Barood 2 – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 23 Jun 2020 12:50:42 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Barood 2 – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “ক’ভিড ১৯” ৰ ফলত ৰৈ গৈছে “বাৰুদ ২” ৰ শ্বুটিংঃ এইবাৰো থাকিব যতীন-ৰবিৰ যুঁটি- https://rupaliparda.com/archives/16935 https://rupaliparda.com/archives/16935#respond Tue, 23 Jun 2020 08:33:15 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16935 মুনীন বৰুৱাৰ কাহিনী ও পৰিচালনাৰে নিৰ্মিত অসমীয়া ছবি “বাৰুদ” খন আপোনালোকৰ নিশ্চয় এতিয়াও মনত আছে। নাথাকিবওনো কিয়? ছবিখনৰ কাহিনীৰ পৰা আৰম্ভ কৰি ইয়াত থকা অভিনেতা-অভিনেত্ৰী সমূহৰ অভিনয় আছিল মন কৰিবলগীয়া। বিগত বৰ্ষত অসমীয়া ছবিয়ে কিছু বেয়া দিনৰ মুখ দেখিছিল যদিও বৰ্তমান এই ছবিক্ষেত্ৰখনত নতুন সুৰুযে পোখা মেলিছে। ইখনৰ পিছত সিখনকৈ নতুন ছবিৰ আৰম্ভণিৰ খবৰ শুনিবলৈ পোৱা গৈছে বৰ্তমান। এইবাৰ এই “বাৰুদ” ছবিখনৰে দ্বিতীয়টো সংস্কৰণৰ আৰম্ভণি কৰা হ’ব; “বাৰুদ ২” ছবিখনৰ আৰম্ভণিৰ খবৰে আচলতে কিছুদিন পূৰ্বৰে পৰাই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল সচেতন মহলত। সম্প্ৰতি সময়ত ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ কথা আছিল যদিও বৰ্তমান ক’ৰ’ণা ভাইৰাছৰ আতংকৰ ফলত শ্বুটিং কৰিবলৈ সক্ষম হোৱা নাই ছবিখনৰ দ্বিতীয়টো সংস্কৰণৰ কলা-কুশলীয়ে।

"ক'ভিড ১৯" ৰ ফলত ৰৈ গৈছে "বাৰুদ ২" ৰ শ্বুটিংঃ এইবাৰো থাকিব যতীন-ৰবিৰ যুঁটি- 1


পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে Zeal Creation আৰু Saj Entertainment য়ে। “বাৰুদ ২” ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে যতীন বৰা, ৰবি শৰ্মা, গুঞ্জন ভৰদ্বাজ, মুনমী ফুকন, প্ৰজ্ঞা পাৰমিতা, সংকল্পজিৎ হাজৰিকা, অচিন্ত্য কাশ্যপ আৰু হামাৰসিংগ খাৰমাৰে। পূৰ্বৰ দৰে “বাৰুদ ২” ত পুনৰ বাৰ দেখিবলৈ পোৱা যাব যতীন ও ৰবিৰ যুঁটি। বহু প্ৰত্যাশিত এই ছবিখনক লৈ অপেক্ষাৰত বহু অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শক। ছবিখনত সংগীত দিছে অনুৰাগ শইকীয়াই; মনোৰঞ্জন ক্ষেত্ৰত খুঁপনি পোতা একাংশ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী লগতে সংগীত শিল্পীৰ অন্তৰ্ভূক্তিয়ে ছবিখনক যে উপভোগ্য কৰি তুলিব সেয়া লক্ষ্যণীয় হৈ পৰিছে।

"ক'ভিড ১৯" ৰ ফলত ৰৈ গৈছে "বাৰুদ ২" ৰ শ্বুটিংঃ এইবাৰো থাকিব যতীন-ৰবিৰ যুঁটি- 2


উল্লেখ্য যে, ২০০৪ চনত মুক্তিপ্ৰাপ্ত “বাৰুদ” ছবিখনত যতীন বৰাক নায়কৰ চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পৰিৱৰ্তে ৰৱি শৰ্মা এই ছবিখনৰ খলনায়ক আছিল। ছবিখনত ৰাজনৈতিক দলৰ একাংশ নেতাই কৰা দূনীৰ্তি ও ভ্ৰষ্টাচাৰক উপস্থাপন কৰা হৈছিল। “বাৰুদ” ত সেই সময়ত সংগীত দিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

]]>
https://rupaliparda.com/archives/16935/feed 0 16935
অসমীয়া দৰ্শকৰ মাজলৈ আকৌ এবাৰ “বাৰুদ”- https://rupaliparda.com/archives/8456 https://rupaliparda.com/archives/8456#comments Sat, 21 Dec 2019 10:31:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8456 ২০০৪ চনৰ ১৬ এপ্ৰিলত মুক্তি লাভ কৰিছিল তেতিয়াৰ সময়ৰ এখন অসমীয়া জনপ্ৰিয় ছবি “বাৰুদ”-। যতীন বৰা,ৰবি শৰ্মা, প্ৰস্তুতি পৰাশৰ, তপন দাস, বিজু ফুকনকে ধৰি কেইবাগৰাকীও শিল্পীৰ নিখুঁট অভিনয়ৰে ছবিখন অসমীয়া ছবি জগতৰ এখন হিট চিনেমা বুলি একাষাৰে ক’ব পৰা যায়। মুনীন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত উক্ত ছবিখনৰ চিকুৱেল নিৰ্মাণ প্ৰস্তুতি কৰা হৈছে।

অসমীয়া দৰ্শকৰ মাজলৈ আকৌ এবাৰ "বাৰুদ"- 3


১৫ বছৰ পিছত আকৌ এবাৰ “বাৰুদ” ছবিখন আহিব দৰ্শকৰ মাজলৈ। মুনীন বৰুৱাৰ পুত্ৰ ও পৰিচালক মানস বৰুৱাই নিৰ্মাণৰ যো-জা কৰিছে “বাৰুদ” ছবিখনৰ চিকুৱেল ছবিৰ অৰ্থাৎ “বাৰুদ ২” ৰ। পোষ্টাৰ মুকলিৰ লগে লগেই ছবিখনে লাভ কৰিছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

অসমীয়া দৰ্শকৰ মাজলৈ আকৌ এবাৰ "বাৰুদ"- 4


এই চিকুৱেল ছবিখনতো সমাগম ঘটিব অসমীয়া ছবি জগতৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ। চিত্ৰ-নাট্যৰ কামত বৰ্তমান ব্যস্ত ছবিখন।

]]>
https://rupaliparda.com/archives/8456/feed 1 8456