Filmfare Awards 2020 – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 18 Feb 2020 12:37:05 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Filmfare Awards 2020 – Rupaliparda.com https://rupaliparda.com 32 32 163073109 সম্পন্ন “ফিল্মফেয়াৰ”- “হিট নে ফ্লপ” ২০২০ বৰ্ষৰ ফিল্মফেয়াৰঃ https://rupaliparda.com/archives/10465 https://rupaliparda.com/archives/10465#comments Tue, 18 Feb 2020 14:35:28 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10465 কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হ’ল বহু চৰ্চিত ৬৫তম ফিল্মফেয়াৰ এৱাৰ্ড। কৰণ জহৰ, কাৰ্তিক আৰিয়নকে আদি কৰি কেইবাগৰাকীও বলীউড তাৰকাৰ সমাৱেশ ঘটিল ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত। ইয়াৰ মাজতেই কিন্তু অসম চৰকাৰৰ এই পদক্ষেপক লৈ সমালোচনা কৰাও দেখিবলৈ পোৱা গ’ল একাংশ দৰ্শকক। য’ত এফালে #BoycottFilmfare ৰ ঢৌ উঠিছে; তাতে আকৌ আনফালে অসম পৰ্যটন বিভাগৰ দাবীক উফৰাই থৈ এটা ৰাতিৰ ভিতৰতে মুম্বাই অভিমুখী তাৰকা সমূহক উদ্দশ্যি বিভিন্ন জনে ট্ৰোল কৰে অসম চৰকাৰক।

সম্পন্ন "ফিল্মফেয়াৰ"- "হিট নে ফ্লপ" ২০২০ বৰ্ষৰ ফিল্মফেয়াৰঃ 1
সম্পন্ন "ফিল্মফেয়াৰ"- "হিট নে ফ্লপ" ২০২০ বৰ্ষৰ ফিল্মফেয়াৰঃ 2


ফিল্মফেয়াৰৰ প্ৰায় প্ৰত্যেকটো সংস্কৰণত উপস্থিত কিং শ্বাহৰুখ খান ২০২০ বৰ্ষত উপস্থিত নথকাক লৈ একাংশই উঠালে প্ৰশ্ন। মুম্বাইৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰচাৰ কৰা হৈছে যে অসম চৰকাৰে টকা ব্যয় কৰিব নোৱাৰাৰ বাবেই তিনি খান ও বিগ বি অমিতাভক দেখিবলৈ পোৱা নগ’ল এইবাৰৰ ফিল্মফেয়াৰত। ইয়াৰ উপৰিও, যিসকলক ফিল্মফেয়াৰ এৱাৰ্ড প্ৰদান কৰা হ’ব অথবা যিসকল তাৰকাই এই শ্ব’টোত নৃত্য কৰিব তেওঁলোককহে এইবাৰৰ ফিল্মফেয়াৰত মতা হৈছে বুলি দাবী কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে।

সম্পন্ন "ফিল্মফেয়াৰ"- "হিট নে ফ্লপ" ২০২০ বৰ্ষৰ ফিল্মফেয়াৰঃ 3


ইয়াৰ লগতে, অসমৰ পৰ্যটন ক্ষেত্ৰ কাজিৰঙা ফুৰিব বুলি দাবী কৰা পৰ্যটন বিভাগক বুঢ়া আঙুলি দেখুৱাই এদিনতে মুম্বাইলৈ ৰাওঁনা হ’ল আয়ূসমান খুৰানা, কাৰ্তিক আৰিয়ন তথা বিকি কৌশলকে ধৰি মাধুৰী দীক্ষিতো। গতিকে, যি মানসৰে গুৱাহাটীত পতা হৈছিল ফিল্মফেয়াৰ; সেয়া বাৰু সম্পূৰ্ণ হ’ল নে?? হাঁহিয়াতৰ পাত্ৰ হ’ল নেকি বাৰু অসম চৰকাৰ??

সম্পন্ন "ফিল্মফেয়াৰ"- "হিট নে ফ্লপ" ২০২০ বৰ্ষৰ ফিল্মফেয়াৰঃ 4


এইখিনিতে, কোৱা বাহুল্য যে; অক্ষয় কুমাৰে যিটো সময়ত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মঞ্চলৈ মাতি নিলে তেতিয়াই পিছফালৰ পৰা তথাকথিত একাংশ দৰ্শকে “ন-কা”, অথবা “গ-বেক” ৰ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছিল। এইখিনিতে, প্ৰশ্ন হয় জাতি-মাতি-ভেঁটি ৰক্ষাৰ স্বাৰ্থত য’তে-ত’তেই এনেবোৰ ধ্বনি দিয়া জৰুৰী নে??

সম্পন্ন "ফিল্মফেয়াৰ"- "হিট নে ফ্লপ" ২০২০ বৰ্ষৰ ফিল্মফেয়াৰঃ 5


উল্লেখ্য যে, বিগত কিছু দিন ধৰি বিতৰ্কিত নাগৰিকত্ব আইন চমুকৈ “কা” ৰ বিৰোধিতা কৰি অসম চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। তৎস্বত্বেও কন্ঠশিল্পী গৰাকী ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত থাকি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আলিংগন কৰাৰ দৃশ্যও চচিয়েল মিডিয়াত ভাইৰেল হৈছিল। কিন্তু, ফিল্মফেয়াৰলৈ অসম চৰকাৰৰ দ্বাৰা পোনপটীয়া আমন্ত্ৰণ দিয়া হোৱা নাছিল জুবিন গাৰ্গক; কিন্তু কিয়? আপোনালোকে কি ভাৱে?? কমেন্ট কৰি আমাক জনাওঁক।

]]>
https://rupaliparda.com/archives/10465/feed 1 10465
#BoycottFilmfare” ৰ ট্ৰেণ্ড এতিয়া টুইটাৰতঃ একাংশই উজাৰিলে ক্ষোভ https://rupaliparda.com/archives/10418 https://rupaliparda.com/archives/10418#respond Mon, 17 Feb 2020 12:39:31 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10418 “ফিল্মফেয়াৰ এৱাৰ্ড ২০২০” বৰ্ষৰ মুঠ ১৩ টা এৱাৰ্ডৰ খিতাপ “গঁলী বয়”-এ নিজৰ নামত কৰে। এই কেটেগৰী সমূহৰ প্ৰায় এৱাৰ্ড নিজৰ নামত কৰিব নোৱাৰিলে একাংশ অভিনেতা-অভিনেত্ৰীয়ে। সমগ্ৰ “বেষ্ট কেটেগৰী” ৰ এৱাৰ্ড “গঁলী বয়”-এ নিজৰ নামত কৰাক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে একাংশ দৰ্শকে। টুইটাৰত কমেন্ট কৰি “ফিল্মফেয়াৰ” ক “বয়কোট” কৰাৰ আৱেদন জনায় দৰ্শক সকলে।

#BoycottFilmfare" ৰ ট্ৰেণ্ড এতিয়া টুইটাৰতঃ একাংশই উজাৰিলে ক্ষোভ 6


একাংশ দৰ্শকে “মিছন মংগল”, “কেশৰী”, “চুপাৰ ৩০” আৰু “ছিছোৰে” ৰ দৰে ছবিসমূহৰ এখনকৈ ক’লাজ নিৰ্মাণ কৰি এই ছবি সমূহক ফিল্মফেয়াৰে সম্পূৰ্ণৰূপে অৱমাননা কৰা বুলি টুইট যোগে প্ৰকাশ কৰে।

]]>
https://rupaliparda.com/archives/10418/feed 0 10418
কঠোৰ নীতি-নিয়মৰ মাজত আজি গুৱাহাটীত “ফিল্মফেয়াৰ”- https://rupaliparda.com/archives/10355 https://rupaliparda.com/archives/10355#respond Sat, 15 Feb 2020 07:10:19 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10355 কঠোৰ নীতি-নিয়মৰ মাজেৰে গুৱাহাটীত বলীউড ক্ষেত্ৰৰ বৃহৎ এৱাৰ্ড শ্ব’ ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড। ইতিমধ্যে গুৱাহাটী মহানগৰীত উপস্থিত হৈছে কেইবাগৰাকীও বলীউডৰ তাৰকা-মহাতাৰকা। আজি অনুষ্ঠিত এই শ্ব’টো টেলিকাষ্ট কৰা হ’ব অহা কাইলৈ অৰ্থাৎ ১৬ ফেব্ৰুৱাৰী তাৰিখে। বিগ বি কে ধৰি তিনি খান এইবাৰৰ ফিল্মফেয়াৰত উপস্থিত নাথাকে যদিও বহুকেইজন তাৰকাৰ সমাৱেশ ঘটিব ফাঞ্চন খনত। উল্লেখ্য যে, ফিল্মফেয়াৰ চাবলৈ যোৱা জনসাধাৰণে পালন কৰিব লাগিব কেতবোৰ নীতি-নিয়ম।

কঠোৰ নীতি-নিয়মৰ মাজত আজি গুৱাহাটীত "ফিল্মফেয়াৰ"- 7
SOURCE: GPlus
কঠোৰ নীতি-নিয়মৰ মাজত আজি গুৱাহাটীত "ফিল্মফেয়াৰ"- 8
SOURCE: GPlus


দুপৰীয়া ৩.৩০ বজাৰ পৰা ইন্দিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত প্ৰৱেশৰ দ্বাৰ মুকলি কৰা হ’ব। লগতে, যিসকলে বিশেষ পাছ সংগ্ৰহ কৰিছে তেওঁলোককহে নিজৰ গাড়ী ষ্টেডিয়ামৰ ভিতৰলৈ অানিবলৈ দিয়া হ’ব। ২৭ টা “পাৰ্কিং পইন্ট” ৰ ব্যৱস্থা কৰা হৈছে ঠাইডোখৰত। আনহাতে, ষ্টেডিয়ামস্থিত উক্ত ৰাষ্টাটোৰ দুপৰীয়া ৩ বজাৰ পৰা ট্ৰাকৰ অহা-যোৱা নিষেধ কৰা হ’ব। তাৰকাসকলকে ধৰি মুঠ ৮০০০ হাজাৰ লোকে ষ্টেডিয়ামৰ ভিতৰত ফিল্মফেয়াৰ এৱাৰ্ড উপভোগ কৰাৰ সুবিধা লাভ কৰিব।

]]>
https://rupaliparda.com/archives/10355/feed 0 10355
ছলমান-শ্বাহৰুখক “মিছ” নকৰিব অসমবাসীয়েঃ https://rupaliparda.com/archives/10342 https://rupaliparda.com/archives/10342#respond Fri, 14 Feb 2020 11:33:08 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10342 এই বৰ্ষটো কাৰ্তিক আৰিয়নৰ বাবে শুভ বৰ্ষ। ভেলেন্টাইন ডে’ দিনা অৰ্থাৎ আজি মুক্তি লাভ কৰিব তেওঁৰ এখন ছবি “লভ আজ কল”। লগতে, কাৰ্তিক আৰিয়ন গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ এৱাৰ্ডকলৈও উৎসাহিত হৈ পৰিছে। কিয়নো, বলীউডৰ সবাতোকৈ শ্ৰেষ্ঠ এই এৱাৰ্ড ফাঞ্চন খনত অভিনেতা গৰাকীৰ এটা পূৰণা সপোন পূৰ্ণ হ’ব।

ছলমান-শ্বাহৰুখক "মিছ" নকৰিব অসমবাসীয়েঃ 9


উক্ত “লভ আজ কল” ছবিখনত কাৰ্তিকে ৯০ দশকৰ এটা চৰিত্ৰ ৰূপায়ন কৰিছে। ঠিক তেনেদৰে, ৯০ দশকৰ শ্বাহৰুখ আৰু ছলমানৰ গীতত এইবাৰৰ ফিল্মফেয়াৰত নৃত্য প্ৰদৰ্শন কৰিব কাৰ্তিক আৰিয়নে।

ছলমান-শ্বাহৰুখক "মিছ" নকৰিব অসমবাসীয়েঃ 10


গুৱাহাটী আমিনাগাওঁস্থিত ইন্দিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত ১৫ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই এৱাৰ্ড শ্ব’টো টেলিকাষ্ট কৰা হ’ব ১৬ ফেব্ৰুৱাৰী তাৰিখে।

]]>
https://rupaliparda.com/archives/10342/feed 0 10342
ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত নাথাকে তিনি খান তথা বিগ বিঃ https://rupaliparda.com/archives/10316 https://rupaliparda.com/archives/10316#comments Thu, 13 Feb 2020 14:33:04 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10316 শ্বাহৰুখ, ছলমান তথা আমিৰ আৰু বিগ বি অমিতাভৰ অনুৰাগীৰ বাবে দুঃখবৰ। এইবাৰৰ ফিল্মফেয়াৰ এৱাৰ্ডত দৰ্শকে চাবলৈ নাপাব এওঁলোকক। চলিত মাহৰ ১৫ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত উপস্থিত নাথাকে তিনি খান তথা বিগ বি। ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ডত হোষ্ট হিচাপে দৰ্শকে দেখিবলৈ পাব কৰণ জোহৰ তথা বিকি কৌশলক। ২০-৩০ কোটি টকীয়া বাজেটৰ এই এৱাৰ্ড ফাঞ্চনখন গুৱাহাটীৰ আমিনগাওঁ স্থিত ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়াম অনুষ্ঠিত হ’ব।

ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত নাথাকে তিনি খান তথা বিগ বিঃ 11
ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত নাথাকে তিনি খান তথা বিগ বিঃ 12


ইয়াৰ উপৰিও, ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত থাকিব অক্ষয় কুমাৰ, ৰণৱীৰ সিং, বৰুণ ধৱন, কাৰ্তিক আৰিয়ন, ৰাজকুমাৰ ৰাওঁ, সিদ্ধান্ত চতূৰ্ৱেদী, আলি ফেজেল, মনীষ পল, সুৰজ পাঞ্চলী, আয়ূসমান খুৰানা লগতে ইয়াত উপস্থিত থাকিন ছানী লিয়নী।

]]>
https://rupaliparda.com/archives/10316/feed 1 10316
১২ মিনিটৰ বাবে অসমীয়া সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব ফিল্মফেয়াৰতঃ https://rupaliparda.com/archives/10161 https://rupaliparda.com/archives/10161#respond Sat, 08 Feb 2020 11:32:05 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10161 মাজত মাত্ৰ কেইটামান দিন।আহি আছে বলীউডৰ তাৰকাৰে জিলিকা এটা দিন। আগন্তুক ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডক লৈ বৰ্তমান ব্যস্ত অসমবাসী। শ্বাহৰুখকে ধৰি বিকি কৌশল,আলিয়া ভাটক আদৰিবলৈ উৎসাহিত হৈ পৰিছে এতিয়া প্ৰত্যেকজন।

১২ মিনিটৰ বাবে অসমীয়া সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব ফিল্মফেয়াৰতঃ 13


এইখিনিতে আকৌ এটা নতুন খবৰ দৰ্শকৰ বাবে দিছে “আছাম টুৰিজিম ডেভলপমেন্ট কৰপো’ৰেছন” চমুকৈ “ATDC” য়ে। ১৫ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই এৱাৰ্ড শ্ব’ ত ১২ মিনিটৰ বাবে অসমীয়া সংস্কৃতিত অন্তৰ্ভূক্ত তিনিটা নৃত্য প্ৰদৰ্শন কৰা হ’ব সমগ্ৰ দৰ্শকৰ আগত। মুঠ ১১৫ গৰাকী শিল্পী তথা কলা-কুশলী লগ হৈ দৰ্শকৰ আগত প্ৰদৰ্শন কৰিব অসমীয়া সংস্কৃতি।

১২ মিনিটৰ বাবে অসমীয়া সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব ফিল্মফেয়াৰতঃ 14
১২ মিনিটৰ বাবে অসমীয়া সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব ফিল্মফেয়াৰতঃ 15


সত্ৰীয়া নৃত্যৰ গুৰু যতীন গোস্বামীৰ প্ৰশিক্ষণেৰে মুঠ ৩৫ গৰাকী শিল্পীক লৈ প্ৰদৰ্শন কৰা হ’ব ক্লাছিকেল ডেন্স। লগতে, ৰঞ্জিত গগৈৰ পৰিচালনাৰে বিহু তথা ট্ৰাইবেল ফিউজন নৃত্য প্ৰদৰ্শন কৰা হ’ব। উক্ত একোটা নৃত্য প্ৰদৰ্শনত ৪০ গৰাকীকৈ শিল্পীক অন্তৰ্ভূক্ত কৰা হ’ব। ইয়াৰ উপৰিও, অসমীয়া অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু আইমী বৰুৱাইও নৃত্য প্ৰদৰ্শন কৰিব এই অনুষ্ঠান খনত।

]]>
https://rupaliparda.com/archives/10161/feed 0 10161
৬৫ তম “ফিল্মফেয়াৰ এৱাৰ্ড” ৰ থকা নমিনীৰ তালিকা বাহিৰঃ https://rupaliparda.com/archives/10025 https://rupaliparda.com/archives/10025#respond Tue, 04 Feb 2020 10:37:43 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10025 বিগত ৬ টা বছৰৰ পিছত মুম্বাইৰ পৰা ওলাই পোনপ্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠিত হ’ব গুৱাহাটীত। ইতিমধ্যে ৬৫তম ফিল্মফেয়াৰ এৱাৰ্ডক লৈ বিভিন্ন খবৰে বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। চলিত মাহৰ ১৫ তাৰিখে ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানখনত হোষ্ট হিচাপে থাকিব বলীউডৰ কিং শ্বাহৰুখ খান।

৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 16


উক্ত ফিল্মফেয়াৰৰ বাবে বিভিন্ন শিতানত “নমিনী” সমূহ ইতিমধ্যে দৰ্শকৰ মাজত উলিয়াই দিয়া হৈছে। আগন্তুক সময়ত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠান খনৰ বাবে বৰ্তমান উৎসাহিত হৈ পৰিছে দৰ্শক সকল। তলত চাওঁক “নমিনী” ৰ নাম-

৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 17
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 18
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 19
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 20
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 21
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 22
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 23
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 24
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 25
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 26
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 27
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 28
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 29
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 30
]]>
https://rupaliparda.com/archives/10025/feed 0 10025
মুগা সাজেৰে ভূমিয়ে নাচিলে বিহুঃ ফিল্মফেয়াৰৰ প্ৰথমটো প্ৰমো’ৰ মুক্তি- https://rupaliparda.com/archives/9873 https://rupaliparda.com/archives/9873#respond Wed, 29 Jan 2020 08:32:14 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9873 অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ এৱাৰ্ডক লৈ উৎসাহিত হৈ পৰিছে অসমবাসী। বলীউডৰ সবাতোকৈ বৃহৎ শ্ব’ ৬৫ তম ফিল্মফেয়াৰ গুৱাহাটীৰ আমিনগাঁওস্থিত ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ব। জনপ্ৰিয় তাৰকা-পৰিচালকৰে ভৰি পৰিব গুৱাহাটী মহানগৰী।

মুগা সাজেৰে ভূমিয়ে নাচিলে বিহুঃ ফিল্মফেয়াৰৰ প্ৰথমটো প্ৰমো'ৰ মুক্তি- 31
মুগা সাজেৰে ভূমিয়ে নাচিলে বিহুঃ ফিল্মফেয়াৰৰ প্ৰথমটো প্ৰমো'ৰ মুক্তি- 32


ইতিমধ্যে ফিল্মফেয়াৰক উদ্দেশ্যি এক সুন্দৰ প্ৰমো’ মুক্তি কৰি দিয়া হৈছে। বাপতিসাহোন বিহুৰ বিহু নৃত্যক দেখুওৱা এই প্ৰমো’টোত দেখিবলৈ পোৱা গৈছে বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী ভূমি পেডনেকাৰক। মুগা সাজেৰে অভিনেত্ৰী গৰাকীয়েও অইন নাচনীৰ নৃত্যৰ সৈতে তাল মিলোৱা দেখিবলৈ পোৱা গৈছে।


বিগত বৰ্ষৰ ২৫ নৱেম্বৰ তাৰিখে তাজ ভিভান্তাত চুক্তি সাক্ষৰ হোৱা উক্ত শ্ব’টোৰ প্ৰথমটো প্ৰমো’ এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। ইতিমধ্যে Bookmyshow.com ত ফিল্মফেয়াৰ এৱাৰ্ডৰ টিকেট বুকিঙৰ ব্যৱস্থা উপলদ্ধ কৰা হৈছে। ১ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ৩ লাখ টকালৈ টিকেটৰ ব্যৱস্থা কৰা হৈছে।

]]>
https://rupaliparda.com/archives/9873/feed 0 9873
মাজত মাত্ৰ কিছু দিনঃ শীঘ্ৰে গুৱাহাটী শ্বাহৰুখ খান,কৰণ জহৰ আৰু ঋত্বিক ৰোশন- https://rupaliparda.com/archives/9814 https://rupaliparda.com/archives/9814#comments Mon, 27 Jan 2020 08:33:24 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9814 মাজত মাত্ৰ কিছু দিন। আগন্তুক ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে গুৱাহাটীস্থিত ইন্দিৰা গান্ধী এথলেটিক অডিত’ৰিয়াত অনুষ্ঠিত হ’ব ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড। বলীউডৰ সবাতোকৈ বৃহৎ এৱাৰ্ড শ্ব’ ফিল্মফেয়াৰকলৈ ইতিমধ্যে গুৱাহাটী বাসী উৎসাহিত হৈ পৰিছে। ২০-৩০ কোটি টকীয়া বাজেটৰ এই শ্ব’টোত উপস্থিত থাকিবলগীয়া তাৰকা সমূহৰ ভিতৰত উল্লেখযোগ্য কেইজন হৈছে শ্বাহৰুখ খান, পৰিচালক ও প্ৰযোজক কৰণ জহৰ, জয়া আখতাৰ তথা ঋত্বিক ৰোশন।

মাজত মাত্ৰ কিছু দিনঃ শীঘ্ৰে গুৱাহাটী শ্বাহৰুখ খান,কৰণ জহৰ আৰু ঋত্বিক ৰোশন- 33


ফিল্মফেয়াৰ এৱাৰ্ড উপভোগ কৰাৰ লগতে নিজ মন-পচন্দৰ তাৰকাক লগ পাবলৈ Bookmyshow.com যোগে দৰ্শকে অনলাইন টিকেট বুকিং কৰিব পাৰে। ১০০০ টকাৰ পৰা আৰম্ভ কৰি ৩ লাখ টকীয়া টিকেটো উপলদ্ধ হৈছে ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে।

মাজত মাত্ৰ কিছু দিনঃ শীঘ্ৰে গুৱাহাটী শ্বাহৰুখ খান,কৰণ জহৰ আৰু ঋত্বিক ৰোশন- 34


বিগত ২০১৯ বৰ্ষৰ ২৫ নৱেম্বৰ তাৰিখে তাজ ভিভান্তাত ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম (এটিডিচি) আৰু দ্যা টাইমছ গ্ৰুপৰ মাজত চুক্তি সাক্ষৰ হয়।

]]>
https://rupaliparda.com/archives/9814/feed 1 9814
গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ডৰ হোষ্ট কিং খানঃ https://rupaliparda.com/archives/9292 https://rupaliparda.com/archives/9292#respond Wed, 08 Jan 2020 10:37:59 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9292 আগন্তুক ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ডকলৈ উৎসাহিত হৈ আছে অসমবাসী। বলীউডৰ সবাতোকৈ বৃহৎ এৱাৰ্ড শ্ব’ অনুষ্ঠিত কৰা হ’ব গুৱাহাটীৰ আমিনগাওঁ স্থিত ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত( বৰ্তমানলৈ স্পষ্ট নাই হোৱা) অহা ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে। জনপ্ৰিয় তাৰকা-পৰিচালকৰ আগমনেৰে জিলিকিব গুৱাহাটী মহানগৰী।

গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ডৰ হোষ্ট কিং খানঃ 35


২০-৩০ কোটি টকীয়া বাজেটৰ উক্ত শ্ব’টো হোষ্ট কৰিব বলীউডৰ কিং শ্বাহৰুখ খানে। বস্ক অফিচ ৱৰ্ল্ড ৱাইডৰ ৰিপোৰ্ট অনুসৰি, কিং শ্বাহৰুখৰ সৈতে এইবাৰৰ ফিল্মফেয়াৰ এৱাৰ্ড হোষ্ট কৰিব বিকি কৌশলে।

গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ডৰ হোষ্ট কিং খানঃ 36


যোৱা ২০১৯ বৰ্ষৰ ২৫ নৱেম্বৰ তাৰিখে তাজ ভিভান্তাত ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম (এটিডিচি) আৰু দ্যা টাইমছ গ্ৰুপৰ মাজত চুক্তি সাক্ষৰ হয়।

]]>
https://rupaliparda.com/archives/9292/feed 0 9292