Itihaaxh – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 13 Jul 2021 01:24:00 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Itihaaxh – Rupaliparda.com https://rupaliparda.com 32 32 163073109 জীৱন যুদ্ধত অৱতীৰ্ণ জনগণৰ সংগ্ৰাম আৰু মিনিমিৰ “ইতিহাস”- https://rupaliparda.com/archives/27385 https://rupaliparda.com/archives/27385#respond Wed, 14 Jul 2021 08:30:00 +0000 https://rupaliparda.com/?p=27385 প্ৰত্যেক মানৱৰে নিজ জীৱনটো যুদ্ধ সদৃশ; নহয় জানো? আমি প্ৰত্যেকেই জন্ম হোৱাৰ পিছৰে পৰা এই জীৱন নামৰ যুদ্ধক্ষেত্ৰখনত নামি অহৰহ যুদ্ধত অৱতীৰ্ণ থাকোঁ। প্ৰতিদিনেই ৰাতিপুৱা শুই উঠাৰ পিছৰে পৰা আমি যেন কিবা এটা প্ৰাপ্তিৰ ইচ্ছাত নিৰৱিচ্চিন্নভাৱে দৌৰি গৈ আছোঁ। প্ৰাপ্তিতকৈ অপ্ৰাপ্তিৰ পৰিসীমাটো অধিক বহল যদিও আমি থমকি ৰ’বলৈ নিবিচাৰোঁ; থমকি ৰ’লেই ক’ৰবাত কিবা এটা হেৰুৱাৰ বেদনাই আমাক ব্যতিব্যস্ত কৰি তুলিব যেন অনুভৱ হয় আৰু সেইবাবেই অব্যাহত থাকে মোৰ, তোমাৰ তথা আমাৰ সকলোৰে এই যাত্ৰা। অৱশ্যে প্ৰত্যাহ্বান সমূহ আমাৰ জীৱনৰ এৰাব নোৱাৰা অংগ; প্ৰত্যাহ্বান নেওচি যিগৰাকীয়ে নিজ জীৱনত আগবাঢ়িব পাৰে তেওঁয়েই প্ৰকৃত মানৱ। জীৱনকেন্দ্ৰিক প্ৰায় প্ৰতিটো প্ৰকল্পই আকৰ্ষণ কৰে দৰ্শকক। আচলতে, নিজৰ ভাৱানুভূতিক সংযোগ কৰিব পাৰে এই প্ৰকল্প সমূহে। শেহতীয়াকৈ নিজৰ এটি সুন্দৰ ৰেপৰ সৈতে জীৱনৰ কিছু অৰ্থবহুল বাৰ্তা প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে। মিনিমিৰ কণ্ঠত মুক্তিপ্ৰাপ্ত এই ৰেপটোৱে শ্ৰোতাৰ যথেষ্টখিনি সমাদৰো লাভ কৰিছে। অসমীয়া ৰেপ আৰু মিনিমি; এই সংগীত ক্ষেত্ৰখন মিনিমিৰ এক সুকীয়া বৈশিষ্ট গঢ় লৈ উঠিছে। সাম্প্ৰতিক সময়ত আমাৰ সমাজৰ বিভিন্ন নিয়ম-নীতি তথা এই বৰ্তমানৰ সময়ছোৱাত নাগৰিকে সম্মুখীন হ’বলগীয়া বিভিন্ন সমস্যা সমূহৰ ক্ষেত্ৰত মিনিমিয়ে প্ৰস্তুত কৰি উলিওৱা “ইতিহাস” য়ে লাভ কৰিছে সঁহাৰি।


গীতটিত কথা দিয়াৰ লগতে ইয়াত সুৰ-সংগীতৰ দায়িত্বতো আছে মিনিমি নিজেই। সংগীত প্ৰযোজনা ৰফলালাৰ; গীতটিত শব্দ সংমিশ্ৰণ আৰু বাণীবদ্ধ কৰিছে দীপক দাসে। “ৰেপকেপ” ৰ দ্বাৰা সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা মিনিমিৰ “অপ্ৰতিৰোধ্য” এলবামটিত অন্তৰ্ভূক্ত গীতকেইটিয়ে ইয়াৰ পূৰ্বেই জনপ্ৰিয়তা লাভ কৰাত সক্ষম হৈছিল আৰু উক্ত এলবামটোৰেই আন এটি গীত হৈছে সদ্যমুক্তিপ্ৰাপ্ত “ইতিহাস”। ইয়াৰ পূৰ্বেও, আবাহন, গম পাবি ৰহ, “মই খেতিয়ক”, “মোৰ দেশ”ৰ লগতে কিছুদিন পূৰ্বে শ্ৰোতা-দৰ্শকৰ কাষ চপা তেওঁৰ অন্যতম ৰেপ সন্নিৱিষ্ট গীত “বহুত ওপৰৰ মাল” য়ে জনসমাজত বহুল প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এক কথাত ক’বলৈ গ’লে, মিনিমিৰ গীত সমূহে জনসাধাৰণক এক নিৰ্দ্দিষ্ট বিষয়ৰ ওপৰত চিন্তাৰ অৱকাশ দিছে। মিনিমিৰ গীত সমূহত থকা নতুনত্বই তেওঁক শ্ৰোতাৰ কাষলৈ টানি আনিছে। শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিয়ে সংগীত প্ৰেমী শ্ৰোতাক আমোদ প্ৰদানৰ সমান্তৰালকৈ দিছে প্ৰশান্তি; নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত প্ৰায় সমূহ গীতেই যেন বৰ্তমান স্পৰ্শ কৰি গৈছে সকলোকে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিভিন্ন প্ৰশান্তিমূলক তথা আমোদদায়ক গীত সমূহৰ লগতে ৰেপ ক্ষেত্ৰখনতো নৱপ্ৰজন্মৰ সক্ৰিয়তা পৰিলক্ষিত হৈছে।

জীৱন যুদ্ধত অৱতীৰ্ণ জনগণৰ সংগ্ৰাম আৰু মিনিমিৰ "ইতিহাস"- 1

মিনিমিৰ আগন্তুক পৰিকল্পনা আৰু প্ৰচেষ্টা সমূহক লৈ তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা। মিনিমি উঠি অহা প্ৰজন্মটোৰ বাবেও যেন হৈ ৰয় এক উৎসাহৰ কাৰণ।

]]>
https://rupaliparda.com/archives/27385/feed 0 27385