Bigg Boss 13 – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 03 Sep 2020 12:40:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Bigg Boss 13 – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ছলমান খানে আকৌ বঢ়ালে নিজৰ পাৰিশ্ৰামিকঃ “বিগ বছ ১৪” ৰ বাবে সাজু সকলো- https://rupaliparda.com/archives/19874 https://rupaliparda.com/archives/19874#respond Fri, 04 Sep 2020 14:30:02 +0000 https://rupaliparda.com/?p=19874 ৰিয়েলিটী শ্ব’ “বিগ বছ” ৰ যেতিয়াই বছৰটোত আৰম্ভণি হয় তেতিয়াৰ পৰাই ই সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। চলিত বৰ্ষটোও “বিগ বছ ১৪” আৰম্ভণিৰ বাবে সাজু হৈ পৰিছে; খবৰনুসৰি ই আগন্তুক মাহৰ পৰাই মুক্তি লাভ কৰিব। ইতিমধ্যে শ্ব’টোৰ প্ৰমো’ মুকলি কৰা হৈছে আৰু অভিনেতা ছলমান খানেও নিজ প্ৰস্তুতি আৰম্ভ কৰিছে। শ্ব’টো সন্দৰ্ভত নিতৌ ন-ন তথ্য বাহিৰ অহা দেখিবলৈ পোৱা গৈছে; কেতিয়াবা শ্ব’লৈ আহিবলগীয়া চিলেব্ৰেটীৰ ক্ষেত্ৰত আৰু কেতিয়াবা এইবাৰৰ শ্ব’টোৰ বিষয়বস্তুৰ ওপৰত। শেহতীয়াকৈ শ্ব’টোক লৈ যিটো খবৰ অহা দেখিবলৈ পোৱা গৈছে সেইটো হ’ল ছলমান খানৰ পাৰিশ্ৰামিক। আচলতে, শ্ব’টো আৰম্ভ হোৱাৰ পূৰ্বে তেওঁৰ ফিজক লৈ চৰ্চা হোৱাটো কোনো নতুন কথা নহয়। ছলমান খানে বিগত ১০ টা সংস্কৰণ “বিগ বছ” ৰ ঘোষক ৰূপত আছে; আৰু প্ৰতিটো সংস্কৰণত নিজৰ ফিজ বঢ়াইছে চুপাৰষ্টাৰ গৰাকীয়ে। এইবাৰ তেওঁ ফিজৰ যিটো অংক বাহিৰলৈ আহিছে সেইটো শুনি আপোনালোকো হয়টো হতহম্ভ হ’ব। এই বিষয়ত প্ৰায়ে শুদ্ধ খবৰ দিয়া টুইটৰ চেনেল “ডা খবৰী” ৰ মতে ছলমানে প্ৰতিটো খণ্ডৰ বাবদ ল’ব ২০ কোটিকৈ টকা।

ছলমান খানে আকৌ বঢ়ালে নিজৰ পাৰিশ্ৰামিকঃ "বিগ বছ ১৪" ৰ বাবে সাজু সকলো- 1
ছলমান খানে আকৌ বঢ়ালে নিজৰ পাৰিশ্ৰামিকঃ "বিগ বছ ১৪" ৰ বাবে সাজু সকলো- 2


এই শ্ব’টো নাই কমেও তিনি মাহ পৰ্যন্ত চলে। ছলমান খানৰ এই তিনি মাহ চলা শ্ব’টোৰ হিচাপত তেওঁৰ ফিজৰ যদি গণনা কৰা হয় তেতিয়াহ’লে ই হ’ব ৪৫০ কোটি টকা অৰ্থাৎ বিগ বছ ১৪ ৰ বাবে ছলমান খানে ল’ব ৪৫০ কোটি টকা। আনহাতে, আপোনালোকক জনাই থওঁ যে বৰ্তমানলৈ অহা খবৰ মতে “বিগ বছ ১৪” আৰম্ভ হ’ব অক্টোবৰ মাহৰ ৪ তাৰিখৰ পৰা।

]]>
https://rupaliparda.com/archives/19874/feed 0 19874
টি.আৰ.পি লালসাত পুনৰ সিদ্ধাৰ্থ শুক্লাক আমন্ত্ৰণঃ https://rupaliparda.com/archives/19559 https://rupaliparda.com/archives/19559#respond Wed, 26 Aug 2020 16:30:14 +0000 https://rupaliparda.com/?p=19559 বিগ বছৰ ১৩ নং সংস্কৰণটোৱে এক উল্লেখনীয় সফলতা পাবলৈ সক্ষম হৈছিল। ১৩ নং সংস্কৰণটোৰ বহুল সফলতাৰ পিছতেই ২০২০ চনৰ নতুন বিগ বছৰ সংস্কৰণটোৰ ওপৰত এক প্ৰশ্ন আহি পৰিছে। বিগত বৰ্ষৰ বিগ বছে টি.আৰ.পি লাভ কৰাৰ এক মূখ্য কাৰণ ৰূপে সিদ্ধাৰ্থ শুক্লাৰ নাম ল’ব পৰা যায়। এইবাবেই, সিদ্ধাৰ্থ শুক্লাক “শুভ” বুলি ভাৱিয়ে অভিনেতা গৰাকীক পুনৰ বাৰ বিগ বছ হাউচলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছে এতিয়া বিগ বছ নিৰ্মাতাই। বিগ বছ ফেনক্লাৱৰ শেহতীয়া খবৰনুসৰি জানিব পৰা গৈছে যে, সিদ্ধাৰ্থ শুক্লাক এগৰাকী আলহী অতিথি ৰূপত শ্ব’টোত দুই সপ্তাহৰ বাবে আহিবলৈ অফাৰ দিয়া হয়। সিদ্ধাৰ্থ শুক্লাৰ উল্লেখনীয় ভাৱে থকা অনুৰাগীৰ সংখ্যাৰ বাবেই তেওঁক বিগ বছ নিৰ্মাতাই শ্ব’টোলৈ পুনৰ বাৰ অনাৰ প্ৰস্তুতি চলাইছে যাতে ১৪ নং সংস্কৰণটোৱেও এক সফলতা লাভ কৰে। বিগ বছ ১৩ সংস্কৰণটোৱে নিজ দীঘলীয়া যাত্ৰা অতিক্ৰম কৰাৰ সমান্তৰালকৈ এই শ্ব’টো সফল কৰাত এক ডাঙৰ হাত আছিল শ্বেহনাজ আৰু সিদ্ধাৰ্থ শুক্লাৰ যুঁটিটোৰ। যুঁটিটোক চাবলৈ অপেক্ষাও কৰি ৰৈছিল বিভিন্ন জনে।

টি.আৰ.পি লালসাত পুনৰ সিদ্ধাৰ্থ শুক্লাক আমন্ত্ৰণঃ 3
টি.আৰ.পি লালসাত পুনৰ সিদ্ধাৰ্থ শুক্লাক আমন্ত্ৰণঃ 4


বিগত বৰ্ষৰ চিজনটোত সিদ্ধাৰ্থৰ গেমে প্ৰতিজন দৰ্শককে আমোদ প্ৰদান কৰিছিল। এইবাৰো যদি সিদ্ধাৰ্থ শুক্লা শ্ব’টোত আহিবলৈ সাজু হয় তেনেহ’লে ইয়াতকৈ ডাঙৰ আমোদ তেওঁৰ অনুৰাগীৰ বাবে আন একোৱে হ’ব নোৱাৰে। এই বিষয়ত অৱশ্যে সিদ্ধাৰ্থৰ আধিকাৰিক পুষ্টি সমুখলৈ অহা নাই।

]]>
https://rupaliparda.com/archives/19559/feed 0 19559
অসম কন্যা দেৱলিনা ভট্টাচাৰ্য্যৰ আন এক অনুদানঃ https://rupaliparda.com/archives/15782 https://rupaliparda.com/archives/15782#respond Sun, 31 May 2020 13:30:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15782 ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজ্বলোৱা অসম কন্যা দেৱলিনা ভট্টাচাৰ্য্যৰ অসমলৈ আন এক অনুদান। কিছুদিন পূৰ্বে বিগ বছ ১৩ ৰ প্ৰতিযোগী দেৱলিনা ভট্টাচাৰ্যই “PM CARES FUND” লৈও অনুদান আগবঢ়াই লগতে এই সময়ছোৱাত এমাহৰ বাবে দুটা মজদুৰ পৰিয়ালৰ দায়িত্বও গ্ৰহণ কৰে তেওঁ। এমাহত মজদুৰ পৰিয়াল দুটাৰ খোৱা লোৱাৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় কাপোৰ আদিৰো যোগান ধৰিছিল অভিনেত্ৰীগৰাকীয়ে। তেওঁৰ এনে মানৱীয়তাৰ পিছত অসমৰ বানপীড়িত জনসাধাৰণৰ বাবে তেওঁ গ্ৰহণ কৰা এনে পদক্ষেপক বৰ্তমান প্ৰশংসা কৰিছে একাংশই। দেৱলিনাই অসমৰ বানপীড়িত লোকলৈ ৭৩ হাজাৰ টকাৰ অনুদান আগবঢ়ায় আৰু লগতে কয় যে, “মই ৭৩,০০০ টকা অনুদান আগবঢ়াইছো আছাম চি.এম ৰিলিফ ফাণ্ডলৈ আৰু মই বিচাৰো আন বহু লোকেই ওলাই আহি অসম চৰকাৰক এনে সময়ত সহায় কৰাটো।”

অসম কন্যা দেৱলিনা ভট্টাচাৰ্য্যৰ আন এক অনুদানঃ 5


ইয়াৰ উপৰিও, বিভিন্ন সময়ত দেৱলিনাই অসমবাসীক উদ্দেশ্যি ভিডিঅ’ প্ৰস্তুত কৰে। বিগত ৰঙালী বিহুৰ উলগ যাঁচি তেওঁ বিহু নৃত্যও প্ৰদৰ্শন কৰিছিল। ২০১২ চনত “সাথ নিভানা সাথিয়া” ত কৰা চৰিত্ৰটোৰে দেৱলিনাই চিনাকী লাভ কৰে সকলোৰে মাজত। “গোপী বহু” ৰ বাবে তেওঁক দৰ্শকে প্ৰশংসা কৰা উপৰিও কেইবাটাও বঁটা লাভ কৰে এই অভিনেত্ৰী গৰাকীয়ে।

অসম কন্যা দেৱলিনা ভট্টাচাৰ্য্যৰ আন এক অনুদানঃ 6

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত হৈও কিন্তু দেৱলিনাই কোনো দিনেই পাহৰা নাছিল তেওঁৰ ঘাই শিঁপা ডাল; সেইবাবেই হয়টো “বিগ বছ ১৩” অন্তৰ্ভূক্ত হোৱা পিছতো “Weekend Ka Vaar” ত তেওঁক পৰিধান কৰা দেখিবলৈ পোৱা গৈছিল অসমীয়া মেখেলা-ছাদৰ। তেওঁৰ শাৰিৰীক কিছু অসুস্থতাৰ বাবে শ্ব’টোৰ পৰা ওলাই আহিবলগীয়া হৈছিল যদিও তেওঁ থকা দিনকেইটাৰ শ্ব’টোত তেওঁৰ খেলৰ প্ৰশংসা কৰিছিল বহুতেই।

]]>
https://rupaliparda.com/archives/15782/feed 0 15782
টকা লৈ নোলোৱাৰ ভাওঁঃ উভতাই নিদিয়ে ৰশ্মিক আৰহানে টকা- https://rupaliparda.com/archives/13705 https://rupaliparda.com/archives/13705#respond Thu, 23 Apr 2020 16:30:20 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13705 “বিগ বছ ১৩” প্ৰচাৰিত হৈ থকা সময়ছোৱাত তাত প্ৰতিযোগী ৰূপে অন্তৰ্ভূক্ত টেলিভিছন ক্ষেত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মি দেশাই প্ৰত্যেকদিনাই বিবাদৰ মাজত সোমাই আছিল। “বিগ বছ ১৩” শেষ হোৱা পিছতো যেন বিবাদ সমূহে পিছ এৰা নাই অভিনেত্ৰী গৰাকীৰ। আৰহান খানৰ সৈতে গঢ়ি উঠিবলগীয়া সম্পৰ্কটোৰ মাজতেই বিভিন্ন বিতৰ্কৰ সন্মুখীন হৈছিল ৰশ্মি দেশাই। দুয়োগৰাকীৰ ইটোৱে সিটোৰ ওপৰত আঙুলি টোৱাইয়ে যেন সম্পূৰ্ণ কৰিছে আলাপ-আলোচনা। “বিগ বছ ১৩” প্ৰচাৰিত হৈ থকা সময়ত মাজতেই আৰহান খান শ্ব’টোৰ পৰা বাহিৰ হোৱা পিছত তেওঁ ৰশ্মি দেশাইৰ ব্যক্তিগত বেংক একাউন্টৰ পৰা লাখৰ অংকত টকাৰ আদান প্ৰদান কৰিছিল; যিসমূহৰ “স্ক্ৰীণচট” কিছুদিন পূৰ্বে ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। এই সকলোবোৰ খবৰৰ পৰা পৰ্দা উঠাই ৰশ্মি দেশাই নিজ মুখ খুলিছে।

টকা লৈ নোলোৱাৰ ভাওঁঃ উভতাই নিদিয়ে ৰশ্মিক আৰহানে টকা- 7


তেওঁ নিজ বেংক একাউন্টৰ পৰা হোৱা টকাৰ আদান-প্ৰদানৰ বিষয়ে অজ্ঞাত বুলি কোৱাৰ লগতে তেওঁ কয়, “মই এইটোও নাজানো যে আৰহানে মোৰ বেংক একাউন্টৰ পৰা টকা কিয় ওলালে? তেওঁ মোৰ একাউন্টৰ পৰা কোন লোকক টকা দিছে সেইটোও মই নাজানো। যিসমূহ স্ক্ৰীণচট দৰ্শকে দেখিছে সেইসমূহত মাত্ৰ ১৫ লাখ টকাহে দেখিছে কিন্তু ইয়াৰ উপৰিও, আৰহানে আৰু টকা লৈছে যিটো মোক দিবলৈ বৰ্তমান তেওঁ অমান্তি হৈছে।” ইয়াৰ পিছতেই; আকৌ ৰশ্মিৰ ওপৰত নিজৰ ক্ষোভ উজাৰি আৰোপ লগাইছে আৰহানে।

টকা লৈ নোলোৱাৰ ভাওঁঃ উভতাই নিদিয়ে ৰশ্মিক আৰহানে টকা- 8


আৰহানৰ মতে, চচিয়েল মিডিয়াত যিসমূহ আদান প্ৰদানৰ ফটো ভাইৰেল হৈছে সেই আটাইসমূহ তেওঁৰ নহয় ইয়াৰ উপৰিও আৰহানে কয় যে, ৰশ্মিয়ে নিজ ইচ্ছানুসৰি চচিয়েল মিডিয়াত ভাইৰেল কৰিছে উক্ত স্ক্ৰীণচট সমূহ।

]]>
https://rupaliparda.com/archives/13705/feed 0 13705
“মুঝসে শাদী কৰোগে” গ্ৰহণ কৰি নিৰুপায় শ্বেহনাজঃ নিজিকিলে “বিগ বছ”- https://rupaliparda.com/archives/13651 https://rupaliparda.com/archives/13651#respond Wed, 22 Apr 2020 16:30:28 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13651 “বিগ-বছ ১৩” ৰ শ্বেহনাজ গিলক আপোনালোকৰ নিশ্চয় মনত আছে। উক্ত ৰিয়েলেটী শ্ব’টোৰ এইবাৰৰ সংস্কৰণটোত আটাইতকৈ বেছি দৰ্শকক আকৰ্ষিত কৰা প্ৰতিযোগী গৰাকীয়ে আছিল শ্বেহনাজ গিল। কিন্তু শ্ব’টোৰ বিজয়ী ৰূপে চিনাকী লাভ নকৰিলে তেওঁ। এনেক্ষেত্ৰত বহুতেই কৈছিল যে তেওঁ হয়টো দ্বিতীয়টো শ্ব’ “মুঝসে শাদী কৰোগে” গ্ৰহণ কৰাৰ ফলত লাভ নকৰিলে “বিজয়ী খিতাপ”। গতিকে এতিয়া নিজ মুখ খুলিছে শ্বেহনাজে; তেওঁ নিজেও অনুভৱ কৰিছে যে হয়টো তেওঁ পিছৰ শ্ব’টো নকৰিলে জিকিব পাৰিলে হেঁতেন বিগ বছ। স্পটবয়ক দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে, “মই যেতিয়া “মুঝসে শাদী কৰোগে” ৰ প্ৰথমটো প্ৰমো’ দেখিছিলো মই তেতিয়াই অনুভৱ কৰিছিলো যে দৰ্শকে মোক ভাল পোৱা নাই। এতিয়া মইও ভাবিবলৈ বাধ্য হৈছো যে যদিহে মই সেইটো শ্ব’ গ্ৰহণ নকৰিলো হয় তেতিয়াহ’লে বিগ বছ নিজিকিলেও হয়টো ফাৰ্ষ্ট ৰাণাৰ আপ হ’লোহেঁতেন।”

"মুঝসে শাদী কৰোগে" গ্ৰহণ কৰি নিৰুপায় শ্বেহনাজঃ নিজিকিলে "বিগ বছ"- 9
"মুঝসে শাদী কৰোগে" গ্ৰহণ কৰি নিৰুপায় শ্বেহনাজঃ নিজিকিলে "বিগ বছ"- 10


ইয়াৰ লগতে তেওঁ কয়, “মোৰ অনুভৱ হয় মই শ্ব’টো কৰো বহুখিনি মানুহক হেৰুৱাই পেলালো; যিয়ে মোৰ বাবে ভটিং কৰিছিল। সেইবাবে হয়টো এই শ্ব’টো মই কৰিব নালাগিছিল।” সমান্তৰালকৈ শেহনাজে আগলৈ যে আৰু কোনো ধৰণৰ কন্ট্ৰেক্ট বুজি নোপোৱালৈ গ্ৰহণ নকৰে তাৰ কথাও স্পষ্ট কৰি দিয়ে।

]]>
https://rupaliparda.com/archives/13651/feed 0 13651
পাৰস-মাহিৰাৰ সহায়ক “”PR Stunt” আখ্যা জয় ভানুশালীৰঃ https://rupaliparda.com/archives/13049 https://rupaliparda.com/archives/13049#respond Sat, 11 Apr 2020 14:30:34 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13049 “লক-ডাউন” ৰ সময়ত বহু চিলেব্ৰেটীয়ে অসহায় জনক সহায় কৰা দেখিবলৈ পোৱা গৈছে। বিগত দিনত বিগ বছ ১৩ ত অন্তৰ্ভূক্ত প্ৰতিযোগী পাৰস ছাৱৰা তথা মাহিৰা শৰ্মাই লগ হৈ অসহায় জনক সহায় কৰিবলৈ আগবাঢ়ে। কিন্তু তেওঁলোকৰ এনে সহায়ক আওঁকাণ কৰি জয় ভানুশালীয়ে পাৰস-মাহিৰাৰ এই পদক্ষেপক “PR Stunt” আখ্যা দিয়ে। জয় ভানুশালীৰ এনে কথাক প্ৰত্যুত্তৰ দিবলৈ এতিয়া আগবাঢ়ি আহিছে মাহিৰা শৰ্মা। স্পটবয়ৰ ৰিপোৰ্টনুসৰি, মাহিৰাৰ বাবে অসহায় জনক সহায় কৰাটো এইটোৱে দেখুৱাই যে তেওঁৰ সহানুভূতি আছে। লগতে, মাহিৰাই কয় যে, “মোৰ এনে লোকৰ প্ৰতিও সহানূভূতি আছে; যিয়ে বৰ্তমান সময়ত নিজৰ তথা পৰিয়ালক সহায় কৰিব পৰা নাই। চচিয়েল মিডিয়াত থাকি অইনক সমালোচনা কৰা নাইবা বেলেগে কৰা কামক প্ৰশ্ন কৰা অত্যন্ত সহজ; ইয়াত এটাই মাত্ৰ টান হয় বাহিৰলৈ ওলাই আহি অসহায়ক খাদ্য প্ৰদান কৰাটো।”


ইয়াৰ উপৰিও মাহিৰাই চচিয়েল মিডিয়াক ধেমালি ভিডিঅ’ প্ৰস্তুত কৰি অইনক হহুঁৱাবলৈ যে ব্যৱহাৰ নকৰে সেই কথা স্পষ্ট কৰি দিয়াৰ লগতে কয় যে বৰ্তমান পৰিস্থিতি ধেমালি কৰা নহয়; চচিয়েল মিডিয়াক অইন লোকক উৎসাহিত কৰিবলৈহে তেওঁ ব্যৱহাৰ কৰে। মাহিৰা আৰু পাৰসে কৰা সহায়-সাৰথিৰ এটি ভিডিঅ’ ইনষ্টাগ্ৰাম যোগে আপলোড কৰিছিল মাহিৰাই। তেওঁ ভিডিঅ’টো যোগেৰে কৈ দিয়ে যে তেওঁলোকে কোনোধৰণে লোক সমূহক দেখুৱাবলে এই কাম কৰা নাই তাৰ পৰিৱৰ্তে তেওঁলোকে এই কাম কৰিছে নিজ মনৰ পৰাহে।

পাৰস-মাহিৰাৰ সহায়ক ""PR Stunt" আখ্যা জয় ভানুশালীৰঃ 11


মাহিৰা-পাৰসৰ এই ভিডিঅ’ৰ পিছতেই জয় ভানুশালীয়ে কয় যে, “যদিহে কোনোৱে অসহায় জনক সহায় কৰিবলৈ আগবাঢ়িব বিচাৰে তেনেহ’লে তেওঁলোকে নিজৰ ফোনসমূহ ঘৰতেই থৈ যাব কিয়নো অসহায় লোক সমূহে কেমেৰা দেখিলে অপ্ৰস্তুত হৈ পৰে।”

]]>
https://rupaliparda.com/archives/13049/feed 0 13049
“বিগ বছ ১২”- ফাঁট মেলিলে নেকি ভায়েক- ভনীয়েকৰ সম্পৰ্কত? https://rupaliparda.com/archives/12457 https://rupaliparda.com/archives/12457#respond Tue, 31 Mar 2020 16:35:56 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12457 “বিগ-বছ” ৰ প্ৰত্যেকটো সংস্কৰণে কোনো নহয় কোনো বিষয়ৰ বাবে সদায় চৰ্চিত হৈছিল। যেনেদৰে এইবাৰ “শ্বেহনাজ-সিদ্ধাৰ্থ” ৰ যুঁটিটোৰ বাবে অধিক শিৰোনাম দখল কৰিছিল “বিগ-বছ ১৩” য়ে। তাতেই আকৌ ২০১৮-১৯ ৰ সংস্কৰণটোৱে চৰ্চা লাভ কৰিছিল ক্ৰিকেটাৰ শ্ৰী শান্ত আৰু দীপিকা কক্কড়ৰ “ভায়েক-ভনীয়েক” ৰ সম্পৰ্কটোৰ বাবে। কিন্তু বৰ্তমান অহা খবৰ মতে, ভায়েক-ভনীয়েকৰ সম্পৰ্কত ইতিমধ্যে ফাঁট মেলিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কোৱা অনুসৰি “খবৰ যোগান ধৰোতা” এগৰাকীয়ে টুইট কৰি কৈছে যে, “শ্ৰী শান্তৰ বৰ্তমান দীপিকাৰ সৈতে কোনো কথা-বতৰা নাই বুলি ক্ৰিকেটাৰ জনে নিজেই উল্লেখ কৰিছে।

"বিগ বছ ১২"- ফাঁট মেলিলে নেকি ভায়েক- ভনীয়েকৰ সম্পৰ্কত? 12
"বিগ বছ ১২"- ফাঁট মেলিলে নেকি ভায়েক- ভনীয়েকৰ সম্পৰ্কত? 13


তাৰ লগতে শ্ৰী শান্তে ইয়াকো কয় যে তেওঁ হেনো দীপিকাৰ বাহিৰে আন সকলোৰে সৈতে সম্পৰ্কত আছে। শেষবাৰ দীপিকাক শ্ৰী শান্তে তেওঁৰ জীয়ৰী সান্বিকাৰ জন্মদিনত মাতিবলৈ মেছেজ কৰিছিল য’ত সান্বিকাই নিজেই কৈছিল যে “পেহীক মাতা।” কিন্তু সেইটো ফালৰ পৰা কোনো সঁহাৰি অহা নাছিল।ফলত শ্ৰী শান্তে পুনৰ আকৌ কথা পতাৰ চেষ্টা নকৰিলে।” আছলতে, এই সমগ্ৰ কথা শ্ৰী শান্তে “বিগ বছ ১২” ত থকা আন এগৰাকী প্ৰতিযোগী কৰণবীৰ বোহৰাৰ সৈতে “লাইভ শ্বেট” ত কৈছিল। ইয়াৰ উপৰিও শ্ৰী শান্তে কয় যে, যেতিয়াই দীপিকাই তেওঁৰ সৈতে কথা পাতিব বিচাৰিব তেতিয়াই তেওঁৰ স্বাগত কৰা হ’ব।

]]>
https://rupaliparda.com/archives/12457/feed 0 12457
হিট নে ফ্লপ শেহনাজ-পাৰসৰ “মুঝসে শাদী কৰোগে?” https://rupaliparda.com/archives/11190 https://rupaliparda.com/archives/11190#respond Mon, 09 Mar 2020 17:30:08 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11190 কালাৰ্ছৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ “বিগ বছ ১৩” ৰ সমাপ্তিৰ পিছতেই দৰ্শকৰ মনোৰঞ্জনৰ বাবে আৰম্ভ কৰা হৈছিল “মুঝছে শাদী কৰোগে?”; য’ত পাৰস আৰু শেহনাজ গিলে কেইবাগৰাকীও প্ৰতিযোগীৰ মাজত নিজ জীৱনসংগীৰ বিচাৰ কৰি শ্ব’টোত অংশগ্ৰহণ কৰিছিল। কিন্তু, বিগ বছ ১৩ য়ে পোৱা টি.আৰ.পি অনুসৰি শেহতীয়াকৈ আৰম্ভ হোৱা এই শ্ব’টোৱে সিমান টি.আৰ.পি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত, এই শ্ব’টো বন্ধ হোৱাৰ বিভিন্ন খবৰ অহা দেখিবলৈ পোৱা গৈছে। আনহাতে, এই খবৰ সমূহক নাকচ কৰি বৰ্তমান নিজ মুখ খুলিছে পাৰস সাবৰাই।

হিট নে ফ্লপ শেহনাজ-পাৰসৰ "মুঝসে শাদী কৰোগে?" 14
হিট নে ফ্লপ শেহনাজ-পাৰসৰ "মুঝসে শাদী কৰোগে?" 15


পিংকভিলাৰ সৈতে হোৱা কথা বতৰাত শ্ব’টো বন্ধ হোৱা কোনো খবৰ তেওঁ বৰ্তমানলৈ পোৱা নাই বুলি কোৱাৰ লগতে তেওঁ কয়, “মুঝসে শাদী কৰোগে?” এই শ্ব’টোত শেহনাজ আৰু তেওঁৰ ভাতৃ শেহৱাজৰ যুঁটিটো অধিক জনপ্ৰিয় হৈ পৰিছে দৰ্শকৰ মাজত লগতে ইয়াত বহু কেইজন সফল ল’ৰা-ছোৱালীও আহিছে; তেওঁলোকেই নতুন কন্টেন্ট আৰু আইডিয়া লগত আনে গতিকে এনেক্ষেত্ৰত এই শ্ব’টোৱে এতিয়াহে টি.আৰ.পি লাভ কৰিবলৈ সক্ষম হৈছে।” লগতে পাৰসে নিজেই এই শ্ব’টো আগলৈ লৈ যাম বুলি ব্যক্ত কৰে সাংবাদিকৰ ওচৰত।

]]>
https://rupaliparda.com/archives/11190/feed 0 11190
১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ “পাৰস-শ্বেহনাজ” ৰ স্বয়ম্বৰঃ https://rupaliparda.com/archives/10309 https://rupaliparda.com/archives/10309#comments Thu, 13 Feb 2020 12:37:05 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10309 “বিগ বছ ১৩” সমাপ্তিৰ পিছত অনুৰাগীৰ মনোৰঞ্জনক উদ্দেশ্যি কাৰ্লাছে এক নতুন ৰিয়েলিটী শ্ব’ ৰ আয়োজন কৰিছে। ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই শ্ব’টো হ’ব “স্বয়ম্বৰ” ৰ। বিগ বছ ১৩ ৰ প্ৰতিযোগীক লৈ নিৰ্মাণ কৰা হৈছে এই শ্ব’টো। কিন্তু, ইয়াত কোন থাকিব তাক লৈ বিভিন্ন খবৰ অহা দেখিবলৈ পোৱা গৈছে। প্ৰথমতে, শ্বেহনাজ গিল আৰু তাৰ পিছত আছিম ৰিয়াজৰ “স্বয়ম্বৰ” ৰ কথা জনোৱা হৈছিল যদিও আছিম ৰিয়াজৰ পৰিয়ালে এই কথা নাকচ কৰে।

১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ "পাৰস-শ্বেহনাজ" ৰ স্বয়ম্বৰঃ 16
১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ "পাৰস-শ্বেহনাজ" ৰ স্বয়ম্বৰঃ 17


কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ তথ্যনুসৰি, এই শ্ব’টো পাৰস শ্বাৱৰা আৰু শ্বেহনাজ গিলৰ “স্বয়ম্বৰ”ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব। বিগ বছৰ বৰ্তমানৰ ঘৰটোক আৰু অলপ উন্নত কৰি তাত পাৰস-শ্বেহনাজক আৱদ্ধ কৰি ৰখা হ’ব। য’ত তেওঁলোকৰ সৈতে থাকিব ১২ গৰাকী আন প্ৰতিযোগী। এই ১২ প্ৰতিযোগীৰ মাজত ৬ গৰাকী শ্বেহনাজৰ আৰু ৬ গৰাকী পাৰসৰ “মেচ্ছ” হ’ব। উল্লেখ্য যে, উক্ত শ্বটোত পাৰস-শ্বেহনাজৰ সৈতে থাকিব ৰশ্মি আৰু সিদ্ধাৰ্থ দেশাই; য’ত তেওঁলোকে পাৰস-শ্বেহনাজৰ “পাৰফেক্ট মেচ্ছ” বিচৰাত সহায় কৰিব।

]]>
https://rupaliparda.com/archives/10309/feed 1 10309
আসিম ৰিয়াজলৈ মনত পেলাইছে হিমাংশীয়েঃ কৰিলে পোষ্ট https://rupaliparda.com/archives/10173 https://rupaliparda.com/archives/10173#respond Sat, 08 Feb 2020 13:35:05 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10173 জনপ্ৰিয় ৰিয়েলিটী শ্ব’ত বিগ বছ ১৩ ত দুটা নাম জনপ্ৰিয় হৈ উঠিছে সেইদুটা হৈছে ক্ৰমে আসিম ৰিয়াজ আৰু হিমাংশীৰ। দৰ্শকৰ আগত অসীমে উক্ত শ্ব’টোত হিমাংশী খুৰানাক প্ৰেমৰ প্ৰস্তাৱ দিয়াও দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছতেই, প্ৰেমৰ এই নিৰ্দ্দিষ্ট সপ্তাহটোৰ দ্বিতীয়টো দিনত হিমাংশীয়ে অসমীলৈ মনত পেলাই চচিয়েল মিডিয়া যোগে এক পোষ্ট কৰে যিটো এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। প্ৰ’প্ৰোজ ডে’ ৰ বাৰ্তা পঠিয়াই হিমাংশীয়ে এখন ফটো শ্বেয়াৰ কৰে চচিয়েল মিডিয়াত।

আসিম ৰিয়াজলৈ মনত পেলাইছে হিমাংশীয়েঃ কৰিলে পোষ্ট 18
আসিম ৰিয়াজলৈ মনত পেলাইছে হিমাংশীয়েঃ কৰিলে পোষ্ট 19


উল্লেখ্য যে, হিমাংশী শ্ব’টোৰ পৰা আউট হৈ যোৱা পিছতো কিছুদিন পূৰ্বে তেওঁ আসিমৰ কানেকচন হৈ আকৌ এবাৰ বিগ বছত খেলিবলৈ আহিছিল। তেতিয়াই, দুয়োগৰাকীৰ মাজত এক ভাল “কেমেষ্ট্ৰী” দেখিবলৈ পাইছিল দৰ্শকে। ইয়াৰ পিছতেই, তেওঁলোকৰ অনুৰাগীয়ে দুয়োগৰাকীক একেলগে দেখাৰ ইচ্ছা প্ৰকাশ কৰে।

]]>
https://rupaliparda.com/archives/10173/feed 0 10173