Biplob Gogoi – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 28 Jul 2021 01:22:28 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Biplob Gogoi – Rupaliparda.com https://rupaliparda.com 32 32 163073109 পবিত্ৰ শাওন মাহ আৰু এটি টোকাৰী গীত “কৈলাশ”- https://rupaliparda.com/archives/27671 https://rupaliparda.com/archives/27671#respond Thu, 29 Jul 2021 08:30:00 +0000 https://rupaliparda.com/?p=27671 এয়া শাওন মাহ; ভক্তগণ ৰাইজৰ বাবে এয়া পবিত্ৰ মাহ। য’ত তেওঁলোকে শিৱ ভগৱানক আৰাধনা কৰি সমাজৰ অপায়-অমংগল সমূহ নাশ কৰিবলৈ সেৱা প্ৰাৰ্থনা কৰে। আপুনি নিশ্চয় জানে যে বৰ্তমান পৰিপ্ৰেক্ষিতত নৱপ্ৰজন্মৰ প্ৰতিটো দিশত সক্ৰিয়তা কিমান বেছি! পৰিস্থিতি আৰু সময়ৰ সৈতে খাপ খুওৱাই তেওঁলোকে নিজ নিজ সৃষ্টি সমূহ ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ প্ৰয়াস কৰে। অৱশ্যে, তেওঁলোকৰ এই সৃষ্টি সমূহক সহৃয়তাৰে ৰাইজে আঁকোৱালি লোৱাত নৱপ্ৰজন্ম যথেষ্ট হাৰত উৎসাহিত হোৱাও পৰিলক্ষিত হয়। আমি প্ৰত্যেকেই ইজনে আনজনৰ পৰিপূৰক, প্ৰতিটো সময়ত আমাক আন এগৰাকীৰ সহায়-সহযোগিতাৰ প্ৰয়োজন হয়। সাম্প্ৰতিক সময়ছোৱাত মনোৰঞ্জন প্ৰেমী ৰাইজে নৱপ্ৰজন্মৰ প্ৰতি দেখুওৱা সঁহাৰি আৰু আদৰৰ বাবেই আচলতে তেওঁলোকে আৰু দুগুণ উৎসাহেৰে কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হৈছে। থলুৱা গীত সমূহৰ প্ৰাধান্য বুজি নৱপ্ৰজন্মৰ প্ৰতিজন কলা-কুশলীয়ে কৰা চেষ্টাক আদৰণি জনোৱাও দেখিবলৈ পোৱা যায় সকলোকে। শেহতীয়াকৈ, শাওন মাহক উদ্দেশ্যি “কৈলাশ” শীৰ্ষক এটি টোকাৰী গীতক শেহতীয়াকৈ মুকলি কৰি দিছে নৱপ্ৰজন্মৰ এটা দলে। “বেণ্ড পাৰ্টীৰ ঢুলীয়া” নামে এটি ব্যতিক্ৰমী বিহুগীতেৰে শ্ৰোতাক আকৰ্ষণ কৰা বিপ্লৱ গগৈৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটিয়েও জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।


অসমৰ থলুৱা গীত-মাত, নৃত্য সমূহক লৈ প্ৰায়ে একোজন যুৱপ্ৰজন্মই ন-ন প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা যায়। আচলতে, সংস্কৃতিটো ধৰি ৰখা ক্ষেত্ৰত যেতিয়া যুৱপ্ৰজন্মৰ আগ্ৰহক দেখা যায় তেতিয়া তাতকৈ অধিক একোজন অসমীয়াৰ বাবে ভাল লগা আৰু একোৱে হ’ব নোৱাৰে। আমাৰ প্ৰত্যেকেৰেই থলুৱা গীত সমূহৰ প্ৰতি এক বিশেষ টান আছে; সেইবাবেই হয়টো কোনো নৱপ্ৰজন্মৰ মুখত ইয়াক শুনিবলৈ পালে আমি আৰু অধিক উৎসাহী হৈ পৰো। “কৈলাশ” গীতটিত বিপ্লৱ গগৈৰ সৈতে কণ্ঠদান কৰিছে আন এগৰাকী প্ৰতিভাৱান যুৱক আকাশদ্বীপ গগৈয়ে। কথা আৰু সুৰ কৰিছে মুনিন বৰাই। ৰিতুপৰ্ণ বৰাই নিজ সুন্দৰ সংগীতেৰে গীতটিক সঁজোৱাৰ লগতে তেওঁ ইয়াত শব্দ সংমিশ্ৰণৰ দায়িত্বও ৰূপায়ণ কৰিছে। কী-বোৰ্ড চন্দন দত্তৰ, বাঁহী বজাইছে ৰক্তিম দত্তই আৰু নাগাৰা বজাইছে ঋতুৰাজে। খোল বজাইছে জিতু নেওঁগে। নৱপ্ৰজন্মৰ সৃষ্টি সমূহে জনসাধাৰণক ইমানেই উৎসাহিত কৰিছে যে এতিয়া তেওঁলোকৰ আন আন সৃষ্টি সমূহৰ বাবে আমি অপেক্ষা কৰি ৰ’বলৈও সংকোচ নকৰো। মুঠতে, নতুন আৰু ব্যতিক্ৰমী সোঁৱাদ এটা আমি প্ৰতিটো প্ৰকল্পতেই বিচাৰিবলৈ লৈছোঁ।

পবিত্ৰ শাওন মাহ আৰু এটি টোকাৰী গীত "কৈলাশ"- 1


বিপ্লৱ গগৈৰ অনাগত দিনৰ প্ৰতিটো পৰিকল্পনাৰ বাবে আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27671/feed 0 27671
“কিন্তু গান গাবলৈ সম্পূৰ্ণ সাহস পালো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাহে”- বিপ্লৱ গগৈ https://rupaliparda.com/archives/23397 https://rupaliparda.com/archives/23397#respond Tue, 12 Jan 2021 08:30:10 +0000 https://rupaliparda.com/?p=23397 সমাগত মাঘ বিহুক লৈ বহু কেইজন কন্ঠশিল্পীয়ে ইতিমধ্যে নিজ নিজ কন্ঠৰে মুকলি কৰি দিছে একোটাকৈ বিহু গীত। বাপতি সাঁহোন বিহুটোক আদৰ-সাদৰেৰে উদযাপন কৰাৰ অৰ্থে শেহতীয়াকৈ কন্ঠশিল্পী বোৰে নিজ নিজ অনুৰাগীক উৎসাহিত কৰিবলৈ একোটাকৈ বিহু গীতৰ মুকলি কৰি দিছিল। কিছুদিন পূৰ্বে এক সুঁকীয়া বিহুগীতে চৰ্চা লাভ কৰিছিল চচিয়েল মিডিয়াত; ক্ষন্তেকতে ই ইউটিউবত হাজাৰৰ অংকত ভিউৱাৰচ লাভ কৰিবলৈও সক্ষম হৈছিল। ইয়াৰ নাম আছিল “বেণ্ড পাৰ্টীৰ ঢুলীয়া”; এক সুন্দৰ সৃষ্টি। গীতটিক লৈ জনসাধাৰণৰ কমেন্টো দেখিবলৈ পোৱা গৈছিল ধনাত্মক; নৱপ্ৰজন্ম আৰু এওঁলোকৰ শেহতীয়া সৃষ্টি সমূহে আচলতে বহুল হাৰত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। এনে এগৰাকী নৱপ্ৰজন্মৰ সংগীত শিল্পীৰ নাম হৈছে বিপ্লৱ গগৈ। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যেতিয়া তেওঁক সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কয় যে, “মোৰ ক্ষেত্ৰত সংগীতৰ পৰিৱেশ এটা নিজৰ ঘৰ খনৰ পৰাই আৰম্ভ হৈছিল; মোত ককা এজন সুদক্ষ বিহুৱা আৰু দেউতা এজন তবলা, ঢোলক বাদকৰ সমান্তৰালকৈ এজন বিহুৱায়ো আছিল। তেনেকৈয়ে, মই বিহু বাদ্য ক্ৰমে ঢোল, পেঁপা আৰু গগনাৰ প্ৰতি আকৃষ্ট হৈ নিজেই শিকিব ললোঁ; হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীলৈ আহি পঢ়াৰ লগতে প্ৰথমতে এজন ঢুলীয়া, পেঁপুৱা ৰূপেহে অনুষ্ঠান বোৰ কৰিছিলো আৰু পিছলৈ লাহে লাহে বিহু নামবোৰ আৰু ভাল লগা গীত বোৰ গাবলৈ চেষ্টা কৰিলো। কিন্তু গান গাবলৈ সম্পূৰ্ণ সাহস পালো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাহে; কাৰিকৰী বিভাগত স্নাতক লৈ উচ্চ শিক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পিছত মই বিশ্ববিদ্যালয় সপ্তাহত আৰু যুৱ মহোৎসৱত লোক সংগীত আৰু লোক বাদ্যত স্বৰ্ণ পদক পাবলৈ সক্ষম হ’লো, আৰু এনেকৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি সমবেত সংগীতত তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হ’লো। তেতিয়াৰে পৰা, মোক গীত গাবলৈ মনত সাহস দিছিল মনোজ শৰ্মা দেৱ আৰু বন্ধু প্ৰতীম অৰূপ কলিতাই। সংগীত ক্ষেত্ৰখনত এনেদৰে মোৰ যাত্ৰা আৰম্ভ হৈছিল।”

"কিন্তু গান গাবলৈ সম্পূৰ্ণ সাহস পালো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাহে"- বিপ্লৱ গগৈ 2


“বেণ্ড পাৰ্টীৰ ঢুলীয়া” শীৰ্ষক গীতটিৰ সফলতাৰ পিছত আৰু এনে গীতৰ পৰিকল্পনা কৰিছে নেকি বুলি কৰাত তেওঁ কয় যে, “পৰিকল্পনা বহুত আছে, সময়- সুবিধা হ’লে লাহে লাহে সকলো কাম আৰম্ভ কৰি যাম বুলি পৰিকল্পনা কৰিছো। এতিয়া এটি বিহু সুৰীয়া আধুনিক গীত এটাৰ কাম চলি আছে য’ত দুজন সৈনিক জোৱানৰ বিহুত ঘৰলৈ অহাৰ সময়ত হোৱা পৰিবেশ এটাক লৈ কৰা হৈছে। গীতটিৰ কথা খিনি সঁজাইছে মোৰ বন্ধু দীপাংকৰ বৰা আৰু শ্ৰদ্ধাৰ নিৰঞ্জন গোস্বামী দেৱে। লগতে, এই গীতটিত চীন-ভাৰতৰ যুদ্ধৰ কথাও উল্লেখ আছে বাবে গীতটিৰ নাম “চীন- ভাৰত” ৰখা হৈছে।” সংগীত তেওঁৰ নিচা নে পেচা বুলি সোধাত বিপ্লৱে কয় যে, “মোৰ বাবে এই প্ৰশ্নটোৱে সকলোতকৈ কঠিন প্ৰশ্ন; খেল,গীত মাত ,বাদ্য এই সকলো বোৰৰ প্ৰতি আগ্ৰহীত হৈ প্ৰথমতে তাৰ প্ৰতি নিচা হোৱাৰ পিছতহে পেছা হিচাপে সেই কৰ্মটোক কৰিব পাৰি যদিহে সেই কৰ্মটো জীৱন নিৰ্বাহৰ উপাৰ্জন হৈ পৰে। এই ক্ষেত্ৰত, মই এতিয়াও নিচা হিচাপেই কাম কৰি আছোঁ; যদি ৰাইজৰ আশীৰ্বাদ মৰম পাই থাকোঁ নিশ্চয়কৈ পেচা হিচাপে লব’লৈ কুন্ঠাবোধ নকৰোঁ।”

"কিন্তু গান গাবলৈ সম্পূৰ্ণ সাহস পালো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাহে"- বিপ্লৱ গগৈ 3


বিপ্লৱ গগৈয়ে নিজ কন্ঠৰ বাবে বৰ্তমান বৃহৎ সংখ্যাত শ্ৰোতা-দৰ্শকক অনুৰাগী কৰি তুলিছে। তেওঁৰ আগন্তুক প্ৰতিটো পৰিকল্পনাৰ বাবে তেওঁলৈ জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা।

]]>
https://rupaliparda.com/archives/23397/feed 0 23397