bishnu prasad rabha – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 20 Jun 2023 15:53:08 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 bishnu prasad rabha – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Rabha Divas: Celebrating the Life and Legacy of Kalaguru Bishnu Prasad Rabha https://rupaliparda.com/archives/29518 https://rupaliparda.com/archives/29518#respond Tue, 20 Jun 2023 15:53:03 +0000 https://rupaliparda.com/?p=29518 Today, June 20, is Rabha Divas, a day to celebrate the life and legacy of Kalaguru Bishnu Prasad Rabha. Bishnu Rabha was a renowned cultural figure from Assam, known for his contributions in the fields of music, dance, painting, literature, and political activism. He was one of the pioneers of the people’s cultural movement in Assam, and his work helped to shape the modern Assamese identity.

Kalaguru Bishnu Prasad Rabha

Rabha’s Life and Work:

Bishnu Prasad Rabha was born on January 31, 1909 in Dacca, Bengal Presidency, British India. Rabha was one of the most dominant figures to contribute to the literary, cultural and political field of Assam. His extraordinary versatility helped to endear him to the people of Assam. He was an artist, singer, lyricist, music composer, actor, litterateur and architect.

After independence, Rabha continued to work in the arts, and he helped to develop a new genre of Assamese music called Rabha Sangeet. Rabha Sangeet is a fusion of classical and folk music, and it often deals with themes of social justice and liberation.

Rabha was also a prolific writer, and he wrote several plays, novels, and short stories. His works often explored the themes of poverty, exploitation, and the need for social change.

Rabha was a director and actor, known for Siraj (1948) and Era Bator Sur (1956). He was previously married to Mohini Rabha.

Bishnu Prasad Rabha was awarded the title “Kalaguru” by Dr. Sarvapalli Radhakrishnan at Varanasi for his mesmerizing “Tandava” dance of Lord Shiva. The Kalaguru was a painter par excellence.

Rabha died in 1969, in Tezpur, Assam but his legacy continues to inspire people in Assam and around the world. He is remembered as a great artist, a dedicated freedom fighter, and a tireless advocate for social justice.

How is Rabha Divas Celebrated?

Rabha Divas is celebrated in Assam with a variety of cultural events, including music performances, dance recitals, and art exhibitions. There are also lectures and discussions about Rabha’s life and work.

One of the most popular events of Rabha Divas is the Rabha Sangeet competition. This competition is open to singers of all ages, and it provides a platform for young people to showcase their talents.

Rabha Divas is also a time for people to come together and celebrate the rich culture of Assam. It is a day to remember the contributions of Bishnu Prasad Rabha, and to reaffirm the commitment to building a better future for the state.

]]>
https://rupaliparda.com/archives/29518/feed 0 29518
সৈনিক শিল্পী কলাগুৰু ৰাভালৈ শ্ৰদ্ধাঞ্জলি; অনুভূতি কাকতি গোস্বামী সহিতে ১১ গৰাকী শিল্পীৰ কণ্ঠৰে “বিশ্বৰে ছন্দে ছন্দে”- https://rupaliparda.com/archives/26913 https://rupaliparda.com/archives/26913#respond Sun, 20 Jun 2021 08:30:00 +0000 https://rupaliparda.com/?p=26913 আজি পবিত্ৰ ৰাভা দিৱস; মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰত্যেকটো প্ৰজন্মৰ লোকৰ বাবেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হৈছে আদৰ্শ। যি আদৰ্শক বুকুত বান্ধি তেওঁলোকে এই ক্ষেত্ৰখনত মনোনিৱেশৰ প্ৰয়াস কৰে। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা অসমৰ সমাজ জীৱনৰ এক অনন্য প্ৰতিভা। অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অন্যতম। অসমৰ কৃষ্টি-সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা ব্যক্তি গৰাকীয়ে আছিল বিষ্ণুপ্ৰসাদ ৰাভা।ৰাজনীতিবিদ, বিপ্লৱী সত্তাৰে ভৰপূৰ বিষ্ণু প্ৰসাদ ৰাভা আছিল মনোৰঞ্জনৰ দিশৰ পৰাও অনন্য। তেওঁৰ ৰচিত সংগীতৰ দ্বাৰাই জাতিৰ সত্তা ঘূৰাই অনাৰ চেষ্টা কৰিছিল।বিষ্ণুপ্ৰসাদ ৰাভাই নিজে বাণীবদ্ধ কৰা মুঠ ৩০ টা গীতৰ সম্ভেদ পোৱা গৈছে। তাৰে ২০ টা গীত পোনপ্ৰথমে গীতিকাৰৰ কণ্ঠৰ ৰেকৰ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। বিষ্ণু প্ৰসাদ ৰাভাৰ গীত, বাদ্য, নৃত্যৰ বাবে শিক্ষক হিচাপেব নিয়োগ কৰা হৈছিল ক্ৰমে বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালচাঁদ আৰু গহৰজানবিবিক।গতিকে শেষলৈ বিষ্ণুপ্ৰসাদ এজন “এণ্টাৰটেইনাৰ” ৰূপেও গঢ় লৈ উঠিছিল। তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ,নাট্যকাৰ, অভিনেতা আছিল বাবেই তেওঁক “কলাগুৰু” আখ্যা দিয়া হয়। তেওঁ নিজ সৃষ্টিৰাজিৰ জৰিয়তে মানৱীয় প্ৰমূল্যৱোধৰ ছবি ডাঙি ধৰিবলৈ বিচাৰিছিল। ১৯৩৩ চনৰ জ্যোতিপ্ৰসাদৰ “জয়মতী”ৰ কামত সহায় কৰাৰ উপৰিও বাণ ৰংগমঞ্চত “কাৰেঙৰ লিগিৰী” নাটক খন মঞ্চস্থ কৰে বিষ্ণু প্ৰসাদ ৰাভাই। সংগীত পৰিচালনাৰ লগতে সুদৰ্শনৰ চৰিত্ৰত অভিনয় কৰে ৰাভাই। ইয়াৰ উপৰিও ১৯৩৬ চনত শোণিতকুঁৱৰী আৰু জয়মতী আদি ছবিসমূহৰ ৰেকৰ্ডিঙৰ সমস্ত দায়িত্ব বহন কৰাৰ লগতে অসমীয়া সত্ৰীয়া নৃত্য-গীত পুনৰুদ্ধাৰ কৰি ভাৰতবৰ্ষত প্ৰচাৰৰ চেষ্টা কৰে বিষ্ণুপ্ৰসাদে ৰাভাই। জাতিক নিকা কৰাৰ স্বাৰ্থত উঠি পৰি লাগিছিল বিষ্ণু প্ৰসাদ ৰাভা। তেওঁ সকলো দিশৰ পৰাই অসমীয়া জাতিটোক চহকী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়া হ’ল বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ত আপোনালোকক দিয়া এক থুলমুল আভাষ; আজিও এই ৰাভাই নৱপ্ৰজন্মক উৎসাহিত কৰি ৰাখে।


সৈনিক শিল্পী কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰৰ মুঠ ১১ গৰাকী শিল্পীয়ে লগ হৈ প্ৰস্তুত কৰি উলিয়াইছে বিষ্ণুপ্ৰসাদ ৰাভাৰ “বিশ্বৰে ছন্দে ছন্দে” শীৰ্ষক গীতটিৰ কভাৰ সংস্কৰণ। ক’ভিড প্ৰটকল সমূহৰ ফলত উক্ত প্ৰত্যেকগৰাকী শিল্পীয়ে নিজ নিজ বাসগৃহতেই থাকি অনলাইন যোগে প্ৰস্তুত কৰি উলিয়াইছে গীতটি; অৱশ্যে ভিডিঅ’টোৱে এই কথাটো স্পষ্ট কৰিছে। গীতটিৰ পৰিকল্পনা তথা সম্পাদনা হৈছে অনুভূতি কাকতি গোস্বামীৰ; আনহাতে গীতটিত কণ্ঠদান কৰা শিল্পী কেইজন হৈছে ক্ৰমে অনুভূতি কাকতি গোস্বামী, মঞ্জুশ্ৰী বৰুৱা, অনুষ্মা শৰ্মা, সম্প্ৰীতি গোস্বামী, মনমিত মহন্ত, মনদ্বীপ মহন্ত, কৌশিক দাস আৰু ঋষভ বৰুৱাই। ৰি-প্ৰডাকচনৰ দায়িত্বত আছে ইমন সেউজ গোস্বামী; আনহাতে, এই গীতটিৰ ভিডিঅ’টোত নৃত্য প্ৰদৰ্শন কৰিছে ত্ৰিদিশা শৰ্মা আৰু ইমন শৰ্মাই; চিত্ৰগ্ৰহণ কৰিছে ক্ৰমে ইমন, অনুভূতি, অভিনৱ কলিতা, মানৱজ্যোতি শৰ্মা, কবীৰ কাশ্যপ, অনুভৱ শৰ্মা, কৌশিক, ঋষভৰ লগতে মনদ্বীপ আৰু মনমিতে। উল্লেখ্য যে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথমটো লং প্লেয়িং ৰেকৰ্ড খনক নামাকৰণ কৰা হৈছিল “বিশ্বৰে ছন্দে ছন্দে” নামেৰে। লং প্লেয়িং ৰেকৰ্ডখনৰ এই গীতটিত শিল্পী লোকনাথ গোস্বামীয়ে কণ্ঠদান কৰাৰ লগতে সমস্ত কামখিনিত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল। এই ৰেকৰ্ডখন সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ দ্বাৰা প্ৰযোজিত হৈছিল। লোকনাথ গোস্বামীদেৱৰ তত্বাৱধানতে এই গীতটি পুনৰবাৰ বাণীবদ্ধ কৰা হ’ল।

সৈনিক শিল্পী কলাগুৰু ৰাভালৈ শ্ৰদ্ধাঞ্জলি; অনুভূতি কাকতি গোস্বামী সহিতে ১১ গৰাকী শিল্পীৰ কণ্ঠৰে "বিশ্বৰে ছন্দে ছন্দে"- 1

গীতটিৰ নতুন সংস্কৰণটোৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26913/feed 0 26913
বিষ্ণুপ্ৰসাদ ৰাভাক অনুসৰণ কৰিয়েই লিখা কাহিনী; কল্পকাহিনী “কলাগুৰু” য়ে লাভ কৰিছে চৰ্চাঃ https://rupaliparda.com/archives/26704 https://rupaliparda.com/archives/26704#respond Fri, 11 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26704 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ সমাজ জীৱনৰ এক অনন্য প্ৰতিভা। অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অন্যতম। অসমৰ কৃষ্টি-সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা ব্যক্তি গৰাকীয়ে আছিল বিষ্ণুপ্ৰসাদ ৰাভা।ৰাজনীতিবিদ, বিপ্লৱী সত্তাৰে ভৰপূৰ বিষ্ণু প্ৰসাদ ৰাভা আছিল মনোৰঞ্জনৰ দিশৰ পৰাও অনন্য। তেওঁৰ ৰচিত সংগীতৰ দ্বাৰাই জাতিৰ সত্তা ঘূৰাই অনাৰ চেষ্টা কৰিছিল।বিষ্ণুপ্ৰসাদ ৰাভাই নিজে বাণীবদ্ধ কৰা মুঠ ৩০ টা গীতৰ সম্ভেদ পোৱা গৈছে। তাৰে ২০ টা গীত পোনপ্ৰথমে গীতিকাৰৰ কণ্ঠৰ ৰেকৰ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। বিষ্ণু প্ৰসাদ ৰাভাৰ গীত, বাদ্য, নৃত্যৰ বাবে শিক্ষক হিচাপে নিয়োগ কৰা হৈছিল ক্ৰমে বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালচাঁদ আৰু গহৰজানবিবিক।গতিকে শেষলৈ বিষ্ণুপ্ৰসাদ এজন “এণ্টাৰটেইনাৰ” ৰূপেও গঢ় লৈ উঠিছিল। তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ,নাট্যকাৰ, অভিনেতা আছিল বাবেই তেওঁক “কলাগুৰু” আখ্যা দিয়া হয়। তেওঁ নিজ সৃষ্টিৰাজিৰ জৰিয়তে মানৱীয় প্ৰমূল্যৱোধৰ ছবি ডাঙি ধৰিবলৈ বিচাৰিছিল। ১৯৩৩ চনৰ জ্যোতিপ্ৰসাদৰ “জয়মতী”ৰ কামত সহায় কৰাৰ উপৰিও বাণ ৰংগমঞ্চত “কাৰেঙৰ লিগিৰী” নাটক খন মঞ্চস্থ কৰে বিষ্ণু প্ৰসাদ ৰাভাই। সংগীত পৰিচালনাৰ লগতে সুদৰ্শনৰ চৰিত্ৰত অভিনয় কৰে ৰাভাই। ইয়াৰ উপৰিও ১৯৩৬ চনত শোণিতকুঁৱৰী আৰু জয়মতী আদি ছবিসমূহৰ ৰেকৰ্ডিঙৰ সমস্ত দায়িত্ব বহন কৰাৰ লগতে অসমীয়া সত্ৰীয়া নৃত্য-গীত পুনৰুদ্ধাৰ কৰি ভাৰতবৰ্ষত প্ৰচাৰৰ চেষ্টা কৰে বিষ্ণুপ্ৰসাদে ৰাভাই। জাতিক নিকা কৰাৰ স্বাৰ্থত উঠি পৰি লাগিছিল বিষ্ণু প্ৰসাদ ৰাভা। তেওঁ সকলো দিশৰ পৰাই অসমীয়া জাতিটোক চহকী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়া হ’ল বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ত আপোনালোকক দিয়া এক থুলমুল আভাষ; আজিও এই ৰাভাই নৱপ্ৰজন্মক উৎসাহিত কৰি ৰাখে। আজিৰ প্ৰজন্মই তেওঁক অনুসৰণ কৰিয়ে ভিন্ন দিশত আগবঢ়া দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে, আমি আপোনালোকক দিবলৈ ওলাইছো এক নতুন ভাল খবৰ।

বিষ্ণুপ্ৰসাদ ৰাভাক অনুসৰণ কৰিয়েই লিখা কাহিনী; কল্পকাহিনী "কলাগুৰু" য়ে লাভ কৰিছে চৰ্চাঃ 2


নৱপ্ৰজন্মৰ এদল প্ৰতিভাই এখন কিতাপৰ পৰিকল্পনা কৰিছে; য’ত থাকিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা অনুপ্ৰাণিত হৈ লিখা ৪-৫ টা মান সুন্দৰ কাহিনী। ইন্টাৰনেটত উপলদ্ধ হোৱাৰ লগতে এই কিতাপখনক আপোনালোকে হাৰ্ড কপি ৰূপটো পঢ়িবলৈ পাব। এজন নৱমশ্ৰেণীত অধ্যয়নৰত ছাত্ৰই সৰুৰ পৰা ককাকৰ মুখে শুনি অহা বিষ্ণুপ্ৰসাদৰ সাধুসমূহৰ বাবে বৰ্তমান সময়ছোৱাত তেওঁৰ চুপাৰহিৰো’ কোনো স্পাইদাৰমেন অথবা শক্তিমান নহয়; তেওঁৰ বাবে চুপাৰহিৰো’ জন হৈছে কলাগুৰু। যাক কুলধৰ নামে এই ছাত্ৰজনে সপোনে-দিঠকে অনুসৰণ কৰে; ককাদেউতাকে সৰুৰে পৰা তাক কোৱা কাহিনী সমূহেৰে এটা চৰিত্ৰক তাৰ মন-মগজুত সুমুৱাই দিয়াৰ ফলত কুলধৰে ভাবিবলৈ আৰম্ভ কৰে যে তাৰ বাস্তৱ জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধানৰ বাট মোকলাই দিয়াত সহায় কৰে তাৰ মনে-প্ৰাণে শিঁপাই থকা “কলাগুৰু” নামৰ এই চুপাৰহিৰো’ গৰাকীয়ে। “কলাগুৰু” নামটিৰেই কিতাপখনৰো নামাংকন কৰা হৈছে। এই কিতাপখনৰ পৰিকল্পনা জনপ্ৰিয় কাৰ্টুনিষ্ট কুলদীপ শইকীয়াৰ, সমান্তৰালকৈ তেওঁ কিতাপখনৰ কাৰ্টুনসমূহো অংকন কৰিছে। ইয়াত সন্নিৱিষ্ট কাহিনীসমূহ লিখিছে পৰী দাস; তেওঁৰ কাহিনীৰে ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আন এখন চুটি ছবি “তেজৰ টুকুৰা”। ডিজিটেল আৰ্ট কৰিছে ঋত্বিকা নিশা শইকীয়াই; তেওঁৰ চচিয়েল মিডিয়া প্ৰফাইলত চকু ফুৰালে আপোনালোকে বুজি উঠিব ঋত্বিকাৰ প্ৰতিভা। আনহাতে, তেওঁলোকৰ এই সামগ্ৰিক পৰিকল্পনাত সহায় কৰিছে পৰিচালক চিন্ময় বাৰ্মাই। কাল্পনিক খণ্ড খণ্ড কাহিনীৰে লিখি উলিওৱা এই কিতাপখন অতিশীঘ্ৰে ৰাইজৰ মাজত উলিয়াই দিয়া হ’ব।

বিষ্ণুপ্ৰসাদ ৰাভাক অনুসৰণ কৰিয়েই লিখা কাহিনী; কল্পকাহিনী "কলাগুৰু" য়ে লাভ কৰিছে চৰ্চাঃ 3


উক্ত কিতাপখন ইতিমধ্যে চচিয়েল মিডিয়াত মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। ইয়াৰ সৈতে জড়িত প্ৰত্যেকগৰাকী প্ৰতিভা আমি ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/26704/feed 0 26704
বিষ্ণুপ্ৰসাদ ৰাভালৈ তেওঁৰ গীতেৰেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন একাংশ উদীয়মান শিল্পীৰঃ https://rupaliparda.com/archives/16787 https://rupaliparda.com/archives/16787#respond Sat, 20 Jun 2020 10:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16787 কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা অসমৰ সমাজ জীৱনৰ এক অনন্য প্ৰতিভা। অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অন্যতম। অসমৰ কৃষ্টি-সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা ব্যক্তি গৰাকীয়ে আছিল বিষ্ণুপ্ৰসাদ ৰাভা। ৰাজনীতিবিদ, বিপ্লৱী সত্তাৰে ভৰপূৰ বিষ্ণু প্ৰসাদ ৰাভা আছিল মনোৰঞ্জনৰ দিশৰ পৰাও অনন্য। তেওঁৰ ৰচিত সংগীতৰ দ্বাৰাই জাতিৰ সত্তা ঘূৰাই অনাৰ চেষ্টা কৰিছিল। উল্লেখ্য যে, বিষ্ণুপ্ৰসাদ ৰাভাই নিজে বাণীবদ্ধ কৰা মুঠ ৩০ টা গীতৰ সম্ভেদ পোৱা গৈছে। তাৰে ২০ টা গীত পোনপ্ৰথমে গীতিকাৰৰ কণ্ঠৰ ৰেকৰ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। বিষ্ণু প্ৰসাদ ৰাভাৰ গীত, বাদ্য, নৃত্যৰ বাবে শিক্ষক হিচাপে নিয়োগ কৰা হৈছিল ক্ৰমে বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালচাঁদ আৰু গহৰজানবিবিক। গতিকে শেষলৈ বিষ্ণুপ্ৰসাদ এজন “এণ্টাৰটেইনাৰ” ৰূপেও গঢ় লৈ উঠিছিল।

বিষ্ণুপ্ৰসাদ ৰাভালৈ তেওঁৰ গীতেৰেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন একাংশ উদীয়মান শিল্পীৰঃ 4


তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ,নাট্যকাৰ, অভিনেতা আছিল বাবেই তেওঁক “কলাগুৰু” আখ্যা দিয়া হয়। তেওঁ নিজ সৃষ্টিৰাজিৰ জৰিয়তে মানৱীয় প্ৰমূল্যৱোধৰ ছবি ডাঙি ধৰিবলৈ বিচাৰিছিল। উল্লেখ্য যে, ১৯৩৩ চনৰ জ্যোতিপ্ৰসাদৰ “জয়মতী”ৰ কামত সহায় কৰাৰ উপৰিও বাণ ৰংগমঞ্চত “কাৰেঙৰ লিগিৰী” নাটক খন মঞ্চস্থ কৰে বিষ্ণু প্ৰসাদ ৰাভাই। সংগীত পৰিচালনাৰ লগতে সুদৰ্শনৰ চৰিত্ৰত অভিনয় কৰে ৰাভাই। ইয়াৰ উপৰিও ১৯৩৬ চনত শোণিতকুঁৱৰী আৰু জয়মতী আদি ৰেকৰ্ডিংৰ সমস্ত দায়িত্ব বহন কৰাৰ লগতে অসমীয়া সত্ৰীয়া নৃত্য-গীত পুনৰুদ্ধাৰ কৰি ভাৰতবৰ্ষত প্ৰচাৰৰ চেষ্টা কৰে বিষ্ণুপ্ৰসাদে ৰাভাই।জাতিক নিকা কৰাৰ স্বাৰ্থত উঠি পৰি লাগিছিল বিষ্ণু প্ৰসাদ ৰাভা। তেওঁ সকলো দিশৰ পৰাই অসমীয়া জাতিটোক চহকী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল।


এই গৰাকী শিল্পীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এতিয়া নৱপ্ৰজন্মৰ একাংশ শিল্পীয়ে হাতত লোৱা সুন্দৰ পদক্ষেপ কিছুমানে মন টানিছে দৰ্শক ও শ্ৰোতাৰ। মুম্বাই প্ৰতিস্থিত সংগীত পৰিচালক ও কন্ঠশিল্পী জাগৰণ শইকীয়া, সমীৰণ মলয়কে আৰম্ভ কৰি অৰূপজ্যোতি বৰুৱা, অংকুৰ শইকীয়া, গিৰিশ শইকীয়া আৰু দূৰ্লভ শংকৰ বৰদলৈয়ে “নাও” শীৰ্ষক এটি গীতৰ জৰিয়তে শিল্পী গৰাকীলৈ যাঁচিছে একাঁজলি শ্ৰদ্ধাঞ্জলি। গীতটিৰ পৰিচালনাৰ দায়িত্বত থকা জাগৰণ শইকীয়াই কয় যে “সৰুৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত শুনি আমি ডাঙৰ হৈছো গতিকে “ৰাভা দিৱস” ত একোগৰাকী শিল্পী ৰূপে এয়া আমাৰ দায়িত্ব।” উক্ত “নাও” গীতটিত Cultivators গ্ৰুপৰ সৈতে জড়িত অৰূপজ্যোতি বৰুৱাই কন্ঠদান কৰিছে। গীতাৰৰ দায়িত্বত আছে অংকুৰ শইকীয়া আৰু সমীৰণ মলয় Percussion বজাইছে। “নাও” শব্দ সংমিশ্ৰণ মুম্বাইস্থিত Studio Strings ৰ গিৰিশ শইকীয়াৰ আৰু ভিজুৱেলৰ দায়িত্বত Greenvibes studios ৰ দূৰ্লভ শংকৰ বৰদলৈ।

]]>
https://rupaliparda.com/archives/16787/feed 0 16787
চিত্ৰশিল্পী কন্দৰ্প শৰ্মা আৰু নৃত্যশিল্পী ও অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ “বিষ্ণু ৰাভা বঁটা”- https://rupaliparda.com/archives/16736 https://rupaliparda.com/archives/16736#respond Fri, 19 Jun 2020 12:30:31 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16736 ক’ৰ’ণাতংকৰ মাজতেই সাংস্কৃতিক মহললৈ সুখবৰ। অহা কাইলৈ অনুষ্ঠিত কলাগুৰু বিষ্ণু ৰাভা দিৱস উপলক্ষে জনপ্ৰিয় চিত্ৰশিল্পী কন্দৰ্প শৰ্মা আৰু নৃত্যশিল্পী ও অভিনেত্ৰী ঝৰ্ণা শইকীয়াক প্ৰদান কৰা হ’ব ২০২০ বৰ্ষৰ “বিষ্ণু ৰাভা বঁটা”। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পী দুগৰাকীক প্ৰদান কৰিব এই বঁটা। মূখ্যমন্ত্ৰীৰ সৈতে এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি নৱ কুমাৰ দলে, সঞ্জয় কিষান, মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, বিধায়ক প্ৰশান্ত ফুকন তথা বিধায়ক ঋতুপৰ্ণ বৰুৱা। উল্লেখ্য যে, ১৯৪৮ চনত গুৱাহাটীস্থিত কামাখ্যাত জন্মগ্ৰহণ কৰা চিত্ৰশিল্পী কন্দৰ্প শৰ্মাই গুৱাহাটী চাৰু কাৰু কলা মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব ৰূপায়ন কৰাৰ উপৰিও অসমৰ চিত্ৰকলা ক্ষেত্ৰখনলৈও বৰঙণি আগবঢ়ায়। তেওঁ ইতিমধ্যে বিভিন্ন ঠাইত নিজৰ চিত্ৰকলা প্ৰদৰ্শন কৰি কৃতিত্ব অৰ্জন কৰিবলৈও সক্ষম হৈছে।

চিত্ৰশিল্পী কন্দৰ্প শৰ্মা আৰু নৃত্যশিল্পী ও অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ "বিষ্ণু ৰাভা বঁটা"- 5
চিত্ৰশিল্পী কন্দৰ্প শৰ্মা আৰু নৃত্যশিল্পী ও অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ "বিষ্ণু ৰাভা বঁটা"- 6


আনহাতে অভিনেত্ৰী ও নৃত্যশিল্পী ঝৰ্ণা শইকীয়া অসমীয়া সাংস্কৃতিৰ এক জনপ্ৰিয় নাম। ১৯৭৪ চনত চিনেমা “ৰতনলাল” ত নায়িকাৰ চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ সঁহাৰি লাভ কৰা ঝৰ্ণা শইকীয়াই ১৯৭৫ চনৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত “বি-হাই” নাট শিল্পীৰূপে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত লোকনৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও,এই শিল্পী গৰাকী বিভিন্ন টেলফিল্মত অভিনয় কৰাৰ লগতে দূৰদৰ্শনৰ সম্প্ৰচাৰিত নাটক আৰু টেলিফিল্ম ও তথ্যচিত্ৰৰ বাবে চিত্ৰনাট্যৰো ৰচনা কৰিছে।

]]>
https://rupaliparda.com/archives/16736/feed 0 16736
অসমীয়া প্ৰথমখন সফল ছবি “ছিৰাজ”- https://rupaliparda.com/archives/9711 https://rupaliparda.com/archives/9711#respond Mon, 24 Feb 2020 13:37:02 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9711 প্ৰথম অসমীয়া ছবি “জয়মতী” আছিল যদিও এই ছবিখন বাণিজ্যিক ভাৱে সফল হোৱা নাছিল। অসমীয়া ছবিত সফলতাৰ ধাৰা বোৱাই অনা প্ৰথমখন ছবি হৈছে “ছিৰাজ”। এই ছবিখনৰ একে নাম তথা একে কাহিনীকেই লৈ ভূপেন হাজৰিকাই ১৯৮৮ চনত “ছিৰাজ” পৰিচালনা কৰে। প্ৰথমখন ছবি “ছিৰাজ”-এ মুক্তি লাভ কৰিছিল ১৯৪৮ চনত। বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ প্ৰযোজনা আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখন চাবলৈ দূৰ দূৰণিৰ পৰা গাড়ী ভাৰা কৰি দৰ্শক আহিছিল বুলিও শুনিবলৈ পোৱা যায়।

অসমীয়া প্ৰথমখন সফল ছবি "ছিৰাজ"- 7


বৰ্তমান পূৰণি “ছিৰাজ” ৰ প্ৰিন্ট পাবলৈ নাই। ছবিখন নিৰ্মাণত নাটনি হোৱা বাবে চন্দ্ৰধৰ গোস্বামীয়ে তেওঁৰ নিজ “নিপন” নামে জাহাজখন বিক্ৰী কৰি ২০ হাজাৰ টকা দিয়ে। “ছিৰাজ” ত এটা নিষ্পাপ প্ৰেমকাহিনীৰ দ্বাৰা তথাকথিত সমাজব্যৱস্থাৰ নিৰ্দয়তাৰ প্ৰকাশ কৰা হৈছে। সমাজখনে প্ৰত্যেকটো সময়তে কৰা জাতিভেদ নাইবা উচ্চ-নীচৰ সমীকৰণে প্ৰেমৰ নিষ্ঠুৰ অৱসান ঘটোৱা দেখুওৱা হৈছে চিনেমাখনত। “ছিৰাজ” ত “সাৱিত্ৰী” ৰ চৰিত্ৰটোৱে নিজ প্ৰেমক শ্ৰদ্ধা-ভক্তি কৰি অৱশেষত যেনেদৰে বিদায় ল’বলগীয়া হ’ল; তাতেই প্ৰতিফলিত কৰা হৈছে সমাজৰ কঠোৰতম নিয়মক। অৱশ্যে চিনেমাখনৰ শেষভাগ ঋণাত্মক নাছিল; সমাজ লগতে দৰ্শকক এটা ধনাত্মক বাৰ্তা প্ৰদান কৰিছিল।

অসমীয়া প্ৰথমখন সফল ছবি "ছিৰাজ"- 8
অসমীয়া প্ৰথমখন সফল ছবি "ছিৰাজ"- 9


এই ছবিখনত অভিনয় কৰিছিল ফণী শৰ্মা, ভৱ হাজৰিকা, চন্দ্ৰধৰ গোস্বামী , বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, অম্বিকা পাটোৱাৰী, সত্যেন শৰ্মা, হৰেন শৰ্মা, সুৰেন শৰ্মা, ভবেন দাস, চামচুল হুদা, শিৱ ভট্টাচাৰ্য্য, মোচলেহ উদ্দিন আহমেদ, তুলসী দাস, হিতেশ্বৰ মহন্ত, হৰেন ভট্টাচাৰ্য্য, বীৰেন বৰবৰা, নিৰূপমা, কল্পনা ভট্টাচাৰ্য, অনুপমা ভট্টাচাৰ্য, ৰাণী পাঠক, প্ৰীতিধাৰা, কিৰণবালা, অৱন্তী আৰু
মাইনীয়ে

]]>
https://rupaliparda.com/archives/9711/feed 0 9711
ধনাত্মক বাৰ্তাৰে “ছিৰাজ” (১৯৮৮) https://rupaliparda.com/archives/2759 https://rupaliparda.com/archives/2759#respond Sat, 29 Jun 2019 14:18:10 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2759 ড° ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত ১৯৮৮ চনত মুক্তিপ্ৰাপ্ত চিনেমা “ছিৰাজে” তাহানিৰ দিনৰ পৰা বৰ্তমান পৰ্যন্ত দৰ্শকৰ সমাদৰ লাভ কৰি আহিছে। ৰমন.বি.মেহতাৰ দ্বাৰা প্ৰযোজিত চিনেমাখনৰ গীতত বলীউড অথবা সমগ্ৰ বিশ্বতে জনপ্ৰিয় লতা মংগেশকাৰে নিজ কণ্ঠ নিগৰাইছিল। উক্ত চিনেমাখনৰ “ব্লেক এন ৱাইট” সংস্কৰণ ১৯৪৮ চনতে মুক্তি পাইছিল যাক পৰিচালনা কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফনি শর্মাই।

ধনাত্মক বাৰ্তাৰে "ছিৰাজ" (১৯৮৮) 10
Shiraj 1948


“ছিৰাজ” ত এটা নিষ্পাপ প্ৰেমকাহিনীৰ দ্বাৰা তথাকথিত সমাজব্যৱস্থাৰ নিৰ্দয়তাৰ প্ৰকাশ কৰা হৈছে। সমাজখনে প্ৰত্যেকটো সময়তে কৰা জাতিভেদ নাইবা উচ্চ-নীচৰ সমীকৰণে প্ৰেমৰ নিষ্ঠুৰ অৱসান ঘটোৱা দেখুওৱা হৈছে চিনেমাখনত। “ছিৰাজ” ত “সাৱিত্ৰী” ৰ চৰিত্ৰটোৱে নিজ প্ৰেমক শ্ৰদ্ধা-ভক্তি কৰি অৱশেষত যেনেদৰে বিদায় ল’বলগীয়া হ’ল; তাতেই প্ৰতিফলিত কৰা হৈছে সমাজৰ কঠোৰতম নিয়মক। অৱশ্যে চিনেমাখনৰ শেষভাগ ঋণাত্মক নাছিল; সমাজ লগতে দৰ্শকক এটা ধনাত্মক বাৰ্তা প্ৰদান কৰিছিল।

ধনাত্মক বাৰ্তাৰে "ছিৰাজ" (১৯৮৮) 11
Shiraj 1988


“ছিৰাজ” ৰ প্ৰত্যেকটা চৰিত্ৰত অভিনীত অভিনেতা অভিনেত্ৰীৰ অভিনয় নিঁপুণ। নিপন গোস্বামীকে আদি কৰি মৃদুলা বৰুৱা, পূৰৱী শৰ্মা আৰু ৰূপক বৰুৱাৰ অভিনয়ে চৰিত্ৰকেইটি আৰু অধিক মনোগ্ৰাহী কৰি তুলিছে।
পুৰণি দিনৰ কলকতাৰ এক সুন্দৰ দৃশ্য চিনেমাখনত উপস্থাপন কৰা হৈছে। তেতিয়াৰ দিনত উচ্চ শিক্ষাৰ বাবে একমাত্ৰ উপযোগী ঠাই কলকাতা যে আছিল তাকো দেখুওৱা হৈছে চিনেমাখনত।
এক কথাত ক’বলৈ,সেই সময়ত এনে বিষয়বস্তুৰে মুক্তিপ্ৰাপ্ত চিনেমাখন দৰ্শকৰ বাবে উপভোগ্য।

Image Source: Saavn Box Office Assam Hungama

]]>
https://rupaliparda.com/archives/2759/feed 0 2759