Himakshi Kalita – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 04 Jan 2021 10:10:41 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Himakshi Kalita – Rupaliparda.com https://rupaliparda.com 32 32 163073109 গোৱালৈ গৈ কেনেদৰে কি কৰিলে হিমাক্ষী কলিতাইঃ https://rupaliparda.com/archives/23270 https://rupaliparda.com/archives/23270#respond Tue, 05 Jan 2021 12:30:01 +0000 https://rupaliparda.com/?p=23270 “বৈদেহী” আৰু “পৰিণীতা” শীৰ্ষক দুই ধাৰাবাহিকৰ সফল সমাপ্তিৰ পিছত শেহতীয়াকৈ “ৰাগিনী” শীৰ্ষক ধাৰাবাহিকখনৰ যোগেৰে জনসাধাৰণৰ সমুখত জনপ্ৰিয় হোৱা অভিনেত্ৰী হিমাক্ষী কলিতাই এতিয়া ব্যক্তিগত ইউটিউব চেনেল যোগে অনুৰাগীৰ মাজত আহিবলৈ সাজু হৈছে। তেওঁ গোৱালৈ গৈ কেনেদৰে কি কৰিলে ইত্যাদি ভিন্ন ধৰণৰ কথাৰে অভিনেত্ৰী গৰাকীয়ে নিজৰ এই চেনেলটোত ভিডিঅ’ আপলোড কৰিবলৈ সাজু হৈ পৰিছে। ৰেঙণি চেনেল যোগে সম্প্ৰচাৰ হোৱা ধাৰাবাহিক “ৰাধিকা” য়ে অনুৰাগীৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিগত দুই ধাৰাবাহিকৰে বহুল জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়; দৰ্শকৰ এনে সঁহাৰিৰ ফলতেই ক’ৰোণা কালত বৈদেহীৰ পুনঃসম্প্ৰচাৰ কৰা হৈছিল। “বৰ্ষা মুখৰ সন্ধ্যা” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই গৰাকী অভিনেত্ৰীৰ বাবে জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতাই কন্ঠদান কৰা “হিৰাদৈ” আছিল টাৰ্ণিং পইন্ট।

গোৱালৈ গৈ কেনেদৰে কি কৰিলে হিমাক্ষী কলিতাইঃ 1


কিছুদিন পূৰ্বে ৰাইজৰ ৰোষত সোমোৱা হিমাক্ষীক প্ৰায় কেইবাদিনলৈ চচিয়েল মিডিয়াত একাংশই ট্ৰোল কৰি থকা দেখিবলৈ পোৱা গৈছিল; “একুৱামেন” ৰ নাম লৈ হৈছিল অভিনেত্ৰী গৰাকীৰ খেলি-মেলি। পিছলৈ সাম কাটে এনে বিষয়বোৰৰ; প্ৰায় কেইবাটাও মিউজিক ভিডিঅ’ত অভিনীত হিমাক্ষী সক্ৰিয় চচিয়েল মিডিয়াতো। ট্ৰোল সমূহক লৈ বিভিন্ন সময়ত নিজ স্পষ্টীকৰণো সুন্দৰতাৰে দাঙি ধৰিছিল অভিনেত্ৰী গৰাকীয়ে।

]]>
https://rupaliparda.com/archives/23270/feed 0 23270
হিমাক্ষী কলিতাৰ ন-ধাৰাবাহিক “ৰাধিকা”- https://rupaliparda.com/archives/17986 https://rupaliparda.com/archives/17986#respond Mon, 13 Jul 2020 17:30:48 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17986 “বৈদেহী” আৰু “পৰিণীতা” শীৰ্ষক দুই ধাৰাবাহিকৰ সফল সমাপ্তিৰ পিছত আকৌ এবাৰ আন এখন ধাৰাবাহিকৰ সৈতে দৰ্শকৰ মাজলৈ আহি আছে অভিনেত্ৰী হিমাক্ষী কলিতা। শীঘ্ৰে ৰেঙণি চেনেল যোগে সম্প্ৰচাৰ হ’বলগীয়া ধাৰাবাহিকখনৰ ইতিমধ্যে মুক্তি দিয়া হৈছে ট্ৰেইলাৰ; “ৰাধিকা” শীৰ্ষক ধাৰাবাহিকখনৰ সৈতে ৰাইজৰ মাজলৈ আহিবলৈ সাজু হৈছে অভিনেত্ৰী গৰাকী। বিগত দুই ধাৰাবাহিকৰে বহুল জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়; দৰ্শকৰ এনে সঁহাৰিৰ ফলতেই বৰ্তমানেও বৈদেহীৰ পুনঃসম্প্ৰচাৰ কৰি থকা হৈছে। “বৰ্ষা মুখৰ সন্ধ্যা” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই গৰাকী অভিনেত্ৰীৰ বাবে জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতাই কন্ঠদান কৰা “হিৰাদৈ” আছিল টাৰ্ণিং পইন্ট।

View this post on Instagram

‘RADHIKA’ coming soon on Channel Rengoni.

A post shared by Himakshi Kalita (@kalitahimakshi321) on

হিমাক্ষী কলিতাৰ ন-ধাৰাবাহিক "ৰাধিকা"- 2


কিছুদিন পূৰ্বে ৰাইজৰ ৰোষত সোমোৱা হিমাক্ষীক প্ৰায় কেইবাদিনলৈ চচিয়েল মিডিয়াত একাংশই ট্ৰোল কৰি থকা দেখিবলৈ পোৱা গৈছিল; “একুৱামেন” ৰ নাম লৈ হৈছিল অভিনেত্ৰী গৰাকীৰ খেলি-মেলি। পিছলৈ সাম কাটে এনে বিষয়বোৰৰ; প্ৰায় কেইবাটাও মিউজিক ভিডিঅ’ত অভিনীত হিমাক্ষী সক্ৰিয় চচিয়েল মিডিয়াতো। ট্ৰোল সমূহক লৈ বিভিন্ন সময়ত নিজ স্পষ্টীকৰণো সুন্দৰতাৰে দাঙি ধৰিছিল অভিনেত্ৰী গৰাকীয়ে। উল্লেখ্য যে, তেওঁৰ আগন্তুক ধাৰাবাহিকখনৰ শীৰ্ষ গীতটিত কন্ঠদান কৰিছে কন্ঠশিল্পী ও হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। সম্পৰ্কৰ জটিলতাৰ কাহিনীৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখন ট্ৰেইলাৰৰ পৰাই লাভ কৰিব পৰা যায় এক চমু আভাষ।

]]>
https://rupaliparda.com/archives/17986/feed 0 17986
চচিয়েল মিডিয়াত বাৰে বাৰে আজুৰি অনা হৈছে শিল্পীকঃ এইবাৰ ট্ৰোলৰ সন্মুখীন বৰষা ৰাণী বিষয়া- https://rupaliparda.com/archives/17133 https://rupaliparda.com/archives/17133#respond Sat, 27 Jun 2020 12:30:25 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17133 চচিয়েল মিডিয়াত বহু নতুন ও উপযোগী তথ্যৰ সলনি এই চচিয়েল মিডিয়াই এতিয়া একাংশক ট্ৰোল কৰা দেখিবলৈ পোৱা গৈছে। এই ট্ৰোলৰ ক্ষেত্ৰত প্ৰায়ে একাংশই আজুৰি অনা দেখা গৈছে অসমীয়া চলচিত্ৰ ক্ষেত্ৰৰ অভিনেতা-অভিনেত্ৰী সমূহক। এইবাৰ এনে ট্ৰোলৰ আগ্ৰাসনত সোমাইছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া; অসমীয়া চলচিত্ৰত কেইবা বছৰ ধৰি জড়িত হৈ থকা বৰষা ৰাণীৰ সংবাদ মাধ্যমত দিয়া এটা সাক্ষাৎকাৰৰ ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। ভুলবশতঃ ২০২১ চনত তেওঁ মুম্বাইলৈ গৈছিল বুলি ব্যক্তি কৰিছিল ভিডিঅ’টোত।

চচিয়েল মিডিয়াত বাৰে বাৰে আজুৰি অনা হৈছে শিল্পীকঃ এইবাৰ ট্ৰোলৰ সন্মুখীন বৰষা ৰাণী বিষয়া- 3

পুৰণি এই ভিডিঅ’টোৰ বাবে অভিনেত্ৰী গৰাকীয়ে ক্ষমাও খুজিছিল ৰাইজৰ ওচৰত কিন্তু তাৰ পিছতো যেন একাংশৰ বাবে এই ক্ষমাই নাছিল যথেষ্ট। বিগত কেইবাদিনো ধৰি এই ভিডিঅ’ ক্লিপ ভাইৰেল কৰি থকা দেখিবলৈ পোৱা গৈছে। বৰষা ৰাণীক ট্ৰোল কৰা কথাটোক লৈ এতিয়া সকলোৰে আগত আহ্বান জনাইছে চিনাকী বৈদেহী ওৰফে হিমাক্ষী কলিতাই। অসমীয়া অভিনয় ক্ষেত্ৰখন তেনেই সৰু তাতেই আকৌ যদি জনসাধাৰণে এনেদৰে ট্ৰোল কৰে তেনেহ’লে শিল্পী সকলে কেনেদৰে এই ক্ষেত্ৰখনত মনোনিৱেশ কৰিব পাৰিব বুলি প্ৰশ্নৰ উত্থাপন কৰে হিমাক্ষী কলিতাই। বিগত সময়ছোৱাত ভুল মন্তব্য কিছুমানৰ বাবে আচলতে তেওঁকো ৰাইজে যথেষ্ট থকা-সৰকা কৰা দেখা গৈছিল।

চচিয়েল মিডিয়াত বাৰে বাৰে আজুৰি অনা হৈছে শিল্পীকঃ এইবাৰ ট্ৰোলৰ সন্মুখীন বৰষা ৰাণী বিষয়া- 4


কোৱাৰেন্টাইনৰ সময়ছোৱাত প্ৰায়ে বৰষা ৰাণী বিষয়াক বিভিন্ন পোষ্ট কৰি জনসাধাৰণক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছিল লগতে তেওঁ ব্যক্তিগত ইউটিউব চেনেলতো তেওঁৰ একাংশ পূৰণি জনপ্ৰিয় ছবিৰ কিছু স্মৃতিক দৰ্শকৰ ওচৰত দাঙি ধৰাৰ প্ৰচেষ্টা হাতত লৈছিল। ইয়াৰ উপৰিও, সম্প্ৰতি বৰষা ৰাণী বিষয়াক টিক-টকতো সক্ৰিয় ৰূপত দেখা যায়। অভিনেত্ৰী গৰাকীয়ে প্ৰায়ে নৃত্য পৰিৱেশন কৰি দৰ্শকক আকৰ্ষিত কৰে। বৰষা ৰাণী বিষয়াক সামাজিক কিছু ক্ষেত্ৰতো মাত মতা দেখিবলৈ পোৱা যায়। জনসাধাৰণৰ কন্ঠ হৈ তেওঁ বিতৰ্কিত “কা” বিৰোধী আন্দোলনতো আগ-ভাগ লৈছিল। আনহাতে, কোৱাৰেন্টাইনৰ সময়ছোৱাত নিজ অনুৰাগীক তেওঁৰ কচৰৎ সমূহো ভিডিঅ’ আকাৰে প্ৰস্তুত কৰি দেখুৱাইছে।

]]>
https://rupaliparda.com/archives/17133/feed 0 17133
“AQUA MAN” ৰ নাম লৈ ট্ৰোলৰ সন্মুখীন হিমাক্ষী কলিতাঃ https://rupaliparda.com/archives/13340 https://rupaliparda.com/archives/13340#respond Fri, 17 Apr 2020 06:30:18 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13340 চচিয়েল মিডিয়াত ট্ৰোলৰ সন্মুখীন বৈদেহী ওৰফে পৰিণীতা ওৰফে অসমীয়া অভিনেত্ৰী হিমাক্ষী কলিতা। চচিয়েল মিডিয়াৰ এখন পেজ যোগে লাইভ হৈছিল অভিনেত্ৰী গৰাকী আৰু তাত তেওঁৰ অনুৰাগীৰ সৈতে কথা- বতৰা পাতিছিল। অনুৰাগীয়ে তেওঁৰ সৈতে বিভিন্ন কথা পতাৰ উপৰিও অভিনেত্ৰী গৰাকীৰ পচন্দ-অপচন্দৰ বিষয়েও জানিবলৈ চেষ্টা কৰিছিল। গতিকে, এনেক্ষেত্ৰতে যেতিয়া হিমাক্ষীক প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁৰ উত্তৰত হোৱা খেলি-মেলিক লৈয়ে এতিয়া বিভিন্নজনে ট্ৰোল কৰিছে অভিনেত্ৰী গৰাকীক। নিচেই কম বয়সতে ৰং চেনেল যোগে সম্প্ৰচাৰিত দুখনকৈ ধাৰাবাহিকত মূল চৰিত্ৰ ৰূপায়ন কৰা হিমাক্ষী বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। অসমীয়া কেইবাটাও গীত দেখিবলৈ পোৱা গৈছিল হিমাক্ষী কলিতাক; ফলত তেওঁৰ পৰা হোৱা এটা ভুলক লৈ চচিয়েল মিডিয়াত বিভিন্ন মিম প্ৰস্তুত কৰাৰ উপৰিও পোষ্ট কিছুমানেৰে চচিয়েল মিডিয়াত তেওঁক ট্ৰোল কৰা হৈছে।

"AQUA MAN" ৰ নাম লৈ ট্ৰোলৰ সন্মুখীন হিমাক্ষী কলিতাঃ 5


আছলতে, লাইভ যোগে অভিনেত্ৰী গৰাকীক অনুৰাগীয়ে প্ৰশ্ন কৰিছিল যে হলীউডৰ “Marvel Comics” ৰ কোনজন চৰিত্ৰ তেওঁৰ প্ৰিয়? তেতিয়া উত্তৰত অভিনেত্ৰী গৰাকীয়ে “Aqua man” ৰ কথা কয়; যিজন আছলতে DC COMICS তহে অন্তৰ্ভূক্ত। মন্তব্যৰ সাল-সলনিৰ ফলত হিমাক্ষী কলিতাক বিভিন্ন মিম তথা ভিডিঅ’ৰ দ্বাৰা ট্ৰোল কৰে একাংশই।
এই ট্ৰোল সমূহক লৈ অৱশেষত মুখ খুলি এটা ভিডিঅ’ শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে। য’ত তেওঁ কয় যে, “মানুহ মাত্ৰেই ভুল হয়; “Slip of Tongue” হৈছিল আছলতে মোৰ। ফলত মোৰ মুখৰ পৰা ভুলকৈ উত্তৰটো ওলাল। মই ট্ৰোল সমূহক সাধাৰণ ভাৱেই লৈছো কিন্তু কোনোৱে যাতে কাৰোবাক এনেদৰে ট্ৰোল নকৰে যাৰ ফলত সেই মানুহগৰাকী বা মানুহজন মানসিক ভাৱে ভাগি পৰে।”

View this post on Instagram

#GaltiSeMistake

A post shared by Himakshi Kalita (@kalitahimakshi321) on

"AQUA MAN" ৰ নাম লৈ ট্ৰোলৰ সন্মুখীন হিমাক্ষী কলিতাঃ 6


তেওঁ এনে কিছু কথা ব্যক্ত কৰি ভিডিঅ’ আপলোড কৰা পিছত তেওঁৰ ভিডিঅ’তো বিভিন্ন জনে নানানটা কমেন্ট কৰি তেওঁক থকা-সৰকা কৰে। উল্লেখ্য যে, অভিনেত্ৰী গৰাকীৰ বহুল হাৰত অনুৰাগীৰ সংখ্যা থাকিলেও বৰ্তমান তেওঁৰ প্ৰত্যেকখন ফটোত কমেন্ট কৰিছে একাংশই।

]]>
https://rupaliparda.com/archives/13340/feed 0 13340
আহি আছে ন-যুঁতিৰে গীত “মৰম বাঢ়ে”- https://rupaliparda.com/archives/11818 https://rupaliparda.com/archives/11818#respond Sat, 21 Mar 2020 12:30:29 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11818 অসমীয়া সংগীত ক্ষেত্ৰখনত এনে বহু শিল্পী আছে যাৰ কন্ঠই নিশ্চয় আপোনাক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কাৰোবাৰ অকলশৰীয়া তথা কাৰোবাৰ যুঁটীয়া কন্ঠত শ্ৰোতাৰ মোহৰ লাগি ই অধিক জনপ্ৰিয় হৈ পৰে ক্ষন্তকতে। এই উদাহৰণ ভিতৰত বহুতৰে নাম ল’ব পৰা যায়। আজিৰ নৱপ্ৰজন্মৰ ভিতৰত আন এটা উল্লেখনীয় যুঁটিয়ে মুক্তি দিবলৈ সাজু হৈছে তেওঁলোকৰ আগন্তুক এটি গীত। এই যুঁটিটো হৈছে নীল আকাশ তথা সুবাসনা দত্তৰ। এওঁলোকৰ উল্লেখনীয় অনুৰাগীৰ লগতে এওঁলোকৰ প্ৰত্যেকটো গীতৰ জনপ্ৰিয়তাও মন কৰিবলগীয়া। সুবাসনাৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত “মইনাকণ বাখৰ” তথা নীল আকাশৰ “ঈশ্বৰ ঐ” এতিয়ালৈ শ্ৰোতাৰ মন-মগজুত সোমাই আছে। উল্লেখ্য যে, উক্ত যুঁটিটোৰ কন্ঠৰে আহি আছে এটা ন-ৰোমান্টিক গীত “মৰম বাঢ়ে”। গীতটিৰ টিজাৰটি মুক্তি পোৱা পিছতেই এতিয়া শ্ৰোতাৰ মাজত বাঢ়িছে উৎসাহ।

https://www.instagram.com/p/B9UN8iFFx6m/?utm_source=ig_web_copy_link


গীতটিত অভিনয় কৰিছে পূৰ্বে প্ৰচাৰিত ধাৰাবাহিক “বৈদেহী” আৰু “পৰিণীতা” ত অভিনীত অভিনেত্ৰী হিমাক্ষী কলিতাই। “বৰ্ষা মুখৰ সন্ধ্যা” গীতটিৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই গৰাকী অভিনেত্ৰীৰ বাবে জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতাই কন্ঠদান কৰা “হিৰাদৈ” আছিল টাৰ্ণিং পইন্ট। তেতিয়াৰ পৰাই দৰ্শকক আকৰ্ষণ কৰা এই গৰাকী অভিনেত্ৰী বৰ্তমান ব্যস্ত উক্ত গীত “মৰম বাঢ়ে” ক লৈ। অভিনেত্ৰী গৰাকীয়ে বিগত বহু দিনৰ পৰাই বৰফৰ মাজত হালধীয়া শাৰী পিন্ধি বিভিন্ন ফটো ইনষ্টাগ্ৰাম যোগে আপলোড কৰি নীল আকাশ-সুবাসনাৰ গীতটিৰ শ্বুটিংৰ আভাষ দৰ্শকক দিছিল। উল্লেখ্য যে, দুমাহ পূৰ্বে অডিঅ’ মুক্তি লাভ কৰা এই গীতটিত কথা দিছে পল্লৱ গগৈয়ে লগতে ইয়াত সুৰ আৰু সংগীত দীপকেশ বৰগোঁহাইৰ।


আনহাতে, আপোনালোকক জনাই থওঁ যে; ১৯৯১ চনত জন্মগ্ৰহণ কৰা নীল আকাশে প্ৰায়ে “হুচৰি বিহু” ত নাচিছিল আৰু পিছলৈ তেওঁ কেইবাখনো বিহু মঞ্চত গীত পৰিৱেশন কৰি বিভিন্ন পৰিচালক ও কম্পোজাৰৰ সমাদৰ লাভ কৰিছিল। বহু সংগ্ৰামৰ অন্তত নীল আকাশে ২০১৬ চনত মুক্তি দিলে তেওঁৰ প্ৰথমখন একক এলবাম “বিহুৱান”; যিয়ে ইউটিউবত এক নতুন ঢৌৰ সৃষ্টি কৰিছিল; লগতে সেই একেটা বৰ্ষতে তেওঁ আনখন এলবাম “এনাজৰী” মুকলি কৰে। দুয়োখন এলবামৰে দ্বিতীয় সংস্কৰণো নীল আকাশে মুকলি কৰে; কোৱা বাহুল্য যে, নীল আকাশৰ গীত “অ’ শকুন্তলা” ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তেওঁৰ গীতটিয়ে ইউটিবত ক্ষন্তেকতে লাভ কৰে ১০ লাখতকৈও অধিক ভিউৱাৰচ।

]]>
https://rupaliparda.com/archives/11818/feed 0 11818
নীল আকাশৰ ৰোমান্টিক গীত “তুমি” ৰ ট্ৰেইলাৰঃ https://rupaliparda.com/archives/10233 https://rupaliparda.com/archives/10233#respond Tue, 11 Feb 2020 09:33:58 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10233 ফাগুনৰ আৰম্ভণিৰ পূৰ্বেই এক অজান প্ৰেমৰ ঢৌ বলিছে অসমীয়া সংগীত ক্ষেত্ৰখনত। প্ৰেমৰ সপ্তাহটোত অসমীয়া কন্ঠশিল্পীয়ে একোটাকৈ প্ৰেমৰ গীত উপহাৰ স্বৰূপ দিছে তেওঁলোকৰ অনুৰাগী ও সমগ্ৰ শ্ৰোতাক। তৰালি শৰ্মাৰ “Let’s Talk About Love” অনুষ্ঠানটিয়ে ভালপোৱাৰ এক ন-সংজ্ঞা দিয়াৰ পিছতেই দীক্ষুয়ো আগজাননী দিছে তেওঁৰ আগন্তুক ৰোমান্টিক গীতৰ। সমান্তৰালকৈ, কন্ঠশিল্পী নীল আকাশেও মুকলি কৰিলে তেওঁৰ আগন্তুক ৰোমান্টিক গীত “তুমি” ৰ ট্ৰেইলাৰ।

নীল আকাশৰ ৰোমান্টিক গীত "তুমি" ৰ ট্ৰেইলাৰঃ 7
নীল আকাশৰ ৰোমান্টিক গীত "তুমি" ৰ ট্ৰেইলাৰঃ 8
View this post on Instagram

‘TUMI’, releasing on 12th Feb.

A post shared by Himakshi Kalita (@kalitahimakshi321) on

“বৈদেহী” ও “পৰিণীতা” খ্যাত অভিনেত্ৰী হিমাক্ষী কলিতাক দেখিবলৈ পোৱা গীতটিৰ ভিডিঅ’ত। অহা কাইলৈ অৰ্থাৎ ১২ ফেব্ৰুৱাৰী তাৰিখে মুক্তি পাবলগীয়া এই গীতটিক লৈ বিভিন্ন পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে অভিনত্ৰী গৰাকীয়ে। উল্লেখ্য যে, “তোমাৰ উশাহতে”, “চুমা দিয়ানা” ইত্যাদি প্ৰেমৰ গীতেৰে ইতিমধ্যে নীল আকাশে শ্ৰোতাৰ হৃদয়ত বাস কৰিছে। গতিকে, পুনৰ এক ৰোমান্টিক গীতৰ মুক্তিৰ খবৰে এতিয়া তেওঁৰ অনুৰাগীক উৎসাহিত কৰি তুলিছে।

]]>
https://rupaliparda.com/archives/10233/feed 0 10233
দৰ্শকৰ বাবে পুনৰ বাৰ “বৈদেহী”- https://rupaliparda.com/archives/9166 https://rupaliparda.com/archives/9166#respond Sat, 04 Jan 2020 09:37:54 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9166 ২০১৭ চনত সম্প্ৰচাৰিত ধাৰাবাহিক “বৈহেদী” ক পুনৰ বাৰ চোৱাৰ সুবিধা লাভ কৰিব দৰ্শকে। ৰং চেনেল যোগে সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ সেইটো সময়ত জনপ্ৰিয়তা আছিল লেখত ল’বলগীয়া। সমান্তৰালকৈ, ধাৰাবাহিকখনৰ টি.আৰ.পি ও আছিল মন কৰিবলগীয়া।

দৰ্শকৰ বাবে পুনৰ বাৰ "বৈদেহী"- 9


“বৈদেহী” ধাৰাবাহিকখনৰ যোগেৰেই অভিনয় ক্ষেত্ৰত খনত প্ৰথমবাৰৰ বাবে খোজ দিছিল বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাই। নাৰী কেন্দ্ৰিক বিভিন্ন সংগ্ৰাম কাহিনীৰে নিৰ্মাণ কৰা হৈছিল “বৈদেহী”। ধাৰাবাহিকখনৰ জনপ্ৰিয়তাক কেন্দ্ৰ কৰিয়েই পুনৰ বাৰৰ বাবে সম্প্ৰচাৰিত কৰা হ’ব ধাৰাবাহিকখন।


চলিত মাহৰ ১৩ জানুৱাৰীৰ পৰা দুপৰীয়া ২.৩০ বজাত আৰু সন্ধিয়া ৭.৩০ বজাত সম্প্ৰচাৰ কৰা হ’ব এই ধাৰাবাহিকখন।

]]>
https://rupaliparda.com/archives/9166/feed 0 9166
চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? https://rupaliparda.com/archives/6890 https://rupaliparda.com/archives/6890#respond Thu, 17 Oct 2019 12:34:15 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6890 ইনষ্টাগ্ৰামত নিত্য-নতুন পোষ্ট অথবা ফটো আপলোড কৰি দৰ্শকক নিজৰ বিষয়ে জানিবলৈ দিয়ে শিল্পী সকলে। হলীউড-বলীউডকে ধৰি জলীউডৰো বহু অভিনেতা-অভিনেত্ৰীয়ে নিজক একটিভ কৰি ৰাখে চচিয়েল মিডিয়াত। নৱপ্ৰজন্মৰ এনে কেইগৰাকীমান অভিনেত্ৰী নাম আজি আমি আপোনাক ক’ম; যাৰ ইনষ্টাগ্ৰামত দেখিবলৈ পোৱা যায় বৃহৎ সংখ্যাত অনুৰাগী। সেইকেইগৰাকী হ’ল-

১. হিমাক্ষী কলিতাঃ

“বৈদেহী” আৰু “পৰিণীতা” কে ধৰি কেইবাটাও ভিডিঅ’ত দেখিবলৈ পোৱা এই অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ সংখ্যা হৈছে –

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 10

২.সুকন্যা বৰুৱা-

“মলয়া বাইদেউৰ জীয়েক হেনো পলাই গ’ল” শীৰ্ষক ভিডিঅ গীতটি লগতে “পৰিণীতা” ধাৰাবাহিকখনত দেখিবলৈ পোৱা এই অভিনেত্ৰী গৰাকীৰ অনুৰাগী হৈছে-

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 11

৩.অনন্যা কাশ্যপঃ

জুবিন গাৰ্গৰ সৈতে প্ৰথমটো ভিডিঅ’ “মৰিলং মৰিলং” ৰ পৰাই জনপ্ৰিয় হৈ উঠা অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ সংখ্যা হৈছে-

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 12

৪.কৰৱী শৰ্মাঃ

কেইবাটাও মিউজিক ভিডিঅ’ লগতে ৰং ত প্ৰচাৰিত ধাৰাবাহিক “তোমাৰ মৰমে মোক” ত দেখিবলৈ পোৱা এই নৱপ্ৰজন্মৰ অভিনেত্ৰী গৰাকীৰ অনুৰাগী হৈছে

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 13

৫. দীপলিনা ডেকাঃ

“মিছন ছাইনা” ৰ পৰা “চুইন দিয়ানা” সংগীতলৈ এই অভিনেত্ৰী ও গায়িকা গৰাকীৰ অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া।

চচিয়েল মিডিয়াত কাৰ কিমান চলে ৰাজত্ব?? 14

এতিয়া আপোনালোকে আমাক জনাওঁক কোনগৰাকী আপোনাৰ প্ৰিয় অভিনেত্ৰী?? কোন গৰাকীৰ অভিনয় ভাল লাগে বাৰু আপোনাৰ? কমেন্ট কৰক আৰু আমাক জনাওঁক।

]]>
https://rupaliparda.com/archives/6890/feed 0 6890
বলীউডৰ কন্ঠশিল্পী যাৱেদ আলিৰ গীতত অভিনয় অসমীয়া তাৰকাৰঃ https://rupaliparda.com/archives/6524 https://rupaliparda.com/archives/6524#respond Wed, 09 Oct 2019 09:30:36 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6524 ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ কন্ঠশিল্পী তথা বলীউডৰ এগৰাকী জনপ্ৰিয় গায়ক যাৱেদ আলিৰ কন্ঠৰ গীতত অভিনয় কৰে অসমীয়া শিল্পীয়ে। অসমীয়া শিল্পী জগতৰ দুগৰাকী জনপ্ৰিয় তাৰকা ক্ৰমে উৎপল দাস আৰু হিমাক্ষী কলিতাই অভিনয় কৰে “বেহাড না কৰো” গীতটিত।

বলীউডৰ কন্ঠশিল্পী যাৱেদ আলিৰ গীতত অভিনয় অসমীয়া তাৰকাৰঃ 15


টাইমছ মিউজিক ইণ্ডিয়াৰ দ্বাৰা মুকলি কৰা এই গীতটিত সংগীত দিছে পলাশ সূৰ্য্য গগৈয়ে লগতে গীতটি লিখিছে চিত্ৰ দুধৰিয়াই। গীতটিৰ ভিডিঅ’ পৰিচালনাৰ আঁৰত আছে অমিতাভ বৰা। গীতটি মুকলি কৰা কিছু ঘন্টা পিছতেই ইয়াক দৰ্শকে আকোঁৱালি লয়।

]]>
https://rupaliparda.com/archives/6524/feed 0 6524
হাতীৰ সৈতে খেলিছে “পৰিণীতা” ইঃ https://rupaliparda.com/archives/6289 https://rupaliparda.com/archives/6289#respond Wed, 02 Oct 2019 10:09:51 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6289 নৱ প্ৰজন্মৰ অভিনেত্ৰী বুলি ক’লে কাৰ কাৰ নাম বাৰু আপোনালোকৰ মনলৈ আহে?? আপোনালোকৰ মনৰ মাজত সৃষ্ট এই তালিকাখনৰ মাজত হিমাক্ষী কলিতা ওৰফে “বৈদেহী” নহ’লে “পৰিণীতা” কটো অন্তৰ্ভূক্ত কৰাটো একেবাৰেই নিশ্চিত। নহয়নে??

হাতীৰ সৈতে খেলিছে "পৰিণীতা" ইঃ 16


অতি কম বয়সতে অভিনয় ক্ষেত্ৰখনত ৰাজত্ব কৰা এগৰাকী অভিনেত্ৰী। বৰ্তমানলৈ দুখনকৈ সফল ধাৰাবাহিক আৰু লগত কেইবাটাও মিউজিক ভিডিঅ’ ত অভিনীত হিমাক্ষী কলিতা বৰ্তমানৰ সফল অভিনেত্ৰী বুলি ক’লেও অতিৰঞ্জিত নহ’ব।


কিন্তু, অভিনেত্ৰী গৰাকীয়ে অভিনয় তথা এই যান্ত্ৰিক জগতৰ পৰা নিলগত কিছু দিনৰ বাবে উপভোগ কৰিছে প্ৰাকৃতিক পৰিৱেশৰ মনোৰম দৃশ্য আৰু জীৱ-জন্তুৰ খেল। চচিয়েল মিডিয়াত অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা ফটোৰ জৰিয়তে ধৰিব পৰা যায় তেওঁৰ “ভেকেচন মস্তী”।

View this post on Instagram

Love surely can heal everything ❤ #tingting #saveanimals

A post shared by Himakshi Kalita (@kalitahimakshi321) on

]]>
https://rupaliparda.com/archives/6289/feed 0 6289