joymoti – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 26 Mar 2021 04:14:47 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 joymoti – Rupaliparda.com https://rupaliparda.com 32 32 163073109 আজি “জয়মতী দিৱস”; অনুভূতি কাকতি গোস্বামীৰ “জয়মতী” ৰ জনপ্ৰিয়তাঃ https://rupaliparda.com/archives/25024 https://rupaliparda.com/archives/25024#comments Sat, 27 Mar 2021 08:30:00 +0000 https://rupaliparda.com/?p=25024 “সতী জয়মতী”; ই এনে এক কাহিনী অথবা এনে এক নাম, যাৰ কাহিনী প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে শিঁপাই আছে। প্ৰজন্মৰ পিছত প্ৰজন্ম আহিলেও ই কোনোদিন লুপ্ত নহয় হৃদয়ৰ পৰা; আজি ২৭ মাৰ্চ অৰ্থাৎ সৰ্বত্ৰে পালন কৰা হৈছে জয়মতী দিৱস। অসম বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিখা সতী জয়মতীৰ নামৰ লগতে তেওঁৰ সত্বা, সাধনা, একাগ্ৰতাক আজিও পাহৰিব পৰা নাই কোনেও। জয়মতী দিৱস উপলক্ষে কিছুদিন পূৰ্বে অসমীয়া কন্ঠশিল্পী তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা অনুভূতি কাকতি গোস্বামীৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি গীত “জয়মতী”; গীতটি উপভোগ কৰা প্ৰত্যেক গৰাকী শ্ৰোতা-দৰ্শকে কেৱল মাত্ৰ এটাই কথা কৈছে যে এই গীতটি শুনি থকা সময়ছোৱাত তেওঁলোকৰ গাঁৰ নোম শিঁয়ৰি উঠিছিল। অৱশ্যে, কথাষাৰ একেবাৰেই নুই কৰিব নোৱাৰি যে “সতী জয়মতী” ৰ বাস্তৱ কাহিনীভাগেই ইমান অধিক হৃদয়স্পৰ্শী যে তেওঁৰ বিষয়ক লৈ নিৰ্মিত প্ৰায় প্ৰতিটো প্ৰকল্পত দৰ্শকৰ আগ্ৰহ নিজাববীয়াকৈ সৃষ্টি হয়। আনহাতে, অনুভূতি কাকতি গোস্বামীৰ কন্ঠৰে মুক্তি লাভ কৰা এই গীতটিৰ প্ৰসংগলৈ যদি আহো তেতিয়াহ’লে আপোনাকলোকক এটাই কথা ক’ব লাগিব যে এই গীতটিক উপভোগ কৰক; কাৰণ, গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীৰ নিঁখুট কৰ্মই গীতটিক আৰু অধিক উপভোগ্য কৰি তুলিছে। কন্ঠশিল্পী গৰাকীৰ কন্ঠ সমন্বিতে উপস্থাপিত ভিডিঅ’টোৱেও দৰ্শকক নিজৰ ফালে আজুৰিবলৈ সক্ষম হৈ পৰিছে।


উল্লেখ্য যে, “জয়মতী” শীৰ্ষক সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিৰ কাম বিগত ১০ বছৰ ধৰি কৰি থকা হোৱাৰ লগতে এই গীতটিত কথা কাৰ আছিল সেয়া বৰ্তমানেও অজ্ঞাত। মাত্ৰ এই গীতটিৰ বাবে কথা সংগ্ৰহ কৰা হৈছিল বোকাখাত নিবাসী নিত্যা নন্দা বৰদলৈৰ দেৱৰ পৰা। সাংস্কৃতিক পৰিয়ালত জন্ম লাভ কৰা অনুভূতি কাকতি গোস্বামীৰ এই গীতটিত সুৰ কৰিছে সেউজ অনুভূতিয়ে আৰু লগতে সংগীত প্ৰযোজনা ইমন সেউজ গোস্বামীৰ। গীতাৰ ঋতু পবন কটকীৰ লগতে গীতটিৰ কিছু অংশত কন্ঠদান কৰিছে অনুষ্মা শৰ্মাই; ডাবিং চুপাৰভাইজাৰ সুকুমাৰ দত্ত। মুম্বাইস্থিত Heartz Studio আৰু Swarit Studio ত বাণীবদ্ধ হোৱা এই “জয়মতী” গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে মুম্বাইৰে Play head Studio ত ৰূপজিৎ দাসে। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা জাবালিক খাউণ্ডে আৰু দৃশ্যগ্ৰহণ কৰিছে বিদ্যুৎ শইকীয়াই। সম্পাদনা অমল কাকতিৰ আৰু সহঃ সম্পাদনা অম্বৰিশ বৰকটকীৰ। পোহৰ ৰাজীৱ দাসৰ, ৰূপসজ্জা দেৱ শৰ্মাৰ লগতে সাজসজ্জা ত্ৰিদিশা শৰ্মা আৰু কমলা ক’লৰ। প্ৰডাকচন মেনেজাৰ হিচাপে কাম কৰিছে দীপ বৰাই আৰু ভি এফ এক্স দিব্যজ্যোতি বৰাৰ।

আজি "জয়মতী দিৱস"; অনুভূতি কাকতি গোস্বামীৰ "জয়মতী" ৰ জনপ্ৰিয়তাঃ 1


অনুভূতি কাকতি গোস্বামীৰ এই নতুন গীতটিক লৈ তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/25024/feed 1 25024
“জয়মতী” মৌন যুদ্ধক লগত লৈ অনুভূতি কাকতি গোস্বামীৰ নতুন গীতঃ https://rupaliparda.com/archives/24802 https://rupaliparda.com/archives/24802#respond Fri, 19 Mar 2021 08:30:37 +0000 https://rupaliparda.com/?p=24802 আগন্তুক ২৭ মাৰ্চ তাৰিখে জয়মতী দিৱস উদযাপন কৰিব সমগ্ৰ অসমবাসীয়ে। জয়মতীক সুঁৱৰি উক্ত দিনটোত ঠাইয়ে ঠাইয়ে ভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ’ব। সতী জয়মতীৰ কষ্ট, সাধনা, ত্যাগ আদিক লগত লৈ আমি প্ৰত্যেকেই কেৱল মাত্ৰ এটা দিনতেই যে তেওঁক সুঁৱৰিম আচলতে তেনে নহয়; এতিয়াও আমাৰ সমাজত জয়মতীৰ উদাহৰণেৰে নাৰীয়ে ত্যাগ কৰিছে, নিৰৱিচ্চিন্ন সাধনা কৰিছে। তেওঁৰ কষ্টৰ সৈতে তুলনা যদিও কৰিব পৰা নাযায় তৎস্বত্বেও তেওঁৰ জীৱন গাঁথা শুনিলে আজিও প্ৰতিজন অসমীয়াৰ গাৰ নোঁম শিঁয়ৰি উঠে। অসম বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰোৱা নামটোৱে হৈছে সতী জয়মতীৰ; জেৰেঙা পথাৰত আজিও হয়টো জয়মতীৰ কান্দোন ভাঁহি আছে। তেওঁৰ ত্যাগৰ সৰু সৰু টুকুৰাবোৰ সামৰি আজিও জেৰেঙা পথাৰখন চাবলৈ বহু লোকৰ সোঁত বয়। জয়মতী আছিল ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ বিষয়ববীয়া বৰগোঁহাই বংশৰ জীয়াৰী। গদাপণিৰ পত্নী জয়মতীক লৈ ইতিমধ্যে বহু গৱেষণা পত্ৰ, ভিচিডি, একোখন ছবিৰ নিৰ্মাণ হোৱা আমি দেখিছো। কিন্তু, বৰ্তমানেও জয়মতী আমাৰ মনত সজীৱ গতিকে তেওঁক লৈ এতিয়াও আমাৰ অসমীয়া শিল্পী সমাজ উৎকন্ঠিত হৈ থকা দেখিবলৈ পোৱা যায়। এনেপৰিপ্ৰেক্ষিততে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অনুভূতি কাকতি গোস্বামীৰ কন্ঠৰে মুক্তি পাবলৈ সাজু হৈছে নতুন গীত “জয়মতী”। যোৰহাটত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে নিজ মাতৃৰ পৰাই লাভ কৰে শাস্ত্ৰীয় সংগীতৰ বুনিয়াদী শিক্ষা; সৰুৰ পৰাই সাংস্কৃতিক পৰিৱেশ লাভ কৰা অনুভূতিৰ আহিবলগীয়া “জয়মতী” শীৰ্ষক গীতটিক লৈ শেহতীয়াকৈ উৎসাহিত হৈ পৰিছে সকলো।

"জয়মতী" মৌন যুদ্ধক লগত লৈ অনুভূতি কাকতি গোস্বামীৰ নতুন গীতঃ 2


আচলতে, “জয়মতী” বুলি ক’লেই আমি প্ৰতিজন অসমীয়া এই নামটোৰ সৈতে জড়িত হৈ পৰো; তেওঁৰ নামটো শুনাৰ লগে লগে আমাৰ চকুলৈ ভাঁহি আহে তেওঁৰ মৌনতাৰ যুদ্ধ। আহিবলগীয়া গীতটিৰ কাম ১০ বছৰ ধৰি কৰি থকা হৈছে; ইয়াত কথা কাৰ আছিল সেয়া বৰ্তমানেও অজ্ঞাত। গীতটিৰ কথা সংগ্ৰহ কৰা হৈছিল বোকাখাত নিবাসী নিত্যা নন্দা বৰদলৈ দেৱৰ পৰা। গীতটিত সুৰ কৰিছে সেউজ অনুভূতিয়ে আৰু লগতে সংগীত প্ৰযোজনা ইমন সেউজ গোস্বামীৰ। গীতাৰ ঋতু পবন কটকীৰ লগতে গীতটিৰ কিছু অংশত কন্ঠদান কৰিছে অনুষ্মা শৰ্মাই; ডাবিং চুপাৰভাইজাৰ সুকুমাৰ দত্ত। মুম্বাইস্থিত Heartz Studio আৰু Swarit Studio ত বাণীবদ্ধ হোৱা এই “জয়মতী” গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে মুম্বাইৰে Play head Studio ত ৰূপজিৎ দাসে। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা জাবালিক খাউণ্ডে আৰু দৃশ্যগ্ৰহণ কৰিছে বিদ্যুৎ শইকীয়াই। সম্পাদনা অমল কাকতিৰ আৰু সহঃ সম্পাদনা অম্বৰিশ বৰকটকীৰ। পোহৰ ৰাজীৱ দাসৰ, ৰূপসজ্জা দেৱ শৰ্মাৰ লগতে সাজসজ্জা ত্ৰিদিশা শৰ্মা আৰু কমলা ক’লৰ। প্ৰডাকচন মেনেজাৰ হিচাপে কাম কৰিছে দীপ বৰাই আৰু ভি এফ এক্স দিব্যজ্যোতি বৰাৰ।


অনূভূতি কাকতি গোস্বামীৰ এই গীতটি মুক্তি লাভ কৰিব ২৩ মাৰ্চ তাৰিখে Dhwani Records নামে ইউটিউব চেনেলটোত। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/24802/feed 0 24802
১৯৩৫-৪০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ https://rupaliparda.com/archives/12392 https://rupaliparda.com/archives/12392#respond Mon, 30 Mar 2020 12:30:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12392 ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “জয়মতী” মুক্তিৰ পিছত অসমীয়া ছবিয়ে যেন প্ৰাণ পাই উঠিছিল। একাধাৰে ১৯৩০ বৰ্ষটোৰ পৰা ১৯৪০ বৰ্ষলৈ অসমীয়া ভাষাত মুঠ ২ খন ছবি নিৰ্মাণ হৈছিল; য’ত দুখন ছবিয়েই আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ। অসমীয়া ছবি ধাৰাটো সেইটো সময়ৰ পৰা বৰ্তমানলৈ একেদৰেই বৰ্তি আছে। জানো আহক ১৯৩৫ চনৰ পৰা পিছলৈ মুক্তিপ্ৰাপ্ত ছবিসমূহৰ বিষয়ে কিছু কথাঃ

জয়মতীঃ

১৯৩৫-৪০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 3

২০২০ চনৰ মাৰ্চৰ ১০ তাৰিখে “জয়মতী” ছবিখনে অতিক্ৰম কৰিছিল মুঠ ৮৫ টা বৰ্ষ। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি “জয়মতী” য়ে। কলিকতাৰ ৰৌণক থিয়েটাৰত ১০ মাৰ্চত মুকলি কৰা এই ছবিখনৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ পৰা। ভোলাগুৰি চাহ বাগিচাত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজাববীয়াকৈ সজাই লৈছিল “চিত্ৰৱন ষ্টুডিঅ”। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ আশানুৰূপ সঁহাৰি লাভ নকৰাৰ ফলত বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। উল্লেখ্য যে, দৰ্শকক আকৰ্ষিত কৰিব নোৱাৰাৰ বাবে সম্পূৰ্ণ দোষ নিজৰ ওপৰত লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছবিখন হেৰাই যোৱা বুলি মানি লোৱা হৈছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই ছবিখনৰ সাতোটা ৰীল গেৰেজ ঘৰত পৰি থকা আৱিষ্কাৰ কৰে। সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ আধাৰত নিৰ্মিত “জয়মতী” ত ৰাছিয়ান চলচিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়।
“জয়মতী” ত অভিনয় কৰিছিল আইদেউ সন্দিকৈ, স্বৰ্গজ্যোতি বৰুৱা, মনোভিৰাম বৰুৱা, ফণী শৰ্মা, স্নেহ চন্দ্ৰ বৰুৱা, নৰেন বৰদলৈ, ৰানা বৰুৱা, চামচুল হক, ৰাজেন বৰুৱা, পুতুল হক, প্ৰতাপ বৰুৱা, ৰাজকুমাৰী গোহাই, সুবৰ্ণৰেখা শইকীয়া, ললিত, মোহন চৌধুৰী, বনমালী দাস, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, কমলা প্ৰসাদ আগৰৱালা, ফুনু বৰুৱা আৰু মোহিনী ৰাজকুমাৰীয়ে। ছবিখনৰ মুঠ বস্ক অফিচ কালেকচন আছিল ১.৪৮ টকা।

ইন্দ্ৰমালতীঃ

১৯৩৫-৪০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 4

উক্ত বৰ্ষটোত মুক্তিপ্ৰাপ্ত দ্বিতীয়খন ছবি আছিল “ইন্দ্ৰমালতী”। সতী টকিজত ১৯৩৯ চনৰ ৩০ জুলাই তাৰিখে ইয়াৰ প্ৰিমিয়াৰ কৰা হৈছিল। জ্যোতিপ্ৰসাদৰ পৰিচালনা তথা প্ৰযোজনাৰ দ্বিতীয়খন অসমীয়া বোলছবি “ইন্দ্ৰমালতী”। বহুতেই কয় যে, জয়মতীত হোৱা লোকচানৰ বান্ধ মাৰিবলৈ এই ছবিখন প্ৰস্তুত কৰা হৈছিল। আছলতে, জ্যোতিপ্ৰসাদে নিজেও কৈছে “ফিল্মখনৰ অৰ্থক্ষতি আৰু সৌন্দৰ্য্য হানি কৰিও খৰচ কমাই ৰখা হৈছে। টকা খৰচ কমাবলৈকে ছবিখনৰ বহুত ঠাইত কথাৰ বহুলতা কমাই পেলোৱা হৈছে আৰু তাৰ বাবে ছবিখনৰ সৌন্দৰ্য্য হানি নোহোৱাকৈ থকা নাই।” এই ছবিখন নিৰ্মাণৰ মুঠ বাজেট আছিল মুঠ ১৫ হাজাৰ টকা।দৰাচলতে, “ইন্দ্ৰমালতী” ছবিখন এটা প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। জ্যোতিপ্ৰসাদৰ স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। বহিঃদৃশ্যৰ শ্বুটিং সম্পন্ন কৰা হৈছিল তেজপুৰৰ মিছন চাৰিআলিত আৰু অন্তঃদৃশ্যৰ শ্বুটিং কৰা হৈছিল কলিকতাৰ নাৰিকেলডোংগাৰ অৰোৰা ষ্টুডিঅ’ত।
ছবিখনৰ মূখ্য চৰিত্ৰ দুটাৰ নাম আছিল ইন্দ্ৰ+মালতী আৰু, নাম দুটা লৈয়ে ছবিখনৰ নাম দিয়া হৈছিল। ছবিখনৰ সম্পূৰ্ণ অংশ বৰ্তমান নাই। ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেও অভিনয় কৰিছিল। ইয়াৰ লগতে ছবিখনত অভিনয় কৰিছে মনোভিৰাম বৰুৱা,ফণী শৰ্মা, জ্ঞানদাভিৰাম বৰুৱা, ডাঃ ললিত মোহন চৌধুৰী,থানু বৰা ,ভূপেন হাজৰিকা,ৰাসেশ্বৰী বৰুৱা,উপা কটক, অন্ন বুজৰবৰুৱা,বেদানন্দ শৰ্মা,খৰ্গেশ্বৰ আগৰৱালা,মণি লাহিড়ী,গজেন বৰুৱা,কাশীকান্ত শইকীয়া,শুভ বৰুৱা,হেমলতা কলিতা,আৰু ঘনকান্ত সিংহই।
১৯৩০ চনত অসমীয়া ছবিৰ পাতনি মেলা হৈছিল যদিও ই ঠন ধৰি উঠিছিল ১৯৭০ চনতহে। ১৯৭০ চনত কেইবাখনো অসমীয়া ছবিয়ে মুক্তি লাভ কৰাৰ লগতে দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

]]>
https://rupaliparda.com/archives/12392/feed 0 12392
প্ৰথম অসমীয়া ছবি “জয়মতী” য়ে অতিক্ৰম কৰিলে ৮৫ টা বৰ্ষঃ https://rupaliparda.com/archives/11229 https://rupaliparda.com/archives/11229#respond Tue, 10 Mar 2020 10:00:56 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11229 অসমীয়া ছবি ক্ষেত্ৰ খনৰ বাবে আজি এক বিশেষ দিন। ১৯৩৫ চনৰ আজিৰ দিনটোতেই মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি “জয়মতী”। “জয়মতী” ছবিখনে আজি সগৌৰৱেৰে অতিক্ৰম কৰিলে নিজ ৮৫ টা বছৰ। যেতিয়াই কোনো লোকে অসমীয়া ছবি জগত খনৰ উল্লেখ কৰিব;সমান্তৰালকৈ উল্লেখ কৰিব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত ছবি “জয়মতী” ৰ। কলিকতাৰ ৰৌণক থিয়েটাৰত ১০ মাৰ্চত মুকলি কৰা ছবিখনৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ পৰা। ভোলাগুৰি চাহ বাগিচাত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজাববীয়াকৈ সজাই লৈছিল “চিত্ৰৱন ষ্টুডিঅ”। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই।

প্ৰথম অসমীয়া ছবি "জয়মতী" য়ে অতিক্ৰম কৰিলে ৮৫ টা বৰ্ষঃ 5


গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ আশানুৰূপ সঁহাৰি লাভ নকৰাৰ ফলত বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। উল্লেখ্য যে, দৰ্শকক আকৰ্ষিত কৰিব নোৱাৰাৰ বাবে সম্পূৰ্ণ দোষ নিজৰ ওপৰত লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছবিখন হেৰাই যোৱা বুলি মানি লোৱা হৈছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই ছবিখনৰ সাতোটা ৰীল গেৰেজ ঘৰত পৰি থকা আৱিষ্কাৰ কৰে। সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ আধাৰত নিৰ্মিত “জয়মতী” ত ৰাছিয়ান চলচিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়।

প্ৰথম অসমীয়া ছবি "জয়মতী" য়ে অতিক্ৰম কৰিলে ৮৫ টা বৰ্ষঃ 6
প্ৰথম অসমীয়া ছবি "জয়মতী" য়ে অতিক্ৰম কৰিলে ৮৫ টা বৰ্ষঃ 7


“জয়মতী” ত অভিনয় কৰিছিল আইদেউ! সন্দিকৈ, স্বৰ্গজ্যোতি বৰুৱা, মনোভিৰাম বৰুৱা, ফণী শৰ্মা, স্নেহ চন্দ্ৰ বৰুৱা, নৰেন বৰদলৈ, ৰানা বৰুৱা, চামচুল হক, ৰাজেন বৰুৱা, পুতুল হক, প্ৰতাপ বৰুৱা, ৰাজকুমাৰী গোহাই, সুবৰ্ণৰেখা শইকীয়া, ললিত, মোহন চৌধুৰী, বনমালী দাস, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, কমলা প্ৰসাদ আগৰৱালা, ফুনু বৰুৱা আৰু মোহিনী ৰাজকুমাৰীয়ে।

]]>
https://rupaliparda.com/archives/11229/feed 0 11229
জ্যোতিপ্ৰসাদৰ “জয়মতী” তকৈ ব্যতিক্ৰমী মঞ্জু বৰাৰ “জয়মতী”- https://rupaliparda.com/archives/10266 https://rupaliparda.com/archives/10266#respond Wed, 12 Feb 2020 10:32:12 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10266 ১৯৩৫ চনৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “জয়মতী” তকৈ কিছু তথ্য সলনি কৰি ২০০৬ চনত মঞ্জু বৰাই নিৰ্মাণ কৰি উলিয়াইছিল এখন নতুন “জয়মতী”। এগৰাকী অবলা, অজলা আৰু সৰল মনৰ অধিকাৰী কৰি “জয়মতী” ক উপস্থাপন কৰা হোৱা নাই মঞ্জু বৰাৰ “জয়মতী” ত। বৰঞ্চ, মঞ্জু বৰাই জয়মতীক এগৰাকী সবল, শক্তিশালী আৰু ৰাজনৈতিক ভাৱে দূৰদৰ্শী নাৰী ৰূপে উপস্থাপন কৰিছিল তেওঁৰ ছবিখনত।

জ্যোতিপ্ৰসাদৰ "জয়মতী" তকৈ ব্যতিক্ৰমী মঞ্জু বৰাৰ "জয়মতী"- 8


লাচিত বৰফুকনৰ মোমায়েকক কটা দৃশ্যৰে আৰম্ভ হোৱা এই ছবিখনত জ্যোতিপ্ৰসাদৰ “জয়মতী” ৰ “ডালিমী” চৰিত্ৰটো নাই। আনহাতে, ডালিমীৰ পৰিৱৰ্তে ইয়াত পৰিচালক গৰাকীয়ে এটা ঐতিহাসিক চৰিত্ৰ অৱতাৰণা ঘটাইছে; সেয়া হৈছে নগা কন্যা “নে পে’ ওয়ানছা’ কুৱৰী ওৰফে জুলুমী”। মাৰ্ঘেৰিটাৰ কেটেটং গাওঁত চিত্ৰগ্ৰহণ হোৱা এই ছবিখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ ছবি সমাৰোহত প্ৰদৰ্শিত কৰা হৈছিল।

জ্যোতিপ্ৰসাদৰ "জয়মতী" তকৈ ব্যতিক্ৰমী মঞ্জু বৰাৰ "জয়মতী"- 9
জ্যোতিপ্ৰসাদৰ "জয়মতী" তকৈ ব্যতিক্ৰমী মঞ্জু বৰাৰ "জয়মতী"- 10


এই ছবিখনত অভিনয় কৰিছে নিতা বসুমতাৰী, ৰোহণ দলে, বিষ্ণু খাৰঘৰীয়া, তৌফিক ৰহমান আৰু প্ৰাঞ্জল শইকীয়াই।

]]>
https://rupaliparda.com/archives/10266/feed 0 10266
প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ ৰ কথাৰে- https://rupaliparda.com/archives/6219 https://rupaliparda.com/archives/6219#comments Sat, 18 Jan 2020 11:33:23 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6219 উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ছবি “জয়মতী” ৰ অভিনেত্ৰী আইদেউ সন্দিকৈ অৰ্থাৎ আইদেউ নীলম্বৰ সন্দিকৈৰ জন্ম হৈছিল ১৯১৫ চনত এটা দুখীয়া পৰিয়ালত। গোলাঘাটস্থিত পানীদিহিঙিয়া নামে ঠাইত জন্মলাভ কৰা আইদেউ আছিল বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী নাৰী। সেইসময়ত এগৰাকী নাৰী বোলছবিত অভিনয় কৰাক লৈ আইদেউ নিজ সমাজতেই হৈ পৰিছিল একাষৰীয়া। তেওঁৰ পৰিয়ালে সমাজত ক্ষমা বিছৰা স্বত্বেও তেওঁলোকক পানী খাবলৈও বেলেগ পুখুৰীৰ ব্যৱস্থা কৰি দিয়া হৈছিল।

প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ ৰ কথাৰে- 11


পূৰ্বতে বোলছবি এখনত নাৰীৰ চৰিত্ৰও কৰা হৈছিল পুৰুষৰ দ্বাৰা। কোনো নাৰীয়ে অভিনয় কৰিবলৈ সাহসো নাছিল আৰু পৰিয়ালবৰ্গই অনুমতিও প্ৰদান কৰা নাছিল। তেনেস্থলত আইদেউ সন্দিকৈয়ে অভিনয় কৰা লগতে নিজ সহঃঅভিনেতাক “বঙহৰদেউ” সম্বোধন কৰাটো সমাজে সহ্য কৰিব পৰা নাছিল। ফলত তেওঁ অভিনয় কৰা বোলছবি “জয়মতী” খনো নিজে চাব পৰা নাছিল।

প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ ৰ কথাৰে- 12


পৰৱৰ্তী সময়ত যেতিয়া ১৯৮৫ চনত অসমীয়া চলচিত্ৰৰ সোণালী জয়ন্তী উদযাপন কৰা হৈছিল তেতিয়াহে আইদেউ সন্দিকৈ অভিনীত “জয়মতী” ৰ ৰীল বিচাৰি পোৱা হৈছিল আৰু তাৰ পিছতেই চৰকাৰে আইদেউক ১০০০ টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিল। “পদ্মশ্ৰী বঁটা” ৰ বাবে মনোনয়ন লাভ কৰিছিল যদিও কেৱল মাত্ৰ এখন ছবিতেই অভিনয় কৰাৰ বাবে তেওঁক প্ৰদান কৰা নহ’ল উক্ত বঁটাতো।

প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ ৰ কথাৰে- 13


উল্লেখ্য যে, আইদেউ সন্দিকৈৰ জীৱন সংগ্ৰামৰ ওপৰত ২০০৭ চনত অৰূপ পান্নাৰ পৰিচালনাৰে নিৰ্মিত কৰা হৈছিল এখন বোলছবি “আইদেউ” (Aideu – Behind the Screen) । ইয়াৰ উপৰিও ২০১৩ চনৰ ১৩ আগষ্টত প্ৰথমটো ভ্ৰাম্যমাণ ছবিঘৰ “আইদেউ টকীজ” ৰ নামেৰে স্থাপিত কৰা হৈছিল। ২০০২ চনৰ ১৭ ডিচেম্বৰত মৃত্যু আঁকোৱালি লোৱা এইগৰাকী অভিনেত্ৰীক জনসমাজে কাহানিও পাহৰিব নোৱাৰে।

]]>
https://rupaliparda.com/archives/6219/feed 1 6219
“নাৰী কেন্দ্ৰিক” অসমীয়া ছবিঃ https://rupaliparda.com/archives/7175 https://rupaliparda.com/archives/7175#respond Fri, 03 Jan 2020 12:32:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7175 জ্যোতিপ্ৰসাদৰ “জয়মতী” ৰে আৰম্ভ হোৱা অসমীয়া চলচিত্ৰৰ ধাৰাই এক বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰিছে। অসমীয়া চলচিত্ৰত “নাৰী” কেন্দ্ৰিক চিনেমা নিৰ্মাণ কৰা হৈছিল “জয়মতী” পৰাই। নাৰীৰ মনস্তাত্বিক অৱস্থা, তেওঁলোকৰ আৱেগ-অনুভূতিক চিত্ৰিত কৰি অসমীয়া বোলছবি জগতত মুক্তি পাই আহিছে একাংশ বোলছবি।
ইয়াৰ ভিতৰত কেইখনমান ছবি হ’ল ক্ৰমে “জয়মতী” (১৯৩৫), “অপৰূপা” (১৯৮২), ফিৰিঙতি(১৯৯২), লাজ (২০০৪)। উল্লেখ্য যে, আধুনিকতাই বহুখিনি সলনি কৰিলেও বৰ্তমানেও নাৰীক প্ৰাধান্য দি নিৰ্মিত ছবিয়ে জনমানসত এক উচ্চস্থান লাভ কৰি আহিছে।

জয়মতী

"নাৰী কেন্দ্ৰিক" অসমীয়া ছবিঃ 14

প্ৰথম ছবি “জয়মতী” ত গিৰিয়েকৰ প্ৰতি থকা আন্তৰিকতা,দায়বদ্ধতা,মৰম-স্নেহ আদি চিত্ৰিত কৰা হৈছিল। সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ এক অধ্যায়ক কেন্দ্ৰ কৰিয়েই উপস্থাপন কৰা হৈছিল “জয়মতী” ৰ কাহিনীভাগ। ল’ৰা ৰজাই ৰাজ্যৰ আহোম কোঁৱৰ সকলৰ অংগক্ষত কৰাৰ নিৰ্দ্দেশ পোৱা পিছতেই গদাপাণিক পলাই যাবলৈ কৈ জয়মতী নিজে বন্দী হৈ পৰে ল’ৰা ৰজাৰ হাতত। স্বামীৰ ঠিকনা বিচাৰি জেৰেঙা পথাৰত জয়মতীক গাঁৰ নোম শিঁয়ৰি যোৱা অত্যাচাৰৰ কৰা পিছতো তেওঁ নিজ মুখ খোলা নাছিল। এগৰাকী নাৰীৰ স্বামীক লৈ থকা একাগ্ৰতাক প্ৰতিফলিত কৰা হৈছে বোলছবিখনত।

অপৰূপা

"নাৰী কেন্দ্ৰিক" অসমীয়া ছবিঃ 15

ইয়াৰ পিছতেই জাহ্নু বৰুৱাই নিজ ছবিত “নাৰী” জীৱন দৰ্শনৰ কেইবাটাও দিশ প্ৰতিফলিত কৰিছিল। যেনেঃ “অপৰূপা” ত তেওঁ এগৰাকী নাৰীক “মুক্ত” কৰিব বিচাৰিছিল। সমাজ অথবা কিছুমান পৰশ্ৰীকাতৰ লোকৰ কু-দৃষ্টিৰ পৰা পৃথক কৰি “নাৰী” ক নিজ মুক্ত মনে জীয়াই থকাৰ দৰে এক কাহিনী চিত্ৰিত কৰিছিল চিনেমাখনত। এগৰাকী “নাৰী” ৰ ভুল নথকা স্বত্বেও সমাজৰ বিষাক্ত জিভাই কেনেদৰে তেওঁক চেলেকি নিঃশেষ কৰি দিব পাৰে; তেনেধৰণৰ এক কাহিনী উপস্থাপন কৰা হৈছে “অপৰূপা” ত।


ফিৰিঙতি

"নাৰী কেন্দ্ৰিক" অসমীয়া ছবিঃ 16

ইয়াৰ পিছত জাহ্নু বৰুৱাৰ আন এখন “নাৰী” ক মূখ্য চৰিত্ৰত লোৱা ছবি হৈছে “ফিৰিঙতি”। এগৰাকী “নাৰী” ৰ দৃঢ় মনোবলে সমাজ ব্যৱস্থাৰ অথবা প্ৰচলিত প্ৰথাৰ কিমান সালসলনি কৰি দিব পাৰে তাকেই দেখুওৱা হৈছে “ফিৰিঙতি” ৰ কাহিনীটোৰ জৰিয়তে। অসাক্ষৰ লোকক সাক্ষৰ কৰাৰ প্ৰতিজ্ঞাৰে “ৰুণু” য়ে কৰা কৰ্মৰ ধুনীয়া উপস্থাপন কৰা হৈছে চিনেমাখনত।

লাজ

"নাৰী কেন্দ্ৰিক" অসমীয়া ছবিঃ 17

“নাৰী” ৰ জীৱনৰ এটা খণ্ড উপস্থাপনেৰে কেইবাটাও বঁটাপ্ৰাপ্ত মঞ্জু বৰুৱাৰ এখন উল্লেখযোগ্য ছবি হৈছে “লাজ”। নিজ পৰিয়ালৰ দূৰ্দশাৰ ফলত “ছোৱালী” য়ে নিজ শিক্ষাক কেনেদৰে উচৰ্গা কৰিবগীয়া হয় তাকেই দেখুওৱা হৈছে। পঢ়াত চোকা হ’লেও দুখীয়া হোৱা ফলত লাজ নিবাৰণৰ বাবে সামান্য কাপোৰ এটুকুৰা কিনিবলৈও সক্ষম নোহোৱাত স্কুল যাব পৰা নাছিল “ইলা”। নাৰীৰ তেনে এক হৃদয়বিদাৰক কাহিনীয়েই ছবিখনত প্ৰতিফলিত কৰা হৈছে।

অসমীয়া চলচিত্ৰ জগতত “নাৰী” ক মূখ্য হিচাপে লোৱা চিনেমাৰ উদাহৰণ আৰু বহুত আছে।

]]>
https://rupaliparda.com/archives/7175/feed 0 7175