Discovery – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 01 Sep 2020 11:35:06 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Discovery – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বিয়েৰ গ্ৰীল্সে অক্ষয় কুমাৰক খুৱাব “Elephant Poop Tea” – https://rupaliparda.com/archives/19766 https://rupaliparda.com/archives/19766#respond Tue, 01 Sep 2020 14:30:58 +0000 https://rupaliparda.com/?p=19766 বলীউড খিলাড়ী অক্ষয় কুমাৰক এইবাৰ দেখিবলৈ পোৱা যাব অৰণ্যৰ ভিন্ন অসুবিধাৰ সৈতে যুঁজ দিয়া। অতিশীঘ্ৰে অক্ষয় কুমাৰক “ইন টু ডা ৱাইল্ড ৱিথ বিয়েৰ গ্ৰীল্স” ত দেখিবলৈ পোৱা যাব। শ্ব’টোত যে অক্ষয় কুমাৰৰ আগমন ঘটিব তাৰ ঘোষণা পূৰ্বেই কৰা হৈছিল; আকৌ এইবাৰ অক্ষয় কুমাৰে চচিয়েল মিডিয়াত শ্ব’টোৰ এটা প্ৰমো’ শ্বেয়াৰ কৰে য’ত তেওঁক বিয়েৰ গ্ৰীল্সৰ সৈতে অৰণ্যত ঘূৰি ফুৰা দেখিবলৈ পোৱা যায়। এক মিনিটৰ এই ভিডিঅ’টো অক্ষয় কুমাৰৰ আগমনৰ দ্বাৰাই আৰম্ভ হয়; তাৰ পিছতেই তেওঁ বিয়েৰ গ্ৰীল্সৰ সৈতে দুঃসাহসিক কাৰ্যাৱলীৰ পিনে আগবাঢ়ে। এই যাত্ৰাত তেওঁলোক পানীত সাঁতোৰে, ৰঁচিৰে ওলমে আৰু ভয়ানক জন্তুবোৰৰ সৈতে মুখামুখি হয়। শ্ব’টোৰ এটা ৰোমাঞ্চক কথা এয়ে যে, হাতীৰ বিষ্ঠাৰে চাহ খুওঁৱা হ’ব এইবাৰ অক্ষয় কুমাৰক; য’ত অক্ষয় কুমাৰে নিজেই কেতিয়াও চাহ নাখাইছিল। চচিয়েল মিডিয়াত পোষ্টটো শ্বেয়াৰ কৰি অক্ষয় কুমাৰে লিখে, “মোৰ “ইন টু ডা ৱাইল্ড ৱিথ বিয়েৰ গ্ৰীল্স” ত হ’বলগীয়া দুঃসাহসিক কামবোৰৰ এক অনুমান হৈছিল কিন্তু মোক বিয়েৰ গ্ৰীল্সে “Elephant Poop Tea” খুৱাই আচম্বিত কৰি দিলে।”

https://www.instagram.com/p/CEir_CenM4h/?igshid=1vta1t4lxg51e
বিয়েৰ গ্ৰীল্সে অক্ষয় কুমাৰক খুৱাব "Elephant Poop Tea" - 1


এই খণ্ডটো ১১ চেপ্তেম্বৰ তাৰিখে টেলিভিছন পৰ্দাত সম্প্ৰচাৰিত কৰা হ’ব। চেনেলে নিজ ব্যক্তিগত একাউন্টত এই খণ্ডটোৰ বিষয়ে শ্বেয়াৰ কৰি কয় যে, “আমি মাত্ৰ এটাই কথা ক’ব পাৰো যে #IntoTheWildWithBearGrylls ৰ এই খণ্ডটো ৰোমাঞ্চক আৰু মনোৰঞ্জনপূৰ্ণ হ’ব।”

]]>
https://rupaliparda.com/archives/19766/feed 0 19766
প্ৰধানমন্ত্ৰী মোডীৰ পিছত এইবাৰ জংঘললৈ ৰজনীকান্তঃ https://rupaliparda.com/archives/11911 https://rupaliparda.com/archives/11911#respond Sun, 22 Mar 2020 13:34:54 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11911 ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছত এইবাৰ তামিল ছবিৰ চুপাৰষ্টাৰ ৰজনীকান্তে কৰিব জংঘল ভ্ৰমণ। ডিস্কভাৰীৰ জনপ্ৰিয় টিভি শ্ব’ “Into The Wild” লৈ এইবাৰ অতিথি হৈ আহিব চাউথৰ চুপাৰষ্টাৰ গৰাকী। কৰ্ণাটক বান্দীপুৰ নেশ্বনেল পাৰ্কত শ্বুটিং হোৱা এই অনুষ্ঠানটোত ৰজনীকান্তৰ একেবাৰেই এক ব্যতিক্ৰমী ৰূপ দেখিবলৈ পোৱা যাব। এই শ্ব’টোৰ হোষ্ট বিয়েৰ গ্ৰীল্সৰ সৈতে ৰজনীকান্তে “Into The Wild” ত কৰিব কিছু ষ্টন্ট লগতে অভিনেতা গৰাকীয়ে নিজ জীৱনৰ বিভিন্ন কথাও খুলি কোৱা দেখিবলৈ পোৱা যাব।

প্ৰধানমন্ত্ৰী মোডীৰ পিছত এইবাৰ জংঘললৈ ৰজনীকান্তঃ 2
প্ৰধানমন্ত্ৰী মোডীৰ পিছত এইবাৰ জংঘললৈ ৰজনীকান্তঃ 3


ৰজনীকান্তে উক্ত টিভি শ্ব’টোৰ প্ৰথমতে কয় যে, “মোৰ গোটেই জীৱনটো চমৎকাৰেৰে পৰিপূৰ্ণ। যদি উদাহৰণ হিচাপে মই কওঁ তেতিয়াহ’লে ক’ব লাগিব যে মই কেতিয়াও এনে চেনেলৰ এনেকুৱা ধৰণৰ টিভি শ্ব’ ত আহিম বুলি ভৱা নাছিলো।” ইয়াৰ উপৰিও তেওঁ কয় যে, ” কিন্তু মই যেতিয়া নিজ কাম শেষ কৰি লওঁ তেতিয়া মই পাহৰি যাওঁ যে, মই ৰজনীকান্ত হওঁ। ইয়াৰ পিছত কেতিয়াবা মই শিৱাজীৰাজ হৈ পৰো। সেইটো কেৱল মাত্ৰ মোৰ কামৰ অংশ; যেতিয়া মোক কোনোবাই আহি কয় যে, আপুনি ৰজনীকান্ত হয়। তেতিয়াহে মোৰ মনত পৰে যে হা… মই ৰজনীকান্ত।” উল্লেখ্য যে, এই টিভি শ্ব’টো অহা ২৩ মাৰ্চ তাৰিখে টেলিভিছনত প্ৰচাৰ লাভ কৰিব।

প্ৰধানমন্ত্ৰী মোডীৰ পিছত এইবাৰ জংঘললৈ ৰজনীকান্তঃ 4


১৯৫০ চনত জন্মগ্ৰহণ কৰা ৰজনীকান্ত সমগ্ৰ ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেতা। তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি “অপূৰ্ব ৰাগাংগল” ৰ দ্বাৰা। ভাৰত চৰকাৰৰ দ্বাৰা ২০০০ চনত পদ্মভূষণ লাভ কৰা এই গৰাকী অভিনেতাই ২০১৬ চনত লাভ কৰে পদ্ম বিভূষণ এৱাৰ্ড।

]]>
https://rupaliparda.com/archives/11911/feed 0 11911