Duti Monor Jonak – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 30 Aug 2020 13:44:10 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Duti Monor Jonak – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “আপুনি আমাক ভয় খুৱায়, সপোনত আহে আপুনি। এনেবোৰ কথাই মোক ভাল লগাইছিল”- স্বাগতা ভৰালী https://rupaliparda.com/archives/19721 https://rupaliparda.com/archives/19721#respond Mon, 31 Aug 2020 08:30:03 +0000 https://rupaliparda.com/?p=19721 সন্ধিয়া ৬.৩০ বজাত সকলোৰে দৃষ্টি নিৱদ্ধ কৰি ৰখা এখন ধাৰাবাহিক খনৰ শেষৰটো খণ্ডই কন্দোৱালে ধাৰাবাহিক খনৰ সৈতে জড়িত সমগ্ৰ কলা-কুশলীৰ লগতে দৰ্শককো। ধাৰাবাহিকখনে আৰম্ভণিৰ পৰা টেলিভিছন পৰ্দাত এক উচ্চ মানদণ্ডৰ সৃষ্টি কৰি জনসাধাৰণক আকৰ্ষণ কৰি ৰাখিছিল। ধাৰাবাহিক খনৰ “মেঘালী” চৰিত্ৰটো ৰূপায়ন কৰা অভিনেত্ৰী স্বাগতা ভৰালীৰ বিষয়ে ইতিমধ্যে ৰূপালীপৰ্দাৰ জৰিয়তে আপোনালোক সকলোৱে জানিবলৈ পাইছে। ধাৰাবাহিকখন শেষ হ’লেও হয়টো চৰিত্ৰটোৱে দৰ্শকৰ মন গহ্বৰত ঠাই বনাবলৈ সক্ষম হৈছিল। ধাৰাবাহিক তথা স্বাগতাই আগন্তুক সময়তো এনে ঋণাত্মক চৰিত্ৰ ৰূপায়নৰ পৰিকল্পনা কৰিছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত ৰূপালীপৰ্দাক অভিনেত্ৰীগৰাকীয়ে জনায় যে,”যিমান কেইদিন ধাৰাবাহিকখনৰ সৈতে থাকিলো, অভিনয় কৰিলো; খুব মনেৰে কৰিলো। ইয়াৰ গোটেই টীমটো বৰ আপোন আছিল যে এৰি অহা দিনা বহুত বেছি বেয়া লাগিছিল। আচলতে, শুনিলে হাঁহি উঠিব যে কালি যেতিয়া নিজৰেই ধাৰাবাহিকখনৰ শেষৰটো খণ্ড চাই আছিলো; নিজেই হুকহুঁকাই কান্দি পেলাইছিলো। পিছত হাঁহি উঠিছিল যদিও কিয় নাজানো সেই মূহুূৰ্তটোত বহুত বেছি দুখ লাগিছিল। প্ৰায় হয়ে যে আমি যেতিয়া এটা টীম ৱৰ্ক কৰি থাকো আৰু তাৰ পিছত যেতিয়া সেই কামটোৰ সমাপ্তি ঘটে তেতিয়া বহু বেছি দুখ লাগে; এনেকুৱা লাগে যে ক’ৰবাত কিবা এটা এৰি থৈ আহিছো। কিন্তু, খুব ভাল লাগিলে যে দৰ্শকে ধাৰাবাহিকখন ইমান বেছি আঁকোৱালি ল’লে; সকলোৱে কালিৰ দিনটোত দিয়া মেছেজৰ পৰা আৰম্ভ কৰি চচিয়েল মিডিয়াত শ্বেয়াৰ কৰালৈ এয়া এক বেলেগ অনুভৱ।”

"আপুনি আমাক ভয় খুৱায়, সপোনত আহে আপুনি। এনেবোৰ কথাই মোক ভাল লগাইছিল"- স্বাগতা ভৰালী 1


স্বাগতাই কয় যে, “আমি ঠিক যেনেকুৱা বা যেনেদৰে বিচাৰিছিলো আমাৰ ধাৰাবাহিকখনেও ঠিক তেনেই এক গতি লৈছিল। আমি কিছু একঘেয়ামীতা এৰিবলৈ বিচাৰিছিলো, আনকি শেষৰ ফালেও স্বাভাৱিক সমাপ্তি এটাতকৈ অকণমান ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিলো; থিয়েটাৰ ভৰাইছিলো। গতিকে যিখিনি আমাৰ চেষ্টা লগতে প্ৰচেষ্টা আছিল সেইখিনিত আমি সফল হৈছিলো দৰেই অনুভৱ কৰিছো। আনহাতে যদি মই মোৰ চৰিত্ৰটোৰ বিষয়ে ক’বলৈ যাওঁ তেনেহ’লে ক’ম যে মই চৰিত্ৰটোক নাজানো কিয় বহুত বেছি ভাল পাবলৈ লৈছিলো। শেষৰ ফাললৈ মোৰ চকুত সাংঘাতিক এটা নিগেটিভিটি ধৰা দিছিল। এনেকুৱা লাগিছিল যে মই সেই ঠাইলৈ গ’লে মানুহ মোক পিটিব অথবা শিলগুটি দলিয়াব যে মই কিয় কস্তুৰী-বিক্ৰমৰ সৈতে এনেকুৱা কৰিলো। মানুহৰ পৰা এনে মেছেজো পাইছিলো কিন্তু একাংশ এনে দৰ্শকেও মেছেজ কৰিছিলে যিয়ে আচলতে চৰিত্ৰটোক আৰু দৃঢ়তাৰে কৰিবলৈ মোক উৎসাহ যোগাইছিল; মোক কৈছিল যে “আমাৰ তোমাৰ ওপৰত উঠা খঙেই তোমাৰ অভিনয়ৰ সফলতা।” সঁচা অৰ্থত , আমিটো দৰ্শকৰ বাবেই কাম কৰো; যেতিয়া দৰ্শকে আমাক আকোঁৱালে, আমাৰ চৰিত্ৰ বোৰক মনোৰঞ্জন কৰে, মোক যেতিয়া কয় যে আপুনি আমাক ভয় খুৱায়, সপোনত আহে আপুনি। এনেবোৰ কথাই মোক ভাল লগাইছিল; নিজকো মই এই চৰিত্ৰটো যোগেৰে নতুনকৈ চালো কিয়নো মই আগতেই কৈছো যে এনে চৰিত্ৰ মোৰ বাবে প্ৰথম। বিভিন্নতা আছিল “মেঘালী” চৰিত্ৰটোত; হিংসা, প্ৰেম, খং, আৱেগ আছিল চৰিত্ৰটোত মোৰ।

"আপুনি আমাক ভয় খুৱায়, সপোনত আহে আপুনি। এনেবোৰ কথাই মোক ভাল লগাইছিল"- স্বাগতা ভৰালী 2


শেষলৈ, মই এগৰাকী মনোবৈজ্ঞানিকৰ কাষ চাপিছিলো গতিকে এটা “চাইকো” ভাৱ আছিল চৰিত্ৰটোত। এই বিভিন্নটাই মোক নিজক বিচাৰি উলিওৱাত সহায় কৰিছিল; গতিকে এনেধৰণৰ এটা চৰিত্ৰৰ বাবে মই আগ্ৰহী হৈ পৰিছো; জপিয়াই যাম মই এইবাৰ চৰিত্ৰটো কৰিবলৈ । তথাপিও বেয়া লাগিছে যে টিভিত এতিয়াৰ পৰা মই নিজক নেদেখিম; ভাল লাগে নহয় নে মানুহবোৰে যেতিয়া ইমান সলাগ লয়, মেছেজ কৰে। তেওঁলোকৰ আগ্ৰহ খিনি পাবলৈ মই আগন্তুক সময়টো চেষ্টা কৰিম।” আগন্তুক পৰিকল্পনা কথা জানিবলৈ বিচৰাত স্বাগতাই কয় যে, কেইখন মান ছবি, নাটকৰ স্ক্ৰীপ্টৰ কাম কৰি থকা হৈছে যদিও সঠিক হৈ উঠা নাই কেতিয়াকৈ কি কৰিম! কিন্তু এই যে দুদিন বহি দিছো গাটো বৰ চাটি-ফুটি লাগি গৈছে। ঘৰত থাকি অশান্তি পাইছো গতিকে এটা ব্যস্ততাৰে ভৰা শ্বুটিং চেড্যুল বিচাৰিছো।”

]]>
https://rupaliparda.com/archives/19721/feed 0 19721
“শ্লাম এৰিয়া” ৰ পোৱালিবোৰক লৈ মই এটা গ্ৰুপ বনাই তেওঁলোকক জ্ঞান বিলাম”- ৰূপচন্দা শৰ্মা https://rupaliparda.com/archives/18984 https://rupaliparda.com/archives/18984#respond Sat, 08 Aug 2020 08:30:58 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18984 অভিনয়েই হওঁক অথবা নৃত্যই হওঁক নাইবা মনোৰঞ্জন ক্ষেত্ৰখনৰ যিকোনো শাখায়েই নহওঁক কিয়; প্ৰায় প্ৰতিটো শাখাতেই নৱপ্ৰজন্ম এনেদৰে জড়িত হৈছে যে ই বৰ্তমান আপ্লুত কৰিছে জনসাধাৰণক। প্ৰায় প্ৰতিটো ক্ষেত্ৰতে এওঁলোকৰ অন্তৰ্ভূক্তি মনকৰিবলগীয়া। ৰূপচন্দা শৰ্মা; ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰী; এগৰাকী নৃত্যশিল্পী লগতে এগৰাকী নৱপ্ৰজন্মৰ উদীয়মান অভিনেত্ৰী। আচলতে, ৰূপচন্দাতকৈ অধিক “আৰোহী” বুলি যদি কওঁ তেতিয়াহ’লে আপোনালোকে শিল্পী গৰাকীক চিনিবলৈ সহজ হ’ব। জনপ্ৰিয় “দুটি মনৰ জোনাক” ধাৰাবাহিকখনত অভিনীত এই গৰাকী শিল্পীৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰা যোগে যেতিয়া তেওঁক “অভিনয়” আৰু “নৃত্য” ৰ ভিতৰত কোনটো নিচা আৰু কোনটো পেছা বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “ইয়াৰ উত্তৰটো একাষাৰে দি দিবলৈ অকণমান জটিল হয়। প্ৰথমতেটো দুইটা মোৰ নিচা বুলি ক’ম; অৱশ্যে যেতিয়া “নিচা” ত “পেছা” টো সোমাই থাকে তেতিয়া কামটো কৰি নিজৰো ভাল লাগে। মোৰ ক্ষেত্ৰতো ক্ৰমান্বয়ে তেনেকুৱাই হ’বলৈ ধৰিছে। সঁচা কথা ক’বলৈ গ’লে নৃত্য আৰু অভিনয় এই দুইটাৰ প্ৰতি মোৰ অপৰিসীম ভালপোৱা।”

"শ্লাম এৰিয়া" ৰ পোৱালিবোৰক লৈ মই এটা গ্ৰুপ বনাই তেওঁলোকক জ্ঞান বিলাম"- ৰূপচন্দা শৰ্মা 3
"শ্লাম এৰিয়া" ৰ পোৱালিবোৰক লৈ মই এটা গ্ৰুপ বনাই তেওঁলোকক জ্ঞান বিলাম"- ৰূপচন্দা শৰ্মা 4


ৰূপচন্দাই আগলৈ কয় যে, “নৃত্য, অভিনয় আৰু মই আমি তিনিওটাই এটা ভাঙিব নোৱাৰা সম্পৰ্কত বান্ধ খাই আছো। ইয়াৰ পৰা মই কেতিয়াও ওলাই আহিব নুখোজো আৰু ইয়াৰ সৈতে মই কোনো বস্তুৰ সাল-সলনিও কৰিবলৈ নিবিচাৰো। অভিনয়ৰ ক্ষেত্ৰত মোৰ কেমেৰাৰ লগত প্ৰেম, দৰ্শকৰ সৈতে প্ৰেম, সংলাপ, চৰিত্ৰটোৰ লগত প্ৰেম; তাৰ পিছত নৃত্যৰ ফালৰ পৰা ভংগিমাৰ সৈতে প্ৰেম, সাজ-পাৰৰ সৈতে প্ৰেম এই আটাইবোৰ মোৰ বাবে বুজাব নোৱাৰা বস্তু। কোনো এটা বস্তুৰ প্ৰতি যেতিয়া কোনো ব্যক্তিৰ আসক্তি থাকিব তেতিয়াই সি সেইটো বস্তুক “পেছা” হিচাপে পৰিগণিত কৰিব পাৰিব। কৈয়ে নহয়, “passion meets profession”; গতিকে এই দুইটা বস্তু মোৰ প্ৰথম “নিচা” বুলিয়ে ক’ব লাগিব।” ইয়াৰ পিছত তেওঁৰ ফালৰ পৰা আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচৰাত তেওঁ কয় যে,

"শ্লাম এৰিয়া" ৰ পোৱালিবোৰক লৈ মই এটা গ্ৰুপ বনাই তেওঁলোকক জ্ঞান বিলাম"- ৰূপচন্দা শৰ্মা 5


“আগন্তুক পৰিকল্পনা মানে মই যে অভিনয় আৰু নৃত্য কৰিয়েই খাম সেই কথা মই কোনোদিন নাই ভবা। শিক্ষাগত দিশৰ পৰাও মই আগন্তুক জীৱনটো ভাবিছো; কিন্তু যিহেটো অভিনয় অথবা নৃত্যক মই কেতিয়াও এৰিব নোৱাৰো গতিকে ইহঁতক মই মোৰ জীৱনত এটা তেওঁলোকৰ নিজস্ব ঠাই দি থৈছো। য’ৰ পৰা তেওঁলোকক কোনো উলিয়াব নোৱাৰে; মই শিকাই বৰ ভাল পাওঁ বাবে মোৰ সৰুৰ পৰাই আশা আছিল যে মই প্ৰফেছাৰ হ’ম আৰু ইয়াৰ লগতে অইন এটা সপোনো মই পুহি ৰাখিছিলো যিটো হ’ল কেতিয়াবালৈ যিখিনি পিছপৰা ঠাই অথবা “শ্লাম এৰিয়া” পোৱালিবোৰক লৈ মই তেওঁলোকৰ এটা গ্ৰুপ বনাই তেওঁলোকক জ্ঞান বিলাম। ইয়াৰ উপৰিও, নৃত্য-অভিনয়ক মই কেতিয়াও এৰিব নোৱাৰো গতিকে এইবোৰো লগত ৰাখি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিম।”

]]>
https://rupaliparda.com/archives/18984/feed 0 18984
“দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য”- কল্পজ্যোতি দাস https://rupaliparda.com/archives/17862 https://rupaliparda.com/archives/17862#respond Sat, 11 Jul 2020 08:30:30 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17862 ৰং চেনেল যোগে সম্প্ৰচাৰিত এখন জনপ্ৰিয় ধাৰাবাহিক; ধাৰাবাহিকখনৰ কাহিনীটোৰ পৰা আৰম্ভ কৰি ইয়াত অভিনীত প্ৰত্যেকজন শিল্পীৰ কৰ্মই আপ্লুত কৰি ৰাখিছে দৰ্শক সকলক। প্ৰায়ে চচিয়েল মিডিয়াত চৰ্চা লাভ কৰা নাম দুটা হৈছে “বিক্ৰম আৰু কস্তুৰী”; তেওঁলোকৰ বাহিৰেও আন চৰিত্ৰকেইটাও যে দৰ্শকক আকৰ্ষণ কৰিছে সেই কথা নুই কৰিব পৰা নাযায়। কেইবাগৰাকীও নৱপ্ৰজন্মৰ উদীয়মান অভিনেতা-অভিনেত্ৰীক অন্তৰ্ভূক্ত কৰা হৈছে “দুটি মনৰ জোনাক” শীৰ্ষক ধাৰাবাহিকখনত। কল্পজ্যোতি দাসৰ পৰিচালনাৰে নিৰ্মিত এই ধাৰাবাহিকখনৰ টি.আৰ.পিৰ ক্ষেত্ৰতো ই পিছ পেলাইছে অধিকাংশ আন আন ধাৰাবাহিকক। আচলতে, চিনেমাৰ সমান্তৰালকৈ আগবঢ়া ধাৰাবাহিকৰ এনে যাত্ৰাই এতিয়া ন-ন শিল্পীক যে আগন্তুক সময়তো সুবিধা প্ৰদান কৰিব সেয়া নিশ্চিত হৈ পৰিছে। উক্ত ধাৰাবাহিকখনৰ বিষয়ে ৰূপালীপৰ্দাৰ সৈতে হোৱা চমু কথা-বতৰাত পৰিচালক গৰাকীক প্ৰশ্ন কৰা হৈছিল যে “বৰ্তমান “দুটি মনৰ জোনাক” ধাৰাবাহিকখনত সংযোজন ঘটিছে নৱপ্ৰজন্মৰ একাংশ উদীয়মান অভিনেতা-অভিনেত্ৰীৰ। ক্ষন্তেকতে বাঢ়ি অহা ধাৰাবাহিকখনৰ জনপ্ৰিয়তাও লেখত ল’বলগীয়া। নৱপ্ৰজন্মক লগত লৈ চলাটো আপোনাৰ দৰ্শকক আকৰ্ষণৰ প্ৰচেষ্টা নে অইন কিবা?”

"দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য"- কল্পজ্যোতি দাস 6


এই প্ৰশ্নৰ উত্তৰত পৰিচালক গৰাকীয়ে জনাইছিল যে, “আচলতে নৱপ্ৰজন্মৰ এনে অভিনেতা-অভিনেত্ৰী সমূহক ধাৰাবাহিকখনত অন্তৰ্ভূক্ত কৰাটো ইয়াৰ চিত্ৰনাট্য অথবা কাহিনীৰ চাহিদা; এই অনুসৰিয়েই ধাৰাবাহিকখনত আমি নতুন প্ৰতিভাৰ সংযোজন কৰিছো। এইখিনিতে, এটা কথা ক’বই লাগিব যে আমাৰ ধাৰাবাহিক খনত অভিনীত অভিনেতা-অভিনেত্ৰী সমূহৰ প্ৰায়বোৰেই অভিনয়ৰ দিশটোৰ সৈতে ওতঃপ্ৰোত ভাৱে; কোনোবাই হয়টো নাটক কৰিছিল আনহাতে কোনোবাই হয়টো ছবিত অভিনয় কৰিছে। তুমি প্ৰশ্নটোত সুধিছিলা যে এয়া দৰ্শকক আকৰ্ষণৰ চেষ্টা নে অইন কিবা? আচলতে, কোনো ক্ষেত্ৰতেই আচলতে কোনো কাৰণতেই এটা কাম দৰ্শকক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে কৰিব নালাগে।

"দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য"- কল্পজ্যোতি দাস 7

কিন্তু যিহেতু এই কামটো দৰ্শকৰ কাৰণেই কৰা হৈছে, সেই অনুপাতে আমি তেখেতসকলৰ ৰুচিৰ ওপৰত গুৰুত্ব দিয়াতো দৰকাৰ; আৰু এই কামটো যেতিয়া তেওঁলোকে মনে বিচৰা ধৰণে উপভোগ কৰিবলৈ সক্ষম হয় তেতিয়া তেওঁলোকে আমাক মৰম দিয়ে, আদৰ কৰে। দৰ্শক আমাৰ বাবে ভগৱান; দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য, গতিকে তেওঁলোকৰ কাৰণে আমাৰ দলটোৱে বিৰামহীন কষ্ট কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ।”

"দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য"- কল্পজ্যোতি দাস 8


ইয়াৰ উপৰিও তেওঁ কয় যে, “ধাৰাবাহিকখন আমি বৰ সততা- নিষ্ঠাৰে প্ৰস্তুত কৰো, কৰি আছিলো আৰু আগন্তুক সময়লৈও কৰি যাম। গতিকে, এই সততা, নিষ্ঠা আৰু কষ্টখিনিক যেতিয়া দৰ্শকে আকোঁৱালি লৈছে তেতিয়া এয়াই আমাৰ “দুটি মনৰ জোনাক” ৰ সদস্য সকলৰ বাবে সফলতা বুলি মই ভাৱো। মোৰ মতে, কামেহে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। “আকৰ্ষণ” কৰিম বুলি কৰিব পৰা নাযায়। আৰু, প্ৰথমতে কাম ভাল হ’ব লাগিব আৰু কাম ভাল হ’বলৈ সততাৰে চেষ্টা অব্যাহত ৰাখিব লাগিব কামটোৰ সৈতে জড়িত আটাইয়ে।”

]]>
https://rupaliparda.com/archives/17862/feed 0 17862
টোপনিয়াই শ্বুটিং কৰিছে “দুটি মনৰ জোনাক” ৰ অভিনেতা-অভিনেত্ৰীয়েঃ https://rupaliparda.com/archives/16209 https://rupaliparda.com/archives/16209#respond Tue, 09 Jun 2020 14:30:36 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16209 টিভি ক্ষেত্ৰখনেও বৰ্তমান পাৰ্যমানে দৰ্শকক মনোৰঞ্জন কৰোৱাইছে। একোটাকৈ সুন্দৰ কাহিনীৰ আঁত ধৰি আগবঢ়া ধাৰাবাহিক সমূহে বৰ্তমান সময়ত বহুল সংখ্যাত দৰ্শক টনা দেখিবলৈ পোৱা গৈছে। বৰ বেছি দীঘলীয়া নকৰাকৈ কাহিনীটো এক সুন্দৰ সামৰণিৰে শেষ কৰাৰ বাবেও ধাৰাবাহিক সমূহে দৰ্শকৰ ওপৰত এক ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা গৈছে। এনে ধাৰাবাহিক সমূহৰ ভিতৰত এখন উল্লেখনীয় ধাৰাবাহিক হৈছে “দুটি মনৰ জোনাক”।

কেইবাখনো জনপ্ৰিয় মুখেৰে আৰম্ভণি কৰা এই ধাৰাবাহিকখনত বৰ্তমানৰ দ্বিতীয়টো সংস্কৰণেও আজুৰিছে দৰ্শক। মুনমী ফুকন, সিদ্ধান্ত কলিতা, সুকন্যা ৰাজগুৰু, জলী লস্কৰ, জ্যোতি নাৰায়ণ নাথ আদিৰ অভিনয়ৰে দুগৰাকী বান্ধৱীৰ মাজৰ আন্তৰিকা ও দুয়োগৰাকীৰ মাজৰ প্ৰেমৰ সংঘাতক লৈয়ে নিৰ্মাণ কৰা হৈছিল উক্ত ধাৰাবাহিক খন। কল্পজ্যোতি দাসৰ পৰিচালনাৰে নিৰ্মিত এই ধাৰাবাহিকখনৰ কেমেৰাৰ আঁৰৰ কিছু দৃশ্যাংশক চচিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰা পিছতেই ইয়াত ধাৰাবাহিকখনৰ অনুৰাগীয়ে আহি ভিৰ কৰিছে।

টোপনিয়াই শ্বুটিং কৰিছে "দুটি মনৰ জোনাক" ৰ অভিনেতা-অভিনেত্ৰীয়েঃ 9


নয়ন সাউদৰ কাহিনী আৰু চিত্ৰনাট্য থকা এই ধাৰাবাহিকখনত চিত্ৰনাট্যৰ দায়িত্বত থকা আন এগৰাকী হৈছে জাহ্নবি মজুমদাৰ। ধাৰাবাহিক খনৰ শীৰ্ষ গীতটিৰ কথা,সুৰ আৰু গীতটিত কন্ঠদান কৰিছে তৰালি শৰ্মাই। ধাৰাবাহিক খনৰ দ্বিতীয়টো সংস্কৰণত নতুনকৈ অভিনয় কৰিছে কমল লোচন, উপাসনা প্ৰিয়ম , প্ৰদ্যুত বিকাশ দাস আৰু ৰূপচন্দা শৰ্মাই।

]]>
https://rupaliparda.com/archives/16209/feed 0 16209