৰণৰ খবৰে প্ৰায় প্ৰতিজন সচেতন নাগৰিককেই হতাশ কৰি তোলে। উক্ত গীতটিৰ জৰিয়তে এটি ধনাত্মক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছে সকলোৱে।

]]>
https://rupaliparda.com/archives/23720/feed 0 23720
এটি প্ৰেমৰ গীতঃ নীল আকাশ প্ৰডাকচনৰ গীতত এইবাৰ কন্ঠদান বাবন বৰ্ণিলৰ- https://rupaliparda.com/archives/17204 https://rupaliparda.com/archives/17204#respond Mon, 29 Jun 2020 10:30:45 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17204 অসমৰ দুই কন্ঠশিল্পী ক্ৰমে বাবন বৰ্ণিল ও নীল আকাশ। এওঁলোকৰ কন্ঠৰ নতুনকৈ চিনাকী কৰোৱাই দিয়া হয়টো নিশ্চয় প্ৰয়োজন নাই। অনুৰাগীৰ দীঘলীয়া শাৰী আৰু তেওঁলোকৰ কন্ঠৰ জনপ্ৰিয়তা বৰ্তমানলৈ অব্যাহত আছে। নিজ কন্ঠ আৰু গীতৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগবঢ়া বাবন বৰ্ণিলৰ কন্ঠৰে এতিয়ালৈ মুক্তিপ্ৰাপ্ত গীত ক্ৰমে “তলা লগাই থ”, “মৰম লাগি যায়”, “অ’ ৰহিমলা”, “কালদিয়া নৈ” আৰু শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “সোণচেং” ত কন্ঠশিল্পী গৰাকীৰ যোগদান উল্লেখনীয়। কিন্তু, এইবাৰ কিছু ব্যতিক্ৰম তথা নতুন। এইবাৰ এটি গীতৰ সৈতে জড়িত হৈ আছে উক্ত দুই নাম বাবন বৰ্ণিল ও নীল আকাশ। এটি প্ৰেমৰ গীতৰ সৈতে আহি আছে দুয়ো।


সংগীত ক্ষেত্ৰখন অত্যাধিক সুন্দৰ যেন অনুভৱ হ’লেও ইয়াত অন্তৰ্ভূক্ত হৈ জনসাধাৰণৰ সঁহাৰি লাভ কৰাটো খুবেই কঠিন। নীল আকাশে নিজেই কষ্ট আৰু সংগ্ৰামৰ ফলত বৰ্তমান এই জনপ্ৰিয়তাৰ শিখৰলৈ বগাবলৈ সক্ষম হৈছে। তেওঁ প্ৰায়ে নৱপ্ৰজন্মৰ কন্ঠশিল্পী সমূহক সুবিধা প্ৰদান কৰা দেখিবলৈ পোৱা যায় আৰু ইয়াৰে এক উদাহৰণ হৈছে “তুমি বুলিলে”। গীতটিত কন্ঠদান কৰিছে বাবন বৰ্ণিলে আৰু ইয়াক নীল আকাশ প্ৰডাকচনৰ হাউচৰ পৰা মুকলি কৰা হৈছে। গীতটিত কথা আৰু সুৰ প্ৰশান্ত দাসৰ লগতে গীতটিত সংগীত নিখিল আৰু হৰ্ষৰ। “তুমি বুলিলে” ৰ বিষয়বস্তু হৈছে বিকি কলিতাৰ আৰু ইয়াৰ আৰ্টৱৰ্ক কুইন তালুকদাৰৰ তথা গীতটিত এনিমেশ্বন গৰিমা তালুকদাৰৰ।

এটি প্ৰেমৰ গীতঃ নীল আকাশ প্ৰডাকচনৰ গীতত এইবাৰ কন্ঠদান বাবন বৰ্ণিলৰ- 10


নীল আকাশ ও বাবন বৰ্ণিল দুয়ো গৰাকী কন্ঠশিল্পীক একেলগে লাভ কৰি অনুৰাগীও হৈ পৰিছে উৎসাহী। নীল আকাশৰ সদ্যমুক্তিপ্ৰাপ্ত “অ’ আকাশ” শীৰ্ষক গীতটিও ইতিমধ্যে হৈ পৰিছিল জনপ্ৰিয়।

]]>
https://rupaliparda.com/archives/17204/feed 0 17204
“এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো”- বাবন বৰ্ণিল https://rupaliparda.com/archives/12318 https://rupaliparda.com/archives/12318#respond Sun, 29 Mar 2020 09:30:49 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12318 অসমীয়া সংগীত ক্ষেত্ৰখন আন সকলোবোৰ সাংস্কৃতিক ক্ষেত্ৰৰ দৰেই চহকী। এই ক্ষেত্ৰখনত থকা প্ৰতিভা সমূহ আমি নুই কৰিব নোৱাৰো। এই ক্ষেত্ৰখনত থকা এগৰাকী কন্ঠশিল্পী হৈছে বাবন বৰ্ণিল। “তলা লগাই থ”, “মৰম লাগি যায়”, “অ’ ৰহিমলা”, “কালদিয়া নৈ” আৰু কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী হৈছে বাবন বৰ্ণিল। ইউটিউবত ভিউৱাৰচৰ বহুল সমাৱেশ ঘটোৱা এই গৰাকী কন্ঠশিল্পীৰ কিছুদিন পূৰ্বে মুক্তি পাইছিল “সোণচেং” শীৰ্ষক এটি গীত। আছলতে, মুক্তিৰ পিছত গীতটিয়ে ইউটিউবত লাভ কৰিবলৈও সক্ষম হৈছিল অধিক ভিউৱাৰচ।

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 11


“ক’ৰ’ণা ভাইৰাছ” ৰ এনে জটিল সময়ছোৱাত আপোনালোকক কিছু সময়ৰ সকাহ দিয়াৰ বাবে ৰূপালীপৰ্দাই লৈ আনিছে এইগৰাকী শিল্পীক আপোনালোকৰ মাজলৈ। দেওঁবৰীয়া বিশেষত আমি আজি কিছু কথা পাতিম বাবন বৰ্ণিলৰ সৈতে; চাওঁচোন আহকঃ

প্ৰশ্নঃ আপুনি সংগীত ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 12

বাবন বৰ্ণিলঃ সংগীত ক্ষেত্ৰখনত জড়িত বুলি ক’বলৈ গ’লে মই সৰুৰ পৰাই জড়িত হৈছিলো বুলি ক’ব লাগিব; স্কুলত অৰ্থাৎ ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই মই মঞ্চত গীত পৰিৱেশন কৰিছিলো। গতিকে, এই সংগীতৰ যাত্ৰাটো তেতিয়াৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ বৰ্তি আছে।

প্ৰশ্নঃ বৰ্তমান এই ক্ষেত্ৰখনত বহু শিল্পীৰ সমাগম ঘটিছে; তেওঁলোকৰো কিছু গীত জনপ্ৰিয় হোৱা আমি দেখিবলৈ পাওঁ। গতিকে, এনেক্ষেত্ৰত আপোনাৰ গীত সমূহত কি ব্যতিক্ৰম থাকে বুলি আপুনি ভাৱে?

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 13

বাবন বৰ্ণিলঃ মোৰ গীতত ব্যতিক্ৰম আছে বুলি মই একাষাৰেই কৈ দিবলৈ বিচৰা নাই; কিন্তু বৰ্তমানলৈ যিমানখিনি কাম কৰিছো সেই আটাইখিনিতে “Minimum Standard” এটা ৰখাৰ প্ৰয়াস কৰিছো। আৰু, এতিয়া সংগীত ক্ষেত্ৰখনত বহু নতুন শিল্পী আহিছে; মই নিজেও নতুন আছলতে। গতিকে, আমি যাতে সকলোৱে এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি কামবোৰ কৰিব পাৰো তাকেই ৰূপালীপৰ্দাৰ জৰিয়তে ক’বলৈ বিচাৰিছো। লগতে, মই নিজেও এই চেষ্টা অব্যাহত ৰাখিছো।

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত কেতিয়াবা সুবিধা পালে কোন জন গায়ক/ গায়িকাৰ সৈতে মঞ্চত একেলগে গীত পৰিৱেশন কৰা ইচ্ছা?

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 14

বাবন বৰ্ণিলঃ এইটো প্ৰশ্নৰ উত্তৰত হয়টো সকলো নৱপ্ৰজন্মৰ কন্ঠশিল্পীয়ে এজনৰে নাম ল’ব আৰু সেইজন হ’ল জুবিন গাৰ্গ। ইয়াৰ লগতে আছে অংগৰাগ পাপন দা; অসমৰ এই দুইগৰাকী শিল্পীৰ সৈতে মঞ্চ ভাগ কৰা মোৰ যথেষ্ট ইচ্ছা। ইয়াৰ উপৰিও বলীউডত ক’বলৈ গ’লে এ.আৰ.ৰহমান আৰু চনু নিগম; এওঁলোকৰ সৈতে মঞ্চ ভাগ কৰাটো দূৰৰ কথা মোৰ গীতো যদি শুনাব পাৰো তেতিয়াহ’লে এগৰাকী শিল্পী ৰূপে মই ধন্য হৈ যাম।

প্ৰশ্নঃ ক’ৰ’ণাৰ সজাগতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া “লক ডাউন” ৰ বিষয়ে আপুনি নিশ্চয় গম পায়। এনেক্ষেত্ৰত আপুনি জনসাধাৰণক সজাগ হ’বলৈ কি ক’বলৈ বিচাৰিব?

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 15

বাবন বৰ্ণিলঃ আমি সকলোৱে ইতিমধ্যে দেখিছো যে “ক’ৰ’ণা ভাইৰাছে” কেনে এটা মাৰাত্মক ৰূপ ধাৰণ কৰিছে; গতিকে এনেক্ষেত্ৰত আমি সকলোৱে নিজেই সজাগ হোৱা উচিত। অন্ততঃ এই বাকী থকা ১৭ টা দিন যেন কোনো ক’তো অপ্ৰয়োজনীয় ভাৱে ওলাই নাযায় মই তাৰেই আহ্বান জনাইছো দৰ্শকৰ আগত। আমি যদি এই দিনকেইটা সজাগ হওঁ তেনেহ’লে আমি ক’ৰ’ণা ভাইৰাছক হৰুৱাব পাৰিম।

প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 16

বাবন বৰ্ণিলঃ আগন্তুক প্ৰকল্প বহু কেইটা হাতত আছে। বান্ধৱী পুনমৰ সৈতে যুঁটীয়াভাৱে গোৱা এটি গীত বহাগ বিহুৰ পূৰ্বে মুক্তি লাভ কৰিব লগতে, সকলোৰে পৰিচিত পলাশ সূৰ্য্য গগৈ দাদাৰ সৈতে বিহুৰ পিছতে মুক্তি পাবলগীয়া এটি গীত মই কৰি আছো। এনেদৰে কেইটামান প্ৰজেক্ট আছে; ৰাইজে লাহে-ধীৰে শুনিবলৈ পাব।

ধন্যবাদ দাদা। আপোনাৰ মনৰ কথা আমাক জনোৱাৰ বাবে।

বাবণ বৰ্ণিলঃ ধন্যবাদ।

]]>
https://rupaliparda.com/archives/12318/feed 0 12318
ৰূপালীপৰ্দাৰ জৰিয়তে অসমীয়া শিল্পীৰ আহ্বানঃ https://rupaliparda.com/archives/12186 https://rupaliparda.com/archives/12186#respond Fri, 27 Mar 2020 14:30:18 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12186 দেশত বৃদ্ধি হৈছে মৃত্যুৰ সংখ্যা। ক’ৰ’ণা ভাইৰাছৰ কবলত বৰ্তমান ৫০০ শতকৈও অধিক জন লোক। উপায়হীন প্ৰশাসন ব্যৱস্থা; কঠোৰতকৈ কঠোৰত শাস্তি দিছে এতিয়া “লক ডাউন” ৰ সময়ছোৱাত এনেই ৰাষ্টালৈ ওলাই অহা লোক সকলক। দেশক দূৰৱস্থাৰ পৰা বচাবলৈয়ে প্ৰধানমন্ত্ৰীয়ে এপ্ৰিলৰ ১৪ তাৰিখ পৰ্যন্ত “লক ডাউন” ঘোষণা কৰিছে। এইখিনিতে সাধাৰণ ৰাইজৰ লগতে বিভিন্ন ক্ষেত্ৰৰ শিল্পী সকলে নিজক আৱদ্ধ কৰি ৰাখি এগৰাকী সচেতন নাগৰিকৰ পৰিচয় দিছে। বলীউড চিলেব্ৰেটীয়ে বিভিন্ন ধৰণে চচিয়েল মিডিয়াত একটিভ হৈ তেওঁলোকে কোনটো মূহুূৰ্তত কি কৰিছে সেই আটাইৰে আপডেট সমূহ নিজ নিজ অনুৰাগীক দি আছে। য’ত পাপন আৰু মহালক্ষ্মী আয়াৰে আৰম্ভ কৰিছে অনলাইন গান গোৱা খেল; তাতেই আকৌ দীপিকা ৰণৱীৰে একেলগ “কোৱালিটী টাইম” কটাইছে।

ৰূপালীপৰ্দাৰ জৰিয়তে অসমীয়া শিল্পীৰ আহ্বানঃ 17


এইবোৰৰ মাজতে, অসমীয়া কিছু শিল্পীয়ে দৰ্শকলৈ প্ৰেৰণ কৰিছে এক বাৰ্তা; জনসাধাৰণক সজাগ-সচেতন হৈ থকাৰ বাবে কৰিলে আহ্বান। ৰিংকু প্ৰিয়ম, বাবন বৰ্ণিল, কৰৱী শৰ্মা, দীপজ্যোতি মহন্ত, পল্লৱী প্ৰয়াসী লগতে হৰ্জিতে ৰূপালীপৰ্দাৰ জৰিয়তে দৰ্শকক দিছে এক বাৰ্তা। চাওঁচোন আহকঃ

]]>
https://rupaliparda.com/archives/12186/feed 0 12186
মুক্তি পালে বাবণ বৰ্ণিলৰ “সোণচেং”ঃ ন-ৰূপত সুকন্যাঃ https://rupaliparda.com/archives/10849 https://rupaliparda.com/archives/10849#respond Mon, 02 Mar 2020 09:30:21 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10849 “তলা লগাই থ” , “মৰম লাগি যায়”, “অ’ ৰহিমলা”, “কালদিয়া নৈ” কে ধৰি কেইবাটাও জনপ্ৰিয় গীতত কন্ঠদান কৰি শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ কৰা বাবন বৰ্ণিলৰ এই বৰ্ষৰ প্ৰথমটো গীত “সোণচেং”-এ ইতিমধ্যে লাভ কৰিলে মুক্তি। গীতটিক লৈ বিগত বহু দিনৰ পৰাই কন্ঠশিল্পী গৰাকীয়ে নিজ চচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট কৰি আহিছিল। ইউটিউব যোগে মুক্তি প্ৰাপ্ত এই গীতটিয়ে কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছে হাজাৰৰ অংকত ভিউৱাৰচ। আছলতে, গীতটিক লৈ শ্ৰোতা উৎসাহিত হৈ পৰা আন এক কাৰণো নথকা নহয়। “মলয়া বাইদেউৰ জীয়েক” খ্যাত সুকন্যা বৰুৱাক “সোণচেং” ত এক নতুন ৰূপত দেখিবলৈ পোৱা গৈছে।

মুক্তি পালে বাবণ বৰ্ণিলৰ "সোণচেং"ঃ ন-ৰূপত সুকন্যাঃ 18
মুক্তি পালে বাবণ বৰ্ণিলৰ "সোণচেং"ঃ ন-ৰূপত সুকন্যাঃ 19


উক্ত গীতটিত কথাৰ লগতে সুৰ দিছে মিন্ময় মিত্তিকে তথা গীতটিত সংগীত দিছে হৰ্জিৎ দিয়াজে। গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে গৌতম ৰাভাই আৰু সোণচেং” ত বাবন বৰ্ণিলৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে দিম্পী সোণোৱালে। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে ইছলাম আৰু ছানিয়ে।

]]>
https://rupaliparda.com/archives/10849/feed 0 10849
বাবন বৰ্ণিলৰ নতুন সংযোজন “সোণচেং”- https://rupaliparda.com/archives/10760 https://rupaliparda.com/archives/10760#respond Fri, 28 Feb 2020 10:39:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10760 অসমীয়া সংগীত ক্ষেত্ৰখন আন সকলোবোৰ সাংস্কৃতিক ক্ষেত্ৰৰ দৰেই চহকী। এই ক্ষেত্ৰখনত থকা প্ৰতিভা সমূহ আমি নুই কৰিব নোৱাৰো। এই ক্ষেত্ৰখনত থকা এগৰাকী কন্ঠশিল্পী হৈছে বাবন বৰ্ণিল। “তলা লগাই থ”, “মৰম লাগি যায়”, “অ’ ৰহিমলা”, “কালদিয়া নৈ” আৰু কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী হৈছে বাবন বৰ্ণিল। ইউটিউবত ভিউৱাৰচৰ বহুল সমাৱেশ ঘটোৱা এই গৰাকী কন্ঠশিল্পী বৰ্তমান ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তক গীত “সোণচেং” ক লৈ। আছলতে, বাবন বৰ্ণিলৰ এই গীতটিক লৈ উৎসাহিতও নোহোৱাকৈ থকা নাই তেওঁৰ অনুৰাগী।

বাবন বৰ্ণিলৰ নতুন সংযোজন "সোণচেং"- 20
বাবন বৰ্ণিলৰ নতুন সংযোজন "সোণচেং"- 21
বাবন বৰ্ণিলৰ নতুন সংযোজন "সোণচেং"- 22


বাবন বৰ্ণিলৰ এই গীতটিত তেওঁৰ সৈতে অভিনয় কৰিছে “মলয়া বাইদেউৰ জীয়েক” খ্যাত সুকন্যা বৰুৱা। গীতটিত কথাৰ লগতে ইয়াত সুৰ দিছে মিন্ময় মৃত্তিক তথা গীতটিত সংগীত দিছে হৰ্জিৎ দিয়াজে। গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে গৌতম ৰাভাই আৰু “সোণচেং” ত যুঁটীয়া ভাৱে কন্ঠদান কৰিছে দিম্পী সোণোৱালে। আনহাতে, গীতটিৰ ভিডিঅ’ ত সুকন্যাৰ লগতে দেখিবলৈ পাব চামিউল ইছলাম, ছানি আৰু বাবন বৰ্ণিলক।

]]>
https://rupaliparda.com/archives/10760/feed 0 10760