Hindi Serial – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 29 Sep 2021 06:39:16 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Hindi Serial – Rupaliparda.com https://rupaliparda.com 32 32 163073109 এক্সক্লুচিভঃ’শ্বোলে’ ৰ পৰিচালক ৰমেশ সিপ্পিয়ে অসমৰ পৃষ্ঠভূমিত নিৰ্মাণ কৰিছে ধাৰাবাহিকঃ https://rupaliparda.com/archives/28535 https://rupaliparda.com/archives/28535#respond Thu, 30 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28535 ১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা “শ্বোলে” ৰ বিষয়ে আপোনালোকক হয়টো নতুনকৈ আকৌ এবাৰ জনাই দিয়াৰ প্ৰয়োজন নাই। ছবিখনৰ কাহিনীভাগৰ লগতে ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন কাহিনী ইতিমধ্যে চচিয়েল মিডিয়াত বহুল হাৰত চৰ্চিত তথা ভাইৰেল হৈছে। এই ছবিখনে দৰ্শকক প্ৰথম সপ্তাহত ছবিগৃহলৈ টানি নিব পৰা নাছিল। ৩ ঘণ্টা দৈৰ্ঘ্যৰ এই ছবিখনে পোৱা প্ৰায় মন্তব্যই আছিল ঋণাত্মক। কিন্তু,, পিছলৈ লাহে লাহে ছবিগৃহলৈ দৰ্শকৰ সোঁত ব’বলৈ আৰম্ভ কৰিলে। মানুহৰ মুখে মুখে কেৱল মাত্ৰ গানেই নহয়; উচ্চাৰিত হৈছিল ছবিখনৰ সংলাপো আৰু তেতিয়াৰ পৰাই “শ্বোলে” লাভ কৰিছিল সফলতাৰ সোৱাদ। প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত জনপ্ৰিয় উক্ত ছবিখন। ইয়াৰ পিছত ছবিখনৰ পৰিচালক ৰমেশ সিপ্পিৰ আৰু কোনো ছবিয়ে “শ্বোলে” ৰ সমান বস্ক অফিচত জনপ্ৰিয় হোৱা নাই। কাৰিকৰী দিশৰ পৰা ভালদৰে নিৰ্মিত “শ্বোলে” আছিল এনেকুৱা এখন চিনেমা য’ত বিদেশৰ পৰা উপাদান ধাৰ কৰি ভাৰতীয় মূল্যবোধৰ সৈতে মিশ্ৰণ ঘটাই জনসাধাৰণৰ মাজত উলিয়াই দিয়া হৈছিল। পৰিচালক ৰমেশ সিপ্পি আছিল তেতিয়াৰ পৰাই জনসাধাৰণৰ মাজত জনপ্ৰিয়, তেওঁৰ প্ৰতিটো প্ৰকল্পৰ বাবে অপেক্ষাৰত আছিল দৰ্শক সমাজ। আজি আমি আপোনালোকক ৰমেশ সিপ্পিৰ বিষয়ে জনাই থকাৰ আঁৰত আছে এক বিশেষ খবৰ। ছবিক্ষেত্ৰখনৰ লগতে ৰমেশ সিপ্পিৰ টেলিভিছন ক্ষেত্ৰখনৰ সৈতেও এক সুন্দৰ তথা সক্ৰিয় সংযোগ আছে, তেওঁ নিৰ্মাণ কৰা ধাৰাবাহিকসমূহেও আচলতে লাভ কৰি আহিছে সফলতা।

এক্সক্লুচিভঃ'শ্বোলে' ৰ পৰিচালক ৰমেশ সিপ্পিয়ে অসমৰ পৃষ্ঠভূমিত নিৰ্মাণ কৰিছে ধাৰাবাহিকঃ 1
এক্সক্লুচিভঃ'শ্বোলে' ৰ পৰিচালক ৰমেশ সিপ্পিয়ে অসমৰ পৃষ্ঠভূমিত নিৰ্মাণ কৰিছে ধাৰাবাহিকঃ 2


শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই জনপ্ৰিয় পৰিচালক গৰাকীয়ে অসমৰ পৃষ্ঠভূমিক লৈ নিৰ্মাণ কৰি উলিয়াইছে এখন ধাৰাবাহিক ‘কোপা’। এখন কালজয়ী ধাৰাবাহিক ‘বুনিয়াদ’ ৰ বহুল সফলতাৰ পিছত অৰ্থাৎ ১৯৮৬ চনৰ পিছত এইবাৰ তেওঁ ‘কোপা’ ৰ সৈতে ৰাইজৰ কাষ চাপিছে। সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৬.৩০ বজাত দূৰদৰ্শনযোগে সম্প্ৰচাৰিত এই ধাৰাবাহিক খনৰ নিৰ্মাণ কাৰ্যত তেওঁৰ পত্নী কিৰণ জুনেজাইও সহযোগিতা আগবঢ়োৱাৰ সমান্তৰালকৈ অভিনেত্ৰী কিৰণ জুনেজাক ধাৰাবাহিকখনত মুখ্য চৰিত্ৰ ৰূপায়িত অভিনেত্ৰীগৰাকীৰ মাতৃৰ চৰিত্ৰত দেখিবলৈ পোৱা গৈছে। উক্ত ধাৰাবাহিকখনৰ কাহিনীভাগ লিখিছে জনপ্ৰিয় ধীৰজ মিশ্ৰাই, ‘গোৱা ফিল্ম বজাৰ’ ত ৰমেশ সিপ্পি আৰু কিৰণ জুনেজাক লগ পাই ধীৰজ মিশ্ৰাই ধাৰাবাহিক খনৰ কাহিনীভাগৰ কথা ব্যক্ত কৰিছিল আৰু পৰৱৰ্তী সময়ত, দীঘলীয়া বাৰ্তালাপৰ পিছত ‘কোপা’ ৰ পৰিকল্পনা কৰা হয়। উল্লেখ্য যে, অসমক লৈ নিৰ্মাণ হোৱা এই ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ অসম আৰু মুম্বাইৰ বিভিন্ন স্থানত কৰা হৈছে। অসমৰ বিভিন্ন জন অভিনেতা-অভিনেত্ৰীৰ মাজত থিয়েটাৰ আৰ্টিষ্ট মনোজক ‘কোপা’ ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা গৈছে।

এক্সক্লুচিভঃ'শ্বোলে' ৰ পৰিচালক ৰমেশ সিপ্পিয়ে অসমৰ পৃষ্ঠভূমিত নিৰ্মাণ কৰিছে ধাৰাবাহিকঃ 3


অসমক লৈ নিৰ্মাণ হোৱা প্ৰতিটো প্ৰকল্প প্ৰতিগৰাকী অসমবাসীৰ বাবে আপোন। তাতেই আকৌ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এনে এগৰাকী পৰিচালকে অসমক লৈ কৰা ধাৰাবাহিক নিৰ্মাণে আমাক গৌৰৱান্বিত কৰিছে। ইয়াৰ সৈতে জড়িত প্ৰত্যেককে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/28535/feed 0 28535
একেখন হিন্দী ধাৰাবাহিকত দুই বান্ধৱী সুৰভী দাস-সুকন্যা বৰুৱা, উৎসাহিত অনুৰাগীঃ https://rupaliparda.com/archives/28461 https://rupaliparda.com/archives/28461#respond Fri, 24 Sep 2021 08:30:00 +0000 https://rupaliparda.com/?p=28461 অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজ্বলাই ৰখা প্ৰায় প্ৰত্যেকগৰাকী অসম সন্তানৰ প্ৰকল্প সমূহ আমাৰ বাবে ভাললগা, কাৰণ ই আমাক প্ৰতিটো সময়ত গৌৰৱান্বিত কৰি তোলে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুগৰাকী অসম কন্যাই উজ্বলাইছে অসমৰেই নাম। কালাৰ্চ টিভি যোগে সম্প্ৰচাৰিত ‘Nima Denzongpa’ নামে ধাৰাবাহিকখনত পূৰ্বে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ণ কৰি আহিছিল অসমীয়া অভিনেত্ৰী সুৰভী দাসে, বৰ্তমান এই একেখন ধাৰাবাহিকতে দেখিবলৈ পোৱা গৈছে সুকন্যা বৰুৱাক। দুয়োগৰাকী অভিনেত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গতি কৰাৰ কথাই প্ৰত্যেককে উৎসাহিত কৰাৰ সমান্তৰালকৈ একেখন ধাৰাবাহিকতে উক্ত দুয়োগৰাকী অভিনেত্ৰীক উপভোগ কৰাৰ সুবিধা লাভ কৰি আনন্দিত তেওঁলোকৰ অনুৰাগী। সুৰভী দাসৰ কন্যাৰ চৰিত্ৰত দেখিবলৈ পোৱা গৈছে সুকন্যাক। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত ইটোৰ পিছত সিটো প্ৰকল্পৰ সৈতে জনসাধাৰণৰ কাষ চপা উক্ত দুয়োগৰাকী অভিনেত্ৰীৰ অনুৰাগীৰ শাৰী দীঘলীয়া হোৱাৰ লগতে কোনগৰাকী কিমান বেছি অনুৰাগী সেয়া হয়টো হিচাপ লগোৱাটো অসুবিধা। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত সংযোজিত গীত তথা চুটি ছবিসমূহৰ অধিকাংশতেই সুৰভী দাস তথা সুকন্যা বৰুৱাক দেখিবলৈ পোৱা গৈছিল।


মায়ানগৰীলৈ এসোপা মান সপোন বুকুত কঢ়িয়াই লৈ ঢাপলি মেলা এই দুয়োগৰাকী অভিনেত্ৰীলৈ জনাইছোঁ ৰূপালীপৰ্দাৰ তৰফৰ পৰা অশেষ শুভকামনা। তেওঁলোকৰ ধাৰাবাহিকখনে আৰু অধিক সফলতাত চুমুক দিয়ক, তাৰেই আশা কৰিছোঁ। আশা তথা ইচ্ছাবোৰ সফলকাম হওঁক তেখেতসকলৰ।

]]>
https://rupaliparda.com/archives/28461/feed 0 28461
“যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়”- অংশুমা শইকীয়া https://rupaliparda.com/archives/24863 https://rupaliparda.com/archives/24863#respond Sun, 21 Mar 2021 06:30:23 +0000 https://rupaliparda.com/?p=24863 আমি ইতিমধ্যে এনে বহু অসম প্ৰতিভা দেখিছো যিসকলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত হোৱাৰ সমান্তৰালকৈ অসমক প্ৰতিটো মহুূৰ্তত গৌৰম্বিত কৰি ৰাখিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ একোটা প্ৰকল্পত এগৰাকী অসম সন্তানৰ নাম সন্নিৱিষ্ট হোৱাটো প্ৰায় সুলভ হৈ পৰিছে। আচলতে, মনোৰঞ্জনৰ দিশটোত থকা প্ৰত্যেকটো মাধ্যমৰ ক্ষেত্ৰত তেওঁলোকে প্ৰতিটো সময়ত কৰা অহৰহ প্ৰচেষ্টাই তেওঁলোকক সকলোৰে সমুখত এক উচ্চ স্থানত প্ৰতিষ্ঠিত কৰোৱাইছে। আচলতে, সঁচা কথা ক’বলৈ গ’লে স্তব্ধতাৰ পিছতো স্তব্ধ নোহোৱা মনোৰঞ্জন ক্ষেত্ৰখনে প্ৰতিদিনেই আমাক বহু নতুন সোঁৱাদ দি আহিছে; কিবা এটা কৰাৰ ইচ্ছা বুকুত বান্ধি শৈশৱৰ পৰাই একোটা বস্তুৰ সৈতে কৰা নিৰৱিচ্চিন্ন প্ৰয়াসে তেওঁলোকক দৰ্শক-জনসাধাৰণৰ সমুখত আৰু অধিক গ্ৰহণযোগ্য কৰি তোলে। আমি এতিয়ালৈ ৰূপালীপৰ্দাৰ জৰিয়তে এনে বহু প্ৰতিভাক আপোনালোকৰ সমুখত চিনাকী কৰি দিবলৈ সক্ষম হৈছো; গতিকে এনেপৰিপ্ৰেক্ষিততে, শেহতীয়াকৈ আমি কথা পাতিছিলো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম জীয়ৰী অংশুমা শইকীয়াৰ সৈতে; গীত, নৃত্য, অভিনয় আদি প্ৰতিটো দিশৰ সৈতে জড়িত এইগৰাকী শিল্পীক আমি লৈ আনিছো আপোনালোকৰ মাজলৈ। দেওঁবৰীয়া সাক্ষাৎকাৰ বিশেষত তেওঁৰ সৈতে পতা কথা-বতৰা যোগে তেওঁ কি জনালে চাওঁচোন আহকঃ

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 4

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?

অংশুমা শইকীয়াঃ সঁচা কথা ক’বলৈ গ’লে, এটা সাংস্কৃতিক পৰিয়ালতেই জন্ম হৈছিল মোৰ। গতিকে, গীত তথা অভিনয় মই সৰুৰে পৰা দেখিছো। নৃত্য মই নিজাববীয়াকৈ কৰিছিলো যদিও তেনে এক পৰিয়ালত জন্ম হোৱা বাবে মই সৰুৰ পৰাই এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ সুবিধা পাইছিলো।

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 5

প্ৰশ্নঃ গীত, নৃত্যৰ সমান্তৰালকৈ অভিনয়ৰ দিশটোতো আপুনি সমানেই পাৰদৰ্শিতা দেখুৱাইছে অথবা দেখুৱাবলৈ সক্ষম হৈছে। এই তিনিওটা দিশৰ সৈতে আপুনি কেনেদৰে জড়িত?

অংশুমা শইকীয়াঃ সংগীত মই ৫ বছৰ মান বয়সৰ পৰাই গাইছিলো; স্কুলতটো মই প্ৰায় গীততেই কন্ঠদান কৰিছিলো। কিন্তু মাজতহে নৃত্য কৰিবলৈ আৰম্ভ কৰিছিলো; আমাৰ স্কুলৰে কৃষ্ণা দাস নাথ বাইদেউৱে এই ক্ষেত্ৰত মোক যথেষ্ট অৰিহণা যোগাইছিল। বাইদেউৱে “য়াই ৰে য়াই ৰে” শীৰ্ষক বলীউডৰ জনপ্ৰিয় গীতটিত প্ৰথম নাচিবলৈ শিকালে; তাৰ পাছতেই অৱশ্যে মোৰো নৃত্য ভাল লগা হ’ল। সেইটো সময়ত বাইদেউৰ লগত বহু অনুষ্ঠানো কৰিলো। ঠিক তেনেকৈ, বাইদেউৰ স্কুলত ক্লাচিকেল ডেন্স শিকাবলৈ দেৱব্ৰত বৰুৱা নামে এগৰাকী ছাৰ আহিছিল। মই তাতেই odissi নৃত্য শিকিছিলো; প্ৰথমাৱস্থাত অকণমান আমনি পাইছিলো যদিও এৰিম এৰিম বুলি সিদ্ধান্ত লওঁতে লওঁতেই আজি মই নৃত্য শিকা ২৩ বছৰেই হ’ল আৰু এই নৃত্যশৈলীটোক বৰ্তমানেও অব্যাহত ৰাখিছো। পিছলৈ, মেট্ৰিক পৰীক্ষা দি উঠি মই মাধুৰিমা গোস্বামী বাইদেউ ওচৰত আকৌ ৫ বছৰ odissi শিকিলো আৰু গুৱাহাটীত আহি মই শিকিলো সংগীতা হাজৰিকা বাইদেউৰ পৰা; কিন্তু এইখিনিতে এটা কথা জনাই থওঁ যে মই যেতিয়াই তেজপুৰলৈ যাওঁ তেতিয়াই মাধুৰিমা বাউদেউৰ ওচৰলৈ গৈ কিবা এটা শিকি আহিবলৈ প্ৰয়াস কৰো। পিছলৈ, মায়ানগৰীলৈ আহি মই গুৰু ৰবীন্দ্ৰ আতিবুধিৰ ছাৰৰ তাত odissi শিকিলো; মই চাৰে ৬ বছৰ গুৰুজীৰ সান্নিধ্যত নানানটা নৃত্য গৱেষণা বিদ্যালয়ৰ প্ৰশিক্ষক হিচাপে থাকিলো। তাৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত মই কেইবাটাও অনুষ্ঠান কৰিবলৈ সক্ষম হওঁ; ঠিক তেনেকৈ মোৰ এই নৃত্যৰ যাত্ৰাটো চলি আছে। কিন্তু, ইয়াৰ মাজতে মই সংগীত এৰিবলগীয়া হ’ল; মই সমান্তৰালকৈ দুইটাতেই মনোনিৱেশ কৰিব পৰা নাছিলো। আনহাতে, অভিনয়ৰ কথা ক’বলৈ গ’লে মোৰ এগৰাকী বা আছিল; আছিল বুলি এইটো কাৰণেই কওঁ কাৰণ কেইদিনমান আগতেই ৰশ্মি দেৱী নামে বা গৰাকীয়ে মৃত্যুক আঁকোৱালি ল’লে। ৰশ্মি বাই খুব ভাল অভিনয় কৰিছিল; তেওঁক দেখি দেখি আগ্ৰহী হৈ মই তেজপুৰৰ বাণ থিয়েটাৰৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছিলো। অৰুণ নাথ ছাৰ, মৃদুল নাথ ছাৰ হঁতক তাত লগ পাই বহুখিনি কথা শিকিবলৈ সক্ষম হৈছিলো। গতিকে, মোৰ অভিনয় জীৱনৰ প্ৰথমজন গুৰু বুলি ক’বলৈ গ’লে অৰুণ নাথ ছাৰ বুলিয়েই ক’ব লাগিব। ২০০৯ ত মুম্বাইলৈ মই অভিনয় কৰিম বুলিয়েই আহিছিলো; গতিকে তেনেকৈয়ে চলি গৈ আছে।

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 6

প্ৰশ্নঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত এগৰাকী অসম কন্যা ৰূপে মুম্বাই আৰু অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ মাজত আপুনি কি পাৰ্থক্য অনুভৱ কৰে?

অংশুমা শইকীয়াঃ মুম্বাই আৰু অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ মাজত বৰ বেছি পাৰ্থক্য মই বিচাৰি নাপাওঁ। কাৰণ যেতিয়া অসমত থাকি কাম কৰা হয় তেতিয়াও অসমৰ বাবেই কৰা হয় আৰু যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়। মাত্ৰ এটাই পাৰ্থক্য অনুভৱ কৰো যে যদিহে মই অসমত কাম কৰো তেতিয়া কেৱল অসমৰ দৰ্শক-শ্ৰোতাইহে চাব কিন্তু যেতিয়া মই মুম্বাইত কাম কৰো; যিহেটো এয়া নেশ্বনেলি হৈ যায় গতিকে তেতিয়া দৰ্শকৰ সংখ্যাটো কিছু পৰিমাণে বৃদ্ধি পায়। অসমতো শেহতীয়াকৈ বহু ধুনীয়া ধুনীয়া কাম হৈ আছে; এটা পৰ্যায়ৰ কাম হয় এতিয়া অসমত গতিকে তেনে কোনো বিশেষ পাৰ্থক্য মই বিচাৰি নাপাওঁ।

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 7

প্ৰশ্নঃ আপোনাৰ আহিবলগীয়া সময়ৰ প্ৰকল্প সমূহৰ বিষয়ে জানিব বিচাৰিম।

অংশুমা শইকীয়াঃ আগন্তুক প্ৰকল্প বুলি ক’বলৈ গ’লে, আছে কিছু কাম হাতত। শেহতীয়াকৈ এটা মোৰ উল্লেখনীয় প্ৰকল্পৰ সমাপ্তি কৰিলো; ষ্টাৰ ভাৰত যোগে সম্প্ৰচাৰিত “দূৰ্গা মাতা কি ছায়া” ত মই অভিনয় কৰিছিলো। মই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছিলো; নিগেটিভ আছিল চৰিত্ৰটো। বহু ভাল ভাল প্ৰশিক্ষিত একোগৰাকী তাৰকাৰ সৈতে কাম কৰাৰ সুবিধা পাইছিলো। এই ধাৰাবাহিকখনৰ সমাপ্তিৰ পিছতেই আচলতে আৰু আন এখন ধাৰাবাহিকৰ অফাৰ মই পাইছিলো; ষ্টাৰ প্লাছৰ ধাৰাবাহিক হয়। ইয়াৰ লগতে, এখন হিন্দী ছবিৰ কথাও চলি আছে; কিন্তু এই প্ৰকল্পটো আৰম্ভ হওঁতে কিছুদিনৰ সময় লাগিব।

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 8

প্ৰশ্নঃ আপোনাৰ মতে এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিব বিচাৰিম।

অংশুমা শইকীয়াঃ “শিল্পী” ৰ সংজ্ঞা আচলতে একেটা শাৰীতেই এনেদৰে কৈ দিয়াটো সম্ভৱ নহয়; তথাপিও মই থুলমুলকৈ ক’বলৈ চেষ্টা কৰো। মই ভাবো, এজন প্ৰকৃত শিল্পীয় সদায় সুন্দৰতাৰ ওপৰত গুৰুত্ব দিয়ে; তেওঁৰ সৃষ্টি সমূহৰ দ্বাৰা যাতে অইনে আনন্দ লাভ কৰিব পাৰে তেওঁ তাকেই প্ৰচেষ্টা কৰা দেখা যায়। সেয়া লাগিলে, এখন চিত্ৰ হওঁক, নৃত্য প্ৰদৰ্শন হওঁক অথবা এখন নাটকৰ এটা চৰিত্ৰ ৰূপায়নেই নহওঁক কিয়; এগৰাকী শিল্পীয়ে সদায় এনে সৃষ্টি কৰে য’ত অইনে নিজৰ আমোদ বিচাৰি পায়।

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 9

ৰূপালীপৰ্দাঃ ধন্যবাদ অংশুমা শইকীয়া। আপোনাৰ কথা খিনিয়েই নিশ্চয় বহুখিনি নৱপ্ৰজন্মক উৎসাহিত কৰিব।

অংশুমা শইকীয়াঃ ধন্যবাদ

]]>
https://rupaliparda.com/archives/24863/feed 0 24863
নিজৰ প্ৰেমক লৈ অনুভৱ ব্যক্ত অভিনেত্ৰী অংকিতা লোখণ্ডেৰঃ https://rupaliparda.com/archives/21693 https://rupaliparda.com/archives/21693#respond Wed, 04 Nov 2020 14:30:58 +0000 https://rupaliparda.com/?p=21693 চচিয়েল মিডিয়াত সক্ৰিয় অংকিতা লোখণ্ডেই তেওঁৰ প্ৰেম বিকি জৈনক উদ্দেশ্যি বাখ্যা কৰিলে নিজ অনুভৱ। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত প্ৰতিটো কথাতে অভিনেতাগৰাকীৰ পৰিয়ালক সহযোগ আগবঢ়োৱা এই গৰাকী অভিনেত্ৰীয়ে শেহতীয়াকৈ তেওঁৰ প্ৰেম বিকি জৈনৰ প্ৰতি থকা নিজ অনুভৱক বাখ্যা কৰি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ক্ষমাও বিচাৰিলে। অভিনেত্ৰী গৰাকীয়ে কয় যে, “তোমাৰ বাবে মোৰ যি অনুভৱ সেয়া মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। যেতিয়া মই মোক আৰু তোমাক একেলগে দেখো তেতিয়া মোৰ মনলৈ প্ৰায়ে এটা কথা আহে; মই ভগৱানৰ ওচৰত চিৰ কৃতজ্ঞ যে মোক তেওঁ এগৰাকী বন্ধু আৰু প্ৰিয়তম হিচাপে তোমাক পঠিয়ালে। মোৰ লগত প্ৰতিটো সময়ত থকা বাবে তোমাক ধন্যবাদ লগতে মোৰ প্ৰতিটো পৰিস্থিতিত মোৰ সৈতে থিয় দিয়াৰ বাবে, মোৰ অসুবিধা খিনি নিজৰ কৰি লোৱাৰ বাবে তোমাক ধন্যবাদ।” আনহাতে অভিনেত্ৰী গৰাকীয়ে বিকিৰ ওচৰত ক্ষমা বিচাৰি কয় যে,

নিজৰ প্ৰেমক লৈ অনুভৱ ব্যক্ত অভিনেত্ৰী অংকিতা লোখণ্ডেৰঃ 10
নিজৰ প্ৰেমক লৈ অনুভৱ ব্যক্ত অভিনেত্ৰী অংকিতা লোখণ্ডেৰঃ 11


“তোমাৰ প্ৰাপ্য নোহোৱা স্বত্বেও মোৰ বাবে তুমি বহুখিনি সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে যাৰ বাবে তোমাক মই ক্ষমা বিচাৰিছো।” উল্লেখ্য যে, ৬ বছৰ ধৰি সুশান্ত আৰু অংকিতা সম্বন্ধত আছিল কিন্তু পিছলৈ তেওঁলোকৰ মাজত ব্ৰেকআপ হোৱাত বিকি জৈনৰ সৈতে অংকিতাৰ সম্পৰ্কৰ খবৰ আহিছিল যদিও এই সম্পৰ্কক কোনোদিনেই ৰাজহুৱা কৰা নাছিল অভিনেত্ৰী গৰাকীয়ে। সুশান্তৰ মৃত্যুৰ পিছত তেওঁক ন্যায় দিয়াৰ স্বাৰ্থত প্ৰায়ে অভিনেত্ৰী গৰাকী উঠি-পৰি ওলাই অহা দেখিবলৈ পোৱা গৈছিল। অংকিতাৰ অনুৰাগীয়েও তেওঁক এই বিষয়ত চাপোৰ্ট কৰিছিল।

]]>
https://rupaliparda.com/archives/21693/feed 0 21693
“কোনো এটা চৰিত্ৰ ৰূপায়ন কৰিবলৈ হ’লে প্ৰতিভাৰ প্ৰয়োজন; টকাৰ নহয়।”- পৰিণীতা বৰঠাকুৰ https://rupaliparda.com/archives/21688 https://rupaliparda.com/archives/21688#respond Wed, 04 Nov 2020 12:30:19 +0000 https://rupaliparda.com/?p=21688 “কোনো এটা চৰিত্ৰ ৰূপায়ন কৰিবলৈ হ’লে প্ৰতিভাৰ প্ৰয়োজন; টকাৰ নহয়।” উক্ত বাক্যশাৰীৰে কিছু কথা প্ৰকাশ কৰে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত অসমীয়া অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে। বৰ্তমান সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক “গুপ্তা চিষ্টাৰচ” ৰ মূখ্য চৰিত্ৰ ৰূপায়িত পৰিণীতা বৰঠাকুৰে শেহতীয়াকৈ এটি ভিডিঅ’ যোগে স্পষ্টীকৰণ দিয়ে। কোনো লোকে “গুপ্তা চিষ্টাৰচ” ধাৰাবাহিকখনত চৰিত্ৰ দিয়াৰ উদ্দেশ্যৰে টকা সৰকোৱা ব্যৱস্থা কৰিছিল যদিও পিছলৈ এই কথা গম পোৱাত পৰিণীতাই নিজ স্পষ্টীকৰণ দাঙি ধৰে। তেওঁ প্ৰতিভাৰে কোনো ব্যক্তিক সামৰ্থৱান হ’বলৈ কয়; টকাৰ ব্যৱহাৰেৰে নহয়। শেহতীয়াকৈ “ষ্টাৰ ভাৰত” ত আৰম্ভ হোৱা এই ধাৰাবাহিকখনে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮৭ চনত জন্মগ্ৰহণ কৰা মুম্বাই প্ৰতিষ্ঠিত অসম জীয়ৰী পৰিণীতা বৰঠাকুৰ অসমীয়া সাংস্কৃতিক জগতৰ এক জনপ্ৰিয় ও সফল নাম। মুনীন বৰুৱাৰ জনপ্ৰিয় ছবি “নায়ক” ৰে অভিনয় জগতত খোজ পেলোৱা এই গৰাকী অভিনেত্ৰীয়ে কেৱল মাত্ৰ অসমীয়া ছবি অথবা ধাৰাবাহিকতে নিজৰ অভিনয়ৰ যাদু চলোৱা নাছিল।

https://www.instagram.com/p/CHAEcG8jyZ4/?utm_source=ig_web_copy_link

"কোনো এটা চৰিত্ৰ ৰূপায়ন কৰিবলৈ হ'লে প্ৰতিভাৰ প্ৰয়োজন; টকাৰ নহয়।"- পৰিণীতা বৰঠাকুৰ 12
"কোনো এটা চৰিত্ৰ ৰূপায়ন কৰিবলৈ হ'লে প্ৰতিভাৰ প্ৰয়োজন; টকাৰ নহয়।"- পৰিণীতা বৰঠাকুৰ 13


তেওঁ হিন্দী ধাৰাবাহিক অথবা জনপ্ৰিয় ছবিতো কাম কৰাৰ সুবিধা লাভ কৰিছে। “চাচ বহু ঔৰ চেনচেক্স” ৰ লগতে কৰীণা আৰু ছেইফ আলি খানৰ ছবি “কোৰবান” ত অভিনীত অভিনেত্ৰী পৰিণীতাই সাৱধান ইণ্ডিয়া, ক্ৰাইম পেট্ৰল, প্ৰীতম প্যাৰস ঔৰ ৱ’ আৰু স্বৰাগ্নি আদি হিন্দী জনপ্ৰিয় ধাৰাবাহিকত ইতিমধ্যে অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে অসমীয়া শ্ৰব্য আৰু ভিডিঅ’ চিডি “পৰিণীতা” কে ধৰি অসমীয়া ছবি “পলে পলে উৰে মন” তথা “গানে কি আনে” ৰ সংগীতত কন্ঠদান কৰিছে।

]]>
https://rupaliparda.com/archives/21688/feed 0 21688
হিন্দী ধাৰাবাহিকৰ মূখ্য চৰিত্ৰত পৰিণীতা বৰঠাকুৰঃ https://rupaliparda.com/archives/20893 https://rupaliparda.com/archives/20893#respond Tue, 06 Oct 2020 12:30:50 +0000 https://rupaliparda.com/?p=20893 আকৌ এক নতুন হিন্দী ধাৰাবাহিকৰ সৈতে দেখিবলৈ পোৱা যাব অসমীয়া অভিনেত্ৰী পৰিণীতা বৰঠাকুৰক। হিন্দী চেনেল “Star Bharat” ত কালি ৰাতিৰ পৰা সম্প্ৰচাৰিত হোৱা “গুপ্তা ব্ৰাডাৰ্ছ” শীৰ্ষক ধাৰাবাহিক খনৰ এক মূখ্য চৰিত্ৰত দেখিবলৈ পোৱা গৈছে পৰিণীতাক। ইতিমধ্যে তেওঁৰ এই চৰিত্ৰটোক পচন্দও কৰিছে বিভিন্নজনে। ১৯৮৭ চনত জন্মগ্ৰহণ কৰা মুম্বাই প্ৰতিষ্ঠিত অসম জীয়ৰী পৰিণীতা বৰঠাকুৰ অসমীয়া সাংস্কৃতিক জগতৰ এক জনপ্ৰিয় ও সফল নাম। মুনীন বৰুৱাৰ জনপ্ৰিয় ছবি “নায়ক” ৰে অভিনয় জগতত খোজ পেলোৱা এই গৰাকী অভিনেত্ৰীয়ে কেৱল মাত্ৰ অসমীয়া ছবি অথবা ধাৰাবাহিকতে নিজৰ অভিনয়ৰ যাদু চলোৱা নাছিল; তেওঁ হিন্দী ধাৰাবাহিক অথবা জনপ্ৰিয় ছবিতো কাম কৰাৰ সুবিধা লাভ কৰিছে।

হিন্দী ধাৰাবাহিকৰ মূখ্য চৰিত্ৰত পৰিণীতা বৰঠাকুৰঃ 14


“চাচ বহু ঔৰ চেনচেক্স” ৰ লগতে কৰীণা আৰু ছেইফ আলি খানৰ ছবি “কোৰবান” ত অভিনীত অভিনেত্ৰী পৰিণীতাই সাৱধান ইণ্ডিয়া, ক্ৰাইম পেট্ৰল, প্ৰীতম প্যাৰস ঔৰ ৱ’ আৰু স্বৰাগ্নি আদি হিন্দী জনপ্ৰিয় ধাৰাবাহিকত ইতিমধ্যে অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে অসমীয়া শ্ৰব্য আৰু ভিডিঅ’ চিডি “পৰিণীতা” কে ধৰি অসমীয়া ছবি “পলে পলে উৰে মন” তথা “গানে কি আনে” ৰ সংগীতত কন্ঠদান কৰিছে।

]]>
https://rupaliparda.com/archives/20893/feed 0 20893
কালাৰ্ছৰ জনপ্ৰিয় ধাৰাবাহিক “বালিকা বধু” ৰ পুনঃসম্প্ৰচাৰঃ https://rupaliparda.com/archives/13203 https://rupaliparda.com/archives/13203#respond Tue, 14 Apr 2020 14:35:49 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13203 “লক-ডাউন” ৰ ফলত বিভিন্ন সৰু-বৰ শ্বুটিং ৰখাই দিয়া হৈছে। ফলত, ধাৰাবাহিক সমূহৰ আগন্তুক খণ্ড সমূহ দেখুৱাব নোৱাৰাৰ ফলত কেইবাটাও চেনেলত পূৰ্বৰ জনপ্ৰিয় ধাৰাবাহিকৰ পুনঃ সম্প্ৰচাৰ কৰা হৈছে। ইয়াৰ ভিতৰত এখন হৈছে জনপ্ৰিয় “বালিকা বধু। হয়, পুনৰ বাৰ কালাৰ্ছত দৰ্শকে দেখিবলৈ পাব ছিৰিয়েল “বালিকা বধু”। বহুল টি.আৰ.পি ৰ সৈতে এই ধাৰাবাহিক খন আছিল দীঘলীয়াকৈ চলা ধাৰাবাহিক সমূহৰ মাজৰ এখন। উক্ত ধাৰাবাহিকখন ৮ বছৰ চলাৰ লগতে ২২৪৫ টা খণ্ড ই সম্পূৰ্ণ কৰিছিল। ইয়াত ভেৰৌ ধৰ্মবীৰ সিং ৰ চৰিত্ৰত অভিনীত অনুপ সোনীয়ে ধাৰাবাহিক খনৰ পুনঃ সম্প্ৰচাৰ বিষয়ে টুইট কৰে। তেওঁ কয় যে, আকৌ এবাৰ কালাৰ্চত “বালিকা বধু”; চাওঁক সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া ৬ বজাত।”

https://twitter.com/soniiannup/status/1249619943089295360
কালাৰ্ছৰ জনপ্ৰিয় ধাৰাবাহিক "বালিকা বধু" ৰ পুনঃসম্প্ৰচাৰঃ 15


“বাল্য বিবাহ” ৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত এই ধাৰাবাহিকখনত মূখ্য ভূমিকা ৰূপায়ন কৰিছিল অৱিকা গৰ আৰু অভিনাশ মূখাৰ্জীয়ে; পিছলৈ এওঁলোকৰ ডাঙৰ চৰিত্ৰটো ৰূপায়ন কৰে প্ৰত্যুষা বেনাৰ্জী আৰু শশাংক ব্যাসে। ইয়াৰ উপৰিও সিদ্ধাৰ্থ শুক্লা, স্মিতা বন্সল, সুৰেখা সিকৰীয়ে ধাৰাবাহিকখনত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰে। ধাৰাবাহিক খনেটো পূৰ্বতে সাংঘাতিক টি.আৰ.পি অৰ্জন কৰিছিল কিন্তু আকৌ এবাৰ পুনঃ সম্প্ৰচাৰত ই দৰ্শকৰ সঁহাৰি পাব নে নাই সেয়া হ’ব লক্ষণীয়।

]]>
https://rupaliparda.com/archives/13203/feed 0 13203
“গোপী বহু” ওৰফে দেৱলিনা ভট্টাচাৰ্য্যই নাচিলে বিহুঃ https://rupaliparda.com/archives/13198 https://rupaliparda.com/archives/13198#respond Tue, 14 Apr 2020 10:30:08 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13198 এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেত্ৰীয়ে যেতিয়া বাপতি সাহোন বিহুটোক আকোঁৱালি এপাক বিহু নাঁচে তেতিয়া তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেনে এক পৰিচয় আছে অসমতে জন্মগ্ৰহণ কৰা গোপী বহু অৰ্থাৎ দেৱলিনা ভট্টাচাৰ্য্যৰ। বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিস্থিত এইগৰাকী অভিনেত্ৰীয়ে ৰঙালীৰ মাজতে বিহু নাচি চচিয়েল মিডিয়াত আপলোড কৰিলে এক ভিডিঅ’; যি এতিয়া দৰ্শকৰ সমাদৰ লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। অসমৰ শিৱসাগৰত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে নিজৰ স্কুলীয়া শিক্ষাও গ্ৰহণ কৰিছিল শিৱসাগৰতেই। নিঁখুট অভিনয়ৰ লগতে দেৱলিনা পাৰ্গত ভাৰতন্যাতম্ টো। ধাৰাবাহিকত অন্তৰ্ভূক্তিৰ পূৰ্বেই তেওঁক দেখিবলৈ পোৱা গৈছিল ডেন্স ৰিয়েলিটী শ্ব’ “ডেন্স ইণ্ডিয়া ডেন্স” ৰ দ্বিতীয়টো সংস্কৰণত। তাৰ পিছতে NDTV ৰ দ্বাৰা প্ৰচাৰিত ধাৰাবাহিক “চাৱাৰে চবকে চপনে প্ৰীতো” ৰ দ্বাৰা দেৱলিনাই আৰম্ভ কৰে নিজৰ অভিনয় জীৱনৰ।


২০১২ চনত “সাথ নিভানা সাথিয়া” ত কৰা চৰিত্ৰটোৰে দেৱলিনাই চিনাকী লাভ কৰে সকলোৰে মাজত। “গোপী বহু” ৰ বাবে তেওঁক দৰ্শকে প্ৰশংসা কৰা উপৰিও কেইবাটাও বঁটা লাভ কৰে এই অভিনেত্ৰী গৰাকীয়ে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত হৈও কিন্তু দেৱলিনাই কোনো দিনেই পাহৰা নাছিল তেওঁৰ ঘাই শিঁপা ডাল; সেইবাবেই হয়টো “বিগ বছ ১৩” অন্তৰ্ভূক্ত হোৱা পিছতো “Weekend Ka Vaar” ত তেওঁক পৰিধান কৰা দেখিবলৈ পোৱা গৈছিল অসমীয়া মেখেলা-ছাদৰ। তেওঁৰ শাৰিৰীক কিছু অসুস্থতাৰ
বাবে শ্ব’টোৰ পৰা ওলাই আহিবলগীয়া হৈছিল যদিও তেওঁ থকা দিনকেইটাৰ শ্ব’টোত তেওঁৰ খেলৰ প্ৰশংসা কৰিছিল বহুতেই।

"গোপী বহু" ওৰফে দেৱলিনা ভট্টাচাৰ্য্যই নাচিলে বিহুঃ 16


“বিগ বছ ১৩” ত থকা সময়ছোৱাতো দেৱলিনাই নিজেই বিহু নাচি তেওঁৰ সৈতে থকা আন আন প্ৰতিযোগিক বিহু নাচিবলৈ শিকাইছিল। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগতে দেৱলিনাইও সঁহাৰি লাভ কৰিছিল বহুতৰ। সমান্তৰালকৈ, অসমৰ কন্ঠশিল্পী ভৃগু কাশ্যপৰ “ৰামধেনু” শীৰ্ষক গীতটিত বিগত বছৰত দেখিবলৈ পোৱা গৈছিল দেৱলিনাক।

]]>
https://rupaliparda.com/archives/13198/feed 0 13198
“জেস্সী” ক লৈ আকৌ আহি আছে মনা সিংঃ https://rupaliparda.com/archives/12908 https://rupaliparda.com/archives/12908#respond Wed, 08 Apr 2020 14:30:58 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12908 “ক’ৰ’ণা ভাইৰাছ” ৰ ফলত চাৰিওফালে এক স্তদ্ধতাই বিৰাজ কৰিছে। ভাৰতত যদিও এফালে চিন্তা দেখিবলৈ পোৱা গৈছে; আনফালে আকৌ বহু লোকে নিজৰ পূৰণি স্মৃতি ৰোমন্থন কৰিছে। সেইবাবেই দূৰদৰ্শনত “ৰামায়ণ” তথা “মহাভাৰত” আদিৰ পুনঃসম্প্ৰচাৰ কৰি দৰ্শকক মনোৰঞ্জন কৰোৱা হৈছে। গতিকে, এনেপৰিপ্ৰেক্ষিততে; এইবাৰ হিন্দী চেনেল চনীত সম্প্ৰচাৰ কৰা হ’ব এখন পূৰণি জনপ্ৰিয় ধাৰাবাহিক। ২০০৩ চনত সম্প্ৰচাৰিত “জেস্সী জেসি কৌই নহী” শীৰ্ষক ধাৰাবাহিকখন আকৌ এবাৰ সম্প্ৰচাৰ কৰা হ’ব চনীত। এইখন ধাৰাবাহিকত মনা সিঙে ডেবিউ কৰিছিল; সংকটৰ সময়ছোৱাত দৰ্শকক অকণমান হাঁহিৰ অৱকাশ দিবলৈ আৰম্ভ কৰা হৈছে কমেডী ধাৰাবাহিক সমূহ।

"জেস্সী" ক লৈ আকৌ আহি আছে মনা সিংঃ 17


স্পটবয়ৰ ৰিপোৰ্টনুসৰি, এই ধাৰাবাহিক খন পুনঃ সম্প্ৰচাৰ কৰা হ’ব। এগৰাকী সাধাৰণ ছোৱালীয়ে নিজৰ জ্ঞানৰ ভিত্তিত এটা ফেশ্বন কোম্পানীত কাম কৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈও সুফল হ’বলৈ সক্ষম হয়। এনে এক কাহিনীৰেই হৈছে “জেস্সী জেসি কৌই নহী”। মনা সিঙৰ বাহিৰেও এই ধাৰাবাহিকখনত অভিনয় কৰিছিল অপূৰ্ব অগ্নিহোত্ৰী, গৌৰৱ গেৰা, বীৰেন্দ্ৰ সকসেনা আৰু পৰমিত সেঠীয়ে।

"জেস্সী" ক লৈ আকৌ আহি আছে মনা সিংঃ 18


উল্লেখ্য যে, পুনঃসম্প্ৰচাৰৰ ফলত ধাৰাবাহিক সমূহৰ টি.আৰ.পি আকাশ চুইছে। কিছুদিন পূৰ্বে “দূৰদৰ্শন” ৰ টি.আৰ.পি ৰ বিষয়ে প্ৰচাৰ ভাৰতীৰ চি.ই.অ শশী শেখৰে কয় যে, “বিগত ২০১৫ চনৰ পৰা আটাইতকৈ টি.আৰ.পি অহা ধাৰাবাহিকখনেই হৈছে “ৰামায়ণ।”

]]>
https://rupaliparda.com/archives/12908/feed 0 12908
হোষ্ট ছলমানৰ ফ্লপ “বিগ বছ ১৩”ঃ কিন্তু কিয়?? https://rupaliparda.com/archives/8861 https://rupaliparda.com/archives/8861#comments Wed, 29 Jan 2020 14:36:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8861 জনপ্ৰিয় ৰিয়েলিটী শ্ব “বিগ বছ” উপভোগ কৰিবলৈ প্ৰত্যেকটো বছৰে জনসাধাৰণক অপেক্ষা কৰা দেখিবলৈ পোৱা যায়। এই শ্ব’টোৰ বিগত ১২ টা সংস্কৰণৰ তুলনাত এইবাৰৰ সংস্কৰণটোক জনসাধাৰণে অধিক পচন্দ কৰা দেখা গৈছিল; যাৰ ফলত “বিগ বছ” আৰু ৫ টা সপ্তাহ অধিক সম্প্ৰচাৰ কৰা নিৰ্দেশ দিয়া হয়।

হোষ্ট ছলমানৰ ফ্লপ "বিগ বছ ১৩"ঃ কিন্তু কিয়?? 19


কিন্তু, এইবাৰৰ সংস্কৰণটোৱে যিমান দৰ্শকক আকৰ্ষিত কৰিছে তাতকৈ অধিক দৰ্শকক অশান্তি দিয়াহে পৰিলক্ষিত হৈছে। শ্ব’টো প্ৰচাৰ হৈ থকা সময়ত বিভিন্ন জনে অশান্তিত টিভিৰ চেনেল সলনি কৰি দিয়া কথাও স্বয়ং ৰিয়েলিটী শ্ব’টোৰ হোষ্ট ছলমান খানে কৈছে। এনে হোৱাৰ তিনিটা কাৰণ হ’ল ক্ৰমেঃ

হোষ্ট ছলমানৰ ফ্লপ "বিগ বছ ১৩"ঃ কিন্তু কিয়?? 20

১. গালি-শপনিঃ আগৰ তুলনাত এইবাৰৰ চিজনত ইজনে-আনজনক অধিক গালি-শপনি দিয়া দেখা গেছে।

২.মাৰ-পিতঃ ৰিয়েলিটী শ্ব’ টোত কোনো প্ৰতিদ্বন্দিয়ে ইজনে আনজনৰ গাত হাত দিব নোৱাৰে বুলি কোৱা থাকে যদিও “বিগ বছ ১৩” ত প্ৰায়ে ইয়াৰ উলংঘন কৰা দেখা গৈছে।

হোষ্ট ছলমানৰ ফ্লপ "বিগ বছ ১৩"ঃ কিন্তু কিয়?? 21

. অসফল “টাক্স”- “বিগ বছ ১৩” ত প্ৰতিদ্বন্দি সকলক এটাও “টাক্স” সূচাৰুৰূপে কৰা দৰ্শকে চাবলৈ পোৱা নাই। যেতিয়াই দৰ্শকে মনোৰঞ্জন হ’বলৈ আৰম্ভ কৰে তেতিয়াই শ্ব’ টোত কাজিয়াৰ সৃষ্টি হয়।

]]>
https://rupaliparda.com/archives/8861/feed 1 8861