Dola – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 11 Feb 2021 05:24:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Dola – Rupaliparda.com https://rupaliparda.com 32 32 163073109 পত্নী বিজিয়েতা কথা আৰু দীক্ষু শৰ্মা-নীলাক্ষীৰ কন্ঠৰে আহি আছে ন-গীত “দোলা”- https://rupaliparda.com/archives/24081 https://rupaliparda.com/archives/24081#respond Thu, 11 Feb 2021 12:30:52 +0000 https://rupaliparda.com/?p=24081 দীক্ষু শৰ্মা আৰু নীলাক্ষী নেওঁগৰ কন্ঠৰে আহি আছে এটি নতুন গীত “দোলা”। নিজৰ পত্নী বিজিয়েতাৰ কথাৰে আহিবলগীয়া এই গীতটিৰ বৰ্তমান চলি আছে ডাবিং। সংগীত ক্ষেত্ৰখনত পত্নী বিজিয়েতাৰ সৈতে দীক্ষুৰ এই যুঁটিটোক প্ৰায়ে দেখিবলৈ পোৱা যায়। ডিজাইনাৰ কাপোৰৰ পৰা আৰম্ভ কৰি স্বামীৰ মেক-আপ লগতে তেওঁৰ সংগীত ক্ষেত্ৰখনতো যথেষ্ট সহায় আগবঢ়োৱা দেখিবলৈ পোৱা যায় দীক্ষুৰ পত্নী বিজিয়েতাক। আহিবলগীয়া গীতটিৰ পৰিচালনা দীক্ষুৰ নিজৰেই লগতে ইয়াৰ সংগীত ব্যৱস্থাপনা পলাশ গগৈৰ। দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ প্ৰথম সময়ছোৱাত কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম।

পত্নী বিজিয়েতা কথা আৰু দীক্ষু শৰ্মা-নীলাক্ষীৰ কন্ঠৰে আহি আছে ন-গীত "দোলা"- 1


২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। কালি মুক্তিপ্ৰাপ্ত “দোলা” শীৰ্ষক এই গীতটিত দীক্ষুৰ সৈতে অভিনয় কৰিছে পল্লৱী দত্তই। ইয়াৰ পূৰ্বেও বিগত বৰ্ষৰ “পাৰিজাত” লগতে “হৃদয় চেকুঁৰে” শীৰ্ষক দীক্ষুৰ গীত দুটিত কথা দিছিল বিজিয়েতাই।

]]>
https://rupaliparda.com/archives/24081/feed 0 24081