Garima Garg – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 06 Aug 2020 16:12:02 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Garima Garg – Rupaliparda.com https://rupaliparda.com 32 32 163073109 চচিয়েল মিডিয়াত অনুৰাগ শইকীয়া আৰু গৰিমা গাৰ্গৰ “ডাকৰ বচন”- https://rupaliparda.com/archives/18959 https://rupaliparda.com/archives/18959#respond Fri, 07 Aug 2020 14:30:58 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18959 বৰ্তমান চচিয়েল মিডিয়াত নকৈ চলিছে “ডাকৰ বচন” ৰ পৰ্যায়। ইয়াৰ আৰম্ভণিৰ আঁৰত অইন কোনো নহয়; আছে অনুৰাগ শইকীয়াৰ লগতে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। প্ৰায়ে চচিয়েল মিডিয়াত একটিভ দুয়ো গৰাকী শিল্পীয়ে আৰম্ভ কৰিছে এই “ডাকৰ বচন” প্ৰক্ৰিয়া। য’ত অনুৰাগ শইকীয়াই লিখিছে যে, “নিজে কিবা এটা সৃষ্টি কৰাৰ পিছত অইনৰ পৰা সমালোচনা পোৱাটো অধিক গ্ৰহণযোগ্য; একো সৃষ্টি নকৰি আনক সমালোচনা কৰাতকৈ।” ইয়াৰ পিছতে এই কথাখিনিকেই নিজৰ ভাষাত লিখি আপলোড কৰে গৰিমা শইকীয়া গাৰ্গে। সংগীতৰ প্ৰতিটো ক্ষেত্ৰৰ সৈতে পৰোক্ষ ভাৱে জড়িত থকা গৰিমাৰ কথাৰে শেহতীয়াকৈ লাভ কৰিছে এটি গীতৰ । “আকাশ হেঁপাহ” শীৰ্ষক এই গীতটিয়ে অতি কম দিনৰ ভিতৰতেই জনসাধাৰণৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছিল সমাদৰ। শিৱসাগৰৰ ৰুদ্ৰসিংহ ৰিজোৰ্টত এই গীতটিক গৰিমাই ৰচনা কৰিছিল বুলি জানিব পৰা গৈছে। বৰ্তমান ইউটিউবত উপলদ্ধ এই গীতটিত ভিউৱাৰচৰ সংখ্যাও সৰ্বাধিক।

View this post on Instagram

#DakorBoson 290.

A post shared by Anurag Saikia (@anuraag_psychaea) on

https://www.instagram.com/p/CDig4vsBrJR/?utm_source=ig_web_copy_link


আনহাতে, অনুৰাগ শইকীয়াৰ আহিবলগীয়া এটি গীত “কুকুহা” ৰ মুক্তিৰ তাৰিখ ইতিমধ্যে সাল-সলনি কৰা হৈছে। সম্প্ৰতি পৰিস্থিতিৰ ওপৰত কেন্দ্ৰ কৰিয়েই গীতটিৰ মুক্তি কিছুদিন পিছুৱাই দিছে সংগীত পৰিচালক গৰাকীয়ে। গীতটিক লৈ জনসাধাৰণৰ বহুল উৎসাহ দেখিবলৈ পোৱা গৈছিল; “কুকুহা” নামটোৱেও দৰ্শকৰ মনত উৎস্যুকতাৰ সৃষ্টি কৰিছিল।

]]>
https://rupaliparda.com/archives/18959/feed 0 18959