Barsha Borah – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 02 Mar 2021 06:20:45 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Barsha Borah – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “আছো থাকিম তোমাৰ স’তে”; বৰ্ষা বৰা আৰু বিকি কলিতাৰ ৰোমান্টিক গীতৰ জনপ্ৰিয়তাঃ https://rupaliparda.com/archives/24522 https://rupaliparda.com/archives/24522#respond Wed, 03 Mar 2021 12:30:41 +0000 https://rupaliparda.com/?p=24522 “আছো থাকিম তোমাৰ স’তে”, “যিকণ পোৱা দুয়োয়ে ভগাম”; উঠি অহা প্ৰজন্মৰ দুটা চিনাকী নামৰ যুঁটিৰে মুক্তি লাভ কৰা এটি নতুন গীত। য’ত হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত “নেপোটিজিম” অথবা অইন কিছু নচলিবলগীয়া প্ৰসংগৰ চৰ্চা চলিছে তাতেই আকৌ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিতৌ সুন্দৰ প্ৰতিভাৰ আৱিৰ্ভাৱ ঘটা দেখিবলৈ পোৱা গৈছে। ইজনে আনজনক কৰা সহায়েৰে এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ কৰা চেষ্টাবোৰে আচলতে সৃষ্টি হোৱা বিষয়বোৰক আৰু অধিক গ্ৰহণযোগ্য কৰি তোলে। শেহতীয়াকৈ বৰ্ষা বৰা আৰু বিকি কলিতাৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি সুন্দৰ ৰোমান্টিক গীত “তোমাকে নাপালে”। “নিহাৰিকা” ৰ পিছতেই বিকি কলিতাৰ আহিবলগীয়া গীত হৈছে “তোমাকে নাপালে”; আনহাতে বৰ্ষা বৰাৰ কথাৰে কিছুদিন পূৰ্বে মুক্তিপাপ্ত ৰোমান্টিক গীত “তুমি নহ’লে” হয়টো পুনৰ বাৰ শ্ৰোতা-দৰ্শকৰ মাজত চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। গীতটিয়ে মুক্তিৰ পিছত লাভ কৰা জনপ্ৰিয়তা বৰ্তমানলৈ অব্যাহত হৈ আছে। গতিকে, এনেক্ষেত্ৰত উক্ত দুয়োগৰাকী কন্ঠশিল্পীৰ যুঁটীয়া কন্ঠৰে আহিবলগীয়া নতুন গীতটিক লৈ উৎসাহিতও প্ৰতিজন সংগীত প্ৰেমী জনসাধাৰণ।


“তোমাকে নাপালে” শীৰ্ষক এই গীতটিৰ কথাই আপ্লুত কৰি তুলিছে সকলোকে। এই গীতটিত কথা প্ৰশান্ত দাসৰ লগতে ইয়াত সংগীত পৰিচালনা বিকি কলিতাৰ। “তোমাকে নাপালে” শীৰ্ষক গীতটিত সংগীত দিছে কন্ঠশিল্পী বাবন বৰ্ণিলে। তৃতীয় শ্ৰেণীৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বৰ্ষা বৰাই কেৱল মাত্ৰ গীতত কন্ঠদান কৰাই নহয়; তেওঁ নিজে লিখা কিছু গীতেও জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। আনহাতে, নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপে বিকি কলিতাই অসমীয়া সংগীত ক্ষেত্ৰখনত এটা নিৰ্দ্দিষ্ট ঠাই গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৰা নিৰৱিচ্চিন্ন সাধনাই বৰ্তমান তেওঁৰো অনুৰাগীৰ সংখ্যা দীঘলীয়া কৰি তুলিছে। আহিবলগীয়া উক্ত গীতটিৰ মুক্তিৰ তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে জনোৱা হোৱা নাই।

"আছো থাকিম তোমাৰ স'তে"; বৰ্ষা বৰা আৰু বিকি কলিতাৰ ৰোমান্টিক গীতৰ জনপ্ৰিয়তাঃ 1


উল্লেখ্য যে, নৱপ্ৰজন্মৰ সৃষ্টি ইমানেই অধিক গ্ৰহণযোগ্য হৈ পৰিছে যে প্ৰতিষ্ঠিত প্ৰায় প্ৰতিগৰাকী সংগীতশিল্পীয়ে এতিয়া তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ। কৃত্ৰিমতাৰ মাজত কিছু সময় জনসাধাৰণক মনোৰঞ্জনৰ অৱকাৰ দিয়াত এতিয়া সফল নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতী সকল।

]]>
https://rupaliparda.com/archives/24522/feed 0 24522
কমল লোচনৰ নতুন ৰূপঃ Atlas Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু “কোন হ’ব”- https://rupaliparda.com/archives/22825 https://rupaliparda.com/archives/22825#respond Thu, 17 Dec 2020 08:30:50 +0000 https://rupaliparda.com/?p=22825 “ভবাই নাছিলো” শীৰ্ষক গীতটিৰ বহুল জনপ্ৰিয়তাৰ অংশীদাৰ আপুনিও হয়টো নোহোৱাকৈ নাই! কেইবাবাৰো ৰিপিট ম’ডত শুনিলেও মন নভৰা উক্ত গীতটিৰ সফলতাৰ কাহিনী মাৰ নৌযাওঁতেই Atlas Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু হৈছে আন এটি গীত। একোটা গীতে মুক্তিৰ পূৰ্বৰ পৰাই আচলতে প্ৰতিজন শ্ৰোতা-দৰ্শকক উৎসাহিত কৰিবলৈ সক্ষম হয়; তাতেই আকৌ যদি গীতটিত কেইবাটাও জনপ্ৰিয় নামৰ অন্তৰ্ভূক্তি হয় তেতিয়াহ’লে সেই গীতটিয়ে সফলতা লাভ কৰাটো একেবাৰে নিশ্চিত হৈ থাকে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। Atlas Creation নামে ইউটিউব চেনেলটোত ডিচেম্বৰ মাহতেই মুক্তি পাবলগীয়া গীতটিৰ নাম হৈছে “কোন হ’ব”। গীতটিক ভিডিঅ’সহ মুকলি কৰি দিয়া হ’ব জনসাধাৰণৰ মাজত। গীতটিৰ ভিডিঅ’টোৰ ফাৰ্ষ্ট লুক পোষ্টাৰে আৰু অধিক হাৰত জনসাধাৰণক উৎকন্ঠিত কৰি তুলিছে; দীঘল চুলিৰে সৈতে জনসাধাৰণক অভিনয়ৰ নতুন পৃষ্ঠা পঢ়িবলৈ শিকোৱা কমল লোচনক এইবাৰ দেখিবলৈ পোৱা যাব এটা অন্য ৰূপত।

কমল লোচনৰ নতুন ৰূপঃ Atlas Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু "কোন হ'ব"- 2


আনহাতে কমল লোচনৰ সৈতে ভিডিঅ’টোত অভিনয় কৰিছে অঞ্জু দহলে। গীতটিত কথা ৰাহুল দে দাসৰ; গীতৰ ভিডিঅ’ অথবা কন্ঠ, সুৰ আদিৰ বাহিৰেও গীতটিৰ কথাই যেতিয়া এজন শ্ৰোতাক চুই যায়; তেতিয়াই সঁচা অৰ্থত সমাদৰ লাভ কৰে একোটা গীতে। ৰাহুল দে দাসৰ কথাত থকা এনে কিছু বিশেষত্বৰ বাবেই হয়টো জনপ্ৰিয় তেওঁৰ প্ৰতিটো গীত; গীতটিত কন্ঠদান কৰিছে সম্প্ৰতি সময়ৰ খুবেই জনপ্ৰিয় দুই কন্ঠশিল্পীৰ যুঁটিয়ে। সেয়া হৈছে ক্ৰমে নীল আকাশ আৰু বৰষা বৰাৰ; গীতটিত সুৰ প্ৰবীণ বৰাৰ আৰু ইয়াত সংগীত দিছে অনুপম কোঁৱৰে। শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে; ইয়াৰ লগতে, Esxa Music ৰ সংগীত প্ৰযোজনাৰে গীতটিৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে প্ৰণৱ ভৰালী। ৰুহুল বৰভূঞাৰ দৃশ্যগ্ৰহণেৰে ইয়াত সম্পাদনা আৰু গ্ৰাফিক্সৰ দায়িত্বত আছে উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্য।

কমল লোচনৰ নতুন ৰূপঃ Atlas Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু "কোন হ'ব"- 3


কেইবাজনো জনপ্ৰিয় মুখ আৰু তেওঁলোকৰ কৰ্মৰে ইতিমধ্যে মনোৰঞ্জন ক্ষেত্ৰখনে বিভিন্ন গ্ৰহণযোগ্য সৃষ্টিক উপভোগ কৰিছে। ইটোৰ পিছত সিটো উপভোগ্য সৃষ্টিৰ আঁৰত থকা নৱপ্ৰজন্মক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/22825/feed 0 22825
বৰষা বৰা আৰু বিকি কলিতা নতুন যুঁটিৰে “তোমাকে নাপালে”- https://rupaliparda.com/archives/22285 https://rupaliparda.com/archives/22285#respond Fri, 27 Nov 2020 10:30:21 +0000 https://rupaliparda.com/?p=22285 উঠি অহা প্ৰজন্মৰ দুই চিনাকী নামৰ যুঁটিৰে এটি নতুন গীত। য’ত হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত “নেপোটিজিম” অথবা অইন কিছু নচলিবলগীয়া প্ৰসংগৰ চৰ্চা চলিছে তাতেই আকৌ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিতৌ সুন্দৰ প্ৰতিভাৰ আৱিৰ্ভাৱ ঘটা দেখিবলৈ পোৱা গৈছে। ইজনে আনজনক কৰা সহায়েৰে এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ কৰা চেষ্টাবোৰে আচলতে সৃষ্টি হোৱা বিষয়বোৰক আৰু অধিক গ্ৰহণযোগ্য কৰি তোলে। অতিশীঘ্ৰে বৰষা বৰা আৰু বিকি কলিতাৰ কন্ঠৰে আহিবলৈ সাজু হৈছে এটি নতুন আধুনিক গীত “তোমাকে নাপালে”। “নিহাৰিকা” ৰ পিছতেই বিকি কলিতাৰ আহিবলগীয়া গীত হৈছে “তোমাকে নাপালে”; আনহাতে বৰষা বৰাৰ কথা আৰু সুৰেৰে কিছুদিন পূৰ্বে মুক্তিপাপ্ত ৰোমান্টিক গীত “তুমি নহ’লে” হয়টো পুনৰ বাৰ শ্ৰোতা-দৰ্শকৰ মাজত চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। গীতটিয়ে মুক্তিৰ পিছত লাভ কৰা জনপ্ৰিয়তা বৰ্তমানলৈ অব্যাহত হৈ আছে। গতিকে, এনেক্ষেত্ৰত উক্ত দুয়োগৰাকী কন্ঠশিল্পীৰ যুঁটীয়া কন্ঠৰে আহিবলগীয়া নতুন গীতটিক লৈ উৎসাহিতও প্ৰতিজন সংগীত প্ৰেমী জনসাধাৰণ।

বৰষা বৰা আৰু বিকি কলিতা নতুন যুঁটিৰে "তোমাকে নাপালে"- 4


আহিবলগীয়া গীতটিৰ কথা প্ৰশান্ত দাসৰ লগতে গীতটিৰ পৰিচালনা বিকি কলিতাৰ। “তোমাকে নাপালে” শীৰ্ষক গীতটিত সংগীত দিছে কন্ঠশিল্পী বাবন বৰ্ণিলে। তৃতীয় শ্ৰেণীৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বৰষা বৰাই কেৱল মাত্ৰ গীতত কন্ঠদান কৰাই নহয়; তেওঁ নিজে লিখা কিছু গীতেও জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। আনহাতে, নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপে বিকি কলিতাই অসমীয়া সংগীত ক্ষেত্ৰখনত এটা নিৰ্দ্দিষ্ট ঠাই গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৰা নিৰৱিচ্চিন্ন সাধনাই বৰ্তমান তেওঁৰো অনুৰাগীৰ সংখ্যা দীঘলীয়া কৰি তুলিছে। আহিবলগীয়া উক্ত গীতটিৰ মুক্তিৰ তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে জনোৱা হোৱা নাই।

বৰষা বৰা আৰু বিকি কলিতা নতুন যুঁটিৰে "তোমাকে নাপালে"- 5


উল্লেখ্য যে, নৱপ্ৰজন্মৰ সৃষ্টি ইমানেই অধিক গ্ৰহণযোগ্য হৈ পৰিছে যে প্ৰতিষ্ঠিত প্ৰায় প্ৰতিগৰাকী সংগীতশিল্পীয়ে এতিয়া তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ। কৃত্ৰিমতাৰ মাজত কিছু সময় জনসাধাৰণক মনোৰঞ্জনৰ অৱকাৰ দিয়াত এতিয়া সফল নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতী সকল।

]]>
https://rupaliparda.com/archives/22285/feed 0 22285
“গীতটিৰ ইমান ধুনীয়া ৰোমান্টিক অনুভৱ যে মই আকৰ্ষিত হৈ পৰিছিলো”- বৰ্ষা বৰা https://rupaliparda.com/archives/19488 https://rupaliparda.com/archives/19488#respond Mon, 24 Aug 2020 08:30:19 +0000 https://rupaliparda.com/?p=19488 আকৌ আন এটি গীতৰ জৰিয়তে জনসাধাৰণৰ কাষ চাপিবলৈ সাজু হৈছে কন্ঠশিল্পী বৰ্ষা বৰা। আগন্তুক ৰোমান্টিক “তুমি হয়নে মোৰ” শীৰ্ষক গীতটিত শুনিবলৈ পোৱা যাব কন্ঠশিল্পী গৰাকীক। গীতটিত কথা মৃন্ময় কৌশিকৰ লগতে গীতটিত সংগীত কৰিছে ত্ৰিয়ন মহন্তই। তৃতীয় শ্ৰেণীৰ পৰাই সংগীত ক্ষেত্ৰখনত জড়িত হ’বলৈ নিজকে প্ৰস্তুত কৰা বৰ্ষাৰ শেহতীয়াকৈ জুবিন গাৰ্গৰ সৈতে মুক্তিপ্ৰাপ্ত গীত “হালধীয়া সপোনে” ও লাভ কৰিছিল জনপ্ৰিয়তা। গীতটোক উদ্দেশ্যি বৰ্ষাই কয় যে, “তুমি হয়নে মোৰ” শীৰ্ষক গীতটিৰ কথা যদি ক’বলৈ যাওঁ তেনেহ’লে প্ৰথমে মই কৃতানৰ নাম ল’বই লাগিব। কিয়নো গীতটোৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰডাকচন আৰু গীতটোৰ সুৰ কৃতানে নিজেই কৰিছে। তেখেত সমান্তৰালকৈ এগৰাকী সুদক্ষ কন্ঠশিল্পীও; মই এই প্ৰকল্পটোৰ সৈতে কেৱল জড়িতহে হৈ আছো। আৰু, জড়িত হৈ মই নিজক বৰ সোভাগ্যৱান বুলি ক’ম কিয়নো গীতটো বহুত বেছি সুন্দৰ। নিজৰ প্ৰডাকচনৰ গীতক লৈ যি পৰিমাণে উৎসাহিত হৈ থাকো; সেই উৎসাহ মোৰ এই গীতটিক লৈয়ো আছে।”

"গীতটিৰ ইমান ধুনীয়া ৰোমান্টিক অনুভৱ যে মই আকৰ্ষিত হৈ পৰিছিলো"- বৰ্ষা বৰা 6


ইয়াৰ লগতে বৰ্ষাই কয় যে, “মই ভাৱো প্ৰত্যেকটো গীতৰ উপাদান ধৰক; সুৰ, সংগীত আদিৰ সমান্তৰালকৈ গীতটিত থকা অনুভৱটো খুব প্ৰয়োজনীয়। এই অনুভৱটোৱে গীতটোক প্ৰাণ দিয়ে আৰু এই গীতটিৰ ইমান ধুনীয়া ৰোমান্টিক অনুভৱ যে মই গীতটিক লৈ আকৰ্ষিত হৈ পৰিছিলো। সংগীতপ্ৰেমী ৰাইজে ভিডিঅ’ সহ গীতটি উপভোগ কৰিবলৈ পাৰিব; সুভম দেৱ নাথে ভিডিঅ’ পৰিচালনা কৰিছে আৰু দেৱাশ্ৰী গগৈ, দীপাংকৰ মহন্তই গীতটিত অভিনয় কৰিছে। আচলতে, বিগত বৰ্ষৰ নৱেম্বৰ- ডিচেম্বৰ মাহতেই এই গীতটিক লৈ পৰিকল্পনা আৰম্ভ হৈছিল গতিকে মই আশা কৰিছো যাতে এই গীতটিক সকলোৱে আহিবলগীয়া সময়ত আকোঁৱালি লয়।”

"গীতটিৰ ইমান ধুনীয়া ৰোমান্টিক অনুভৱ যে মই আকৰ্ষিত হৈ পৰিছিলো"- বৰ্ষা বৰা 7


ইতিমধ্যে শ্বুটিঙৰ প্ৰায় কাম সম্পূৰ্ণ হৈ উঠা এই গীতটিক লৈ উৎসাহী জনসাধাৰণো। গীতটিৰ সৈতে জড়িত ভিন্ন জনে গীতটিক উদ্দেশ্যি বিভিন্ন পোষ্ট দি শ্ৰোতা তথা দৰ্শকক আকৰ্ষণ কৰি ৰাখিছে।

]]>
https://rupaliparda.com/archives/19488/feed 0 19488