bollywood relationships – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 26 Oct 2019 09:05:46 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 bollywood relationships – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- https://rupaliparda.com/archives/7271 https://rupaliparda.com/archives/7271#respond Sat, 26 Oct 2019 13:30:06 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7271 সাধাৰণ জনৰ লগতে বলীউডৰ চিলেব্ৰেটীও আগন্তুক দীপাৱলীৰ বাবে ব্যস্ত হৈ পৰিছে। কিন্তু এই বৰ্ষৰ “দীপাৱলী” ৰ উৎসৱ কিছু বলীউড চিলেব্ৰেটীৰ বাবে আগতকৈ অধিক বিশেষ হৈ পৰিব।

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 1


বিবাহৰ পিছত প্ৰথমটো দেৱালী একেলগে পালন কৰিবলৈ বৰ্তমান উৎসাহী হৈ পৰিছে বলীউডৰ কেইটামান আকৰ্ষণীয় বিবাহিত যুঁটি। চাওঁচোন আহক এই যুঁটিকেইটাঃ

১.দীপিকা পাডুকন আৰু ৰণৱীৰ সিং

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 2

২. প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনস

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 3

৩.কপিল শৰ্মা আৰু গিন্নী

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 4

৪. পূজা বাট্ৰা আৰু নৱাব শ্বাহ

বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- 5
]]>
https://rupaliparda.com/archives/7271/feed 0 7271
যিমানেই নিপিন্ধক ৰণৱীৰে ব্যতিক্ৰমী কাপোৰ! শহুৰৰ ঘৰত যাবলৈ থাকে নিৰ্দ্দিষ্ট “ড্ৰেছকোড”- https://rupaliparda.com/archives/6638 https://rupaliparda.com/archives/6638#respond Fri, 11 Oct 2019 12:58:12 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6638 বলীউডৰ অভিনেতা ৰণৱীৰ সিং নিজৰ অভিনয়ৰ লগতে পৰিধান কৰা কাপোৰ খিনিৰ বাবেও প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়। নিজৰ পিন্ধনৰ সৈতে অভিনেতা গৰাকীয়ে প্ৰত্যেকদিনাই পৰীক্ষা কৰা দেখিবলৈ পোৱা যায়।

যিমানেই নিপিন্ধক ৰণৱীৰে ব্যতিক্ৰমী কাপোৰ! শহুৰৰ ঘৰত যাবলৈ থাকে নিৰ্দ্দিষ্ট "ড্ৰেছকোড"- 6


এই সন্দৰ্ভতে যেতিয়া অভিনেতা গৰাকীৰ পত্নী তথা বলীউডৰ মোহময়ী অভিনত্ৰী দীপিকাৰ সৈতে কথা পতা হৈছিল তেতিয়া তেওঁ কৈছিল যে ৰণৱীৰে যিমানেই যি কাপোৰৰ সৈতে পৰীক্ষা নকৰক কিয়; কিন্তু দীপিকাৰ মাকৰ ঘৰলৈ অৰ্থাৎ ৰণৱীৰৰ শহুৰৰ ঘৰলৈ গ’লে ৰণৱীৰে সদায় নিৰ্দ্দিষ্ট এটা “ড্ৰেছকোড” পৰিধান কৰিবলগীয়া হয়।

যিমানেই নিপিন্ধক ৰণৱীৰে ব্যতিক্ৰমী কাপোৰ! শহুৰৰ ঘৰত যাবলৈ থাকে নিৰ্দ্দিষ্ট "ড্ৰেছকোড"- 7
যিমানেই নিপিন্ধক ৰণৱীৰে ব্যতিক্ৰমী কাপোৰ! শহুৰৰ ঘৰত যাবলৈ থাকে নিৰ্দ্দিষ্ট "ড্ৰেছকোড"- 8


এই “ড্ৰেছকোড” ৰ ভিতৰত থাকে বগা চাৰ্ট আৰু ব্লু জিন্স। ইয়াৰ উপৰিও ৰণৱীৰে যদি শহুৰৰ ঘৰৰ কোনো ধৰণৰ অনুষ্ঠানত যায় তেতিয়া তেওঁ ব্লেক পেন্ট, ব্লু জিন্স, বগা চাৰ্ট লগতে ৰাউন্ড নেক টি-চাৰ্ট আদিৰ ভিতৰত কোনোবা এটা পৰিধান কৰিবলগীয়া হয়।

]]>
https://rupaliparda.com/archives/6638/feed 0 6638
“মই ঋত্বিক হ’লে প্ৰথমে কংকনাৰ ওচৰত ক্ষমা বিচাৰিম”- কংকনা ৰাণাৱট https://rupaliparda.com/archives/6176 https://rupaliparda.com/archives/6176#respond Sun, 29 Sep 2019 16:30:41 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6176 বলীউডৰ চিলেব্ৰেটী সমূহৰ মাজত কাজিয়া লগাটো কোনো নতুন কথা নহয়। ভুল বুজাবুজিৰ ফলত ভিতৰি এখন শীতল যুদ্ধ চলি থকা দেখিবলৈ পোৱা যায়। কেতিয়াবা এনে কাজিয়া বাঢ়ি গৈ সাধাৰণজনৰ মুখে মুখে চৰ্চা লাভ কৰাৰ লগতে বাতৰিৰ শিৰোনামো দখল কৰে।

"মই ঋত্বিক হ'লে প্ৰথমে কংকনাৰ ওচৰত ক্ষমা বিচাৰিম"- কংকনা ৰাণাৱট 9


তেনে কাজিয়াৰ ভিতৰত এখন উল্লেখযোগ্য কাজিয়া হৈছে কংকনা ৰাণাৱট আৰু ঋত্বিক ৰোশনৰ। দুয়ো তাৰকাৰ এই কাজিয়াই ৩ বছৰ কাল অতিক্ৰম কৰিলে যদিও ইয়াত কোনো ধৰণৰ “ভাল” ৰ আশা কৰিব পৰা হোৱা নাই। কংকনাৰ লগতে তেওঁৰ ভনীয়েক ৰংগোলীও ঋত্বিকক উদ্দেশ্যি বিভিন্ন পোষ্ট কৰা দেখা যায়।

"মই ঋত্বিক হ'লে প্ৰথমে কংকনাৰ ওচৰত ক্ষমা বিচাৰিম"- কংকনা ৰাণাৱট 10


এইবাৰ আকৌ এটা মিডিয়া প্ৰগ্ৰেম যোগে যেতিয়া কংকনাক সোধা হ’ল যে, “যদিহে আপুনি ৰাতিপুৱা ঋত্বিক ৰোশন হিচাপে সাৰ পায়; তেতিয়াহ’লে প্ৰথম কামটো আপুনি কি কৰিব??” ইয়াৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে কয় যে, “যদিহে মই ঋত্বিক ৰোশন হিচাপে সাৰ পাওঁ তেতিয়া মই কংকনাৰ লগত কৰা ভুলসমূহৰ ক্ষমা বিচাৰিম।”

"মই ঋত্বিক হ'লে প্ৰথমে কংকনাৰ ওচৰত ক্ষমা বিচাৰিম"- কংকনা ৰাণাৱট 11


উল্লেখ্য যে, কংকনাই উক্ত প্ৰশ্নটো ল’বলৈ প্ৰথমে অপ্ৰস্তুত হৈছিল যদিও পিছলৈ তেওঁ এই উত্তৰটো মিডিয়াক দিয়ে।

]]>
https://rupaliparda.com/archives/6176/feed 0 6176
কিয় বেলেগ হ’ল ইমৰাণ-অৱন্তিকা? https://rupaliparda.com/archives/6085 https://rupaliparda.com/archives/6085#respond Fri, 27 Sep 2019 14:00:35 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6085 বলীউডত প্ৰেম যিমান সোনকালে হয়; সিমান সোনকালে ভাঙি যোৱাও দেখিবলৈ পোৱা যায়। তেনেক্ষেত্ৰত এক উদাহৰণ দিব পৰা যায় বলীউডৰ অভিনেতা ইমৰাণ খান আৰু অৱন্তিকা মালিকৰ। ২০১১ চনত বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বৰে পৰা এই যুঁটিটোৱে প্ৰায় ৮ বছৰে এটা আনটোৰ প্ৰেমত আছিল। কিন্তু, যোৱা কিছু দিনৰ পৰা দুয়োৰে মাজৰ সম্পৰ্কত ফাট মেলা খবৰে চৰ্চা লাভ কৰি আহিছে।

কিয় বেলেগ হ'ল ইমৰাণ-অৱন্তিকা? 12

উক্ত কথাটোৰ ওপৰত কোনোৱে স্পষ্টীকৰণ দিয়া নাই যদিও জানিব পৰা গৈছে যে, যোৱা ৪ বছৰ ধৰি ইমৰাণ খানৰ ওচৰত কোনো কাম নথকাৰ ফলত তেওঁলোকৰ সম্পৰ্ক প্ৰভাৱিত হোৱাৰ লগতে ইমৰান আৰু অধিক খঙাল হৈ পৰিছিল যাৰ ফলত তেওঁ প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল খং কৰিছিল। অভিনেতা গৰাকীয়ে পৰিচালক হোৱাৰ সপোন দেখিছিল যদিও ই বিফল হৈছিল।

কিয় বেলেগ হ'ল ইমৰাণ-অৱন্তিকা? 13

ইয়াৰ উপৰিও, অভিনেতা গৰাকীৰ সকলো জমা শেষ হৈ যোৱাৰ ফলত অৱন্তিকা তেওঁৰ ঘৰৰো সহায় ল’বলগীয়াত পৰিছিল। এইবোৰৰ বাবে যেতিয়া অৱন্তিকা আৰু ইমৰানৰ মাজত কাজিয়া হ’বলৈ ধৰিলে তেতিয়া তেওঁলোকে নিজৰ বিবাহৰ পৰা বিৰতি লোৱাৰ কথা চিন্তা কৰিলে।

বৰ্তমান ইমৰানৰ পত্নী অৱন্তিকা নিজ জীয়ৰী ইমাৰাৰ সৈতে লণ্ডনত আছে।

সংগৃহীতঃ https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/know-the-reason-why-imran-khan-and-avantika-malik-parted-ways/articleshow/71325313.cms

]]>
https://rupaliparda.com/archives/6085/feed 0 6085
ভন্সালি আৰু আলিয়াৰ সৈতে কিয় কাম নকৰে ৰণৱীৰ কাপুৰে?? https://rupaliparda.com/archives/6019 https://rupaliparda.com/archives/6019#respond Thu, 26 Sep 2019 12:00:26 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6019 সঞ্জয় লীলা ভন্সালিৰ আহিবলগীয়া “ইনছাল্লাহ” শীৰ্ষক ছবিখনৰ বন্ধৰ খবৰ অহাৰ পিছতেই তেওঁৰ আহিবলগীয়া ছবিত কোন থাকিব/ কোন নাথকিব আদি বিভিন্ন প্ৰশ্নই বলীউডৰ লগতে সাধাৰণজনৰ জীৱনতো চৰ্চা লাভ কৰিছিল। “ইনছাল্লাহ” ৰ জৰিয়তে আলিয়াই ভন্সালিৰ সৈতে কাম কৰাৰ সপোন দেখিছিল যদিও ছবিখন বন্ধৰ খবৰে অভিনেত্ৰী গৰাকীকো কিছু দিনলৈ হতাশগ্ৰস্ত কৰি তুলিছিল।

ভন্সালি আৰু আলিয়াৰ সৈতে কিয় কাম নকৰে ৰণৱীৰ কাপুৰে?? 14


কিন্তু, এতিয়া আৰু চিন্তাৰ কাৰণ নাই। আলিয়াই “ইনছাল্লাহ” ৰ জৰিয়তে নহ’লেও “গংগুবাই” ৰ যোগৰে কাম কৰিব ভন্সালিৰ সৈতে। হুসেন জেদীৰ নোৱেল “মাফিয়া কুইন অৱ মুম্বাই” ৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনত “গংগুবাই কোঠেৱালী” ৰ আত্মজীৱনী দেখুওৱা হ’ব।

ভন্সালি আৰু আলিয়াৰ সৈতে কিয় কাম নকৰে ৰণৱীৰ কাপুৰে?? 15
ভন্সালি আৰু আলিয়াৰ সৈতে কিয় কাম নকৰে ৰণৱীৰ কাপুৰে?? 16


কম বয়সতে বেশ্যাবৃত্তিত জোৰ কৰি ভৰাই দিয়া গংগুবাইয়ে পিছলৈ নিজেই এগৰাকী বেশ্যাবৃত্তিৰ দালাল হিচাপে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰে। তেওঁৰ গ্ৰাহক হিচাপে থাকে ডাঙৰ ডাঙৰ দালাল আৰু ক্ৰিমিনেল। “গংগুবাই” ৰ এই জীৱন কাহিনীৰ ওপৰত আধাৰিত ছবিখনতেই নায়িকাৰ চৰিত্ৰত থাকিব আলিয়া ভাট।

ভন্সালি আৰু আলিয়াৰ সৈতে কিয় কাম নকৰে ৰণৱীৰ কাপুৰে?? 17


কিন্তু, ছবিখনৰ নায়ক ৰূপত ৰণৱীৰ কাপুৰক বিচৰা হৈছিল যদিও তেওঁ নাকচ কৰে এই প্ৰস্তাৱ। পূৰ্বতেও অভিনেতা গৰাকীয়ে ভন্সালিৰ সৈতে কাম কৰা ক্ষেত্ৰত অমান্তি হৈছিল। আছলতে, বহু চৰ্চিত এই প্ৰেমিকদ্বয়ে তেওঁলোকৰ আহিবলগীয়া ছবি “ব্ৰহ্মাস্ত” ৰ যোগেৰে চাব বিচাৰিছে যে দৰ্শকে তেওঁলোকক অন স্ক্ৰীণ কেনেদৰে আদৰি লয়!

সংগৃহীতঃ https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/has-ranbir-kapoor-declined-to-work-with-alia-bhatt-in-gangubai/articleshow/71304713.cms

]]>
https://rupaliparda.com/archives/6019/feed 0 6019
“গুৰুত্বপূৰ্ণ বস্তুবোৰ বিবাহৰ পিছত গুৰুত্বহীন হৈ যায়”- অক্ষয় খান্না https://rupaliparda.com/archives/5661 https://rupaliparda.com/archives/5661#respond Thu, 19 Sep 2019 11:11:47 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5661 বলীউডৰ অভিজ্ঞ অভিনেতা সমূহৰ ভিতৰত এগৰাকী উল্লেখযোগ্য অভিনেতা হ’ল অক্ষয় খান্না। যোৱা কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “সেক্সন ৩৭৫” ত অভিনেতাগৰাকীৰ অভিনয়ৰ প্ৰশংসা কৰিছিল বহু দৰ্শকে। সকলো ফালৰ পৰা ফিট এই অভিনেতাগৰাকীয়ে কিন্তু নিবিচাৰে বিবাহ পাশত আবদ্ধ হ’বলৈ।

"গুৰুত্বপূৰ্ণ বস্তুবোৰ বিবাহৰ পিছত গুৰুত্বহীন হৈ যায়"- অক্ষয় খান্না 18


নিজৰ সম্পৰ্কক লৈ কোনোদিনেই চৰ্চালৈ অহা নাই এই অভিনেতা গৰাকী। আনহাতে, অক্ষয় খান্নাই নিজেই এটা সাক্ষাৎকাৰ যোগে জনায় যে তেওঁ বিবাহৰ প্ৰতি আকৃষ্ট নহয়। কিয়নো, বিবাহৰ পিছত সকলো বস্তুয়ে সলনি হৈ যায়। তেওঁ নিজৰ জীৱন নিজ দায়বদ্ধতাত জীয়াব বিচাৰে।

"গুৰুত্বপূৰ্ণ বস্তুবোৰ বিবাহৰ পিছত গুৰুত্বহীন হৈ যায়"- অক্ষয় খান্না 19


ইয়াৰ উপৰিও তেওঁ কয় যে, ” বিবাহৰ পূৰ্বে যিবোৰ বস্তু মোৰ বাবে গুৰুত্বপূৰ্ণ হৈ থাকে সেইবোৰ বিবাহৰ পিছত গুৰুত্বহীন হৈ যায়; সেইবাবেই মই বিবাহত বহিব নুখুজো।”

]]>
https://rupaliparda.com/archives/5661/feed 0 5661
সম্পৰ্ক ভঙা ও গঢ়া সহজ নেকি বাৰু এওঁলোকৰ বাবে?? https://rupaliparda.com/archives/4750 https://rupaliparda.com/archives/4750#respond Sat, 31 Aug 2019 09:32:32 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=4750 বলীউড ক্ষেত্ৰখনত অভিনীত অথবা এই ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰত্যেকজন ব্যক্তিৰ ছবিৰ সমানে চৰ্চা লাভ কৰে তেওঁৰ ব্যক্তিগত জীৱনেও। তেওঁ ক’ত খাইছে বা কাৰ লগত খাইছে! তেওঁ ক’ত গৈছে অথবা কাৰ লগত গৈছে ইত্যাদি ইত্যাদি। দৰ্শকে সকলেও তেওঁৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী গৰাকীৰ প্ৰত্যেকটো বস্তু চাবলৈ ইচ্ছা প্ৰকাশ কৰে । গতিকে তেনে ক্ষেত্ৰত তেওঁৰ ব্যক্তিগত জীৱনত কি চলিছে সি লৈ চৰ্চা লাভ কৰাটো নিশ্চিত। আজি আমি চাম বলীউডৰ এনে কেইটামান প্ৰেমিক যুঁটি; যাক একেলগে দেখি দৰ্শকে নিজৰ মাজতেই সুখ অনুভৱ কৰিছিল।

১. কৰীণা কাপুৰ আৰু শ্বাহিদ কাপুৰঃ

সম্পৰ্ক ভঙা ও গঢ়া সহজ নেকি বাৰু এওঁলোকৰ বাবে?? 20

ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা তেওঁলোকৰ কেমেষ্ট্ৰি আছিল লেখত ল’বলগীয়া। পাঁচ বছৰ ধৰি দুয়োজনে দুয়োজনক ভাল পাই থকাৰ অন্তত “যব উয়ি মেট” ৰ শ্বুটিং ৰ পূৰ্বে দুয়োজনৰ ব্ৰেকআপ হয়। বৰ্তমান দুয়ো অইনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ এক সুখৰ সংসাৰ আগবঢ়াই নিছে।

২.আৰবাজ খান আৰু মালাইকা আৰোৰাঃ

সম্পৰ্ক ভঙা ও গঢ়া সহজ নেকি বাৰু এওঁলোকৰ বাবে?? 21

১৮ বছৰীয়া সুখৰ সংসাৰ এখনত থকাৰ পিছত ২০১৭ চনৰ মে’ মাহত দুয়ো বেলেগ হৈ যায়। পুত্ৰ আৰহানক নিজৰ লগত ৰাখিলেও মালাইকাই নিজৰ পুত্ৰক পিতৃৰ কাষলৈ যাবলৈ বাধা নিদিয়ে।

৩.ৰণৱীৰ কাপুৰ আৰু দীপিকা পাডুকনঃ

সম্পৰ্ক ভঙা ও গঢ়া সহজ নেকি বাৰু এওঁলোকৰ বাবে?? 22

দীপিকা এগৰাকী স্বাধীন মহিলা হোৱাৰ লগতে তেওঁ নিজৰ ব্যক্তিগত জীৱনক লৈ খুলি কথা কোৱা বিধৰ আছিল। ৰণৱীৰৰ কিছু ব্যৱহাৰৰ পৰা অভ্যস্ত হৈ অভিনেত্ৰী গৰাকীয়ে ৰণৱীৰৰ সৈতে ২০০৯ চনত ব্ৰেকআপ কৰে।

৪.ছলমান খান আৰু কেটৰিণা কাইফঃ

সম্পৰ্ক ভঙা ও গঢ়া সহজ নেকি বাৰু এওঁলোকৰ বাবে?? 23

সকলো দৰ্শকেই ভাবিছিল যে কেটৰিণাই হয়তো হ’ব ছলমান খানৰ পত্নী। কিন্তু, নাই। ছলমান খানে কেটৰিণাকো নিদিলে নিজৰ পত্নীৰ স্থান।

৫.ঋত্বিক ৰোশন আৰু সুসেন খানঃ

সম্পৰ্ক ভঙা ও গঢ়া সহজ নেকি বাৰু এওঁলোকৰ বাবে?? 24

নিজৰ ডেবিউ ছবিৰ পিছতে বিবাহ পাশত আবদ্ধ হৈছিল অভিনেতা গৰাকী। কিন্তু, ১৩ বছৰৰ সাংসাৰিক জীৱন কটোৱাৰ লগতে ৪ বছৰীয়া আদালতৰ ৰায়ৰ বাবে একেলগে থকাৰ পিছত ২০১৪ চনত দুয়োয়ে নিজৰ সম্বন্ধ ভাঙি পেলায়।

আপোনাৰো মনলৈ আহিছে নেকি বাৰু এনে কোনো প্ৰেমিকযুগলৰ নাম?? জানে যদি কমেন্ট কৰক আৰু আমাক জনাওঁক।

]]>
https://rupaliparda.com/archives/4750/feed 0 4750