Bhaskar Hazarika – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 01 Dec 2020 06:42:59 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Bhaskar Hazarika – Rupaliparda.com https://rupaliparda.com 32 32 163073109 আকৌ এবাৰ শ্বুটিঙত ব্যস্ত বহু প্ৰত্যাশিত “এমুঠি পুঠি” ৰ কলা-কুশলীঃ https://rupaliparda.com/archives/22452 https://rupaliparda.com/archives/22452#respond Wed, 02 Dec 2020 08:30:33 +0000 https://rupaliparda.com/?p=22452 চলিত বৰ্ষৰ সমাপ্তিৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী। ২০২০ চনৰ প্ৰতিটো অপায়-অমংগল তথা সন্ত্ৰাসক উফৰাই যেন প্ৰত্যেকজন জনসাধাৰণে আগন্তুক বৰ্ষটোত সুকলমে খোজ দিব পাৰে তাৰ বাবে অপেক্ষা কৰি ৰৈছে। ঠিক একেখিনি চিন্তা-ধাৰাৰে বৰ্তমান অপেক্ষা কৰি ৰৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত কলা-কুশলীও। অহা বৰ্ষত আহিবলগীয়া অসমীয়া ছবিসমূহৰ ভিতৰত এখন বহু প্ৰত্যাশিত ছবি হৈছে “এমুঠি পুঠি”। ক’ৰোণা ভাইৰাছৰ ফলত হোৱা “লক-ডাউন” য়ে ছবিখনৰ শ্বুটিং পৰিক্ৰমাত কিছু বাধাৰ সৃষ্টি কৰিছিল যদিও সম্প্ৰতি ছবিখনৰ শ্বুটিং পৰ্যায় আকৌ এবাৰ আৰম্ভ কৰা হৈছে। “এদিন ভাইৰাছ হাৰিব; এমুঠি পুঠি আহিব” শীৰ্ষক এক বাক্য শাৰীৰে জনসাধাৰণৰ সমুখলৈ আনিবলৈ চেষ্টা কৰা এই ছবিখনক লৈ উৎসাহিত অসমীয়া চলচিত্ৰপ্ৰেমী জনসাধাৰণো; কিয়নো ছবিখনে কেৱল মাত্ৰ এটা দিশেই নহয় বহুকেইটা দিশেৰেই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল দৰ্শকবৃন্দক। Metanormal প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মিত ছবিসমূহত থকা নতুনত্ব আৰু ব্যতিক্ৰমী ভাৱটোয়ে প্ৰায় প্ৰতিখন ছবিকেই গ্ৰহণযোগ্য কৰি তুলিছিল। গতিকে, সেইনুসৰি আহিবলগীয়া ছবি “এমুঠি পুঠি” ক লৈও উৎকন্ঠিত অনুৰাগী।

আকৌ এবাৰ শ্বুটিঙত ব্যস্ত বহু প্ৰত্যাশিত "এমুঠি পুঠি" ৰ কলা-কুশলীঃ 1
আকৌ এবাৰ শ্বুটিঙত ব্যস্ত বহু প্ৰত্যাশিত "এমুঠি পুঠি" ৰ কলা-কুশলীঃ 2


এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰা সমূহতকৈ অকণমান ফালৰি কাটি ছবিখনৰ শ্বুটিং সম্পন্ন কৰা হৈছিল “I Phone” ত। কুলনন্দিনী মহন্তৰ পৰিচালনা তথা ভাস্কৰ হাজৰিকা, শ্যাম বৰা আৰু সুনীল আগৰৱালাৰ প্ৰযোজনাৰে এই ছবিখন হৈছে “I Phone” ত শ্বুটিং সম্পন্ন হোৱা প্ৰথমখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ছবিখনৰ কাহিনীয়ে জনসাধাৰণক সংযোগ কৰিব পাৰিব বুলি ইতিমধ্যে ছবিখনৰ পৰিচালক গৰাকীয়ে এক সাক্ষাৎকাৰ যোগে জানিবলৈ দিছিল। অত্যাধিক হাস্যৰসত মছগুল হ’বলৈ নিদিলেও জনসাধাৰণে ছবিখনৰ কাহিনীৰ দ্বাৰা আমোদ লাভ কৰিব বুলিও ৰূপালীপৰ্দাৰ সমুখত জনাইছিল পৰিচালকগৰাকীয়ে। ছবিখনৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে প্ৰতিভা চৌধুৰী, নীতালী দাস আৰু দেৱুতান্ত সৃষ্টি শৰ্মাই। আনহাতে, ছবিখনৰ আন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে কেনী বসুমতাৰী, মনীষা ভূঞা, ৰুবুল বড়ো আৰু ন-পূৰণি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে।

আকৌ এবাৰ শ্বুটিঙত ব্যস্ত বহু প্ৰত্যাশিত "এমুঠি পুঠি" ৰ কলা-কুশলীঃ 3


অহা বৰ্ষৰ প্ৰথমভাগতেই হয়টো জনসাধাৰণে ছবিখনৰ সোঁৱাদ লাভ কৰিবলৈ সক্ষম হ’ব। আহিবলগীয়া একাংশ ছবিসমূহৰ ভিতৰত বহুল ৰূপত প্ৰত্যাশিত ছবি হৈ পৰিছে “এমুঠি পুঠি”। ছবিখনৰ কাহিনীভাগো লিখিছে ভাস্কৰ হাজৰিকাই নিজেই। উক্ত ছবিখনৰ যোগেৰে অসমবাসীয়ে কেঁহা-মিঠা কমেডীৰ সোঁৱাদ পাব বুলি চচিয়েল মিডিয়া যোগে জনাইছিল ভাস্কৰ হাজৰিকাই।

]]>
https://rupaliparda.com/archives/22452/feed 0 22452
নেটফ্লিক্সৰ বাহিৰেও “কথানদী” আকৌ এবাৰ MUBI তঃ https://rupaliparda.com/archives/17595 https://rupaliparda.com/archives/17595#respond Sun, 05 Jul 2020 13:30:09 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17595 এইবাৰ আন এক OTT প্লেটফৰ্ম যোগে দৰ্শকে উপভোগ কৰিবলৈ পাব অসমীয়া ছবি “কথানদী”। ভাস্কৰ হাজৰিকাৰ দ্বাৰা এইছবিখন পূৰ্বতে উপলদ্ধ হৈছিল নেটফ্লিস্কত আৰু ইয়াৰ পিছতেই ইয়াক MUBI শীৰ্ষক আন এক ৱেব চাইটত দেখিবলৈ পোৱা যাব। ছবিখন মুক্তি লাভ কৰা সময়ছোৱাত দৰ্শকৰ ইমানেই অধিক সঁহাৰি লাভ কৰিছিল যে “কথানদী” ক এখন সফল ছবি ৰূপে পৰিগণিত কৰা হৈছিল। এই ছবিখনৰ বিষয়ে ৰূপালীপৰ্দাত কৰা এটি সৰু পৰ্যালোচনা চাওঁচোন আহকঃ

জোনাকৰ তলত পাটিত বহি আইতাৰ মুখৰ পৰা সাধু শুনাৰ যি এক সুকীয়া আমেজ সেয়া প্ৰায় শিশুৱে বিচাৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ জনপ্ৰিয় “বুঢ়ী আইৰ সাধু” হৈছে কোনো এটা শিশু পঢ়িব জনা হোৱা পিছৰ প্ৰথমখন সাধু কিতাপ। বৰ্তমানেও প্ৰত্যেকটো শিশুৰ বাবে “বুঢ়ী আইৰ সাধু” জনপ্ৰিয়। “বুঢ়ী আইৰ সাধু” ত সন্নিৱিষ্ট থকা ৪ টা সাধুৰ কাহিনীৰে ভাস্কৰ হাজৰিকা তথা অনুৰূপা হাজৰিকাৰ প্ৰযোজনাৰে নিৰ্মিত হৈছিল “কথানদী”। ১১৫ মিনিট দৈৰ্ঘ্যৰ ছবিখনে ২০১৬ বৰ্ষৰ ১৬ চেপ্তেম্বৰ তাৰিখত মুক্তি লাভ কৰিছিল। সীমা বিশ্বাস, আদিল হুচেইন, জেৰিফা ৱাহিদ, উৰ্মিলা মহন্ত,কপিল বৰা, আশা বৰদলৈৰ লগতে বহু ন-পূৰণিৰ শিল্পীৰ সমাহেৰেৰে “কথানদী” আছিল ২০১৬ বৰ্ষৰ এখন সফল ছবি। তেজীমলা,চম্পাৱতী, ঔ-কুঁৱৰী আৰু তাৱৈয়কৰ সাধু আদি জনপ্ৰিয় ৪ টা সাধুৰ কাহিনীৰ থকা “কথানদী” ৰ শ্বুটিং চলিছিল অসমৰ মাজুলী আৰু দেৰগাঁৱত।

নেটফ্লিক্সৰ বাহিৰেও "কথানদী" আকৌ এবাৰ MUBI তঃ 4


চাৰিটা সাধুৰ এখন জীয়া ছবি দৰ্শকক দিয়াৰ চেষ্টা কৰিছিল ছবিখনে। চৰিত্ৰ সমূহৰ নিঁখুট অভিনয়ে ছবিখনৰ মানদণ্ড আৰু অধিক ওপৰলৈ তুলি নিছে। তেজীমলাক মাহীমাকে দিয়া অসহনীয় কষ্ট-যন্ত্ৰণা, গৰ্ভপাত কৰা ঔ-টেঙা এটাক লৈয়ে কৰা জীৱন নিৰ্বাহ, চম্পাৱতীয়ে এডাল অজগৰক নিজ স্বামী জ্ঞান কৰি সংসাৰ কৰা, তাৱৈয়েকৰ কথানুসৰি নিজ পুত্ৰক জীৱন্তে পুঁতি থোৱা আদি একোটা কাল্পনিক কাহিনীক অসাধাৰণ ৰূপত দৰ্শকৰ মাজত এৰি দিছিল পৰিচালক ভাস্কৰ হাজৰিকাই। “বুঢ়ী আইৰ সাধু” ত প্ৰত্যেকটা সাধুৰ একোটা নিৰ্দিষ্ট সমাপ্তি আছিল কিন্তু ছবিখনত প্ৰত্যেকটা কাহিনীকেই এটা আনটোৰ ওপৰত জাপি দিয়া হৈছিল। কাহিনীসমূহ দৰ্শকৰ মনত সমাপ্ত হৈও যেন অসমাপ্ত হৈ ৰৈছিল; তেনে আউপকীয়া ভাৱত সমাপ্ত হৈছিল ছবিখনত।

নেটফ্লিক্সৰ বাহিৰেও "কথানদী" আকৌ এবাৰ MUBI তঃ 5


মাজুলীৰ প্ৰাকৃতিক দৃশ্যৰ মাজত দৃশ্যগ্ৰহণ কৰা ছবিখন চাবলৈ মাজুলীবাসীয়ে জাহাজেৰে বাট টোৱাইছিল যোৰহাটলৈ। মাজুলীত চিনেমাগৃহ নথকাৰ বাবেই মাজুলীবাসীক ধন্যবাদ জনাবলৈ “কথানদী”ৰ সৈতে জড়িত কলা-কুশলীয়ে একেলগে মুক্তিৰ আগেয়ে “কমলাবাৰী সত্ৰ” ত তেওঁলোকক ছবিখন দেখুৱাইছিল বুলি বিভিন্ন সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল। সাধুকথা পঢ়াৰ পিছত কল্পনাজগতত ঘূৰি ফুৰা চৰিত্ৰসমূহৰ এখন সজীৱ ছবি দেখিবলৈ পোৱাত; ছবিখনক লৈ ৰাইজৰ সঁহাৰি আছিল লেখত ল’বলগীয়া।

]]>
https://rupaliparda.com/archives/17595/feed 0 17595
ৰাষ্ট্ৰীয় নহয়; আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাগিছে “ভোক”! “আমিষে” আকৌ লগাইছে ভোকঃ https://rupaliparda.com/archives/14978 https://rupaliparda.com/archives/14978#respond Sun, 17 May 2020 11:30:12 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14978 বিগত বৰ্ষত অসমৰ চলচিত্ৰ প্ৰেমী দৰ্শক আক্ৰান্ত হৈছিল এক ভোকত। যি ভোকৰ বাবে তেওঁলোক ঢাপলি মেলিছিল ছবিগৃহলৈ; এই ভোকৰ বাবে দীঘলীয়া শাৰী পতা হৈছিল ছবি সমাৰোহত। ঘৰুৱা দৰ্শকৰ বাদেও এই ভোকৰ বাবে বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপেও খাবলৈ বাধ্য হৈছিল অসমীয়া ব্যঞ্জন । এয়া ভোক আছিল ভাস্কৰ হাজৰিকাৰ ছবি “আমিষ” ৰ। দৰ্শকৰ হৃদয়ত অসমীয়া ছবিক লৈ পুনৰ আকৰ্ষণৰ সৃষ্টি কৰা “আমিষ” আছিল অসমীয়া চলচিত্ৰ জগতৰ এখন সফল ছবি। প্ৰেমৰ অদ্ভূত শিহৰণ, ব্যতিক্ৰমী উন্মাদনা তথা ইয়াৰ বাবে পাৰ হৈ যোৱা হাজাৰ-নিযুত সীমনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো কৰা হৈছিল বহুল প্ৰশংসা। অসমৰ কেইবাটাও চিত্ৰগৃহত সফলতাৰে চলা এই ছবিখনক লৈ নিজ মতামত পোষণ কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচিত্ৰ সমালোচক ৰাজীৱ মাচাণ্ডে।

ৰাষ্ট্ৰীয় নহয়; আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাগিছে "ভোক"! "আমিষে" আকৌ লগাইছে ভোকঃ 6


এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নহয়; ছবিখনৰ প্ৰশংসা কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তহে। “Our Stupid Reaction” নামে এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় ইউটিউব চেনেলত দুজন ব্যক্তি ক্ৰমে Korbin Miles আৰু Rick Segall য়ে প্ৰশংসা কৰিছে এই ছবিখনক। উক্ত দুয়োগৰাকীয় ব্যক্তিয়ে ছবিখনৰ বৰ্ণনা দাঙি ধৰাৰ লগতে কয় যে “ভাল ছবিৰ চোৱাৰ মানসিকতা গঢ় দি এই ছবিখনো আপোনালোকে চাওঁক।” ইয়াৰে লগতে তেওঁলোকে নৱাগতা লিমা দাস আৰু নৱাগত অৰ্ঘ্যদ্বীপৰ অভিনয়ৰো প্ৰশংসা কৰে। ছবিখনৰ মূল চৰিত্ৰ ৰূপায়ন কৰিছিল উক্ত দুই শিল্পীয়ে।

ৰাষ্ট্ৰীয় নহয়; আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাগিছে "ভোক"! "আমিষে" আকৌ লগাইছে ভোকঃ 7


২০১৯ চনৰ ট্ৰাইবেকো চলচিত্ৰ মহোৎসৱত ছবিখনে মুক্তি লাভ কৰিছিল লগতে “আমিষ”-এ “ইন্টাৰনেছনেল নেৰেটিভ” ৰ পাঁচটা ভিন্ন শিতানত মনোনয়ন লাভ কৰিবলৈও সক্ষম হৈছিল। ১০৮ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনে ২২ নৱেম্বৰত মুক্তি লাভ কৰে। উল্লেখ্য যে, ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত “আমিষ” ৰ বাবে লিমা দাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে ভাস্কৰ হাজৰিকাই লাভ কৰে “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা। চতূৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচিত্ৰ বঁটা ২০১৯ ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ লগতে ছবিখনে শ্ৰেষ্ঠ সংগীত পৰিচালক তথা শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰীৰ বঁটাও লাভ কৰে।

]]>
https://rupaliparda.com/archives/14978/feed 0 14978
“iphone” ব্যৱহাৰেৰে হৈছে শ্বুটিংঃ “এমুঠি পুঠি” ৰে নতুনৰ সোঁৱাদ – https://rupaliparda.com/archives/12386 https://rupaliparda.com/archives/12386#respond Mon, 30 Mar 2020 10:30:09 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12386 আপোনালোকে নিশ্চয় বহুত অসমীয়া ছবি উপভোগ কৰিছে। বহুত অসমীয়া ছবিৰ কাহিনীয়ে দৰ্শকৰ ইমানেই অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল যে ই কোটি টকীয়া অংকৰ লাভ অৰ্জন নকৰিলেও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছবিখন উজ্বলি উঠিছিল। এখন ছবি নিৰ্মাণত কি কি প্ৰয়োজনীয় আহিলা থাকে বুলি আপোনালোকে ভাৱে বাৰু? পৰিচালক, প্ৰযোজক, এটা ভাল টীমৰ উপৰিও কেইবাটাও কেমেৰাৰ প্ৰয়োজন য’ত চিনেমেটো’গ্ৰাফাৰে একোখন ঠাইলৈ গৈ ছবিখনৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰে। কিন্তু, আমি যদি আজি আপোনালোকক এনে এখন আগন্তুক ছবিৰ নাম কম য’ত কোনো ধৰণৰ কেমেৰাৰ নামেই নাই; আছে কেৱল এটা “iphone”। য’ত ছবিখনৰ সমষ্ট দৃশ্যগ্ৰহণ কৰা হৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে; এইবাৰ এটা ফোনত কৰা দৃশ্যগ্ৰহণেৰে আহি আছে এখন নতুন অসমীয়া ছবি।

"iphone" ব্যৱহাৰেৰে হৈছে শ্বুটিংঃ "এমুঠি পুঠি" ৰে নতুনৰ সোঁৱাদ - 8
"iphone" ব্যৱহাৰেৰে হৈছে শ্বুটিংঃ "এমুঠি পুঠি" ৰে নতুনৰ সোঁৱাদ - 9


“কথানদী”, “আমিষ” ৰ জৰিয়তে অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল পৰিচালক ভাস্কৰ হাজৰিকা। তেওঁৰ ব্যতিক্ৰমী কাহিনীয়েই হৈছে তেওঁৰ ছবিৰ অন্যতম লক্ষণ। এইবাৰ তেওঁৰ কাহিনী আৰু প্ৰযোজনাৰ সৈতে আহি আছে “এমুঠি পুঠি” ( Journey To The Mystical Lake with Sweet Fish)। ইতিমধ্যে চলিত মাহৰ ১৫ তাৰিখে ইয়াৰ দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হৈছে। ছবিখন পৰিচালনাৰ দায়িত্বত আছে কুলনন্দিনী মহন্ত।

"iphone" ব্যৱহাৰেৰে হৈছে শ্বুটিংঃ "এমুঠি পুঠি" ৰে নতুনৰ সোঁৱাদ - 10


উক্ত ছবিখনত অভিনয় কৰিছে প্ৰতিভা চৌধুৰী, নিতালী দাস, কেনী বসুমতাৰী, কেনী বসুমতাৰী, মণীষা ভূঞা, ৰুবুল বড়ো আৰু নবাগতা সৃষ্টি শৰ্মাই। ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত ভাস্কৰ হাজৰিকাৰ লগতে যুঁটীয়াভৱে আছে শ্যাম বৰা আৰু সুনীল আগৰৱালা। ক’ৰ’ণা ভাইৰাছ নামৰ এই মহামাৰী বিধ আঁতৰি যোৱাৰ পিছতেই অসমবাসীয়ে কেঁহা-মিঠা কমেডীৰ সোঁৱাদ পাব বুলি চচিয়েল মিডিয়া যোগে জনাইছে ভাস্কৰ হাজৰিকাই।

]]>
https://rupaliparda.com/archives/12386/feed 0 12386
দৰ্শকৰ ভোকঃ “আমিষ” য়ে আনিছিল নতুন সোঁৱাদ- https://rupaliparda.com/archives/11492 https://rupaliparda.com/archives/11492#respond Sun, 15 Mar 2020 13:30:06 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11492 এটা নতুন কনচেপ্ট, ব্যতিক্ৰমী কাহিনীৰে সৈতে বিগত বছৰত মুক্তি লাভ কৰিছিল এখন অসমীয়া ছবি “আমিষ”। একঘেয়ামী প্ৰেম কাহিনীক এৰি এটা ব্যতিক্ৰমী কাহিনীৰ সৈতে মুক্তি লাভ কৰা এই “আমিষ” ছবিখনে দৰ্শকৰ হৃদয়ত অসমীয়া ছবি চোৱাক লৈ উৎসাহ যোগাইছিল বুলি ক’লেও উপৰঞ্চি নহ’ব। ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজয়ী ভাস্কৰ হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে মুক্তি লাভ কৰাৰ পূৰ্বৰ পৰাই দৰ্শকৰ মনত আলোড়নৰ সৃষ্টি কৰিছিল। ছবিখনত কিবা এটা অইন দৃষ্টিভংগী চাবলৈ পোৱাৰ আশাত দৰ্শকেৰে ভিৰ হৈছিল ছবিগৃহ। চলচিত্ৰ সমালোচক ৰাজীৱ মাছান তথা বলীউডৰ জনপ্ৰিয় পৰিচালক অনুৰাগ কাশ্যপেও কৰিছিল এই ছবিখনৰ প্ৰশংসা।

দৰ্শকৰ ভোকঃ "আমিষ" য়ে আনিছিল নতুন সোঁৱাদ- 11


নৱাগত অভিনেতা অৰ্ঘ্যদ্বীপ বৰুৱা আৰু নৱাগতা অভিনেত্ৰী লিমা দাসৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছিল ছবি “আমিষ”। ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰা লিমা দাসে এগৰাকী শিশু বিশেষজ্ঞ “ডাঃ নিৰ্মালী” ৰ চৰিত্ৰ ৰূপায়ন কৰে। ডাঃ নিৰ্মালী এগৰাকী ডাক্তৰ হোৱাৰ উপৰিও এগৰাকী গৃহিণী। ঘৰখনক লৈ থকা দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰি নিজৰ দৈনন্দিন জীৱন আৰম্ভ কৰে। এইখিনিতে, এদিন নিৰ্মালীৰ পৰিচয় হয় এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ খ্যাদাভাষৰ ওপৰত গৱেষণা কৰি থকা ছাত্ৰ সুমনৰ (অৰ্ঘ্যদ্বীপ) ৰ সৈতে। উক্ত বিষয়ত অধ্যয়নৰত ছাত্ৰ সুমনৰ দৃষ্টিভংগীৰে পৃথিৱীত এনে কোনো মাংসই নাই;যিটোৰ সোৱাদ ল’ব পৰা নাযায়। কালক্ৰমত, বিভিন্ন প্ৰণালীৰে ৰন্ধা ব্যঞ্জনৰ সৈতে সুমনে চিনাকী কৰোৱাই ডাঃ নিৰ্মালীক। বিভিন্ন খাদ্যৰ সোৱাদ লোৱা বিশেষকৈ মাংসৰ বিভিন্ন ব্যঞ্জনৰ প্ৰতি আকৰ্ষিত নিৰ্মালীয়ে সুমনক ঘনাই লগ কৰিবলৈ ধৰাত দুয়োৰে মনত প্ৰেমৰ আৱিষ্কাৰ হয়।

দৰ্শকৰ ভোকঃ "আমিষ" য়ে আনিছিল নতুন সোঁৱাদ- 12


প্ৰেম হোৱা স্বত্বেও কিছু বাধ্য-বাধকতাৰ খাতিৰত দুয়োৰে শাৰিৰীক স্পৰ্শ নহয়। ফলত সুমনে ব্যতিক্ৰমী ভাৱে নিৰ্মালীক স্পৰ্শ কৰিবলৈ বিচাৰে; আৰু এই ব্যতিক্ৰমী উপায় এইটোৱে যে তেওঁ নিজৰ ভৰিৰ মাংস কাটি সুস্বাদু ৰূপত বনাই নিৰ্মালীক খোৱাবলৈ বিচাৰে। কিন্তু, পিছলৈ নিৰ্মালীয়ে এই মাংসৰ প্ৰেমত পৰাত তেওঁ সুমনৰ ওচৰত মানুহৰ মাংস খুৱাবলৈ মিনতি কৰে। প্ৰেমৰ এই অনুৰোধত সুমনে অৱশেষত নকৰিবলগীয়া কাম কৰিবলগীয়াত পৰে আৰু দুয়োৰ এই সম্পৰ্কই অদ্ভূত ৰূপ লয়।

দৰ্শকৰ ভোকঃ "আমিষ" য়ে আনিছিল নতুন সোঁৱাদ- 13


“আমিষ” ছবিখনক চোৱাৰ উপৰিও চচিয়েল মিডিয়াত দৰ্শকে ইয়াৰ বিভিন্ন মতামত দিয়ে। ২০১৯ চনৰ ট্ৰাইবেকো চলচিত্ৰ মহোৎসৱত ছবিখনে মুক্তি লাভ কৰিছিল লগতে “আমিষ”-এ “ইন্টাৰনেছনেল নেৰেটিভ” ৰ পাঁচটা ভিন্ন শিতানত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল। ১০৮ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনে ২২ নৱেম্বৰত মুক্তি লাভ কৰে। উল্লেখ্য যে, ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত “আমিষ” ৰ বাবে লিমা দাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে ভাস্কৰ হাজৰিকাই লাভ কৰে “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা। চতূৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচিত্ৰ বঁটা ২০১৯ ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ লগতে ছবিখনে শ্ৰেষ্ঠ সংগীত পৰিচালক তথা শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰীৰ বঁটাও লাভ কৰে।

]]>
https://rupaliparda.com/archives/11492/feed 0 11492
AAMIS: A Platonic Love Story https://rupaliparda.com/archives/8487 https://rupaliparda.com/archives/8487#respond Tue, 03 Dec 2019 07:42:35 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8487 By Amrik Chakraborty

Alright, so I recently saw this beautiful movie called AAMIS directed by Bhaskar Hazarika. The very existence of this film is a matter of immense pride for Indian Cinema. There are some films where you applaud for the courage of the film (/filmmaker), somewhere you applaud for the beauty of the film and then there is AAMIS. Such a brave yet beautiful and melancholic movie. Here’s me diving into a few aspects of the movie. Just a disclaimer that I am not sure that what I have interpreted is exactly what the director wanted to say. So enjoy. [ SPOILERS AHEAD ]

AAMIS: A Platonic Love Story 14


I usually get really annoyed when filmmakers underestimate the intelligence or the visual literacy of the audience, as a result, too much of exposition. I love how Bhaskar Hazarika doesn’t waste much time in character introduction. He gets done with it by a beautiful title sequence, giving us the basic idea of these two characters’ everyday lives. Nirmali and Sumon are the two characters around which the story revolves. Nirmali is a pediatrician in Guwahati, married and has a kid and Sumon, a Ph.D. student younger than her, who is researching meat-eating traditions in the North East. As the two characters bond with each other over various meat-eating sessions they find themselves drawing closer to each other. In a very smart shot, Nirmali’s car driver looks at her and Sumon walking towards the car through the side-view mirror, this is the filmmaker establishing that ‘OBJECTS IN THE MIRROR ARE CLOSER THAN THEY APPEAR’. Amidst all this, there is no touching of the skin. We see both the characters stressing on the fact their relationship is absolutely platonic, we even see Sumon google ‘platonic love’ in a scene. In a brilliant moment of sound design by Quan Bay, Sumon and Nirmali are in a theatre watching a play, something during the play makes them laugh and as Sumon gazes at her beautiful laughter, the music of the play becomes the foreground score for expressing the tide of love inside Bhaskar’s heart. Absolutely beautiful! Nirmali’s gradual hunger for meat is hinted while she is searching for meat at the dinner table and while Sumon is talking about different meats, in a party, the camera moves towards Nirmali in an orgasmic manner as she closes her eyes in a sense of pleasure. Sumon, on the other hand, starts feeling the need for physical love in their relationship. In a brilliant scene where Suman is fantasizing about Nirmali in his dreams, I got reminded of Lester’s rose petal dream in ‘American Beauty’.

AAMIS: A Platonic Love Story 15


I’m changing the para here because this is the part where I’ll be talking about the conceptual twist in the movie. The film takes on a sinister tone here and enters dark territories. ( Again, if you haven’t seen the movie, stop reading, go watch it and then come back. You have been warned.) Just as Sumon’s dream ends he feels the desire to experiment with his physical needs. He cuts a piece of his flesh, cooks it, and sends it to Nirmali without telling her what it is. Nirmali texts him and says that the food was very tasty and unique, asking Sumon to cook this again. When Sumon reveals to her that it was a small piece of his flesh, Nirmali is thunderstruck. As the film progresses, Nirmali’s extreme hunger for that specific type of meat shadows her shock. As the characters enter into these unexplored territories knowing that they are committing a sin, the visuals and the sound design take on an eerie tone. Sumon realizes what a horrible mistake he had committed when Nirmali takes him to a morgue and asks him to get a big piece of flesh from an unregistered and fresh dead body. I really like how the conversation after they exit the morgue has been shot and edited. A series of bokeh city lights and handheld camera movement merges with their horrifying and casual conversation about how to arrange for human meat, to express that the thin line of the morality of both the characters has been blurred. In a scene we see Nirmali bring a witch-like smile to her face as she gazes at grilled chicken in a street shop. I really liked how the director decided to used Lima Das’s beautiful smile and create an arc out of her smile throughout the film. As the film progresses, Sumon promises Nirmali that he will arrange the meat for her and satisfy her hunger, once and for all. This oath leads him to kill an innocent rickshaw-wala. While he is cutting the rickshaw-wala a police officer spots him. This leads to the downfall of their fate as Sumon and Nirmali are arrested for murder and cannibalism.

AAMIS: A Platonic Love Story 16


Now what I love about the movie is that director Bhaskar Hazarika decides to treat AAMIS as a love story from start to end, regardless of the subject matter. As Sumon and Nirmali are taken out of the police station and are surrounded by media persons while the state is calling them out as a shame to the community, the foreground music is a very sweet score instead of a tensed score because even if they lost the fight with their morality, they consider it as a victory for their relationship. And in the final shot of the film, we see their skins finally touching each other as they slowly hold each other’s hand and accept their fate.

By Amrik Chakraborty

]]>
https://rupaliparda.com/archives/8487/feed 0 8487
“আমিষ” ক লৈ মত পোষণ চলচিত্ৰ সমালোচক ৰাজীৱ মাচাণ্ডৰঃ https://rupaliparda.com/archives/8315 https://rupaliparda.com/archives/8315#respond Wed, 27 Nov 2019 08:30:36 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8315 বৰ্তমান”আমিষ” ৰ জ্বৰত ভুগিছে সমগ্ৰ অসমীয়া। বিভিন্ন আন্তঃৰাষ্ট্ৰীয়- ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবি সমাৰোহত মনোনীত হৈ ছবিখনে সমাদৰ লাভ কৰাৰ লগতে ঘৰুৱা ৰাইজৰো অধিক সংখ্যাত সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈ পৰিছে।

"আমিষ" ক লৈ মত পোষণ চলচিত্ৰ সমালোচক ৰাজীৱ মাচাণ্ডৰঃ 17


অসমৰ কেইবাটাও চিত্ৰগৃহত সফলতাৰে চলি থকা এই ছবিখনক লৈ নিজৰ মতামত পোষণ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচিত্ৰ সমালোচক ৰাজীৱ মাচাণ্ডে। তলত চাওঁক এই ভিডিঅ’-


“আমিষ” ৰ লগতে সমালোচক গৰাকীয়ে ছবিখনৰ শিল্পীদ্বয় ক্ৰমে লিমা দাস তথা অৰ্ঘদ্বীপৰ অভিনয়ৰ বিষয়েও মন্তব্য প্ৰদান কৰে। ভাস্কৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত উক্ত ছবিখনে সমগ্ৰ অসমীয়াৰ মনতেই উৎসাহৰ সৃষ্টি কৰিছে।

]]>
https://rupaliparda.com/archives/8315/feed 0 8315
“আমিষ” ক লৈ যথেষ্ট আশাবাদী পৰিচালক ভাস্কৰ হাজৰিকা: ৰূপালীপৰ্দাৰ সৈতে এক্সক্লুচিভলিঃ https://rupaliparda.com/archives/7676 https://rupaliparda.com/archives/7676#respond Thu, 07 Nov 2019 09:37:56 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7676 আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অধিক সংখ্যাত প্ৰশংসা বুটলি অনা অসমীয়া ছবি “আমিষ”-এ ঘৰুৱা দৰ্শকৰ আগত মুক্তি লাভ কৰিব চলিত মাহৰ ২২ নৱেম্বৰ তাৰিখে। জি.আই.এফ.এফত প্ৰিমিয়াৰ হোৱা এই ছবিখনত দৰ্শকৰ অধিক সঁহাৰি দেখাৰ পিছতেই “আমিষ” ৰ পৰিচালক ভাস্কৰ হাজৰিকা সম্পূৰ্ণৰূপে আশাবাদী।

"আমিষ" ক লৈ যথেষ্ট আশাবাদী পৰিচালক ভাস্কৰ হাজৰিকা: ৰূপালীপৰ্দাৰ সৈতে এক্সক্লুচিভলিঃ 18


ৰূপালী পৰ্দাৰ সৈতে হোৱা এক্সক্লুছিভ সাক্ষাৎকাৰত পৰিচালক গৰাকীয়ে দিলে এই মন্তব্য। চাওঁচোন আহক-


গুৱাহাটীৰ বিভিন্ন লোকেশ্বনত দৃশ্যগ্ৰহণৰ কাম চলা এই ছবিখনত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কুমাৰ দাসে।

]]>
https://rupaliparda.com/archives/7676/feed 0 7676
মুক্তিৰ পূৰ্বেই প্ৰশংসা লাভ কৰা অসমীয়া ছবি “আমিষ”ঃ অনুৰাগ কাশ্যপেও খালে অসমীয়া খাদ্য- https://rupaliparda.com/archives/6830 https://rupaliparda.com/archives/6830#respond Wed, 16 Oct 2019 08:30:37 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6830 মুক্তিৰ পূৰ্বেই দৰ্শকক মোহিবলৈ সক্ষম হৈছে এখন অসমীয়া চিনেমাই। কেৱল মাত্ৰ অসমীয়া দৰ্শকৰে নহয়; বলীউডৰ এগৰাকী জনপ্ৰিয় পৰিচালক তথা নিৰ্মাতা লগতে লিখক অনুৰাগ কাশ্যপেও এই ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ চলচিত্ৰ মহোৎসৱত সগৌৰৱে প্ৰদৰ্শিত এই ছবিখনৰ নাম হৈছে “আমিষ- Consumed By Love”।

মুক্তিৰ পূৰ্বেই প্ৰশংসা লাভ কৰা অসমীয়া ছবি "আমিষ"ঃ অনুৰাগ কাশ্যপেও খালে অসমীয়া খাদ্য- 19


“কথানদী” ছবিখনৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনক উদ্দেশ্যি অনুৰাগ কাশ্যপে এক ভিডিঅ’ প্ৰস্তুত কৰে; য’ত তেওঁ নিজক অসমীয়া খাদ্য খোৱাৰ পৰা ৰখাব নোৱাৰে। তেওঁৰ এই ভিডিঅ’টি বৰ্তমান চচিয়েল মিডিয়াত বহুল সংখ্যাত ভাইৰেল হৈ পৰিছে।


চলিত বৰ্ষৰ ২২ নৱেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনত দৰ্শকে দেখিবলৈ পাব দুখন ন-মুখৰ সৈতে এটা ভয়ানক প্ৰেম কাহিনী। বিভিন্ন খাদ্যৰ প্ৰতি থকা দূৰ্বলতা তথা মাংসৰ প্ৰতি থকা আকৰ্ষণৰ ফলত কেনেদৰে এহাল যুৱক-যুৱতী পৰস্পৰে পৰস্পৰৰ কাষ চাপে তাকেই দেখুওৱা হ’ব “আমিষ” ত।

মুক্তিৰ পূৰ্বেই প্ৰশংসা লাভ কৰা অসমীয়া ছবি "আমিষ"ঃ অনুৰাগ কাশ্যপেও খালে অসমীয়া খাদ্য- 20


ইয়াত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কুমাৰ দাসে।

]]>
https://rupaliparda.com/archives/6830/feed 0 6830