Chinmoy Barma – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 03 Jul 2021 03:59:25 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Chinmoy Barma – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “তেজৰ টুকুৰা” ৰ চৰ্চা; লুপ্তপ্ৰায় প্ৰথাক সাঙুৰি দিয়া হৈছে টুইষ্টঃ https://rupaliparda.com/archives/27194 https://rupaliparda.com/archives/27194#comments Sun, 04 Jul 2021 08:30:00 +0000 https://rupaliparda.com/?p=27194 চুটি ছবি জগতখনত বিগত দিন ধৰি চৰ্চিত হৈ থকা এখন চুটি ছবি “তেজৰ টুকুৰা” ক লৈ শেহতীয়াকৈ উৎসাহৰ সৃষ্টি হৈছে কেউদিশে। ফাৰ্ষ্ট লুক পোষ্টাৰ তথা চুটি ছবিখনৰ সদ্যমুক্তিপ্ৰাপ্ত টিজাৰে চুটি ছবিখনৰ প্ৰতি জনসাধাৰণক আৰু অধিক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আপোনালোকক পোনপ্ৰথমেই ছবিখনৰ কাহিনীভাগৰ এক চমু আভাস দিবলৈ বিচাৰিছোঁ; আমাৰ সমাজত পুতলা নাচক প্ৰাধান্য দিয়াৰ কথা আমি শুনি আহিছোঁ। আচলতে, বৰ্তমানেও চুকে-কোণে পুতলা নচোৱা শিল্পীসকলে এই সংস্কৃতিটোক অব্যাহত ৰাখিছে। এই লুপ্তপ্ৰায় সংস্কৃতিটোকেই আধাৰ হিচাবে লৈ পৰিচালক চিন্ময় বাৰ্মাই নিজাববীয়াকৈ টুইষ্ট সানি উক্ত চুটি ছবি “তেজৰ টুকুৰা” ক নিৰ্মাণ কৰি উলিয়াইছে। অৱশ্যে, ট্ৰেইলাৰটো উপভোগ কৰাৰ পিছতেই আপুনি সেই শিহৰণটো অনুভৱ কৰিবলৈ সক্ষম হ’ব বুলি আমি নিশ্চিত। চুটি ছবিসমূহৰ প্ৰসংগবোৰ বৰ্তমানলৈ সক্ৰিয় হৈ আছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত। ক’ৰোণা ভাইৰাছৰ সময়ছোৱাত চুটি ছবিসমূহৰ এক সুন্দৰ পৰিক্ৰমা আৰম্ভ হোৱা আমি সকলোৱে দেখিবলৈ পাইছিলো। সেই সময়ৰ পৰা আৰম্ভ হোৱা যাত্ৰাটোত বৰ্তমানলৈ আমি বহুকেইখন উল্লেখনীয় চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ অসমখন অইন প্ৰতিটো দিশত চহকী হোৱাৰ সমান্তৰালকৈ ইয়াত নিৰ্মিত একাংশ চুটি ছবিয়ে লাভ কৰা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানৰ কথা আমি শুনিছো অথবা সংবাদপত্ৰ যোগে পঢ়িছো।


Eastside Productions ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনে জনসাধাৰণৰ মাজত আকৌ এবাৰ “পুতলা নাচ” ৰ এই প্ৰথাটোক হয়টো পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে, এই প্ৰডাকচন হাউচটোৰ দায়িত্বত আছে ক্ৰমে ৰিকি শৰ্মা, প্ৰয়াস শৰ্মা তামুলী আৰু উপমান্যু দাস। এইখন চুটি ছবিখনৰ বাবে পুতলা সমূহক ব্যক্তিগত বাসগৃহতেই সাঁজি উলিওৱা হৈছে লগতে এই পুতলা সমূহ নচুৱাবলৈ চুটি ছবিখনত পুতলা নচুৱাব পৰা শিল্পী গ্ৰহণ কৰা হোৱা নাই। জানিব পৰা মতে, চুটি ছবিখনৰ ইতিমধ্যে শ্বুটিং সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াৰ সম্পাদনাৰ কাম চলি থকা হৈছে। ৰিকি শৰ্মাৰ প্ৰযোজনাৰে চুটি ছবিখনৰ চিত্ৰনাট্য পৰী দাস আৰু চিন্ময় বাৰ্মাৰ; চিত্ৰনাট্য তথা সংলাপ পৰী দাসৰ। ইয়াত বিশেষ চৰিত্ৰত অভিনয় কৰিছে দীক্ষিতা ৰাজবংশীয়ে। দৃশ্যগ্ৰহণৰ লগতে চুটি ছবিখনৰ সম্পাদনা, ৰঙৰ দায়িত্বত আছে উপম দাসৰ। বিজিএম আৰু আৱহ সংগীত নাজনিন উল্লাহৰ আৰু বেকগ্ৰাউণ্ড স্কৰ মনদ্বীপ তাৰো’ৰ। চিন্ময় বাৰ্মাৰ প্ৰকল্পসমূহে বিগত দিনৰ পৰাই সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈ আহিছে। ব্যতিক্ৰমী পৰিকল্পনা সমূহৰ বাবেই আচলতে দৰ্শকে তেওঁৰ প্ৰকল্পসমূহক লৈ অপেক্ষাৰত হৈ থাকে।

"তেজৰ টুকুৰা" ৰ চৰ্চা; লুপ্তপ্ৰায় প্ৰথাক সাঙুৰি দিয়া হৈছে টুইষ্টঃ 1


চুটি ছবিখনৰ মুক্তি আৰু ইয়াৰ সফলতাৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও আশা কৰিছোঁ। আনহাতে, ইয়াৰ সৈতে জড়িত প্ৰত্যেককে জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27194/feed 1 27194
লুপ্তপ্ৰায় থলুৱা সংস্কৃতি “পুতলা নাচ” ক লৈ চিন্ময় বাৰ্মাৰ ন-প্ৰচেষ্টা; আছে কিছু টুইষ্টঃ https://rupaliparda.com/archives/26427 https://rupaliparda.com/archives/26427#respond Sun, 30 May 2021 08:30:00 +0000 https://rupaliparda.com/?p=26427 চুটি ছবিসমূহৰ বিষয়বস্তুবোৰেৰে প্ৰত্যেকেবাৰেই দৰ্শক সকলক উৎকন্ঠিত কৰি ৰখা চিন্ময় বাৰ্মাৰ আন এক প্ৰকল্প “তেজৰ টুকুৰা” য়ে শেহতীয়াকৈ লাভ কৰিছে সমাদৰ। চুটি ছবিখনৰ কেৱল মাত্ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ খনেই ইতিমধ্যে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ব্যতিক্ৰমী শব্দটো অৱশ্যে আমি প্ৰায়ে ব্যৱহাৰ কৰো; কিন্তু এইগৰাকী পৰিচালকৰ প্ৰকল্পসমূহ অইনতকৈ সঁচাকৈয়ে ভিন্ন; সেইবাবে চিন্ময় বাৰ্মাৰ প্ৰকল্পৰ পূৰ্ণাংগ ৰূপ প্ৰকাশ পোৱাৰ পূৰ্বেই জনসাধাৰণ অপেক্ষাৰত হৈ পৰে। এইখিনিতে, আপোনালোকক জনাই থওঁ যে, চিন্ময় বাৰ্মাৰ পৰিচালনাৰে নিৰ্মিত “মৰমে ৰিঙিয়ায়” শীৰ্ষক চুটি ছবি এখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভিন্ন খন ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ সমান্তৰালকৈ বৰ্তমান এই চুটি ছবিখন উপলদ্ধ Moviesainta.com নামে ডিজিটেল প্লেটফৰ্মটোতো। ইয়াৰ উপৰিও, “ঘোঁৰাপাক”, “যখিনী” আদি চুটি ছবিকেইখনো চিন্ময় বাৰ্মাৰ আগন্তুক প্ৰকল্পৰ ভিতৰত একোখন। পূৰণি কিছু লোককথা, সাধুকথাৰ আধাৰত এই গৰাকী পৰিচালকে কৰা কাহিনী তথা চুটি ছবিসমূহৰ বাবেই তেওঁৰ প্ৰকল্পসমূহক লৈ বহুল হাৰত অপেক্ষা কৰি ৰয় বৃদ্ধজনৰ লগতে কণ কণ শিশু দৰ্শক সকলেও। Eastside Productions ৰ বেনাৰত নিৰ্মিত চিন্ময় বাৰ্মাৰ আহিবলগীয়া “তেজৰ টুকুৰা” চুটি ছবিখনকো আচলতে পিছপৰি ৰোৱা লোকপ্ৰথাক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে। উল্লেখ্য যে, এই প্ৰডাকচনটো হাউচটোৰ দায়িত্বত আছে ক্ৰমে ৰিকি শৰ্মা, প্ৰয়াস শৰ্মা তামুলী আৰু উপমান্যু দাস।

লুপ্তপ্ৰায় থলুৱা সংস্কৃতি "পুতলা নাচ" ক লৈ চিন্ময় বাৰ্মাৰ ন-প্ৰচেষ্টা; আছে কিছু টুইষ্টঃ 2
লুপ্তপ্ৰায় থলুৱা সংস্কৃতি "পুতলা নাচ" ক লৈ চিন্ময় বাৰ্মাৰ ন-প্ৰচেষ্টা; আছে কিছু টুইষ্টঃ 3


পৰীক্ষামূলক এই চুটি ছবিখনৰ কাহিনীত অন্তৰ্ভূক্ত কৰা হৈছে অসমৰ লুপ্তপ্ৰায় এটি থলুৱা সংস্কৃতি; পুতলা নাচক। পুতলা নাচক আকৌ এবাৰ ৰাইজৰ মাজলৈ লৈ অনাৰ নৱপ্ৰজন্মৰ পৰিচালক গৰাকীৰ যি প্ৰচেষ্টা ; সেয়া সঁচাকৈ আদৰণীয়। অৱশ্যে, চুটি ছবিখনত আছে এক টুইষ্ট; পুতলা নাচৰ কনচেপ্টটোৰ লগতে এটি হ’ৰৰ কাহিনীক সংযোজন কৰাৰো চেষ্টা কৰা হৈছে; উল্লেখ্য যে, এইখন চুটি ছবিখনৰ বাবে পুতলা সমূহক ব্যক্তিগত বাসগৃহতেই সাঁজি উলিওৱা হৈছে লগতে এই পুতলা সমূহ নচুৱাবলৈ চুটি ছবিখনত পুতলা নচুৱাব পৰা শিল্পী গ্ৰহণ কৰা হোৱা নাই। জানিব পৰা মতে, চুটি ছবিখনৰ ইতিমধ্যে শ্বুটিং সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াৰ সম্পাদনাৰ কাম চলি থকা হৈছে। অতিশীঘ্ৰেই ইয়াৰ টিজাৰ মুকলি কৰি দিয়া হ’ব ৰাইজৰ ওচৰত; ৰিকি শৰ্মাৰ প্ৰযোজনাৰে চুটি ছবিখনৰ চিত্ৰনাট্য পৰী দাস আৰু চিন্ময় বাৰ্মাৰ; চিত্ৰনাট্য তথা সংলাপ পৰী দাসৰ। ইয়াত বিশেষ চৰিত্ৰত অভিনয় কৰিছে দীক্ষিতা ৰাজবংশীয়ে। দৃশ্যগ্ৰহণৰ লগতে চুটি ছবিখনৰ সম্পাদনা, ৰঙৰ দায়িত্বত আছে উপম দাসৰ। বিজিএম আৰু আৱহ সংগীত নাজনিন উল্লাহৰ আৰু বেকগ্ৰাউণ্ড স্কৰ মনদ্বীপ তাৰো’ৰ। বৰ্তমান নৱপ্ৰজন্মৰ দ্বাৰা প্ৰস্তুত হোৱা একাংশ প্ৰকল্পত জনসাধাৰণে যিটো হাৰত সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছে তাতেই ধৰিব পৰা যায় যে এই ক্ষেত্ৰখনত নৱপ্ৰজন্মই কেনেধৰণে নিজ প্ৰতিভাৰ বীজ সিঁচিবলৈ সক্ষম হৈছে।

লুপ্তপ্ৰায় থলুৱা সংস্কৃতি "পুতলা নাচ" ক লৈ চিন্ময় বাৰ্মাৰ ন-প্ৰচেষ্টা; আছে কিছু টুইষ্টঃ 4
লুপ্তপ্ৰায় থলুৱা সংস্কৃতি "পুতলা নাচ" ক লৈ চিন্ময় বাৰ্মাৰ ন-প্ৰচেষ্টা; আছে কিছু টুইষ্টঃ 5

আইতা-ককা তথা বৃদ্ধজনৰ মুখে মুখে সৰুতেই শুনি থকা কিছু কাহিনীক লৈ কৰা চিন্ময় বাৰ্মাৰ প্ৰচেষ্টাক প্ৰতিজন জনসাধাৰণৰ লগতে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26427/feed 0 26427
চিন্ময় বাৰ্মাৰ “যখিনী” ৰ প্ৰথমটো টিজাৰঃ আকৰ্ষণ কৰিছে দৰ্শকক- https://rupaliparda.com/archives/22995 https://rupaliparda.com/archives/22995#respond Fri, 25 Dec 2020 10:30:06 +0000 https://rupaliparda.com/?p=22995 মুক্তি লাভ কৰিছে চুটি ছবি “যখিনী” ৰ টিজাৰ। মুক্তিৰ পিছতেই ই লাভ কৰিছে বহুল জনপ্ৰিয়তাৰ লগতে জনসাধাৰণৰ সঁহাৰি। কিয়নো পূৰ্বে এনেধৰণৰ বিষয়বস্তুৰ সৈতে চুটি ছবি নিৰ্মাণৰ পৰিকল্পনা হয়টো অইনে কৰা নাই অথবা এনেধৰণৰ চুটি ছবিৰ উপভোগ হয়টো দৰ্শকে কৰা নাই। উক্ত চুটি ছবিখনৰ টিজাৰটোৱে দৰ্শকৰ হৃদয়ত এক উখল-মাখলৰ সৃষ্টি কৰাত সক্ষম হৈছে। আচম্বিত কৰাৰ সমান্তৰালকৈ এই টিজাৰটোৱে দৰ্শকক চুটি ছবিখনক লৈ উৎসাহিত কৰি তোলাতো বহুল হাৰত সক্ষম হৈছে। চিন্ময় বাৰ্মাৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনে আহিবলগীয়া সময়ত দৰ্শকক যে বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব সেয়া হয়টো একাষাৰে কৈ দিলেও অতিৰঞ্জিত নহ’ব। দৰ্শকে আচলতে সদায় নতুনত্ব তথা ব্যতিক্ৰমী বস্তুৰ সন্ধান কৰে; আমাৰ প্ৰত্যেকজনে সৰু থাকোতে ককা-আইতা আৰু জ্যেষ্ঠ জনে এবাৰ নহ’লেও এবাৰলৈ এই “যখিনী” ৰ প্ৰসংগ সমুখলৈ আনিছিলেই। আমি প্ৰত্যেকেই “যখিনী” ৰ যথোপযুক্ত সাৰমৰ্ম নুবুজিলেও আচলতে ভয় খাইছিলো।


এই পৰিচালকগৰাকীয়ে আচলতে কেৱল মাত্ৰ এই বিষয়টোৰ আধাৰতেই নহয়; আহিবলগীয়া সময়ত এওঁৰ সৃষ্টিত আৰু অধিক নতুন সন্ধানৰ সুযোগ লাভ কৰিব আপুনি। কাৰণ এই পৰিচালক গৰাকীৰ পৰিচালনাৰে আগন্তুক সময়ত মুক্তি লাভ কৰিব আন এখন চুটি ছবি “ঘোঁৰাপাক”।ইতিমধ্যে এই চুটি ছবিখনৰো শ্বুটিং চিড্যুল সম্পূৰ্ণ হৈ উঠিছে। “যখিনী”ৰ দৰেই এই “ঘোঁৰাপাক” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ খনেও মুকলিৰ পিছতেই জনসাধাৰণৰ ধ্যান টানিবলৈ সক্ষম হৈছিল। উৎকন্ঠিত হৈছিল দৰ্শক সৰুৰ পৰাই শুনি থকা এই বিয়য়সমূহক স্ক্ৰীণত উপভোগ কৰিবলৈ। শেহতীয়াকৈ তেওঁৰ দ্বাৰা পূৰ্বে নিৰ্মিত এখন চুটি ছবি “মৰমে ৰিঙিয়ায়” উপলদ্ধ হৈছিল Moviesainta.com ত।

চিন্ময় বাৰ্মাৰ "যখিনী" ৰ প্ৰথমটো টিজাৰঃ আকৰ্ষণ কৰিছে দৰ্শকক- 6


আৰু, চুটি ছবিখন উপলদ্ধ হোৱা পিছতেই ই চুমুক দিলে সফলতাত। উক্ত এপটোত “টপ মষ্ট ভিউচ” থকা প্ৰকল্প সমূহৰ ভিতৰত চিন্ময় বাৰ্মাৰ চুটি ছবি “মৰমে ৰিঙিয়ায়” য়ে দখল কৰিছে দ্বিতীয়টো স্থান।

]]>
https://rupaliparda.com/archives/22995/feed 0 22995
চুটি ছবিৰ ক্ষেত্ৰখনত জনপ্ৰিয় চিন্ময় বাৰ্মা- https://rupaliparda.com/archives/22571 https://rupaliparda.com/archives/22571#comments Sun, 06 Dec 2020 11:30:20 +0000 https://rupaliparda.com/?p=22571 ইখনৰ পিছত সিখনকৈ চুটি ছবিৰ প্ৰকল্পৰে দৰ্শকৰ কাষ চপা চিন্ময় বাৰ্মাৰ এই ক্ষেত্ৰখনত জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। তেওঁৰ “ঘোঁৰাপাক”, “যখিনী” আদিৰ লগতে আহিবলগীয়া প্ৰকল্পৰ সমূহৰ ভিতৰত অন্তৰ্ভূক্ত হৈ পৰা চুটি ছবি “তেজৰ টুকুৰা” ই ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে চচিয়েল মিডিয়াত। শেহতীয়াকৈ তেওঁৰ দ্বাৰা পূৰ্বে নিৰ্মিত এখন চুটি ছবি “মৰমে ৰিঙিয়ায়” উপলদ্ধ হৈছিল Moviesainta.com ত। আৰু, চুটি ছবিখন উপলদ্ধ হোৱা পিছতেই ই চুমুক দিলে সফলতাত। উক্ত এপটোত “টপ মষ্ট ভিউচ” থকা প্ৰকল্প সমূহৰ ভিতৰত চিন্ময় বাৰ্মাৰ চুটি ছবি “মৰমে ৰিঙিয়ায়” য়ে দখল কৰিছে দ্বিতীয়টো স্থান।সৰুৰ পৰাই যেতিয়া একোজন শিক্ষাৰ্থীক ঘৰচীয়া জন্তুৰ তালিকাখন বনাবলৈ দিয়া হয় তেতিয়া সেই তালিকাখনত অহা প্ৰথম নামটোৱেই হৈছে “গৰু” ৰ। “গৰু” নহ’লেও ঘৰত পোহা একোটা জীৱ-জন্তু প্ৰতিটো সময়ত এখন পৰিয়ালৰ সদস্য হৈ পৰে। তাৰ খোৱা-লোৱাৰ পৰা আৰম্ভ কৰি তাৰ শোৱালৈ প্ৰত্যেকটো বস্তুত মনোনিৱেশ কৰে এখন পৰিয়ালৰ প্ৰতিজন আন সদস্যই। সমান্তৰালকৈ, পৰিয়ালৰ সদস্য এজনৰ যদিও মৃত্যু হয় অথবা ক’ৰ’বালৈ গুচি যায় তেতিয়াও সেই ঘৰচীয়া জন্তুটোৱে উক্ত ব্যক্তিজনক বিচাৰিবলৈ আৰম্ভ কৰে।

চুটি ছবিৰ ক্ষেত্ৰখনত জনপ্ৰিয় চিন্ময় বাৰ্মা- 7

এনেধৰণৰ এক কাহিনীক কেন্দ্ৰ কৰিয়েই পৰিচালক চিন্ময় বাৰ্মাই নিৰ্মাণ কৰি উলিয়াইছিল এখন চুটি ছবি “মৰমে ৰিঙিয়ায়”। এই চুটি ছবিখনে “গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহ” কে আৰম্ভ কৰি “দা লিফ্ট শ্বেচন (ইউ কে) আৰু Fiirst Time Film-maker’s sessions, Pinewood Studios ৰ উপৰিও আন কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, উক্ত চুটি ছবিখনক লৈ অসমীয়া জনপ্ৰিয় পৰিচালক ভাস্কৰ হাজৰিকাও নিজ মতামত ব্যক্ত কৰে। এখন গাঁৱৰ এক সুন্দৰ বাতাবৰণৰ মাজত নিৰ্মিত “মৰমে ৰিঙিয়ায়” ত অভিনয় কৰিছে বীৰেন দাস আৰু অবিনাশ বৈশ্যই। চুটি ছবিখনৰ কাহিনী আৰু সহঃপৰিচালনা অবিনাশ বৈশ্যৰ আৰু ইয়াৰ চিত্ৰনাট্য আছিল চিন্ময় বাৰ্মাৰ। আনহাতে, দীপজ্যোতি মজুমদাৰৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সম্পাদনা উপম দাসৰ; লগতে সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছিল পৰাগ জ্যোতি বৰ্মন আৰু উপম দাস।

চুটি ছবিৰ ক্ষেত্ৰখনত জনপ্ৰিয় চিন্ময় বাৰ্মা- 8

চিন্ময় বাৰ্মাৰ কনচেপ্ট আৰু তেওঁৰ পৰিচালনাৰ অনুৰাগী হৈ পৰিছে এতিয়া দৰ্শকবৃন্দ। প্ৰায় সকলো জনসাধাৰণ তেওঁৰ একোটা প্ৰকল্পক লৈ অপেক্ষাৰত। আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া তেওঁৰ এই প্ৰকল্পসমূহক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমিও জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/22571/feed 1 22571
“ঘোঁৰাপাক” ৰ পিছতেই চিন্ময় বাৰ্মাৰ পৰৱৰ্তী প্ৰচেষ্টা “যখিনী”- https://rupaliparda.com/archives/22196 https://rupaliparda.com/archives/22196#respond Sun, 22 Nov 2020 11:30:18 +0000 https://rupaliparda.com/?p=22196 উঠি অহা প্ৰজন্মৰ Zombie, Devil ইত্যাদি নামবোৰৰ মাজত হেৰাই যোৱা কিছুমান ভয় লগা নামক যেন আকৌ এবাৰ জনসাধাৰণৰ মাজলৈ লৈ অনা প্ৰয়াসত ব্যস্ত হৈ পৰিছে এগৰাকী পৰিচালক। তেওঁৰ সৃষ্টিৰ প্ৰতিটো বিষয় ইমানেই বেছি আপোন যে তেওঁৰ বিষয়টোৰ সৈতে ক্ষন্তেকতে সাঙুৰ হৈ পৰে একাংশ দৰ্শক। এয়াই প্ৰথম হয়টো, যাৰ সৃষ্টিত পূৰণি কিছু ভয়লগা নামৰ বিষয়ৰ ওপৰত আধাৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে একোখন চুটি ছবি। নৱপ্ৰজন্মৰ চুটি ছবি পৰিচালক চিন্ময় বাৰ্মাৰ প্ৰচেষ্টাই এতিয়া উৎসাহিত কৰিছে সকলোকে। হয়, ঠিকেই শুনিছে; সকলোকে উৎসাহিত কৰি তোলা কথাষাৰ এইবাবে কোৱা হৈছে কিয়নো তেওঁৰ সৃষ্টি সমূহে কেৱল মাত্ৰ এটা চামক নহয়। আজুৰি আনিছে প্ৰায় প্ৰতিটো চামৰ প্ৰত্যেকজন দৰ্শকক। শেহতীয়াকৈ তেওঁৰ আগন্তুক পৰিকল্পনা চুটি ছবি “যখিনী” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছিল।

"ঘোঁৰাপাক" ৰ পিছতেই চিন্ময় বাৰ্মাৰ পৰৱৰ্তী প্ৰচেষ্টা "যখিনী"- 9
"ঘোঁৰাপাক" ৰ পিছতেই চিন্ময় বাৰ্মাৰ পৰৱৰ্তী প্ৰচেষ্টা "যখিনী"- 10

পোষ্টাৰখন বহুল হাৰত শ্বেয়াৰ হোৱাৰ সমান্তৰালকৈ চচিয়েল মিডিয়াত ই চৰ্চাও লাভ কৰিছে। তেওঁৰ প্ৰকল্প সমূহক লৈ সম্প্ৰতি অপেক্ষাৰত জনসাধাৰণ। বৰ্তমান পৰিচালক চিন্ময় ব্যস্ত তেওঁৰ আন এখন চুটি ছবি “ঘোঁৰাপাক” ক লৈ। Crowd Funding ৰ জৰিয়তে কিছু টকা গোট খুওৱাই পৰিচালক গৰাকী ব্যস্ত হৈ পৰিছে “ঘোঁৰাপাক” ৰ পোষ্ট-প্ৰডাকচনত। অহা ডিচেম্বৰ মাহৰ ২০ ৰ পৰা ২৫ তাৰিখৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব চুটি ছবি “ঘোঁৰাপাক”। তাৰ মাজতেই “যখিনী” ৰ পোষ্টাৰ মুক্তিয়ে ইয়াকে স্পষ্ট কৰি তুলিছে যে পৰিচালকগৰাকীয়ে পাহৰণিৰ গৰ্ভলৈ যোৱা কিছু নামক পুনৰ এবাৰ জনসাধাৰণৰ মাজলৈ উলিয়াই অনাত পূৰ্ণ প্ৰয়াস কৰিছে।

"ঘোঁৰাপাক" ৰ পিছতেই চিন্ময় বাৰ্মাৰ পৰৱৰ্তী প্ৰচেষ্টা "যখিনী"- 11
"ঘোঁৰাপাক" ৰ পিছতেই চিন্ময় বাৰ্মাৰ পৰৱৰ্তী প্ৰচেষ্টা "যখিনী"- 12
"ঘোঁৰাপাক" ৰ পিছতেই চিন্ময় বাৰ্মাৰ পৰৱৰ্তী প্ৰচেষ্টা "যখিনী"- 13

নলবাৰীস্থিত চিন্ময় বাৰ্মাৰ কনচেপ্টে জনসাধাৰণক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, অহা বৰ্ষলৈ অৰ্থাৎ ২০২১ চনত “যখিনী” শীৰ্ষক এই চুটি ছবিখনৰ কৰা হ’ব মুক্তি। মাতৃৰ পৰা মুখে মুখে শুনি অহা কিছু সাধুক লৈয়ে পৰিচালক চিন্ময় বাৰ্মাই আৰম্ভ কৰিছে এই যাত্ৰা। তেওঁৰ এই যাত্ৰা তথা তেওঁৰ এই চেষ্টাত ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অযুত শুভকামনা।

]]>
https://rupaliparda.com/archives/22196/feed 0 22196
“ঘোঁৰাপাক” ৰ বাবে অপেক্ষাৰত জনসাধাৰণঃ চিন্ময় বাৰ্মাই আৰম্ভ কৰিছে “Crowd Funding” https://rupaliparda.com/archives/21488 https://rupaliparda.com/archives/21488#respond Tue, 27 Oct 2020 08:30:07 +0000 https://rupaliparda.com/?p=21488 একোখনকৈ সুন্দৰ চুটি ছবিয়ে বৰ্তমান সময়ত লাভ কৰা প্ৰাধান্য আমি সকলোৱে লক্ষ্য কৰিছো। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত এখন বহু প্ৰত্যাশিত চুটি ছবিৰ ট্ৰেইলাৰে প্ৰত্যেককে উৎসাহিত কৰি তুলিছিল। এগৰাকী নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ ন-সৃষ্টি “ঘোঁৰাপাক”; সম্পূৰ্ণ চুটি ছবিখন নিৰ্মাণৰ পূৰ্বেই ইয়াৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে যে বৰ্তমান ইয়াক লৈ অপেক্ষাৰত প্ৰতিজন মনোৰঞ্জন প্ৰেমী দৰ্শক। এইখিনিতে, আপোনালোকক জনাওঁ যে চিন্ময় বাৰ্মাই এই চুটি ছবিখন নিৰ্মাণৰ বাবে “Crown Funding” ৰ পদ্ধতি হাতত লৈছে। “ঘোঁৰাপাক” ৰ প্ৰস্তুতকৰণৰ বাবে প্ৰায় ৫০ হাজাৰ টকাৰ প্ৰয়োজন হ’ব পৰিচালকগৰাকীক; চুটি ছবিখনৰ বাবে আগ্ৰহী একাংশ জনসাধাৰণে আচলতে ইতিমধ্যে ছবিখনৰ বাবে কিছু অংকৰ টকা পৰিচালক গৰাকীক প্ৰদানৰ ব্যৱস্থা কৰিছে। গতিকে, ৰূপালীপৰ্দা পেজটোৰ পৰাও আমাৰ সৈতে জড়িত প্ৰতিজন পঢ়ূৱৈক নৱপ্ৰজন্মৰ এই ব্যতিক্ৰমী সৃষ্টিত সহায় আগবঢ়াবলৈ আহ্বান জনাইছো।

"ঘোঁৰাপাক" ৰ বাবে অপেক্ষাৰত জনসাধাৰণঃ চিন্ময় বাৰ্মাই আৰম্ভ কৰিছে "Crowd Funding" 14

আহিবলগীয়া “ঘোঁৰাপাক” ছবিখন এইবাবেই ব্যতিক্ৰম ৰূপে পৰিগণিত কৰা হৈছে কিয়নো চুটি ছবিখনৰ বিষয়বস্তুটোৱে হৈছে ব্যতিক্ৰমী; এই চুটি ছবিখনত সন্নিৱিষ্ট কৰা হৈছে লোককথাৰ কিছু কাহিনীক। “খোপাঁধৰা”, “যখিনী” আদিৰ লগতে “ঘোঁৰাপাক” কাহিনীও জনসাধাৰণৰ মুখে মুখে প্ৰচলিত। ট্ৰেইলাৰটোৰ পৰাই এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যে চুটি ছবিখনে ৰোমাঞ্চিত কৰিবলৈ সক্ষম হ’ব সৰুৰ পৰা বৃদ্ধ দৰ্শকলৈ। “ঘোঁৰাপাক” এনে এটা ভূত যাৰ আধা অংশ মনুষ্যৰ আৰু আধা অংশ ঘোঁৰাৰ থাকে। সি কেতিয়াবা মানৱ ৰূপো লৈ পেলায় আৰু কোনো এজন সূস্থ মনুষ্যক নিজ আগ্ৰাসনত লৈ পেলায়। নদীৰ পাৰ অথবা পুখুৰীৰ পাৰত ইয়াক দেখিবলৈ পোৱা যায়; সকলোৰে নামৰ সৈতে অৱগত “ঘোঁৰাপাকে” মাছ খাবলৈ ভাল পায়। এই আটাইবোৰ কাহিনীক একত্ৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “ঘোঁৰাপাক”।

https://l.facebook.com/l.php?u=https%3A%2F%2Fwww.wishberry.in%2Fcampaign%2Fghorapak%3Ffbclid%3DIwAR3nGWtzaQkdHSl8PxKEusRf0K_F_I7Egkc6cvllbEaUOsvnO66BwPr1A6c&h=AT1VsJU-LIjrTHE978LLFfTx0Njdr5IYa8wcU-YW-JD2sCmkHe-3oO3QdZPk10u8D9Iy5ah5mc4ynBDX1N6cmHyNOc6-flpu_wBlDzGLJm38iAAK4bhPp-TWQY7c_l35CdAjfpFzzw1DPTZfaoia6Q

"ঘোঁৰাপাক" ৰ বাবে অপেক্ষাৰত জনসাধাৰণঃ চিন্ময় বাৰ্মাই আৰম্ভ কৰিছে "Crowd Funding" 15

আনহাতে, চুটি ছবিখনৰ বাবে এগৰাকী ৪০ ৰ উৰ্দ্ধৰ অভিনেতাৰ প্ৰয়োজন। এই অভিনেতা গৰাকীৰ বাবেও বিচাৰ আৰম্ভ কৰিছে পৰিচালক গৰাকীয়ে। লগতে ইয়াত অভিনীত আন দুই চৰিত্ৰত অভিনয় কৰিব দৰথী ভৰদ্বাজ আৰু প্ৰয়াস শৰ্মা তামুলীয়ে। চুটি ছবিখনক লৈ ইতিমধ্যে অসমীয়া ছবি জগতৰো কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। নলবাৰী স্থিত চিন্ময় বাৰ্মাৰ কনচেপ্টে জনসাধাৰণক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চিন্ময় বাৰ্মাৰ দ্বাৰা পূৰ্বে পৰিচালিত চুটি ছবি “মৰমে ৰিঙিয়ায়” শেহতীয়াকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হৈ জনসাধাৰণৰ প্ৰশংসা লাভ কৰাত সক্ষম হৈছে। বৰ্তমানৰ দিন কেইটাত নিৰ্মিত একোখন চুটি ছবিয়ে পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ অধিক হাৰত লাভ কৰা সমাদৰ উল্লেখনীয়। আগন্তুক দিনত মুক্তি পাবলগীয়া এই চুটি ছবিখনক লৈ অপেক্ষাৰত সকলো।

]]>
https://rupaliparda.com/archives/21488/feed 0 21488
শৈশৱত শুনা জীঁয়া কাহিনীৰে চিন্ময় বাৰ্মাৰ “ঘোঁৰাপাক”- https://rupaliparda.com/archives/18239 https://rupaliparda.com/archives/18239#respond Sun, 19 Jul 2020 11:30:43 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18239 এখন চুটি ছবিত প্ৰায়ে আপোনালোকে একোটা হৃদয়স্পৰ্শী বস্তুৰ উপস্থাপন উপভোগ কৰিছে। প্ৰেম, বিষাদৰ পৰা আৰম্ভ কৰি এটা শিশুৰ মানসিক স্থিতিক লৈও নিৰ্মাণ কৰা হৈছে একোখন চুটি ছবি। কিন্তু, আপোনালোকে কেতিয়াবা শৈশৱত টোপনি নিঁয়াবলৈ ডাঙৰ বোৰে দেখুওঁৱা একোজন কাল্পনিক ভূতৰ কাহিনীক লৈ নিৰ্মিত চুটি ছবিৰ পৰিকল্পনা কৰিছিল নে?? নিশ্চয় নাই কৰা; কিয়নো আমি যিমানেই ডাঙৰ হৈ আহো এই নামবোৰত আমাৰ শৈশৱৰ মিঠা ৰোমান্থনৰ বাহিৰে আন একোৱে নাথাকে; সৰুতে যদিও এই কাহিনীবোৰে আমাক ৰোমাঞ্চিত কৰি গৈছিল কিন্তু পিছলৈ এই কাহিনীবোৰে আমাৰ মুখত এমোকোঁৰা হাঁহিহে সানি থৈ যায়। আপোনালোকক বাৰু এনে কি কি নামেৰে আগতে ভয় খুওঁৱা হৈছিল?? “খোঁপাধৰা”, “ঘোঁৰাপাক”, “যখিনী” আদি নামবোৰ একেবাৰেই সুলভ; প্ৰত্যেকেই এবাৰ নহ’লেও এবাৰলৈ এই নামবোৰ শুনি আতংকিত হৈছে। গতিকে, আপোনালোকক জনাব বিচাৰিছো উক্ত এটা নামৰ সৈতে এটা কাহিনীৰে নিৰ্মাণ কৰা হৈছে এখন চুটি ছবি।


হয়, ঠিকেই শুনিছে। “ঘোঁৰাপাক” শীৰ্ষক নামটিৰে নিৰ্মাণ কৰা হৈছে এখন চুটি ছবি। চিন্ময় বাৰ্মাৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ট্ৰেইলাৰ। ট্ৰেইলাৰটোৰ পৰাই এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যে চুটি ছবিখনে ৰোমাঞ্চিত কৰিবলৈ সক্ষম হ’ব সৰুৰ পৰা বৃদ্ধ দৰ্শকলৈ। “ঘোঁৰাপাক” এনে এটা ভূত যাৰ আধা অংশ মনুষ্যৰ আৰু আধা অংশ ঘোঁৰাৰ থাকে। সি কেতিয়াবা মানৱ ৰূপো লৈ পেলায় আৰু কোনো এজন সূস্থ মনুষ্যক নিজ আগ্ৰাসনত লৈ পেলায়। নদীৰ পাৰ অথবা পুখুৰীৰ পাৰত ইয়াক দেখিবলৈ পোৱা যায়; সকলোৰে নামৰ সৈতে অৱগত “ঘোঁৰাপাকে” মাছ খাবলৈ ভাল পায়। এই আটাইবোৰ কাহিনীক একত্ৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “ঘোঁৰাপাক”।

শৈশৱত শুনা জীঁয়া কাহিনীৰে চিন্ময় বাৰ্মাৰ "ঘোঁৰাপাক"- 16


নলবাৰী স্থিত চিন্ময় বাৰ্মাৰ পৰিচালনাৰে নিৰ্মিত আন এখন চুটি ছবি “মৰমে ৰিঙিয়ায়” য়ে ইতিমধ্যে টোঁকৰ মাৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবি সমাৰোহতো। ইয়াৰ লগতে চুটি ছবিখনৰ প্ৰশংসা কৰে অসমীয়া জনপ্ৰিয় পৰিচালক ভাস্কৰ হাজৰিকাইও।

]]>
https://rupaliparda.com/archives/18239/feed 0 18239
চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা- https://rupaliparda.com/archives/17994 https://rupaliparda.com/archives/17994#respond Tue, 14 Jul 2020 08:30:09 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17994 বৰ্তমান চুটি ছবিৰ উজান উঠিছে; পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহৰ তুলনাত একাংশ চুটি ছবিয়ে আকৰ্ষণ কৰিছে জনসাধাৰণক। চুটি ছবিসমূহ নিৰ্মাণৰ ক্ষেত্ৰত একোখন চুটি ছবি নিৰ্মাতাৰ পাৰদৰ্শিতা ও বিষয়বস্তুৰ উপস্থাপনশৈলী লেখত ল’বলগীয়া। “লক-ডাউন” ৰ এই সময়কণত অথবা ৰাইজৰ হাতত থকা এই সময়খিনিত তেওঁলোকে বহু সৃষ্টিশীল কৰ্মৰাজিক উপলদ্ধি কৰাৰ সুবিধা লাভ কৰিছে। ইতিমধ্যে কেইবাখনো চুটি ছবিয়ে লাভ কৰিবলৈও সক্ষম হৈছে জনসাধাৰণৰ বহুল সমাদৰ; এনে সৃষ্টিশীল কৰ্মৰাজিৰে দৰ্শকৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী নৱপ্ৰজন্মৰ পৰিচালকে; নলবাৰী নিবাসী চিন্ময় বাৰ্মাৰ দ্বাৰা পৰিচালিত চুটি ছবিয়ে ইতিমধ্যে টোকৰ মাৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন খন ছবি সমাৰোহত।

চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা- 17
চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা- 18

সৰুৰ পৰাই যেতিয়া একোজন শিক্ষাৰ্থীক ঘৰচীয়া জন্তুৰ তালিকাখন বনাবলৈ দিয়া হয় তেতিয়া সেই তালিকাখনত অহা প্ৰথম নামটোৱেই হৈছে “গৰু” ৰ। “গৰু” নহ’লেও ঘৰত পোহা একোটা জীৱ-জন্তু প্ৰতিটো সময়ত এখন পৰিয়ালৰ সদস্য হৈ পৰে। তাৰ খোৱা-লোৱাৰ পৰা আৰম্ভ কৰি তাৰ শোৱালৈ প্ৰত্যেকটো বস্তুত মনোনিৱেশ কৰে এখন পৰিয়ালৰ প্ৰতিজন আন সদস্যই। সমান্তৰালকৈ, পৰিয়ালৰ সদস্য এজনৰ যদিও মৃত্যু হয় অথবা ক’ৰ’বালৈ গুচি যায় তেতিয়াও সেই ঘৰচীয়া জন্তুটোৱে উক্ত ব্যক্তিজনক বিচাৰিবলৈ আৰম্ভ কৰে।

চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা- 19


এনেধৰণৰ এক কাহিনীক কেন্দ্ৰ কৰিয়েই পৰিচালক চিন্ময় বাৰ্মাই নিৰ্মাণ কৰি উলিয়াইছিল এখন চুটি ছবি “মৰমে ৰিঙিয়ায়”। এই চুটি ছবিখনে “গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহ” কে আৰম্ভ কৰি “দা লিফ্ট শ্বেচন (ইউ কে) আৰু Fiirst Time Film-maker’s sessions, Pinewood Studios ত মনোনয়ন লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, উক্ত চুটি ছবিখনক লৈ অসমীয়া জনপ্ৰিয় পৰিচালক ভাস্কৰ হাজৰিকাও নিজ মতামত ব্যক্ত কৰে। এখন গাঁৱৰ এক সুন্দৰ বাতাবৰণৰ মাজত নিৰ্মিত “মৰমে ৰিঙিয়ায়” ত অভিনয় কৰিছে বীৰেন দাস আৰু অবিনাশ বৈশ্যই। চুটি ছবিখনৰ কাহিনী আৰু সহঃপৰিচালনা অবিনাশ বৈশ্যৰ আৰু ইয়াৰ চিত্ৰনাট্য আছিল চিন্ময় বাৰ্মাৰ। আনহাতে, দীপজ্যোতি মজুমদাৰৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সম্পাদনা উপম দাসৰ; লগতে সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছিল পৰাগ জ্যোতি বৰ্মন আৰু উপম দাস।

চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা- 20


এইখিনিতে, আন এখন চুটি ছবিৰ যোগেৰে দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে আকৌ এবাৰ চিন্ময়। “ঘোঁৰাপাক” শীৰ্ষক এখন চুটি ছবিৰ সৈতে আহিবলৈ সাজু হৈছে তেওঁ। ব্যতিক্ৰমী বিষয়বস্তুৰে সজ্জিত এই চুটি ছবিখনৰ মুক্তিপ্ৰাপ্ত ফাৰ্ষ্ট লুক পোষ্টাৰখনে ইতিমধ্যে আকৰ্ষণ কৰিছে দৰ্শকক। লোকসাহিত্যৰ এক জনপ্ৰিয় ভূত হৈছে “ঘোঁৰাপাক”; যাৰ আধা অংশ ঘোঁৰাৰ আৰু আনহাতে আন এক অংশ হৈছে “মানৱ”ৰ।

]]>
https://rupaliparda.com/archives/17994/feed 0 17994