Bhaskar Opswel – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 09 Aug 2021 01:52:32 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Bhaskar Opswel – Rupaliparda.com https://rupaliparda.com 32 32 163073109 সীমান্ত কলিতা প্ৰডাকচনৰ বেনাৰত ৰূপম ভূঞা আৰু ভাস্কৰ অপ্সৱেলৰ ন-গীতঃ https://rupaliparda.com/archives/27902 https://rupaliparda.com/archives/27902#respond Tue, 10 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=27902 আমাৰ সংগীত ক্ষেত্ৰখন খুবেই সক্ৰিয়, তাহানিৰ দিনৰ পৰা ই অবিৰত ভাৱে চলি গৈ আছে। প্ৰায় সময়তে ইয়াৰ ধাৰাৰ সলনি হৈছে, গীতটিৰ আঁৰৰ চিন্তা অথবা বিষয়বস্তুৰ সলনি হৈছে যদিও এই সংগীত ক্ষেত্ৰখন প্ৰতিদিনেই উৰ্দ্ধগামী হোৱা পৰিলক্ষিত হৈছে। নতুন প্ৰজন্মই সাঙুৰ খোৱাৰ লগতে তেওঁলোকে এই ক্ষেত্ৰখনক তুলি নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে। শেহতীয়াকৈ, ইটোৰ পিছত সিটো গীত মুকলি খবৰ লাভ কৰিছোঁ, গীতসমূহ মুকলিৰ খবৰ লাভৰ পিছতেই উৎসাহিত হওঁ আমি আটাইবোৰ সংগীত প্ৰেমী শ্ৰোতা। তাতেই আকৌ যদি এই মুক্তিপাবলগীয়া গীত সমূহৰ সৈতে একোজন প্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠ জড়িত হৈ থাকে তেতিয়াহ’লেটো ইয়াতকৈ ভাললগা বিষয় আৰু একোৱে আচলতে নাথাকে। যাৰ কন্ঠই হৃদয়খন খামোচ মাৰি ৰাখি সুৰবোৰ সিঁৰে সিঁৰে বিয়পাই দিব পাৰে তেওঁ হৈছে কণ্ঠশিল্পী ৰূপম ভূঞা। যিগৰাকীৰ কন্ঠই অনুৰাগীৰ মনলৈ এক প্ৰশান্তি আনি দিব পাৰে তেওঁৰ প্ৰতিটো গীতৰ বাবেই আচলতে ৰৈ যায় শ্ৰোতা-দৰ্শক। তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ ৰূপম ভূঞাৰ কন্ঠত কি যাদু আছে বুলি সুধিলে তাৰ উত্তৰত এটাই কথা ক’ব পৰা যায় যে, তেওঁৰ কন্ঠত মৰম আছে, সৰু সৰু কথাৰে গুঁঠি লোৱা আৱেগ আছে আৰু শ্ৰোতাৰ হিয়া মন জুৰ পেলাব পৰাকৈ এসোপা মান আদৰ আছে। যিয়ে প্ৰেমক সুন্দৰৰ শাৰীৰ পৰা লৈ গৈ সৰ্বাংগ সুন্দৰ কৰি তোলে; তেওঁৰ কন্ঠৰে মুক্তি লাভ কৰা গীতসমূহৰ বাৰ্তা পালেই জনসাধাৰণ উৎসাহিত হোৱা এক বিশেষ কাৰণ হৈছে তেওঁৰ গীতৰ কথাবোৰ আনতকৈ কিছু সুকীয়া।

সীমান্ত কলিতা প্ৰডাকচনৰ বেনাৰত ৰূপম ভূঞা আৰু ভাস্কৰ অপ্সৱেলৰ ন-গীতঃ 1


আনহাতে, আন এগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেলৰ নামটোও হয়টো আপোনালোকৰ পৰিচিত। তেওঁৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰতিটো গীতেই জনপ্ৰিয়তা লাভ কৰিছে। মৰিগাওঁৰ কাণফলাত ২ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা ভাস্কৰ অপ্সৱেল নৱপ্ৰজন্মৰ এনে এজন প্ৰতিভাৰ গৰাকী; যাৰ প্ৰতিটো গীতত এতিয়া আকৰ্ষিত সংগীত প্ৰেমী শ্ৰোতা। আচলতে, তেওঁ নিজ কন্ঠৰে এতিয়া টানিছে অনুৰাগীক। সৰুৰ পৰা এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পেছাগত ভাৱে সংগীতৰ পিনে ঢাল খাইছিল ভাস্কৰে। গীতত কন্ঠদান কৰাৰ উপৰিও আচলতে গীত সমূহত নিজে সংগীত প্ৰদান কৰিছে উক্ত নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীয়ে। অনাগত দিনত এই দুয়োগৰাকীৰ কণ্ঠৰে মুক্তি পাবলৈ সাজু হৈছে দুটি গীত ক্ৰমে “কুহেলিকা( ৰূপম ভূঞা) আৰু “তুমসে” ( ভাস্কৰ অপ্সৱেল)। কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও, বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে। উক্ত দুয়োটা গীতক কথা, সংগীত আৰু সুৰেৰে পৰিপূৰ্ণ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ সাজু কা হৈছে। দুয়োটা গীতত সংগীত কৰিছে আন এগৰাকী পৰিচিত আৰু সমাদৃত সংগীতশিল্পী ত্ৰিয়ন মহন্তই লগতে গীত দুটিত সুৰ কৰিছে মৃণাল দাস। পেচাগতভাৱে এগৰাকী চিকিৎসক যদিও তেওঁ সমানে মনোনিৱেশ কৰিছে এই সংগীত ক্ষেত্ৰখনতো।

সীমান্ত কলিতা প্ৰডাকচনৰ বেনাৰত ৰূপম ভূঞা আৰু ভাস্কৰ অপ্সৱেলৰ ন-গীতঃ 2


আনহাতে, গীত দুটিৰ প্ৰযোজনা সীমান্ত কলিতাৰ। সীমান্ত কলিতা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত উক্ত গীত দুটি মুক্তি লাভ কৰিব Dhwani Records নামে ইউটিউব চেনেলটোত।

]]>
https://rupaliparda.com/archives/27902/feed 0 27902
একোজন দক্ষ নৱপ্ৰজন্মৰ প্ৰতিভাৰে অতিশীঘ্ৰে “তুমসে” https://rupaliparda.com/archives/22957 https://rupaliparda.com/archives/22957#respond Wed, 23 Dec 2020 10:30:10 +0000 https://rupaliparda.com/?p=22957 আকৌ এবাৰ এটা নতুন গীতৰ সৈতে আগবাঢ়িছে নৱপ্ৰজন্ম। ভাস্কৰ অপ্সৱেলৰ কন্ঠৰে আহি আছে এটি নতুন গীত “তুমসে”; ইতিমধ্যে নিজ কন্ঠৰ যাদুৰে প্ৰায়খিনি দৰ্শকৰ মাজত চিনাকী লাভ কৰা ভাস্কৰ অপ্সৱেলৰ কন্ঠৰে আহিবলগীয়া এই গীতটিক লৈ অপেক্ষাৰতও শ্ৰোতা-দৰ্শক। গীতটিৰ শেহতীয়াকৈ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে জনসাধাৰণৰ সমুখত; আহিবলগীয়া সময়ত এই গীতটিয়েও নিজৰ এক সুন্দৰ স্থিতি যে গঢ়ি তুলিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। বৰ্তমানৰ চচিয়েল মিডিয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে; ইয়াৰ দ্বাৰা বহু প্ৰতিভাৰ সন্ধান পোৱা যায়। ভাস্কৰ অপ্সৱেল; এইগৰাকী ব্যক্তিৰ ইনষ্টাগ্ৰাম একাউন্টটো খুলিলেই আপোনালোকে দেখিবলৈ পাব কেইটিমান গীত আৰু তেওঁৰ সুমধুৰ কন্ঠ। অসমীয়াই হওঁক অথবা হিন্দীয়েই হওঁক তেওঁ নিজ কন্ঠৰে প্ৰতিটো গীতেই যেন জীপাল কৰি তুলিছে। মৰিগাওঁৰ কাণফলাত ২ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা ভাস্কৰ অপ্সৱেল নৱপ্ৰজন্মৰ এনে এজন প্ৰতিভাৰ গৰাকী; যাৰ প্ৰতিটো গীতত এতিয়া আকৰ্ষিত সংগীত প্ৰেমী শ্ৰোতা। আচলতে, তেওঁ নিজ কন্ঠৰে এতিয়া টানিছে অনুৰাগীক। সৰুৰ পৰা এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পেছাগত ভাৱে সংগীতৰ পিনে ঢাল খাইছিল ভাস্কৰে। গীতত কন্ঠদান কৰাৰ উপৰিও আচলতে গীত সমূহত নিজে সংগীত প্ৰদান কৰিছে উক্ত নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীয়ে।

একোজন দক্ষ নৱপ্ৰজন্মৰ প্ৰতিভাৰে অতিশীঘ্ৰে "তুমসে" 3


আনহাতে আগন্তুক “তুমসে” শীৰ্ষক গীতটিত কথা সীমান্ত কলিতাৰ লগতে গীতটিত সুৰ দিছে মৃণাল দাস। লগতে, গীতটিত সংগীত প্ৰদানৰ দায়িত্বত আছে ত্ৰিয়ন মহন্ত। উল্লেখ্য যে, উক্ত গীতটিৰ প্ৰতিটো বিভাগত এনে একোজন প্ৰতিভা জড়িত হৈ আছে যাৰ সৃষ্টিয়ে ইতিমধ্যে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ত্ৰিয়ন মহন্তই সম্প্ৰতি প্ৰতিজন কন্ঠশিল্পীৰ সৈতে কাম কৰিছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। মৃণাল দাসে নতুনকৈ এই অসমীয়া সংগীত ক্ষেত্ৰখনত জড়িত হৈছে যদিও তেওঁৰ প্ৰকল্পসমূহে জনসাধাৰণক উৎসাহিত কৰাত সক্ষম হৈছে। সীমান্ত কলিতাই উক্ত গীতটিৰ জৰিয়তেই সংগীত ক্ষেত্ৰখনত পেলাইছে নিজৰ প্ৰথমটো খোজ। ইয়াৰ লগতে, এইটো কথা বুজিব পৰা যায় যে বৰ্তমান সময়ছোৱাত একোজন নৱপ্ৰজন্মৰ এনে প্ৰতিভাৰ জন্ম হৈছে যিয়ে শ্ৰোতা-দৰ্শকক নতুন সোঁৱাদ প্ৰদানত প্ৰয়াস কৰিছে।

একোজন দক্ষ নৱপ্ৰজন্মৰ প্ৰতিভাৰে অতিশীঘ্ৰে "তুমসে" 4

বৰ্তমান সৃষ্টিৰ মূলতে আছে নৱপ্ৰজন্ম; তেওঁলোকৰ সৃষ্টি অথবা কামত বিশ্বাসী জনসাধাৰণো। তেওঁৰ আহিবলগীয়া এই কাম সমূহক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/22957/feed 0 22957
“নিচা নোহোৱাকৈ কোনো এবিধ বস্তু কেতিয়াও পেচালৈ পৰিণত হ’ব নোৱাৰে”- ভাস্কৰ অপ্সৱেল https://rupaliparda.com/archives/21459 https://rupaliparda.com/archives/21459#respond Mon, 26 Oct 2020 08:40:00 +0000 https://rupaliparda.com/?p=21459 চচিয়েল মিডিয়া হৈছে এনে এক প্লেটফৰ্ম; য’ৰ পৰা একোজন সুন্দৰ ব্যক্তিত্বই নিজৰ মনৰ ভাৱবোৰৰ বহিঃপ্ৰকাশ কৰি জনসাধাৰণৰ মাজত ব্যক্ত কৰে। বৰ্তমানৰ চচিয়েল মিডিয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে; ইয়াৰ দ্বাৰা বহু প্ৰতিভাৰ সন্ধান পোৱা যায়। ভাস্কৰ অপ্সৱেল; এইগৰাকী ব্যক্তিৰ ইনষ্টাগ্ৰাম একাউন্টটো খুলিলেই আপোনালোকে দেখিবলৈ পাব কেইটিমান গীত আৰু তেওঁৰ সুমধুৰ কন্ঠ। অসমীয়াই হওঁক অথবা হিন্দীয়েই হওঁক তেওঁ নিজ কন্ঠৰে প্ৰতিটো গীতেই যেন জীপাল কৰি তুলিছে। মৰিগাওঁৰ কাণফলাত ২ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা ভাস্কৰ অপ্সৱেল নৱপ্ৰজন্মৰ এনে এজন প্ৰতিভাৰ গৰাকী; যাৰ প্ৰতিটো গীতত এতিয়া আকৰ্ষিত সংগীত প্ৰেমী শ্ৰোতা। আচলতে, তেওঁ নিজ কন্ঠৰে এতিয়া টানিছে অনুৰাগীক। সৰুৰ পৰা এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পেছাগত ভাৱে সংগীতৰ পিনে ঢাল খাইছিল ভাস্কৰে। গীতত কন্ঠদান কৰাৰ উপৰিও আচলতে গীত সমূহত নিজে সংগীত প্ৰদান কৰিছে উক্ত নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীয়ে। মুঠৰ ওপৰত, সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা একোজন নৱপ্ৰজন্মৰ ভিতৰত ভাস্কৰ অপ্সৱেলো এগৰাকী।

https://www.instagram.com/p/CFkKS15BFbY/?utm_source=ig_web_copy_link

"নিচা নোহোৱাকৈ কোনো এবিধ বস্তু কেতিয়াও পেচালৈ পৰিণত হ'ব নোৱাৰে"- ভাস্কৰ অপ্সৱেল 5


ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে তেওঁক “সংগীত নিচা নে পেচা” বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “আপুনি সোধা প্ৰশ্নৰ উত্তৰটোত মই যিকোনো এটাৰ নাম ল’ব নোৱাৰো; সংগীত আচলতে মোৰ বাবে “নিচা আৰু পেচা” দুয়োটা। আৰু, মই ভাবো নিচা নোহোৱাকৈ কোনো এবিধ বস্তু কেতিয়াও পেচালৈ পৰিণত হ’ব নোৱাৰে। লগতে, “নিচা” নহ’লে কোনো এটা বস্তুত নিজক ১০০ শতাংশই অন্তৰ্ভূক্ত কৰিব পৰা নাযায়।” তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “ভৱিষ্যৎ পৰিকল্পনা হিচাপে মোৰ ভাবি থোৱা বহুখিনি প্ৰকল্প আছে। বৰ্তমান বহুকেইটা গানত মিউজিক দিয়াৰ লগতে অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিতো মিউজিক দিয়াৰ কাম চলি আছে। আনহাতে, ব্যক্তিগত কিছু পৰিকল্পনা আছে; যিটো আহিবলগীয়া সময়ত ৰাইজে উপভোগ কৰিবলৈ পাব।”

"নিচা নোহোৱাকৈ কোনো এবিধ বস্তু কেতিয়াও পেচালৈ পৰিণত হ'ব নোৱাৰে"- ভাস্কৰ অপ্সৱেল 6


আহিবলগীয়া সময়ত নিশ্চয়কৈ এনে বহু সৃষ্টি ৰাইজৰ সমুখলৈ আহিব যিয়ে সংগীত প্ৰেমী শ্ৰোতাক উৎসাহিত কৰাৰ লগতে নতুনৰ সন্ধান দিব। ভাস্কৰ অপ্সৱেলৰ আগন্তুক পৰিকল্পনা সমূহৰ বাবে ৰূপালীপৰ্দাৰ ফালৰ পৰাও জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/21459/feed 0 21459