Gayatri Mahanta – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 18 Jul 2019 06:32:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Gayatri Mahanta – Rupaliparda.com https://rupaliparda.com 32 32 163073109 মুনীন বৰুৱাৰ “দীনবন্ধু” ৰ কথাৰে- https://rupaliparda.com/archives/3132 https://rupaliparda.com/archives/3132#respond Thu, 18 Jul 2019 06:32:12 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=3132 ২ ঘণ্টা ৩০ মিনিট দৈৰ্ঘ্যৰ “দীনবন্ধু” হৈছে মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত সকলো অসমীয়া বোলছবিৰ মাজৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপ। ভৱেন্দ্ৰ নাথ শইকীয়াৰ “যৌতুক” নামে গল্পটিৰ আধাৰত নিৰ্মিত কৰা হৈছিল উক্ত চিনেমাখন। ২০০৪ চনৰ ১ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত চিনেমাখনৰ কাহিনীয়ে দৰ্শকক একমাত্ৰ আকৰ্ষিত কৰাই নহয় চিনেমাখনত থকা সকলো অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে দৰ্শকৰ মন টানিবলৈও সক্ষম হৈছিল।

মুনীন বৰুৱাৰ "দীনবন্ধু" ৰ কথাৰে- 1


সাধাৰণ শ্ৰেণীৰ লোক এজনৰ জীৱন কাহিনীৰ ওপৰত নিৰ্মিত কৰা হৈছিল “দীনবন্ধু”। কোনো ধৰণৰ দূনীৰ্তি অথবা ভ্ৰষ্টাছাৰ অবিহনেই নিজৰ আৰ্জিত কিছু ধনৰ লগত ; দুজনী জীয়ৰীক লৈয়ে সুখী পৰিয়াল আছিল চিনেমাখনৰ নায়কৰ ।ডাঙৰ জীয়েকৰ বিয়াত বিয়ৈ ফালৰ সকলো ইচ্ছাত ক্ৰুটি নপৰাকৈ চেষ্টা কৰিছিল নায়ক গৰাকীয়ে। শেষত,তেওঁ নিজৰ বিবাহ তথা ডাঙৰ জীয়েকৰ বিয়াত ইমানেই টকা খৰচ কৰিছিল যে সৰু জীয়েকৰ বিবাহৰ সময়ত তেওঁৰ তলি উদং হৈ পৰিছিল। নায়ক গৰাকী উপায়হীন হয় তেওঁৰ সৰু জীয়েকক তেওঁ এখন চিঠিৰ জৰিয়তে বৰ্ণনা কৰি পলাই যোৱাৰ আদেশ দিছিল। এয়াই আছিল “দীনবন্ধু” ৰ কাহিনীভাগ।

মুনীন বৰুৱাৰ "দীনবন্ধু" ৰ কথাৰে- 2
মুনীন বৰুৱাৰ "দীনবন্ধু" ৰ কথাৰে- 3


চিনেমাখনত অভিনীত প্ৰত্যেকৰে অভিনয় হৃদয়স্পৰ্শী। চিনেমাখনৰ কাহিনীভাগক এক জীৱন্ত ৰূপত উপস্থাপন কৰিছিল প্ৰত্যেকগৰাকীয়ে। মূল চৰিত্ৰত থকা তপন দাসৰ অভিনয়ৰ চৰ্চা হয়টো বৰ্তমানেও দৰ্শকে কৰিবলৈ বাধ্য।জুবিন গাৰ্গ, প্ৰস্তুতি পৰাশৰ, নিশিতা গোস্বামী, গায়ত্ৰী মহন্ত,অৰুণ নাথকে ধৰি “দীনবন্ধু” তেতিয়াৰ সময়ৰ এখন শ্ৰেষ্ঠ অসমীয়া ছবি বুলিলেও কোনোৱে নুই কৰিব নোৱাৰিব। চিনেমাখনে ২০০৫ চনত “নেশ্বনেল ফিল্ম এৱাৰ্ড ফ’ৰ বেষ্ট ফিছাৰ ফিল্ম” ৰো বঁটা লাভ কৰিছিল।

মুনীন বৰুৱাৰ "দীনবন্ধু" ৰ কথাৰে- 4
]]>
https://rupaliparda.com/archives/3132/feed 0 3132