Deeplina Deka – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 06 Oct 2021 07:28:09 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Deeplina Deka – Rupaliparda.com https://rupaliparda.com 32 32 163073109 দীপলিনা ডেকাৰ নতুন গীত ‘আলসুৱা’,উৎকণ্ঠিত শ্ৰোতা-দৰ্শক https://rupaliparda.com/archives/28612 https://rupaliparda.com/archives/28612#respond Wed, 06 Oct 2021 05:45:27 +0000 https://rupaliparda.com/?p=28612 যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ হিচাবে পৰিগণিত দীপলিনা ডেকা তেওঁৰ নতুন গীতটোৰ বাবে সাজু হৈ উঠিছে। ‘চুই দিয়ানা’ ৰ আৰম্ভ হোৱা জনপ্ৰিয়তাৰ পৰৱৰ্তী সময়ত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই দীপলিনা ডেকাই। বিগত বহু দিনৰ পৰা কণ্ঠশিল্পীগৰাকীয়ে চচিয়েল মিডিয়া যোগে বিভিন্ন আপডেট জনসাধাৰণক দি আহিছিল ‘আলসুৱা’ শীৰ্ষক তেওঁৰ নতুন গীতটিক লৈ, কিন্তু শেহতীয়াকৈ গীতটি মুক্তিৰ কাষ চাপিছে বুলি জনাইছে। ‘আলসুৱা’ শীৰ্ষক গীতটিৰ বাবে জনসাধাৰণ অপেক্ষাৰত, নহবওঁনো কিয়? দীপলিনা ডেকাৰ ব্যক্তিগত চেনেলত মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰত্যেকটা গীতেই শ্ৰোতা-দৰ্শকক ইমানেই অধিক আকৰ্ষিত কৰিছে যে তেওঁৰ বাবে উৎকণ্ঠিত হৈ ৰৈছে প্ৰতিগৰাকী। দীপলিনা ডেকা বুলি ক’লেই উৎসাহিত যুৱপ্ৰজন্মৰ মাজত আহিবলগীয়া এই গীতটিয়ে এক আলোড়ণৰ সৃষ্টি কৰিছে। এটি শ্ৰুতিমধুৰ কণ্ঠৰ গৰাকী দীপলিনা ডেকাই বৰ্তমানলৈকে অনুৰাগীক যিমানকেইটা গীতৰ উপহাৰ দিছে, সেই আটাইকেইটা গীতেই এতিয়া জনসাধাৰণৰ প্লে-লিষ্টত ঘূৰিছে গতিকে তেওঁৰ অনাগত দিনত আহিবলগীয়া গীতসমূহক লৈ জনসাধাৰণে অপেক্ষা কৰি ৰোৱাটো স্বাভাৱিক।

দীপলিনা ডেকাৰ নতুন গীত 'আলসুৱা',উৎকণ্ঠিত শ্ৰোতা-দৰ্শক 1


‘আলসুৱা’ গীতটিত কথা দিছে গীতসমূহক সফলতাৰ শিখৰলৈ তুলি নিয়া গীতিকাৰ ৰাহুল দে দাসে, আনহাতে ইয়াত সংগীত কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত অসম সন্তান সপোন শইকীয়াই। প্ৰথমখন পোষ্টাৰ ডিজাইন কৰিছে অভিজিৎ লস্কৰে, Title Design ৰিতুপৰ্ণ বৰাৰ। ২০১৭ চনত মায়ানগৰীত প্ৰতিষ্ঠা লাভ কৰাৰ মানসেৰে সপোন শইকীয়াই চেন্নাইলৈ গৈ এ.এৰ.ৰহমানৰ “KM Music College” ত চাউণ্ড ইঞ্জিনীয়াৰিং আৰু মিউজিক প্ৰডাকচনৰ ওপৰত শিক্ষা গ্ৰহণ কৰি চেন্নাইতে কিছুদিনলৈ বিভিন্ন সংগীতৰ সৈতে জড়িত কামত ব্যস্ত হৈ থাকে। আনহাতে, এই গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন পৰিচালক বেদান্তই। তেওঁৰ পৰিচালনাৰে নিৰ্মিত ‘হাতে হাতে’ ধৰি গীতটিয়ে মুক্তিৰ পিছৰে পৰা জনসাধাৰণৰ সমাদৰ বুটলিছে। আগন্তুক ‘আলসুৱা’ গীতটিৰ সৈতে ইজনতকৈ সিজন প্ৰতিভাশালী কলা-কুশলীৰ জড়িতেই গীতটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিব বুলি আমি বিশ্বাস কৰিব পাৰোঁ।

দীপলিনা ডেকাৰ নতুন গীত 'আলসুৱা',উৎকণ্ঠিত শ্ৰোতা-দৰ্শক 2


নতুন এটি বিষয়বস্তুৰ সৈতে ৰাইজৰ কাষ চাপিব ‘আলসুৱা’ শীৰ্ষক গীতটি। গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীৰ সফলতাৰ কামনা কৰাৰ লগতে অনাগত দিনত এওঁলোকৰ তৰফৰ আৰু অধিক সুন্দৰ কামনা কৰিছে ৰূপালীপৰ্দাই।

]]>
https://rupaliparda.com/archives/28612/feed 0 28612
“তোমাকে ৰাখো বুকুতে” ৰ জৰিয়তে দীপলিনা ডেকা আৰু বাবন বৰ্ণিলে অনুৰাগীলৈ দিলে সুন্দৰ উপহাৰঃ https://rupaliparda.com/archives/28350 https://rupaliparda.com/archives/28350#respond Fri, 10 Sep 2021 08:30:00 +0000 https://rupaliparda.com/?p=28350 “বুকুতে ঘৰ সাজি ল’লা সোণ তুমি নজনাকে, নোৱাৰিমেই থাকিব মই তুমি নোহোৱাকে”; আপোনজনক লৈ আমাৰ হেঁপাহ আৰু ইচ্ছা বোৰ সদায় বৃদ্ধি হৈ গৈ থাকে। তেওঁলোকৰ অৱৰ্তমানত আমি এক মিনিট সময় থকাটোও যেন অস্বত্বিদায়ক হৈ পৰে। কিন্তু, প্ৰেম জানো সদায় প্ৰাপ্তিৰ বাবেই হয়? নিশ্চয় নহয়; আমি বৰ্তমানলৈ পঢ়ি অহা প্ৰতিটো প্ৰেম কাহিনী আধৰুৱা আৰু আধৰুৱা প্ৰেম কাহিনীবোৰৰেই এক সুকীয়া মাদকতা আছে। আমি মাত্ৰ এই প্ৰেম আৰু আপোনজনৰ মাজৰ নিজ স্বাৰ্থপৰতাবোৰ ত্যাগ কৰিব লাগিব। শেহতীয়াকৈ দীপলিনা ডেকা আৰু বাবন বৰ্ণিলৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত ‘তোমাকে ৰাখো বুকুতে’ গীতটিৰ ভিডিঅ’ সংস্কৰণটিয়ে লাভ কৰিছে মুক্তি। গীতটিৰ অডিঅ’টোৱে লাভ কৰা জনপ্ৰিয়তাৰ সমানেই ইয়াৰ ভিডিঅ’টিয়ো লাভ কৰিছে সফলতা। এটি গীতে যেতিয়া প্ৰশান্তি আনে তেতিয়া সেই গীতটি আপোন হৈ পৰে শ্ৰোতা সকলৰ বাবে। যেতিয়া শ্ৰুতিমধুৰ কণ্ঠস্বৰ শুনিবলৈ পোৱা যায় তেতিয়া আচলতে গীতটিক লৈ আমি প্ৰত্যেকজন ব্যক্তি উৎসাহিত হৈ পৰোঁ। দীপলিনা ডেকা আৰু বাবন বৰ্ণিল, দুয়োগৰাকীৰেই অনুৰাগীৰ শাৰী দীঘলীয়া। দীপলিনা বুলিলেই আপোন পাহৰা একাংশৰ বাবে কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীতেই তেওঁলোকৰ হিট লিষ্টৰ মাজৰ। ৰোমাণ্টিক গীতৰ ক্ষেত্ৰত সুকীয়া স্থান থকা বাবন বৰ্ণিলৰ এই গীতটিয়ে শেহতীয়াকৈ শ্ৰোতাৰ মন চুবলৈ সক্ষম হৈছে।


গীতটিত কথা দিছে প্ৰশান্ত দাসে, বহুসংখ্যক অসমীয়া জনপ্ৰিয় গীতৰ সৈতে জড়িত প্ৰশান্ত দাসৰ এই গীতটিতো অংকুৰিত হৈছে সফলতা। আনহাতে, গীতটিত সুৰ কৰিছে নৱপ্ৰজন্মৰ মাজত শেহতীয়াকৈ বহুল হাৰত জনপ্ৰিয় হৈ উঠা বিকি কলিতাই। গীতটিৰ শব্দ-সংমিশ্ৰণ কৰিছে পিংকু দাসে, আনহাতে গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ তথা সম্পাদনা অপুৰাজ গগৈৰ। নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন পৰিচালক অপুৰাজ গগৈয়ে বৰ্তমানলৈকে সংগীতক্ষেত্ৰখনক কেইবাটাও জনপ্ৰিয় আৰু সমাদৃত গীতৰ উপহাৰ দিছে। গীতটিৰ ভিডিঅ’ত প্ৰথমবাৰৰ বাবে এটি নতুন যুটিক দেখিবলৈ পোৱা গৈছে, নিৰূপম শইকীয়া আৰু ৰিচা চেত্ৰীৰ এই যুটিটোক সঁহাৰি জনাইছে প্ৰতিজন জনসাধাৰণে। দেশত হোৱা বিভীষিকাময় পৰিস্থিতিয়ে আচলতে প্ৰায় প্ৰতিজন ব্যক্তিৰ পৰাই কিবা নহয় কিবা এটা বস্তুক কাঢ়ি নিছে। প্ৰাপ্তিৰ ঠাইডোখৰৰ তুলনাত অপ্ৰাপ্তিৰ ৰেখা ক্ৰমশ বাঢ়ি আকাশলংঘী হৈছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাও এনে বহু শিল্পী আঁতৰি গৈছে যি বৰ্তমানেও সাধাৰণজনৰ কল্পনাৰো অগোচৰ। কিন্তু, চলিত বৰ্ষটোত সাধাৰণজনে বহু প্ৰতিভাক ওলাই অহাও দেখিবলৈ পাইছে। সেয়া চুটি ছবিৰ ক্ষেত্ৰতেই হওঁক অথবা সংগীত ক্ষেত্ৰখনতেই হওঁক; নৱপ্ৰজন্মৰ প্ৰতিভাই বৰ্তমান সকলোকে আপ্লুত কৰিছে। “লক-ডাউন” য়ে প্ৰতিজন ব্যক্তিৰ জীৱনত যিমানেই সন্ত্ৰাসৰ সৃষ্টি নকৰক কিয়; ই কেতিয়াও সৃষ্টিৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে।

"তোমাকে ৰাখো বুকুতে" ৰ জৰিয়তে দীপলিনা ডেকা আৰু বাবন বৰ্ণিলে অনুৰাগীলৈ দিলে সুন্দৰ উপহাৰঃ 3


এনেদৰে মুক্তিপ্ৰাপ্ত গীতসমূহে আমাক হাঁহিৰ অৱকাশ দিয়ে। ‘তোমাকে ৰাখো বুকুতে’ শীৰ্ষক গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/28350/feed 0 28350
দীপলিনা ডেকাৰ দুটি সুমধুৰ গীতৰ সফল পৰিক্ৰমাঃ https://rupaliparda.com/archives/28162 https://rupaliparda.com/archives/28162#respond Fri, 27 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=28162 আগষ্ট মাহটো সঁচাকৈ প্ৰায় প্ৰতিজন জনসাধাৰণৰ বাবেই উৎসাহৰ বিষয়। দেশ স্বাধীন হোৱাৰ সমান্তৰালকৈ একোজন ভাৰতীয় হিচাপে আমাৰ দেহ-মন উৎফুল্লিতও হৈ থাকে। কিন্তু, এই আগষ্ট মাহটো সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পীৰ বাবে আপোনতকৈও অধিক আপোন। এই কণ্ঠশিল্পী গৰাকী হৈছে দীপলিনা ডেকা, তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট হিচাবে পৰিগণিত “চুই দিয়ানা” য়ে য’ত সম্পূৰ্ণ কৰিলে তিনিটা বৰ্ষ। তাতেই আকৌ আন এটি জনপ্ৰিয় গীত “ভবাই নাছিলো” য়ে সম্পূৰ্ণ কৰিলে সফল এটা বৰ্ষ। ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা দীপলিনাই নিজ ইঞ্জিনিয়াৰিং প্ৰবৃত্তি বাদ দি সাংস্কৃতিক জগতত সোমাই পৰিছিল। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰীত মুক্তি প্ৰাপ্ত “নোৱাৰি নোৱাৰি” গীতটিৰ দ্বাৰা কন্ঠশিল্পী ৰূপে তেওঁ নিজ কেৰিয়াৰ আৰম্ভ কৰে। দীপলিনাৰ সৈতে এই গীতটিত কন্ঠদান কৰিছিল তৰুণ তন্ময়ে। জুবিন গাৰ্গৰ “মিছন ছাইনা” ছবিখনৰ দ্বাৰা এগৰাকী অভিনেত্ৰী ৰূপে চিনাকী লাভ কৰিছিল দীপলিনাই। জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিয়া দীপলিনাই পিছলৈ হায়াৰী ছেকেণ্ডাৰী পৰীক্ষা দিয়ে শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা। এগৰাকী কথক ডেন্সাৰ হোৱাৰ উপৰিও এই গৰাকী কণ্ঠশিল্পীয়ে ক্লাছিকেল মিউজিকত লাভ কৰিছিল বিষাৰদ ডিগ্ৰী।


“চুই দিয়ানা” ৰ মুকলিৰ পিছত দীপলিনা ডেকাই কেতিয়াও পিছফালে ঘূৰি চাবলগীয়া হোৱা নাই। উক্ত গীতটিৰ পৰৱৰ্তী সময়ত মুক্তিপ্ৰাপ্ত তেওঁৰ প্ৰায় প্ৰতিটো গীতেই শ্ৰোতাৰ হিট লিষ্টত। ২০১৮ চনত মুক্তিপ্ৰাপ্ত দীপলিনাৰ বহু চৰ্চিত গীত “চুই দিয়ানা” ই ইতিমধ্যে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ১৫ মিলিয়নতকৈ অধিক ভিউৱাৰচৰ সংখ্যা। দীপলিনাৰ এই গীতটিত কথা লগতে সংগীত দিছিল পলাশ সূৰ্য্য গগৈয়ে আৰু ভিডিঅ’টোত অভিনয় কৰিছে দীপলিনাৰ লগতে দীপাংকৰ মহন্ত আৰু মিন্টু বৰুৱাই। “চুই দিয়ানা” শীৰ্ষক গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে। আনহাতে, বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত “ভবাই নাছিলোঁ” য়েও লাভ কৰিছিল শ্ৰোতা দৰ্শকৰ সেই একেই সঁহাৰি। জুবিন গাৰ্গৰ সৈতে দীপলিনা ডেকাৰ যুটীয়া কণ্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিত কথা ৰাহুল দে’ দাসৰ আৰু ইয়াত সংগীত দিছে অনুপম কোঁৱৰে। গীতটিৰ পৰিচালনা প্ৰবীণ বৰাৰ। গীতটিত ভিডিঅ’ পৰিচালক ৰূপেও আছে দীপলিনা ডেকা আৰু ইয়াৰ দৃশ্যগ্ৰহণ অৰিন্দম ডেকাৰ। চিত্ৰনাট্য আৰু সহযোগী পৰিচালক হৈছে প্ৰণৱ ভৰালীৰ। আটলাচ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এই গীতটিয়ে বৰ্তমানলৈ শ্ৰোতা-দৰ্শকৰ হৃদয়ত ঠাই বনাই ৰাখিছে।

দীপলিনা ডেকাৰ দুটি সুমধুৰ গীতৰ সফল পৰিক্ৰমাঃ 4


দীপিলিনা ডেকাৰ উক্ত দুয়োটা গীতৰ দৰেই অনাগত প্ৰতিটো গীতৰ সফলতাৰ কামনা কৰিছোঁ। তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা

]]>
https://rupaliparda.com/archives/28162/feed 0 28162
ঋতুস্ৰাৱক লৈ সজাগতা সৃষ্টিৰ চেষ্টা দীপলিনা ডেকাৰঃ https://rupaliparda.com/archives/28094 https://rupaliparda.com/archives/28094#respond Sun, 22 Aug 2021 10:30:00 +0000 https://rupaliparda.com/?p=28094 “ঋতুস্ৰাৱ”; “মাহেকীয়া” ইত্যাদি শব্দবোৰৰ লগতেই এগৰাকী নাৰীৰ জীৱনলৈ আহে “এইটো কৰিবলৈ নাপায়”, “ইয়াত যাবলৈ নাপায়” অথবা “এয়া চুবলৈ নাপায়”। আমি এই বিষয়ে খুলি কথা নপতাৰ ফলত বিভিন্ন বেমাৰ আজাৰেও দেখা দিয়ে, যিয়ে একোগৰাকী নাৰীক অন্ধকাৰৰ মাজলৈ ঠেলি পঠিয়ায়। পূৰ্বৰে পৰা আমি সকলোৱে দেখি আহিছো সেইকেইটা দিনত নাৰী গৰাকী অইনতকৈ বেলেগে থকা আৰু নিজৰ খোৱা কাঁহী, গ্লাচ আচুঁতীয়াকৈ ৰখা ইত্যাদি কিছু নিয়ম। সময়ৰ পৰিৱৰ্তন অনুযায়ী উক্ত নিয়মবোৰৰ কিছু সলনি হৈছে যদিও বৰ্তমানেও কিছু নিয়মক যেন এৰিব পৰা নাই আমাৰ সমাজ ব্যৱস্থাই। ঋতুস্ৰাৱ অসাধাৰণ অথবা নাভ্ৰূত-নাশ্ৰুত ঘটনা নহয়; ইয়াক লৈ বহুতেই কৰা লাজ, শংকা আদিবোৰ আচলতে অগ্ৰহণযোগ্য। শেহতীয়াকৈ ঋতুস্ৰাৱক লৈ সজাগতা সৃষ্টিৰ বাবে কণ্ঠশিল্পী দীপলিনা ডেকাই কৰিছিল একাংশ পিছপৰা শ্ৰেণীৰ মহিলাৰ মাজত চেনিটাৰী নেপকিন বিতৰণ।
We care organization, Zero7 events আৰু urban youth ৰ যুটীয়া প্ৰচেষ্টাৰে এই সজাগতা কাৰ্যসূচী হাতত লোৱা লৈছিল।

দীপলিনা ডেকাৰ এনে সহযোগিতাৰ বাবে তেওঁক অনুৰাগীয়ে বহুল হাৰত প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে। তেওঁ চচিয়েল মিডিয়া যোগে বিতৰণ সময়ৰ কেইবাখনো ফটো আপলোড কৰি কয় যে, “ঋতুস্ৰাৱ আৰু ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা আমাৰ সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ভিতৰত এটা যাক অধিক কোৱা প্ৰয়োজন। আমাৰ মাজৰ বহুতে এতিয়াও ঋতুস্ৰাৱ আৰু এজনী ছোৱালীৰ ঋতুস্ৰাৱক নিষিদ্ধ বুলি বিবেচনা কৰে।”

]]>
https://rupaliparda.com/archives/28094/feed 0 28094
দীপলিনা ডেকাৰ নতুন, বিদ্যুৎ ৰবীনৰ সৈতে কৰা নৃত্যত সঁহাৰি ৰাইজৰঃ https://rupaliparda.com/archives/27759 https://rupaliparda.com/archives/27759#respond Tue, 03 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=27759 দীপলিনা ডেকাৰ নতুন ৰূপ, হয়টো এনে ৰূপ কাহানিও আপুনি দেখা নাই। হয়, আপুনি ঠিকে শুনিছে। মন কৰক, এগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠৰ সমান্তৰালকৈ যেতিয়া নৃত্যত দিশটোতো পাৰদৰ্শিতা দেখুৱায় তেতিয়া কেনে লাগে বাৰু? শেহতীয়াকৈ দীপলিনা ডেকাৰ ক্ষেত্ৰতো অৱশ্যে তেনেই হ’ল, তেওঁৰ কণ্ঠৰ অনুৰাগী বৰ্তমান তেওঁৰ নৃত্যৰো অনুৰাগী হৈ পৰিছে। দীপলিনা ডেকা বুলিলেই ক’ব নোৱাৰা হৈ পৰা একাংশ লোক আছে, তেওঁলোকক কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো কথাই তথা প্ৰত্যেকটো গীতে আকৰ্ষণ কৰে। শেহতীয়াকৈ, দীপলিনাই নিজেই কণ্ঠদান কৰা এটা গীতত নৃত্য কৰা দেখিবলৈ পোৱা গ’ল। গীতটিৰ নাম “কণমানি সপোন”। বিগত তিনিটা বৰ্ষ পূৰ্বে মুক্তিপ্ৰাপ্ত এই গীতটিৰ ব্যতিক্ৰমী ধৰণে বৰ্ষপূৰ্তি উদযাপন কৰিছে কণ্ঠশিল্পী গৰাকীয়ে। গীতটিত কথা দিছিল ৰাজদ্বীপে লগতে ইয়াত সুৰ-সংগীত কৰিছিল পলাশ সূৰ্য্য গগৈয়ে। সংগীত সংমিশ্ৰণ কৰিছিল ভাস্কৰ শৰ্মা। তিনিবছৰ পূৰ্বে মুক্তিপ্ৰাপ্ত এই গীতটিক সেই সময়ত অধিক হাৰত সমাদৰো জনাইছিল শ্ৰোতাই। আনহাতে, শেহতীয়াকৈ দীপলিনাই গীতটিৰ বৰ্ষপূৰ্তি উদযাপনৰ বাবে কৰা নৃত্যত তেওঁক সহযোগ কৰিছে বিদ্যু্ৎ ৰবীনে। এইখিনিতে, আপোনালোকক জনাই থওঁ আন এক কথা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অসমীয়া নৃত্যশিল্পী হৈছে বিদ্যুৎ ৰবীন। ইতিমধ্যে তেওঁৰ বহুকেইটা নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈছে চচিয়েল মিডিয়াত। ইয়াৰ পূৰ্বেও, অসমীয়া অভিনেত্ৰী সুকন্যা বৰুৱাৰ সৈতে নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ বুটলিছিল নৃত্যশিল্পী গৰাকীয়ে।


“চুই দিয়ানা” ৰ আৰম্ভ কৰি “ভবাই নাছিলো” পৰ্যন্ত কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীতেই বহুলভাৱে সমাদৃত তথা জনপ্ৰিয়। ইঞ্জিনিয়াৰিং বৃত্তিৰ পৰা সংগীত ক্ষেত্ৰখনটো নিজ কেৰিয়াৰ আৰম্ভ কৰা দীপলিনা ডেকাই বৰ্তমানলৈকে পিছলৈ চাবলগীয়া হোৱা নাই। জনসাধাৰণৰ মাজত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰতেই হওঁক, দীপলিনাৰ সক্ৰিয়তা উল্লেখনীয়। চচিয়েল মিডিয়াত আপলোড কৰা একোখন ফটোৰে প্ৰত্যেকদিনেই অনুৰাগীক আকৰ্ষণ কৰা লগতে কন্ঠৰ যাদুৰে মুহি নিয়া দীপলিনাৰ অনুৰাগীৰ শাৰীটো কিমান দীঘলীয়া যে সেয়া হয়টো নক’লেও আপোনালোকেও জানে। অসমীয়া শিল্পী সমূহৰ ভিতৰত দীপলিনা ডেকাই কৰা যিকোনো পোষ্ট কিছু মিনিটৰ ভিতৰত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আনকি, শিল্পীগৰাকীক “জাতীয় বা” হিচাপে ঘোষণা কৰিবলৈও একাংশ অনুৰাগীয়ে কমেন্ট যোগে প্ৰকাশ কৰে। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে।

দীপলিনা ডেকাৰ নতুন, বিদ্যুৎ ৰবীনৰ সৈতে কৰা নৃত্যত সঁহাৰি ৰাইজৰঃ 5


অনাগত দিনত, দীপলিনা ডেকাৰ পৰা আকৌ এনে নৃত্যৰ আশা কৰিছে এতিয়া তেওঁৰ প্ৰতিজন অনুৰাগীয়ে। দীপলিনা ডেকা আৰু বিদ্যুৎ ৰবীনৰ নিজাববীয়া প্ৰকল্প সমূহৰ বাবে জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/27759/feed 0 27759
শেহতীয়া ফটোশ্বুটৰ সৈতে চচিয়েল মিডিয়াত খলকনি দীপলিনা ডেকাৰঃ https://rupaliparda.com/archives/27718 https://rupaliparda.com/archives/27718#respond Fri, 30 Jul 2021 10:30:00 +0000 https://rupaliparda.com/?p=27718
বহু দিনৰ বিৰতিৰ অন্তত কৰ্মক্ষেত্ৰত পুনৰ বাৰ খোজ পেলাইছে কণ্ঠশিল্পী দীপলিনা ডেকা। শেহতীয়া ফটোশ্বুটৰ কেইবাখনো ফটো ইনষ্টাগ্ৰাম যোগে আপলোড কৰি তেওঁ পুনৰ বাৰ বুটলিছে ৰাইজৰ প্ৰশংসা। পূৰ্বৰ দৰেই তেওঁৰ ফটোত এতিয়া অনুৰাগীৰ ইটোৰ পিছত সিটোকৈ কমেণ্টে আহি ভিৰ কৰিছে। “চুই দিয়ানা” ৰ আৰম্ভ কৰি “ভবাই নাছিলো” পৰ্যন্ত কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীতেই বহুলভাৱে সমাদৃত তথা জনপ্ৰিয়। ইঞ্জিনিয়াৰিং বৃত্তিৰ পৰা সংগীত ক্ষেত্ৰখনটো নিজ কেৰিয়াৰ আৰম্ভ কৰা দীপলিনা ডেকাই বৰ্তমানলৈকে পিছলৈ চাবলগীয়া হোৱা নাই। জনসাধাৰণৰ মাজত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰতেই হওঁক, দীপলিনাৰ সক্ৰিয়তা উল্লেখনীয়। চচিয়েল মিডিয়াত আপলোড কৰা একোখন ফটোৰে প্ৰত্যেকদিনেই অনুৰাগীক আকৰ্ষণ কৰা লগতে কন্ঠৰ যাদুৰে মুহি নিয়া দীপলিনাৰ অনুৰাগীৰ শাৰীটো কিমান দীঘলীয়া যে সেয়া হয়টো নক’লেও আপোনালোকেও জানে।


অসমীয়া শিল্পী সমূহৰ ভিতৰত দীপলিনা ডেকাই কৰা যিকোনো পোষ্ট কিছু মিনিটৰ ভিতৰত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আনকি, শিল্পীগৰাকীক “জাতীয় বা” হিচাপে ঘোষণা কৰিবলৈও একাংশ অনুৰাগীয়ে কমেন্ট যোগে প্ৰকাশ কৰে। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে।

]]>
https://rupaliparda.com/archives/27718/feed 0 27718
বাবন বৰ্ণিল আৰু দীপলিনা ডেকাৰ যুটীয়া কণ্ঠৰে “তোমাকে ৰাখো বুকুতে”- https://rupaliparda.com/archives/27584 https://rupaliparda.com/archives/27584#respond Sat, 24 Jul 2021 08:30:00 +0000 https://rupaliparda.com/?p=27584 “বুকুতে ঘৰ সাজি ল’লা সোণ তুমি নজনাকে, নোৱাৰিমেই থাকিব মই তুমি নোহোৱাকে”; আপোনজনক লৈ আমাৰ হেঁপাহ আৰু ইচ্ছা বোৰ সদায় বৃদ্ধি হৈ গৈ থাকে। তেওঁলোকৰ অৱৰ্তমানত আমি এক মিনিট সময় থকাটোও যেন অস্বত্বিদায়ক হৈ পৰে। কিন্তু, প্ৰেম জানো সদায় প্ৰাপ্তিৰ বাবেই হয়? নিশ্চয় নহয়; আমি বৰ্তমানলৈ পঢ়ি অহা প্ৰতিটো প্ৰেম কাহিনী আধৰুৱা আৰু আধৰুৱা প্ৰেম কাহিনীবোৰৰেই এক সুকীয়া মাদকতা আছে। আমি মাত্ৰ এই প্ৰেম আৰু আপোনজনৰ মাজত নিজ স্বাৰ্থপৰতাবোৰ ত্যাগ কৰিব লাগিব। নাই, আজি আমি আপোনালোকক প্ৰেম বিষয়ত কোনো ধৰণৰ কথা ক’বলৈ বিচৰা নাই। এটা গীতক লৈহে এই প্ৰসংগসমূহ টানি অনা হৈছে। বাবন বৰ্ণিল আৰু জনপ্ৰিয দীপলিনা ডেকাৰ কণ্ঠৰে শেহতীয়াকৈ মুক্তি লাভ কৰা গীত “তোমাকে ৰাখো বুকুতে” লাভ কৰিছে বহুল হাৰত শ্ৰোতা-দৰ্শকৰ সমাদৰ। অসমীয়া সংগীক্ষেত্ৰখনৰ দুগৰাকীকৈ জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিক লৈ উৎসাহিত হৈছে তেওঁলোকৰ অনুৰাগীও। দীপলিনাৰ কণ্ঠ বুলিলেই সাম্প্ৰতিক সময়ছোৱাত যুৱপ্ৰজন্মৰ বুকুৰ ঢপঢপনি বাঢ়িবলৈ ধৰে। এই ঢপঢপনিয়ে কণ্ঠশিল্পী গৰাকী প্ৰত্যেকটা গীতক জনপ্ৰিয়তাৰ দুৱাৰডলিলৈ লৈ যায়। উক্ত গীতটিত জনপ্ৰিয়তাৰ সমান্তৰালকৈ দীপলিনাৰ অনুৰাগীৰ প্লে-লিষ্টত তেওঁৰ কণ্ঠৰ আন এটা সন্নিৱিষ্ট হৈ পৰিল বুলি ক’লেও ভুল কোৱা নহ’ব।


আনহাতে, গীতটিত কণ্ঠদান কৰাৰ লগতে সংগীত কৰিছে আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বাবন বৰ্ণিলে। কণ্ঠদান কৰাৰ উপৰিও সুৰ-সংগীতেৰে গীতসমূহক শ্ৰোতা-দৰ্শকৰ মাজত সুন্দৰকৈ তুলি ধৰাৰ ক্ষেত্ৰত বাবন বৰ্ণিলৰ চেষ্টা উল্লেখনীয়। ইয়াৰ লগতে, গীতটিত কথা দিছে নৱপ্ৰজন্মৰ আন এগৰাকী প্ৰতিভা প্ৰশান্ত দাসে। ২০১৭ চনৰ সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰশান্ত দাসৰ কথাৰে নিৰ্মিত একোটা গীতত ৰাইজৰ সঁহাৰি আমি নুই কৰিব নোৱাৰোঁ। আপোনাক আমি উদাহৰণ দিবলৈ হ’লে মুখৰ ওচৰতে থকা গীত “আছোঁ থাকিম তোমাৰ স’তে” ৰ উদাহৰণ দিব পাৰোঁ। গীতটি ক্ষন্তেকতে নৱপ্ৰজন্মৰ মাজত ভাইৰেল হৈ পৰিছিল। আনহাতে, গীতটিত সুৰ কৰিছে বিকি কলিতা। এগৰাকী কণ্ঠশিল্পী ৰূপে উক্ত গীতটিৰ পৰাই সংগীত ক্ষেত্ৰখনত ভাইৰেল হৈ পৰা বিকি কলিতাৰ চৰ্চা এতিয়া ঠাইয়ে ঠাইয়ে। তেওঁ কিছুদিন পূৰ্বে নিজ ব্যক্তিগত ইউটিউব চেনেলটোৰ বাবদ লাভ কৰিছিল ইউটিউব চিলভাৰ বুটাম। বাবন বৰ্ণিল তথা দীপলিনা ডেকাৰ সৈতে নৱপ্ৰজন্মৰ আন আন প্ৰতিভা সমূহ জড়িত হৈ থকাৰ বাবে “তোমাকে ৰাখিলোঁ বুকুতে” শীৰ্ষক গীতটি জনসাধাৰণৰ ওচৰত আৰু অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

বাবন বৰ্ণিল আৰু দীপলিনা ডেকাৰ যুটীয়া কণ্ঠৰে "তোমাকে ৰাখো বুকুতে"- 6

সদ্যমুক্তিপ্ৰাপ্ত গীতটিত জনসাধাৰণৰ আৰু অধিক সঁহাৰিৰ আশা কৰিছে ৰূপালীপৰ্দাই। ইয়াত লগতে, গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীকে পেজটিৰ তৰফৰ পৰা মই ৰীমা দত্তই জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27584/feed 0 27584
দীপলিনা ডেকাৰ কন্ঠৰে মুক্তি লাভ আধুনিক গীত “পাগলী” https://rupaliparda.com/archives/25553 https://rupaliparda.com/archives/25553#respond Fri, 23 Apr 2021 10:30:00 +0000 https://rupaliparda.com/?p=25553 দীপলিনা ডেকাৰ কন্ঠৰে মুক্তি লাভ আন এটি আধুনিক গীত “পাগলী”। ৰঙালী বিহুৰ সময়ছোৱাৰ ব্যস্ততাৰ মাজতেই মুক্তিপ্ৰাপ্ত গীতক লৈ উৎসাহী হৈ পৰিছে কন্ঠশিল্পী গৰাকীৰ অনুৰাগী। ইখনৰ পিছত সিখনকৈ বিহু অনুষ্ঠানত ব্যস্ত দীপলিনা ডেকাৰ কন্ঠৰে শেহতীয়াকৈ মুক্তি লাভ কৰা “পাগলী” য়ে ভিডিঅ’ সহ লাভ কৰিছে মুক্তি। চচিয়েল মিডিয়াত আপলোড কৰা একোখন ফটোৰে প্ৰত্যেকদিনেই অনুৰাগীক আকৰ্ষণ কৰা লগতে কন্ঠৰ যাদুৰে মুহি নিয়া দীপলিনাৰ অনুৰাগীৰ শাৰীটো কিমান দীঘলীয়া যে সেয়া হয়টো নক’লেও আপোনালোকেও জানে। অসমীয়া শিল্পী সমূহৰ ভিতৰত দীপলিনা ডেকাই কৰা যিকোনো পোষ্ট কিছু মিনিটৰ ভিতৰত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আনকি, শিল্পীগৰাকীক “জাতীয় বা” হিচাপে ঘোষণা কৰিবলৈও একাংশ অনুৰাগীয়ে কমেন্ট যোগে প্ৰকাশ কৰে। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে।

দীপলিনা ডেকাৰ কন্ঠৰে মুক্তি লাভ আধুনিক গীত "পাগলী" 7


সদ্যমুক্তিপ্ৰাপ্ত “পাগলী” শীৰ্ষক এই গীতটিত কথা সুনীত গগৈৰ, সুৰ কৰাৰ লগতে সংগীত প্ৰযোজনা দিগন্ত বাণিক্যৰ। গীতটিত এডিশ্বনেল প্ৰগ্ৰেমিং মাছমিথৰ, ঢোল গগণ শৰ্মাৰ আৰু গীতাৰ বজাইছে তপন দাসে। বাঁহী বজাইছে কৈলাশ ৰাভাই। আনহাতে, শব্দ-সংমিশ্ৰণ কৰিছে পিংকু দাসে। ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই, দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে। আৰু, গীতটিত অভিনয় কৰিছে নিৰূপম আৰু দীপিকা নাথে।

]]>
https://rupaliparda.com/archives/25553/feed 0 25553
দীপলিনা ডেকাৰ সৈতে নীল আকাশ আৰু কিশোৰ দাসৰ নতুন যুঁটিঃ মুক্তি লাভ “চেংকন” ৰ- https://rupaliparda.com/archives/25376 https://rupaliparda.com/archives/25376#respond Tue, 13 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25376 এনেই ৰঙালী; তাতেই আকৌ দীপলিনা ডেকা আৰু নীল আকাশৰ যুঁটি। যেন সংগীত প্ৰেমী ৰাইজৰো গাখীৰতে ম’হৰ খুঁটি; ব’হাগে কঢ়িয়ায় আনন্দৰ বতৰা। সেই আনন্দৰ মাজতেই সংগীতক্ষেত্ৰখনৰ দুগৰাকীকৈ জনপ্ৰিয় আৰু দৰ্শক-শ্ৰোতাৰ হৃদয় জিনা কন্ঠশিল্পীৰ বিহু শুনিবলৈ অথবা উপভোগ কৰিবলৈ পোৱা হয় তেতিয়াহ’লেনো এই আপোন বিহুটোক লৈ আৰু কি লাগিছে! বিহুটোক আদৰিবলৈ এইবাৰ প্ৰত্যেকেই নিজ নিজ ধৰণেৰে যা-যোগাৰ সমূহ কৰিবলৈ আৰম্ভ কৰিছে; ক’ৰবাত অকণমান বিভীষিকাই গা কৰি উঠিছে যদিও সজাগ-সচেতন হৈ এইবাৰ বিহু উদযাপনত আগভাগ ল’বলৈ চেষ্টা কৰিছে সকলোৱে। অসমীয়া সংগীত ক্ষেত্ৰখনত প্ৰথমবাৰৰ বাবে যুঁটীয়াভাৱে কন্ঠদান কৰিছে দীপলিনা ডেকা আৰু নীল আকাশে; গতিকে সেই দিশটোৰ ফালৰ পৰা এতিয়া দুয়োগৰাকী কন্ঠশিল্পীৰেই অনুৰাগী উৎসাহিত। শেহতীয়াকৈ দুয়োগৰাকীৰ কন্ঠৰে মুক্তি লাভ কৰা বিহুগীতটিৰ নাম হৈছে “চেংকন”। কেৱল কন্ঠ নহয়; এইবাৰ এই বিহুগীতটিত দীপলিনা ডেকাই অনুৰাগীৰ ডিমাণ্ড ৰক্ষা কৰিবলৈ বিহুয়ো নচা দেখিবলৈ পোৱা গৈছে। মুঠতে, এইবাৰ বসন্তত দীপলিনা ডেকাৰ অনুৰাগীয়ে লাভ কৰিছে ইটোৰ পিছত সিটোকৈ চাৰপ্ৰাইজ।


গীতটিত কথা আৰু সুৰ কৰিছে ক্ৰমে অপূৰ্ব জান আৰু সুনীত গগৈয়ে। পেঁপা, গগনা, তাল বজাইছে পিতি বৰাই। ঢোল বজাইছে দেৱেশ্বৰ শইকীয়া আৰু লাচিত বৰুৱাই। বীণ বজাইছে প্ৰসন্ন গগৈয়ে আৰু বাঁহী কৈলাশ ৰাভৰ। কিজ ভদ্ৰকান্ত দাসৰ। আনহাতে, ভিডিঅ’টিতো এইবাৰ দীপলিনাৰ সৈতে দেখিবলৈ পোৱা গৈছে অভিনেতা কিশোৰ দাসক। অৱশ্যে স্ক্ৰীণত এইয়াও এক নতুন যুঁটি; সমান্তৰালকৈ গীতটিৰ ভিডিঅ’ পৰিচালনা শচীন বৰুৱাৰ আৰু দৃশ্যগ্ৰহণ পৃথ্বীৰাজৰ। সম্পাদনা আৰু ৰং মানস কাশ্যপৰ, ৰূপসজ্জা পতিয়সী বৰদলৈৰ আৰু প্ৰডাকচন কন্ট্ৰলাৰ দীপান বৰুৱা। ইটোৰ পিছত সিটোকৈ প্ৰকল্পৰ সৈতে জড়িত দীপলিনাৰ অনুৰাগী দীঘলীয়া শাৰীটোৱে প্ৰতিদিনেই তেওঁৰ ফালৰ পৰা আহিবলগীয়া নতুন গীতৰ বাবে অপেক্ষা কৰি থকা দেখা যায়। ইয়াৰ উপৰিও, কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা কন্ঠশিল্পী নীল আকাশৰ প্ৰতিটো গীতৰ জনপ্ৰিয়তাও আমি নুই কৰিব নোৱাৰো। কিশোৰ দাসে প্ৰায়ে তেওঁৰ চচিয়েল মিডিয়া একাউন্টত নৃত্য ভিডিঅ’ পোষ্ট কৰি দৰ্শকক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। ৰং চেনেলত প্ৰচাৰিত “বিধাতা” ধাৰাবাহিকখনৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে দৰ্শকে উপভোগ কৰিবলৈ পাইছিল এই গৰাকী অভিনেতাৰ অভিনয়।

দীপলিনা ডেকাৰ সৈতে নীল আকাশ আৰু কিশোৰ দাসৰ নতুন যুঁটিঃ মুক্তি লাভ "চেংকন" ৰ- 8


আটাইবোৰ নতুন যুঁটিকে লৈ বিহুৰ প্ৰাকক্ষণত মুক্তি লাভ কৰা বিহুগীত “চেংকন” ক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25376/feed 0 25376
বিহুলৈ মাজত কেইটামান দিনঃ নীল আকাশ আৰু দীপলিনা ডেকাৰ প্ৰথম duet- https://rupaliparda.com/archives/25309 https://rupaliparda.com/archives/25309#respond Thu, 08 Apr 2021 10:30:00 +0000 https://rupaliparda.com/?p=25309 ৰঙালীক আদৰিবলৈ সাজু অসমীয়া; এইপিনে আকৌ নিজ নিজ বিহুগীতৰ সৈতে সাজু হৈ উঠিছে কন্ঠশিল্পী কেইগৰাকীও। শেহতীয়াকৈ কন্ঠশিল্পী দীপলিনা ডেকাৰ এটি পোষ্টে সকলোকে উৎসাহিত কৰি তুলিবলৈ সক্ষম হৈ উঠিছে। আকৌ এটি নতুন বিহুৰ সৈতে অনুৰাগীৰ কাষ চাপিব জনপ্ৰিয় কন্ঠশিল্পী গৰাকী। “চেংকন” শীৰ্ষক এটি নতুন বিহু গীতক কাইলৈ অৰ্থাৎ ১০ এপ্ৰিল তাৰিখে মুকলি কৰি দিয়াৰ কথা ব্যক্ত কৰে কন্ঠশিল্পী দীপলিনাই। দীপলিনা ডেকাৰ গীত বুলিলেই সুখী হোৱা এচামলৈ আচলতে আনিছো আন এক সুখবৰো; এই গীতটিত দীপলিনাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিব আন এগৰাকী অসমীয়া জনপ্ৰিয় কন্ঠশিল্পীয়ে। তেওঁ হৈছে নীল আকাশ; অৰ্থাৎ দীপলিনা ডেকা আৰু নীল আকাশৰ যুঁটীয়া কন্ঠৰে মুক্তি পাবলগীয়া “চেংকন” হৈছে তেওঁলোকৰ প্ৰথমটো অফিচিয়েল গীত। কন্ঠশিল্পী দুয়োগৰাকীৰে নতুন যুঁটি আৰু “চেংকন” ৰ বাবে বৰ্তমান উৎসাহী কন্ঠশিল্পী দুগৰাকীৰ অনুৰাগী। গীতটিৰ বিষয়ে শ্বেয়াৰ কৰি দীপলিনাই কয়,

বিহুলৈ মাজত কেইটামান দিনঃ নীল আকাশ আৰু দীপলিনা ডেকাৰ প্ৰথম duet- 9


“বহুতে কৈ আছিল এটি বিহুসুৰীয়া গীত লাগে য’ত মই নিজে অভিনয় বা এপাক বিহু নাচো, যদিও হেঁপাহৰ বিহুটি আহি পালেহিয়ে তথাপিও অতি কম সময়ৰ ভিতৰত মৰমেৰে কৰা এটি প্ৰচেষ্টা আগবঢ়াব ওলাইছো ‘চেংকণ’ মোৰ লগতে আপোনালোকৰ প্রিয় কন্ঠশিল্পী নীল আকাশৰ কণ্ঠত অহা ১০ তাৰিখে আহি আছে, পিছে officially আমাৰ এইটো হ’ব প্ৰথম duet ❤”

]]>
https://rupaliparda.com/archives/25309/feed 0 25309