Bollywood Gupshup – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 10 Oct 2019 09:55:29 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Bollywood Gupshup – Rupaliparda.com https://rupaliparda.com 32 32 163073109 আপনা টায়েম আয়েগাঃ “গলী বয়” ৰ সফলতা আৰু আঁৰৰ কাহিনীঃ https://rupaliparda.com/archives/6583 https://rupaliparda.com/archives/6583#respond Thu, 10 Oct 2019 12:41:41 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6583 চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুক্তিপ্ৰাপ্ত চিনেমা “গলীবয়”-এ ট্ৰেইলাৰ মুক্তিৰ পিছৰ পৰাই লাভ কৰিছিল দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। ইতিমধ্যে ছবিখনে অস্কাৰৰ বাবেও মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। ২৭ খন ছবিৰ দৌৰত বিজয়ী ৰূপে থিয় দিছে “গলী বয়”। টু নাংগা হি ত’ আয়া হে কিয়া ঘাংটা লেকে যায়েগা” আদি গানৰ কলিয়ে দৰ্শকক বৰ্তমানেও প্ৰভাৱিত কৰি ৰাখিছে। এটা সৰু বস্তিত থাকিলেও,থাকিবলৈ সৰু ঠাই হ’লেও স্ব-সপোনত অইনে হস্তক্ষেপ কৰিব নোৱাৰে। তেনে এক কাহিনীক প্ৰতিফলিত কৰি জোয়া আখতাৰে নিৰ্মাণ কৰিছিল ৰণবীৰ সিং আৰু আলিয়া ভাটৰ সৈতে “গলীবয়”।

আপনা টায়েম আয়েগাঃ "গলী বয়" ৰ সফলতা আৰু আঁৰৰ কাহিনীঃ 1


“গলীবয়” কোনো “বায়পিক” অৰ্থাৎ কোনো লোকৰ হুবহু জীৱন কাহিনী নহয়; ই হৈছে দুজন “ৰেপাৰ” ৰ জীৱন কাহিনীৰ দ্বাৰা অনুপ্ৰেণিত। সেই দুজন হ’ল ক্ৰমে – ডিভাইন আৰু নেইজী। আমি বহুতেই বৰ্তমান বলীউড জগতত কৰ্মৰত হনী সিং, বাদশাহ অথবা ৰাফটাৰ ৰ নাম শুনিছো কিন্তু ভাৰতত এনে কিছুমান “ৰেপাৰ” ৰো জন্ম হৈছে যিয়ে সফলতাৰ বাবে জগতখনৰ লগত সংগ্ৰাম কৰাই নহয়; যুঁজিছে নিজ পৰিয়াল বা আপোনজনৰ লগতো।

আপনা টায়েম আয়েগাঃ "গলী বয়" ৰ সফলতা আৰু আঁৰৰ কাহিনীঃ 2
NAEZY
আপনা টায়েম আয়েগাঃ "গলী বয়" ৰ সফলতা আৰু আঁৰৰ কাহিনীঃ 3
DIVINE


বিবেক ফাৰ্ণাডেজ ওৰফে ডিভাইন,অন্ধেৰী স্থিত এটা বস্তীত আইতাকৰ সৈতে বাস কৰিছিল। নিজৰ মনক আমোদ দিয়াবলৈ “ৰেপ” প্ৰস্তুত কৰিছিল তেওঁ। কিন্তু পিছলৈ যেতিয়া বুজিলে যে এই “ৰেপ মিউজিক” ৰ দ্বাৰা দেশৰ সমস্যা বা দূৰ্নীতিক উদঙাই দিব পাৰি তেতিয়াই এইবোৰৰ ওপৰত থকা খঙক তেওঁ উজাৰি দিলে নিজ সৃষ্ট “ৰেপ”ত। মদ্যপান, ড্ৰাগছ আসক্ত আৰু মহিলা হৈছে তেওঁৰ “ৰেপ” ৰ বিষয়বস্তু। ২০১১ চনত “য়ে মেৰা বোম্বে” ৰ পৰা সফলতাৰ চিৰিত বগোৱা ডিভাইনে প্ৰথমতে “ৰেপ” ইংৰাজীত লিখিছিল যদিও পিছলৈ ই সলনি কৰি হিন্দী ভাষাত লিখিবলৈ লয়। তেওঁৰ মতে হিন্দীয়ে কেৱল মাত্ৰ যুৱপ্ৰজন্মকেই নহয়; ই সাঙুৰি ল’ব ৰিক্সাৱালা,ঠেলাৱালা লগতে বিভিন্ন বেপাৰীকো (যি আছিল তেওঁৰ বাবে “টাৰ্গট অডিয়েণ্স”)।


নাৱেড শ্বেইখ ওৰফে নেইজী; কুৰ্লা বস্তিৰ নিবাসী। ১৩ বছৰ বয়সতেই তেওঁ নিজ জীৱনৰ “লক্ষ্য-উদ্দেশ্য” লৈ সাজু হৈ পৰিছিল। আৰু সেয়াই আছিল আৰম্ভণি। তেওঁ নিজ জীৱনৰ বেয়া পৰিস্থিতি অথবা তেওঁ কৰা সংঘাত সমূহ বাখ্যা কৰে “ৰেপ” ৰ জৰিয়তে। নেইজী ৰ বাখ্যা ইমানেই হৃদয়স্পৰ্শী যে ই সহজে দৰ্শকক আকৰ্ষণ কৰি ল’ব পাৰে। তেওঁৰ প্ৰথম কাম “DIY” ; যিটো তেওঁ নিজে গাই,নিজে দৃশ্যগ্ৰহণ কৰি আৰু নিজেই এডিট কৰে। “আফাট” হৈছে তেওঁৰ দ্বিতীয়টো সৃষ্টি; তেওঁ ৭০’ৰ বোম্বেৰ এক বৰ্ণনা দিয়ে য’ত তেওঁৰ পিতৃ-মাতৃয়ে খাবলৈ/শুবলৈ সংগ্ৰাম কৰিছিল। “আফাটে” তেওঁক লয় আনে “লেম লাইট” লৈ।


“গলীবয়” প্ৰদৰ্শিত কাহিনী মাত্ৰ এটা উদাহৰণহে। ডিভাইন আৰু নেইজীৰ দৰে আৰু বহু বস্তী নিবাসী বা যাক আমি কওঁ “স্লামড’গ”; তেওঁলোকৰ বাস্তৱ কঠিন কিন্তু সপোন নহয়। আৰু তেওঁলোক ইমানেই কঠিন যে তেওঁলোকে সপোনক বাস্তৱ কৰিবলৈ যৎপৰোনাস্তি কষ্ট আৰু সংগ্ৰাম কৰে।

]]>
https://rupaliparda.com/archives/6583/feed 0 6583
বিদ্যাৰ জীয়ৰী চৰিত্ৰত ডংগল গাৰ্লঃ https://rupaliparda.com/archives/6395 https://rupaliparda.com/archives/6395#respond Fri, 04 Oct 2019 13:52:46 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6395 ডংগল গাৰ্ল সান্যা মালহোত্ৰাক দেখিবলৈ পোৱা যাব বলীউডত নিৰ্মিত ছবি শকুন্তলা দেৱী বায়’পিকত। ছবিখনত শকুন্তলা দেৱীৰ জীয়ৰী “অনুপমা বেনাৰ্জী” ৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। ২০১৮ বৰ্ষত দুখনকৈ ছবিত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেত্ৰী গৰাকী বিদ্যা ৱালনৰ লগত কাম কৰিবলৈ পাই উৎসাহিত হৈ পৰিছে।

বিদ্যাৰ জীয়ৰী চৰিত্ৰত ডংগল গাৰ্লঃ 4
https://www.instagram.com/p/B3Ka8vDhIfF/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B3L4gs-h_nu/?utm_source=ig_web_copy_link


ইতিমধ্যে ছবিখনৰ অনুপমা বেনাৰ্জীৰ চৰিত্ৰটোৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছ; য’ত সান্যাক অনুপমা চৰিত্ৰটোৰ সৈতে খুব ধুনীয়াকৈ খাপ খোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, ছবিখনৰ শ্বুটিং ইতিমধ্যে লণ্ডনত আৰম্ভ কৰা হৈছে।

]]>
https://rupaliparda.com/archives/6395/feed 0 6395
“জাইৰাই অভিনয়ক লৈ লোৱা সিদ্ধান্ত সলনি কৰিব লাগে”-ফাৰহান আখতাৰ https://rupaliparda.com/archives/6164 https://rupaliparda.com/archives/6164#respond Sun, 29 Sep 2019 10:42:25 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6164 প্ৰিয়ংকা চোপ্ৰা আৰু ফাৰহান আখতাৰ অভিনীত আহিবলগীয়া “ডা স্কাই ইজ পিংক” শীৰ্ষক ছবিখনৰ প্ৰমোচনক লৈ ব্যস্ত এতিয়া সমূহ অভিনেতা-অভিনেত্ৰী। ছবিখনত প্ৰিয়ংকা-ফাৰহানৰ উপৰিও দৰ্শকে দেখিবলৈ পাব জাইৰা ৱসীমক।

"জাইৰাই অভিনয়ক লৈ লোৱা সিদ্ধান্ত সলনি কৰিব লাগে"-ফাৰহান আখতাৰ 5

জাইৰা ৱসীমৰ অভিনয়ৰ পৰা বিৰতি লোৱা- নোলোৱা ক্ষেত্ৰত বহু জনে বিভিন্ন মন্তব্য কৰা দেখা পোৱা গৈছিল। অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত আপলোড কৰা সেই পোষ্টটোত তেওঁৰ অনুৰাগীয়েও বিভিন্ন ধৰণে কমেন্ট কৰি জাইৰাক নিজৰ সিদ্ধান্ত সলনি কৰাৰ বাবে অনুৰোধ কৰিছিল।


ঠিক এনে পৰিপ্ৰেক্ষিততে, ফাৰহান আখতাৰেও জাইৰা ৱসীমক নিজৰ সিদ্ধান্ত সলনি কৰাৰ অনুৰোধ জনায়। লগতে ফাৰহানে কয় যে “জাইৰাৰ এনে সিদ্ধান্তত তেওঁক কোনোৱে বিচাৰ অথবা প্ৰশ্ন কৰিব নালাগে। কিয়নো এনে সিদ্ধান্ত তেওঁৰ নিজৰেই। কিন্তু মই তেওঁৰ লগত বহু দিন ধৰি কাম কৰি আহিছো বাবেই মোৰ এনে অনুভৱ হয় যে তেওঁ অভিনয় এৰাৰ সিদ্ধান্ত সলনি কৰিব লাগে।”

"জাইৰাই অভিনয়ক লৈ লোৱা সিদ্ধান্ত সলনি কৰিব লাগে"-ফাৰহান আখতাৰ 6


আপোনালোকক জনাই থওঁ যে সঁচা ঘটনাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন অহা ১১ অক্টোবৰ তাৰিখে মুক্তি পাব।

]]>
https://rupaliparda.com/archives/6164/feed 0 6164
এজন নহয় কেইবাজনো পুৰুষৰ মাজত লুকাল ৰাখীৰ স্বামীঃ https://rupaliparda.com/archives/6133 https://rupaliparda.com/archives/6133#respond Sat, 28 Sep 2019 15:00:11 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6133 বলীউডৰ আইটেম গাৰ্ল তথা ড্ৰামা কুইন খ্যাত ৰাখী সাৱন্ত কিছু দিন পূৰ্বেই বিবাহ পাশত আবদ্ধ হৈ পৰিছিল। কিন্তু, বিবাহৰ ইমান দিন পিছতো তেওঁ নিজ স্বামীক চিনাকী কৰোৱা নাই দৰ্শকৰ আগত। তেওঁৰ নিজ বিবাহৰ ফটো আৰু এন.আৰ.আই ৰিতেশ নামৰ কোনো ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা বুলি দৰ্শকক জানিবলৈ দিয়ে যদিও তেওঁ স্বামীৰ ফটো আপলোড কৰাৰ পৰা বিৰত থাকে।

এজন নহয় কেইবাজনো পুৰুষৰ মাজত লুকাল ৰাখীৰ স্বামীঃ 7


ইয়াৰ উপৰিও,ৰাখীৰ বিবাহৰ সৈতে জড়িত বিতৰ্কই বহু দিনৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এনেক্ষেত্ৰত, ৰাখীয়ে আকৌ এবাৰ লৈ আহিলে আন এটা ভিডিঅ’; য’ত তেওঁৰ লগত আছে তেওঁৰ স্বামী।

View this post on Instagram

Konsa Mera husband hai

A post shared by Rakhi Sawant (@rakhisawant2511) on


কিন্তু এইখিনিতে আহিলে এটা টুইষ্ট; ৰাখীয়ে নিজাকৈ চিনাকী কৰোৱা নাই নিজ স্বামীক। উক্ত ভিডিঅ’টোৰ যোগেৰে তেওঁ দৰ্শককহে চিনাক্তকৰণ কৰিবলৈ কৈছে অভিনেত্ৰী গৰাকীৰ স্বামীক।

এজন নহয় কেইবাজনো পুৰুষৰ মাজত লুকাল ৰাখীৰ স্বামীঃ 8

ইয়াৰ লগতে আপোনালোকক জনাই থওঁ যে, কাৰ্লাছ যোগে প্ৰচাৰিত আহিবলগীয়া ৰিয়েলিটী শ্ব’ “বিগ বছ” ত দেখিবলৈ পোৱা যাব ৰাখীক।

]]>
https://rupaliparda.com/archives/6133/feed 0 6133
সিদ্ধাৰ্থক হত্যা কৰিবলৈ ৰেডী ৰিতেশঃ https://rupaliparda.com/archives/6027 https://rupaliparda.com/archives/6027#respond Thu, 26 Sep 2019 13:45:19 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6027 পাৱাৰ আৰু একচন সমৃদ্ধ “মৰজাঁৱা” ছবি খনৰ ইতিমধ্যে মুক্তি কৰি দিয়া হৈছে ট্ৰেইলাৰ। ফাৰ্ষ্ট লুক পোষ্টাৰৰ তুলনাত দৰ্শকৰ আৰু অধিক দৃষ্টি আকৰ্ষণ কৰিছে ছবিখনৰ ট্ৰেইলাৰে। চলিত বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনত দেখিবলৈ পোৱা যাব এটা নতুন যুঁটি; সেইটো হৈছে সিদ্ধাৰ্থ মালহোত্ৰা আৰু তাৰা সুতাৰিয়াৰ।


মিলাপ জাৱেৰীৰ দ্বাৰা পৰিচালিত এই ছবিখনত নিগেটিভ চৰিত্ৰত অভিনয় কৰিছে ৰিতেশ দেশমুখে। এজন চাপৰ-চুটি মানুহৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৰিতেশে। তাৰা সুতাৰিয়াৰ “ষ্টুডেন্ট অৱ দা ইয়েৰ” ছবিখনত দৰ্শকে দেখা লুকতকৈ; এই ছবিখনত সম্পূৰ্ণ বেলেগ ৰূপত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক লগতে এই ছবিখনত তাৰাই এগৰাকী “বোবা” ৰ চৰিত্ৰত অভিনয় কৰিছে।

সিদ্ধাৰ্থক হত্যা কৰিবলৈ ৰেডী ৰিতেশঃ 9


ছবিখনৰ ট্ৰেইলাৰটোৱে দৰ্শকৰ মনত উৎস্যুকতাৰো সৃষ্টি কৰিছে। উল্লেখ্য যে, ৰিতেশ দেশমুখ আৰু সিদ্ধাৰ্থ মালহোত্ৰাক পূৰ্বতেও এখন ৰোমান্টিক-একচন ছবি “এক ৱিলেন” ত দেখিবলৈ পোৱা গৈছিল।

]]>
https://rupaliparda.com/archives/6027/feed 0 6027
ছানীৰ পুত্ৰই নোৱাৰিলে জিনিব দৰ্শকৰ হৃদয়ঃ https://rupaliparda.com/archives/5711 https://rupaliparda.com/archives/5711#respond Fri, 20 Sep 2019 13:33:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5711 ছানী দেউলৰ পুত্ৰ কৰণ দেউলৰ ডেবিউ ছবিয়ে বৰকৈ আকৰ্ষিত নকৰিলে দৰ্শকক। ২০ চেপ্তেম্বৰ তাৰিখে মুক্তি প্ৰাপ্ত ছবিখনত ছানী দেউলৰ পুত্ৰৰ অভিনয়ে হতাশ কৰিলে দৰ্শক সকলক। বহুত ছবি সমীক্ষকে কৰণ বৰ্তমান অভিনয়ৰ বাবে অপ্ৰস্তুত বুলিও মন্তব্য প্ৰদান কৰে।

ছানীৰ পুত্ৰই নোৱাৰিলে জিনিব দৰ্শকৰ হৃদয়ঃ 10


গতিকে, আপুনি যদি ভাবিছে ছবিখন উপভোগ কৰাৰ কথা তেন্তে চাওঁক ছবি সমীক্ষকে কৰা এই টুইট-

https://twitter.com/rjstutee/status/1174925530572812289
]]>
https://rupaliparda.com/archives/5711/feed 0 5711
“মই নাৰী শোষণকাৰীৰ ছবিত অভিনয় নকৰো”- দীপিকা পাডুকন https://rupaliparda.com/archives/5706 https://rupaliparda.com/archives/5706#respond Fri, 20 Sep 2019 10:05:29 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5706 দীপিকা আৰু ৰণৱীৰক একেখন ছবিত চাবলৈ বিচৰা দৰ্শকক সকললৈ দুখবৰ। লৱ ৰঞ্জনৰ আহিবলগীয়া ছবিত দীপিকাক লোৱাৰ কথা আছিল যদিও বৰ্তমান এই ছবিখনত দীপিকাৰ সলনি অভিনয় কৰিব শ্ৰদ্ধা কাপুৰে। উক্ত ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিব ৰণৱীৰ কাপুৰ আৰু অজয় দেৱগণে।


ছবিখনৰ বাবে দীপিকাক মূখ্য চৰিত্ৰত বিচাৰ কৰা হৈছিল বুলি বিভিন্ন খবৰ ওলাইছিল যদিও এই সমগ্ৰ খবৰক নাকচ কৰি দীপিকাই কয় যে, “মই কোনো নাৰী শোষণকাৰীৰ ছবিত অভিনয় নকৰো।” দৰাচলতে, এগৰাকী অভিনেত্ৰীয়ে “মি টু মোভমেন্ট” চলি থকা সময় ছোৱাত পৰিচালক গৰাকীৰ ওপৰত শোষণৰ আৰোপ লগাইছিল।

"মই নাৰী শোষণকাৰীৰ ছবিত অভিনয় নকৰো"- দীপিকা পাডুকন 11
"মই নাৰী শোষণকাৰীৰ ছবিত অভিনয় নকৰো"- দীপিকা পাডুকন 12


উল্লেখ্য যে, উক্ত ছবিখনত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা শ্ৰদ্ধা কাপুৰ, ৰণৱীৰ কাপুৰ তথা অজয় দেৱগণক।

]]>
https://rupaliparda.com/archives/5706/feed 0 5706
বলীউডত “বাহুৱলী”- https://rupaliparda.com/archives/2502 https://rupaliparda.com/archives/2502#respond Tue, 11 Jun 2019 15:54:42 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2502 এইবাৰ “বাহুৱলী” বলীউডত। “বাহুৱলী” ৰূপে খ্যাত প্ৰভাশে কেৱল মাত্ৰ দক্ষিণতেই নহয় ভাৰতকো মোহাচ্ছন্ন কৰি তুলিছিল। বস্ক অফিচত কোটি টকীয়া লাভ উঠোৱা চিনেমাৰ ভিতৰত “বাহুবলী” আছিল অন্যতম। মুক্তিৰ দিনাখনৰ পৰাই প্ৰত্যেকটো চিত্ৰগৃহ হাউছফুল হৈ পৰা চিনেমাখনত অভিনীত নায়ক গৰাকী সাধাৰণজনৰ মন-মগজুত বহুত দিনলৈ সোমাই পৰিছিল। এইবাৰ দৰ্শকক আমোদ প্ৰদান কৰিবলৈ তেওঁ আহি আছে হিন্দী চিনেমাত। একচন থ্ৰিলাৰযুক্ত “চাহৌ” নামে চিনেমাখনত দেখা যাব উক্ত অভিনেতা গৰাকীক। তেওঁৰ লগতে চিনেমাখনত অভিনয় কৰা অন্যান্য সকল হ’ল শ্ৰদ্ধা কাপুৰ, নীল নীতিন মুকেশ, অৰ্জুন বিজয়, ইভলীন শৰ্মা, লাল, মন্দিৰা বেদী, জেকী শ্ৰভ, মহেশ মঞ্জৰেকাৰ আদি

]]>
https://rupaliparda.com/archives/2502/feed 0 2502
Albert Pinto Ko Gussa Kyun Aata Hain https://rupaliparda.com/archives/2480 https://rupaliparda.com/archives/2480#respond Sun, 09 Jun 2019 17:54:09 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2480 By Amrik Chakraborty

“Saeed Akhtar Mirza is one of those filmmakers I highly admire. I am going to talk about his 1980 classic and one of my favorite films Albert Pinto Ko Gussa Kyun Aata Hain. What I am most attracted about Mirza is the way he constructs a satirical plot with such authenticity.
Albert Pinto Ko Gussa Kyun Aata Hain, captures the anger of a worker, in Mumbai exemplified by a young Christian car mechanic, Albert Pinto (played flawlessly by Naseer Saab) who believes that if he works hard and develops the ideology of the rich and works with them, one day he can also be successful. His father is a factory worker currently on a strike with his fellow laborers. This bothers Albert very much.

He looks at strikes as something nugatory and purposeless until the day his father comes home wounded and bruised as he’s beaten by the goons sent by the owners of the factory to stop the strike. He witnesses the ugly face of capitalism. How devastating it can get for not only the workers but also their families.

One scene from this movie is etched on my memory. Albert questions himself, “Are strikes really useless?” So he visits one of his regular customers’ house, who happens to be very rich. When Albert is about to leave, that man says, “Apne baap ko manao ke yeh strike-wike ke chakkar mein na pare, yeh toh badmash aur gunde logo ka kaam hain!” and that is the time when Albert realizes that this person, who has all the luxury in the world and doesn’t have even a bit of idea about the consequences of his actions on the ‘majdoors’ and what they have to face every bloody day. How hard is it for him to say that strikes are useless?

Usually, when I watch a film, I try not to get carried away by emotions and I try to understand the craft. But Saeed Akhtar Mirza does such magic that I can’t help but surrender myself to the film. After watching Albert Pinto Ko Gussa Kyun Aata Hain, every time I see any laborer working or carrying loads on his/her shoulder, I know that the weight on their shoulders is not just of what they are carrying but also of capitalism, poverty and years of exploitation and misery.”

By Amrik Chakraborty

]]>
https://rupaliparda.com/archives/2480/feed 0 2480
বলীউডত ন-“লাভ ত্ৰাইংগেল”- https://rupaliparda.com/archives/2442 https://rupaliparda.com/archives/2442#respond Thu, 06 Jun 2019 17:27:43 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2442 অলপতে “কেদাৰনাথ” চিনেমাৰ পৰা নিজৰ কেৰিয়াৰত গিয়াৰ লগোৱা সাৰা আলি খানে “কফি উইথ কৰণ” ত কাৰ্তিক আৰিয়নৰ প্ৰতি থকা ক্ৰাচ সম্পৰ্কে ব্যক্ত কৰাৰ পিছতেই দুয়োকে একেলগে বহু ঠাইত কেমেৰাই বন্দী কৰে। ইয়াৰ পোনে পোনে জুন মাহত মুক্তিপ্ৰাপ্ত চিনেমা “ষ্টুডেণ্ট অৱ দা ইয়াৰ-২” ত অভিনীত ন-অভিনেত্ৰী অনন্যা পাণ্ডেও নিজ ক্ৰাছ কাৰ্তিক বুলিয়েই বহুতো ইন্টাৰভিউত প্ৰকাশ কৰে। বলীউডত “লাভ ত্ৰাইংগেল” ৰ কনচেপ্ট নতুন নহয় যদিও বৰ্তমান এই সাৰা-কাৰ্তিক-অনন্যা “লাভ ত্ৰাইংগেলে” দৰ্শকৰ অত্যাধিক চৰ্চা লাভ কৰিছে। আহিবলগীয়া সময়ত “পতি-পত্নী-ৱহ” চিনেমাখনত দেখা পোৱা যাব কাৰ্তিক আৰু অনন্যাৰ যুগলবন্দী।

]]>
https://rupaliparda.com/archives/2442/feed 0 2442