Bollywood upcoming film – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 19 Mar 2021 17:11:06 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Bollywood upcoming film – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ইখনৰ পিছত সিখন ছবি; ব্যস্ত অক্ষয় কুমাৰ আকৌ “Jolly LLB” ত- https://rupaliparda.com/archives/24879 https://rupaliparda.com/archives/24879#respond Mon, 22 Mar 2021 12:30:05 +0000 https://rupaliparda.com/?p=24879 বলীউড অভিনেতা অক্ষয় কুমাৰৰ অনুৰাগী সকল এই কথাটোৰ বিষয়ে খুব ভালকৈ অৱগত যে অক্ষয় কুমাৰে ইখনৰ পিছত সিখন ছবিৰ সৈতে কোনো ধৰণৰ আহৰি নোলোৱাকৈয়ে জড়িত হৈ থাকে। তেওঁ ইখন ছবিৰ শ্বুটিং সমাপ্ত কৰিয়েই ঢাপলি মেলে সিখন ছবিৰ শ্বুটিং চিড্যুললৈ। শেহতীয়াকৈ অভিনেতা গৰাকীয়ে “বচ্চন পাণ্ডে” ছবিখনৰ শ্বুটিং সমাপ্ত কৰে আৰু তাৰ পিছতেই তেওঁ অযোধ্যালৈ উৰা মাৰে তেওঁৰ আন এখন ছবি “ৰাম সেতু” ৰ শ্বুটিং আৰম্ভ কৰিবলৈ। ভগৱান শ্ৰী ৰামৰ নাম লৈয়ে অভিনেতা গৰাকীয়ে আৰম্ভ কৰে এই ছবিখনৰ শ্বুটিং; ইয়াৰ লগতে আহিছে আন এক খবৰো। অভিনেতা গৰাকীৰ হাতলৈ আহিছে আন এখন ছবিও; যাৰ নাম হৈছে “Jolly LLB” । ছবিখনৰ তৃতীয়টো সংস্কৰণ প্ৰস্তুতিৰ কথা বৰ্তমান শুনিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, অক্ষয় কুমাৰ আকৌ এবাৰ “Jolly LLB 2” পৰিচালক সুভাষ কাপুৰৰ সৈতে আলোচনাত মিলিত হৈছে। বিগত কেইমাহত এই দুয়োগৰাকীৰ মাজত বহুবাৰ আলোচনা হৈছে। উক্ত যুঁটিটো আকৌ এবাৰ ছবি ক্ষেত্ৰলৈ আহিবলৈ উৎস্যুক হৈ পৰিছে; সকলোবোৰ যদিহে ঠিকে থাকে তেতিয়াহ’লে এই ছবিখন চলিত বৰ্ষৰ মাজ ভাগলৈ হয়টো আৰম্ভ হৈ পৰিব। উল্লেখ্য যে, “বচ্চন পাণ্ডে” ছবিখনৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে জনসাধাৰণৰ সমুখত।

ইখনৰ পিছত সিখন ছবি; ব্যস্ত অক্ষয় কুমাৰ আকৌ "Jolly LLB" ত- 1
ইখনৰ পিছত সিখন ছবি; ব্যস্ত অক্ষয় কুমাৰ আকৌ "Jolly LLB" ত- 2


এইখিনিতে, আপোনালোকক জনাওঁ যে, আহিবলগীয়া “বচ্চন পাণ্ডে” অক্ষয় কুমাৰৰ সৈতে দেখিবলৈ পোৱা যাব কালীন ভাই অৰ্থাৎ প্ৰত্যেকৰে মৰমৰ পংকজ ত্ৰিপাঠীক। পোনপ্ৰথমবাৰৰ বাবে এই যুঁটিটোক দেখিবলৈ পোৱা যাব স্ক্ৰীণত। আনহাতে, ছবিখনৰ আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব অৰশদ বাৰসীয়ে। ইয়াৰ উপৰিও, চিনেমা খনত নায়িকা চৰিত্ৰ ৰূপায়ন কৰিব কৃতি সেননে। ছবিখনৰ নিৰ্দেশনা ফৰহাদ সামজীৰ আৰু ইয়াৰ প্ৰযোজনা কৰিছে সাজিদ নাডিৱালাই।

]]>
https://rupaliparda.com/archives/24879/feed 0 24879
শ্বাহৰুখ খানৰ নামেৰে অনুৰাগীয়ে চন্দ্ৰত কিনে মাটিঃ https://rupaliparda.com/archives/21684 https://rupaliparda.com/archives/21684#respond Tue, 03 Nov 2020 15:30:21 +0000 https://rupaliparda.com/?p=21684 শেহতীয়াকৈ শ্বাহৰুখ খানে সম্পূৰ্ণ কৰিলে নিজৰ ৫৫ টা বৰ্ষ। কেইবাখনো জনপ্ৰিয় ছবিৰ উপহাৰ অনুৰাগীক প্ৰদান কৰা শ্বাহৰুখ খানৰ জন্মদিনটো প্ৰত্যেকৰে বাবে গুৰুত্বপূৰ্ণ হৈ পৰে। লাখ লাখ অনুৰাগীৰে পৰিপূৰ্ণ হৈ থকা এই গৰাকী অভিনেতাৰ জন্মদিনত দেখিবলৈ পোৱা যায় তেওঁৰ বাসগৃহ “মন্নত” ৰ বাহিৰত লাখ লাখ অনুৰাগীৰ ভিৰ। যোৱা দুই বছৰৰ পৰা ছবি জগত খনৰ অভিনয়ৰ পৰা আঁতৰি থকা শ্বাহৰুখ খানক শেষ বাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল ২০১৮ চনৰ “জিৰো” খনত।ছবিখনে বক্স অফিচত বৰ বেছি ভাল প্ৰদৰ্শন নকৰাৰ বাবেই অভিনেতাগৰাকীয়ে অকণমান সময় লৈ আকৌ অভিনয়ৰ মাজলৈ অহাৰ কথা ব্যক্ত কৰিছিল। আগন্তুক সময়ত শ্বাহৰুখ খানৰ কেইবাখনো ছবিৰ মুক্তিৰ কথা ইতিমধ্যে জানিব পাৰিছে অনুৰাগীয়ে। আপোনালোকে বাৰু জানেনে যে, চন্দ্ৰত শ্বাহৰুখ খানৰ এগৰাকী অনুৰাগীয়ে প্ৰতিটো বছৰৰ জন্মদিনত শ্বাহৰুখৰ নামেৰে এটুকুৰাকৈ মাটি কিনে। শ্বাহৰুখ খানেও এইগৰাকী অষ্ট্ৰেলিয়াৰ অনুৰাগীৰ সৈতে মেইলৰ যোগেৰে সংযোগ কৰি থাকে।

শ্বাহৰুখ খানৰ নামেৰে অনুৰাগীয়ে চন্দ্ৰত কিনে মাটিঃ 3
শ্বাহৰুখ খানৰ নামেৰে অনুৰাগীয়ে চন্দ্ৰত কিনে মাটিঃ 4


১৯৬৫ চনত জন্মগ্ৰহণ কৰা শ্বাহৰুখ খানে ৰোমাণ্টিক কাহিনীকে ধৰি একচন থ্ৰীলাৰলৈ প্ৰায় ৭২ খন ছবিত অভিনয় কৰিছে। ২০০৫ চনত ভাৰত চৰকাৰে “পদ্মশ্ৰী” বঁটাৰে সন্মানিত কৰা শ্বাহৰুখ খানে “দীৱানা” ছবিখনৰ পৰা ছবি ক্ষেত্ৰখনত খোজ দিয়ে। মন কৰিবলগীয়া যে, শ্বাহৰুখ খান অভিনীত প্ৰায় ১১ খন ছবিয়ে ১০০ কোটি টকীয়া বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হয়। ১৯৯৪ চনৰ পৰা ২০১১ লৈ তেওঁক ৮ বাৰকৈ শ্বাহৰুখ খানক ফিল্মফেয়াৰত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ লাভ কৰে।

]]>
https://rupaliparda.com/archives/21684/feed 0 21684
আহি আছে শ্বাহৰুখ খান; এইবাৰ ভিলেইন জন আব্ৰাহামঃ https://rupaliparda.com/archives/21242 https://rupaliparda.com/archives/21242#respond Sat, 17 Oct 2020 16:30:20 +0000 https://rupaliparda.com/?p=21242 শ্বাহৰুখ খানক আকৌ এবাৰ ডাঙৰ পৰ্দাত চাবলৈ বহু আশাৰে বাট চাই ৰৈছিল তেওঁৰ অনুৰাগী। এইবাৰ অনুৰাগীক আকৰ্ষণ কৰিবলৈ পূৰ্ণ প্ৰস্তুতিত নামি পৰিছে অভিনেতা গৰাকী। শ্বাহৰুখ খানৰ আহিবলগীয়া ছবিখনত কেৱল মাত্ৰ কিং খানকেই নহয়; এক মনোগ্ৰাহী ৰূপত দেখিবলৈ পোৱা যাব জন আব্ৰাহামকো। খবৰনুসৰি, আহিবলগীয়া “পঠান” ছবিখনত জন আব্ৰাহামে ৰূপায়ন কৰিব খলনায়কৰ চৰিত্ৰ। “ধুম” ছবিখনত খলনায়কৰ চৰিত্ৰ ৰূপায়নেৰে দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা জন আব্ৰাহামক এইবাৰো দেখিবলৈ পোৱা যাব এক নতুন ৰূপত। জন আব্ৰাহামক এই ছবিখনৰ বাবে নতুন ব্যতিক্ৰমী লুক দিয়া হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ ৰিপোৰ্টনুসৰি, জন আব্ৰাহামেও নিজৰ এই আহিবলগীয়া চৰিত্ৰটোক লৈ খুবেই উৎসাহী হৈ পৰিছে। “বাটলা হাউচ”, “সত্যমেৱ জয়তে” তথা “পোখৰেণ” ৰ দৰে ছবিৰ পিছত জন আব্ৰাহামৰ অভিনয় চাবলৈ আচলতে উৎসাহী অনুৰাগীও। বিগত বহু দিনৰ পিছত ডাঙৰ পৰ্দালৈ অহা শ্বাহৰুখ খান লগতে জন আব্ৰাহামৰ যুঁটিটোক চাবলৈ অপেক্ষাৰত দৰ্শকবৃন্দ। ছবিখনৰ আন এক উল্লেখনীয় কথা এয়ে যে, “পঠান” ছবিখনত শ্বাহৰুখ তথা জনৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী দীপিকা পাডুকনকো।

আহি আছে শ্বাহৰুখ খান; এইবাৰ ভিলেইন জন আব্ৰাহামঃ 5
আহি আছে শ্বাহৰুখ খান; এইবাৰ ভিলেইন জন আব্ৰাহামঃ 6


য়শৰাজ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছে সিদ্ধাৰ্থ আনন্দে। বিগত দিনৰ পৰা ভাল কোনো প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ মানসেৰে অপেক্ষা কৰি থকা শ্বাহৰুখ খানৰ এই ছবিখন হ’ব বহু প্ৰত্যাশিত। কৰ্ম কৰাত বিশ্বাস ৰখা জন আব্ৰাহামৰ ছবিসমূহত বিগত কেইবাবছৰৰ পৰাই এক সঁচা ঘটনাৰ সোঁৱাদ উপভোগ কৰিছে দৰ্শকে। আনহাতে, ড্ৰাগছ কেছত নাম সাঙুৰ খোৱাৰ পিছত চচিয়েল মিডিয়াত বহু চৰ্চিত হৈ পৰা দীপিকা পাডুকনে শেহতীয়াকৈ আৰম্ভ কৰিছে নিজ আহিবলগীয়া ছবিৰ শ্বুটিং।

]]>
https://rupaliparda.com/archives/21242/feed 0 21242
“লক্ষ্মী বোম্ব” ৰ ট্ৰেইলাৰৰ পৰা গোপন হ’ল “লাইক-ডিচলাইক” ৰ সংখ্যাঃ https://rupaliparda.com/archives/21060 https://rupaliparda.com/archives/21060#respond Sat, 10 Oct 2020 16:30:34 +0000 https://rupaliparda.com/?p=21060 বলীউডত চলি থকা নেপোটিজিম আৰু ড্ৰাগছ কেছৰ চৰ্চাৰ মাজত অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি “লক্ষ্মী বোম্ব” ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। ট্ৰেইলাৰটোৰ ওপৰত বৰ্তমানলৈ অধিকাংশ লোকে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যদিও ট্ৰেইলাৰটোৰ পৰা গোপন কৰি ৰখা হৈছে লাইক আৰু ডিচলাইকৰ সংখ্যা। ইয়াৰ পৰা পোনপটীয়াকৈ গম পোৱা যায় বয়ক’ট কৰা ভয়ত ছবিখনৰ পৰা আঁতৰাই ৰখা হৈছে লাইক-ডিচলাইকৰ সংখ্যা। “নেপোটিজিম” প্ৰসংগৰ আঁত ধৰি ইতিমধ্যে “সড়ক ২” আৰু “খালী পিলী” ছবিখনে লাভ কৰিছে বহুল জনসাধাৰণৰ ঋণাত্মক মন্তব্য। সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ মতে বলীউড ক্ষেত্ৰখনত চলা “নেপোটিজিম” ৰ বাবে অতি কম সময়তে সুশান্তে মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছিল; ইয়াৰ পূৰ্ণ প্ৰভাৱ “সড়ক ২” ছবিখনৰ ওপৰত পৰা ফলতেই ইয়াৰ ট্ৰেইলাৰ আটাইতকৈ “ডিচলাইক” হোৱা ভিডিঅ’ ৰূপে পৰিগণিত হৈছিল। এই ঘটনাৰ পুনৰাবৃত্তি নহওঁক বুলি ভাবিয়েই হয়টো “লক্ষ্মী বোম্ব” ৰ পৰা ভিডিঅ’ৰ পৰা গোপন কৰা হৈছে “লাইক- ডিচলাইক” ৰ সংখ্যা।

"লক্ষ্মী বোম্ব" ৰ ট্ৰেইলাৰৰ পৰা গোপন হ'ল "লাইক-ডিচলাইক" ৰ সংখ্যাঃ 7


কিছুদিন পূৰ্বে অক্ষয় কুমাৰে বলীউড তাৰকাৰ “চাপোৰ্ট” ত এটি ভিডিঅ’ আপলোড কৰা পিছতেই তেওঁৰ এই ছবিখনক বয়ক’ট কৰাৰ ঢৌ উঠিছিল চচিয়েল মিডিয়াত।ভিডিঅ’ যোগে কয় যে, ” এনে নহয় যে বলীউডৰ সৈতে জড়িত প্ৰতিজন তাৰকাই ড্ৰাগছ লয়। বলীউডত ড্ৰাগছ প্ৰব্লেম নতুন নহয় যদিও এয়াও সম্ভৱ নহয় যে ইয়াত সকলোৱে ড্ৰাগছ ল’ব।” ভিডিঅ’টোৰ পিছত একাংশ বলীউড তাৰকাই অক্ষয় কুমাৰৰ লগ দিয়ে; কিন্তু আন একাংশ জনসাধাৰণে অক্ষয় কুমাৰৰ এই ভিডিঅ’টোৰ যথেষ্ট বিৰোধিতা কৰে।

]]>
https://rupaliparda.com/archives/21060/feed 0 21060
“গ্ৰেণ্ড অপেনিং” ৰ দিশে সুশান্ত সিং ৰাজপুতৰ “দিল বেছাৰা”- https://rupaliparda.com/archives/17100 https://rupaliparda.com/archives/17100#respond Fri, 26 Jun 2020 17:30:51 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17100 সুশান্তৰ মৃত্যুৰ ১০ টা দিন উকলি যোৱা পিছতো বৰ্তমান অনুৰাগীয়ে পাহৰিব পৰা নাই তেওঁক। তেওঁক উদ্দশ্যি অহা বিভিন্ন খবৰ ও ভিডিঅ’ এতিয়াও চৰ্চা লাভ কৰিছে সমগ্ৰ দেশতে। এইখিনিতে তেওঁৰ আহিবলগীয়া “দিল বেছাৰা” ছবিখন ডিজিটেল প্লেটফৰ্ম “ডিজনী হটষ্টাৰ” ত মুক্তি দিয়াৰ ইতিমধ্যে ঘোষণা কৰা হৈছে। এই ঘোষণাৰ পিছতেই অভিনেতা গৰাকীৰ কিছু অনুৰাগী আৱেগিক হৈ পৰাৰ উপৰিও ছবিখনৰ নিৰ্মাতা সকলৰ ওচৰত তেওঁলোকৰ এই সিদ্ধান্তক সলনি কৰি দিয়াৰো আহ্বান জনায় কিয়নো একাংশ অনুৰাগীয়ে অভিনেতা গৰাকীৰ এই ছবিখনক ছবিগৃহত উপভোগ কৰি অভিনেতা গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কথা ব্যক্ত কৰিছিল।

"গ্ৰেণ্ড অপেনিং" ৰ দিশে সুশান্ত সিং ৰাজপুতৰ "দিল বেছাৰা"- 8

ইয়াৰ উপৰিও, “ক’ৰ’ণা ভাইৰাছ” ৰ ফলত যদিও চিত্ৰগৃহ নোখোলে তথাপিও চিত্ৰগৃহ খুলি যোৱালৈ অপেক্ষা কৰিম বুলি মন্তব্য কৰিছিল একাংশ অনুৰাগীয়ে। উল্লেখ্য যে, অনুৰাগীৰ মনস্তাত্বিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এটা কথা নিশ্চিত হৈ পৰিছে যে সুশান্ত সিং ৰাজপুতৰ এই ছবিখনে “গ্ৰেণ্ড অপেনিং” কৰিব; ডিজিটেল প্লেটফৰ্মত হ’লেও ইয়াক লক্ষাধিক লোকে উপভোগ কৰাৰ বাবে অপেক্ষা কৰি ৰৈছে বৰ্তমান।

"গ্ৰেণ্ড অপেনিং" ৰ দিশে সুশান্ত সিং ৰাজপুতৰ "দিল বেছাৰা"- 9


যদিহে আমি সুশান্তৰ ছবিৰ ফালৰ পৰা চাবলৈ যাওঁ তেতিয়াহ’লে তেওঁক অকণমান সময়ৰ বাবে দেখিবলৈ পোৱা পি.কে ছবিখনে প্ৰথমটো দিনত লাভ কৰিছিল ২৭ কোটি টকা আৰু পিছলৈ ই লাভ কৰিলে ৩০০ কোটি টকাৰ লাভ। ইয়াৰ পিছত, এম.এছ.ধোনী বায়’পিক খনে প্ৰথমটো দিনাই ২১ কোটি টকাৰ লাভেৰে আগবাঢ়ি পিছলৈ ই ১০০ কোটিৰ বস্ক অফিচ কালেকচনৰ শাৰীত সোমাইছিল আৰু এইখনেই আছিল সুশান্তৰ জীৱনৰ প্ৰথমখন সফল ছবি। প্ৰায়ে ১০ খন ছবিত অভিনীত অভিনেতা গৰাকীয়ে নিজৰ বাবে যথেষ্ট অনুৰাগী গোটাই ৰাখিছিল কিন্তু মাজবাটতে অনুৰাগীক এৰি যোৱাত এতিয়া শোকাহত হৈ পৰিছে সকলো।

]]>
https://rupaliparda.com/archives/17100/feed 0 17100
অজয় দেৱগণ ও ইমৰাণ হাছমীৰ সৈতে থাকিব আলিয়া ভাটঃ https://rupaliparda.com/archives/16321 https://rupaliparda.com/archives/16321#respond Thu, 11 Jun 2020 16:30:27 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16321 চলিত বৰ্ষৰ বহু প্ৰত্যাশিত ছবি সমূহৰ ভিতৰত এখন হৈছে আলিয়া ভাট অভিনীত “গংগুবাই কাঠিয়াবাড়ী”। জানিব পৰা মতে, জুলাই মাহৰ শেষৰ পৰা আৰম্ভ হ’বলগীয়া এই ছবিখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ। ছবিখনৰ সৈতে আলিয়া ভাট জড়িত হৈ থকা খবৰ সকলোৱে জানিব পাৰিছে কিন্তু এইবাৰ এই ছবিখনত আন দুই মূখ্য চৰিত্ৰত অভিনীত অভিনেতাৰ বিষয়ে আপোনালোকক জনাম। এই দুগৰাকী অভিনেতা হৈছে “ৱান্স আপন এ টাইম ইন মুম্বাইত” একেলগে অভিনীত অজয় দেৱগণ আৰু ইমৰাণ হাসমী। ছবিখনৰ বাবে ইমৰাণ হাসমীয়ে নিজৰ ভাগৰ শ্বুটিং ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু জুলাই মাহত ছবিখনৰ আনটো খণ্ডৰ শ্বুটিং আৰম্ভ হোৱাত অজয় দেৱগণে কৰিব ছবিখনৰ শ্বুটিং।

অজয় দেৱগণ ও ইমৰাণ হাছমীৰ সৈতে থাকিব আলিয়া ভাটঃ 10
অজয় দেৱগণ ও ইমৰাণ হাছমীৰ সৈতে থাকিব আলিয়া ভাটঃ 11


ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ এক সংবাদ মাধ্যম অনুসৰি, “বৰ্ষটোৰ প্ৰথম ভাগতেই আলিয়া ভাটৰ সৈতে ইমৰাণ হাছমীয়ে মনে মনে ছবিখনৰ শ্বুটিং কৰিছে। আনহাতে, গেংগষ্টাৰ কৰীম কালাৰ চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগণে। উল্লেখ্য যে, এই ছবিখনক ডিজিটেল প্লেটফৰ্মক মুকলি কৰি দিয়া নহয় বুলি ইতিমধ্যে জানিব পৰা গৈছে।

]]>
https://rupaliparda.com/archives/16321/feed 0 16321
“গোলাবো সোতাবো” ৰ পিছত এইবাৰ OTT প্লেটৰ্ফমত “শকুন্তলা দেৱী”- https://rupaliparda.com/archives/14895 https://rupaliparda.com/archives/14895#respond Fri, 15 May 2020 17:30:33 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14895 “লক-ডাউন” ৰ ফলত ছবি নিৰ্দেশক সকলে OTT প্লেটৰ্ফম যোগে ছবি সমূহ মুক্তি দিয়াৰ পৰিকল্পনা কৰা দেখিবলৈ পোৱা গৈছে। বলীউড ছবি “গোলাবো সিতাবো” ৰ পিছত এইবাৰ “শকুন্তলা দেৱী” বায়’পিক খনৰো প্ৰিমিয়াৰ কৰা হ’ব এমেজন প্ৰাইম যোগে। এই ছবিখনত বিদ্যা ৱালনে “হিউমেন কম্পিউটাৰ” ৰূপে জনাজাত গণিতজ্ঞ শকুন্তলা দেৱীৰ চৰিত্ৰ ৰূপায়ন কৰিব। এমেজনত ইয়াৰ মুক্তিৰ তাৰিখ বৰ্তমানেও দিয়া হোৱা নাই যদিও ইয়াৰ মুক্তিৰ খবৰ খাটাং কৰা হৈছে। এমেজন প্ৰাইম ভিডিঅ’ য়ে উক্ত বিষয়ত স্পষ্টীকৰণ দিয়ে আৰু কয় যে ২০০ খন দেশ আৰু ক্ষেত্ৰৰ দৰ্শকৰ বাবে ইয়াক বিশেষৰূপে মুক্তি দিয়া হ’ব।

"গোলাবো সোতাবো" ৰ পিছত এইবাৰ OTT প্লেটৰ্ফমত "শকুন্তলা দেৱী"- 12


উল্লেখ্য যে, শকুন্তলা দেৱী বায়’পিক খন তেওঁৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত; যিয়ে চেকেণ্ডৰ ভিতৰত চমৎকাৰী ধৰণে কঠিনতকৈ কঠিন তথা জটিল অংকৰ সমাধান কৰিব পাৰে। এই ছবিখনত বিদ্যা বালনৰ সৈতে অভিনয় কৰিব সান্যা মালহোত্ৰাই; সান্যাই বিদ্যা বালনৰ জীয়ৰীৰ চৰিত্ৰ ৰূপায়ন কৰিব। ছবিখনত অমিত সাধ আৰু জিস্শু সেনগুপ্তাও এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে। অনু মেননৰ দ্বাৰা পৰিচালিত এই ছবিখন চনী পিকচাৰ্চ নেটৱৰ্কচ প্ৰডাকচন আৰু বিক্ৰম মালহোত্ৰাই প্ৰযোজনা কৰিছে।

]]>
https://rupaliparda.com/archives/14895/feed 0 14895
কাৰোবাৰ অৰ্জুন ৰেড্ডী; কাৰোবাৰ এনেকোণ্ডাঃ এয়াই ৰাইজৰ বিজয় দেবৰকোণ্ডা- https://rupaliparda.com/archives/14573 https://rupaliparda.com/archives/14573#respond Sat, 09 May 2020 16:30:57 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14573 অৰ্জুন ৰেড্ডী অৰ্থাৎ সকলোৰে চিনাকী তেলেগু চুপাৰষ্টাৰ বিজয় দেবৰকোণ্ডাৰ আজি জন্মদিন। ১৯৮৯ চনতৰ ৯ মে’ তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেতাই মুঠ ১৩ খন ছবিত অভিনয় কৰি বৰ্তমান দক্ষিণ ছবি ক্ষেত্ৰৰ এগৰাকী চুপাৰষ্টাৰ ৰূপে খ্যাতি লাভ কৰিছে। তেওঁৰ ছবি “অৰ্জুন ৰেড্ডী” ৰ ৰিমেক ৰূপে বলীউডত “কবীৰ সিং” নিৰ্মাণ হোৱাৰ পিছৰে পৰা তেওঁ বলীউডৰো সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। বিজয় বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “ফাইটাৰ” ৰ বাবে। এই ছবিখনৰ দ্বাৰাই পোন প্ৰথমবাৰৰ বাবে তেওঁক বলীউডত দেখিবলৈ পোৱা যাব। তেওঁৰ বিপৰীতে এই ছবিখনত অভিনয় কৰিব বলীউড অভিনেত্ৰী অনন্যা পাণ্ডে। ইতিমধ্যে ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হৈছে যদিও “লক-ডাউন” ৰ ফলত শ্বুটিং স্থগিত কৰা হৈছে। শ্বুটিং সময়ছোৱাৰ বিভিন্ন পোষ্ট দুয়ো অভিনেতা-অভিনেত্ৰীয়ে চচিয়েল মিডিয়াত পোষ্ট কৰাত বিজয় বিগত দিনত ট্ৰোলৰো সন্মুখীন হৈছিল।

কাৰোবাৰ অৰ্জুন ৰেড্ডী; কাৰোবাৰ এনেকোণ্ডাঃ এয়াই ৰাইজৰ বিজয় দেবৰকোণ্ডা- 13


কিছুদিন পূৰ্বে বিজয়ৰ এক ভিডিঅ’ ভাইৰেল হৈছিল য’ত ক’ৰবালৈ গৈ থকা অৱস্থাত পিছলিবলৈ ধৰাত তেওঁক সহায় আগবঢ়াইছিল তেওঁৰেই বডীগাৰ্ড দুগৰাকীয়ে। তেওঁৰ এই ভিডিঅ’টোত বিভিন্ন জনে বিভিন্ন কমেন্ট কৰাৰ লগতে একাংশই অনন্যাকো কমেন্টৰ মাজলৈ টানি আনে। এইধৰণে বিভিন্ন সময়ত দৰ্শকৰ নজৰত থকা দেখিবলৈ পোৱা যায় উক্ত অভিনেতা গৰাকীক।

কাৰোবাৰ অৰ্জুন ৰেড্ডী; কাৰোবাৰ এনেকোণ্ডাঃ এয়াই ৰাইজৰ বিজয় দেবৰকোণ্ডা- 14


“ফাইটাৰ” ছবিখন পুৰী জগন্নাথে পৰিচালনা কৰিছে লগতে ইয়াৰ প্ৰযোজনাৰ দায়িত্বত আছে কৰণ জহৰ।

]]>
https://rupaliparda.com/archives/14573/feed 0 14573
“শৰ্মাজী নমকিন” ত পূৰ্বৰ দৰেই দেখিবলৈ পাব ঋষি কাপুৰকঃ https://rupaliparda.com/archives/14524 https://rupaliparda.com/archives/14524#respond Fri, 08 May 2020 17:30:45 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14524 প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰৰ দেহাৱসান ঘটিলেও তেওঁক নিজ হৃদয়ত স্থাপিত কৰিছে অনুৰাগীয়ে। ঋষি কাপুৰৰ এনে অনুৰাগীৰ বাবেই এক সু-খবৰ। তেওঁৰ আহিবলগীয়া ছবি “শৰ্মাজী নমকিন” ৰ শ্বুটিং আধৰুৱা হৈ আছিল যদিও এতিয়া সম্পূৰ্ণ শ্বুটিং সম্পন্ন কৰিবলৈ ছবি নিৰ্মাতা গোষ্ঠীয়ে বিচাৰ কৰি উলিয়াইছে এক অভিনৱ প্ৰচেষ্টা। ছবিখনৰ বাকী থকা শ্বুটিঙৰ বাবে Vfx ৰ সহায় লোৱা হ’ব আৰু ইয়াৰ দ্বাৰাই ছবিখনৰ নিৰ্মাতা সকলে যাঁচিব অভিনেতা গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি। ছবিখনৰ মূখ্য চৰিত্ৰত জুহী চাওলাকো দেখিবলৈ পোৱা যাব। এক ৰিপোৰ্টনুসৰি, এক্সেল এন্টাৰটেইনমেন্ট আৰু ছবিখনৰ সহঃ প্ৰযোজক হনী ত্ৰেহানৰ মত অনুসৰি ছবিখনৰ দ্বাৰা অভিনেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু অনুৰাগীক সন্তোষ দিবলৈ এই নিৰ্ণয় কৰা হৈছে।

"শৰ্মাজী নমকিন" ত পূৰ্বৰ দৰেই দেখিবলৈ পাব ঋষি কাপুৰকঃ 15
"শৰ্মাজী নমকিন" ত পূৰ্বৰ দৰেই দেখিবলৈ পাব ঋষি কাপুৰকঃ 16


তেওঁ কয় যে,এই ছবিখনক আমি পৰিয়াল, তেওঁৰ অনুৰাগী লগতে বন্ধুৰ বাবে থিয়েটাৰলৈ আনিব খুজো। কাৰণ, আমি সকলোৱে তেওঁৰ ওচৰত ঋণী। মই ইয়াৰ জৰিয়তে প্ৰযোজক ফৰহান আখতাৰ আৰু ৰিতেশ সিধৱানীৰ প্ৰতিও কৃতজ্ঞতা জনাম কিয়নো এই ছবিখনত তেওঁলোকে কেৱল মাত্ৰ টকাই দিয়া নহয়; ভাৱনাত্মক হৈও চিন্তা কৰিছে।” উল্লেখ্য যে, Vfx ৰ দ্বাৰা ছবিখন সম্পূৰ্ণ কৰা ক্ষেত্ৰত বিভিন্ন ষ্টুডিঅ’ ৰ সৈতে ইতিমধ্যে ইয়াৰ কথা-বতৰা চলি আছে।

]]>
https://rupaliparda.com/archives/14524/feed 0 14524
বিগ বাজেট ছবিৰ টাৰ্গেট হ’ব বিভিন্ন উৎসৱঃ ক’লে তৰণ আদৰ্শে https://rupaliparda.com/archives/14394 https://rupaliparda.com/archives/14394#respond Wed, 06 May 2020 12:32:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14394 চুপাৰষ্টাৰ ছলমান খানৰ ছবিক লৈ অনুৰাগী উৎসাহী হৈ থকা দেখিবলৈ পোৱা যায়। তেওঁৰ আগন্তুক ছবি “ৰাধে” ও বিগত বহু দিন ধৰি চৰ্চা লাভ কৰি আহিছিল। ছবিখনৰ প্ৰায় কাম সম্পন্ন হৈছিল যদিও শেষ ভাগৰ কিছু দিনৰ শ্বুটিং এতিয়াও বাকী আছিল।

বিগ বাজেট ছবিৰ টাৰ্গেট হ'ব বিভিন্ন উৎসৱঃ ক'লে তৰণ আদৰ্শে 17

কিন্তু বৰ্তমান “লক-ডাউন” ৰ ফলত সেয়া একেবাৰেই সম্ভৱপৰ হৈ উঠা নাই; ছবিখন ঈদৰ সময়ছোৱাত মুক্তি দিয়া কথা আছিল যদিও সেয়া বৰ্তমান কোনোপধ্যেই সঠিক নহয়। ছবিখনক উদ্দেশ্যি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এটিয়ে ছবি সমালোচক তৰণ আদৰ্শৰ সৈতে কথা পতাত সমালোচক গৰাকীয়ে “ৰাধে” ৰ উপৰিও বিভিন্ন বিগ বাজেটৰ ছবিৰ কথাও উল্লেখ কৰে।

বিগ বাজেট ছবিৰ টাৰ্গেট হ'ব বিভিন্ন উৎসৱঃ ক'লে তৰণ আদৰ্শে 18


তেওঁ কয় যে, “ৰাধে” ৰ বিষয়ে তাৎক্ষণিকভাৱে কোনো এটা কথা কয় দিব পৰা নাযায় যিহেটো এতিয়া কোনো সিদ্ধান্তই ল’ব পৰাত নাই।” তৰণ আদৰ্শে লগতে কয় যে বৰ্তমানৰ যিসমূহ বিগ বাজেট ছবি আছে সেই আটাইৰে টাৰ্গেট হ’ব আহিবলগীয়া উৎসৱ সমূহ যেনে দিপাৱলী, খ্ৰীষ্টমাছ, নৱবৰ্ষ আদি। কিন্তু ইয়াৰ উপৰিও, এই আটাইবোৰ মাত্ৰ একেটা কথাৰ ওপৰতেই নিৰ্ভৰ কৰিব যে কেতিয়াকৈ চিনেমা হ’লসমূহ খোলা হ’ব। গতিকে সম্প্ৰতি কোনো কথাই সঠিকভাৱে ক’ব পৰা নাযাব বুলি তেওঁ ব্যক্ত কৰে।

]]>
https://rupaliparda.com/archives/14394/feed 0 14394