Devabrot Chaliha – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 02 Apr 2021 15:50:52 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Devabrot Chaliha – Rupaliparda.com https://rupaliparda.com 32 32 163073109 গুজৰাট ষ্টেট ফিল্ম এৱাৰ্ডচত জিলিকিল অসম সন্তান দেৱব্ৰত চলিহাঃ https://rupaliparda.com/archives/25201 https://rupaliparda.com/archives/25201#respond Sun, 04 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25201 ৰাষ্ট্ৰীয় তথা আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত অসম সন্তানে নিজ কৰ্মৰ দ্বাৰা জিলিকি থকা কথাটো আমি প্ৰত্যেকেই দেখি আহিছো; নিজ সৃষ্টি তথা প্ৰকল্পসমূহৰ দ্বাৰা তেওঁলোকে প্ৰতিটো সময়ত কেৱলমাত্ৰ অসমখনকে নহয় ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শককো আমোদ প্ৰদান কৰি আহিছে। শেহতীয়াকৈ গুজৰাটত ষ্টেট ফিল্ম এৱাৰ্ড অনুষ্ঠানত জিলিকিছে আন এগৰাকী অসম সন্তানৰ নাম। এগৰাকী শব্দযন্ত্ৰী দেৱব্ৰত চলিহাই পুনৰ বাৰ দৰ্শকক গৌৰন্বিত কৰি তুলিবলৈ সক্ষম হৈছে। তেওঁ “Hellaro” ছবিখনৰ বাবে শ্ৰেষ্ঠ শব্দযন্ত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় উক্ত এৱাৰ্ড অনুষ্ঠানত। লখিমপুৰৰ বিহপুৰীয়াত জন্মগ্ৰহণ কৰা দেৱব্ৰতে ২০০১ চনত Audiography and Sound Engineering ৰ তিনিবছৰীয়া ডিপ্লমা শিক্ষা গ্ৰহণ কৰি তেওঁ অসমৰ বিভিন্ন ধাৰাবাহিক আৰহ ছবিৰ সৈতে জড়িত হৈ থাকে। ২০০৮ চনলৈ অসমতেই বিভিন্ন কাম কৰা পিছত তেওঁ ঢাপলি মেলে মুম্বাইলৈ। আইদেউ, বাঁকৰ পুতেক, বহ্নিমান আদি বিভিন্নখন ছবিত কাম কৰা দেৱব্ৰত চলিহা বৰ্তমান অসমকে ধৰি মায়ানগৰীৰ এক চিনাকী নাম। বিগত বৰ্ষৰ তেওঁৰ কৰ্ম দেখিবলৈ পোৱা গৈছিল বলীউড ছবি “পংগা” লগতে “লভ আজ কল” ছবি দুখনত। কেৱল মাত্ৰ এই দুখন ছবিয়েই নহয়, নিজ অনুৰাগীক মৰ্মাহত কৰি নিজ বাসগৃহতেই মৃত্যুক আঁকোৱালি লোৱা অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰ খন ছবি “Dil Bechara” ৰ সৈতেও জড়িত আছিল এই গৰাকী অসম সন্তান দেৱব্ৰত চলিহা।

গুজৰাট ষ্টেট ফিল্ম এৱাৰ্ডচত জিলিকিল অসম সন্তান দেৱব্ৰত চলিহাঃ 1


“Sikandar” নামে এখন হিন্দী ছবিত কাম কৰাৰ সুবিধা লাভ কৰি মুম্বাইলৈ উৰা মৰা দেৱব্ৰত চলিহাই মুম্বাইত থাকিলেও তেওঁ অসমৰ বিভিন্ন বিষয় অৰ্থাৎ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকে; চচিয়েল মিডিয়া যোগে তেওঁ নিজ মতামত ব্যক্ত কৰি গৈ থকা দেখিবলৈ পোৱা যায়। শব্দযন্ত্ৰী দেৱব্ৰত চলিহাৰ সৈতে ৰূপালীপৰ্দাৰ এক সাক্ষাৎকাৰত তেওঁক নৱপ্ৰজন্মক এই ক্ষেত্ৰখনত আহিবলৈ কি উপদেশ দিব বুলি সোধাত তেওঁ কৈছিল যে, ” যি সকল আহিব বিচাৰে তেওঁলোকক স্বাগতম জনাইছো; এইখন এখন বিশাল ক্ষেত্ৰ; ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰো বহু সুবিধা আছে। কিন্তু এইখিনিতে গুৰুত্বপূৰ্ণ যে, কোনো এটা বিষয়ত আগবাঢ়িবলৈ হ’লে; সেই বিষয়টোৰ ৮০ শতাংশ জ্ঞান থাকিব লাগিবই আৰু ইয়াৰ বাকী থকা ২০ শতাংশ অভিজ্ঞতাই শিকাব। মুম্বাইত থাকিবলৈ হ’লে অভিজ্ঞ হৈয়ে আহিব লাগিব; নহ’লে ইয়াত কাম পোৱাটো খুবেই কঠিন। ইয়াত, কামত অভিজ্ঞতা থকাৰ লগতে জ্ঞান চাইহে কাম দিয়ে।” এইখিনিতে, আপোনালোকক জনাই থওঁ যে, দেৱব্ৰত চলিহা বৰ্তমান আন এখন ছবি “99 Songs” ৰ বাবে কাম কৰি আছে; যিখন ছবি অহা ১৬ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰিব।

গুজৰাট ষ্টেট ফিল্ম এৱাৰ্ডচত জিলিকিল অসম সন্তান দেৱব্ৰত চলিহাঃ 2


দেৱব্ৰত চলিহাৰ প্ৰাপ্ত পুৰষ্কাৰ তথা তেওঁৰ আগন্তুক প্ৰকল্প সমূহৰ বাবে তেওঁলৈ যাঁচিছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/25201/feed 0 25201
“তেওঁৰ আহিবলগীয়া ছবিখনতো তেওঁৰ মৃত্যু হয়”- দেৱব্ৰত চলিহা https://rupaliparda.com/archives/16512 https://rupaliparda.com/archives/16512#respond Mon, 15 Jun 2020 10:30:56 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16512 চলিত ২০২০ বৰ্ষটোৱে সকলোৰে বাবে কঢ়িয়াইছে অমানিশা। সুখবৰ অথবা ভালখবৰৰ ঠাইত নিজৰ অৱস্থিতি বিস্তাৰ কৰিছে কিছু দুঃখবৰে। বলীউড ক্ষেত্ৰখনৰ আকাশত যেন প্ৰত্যকদিনাই ঘূৰিছে ক’লা মেঘ। ইজনৰ পিছত সিজন প্ৰতিভাই মেলানি মাগিছে সংসাৰৰ পৰা। ক’ৰ’ণা মহামাৰীৰ আতংকৰ মাজতেই হঠাৎ স্তব্ধ হৈ পৰিছে সকলো। ইৰফান খান, ঋষি কাপুৰ, ৱাজিদ খানৰ মৃত্যৰ পিছত আকৌ এবাৰ প্ৰতিভাৰ নগৰীৰ পৰা হেৰাই গ’ল আন এক ধ্ৰুৱতৰা। ৩৪ বছৰ বয়সতে মৃত্যু ঘটে অভিনেতা সুশান্ত সিং ৰাজপুতৰ। মুম্বাইৰ নিজ বাসগৃহত আত্মহত্যা কৰে অভিনেতা গৰাকীয়ে; দেওঁবাৰে বাসগৃহত অভিনেতা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষী প্ৰশাসনে। অভিনেতা গৰাকীৰ মৃত্যুত প্ৰায় প্ৰত্যেক গৰাকী বলীউড-জলীউড চিলেব্ৰেটী মৰ্মাহত হৈ পৰে। তেওঁলৈ শ্ৰদ্ধাঞ্জলক জ্ঞাপন কৰি চচিয়েল মিডিয়া যোগে একোটা পোষ্ট কৰে সকলোৱে।

"তেওঁৰ আহিবলগীয়া ছবিখনতো তেওঁৰ মৃত্যু হয়"- দেৱব্ৰত চলিহা 3


সুশান্ত সিং ৰাজপুতৰ সৈতে কেইখনমান ছবিত কাম কৰা অসমৰ এগৰাকী চাউণ্ড ইঞ্জিনিয়াৰ দেৱব্ৰত চলিহা ৰূপালীপৰ্দাৰ আগত শোক প্ৰকাশ কৰি কয় যে, ” খবৰটো শুনি সঁচাকৈ বৰ বেয়া লাগিছে। মই তেওঁৰ সৈতে একেলগে কাম কৰিছো। হাঁহি থাকে, স্ফূৰ্তি কৰি থাকে তেওঁ। কিন্তু হঠাতে এই খবৰটো পাই মই আচৰিত হৈছো। তেওঁৰ সৈতে কাম কৰা মোৰ প্ৰথমখন ছবি আছিল ২০১৫ ৰ দিবাকৰ বেনাৰ্জী পৰিচালিত “Byomkesh Bakshi” বুলি; তাৰ পিছতেই তেওঁৰ আহিবলগীয়া ছবি “দিল বেছাৰা” ৰ সৈতেও মই জড়িত। ছবিখনৰ এতিয়াও আধা কাম বাকী আছে। এই ছবিখন আচলতে খুবেই “ডাৰ্ক”; ছবিখনত তেওঁৰ চৰিত্ৰটোৰ কৰ্কট ৰোগ হোৱাৰ লগতে তেওঁৰ প্ৰেয়সীৰো হয় আৰু অভিনেতা গৰাকীৰ চৰিত্ৰটোৰ ছবিখনত মৃত্য হয়। এই কথাবোৰে এতিয়া মোক আমনি কৰিছে।”

"তেওঁৰ আহিবলগীয়া ছবিখনতো তেওঁৰ মৃত্যু হয়"- দেৱব্ৰত চলিহা 4
"তেওঁৰ আহিবলগীয়া ছবিখনতো তেওঁৰ মৃত্যু হয়"- দেৱব্ৰত চলিহা 5


ইয়াৰ উপৰিও দেৱব্ৰতে কয় যে, অভিনেতা গৰাকী এতিয়া য’তেই আছে তেওঁৰ আত্মাই চিৰশান্তি পাওঁক; মই ইয়াকেই কামনা কৰিছো। তেওঁৰ হাঁহি অথবা অভিনয়ে আজি মোক আমনি কৰিছে।”

]]>
https://rupaliparda.com/archives/16512/feed 0 16512
“জীৱনত এখনো চিনেমা নকৰা লোকে নতুন প্ৰজন্মক কি চিনেমা শিকাব সেয়া আলোচনাৰ বিষয়”- দেৱব্ৰত চলিহা https://rupaliparda.com/archives/14600 https://rupaliparda.com/archives/14600#respond Sun, 10 May 2020 09:30:44 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14600 অসমত জন্মগ্ৰহণ কৰা বিভিন্ন যুৱক যুৱতী বৰ্তমান মায়ানগৰীৰ একোগৰাকী খ্যাতনামা শিল্পী। অসমীয়াৰ লগতে হিন্দী তথা আন আন ভাষাৰ ছবিসমূহতো কৰা এওঁলোকৰ কামবোৰে প্ৰায়ে জনসাধাৰণক গৌৰন্বিত কৰে। ইয়াৰে ভিতৰত এগৰাকী হৈছে শব্দযন্ত্ৰী দেৱব্ৰত চলিহা। লখিমপুৰৰ বিহপুৰীয়াত জন্মগ্ৰহণ কৰা দেৱব্ৰতে ২০০১ চনত Audiography and Sound Engineering ৰ তিনিবছৰীয়া ডিপ্লমা শিক্ষা গ্ৰহণ কৰি তেওঁ অসমৰ বিভিন্ন ধাৰাবাহিক ও ছবিৰ সৈতে জড়িত হৈ থাকে। ২০০৮ চনলৈ অসমতেই বিভিন্ন কাম কৰা পিছত তেওঁ ঢাপলি মেলে মুম্বাইলৈ। আইদেউ, বাঁকৰ পুতেক, বহ্নিমান আদি বিভিন্নখন ছবিত কাম কৰা দেৱব্ৰত চলিহা বৰ্তমান অসমকে ধৰি মায়ানগৰীৰ এক চিনাকী নাম। শেহতীয়াকৈ তেওঁৰ কৰ্ম দেখিবলৈ পোৱা গৈছিল বলীউড ছবি “পংগা” লগতে “লভ আজ কল” ছবি দুখনত।

"জীৱনত এখনো চিনেমা নকৰা লোকে নতুন প্ৰজন্মক কি চিনেমা শিকাব সেয়া আলোচনাৰ বিষয়"- দেৱব্ৰত চলিহা 6


আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমাৰ সৈতে আছে দেৱব্ৰত চলিহা; জানিম তেওঁৰ বিষয়ে কিছু কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ অসমৰ পৰা মুম্বাই; এই যাত্ৰাৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল?

দেৱব্ৰত চলিহাঃ অসমৰ বিভিন্ন খন ছবিত কাম কৰাৰ পিছত মই মুম্বাইলৈ আহো ২০০৮ চনত। “Sikanar” নামে এখন হিন্দী ছবিৰ অফাৰ পাই মই অসমৰ পৰা ইয়ালৈ আহিছিলো। সেয়াই আছিল আৰম্ভণি…

"জীৱনত এখনো চিনেমা নকৰা লোকে নতুন প্ৰজন্মক কি চিনেমা শিকাব সেয়া আলোচনাৰ বিষয়"- দেৱব্ৰত চলিহা 7

প্ৰশ্নঃ ৰাষ্ট্ৰীয় ক্ষেত্ৰত কাম কৰি আৰু অসমীয়া ক্ষেত্ৰখনৰ সৈতে কিবা পাৰ্থক্য আপুনি অনুভৱ কৰেনে?

দেৱব্ৰত চলিহাঃ ৰাষ্ট্ৰীয় চলচিত্ৰ ক্ষেত্ৰ আৰু অসমীয়া চলচিত্ৰ ক্ষেত্ৰখনৰ মাজত মোৰ মতে আকাশ পাতাল প্ৰভেদ আছে। এখন ছবিত শব্দ সংযোজনৰ বাবে বেলেগকৈ কোনো বাজেট দিয়া নহয় লগতে অসমত উন্নত মানদণ্ডৰ ষ্টুডিঅ’ এটা নথকাৰ উপৰিও “5.1 studio” এটা ও বৰ্তমানলৈকে নিৰ্মাণ হোৱা নাই। উল্লেখ্য যে; ৰাষ্ট্ৰীয় ক্ষেত্ৰত ছবিগৃহ বা চাউণ্ড স্টুডিঅ’ সমুহত শেহতীয়াকৈ অহা প্ৰত্যেকটো টেকনল’জি সমৃদ্ধ বস্তু আছে কিন্তু অসমত ইয়াৰ অভাৱ পৰিলক্ষিত হয়। প্ৰায় অথবা বহুক্ষেত্ৰতেই “চাউণ্ড” বুলি যি আছে; তাক এলাগীয়ে কৰি ৰখা হৈছে অসমত।

"জীৱনত এখনো চিনেমা নকৰা লোকে নতুন প্ৰজন্মক কি চিনেমা শিকাব সেয়া আলোচনাৰ বিষয়"- দেৱব্ৰত চলিহা 8


আনহাতে, যিকোনো ঠাইত কাম কৰিবলৈ হ’লে কোনো এজন ব্যক্তি প্ৰফেচনেল অৰ্থাৎ পেশাদাৰী হ’ব লাগিব; কোনো কামৰ বাবদ এটা ধন লৈ কাম কৰাটোকে প্ৰফেচনেল হোৱাটো নুবুজায়। পেশাদাৰী হ’বলৈ হ’লে গ্ৰাহকে বিচৰা বিচৰা ধৰণে কাম দিব পাৰিব লাগিব আৰু লগতে সঠিক সময়ত ও দিব পাৰিব লাগিব।
বিশেষকৈ আমাৰ অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলত চিনেমা শিক্ষাৰ বাবে এখন উপযুক্ত শিক্ষানুষ্ঠানৰ অভাৱ। শুনিবলৈ বেয়া যদিও, নিজে খোজ কাঢ়িব নাজানে কিন্তু আনক দৌৰিব শিকোৱা মানুহৰ দ্বাৰা পৰিচালিত হয় অসমৰ চিনেমা শিক্ষা।
জীৱনত এখনো চিনেমা নকৰা লোকে নতুন প্ৰজন্মক কি চিনেমা শিকাব সেয়া আলোচনাৰ বিষয়।

প্ৰশ্নঃ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

"জীৱনত এখনো চিনেমা নকৰা লোকে নতুন প্ৰজন্মক কি চিনেমা শিকাব সেয়া আলোচনাৰ বিষয়"- দেৱব্ৰত চলিহা 9

দেৱব্ৰত চলিহাঃ আগন্তুক প্ৰজেক্ট হিচাপে মই বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাওঁ অভিনীত এখন ছবিত বৰ্তমান ব্যস্ত হৈ আছো। লক-ডাউন খুলিলেই হয়টো পুনৰ বাৰ কামবোৰ আৰু পূৰ্ণগতিত চলিব।

প্ৰশ্নঃ ক’ৰ’ণা ভাইৰাছে ছবি ক্ষেত্ৰখনলৈ প্ৰত্যাহ্বান আনিবনে? আপুনি কি ভাবে?

দেৱব্ৰত চলিহাঃ “ক’ভিড ১৯” য়ে ইতিমধ্য চলচিত্ৰ জগতলৈ বহু খিনি প্ৰত্যাহ্বান আনিলে।প্ৰথম কথা ইয়াৰ ফলত সকলো দৃশ্যগ্ৰহণৰ কাম স্থগিত ৰখা হৈছে; যাৰ বাবে আমিও পোষ্ট প্ৰডাকচনৰ কাম বোৰ সম্পূৰ্ণ কৰিব পৰা নাই।
আনহাতে চিনেমা হৈছে এবিধ মনোৰঞ্জনৰ আহিলা আৰু মানুহে সমস্যাৰ পৰা মুক্তি পোৱাৰ পিছতহে হয়টো মনোৰঞ্জনৰ কথা ভাবিব; গতিকে বৰ্তমান পৰিপ্ৰেক্ষিতত, সকলোৰে লগতে চিনেমা জগতৰ এক ক’লা অধ্যায় চলি আছে।

"জীৱনত এখনো চিনেমা নকৰা লোকে নতুন প্ৰজন্মক কি চিনেমা শিকাব সেয়া আলোচনাৰ বিষয়"- দেৱব্ৰত চলিহা 10

প্ৰশ্নঃ আপোনাৰ ক্ষেত্ৰখনৰ সৈতে যদি কোনো নৱপ্ৰজন্মৰ যুৱক-যুৱতী জড়িত হোৱাৰ ইচ্ছা কৰে; তেনেহ’লে আপোনাৰ ফালৰ পৰা কি উপদেশ থাকিব?

দেৱব্ৰত চলিহাঃ যি সকল আহিব বিচাৰে তেওঁলোকক স্বাগতম জনাইছো; এইখন এখন বিশাল ক্ষেত্ৰ; ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰো বহু সুবিধা আছে। কিন্তু এইখিনিতে গুৰুত্বপূৰ্ণ যে, কোনো এটা বিষয়ত আগবাঢ়িবলৈ হ’লে; সেই বিষয়টোৰ ৮০ শতাংশ জ্ঞান থাকিব লাগিবই আৰু ইয়াৰ বাকী থকা ২০ শতাংশ অভিজ্ঞতাই শিকাব।
মুম্বাইত থাকিবলৈ হ’লে অভিজ্ঞ হৈয়ে আহিব লাগিব; নহ’লে ইয়াত কাম পোৱাটো খুবেই কঠিন। ইয়াত, কামত অভিজ্ঞতা থকাৰ লগতে জ্ঞান চাইহে কাম দিয়ে।

"জীৱনত এখনো চিনেমা নকৰা লোকে নতুন প্ৰজন্মক কি চিনেমা শিকাব সেয়া আলোচনাৰ বিষয়"- দেৱব্ৰত চলিহা 11

…… ধন্যবাদ দাদা। আপোনাৰ মতামতে নিশ্চয় সহায় কৰিব আহিবলগীয়া প্ৰজন্মক।

দেৱব্ৰত চলিহাঃ ধন্যবাদ।

]]>
https://rupaliparda.com/archives/14600/feed 0 14600