Beauty Sarma Baruah – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 07 Feb 2021 08:52:47 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Beauty Sarma Baruah – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “তোমালৈ মনত পৰে”, “মাহ হালধি” আদি গীতৰ আঁৰৰ বিউটি শৰ্মা বৰুৱাঃ https://rupaliparda.com/archives/23989 https://rupaliparda.com/archives/23989#respond Mon, 08 Feb 2021 12:30:40 +0000 https://rupaliparda.com/?p=23989 লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰজ্ঞাসুন্দৰীৰ আজু নাতিনী লগতে এগৰাকী ভাৰতীয় সংগীতশিল্পী বিউটি শৰ্মা বৰুৱা। আধুনিক গীতকে আৰম্ভ কৰি গজল, ভাৰতীয় শাস্ত্ৰীয় সংগীত, ভজন আদি বিভিন্ন ক্ষেত্ৰত প্ৰায় ১০০০ টা গীতত কন্ঠদান কৰে তেওঁ। ১৯৫১ চনৰ ১৮ জুন তাৰিখে জন্মলাভ কৰা এইগৰাকী শিল্পীক ৭ বছৰ বয়সতে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱে সম্বৰ্ধনা জনায়। কিৰাণা ঘৰাণা আৰু ইন্দোৰ ঘৰাণাৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰা বিউতি শৰ্মা বৰাই ১৯৬০ দশকৰ পৰা আকাশবাণী গুৱাহাটীৰ ডিব্ৰুগড়, যোৰহাট, শ্বিলং কেন্দ্ৰৰ সৈতে জড়িত হৈছিল। তেওঁ আকাশবাণীত পৰিৱেশন কৰা প্ৰথমটো গীত আছিল “তোমালৈ মনত পৰে”; গীতটি ভূপেন হাজৰিকাৰ সৈতে তেওঁ কন্ঠদান কৰিছিল।

“তোমালৈ মনত পৰে”, “মাহ হালধি” আদি গীতৰ আঁৰৰ বিউটি শৰ্মা বৰুৱাঃ 1

কবি দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছতেই শিল্পী গৰাকীয়ে সংগীত ক্ষেত্ৰখনত অসমীয়া লোক-সংগীত আৰু লঘু শাস্ত্ৰীয় সংগীতৰ এক ধাৰাৰ সৃষ্টি কৰিছিল। তেওঁৰ স্বামীয়ে লিখা প্ৰায় ৩০০ টা গীতত কন্ঠদান কৰে বিউটিয়ে। তেওঁ কন্ঠদান কৰা গীতসমূহ আছিল ক্ৰমে মাহ হালধিৰে, ঘৰমুৱা পক্ষী, সিপাৰে যমুনাৰ, দেৱী বুলি মাতিছিলোঁ, দীঘল কৈ উৰণি, উজনি মুৱা ৰে’ল আদি।

তেওঁ নিজাববীয়াকৈ এখন সংগীত বিদ্যালয় অৰ্থাৎ “অলকানন্দ সংগীত বিদ্যালয়” স্থাপন কৰাৰ উপৰিও দূৰদৰ্শন আৰু আকাশবাণী গুৱাহাটীৰ সংগীত অনুষ্ঠান সমূহ প্ৰযোজনা কৰে।

]]>
https://rupaliparda.com/archives/23989/feed 0 23989