Jonaki Mon & Soulmates – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 12 May 2021 05:02:01 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Jonaki Mon & Soulmates – Rupaliparda.com https://rupaliparda.com 32 32 163073109 সমাগত ঈদ; Jonaki Mon & Soulmates ৰ প্ৰচেষ্টাৰে আহি আছে “আজান”- https://rupaliparda.com/archives/26053 https://rupaliparda.com/archives/26053#respond Thu, 13 May 2021 08:30:00 +0000 https://rupaliparda.com/?p=26053 ক’ৰোণা মহামাৰীৰ সন্ত্ৰাসে সমগ্ৰ বিশ্বক ছানি ধৰিলেও নতুন নতুন খবৰে বৰ্তমানেও জনসাধাৰণক আপ্লুত কৰি ৰখাত সক্ষম হৈছে। সমাগত ঈদ উৎসৱ; আচুঁতীয়াকৈ হ’লেও ঈদৰ বাবে প্ৰস্তুতি চলাইছে মুছলিম সম্প্ৰদায়ৰ প্ৰতিজন জনসাধাৰণে। কিন্তু, আমি আজি দিবলৈ বিচৰা নতুন খবৰটো কেৱল মাত্ৰ মুছলিম সম্প্ৰদায়ৰ বাবেই নহয়; প্ৰতিজন সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ সৈতেই খাপ খোৱা। ঈদ উৎসৱৰ প্ৰাকক্ষণত আপোনালোকৰ মাজলৈ আহিবলৈ সাজু হৈছে এটি নতুন গীত “আজান”; অতিশীঘ্ৰে অৰ্থাৎ অহা ১৫ মে’ তাৰিখে গীতটিক মুকলি কৰি দিয়া হ’ব ৰাইজৰ মাজত। Jonaki Mon & Soulmates ৰ তৰফৰ পৰা আন এটি গীত “আজান” ক কৰি দিয়া হ’ব মুকলি। ইতিমধ্যে তেওঁলোকৰ প্ৰচেষ্টাত মুক্তিপ্ৰাপ্ত একোটা গীতে প্ৰত্যেকজন শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আনহাতে, “আজান” য়েও মুক্তিৰ পূৰ্বেই লাভ কৰিছে শ্ৰোতাৰ সঁহাৰি; এইখিনিতে আপোনালোকক জনাওঁ যে, ইয়াৰ পূৰ্বে Jonaki Mon & Soulmates ৰ তৰফৰ পৰা দুটি গীত ক্ৰমে “সপোন যেন পাওঁ” আৰু “ভাগৰ” ক মুকলি কৰা হৈছিল; তেওঁলোকৰ ব্যক্তিগত ইউটিউব চেনেলত মুক্তি লাভ কৰা গীতকেইটিত ভিউৱাৰচৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া। আপোনালোকেও যদি গীত সমূহৰ কমেন্ট সমূহত চকু ফুৰাই তাতো ধনাত্মক কমেন্টে দেখিবলৈ পোৱা যাব।

সমাগত ঈদ; Jonaki Mon & Soulmates ৰ প্ৰচেষ্টাৰে আহি আছে "আজান"- 1


NB Production ৰ বেনাৰত নিৰ্মিত “আজান” শীৰ্ষক এই গীতটিৰ কথা লিখিছে ডানিশে; লগতে, গীতটিত কন্ঠদান আৰু সুৰ কৰিছে জোনাকী মনে নিজেই। সংগীত প্ৰযোজনা অৰ্ণৱ বশিষ্ঠৰ আৰু শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে ইদীপ্ত দত্ত। সম্প্ৰতি সময়ত দৰ্শক সকল একোটা সুন্দৰ প্ৰকল্প উপভোগ কৰিবলৈ অপেক্ষাৰত হৈ থকা দেখিবলৈ পোৱা যায়। অৱশ্যে ইটোৰ পিছত সিটোকৈ নতুন প্ৰকল্পৰে আগবঢ়া এই নৱপ্ৰজন্মৰ সৃষ্টিয়ে এতিয়া প্ৰত্যেককে মনোৰঞ্জন প্ৰদানত সহায় কৰিছে। দেশত হোৱা বিভীষিকাময় পৰিস্থিতিয়ে আচলতে প্ৰায় প্ৰতিজন ব্যক্তিৰ পৰাই কিবা নহয় কিবা এটা বস্তুক কাঢ়ি নিছে। প্ৰাপ্তিৰ ঠাইডোখৰৰ তুলনাত অপ্ৰাপ্তিৰ ৰেখা ক্ৰমশ বাঢ়ি আকাশলংঘী হৈছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাও এনে বহু শিল্পী আঁতৰি গৈছে যি বৰ্তমানেও সাধাৰণজনৰ কল্পনাৰো অগোচৰ। কিন্তু, চলিত বৰ্ষটোত সাধাৰণজনে বহু প্ৰতিভাক ওলাই অহাও দেখিবলৈ পাইছে। সেয়া চুটি ছবিৰ ক্ষেত্ৰতেই হওঁক অথবা সংগীত ক্ষেত্ৰখনতেই হওঁক; নৱপ্ৰজন্মৰ প্ৰতিভাই বৰ্তমান সকলোকে আপ্লুত কৰিছে। “লক-ডাউন” য়ে প্ৰতিজন ব্যক্তিৰ জীৱনত যিমানেই সন্ত্ৰাসৰ সৃষ্টি নকৰক কিয়; ই কেতিয়াও সৃষ্টিৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে।

সমাগত ঈদ; Jonaki Mon & Soulmates ৰ প্ৰচেষ্টাৰে আহি আছে "আজান"- 2


গতিকে, ক’ব পৰা যায় যে Jonaki Mon & Soulmates ৰ “আজান” ক লৈ বৰ্তমান আশাবাদী সংগীত প্ৰেমী শ্ৰোতা; আৰু এওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/26053/feed 0 26053
“ভাগৰ; বহু উশাহৰ সাঁথৰ” আৰু কিছু কথাঃ https://rupaliparda.com/archives/22940 https://rupaliparda.com/archives/22940#respond Tue, 22 Dec 2020 10:30:06 +0000 https://rupaliparda.com/?p=22940 Jonaki Mon & Soulmates ৰ দ্বিতীয়টো প্ৰয়াস তথা Bioscope ৰ সৌজন্যত সদ্যমুক্তিপ্ৰাপ্ত গীত “ভাগৰ” য়ে বৰ্তমান খলকনি লগাইছে জনসাধাৰণৰ হৃদয়ত। গীতটিৰ কন্ঠৰ গভীৰতাৰ লগতে ভিডিঅ’টোৰ বিষয়বস্তুটোৱে প্ৰতিজন সংগীতপ্ৰেমী অনুৰাগীক উৎসাহিত কৰি তুলিবলৈ সক্ষম হৈ পৰিছে। “ভাগৰ; বহু উশাহৰ সাঁথৰ”, শীৰ্ষক এই গীতটিয়ে ৪ মিনিট দৈৰ্ঘ্যত বুজাব খোজা কথাখিনি অথবা ভিডিঅ’টোত অন্তৰ্ভূক্ত কাহিনীভাগে আচলতে প্ৰতিজন জনসাধাৰণকেই সংযোগ কৰিছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ভাগৰ অথবা ক্লান্তি, বাহ্যিক ভাগৰবোৰতকৈ অধিক কেতিয়াবা এজন ব্যক্তি বিশেষক ভাগৰুৱাই পেলায় তেওঁৰ মানসিক ক্লান্তিয়ে। কিন্তু আপোনজনক কৰা যতনৰ ক্ষেত্ৰত জানো কেতিয়া কোনোবা ভাগৰি পৰিব পাৰে জানো? আপোনজনক সূস্থ কৰি তুলিবলৈ হ’লে তেওঁৰ সৈতে কৰা কষ্টত ভাগৰ নহয়, অনুভৱ কৰিব পৰা যায় অন্য এক মাদকতাহে। এনে বিষয়বস্তুক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছিল “ভাগৰ”। গীতটিৰ ভিডিঅ’ পৰিচালনাত নৱপ্ৰজন্মৰ পৰিচালক মানৱ জ্যোতি বৰুৱাৰ দক্ষতা দেখিবলৈ পোৱা গৈছে; আনহাতে, জোনাকী মনৰ কন্ঠৰ গভীৰতাই গীতটিক আৰু সুফল দিয়াত সক্ষম হৈছে যেন অনুভৱ হয়।


পৰিচালনাৰ উপৰিও গীতটিৰ ভিডিঅ’ৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছে মানৱ জ্যোতি বৰুৱা; আনহাতে ভিডিঅ’টোত কমল লোচনৰ সৈতে অভিনয় কৰিছে দূৰ্গাশ্ৰী বৰাই। ইয়াৰ পূৰ্বেও জোনাকী মনৰ প্ৰথমটো গীত “সপোন যেন পাওঁ” তো দেখিবলৈ পোৱা গৈছিল উক্ত অভিনেতা-অভিনেত্ৰীৰ যুঁটিটো। অভিনয়ৰ দিশটোত আকৌ এবাৰ অনুৰাগীক নিজৰ সুন্দৰ দিশটোক দেখুৱাইছে অভিনেতা কমল লোচনে। ভিডিঅ’ ৰ বিষয়বস্তু কুকীল প্ৰতিম শইকীয়াৰ লগতে গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সংগীত পৰিচালনা জোনাকী মনৰ। গীতটিত কথা ডানিশৰ, সংগীত ব্যৱস্থাপনা সৌৰভ হাজৰিকাৰ আৰু গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে উৎপল শৰ্মাই। গীতটিৰ ভিডিঅ’টোৰ সহযোগী পৰিচালক আৰু সাজ-সজ্জাৰ দায়িত্বত আছে পংখী পেগু; সহকাৰী পৰিচালনা ভাগ্যশ্ৰী তালুকদাৰৰ।

"ভাগৰ; বহু উশাহৰ সাঁথৰ" আৰু কিছু কথাঃ 3


নৱপ্ৰজন্মৰ প্ৰয়াস তথা প্ৰচেষ্টা সঁচাকৈ উল্লেখনীয়। উক্ত দুয়োটা নৱপ্ৰজন্মৰ প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মিত প্ৰকল্প বোৰে টানিছে অনুৰাগীক।

]]>
https://rupaliparda.com/archives/22940/feed 0 22940
Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহি আছে “ভাগৰ”- https://rupaliparda.com/archives/22798 https://rupaliparda.com/archives/22798#respond Wed, 16 Dec 2020 10:30:26 +0000 https://rupaliparda.com/?p=22798 “ভাগৰ”; ইতিমধ্যে এই শব্দটো চচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। আহিবলগীয়া সময়ৰ এটি সুন্দৰ প্ৰকল্পৰ নাম হৈছে “ভাগৰ”। “ভাগৰ” বুলি ক’লে আমি কি বুজো বাৰু? দৈহিক ভাগৰতকৈ আমাক অধিক কষ্ট দিয়ে মানসিক “ভাগৰ” য়ে। বহু উশাহৰ সাঁথৰ “ভাগৰ”; সঁচাকৈ “ভাগৰ” বোৰৰ আঁৰত থকা উত্তৰহীন প্ৰশ্নবোৰৰ মাজত আমি কেতিয়াবা বৰ গভীৰ ভাৱে সোমাই পৰো। কেতিয়াবা ক’ৰবাত ৰৈ যাবলগীয়া হয় আৰু কেতিয়াবা ক’ৰবাৰ পৰা ওলাই আহিব নোৱাৰাত পৰো। “ক্লান্ত” অথবা “ভাগৰে” আগ্ৰাসনত লোৱাৰ পূৰ্বেই আমি সম্পূৰ্ণ মানসিক জোৰেৰে আগবাঢ়ো যাতে ই আমাক পিছলৈ টানি নানে। চলিত মাহৰ ২০ তাৰিখে মুক্তিপাবলগীয়া এই “ভাগৰ” ত নো কি আছে সেয়া চাবলৈ বৰ্তমান উৎসাহিত হৈ পৰিছে সকলো। Jonaki Mon & Soulmates ৰ দ্বিতীয়টো প্ৰচেষ্টা তথা প্ৰয়াসক লৈ অনুৰাগীও হৈ পৰিছে উৎকন্ঠিত। প্ৰকল্পটোৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। জানিব পৰা মতে, উক্ত প্ৰকল্পটোত অনুৰাগীক আপ্লুত কৰিব পৰাকৈ জড়িত হৈ থকা অভিনেতা গৰাকীৰ নাম হৈছে কমল লোচন। অভিনয় ক্ষেত্ৰখনত এঢাপ এঢাপকৈ জনপ্ৰিয়তাক চুমিবলৈ সক্ষম হোৱা কমল লোচনৰ অনুৰাগীও “ভাগৰ” ক লৈ অপেক্ষাৰত।

Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহি আছে "ভাগৰ"- 4


Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহিবলগীয়া এই গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছে মানৱ জ্যোতি বৰুৱা; আনহাতে ভিডিঅ’টোত কমল লোচনৰ সৈতে অভিনয় কৰিছে দূৰ্গাশ্ৰী বৰাই। ভিডিঅ’ ৰ বিষয়বস্তু কুকীল প্ৰতিম শইকীয়াৰ লগতে গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সংগীত পৰিচালনা জোনাকী মনৰ। গীতটিত কথা ডানিশৰ, সংগীত ব্যৱস্থাপনা সৌৰভ হাজৰিকাৰ আৰু গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে উৎপল শৰ্মাই। মানৱ জ্যোতি বৰুৱাৰ পৰিচালনাৰে ইতিমধ্যে আমি দুখনকৈ চুটি ছবিৰ লগতে কেইবাটাও গীত উপভোগ কৰিছো। আহিবলগীয়া সময়ত তেওঁৰ পৰিচালনাৰে হয়টো আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পই লাভ কৰিব মুক্তি। আনহাতে, সংগীত ক্ষেত্ৰখনত নতুনকৈ সংযোজন হোৱা তথা ইটোৰ পিছত সুন্দৰ প্ৰকল্পৰ সৈতে দৰ্শকৰ কাষ চাপিবলৈ সক্ষম হোৱা Jonaki Mon & Soulmates ৰ প্ৰথমটো গীত আছিল “সপোন যেন পাওঁ”। গীতটিয়ে মুক্তিৰ পিছতেই লাভ কৰিছিল জনসাধাৰণৰ বহুল সঁহাৰি।

Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহি আছে "ভাগৰ"- 5
Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহি আছে "ভাগৰ"- 6

সম্প্ৰতি সময়ত দৰ্শক সকল একোটা সুন্দৰ প্ৰকল্প উপভোগ কৰিবলৈ অপেক্ষাৰত হৈ থকা দেখিবলৈ পোৱা যায়। অৱশ্যে ইটোৰ পিছত সিটোকৈ নতুন প্ৰকল্পৰে আগবঢ়া এই নৱপ্ৰজন্মৰ সৃষ্টিয়ে এতিয়া প্ৰত্যেককে মনোৰঞ্জন প্ৰদানত সহায় কৰিছে।

]]>
https://rupaliparda.com/archives/22798/feed 0 22798
“Jonaki Mon & Soulmates” ৰ প্ৰথম সৃষ্টি “সপোন যেন পাওঁ”- https://rupaliparda.com/archives/20153 https://rupaliparda.com/archives/20153#respond Sat, 12 Sep 2020 10:33:00 +0000 https://rupaliparda.com/?p=20153 আকৌ এটা নতুন গীতৰ সৈতে একাংশ নৱপ্ৰজন্মৰ সুন্দৰ সৃষ্টি। “সপোন যেন পাওঁ” শীৰ্ষক গীতটিৰ চৰ্চাৰ সমান্তৰালকৈ ই লাভ কৰিছে বৰ্তমান সংগীত প্ৰেমী শ্ৰোতাৰ সমাদৰো। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীতটোত কন্ঠদান কৰা জোনাকী মনৰ কন্ঠই বহুল ৰূপত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এতিয়া শ্ৰোতা তথা দৰ্শকক; গীতটিৰ কথা আৰু পৰিচালনা কুকিল প্ৰীতমৰ লগতে ইয়াত সংগীত ব্যৱস্থাপনা আৰু প্ৰযোজনা সূদৰ্শন বৰকটকীৰ। শব্দ সংমিশ্ৰণ কৰা হৈছে মুম্বাইত উৎপল শৰ্মাৰ দ্বাৰা আৰু গীতটি বাণীবদ্ধ কৰা হৈছে উদীপ্ত গগৈৰ দ্বাৰা। সংগীত ক্ষেত্ৰখনত সৰুৰ পৰা চিনাকী হোৱা জোনাকী মনৰ এই গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে কমল লোচন আৰু দূৰ্গাশ্বৰ বৰাই; গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাসনা তিৰাপ সীমান্ত মেধিৰ। প্ৰথমাৱস্থাত মাতৃৰ পৰা ক্লাচিকেল গীতৰ জ্ঞান আহৰণ কৰা জোনাকী মনে ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে জনাইছিল যে,

https://youtu.be/slZVfU2UmFI


“মই মেট্ৰিক পৰীক্ষা দিয়ে মুম্বাইলৈ গুচি গৈছিলো; তাত বহুখিনি বস্তু শিকিলো, অভিজ্ঞতাও হৈছিল মোৰ তাত যথেষ্টখিনি। তাত থকা অৱস্থাত মই অসমৰো কিছু কিছু কামত অন্তৰ্ভূক্ত নোহোৱাকৈ থকা নাছিলো বাৰু! মই সমান্তৰালভাৱে দুই ফালৰ কামত নিয়োজিত হৈছিলো। মুম্বাইত মই T-Series ৰ বেনাৰত এখন হিন্দী ছবি Gangs Of littles ৰ গীতত কন্ঠদান কৰিছো। তাৰ পিছত গুৱাহাটীলৈ আহি মই বৰ্তমান অব্যাহত ৰাখিছো সংগীত যাত্ৰাটো… ।” আগন্তুক সময়ত আন কেইবাটাও প্ৰকল্পৰ সৈতে দেখিবলৈ পোৱা যাব নৱপ্ৰজন্মৰ এই কন্ঠশিল্পী গৰাকীক।

"Jonaki Mon & Soulmates" ৰ প্ৰথম সৃষ্টি "সপোন যেন পাওঁ"- 7


Light Bucket Stories শীৰ্ষক ইউটিউব চেনেলটোত মুক্তি লাভ কৰা এই গীতটিত বৰ্তমান ভিউৱাৰচৰ সংখ্যাও উল্লেখনীয়। সংগীত ক্ষেত্ৰখনত নতুনকৈ নামি পৰা “Jonaki Mon & Soulmates” ৰ এয়াই আছিল তেওঁলোকৰ প্ৰথমটো সৃষ্টি।

]]>
https://rupaliparda.com/archives/20153/feed 0 20153