Juddha – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 28 Feb 2021 06:01:55 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Juddha – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো”- ৰাজকুমাৰ https://rupaliparda.com/archives/24485 https://rupaliparda.com/archives/24485#respond Mon, 01 Mar 2021 08:30:09 +0000 https://rupaliparda.com/?p=24485 যেতিয়া একোজন প্ৰতিভা দৃঢ় হয় তেতিয়া তেওঁ নিজ গন্তব্যস্থান অনায়সে লাভ কৰাত সক্ষম হয়। আমি আচলতে এনে বহু উদাহৰণ দেখিছো। নিজৰ প্ৰতিভাৰ প্ৰতিটো দিশক পুংখানুপুংখভাৱে ১০০ শতাংশ প্ৰদান কৰাৰ উপৰিও সামাজিক কামৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বজালীত জন্ম লাভ কৰা এগৰাকী অসমীয়া অভিনেতাৰ নাম হৈছে ৰাজকুমাৰ। সৰুৰে পৰা অভিনয়ৰ সৈতে জড়িত ৰাজকুমাৰে বৰ্তমানলৈ ভাগ্যদেৱী থিয়েটাৰৰ পৰা আৰম্ভণি কৰি কহিনুৰ, বৰদৈছিলা, ৰাজমুকুট, সূৰ্য্য, ইতিহাস আদি কেইবাটাও থিয়েটাৰ গোষ্ঠীৰ সৈতে তেওঁ জড়িত হৈ নিজ অভিনয়ৰ মজবুত দিশটো জনসাধাৰণক দেখুৱাই আহিছে। আহিবলগীয়া সময়ত তেওঁক অসমীয়া ছবি “যোদ্ধা” তো এটি অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব। শেহতীয়াকৈ এই গৰাকী অভিনেতাৰ সৈতে তেওঁৰ অভিনয়ৰ যাত্ৰাটোৰ লগতেই ৰূপালীপৰ্দাৰ তৰফৰ পৰাও পাতিছিলো অইন কিছু কথা-বতৰা। অভিনয়ৰ দিশটোত তেওঁৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাতে ৰাজকুমাৰে কয় যে, “পঞ্চম শ্ৰেণীত থাকোতেই মই নাট্যমণ্ডল নামে এটা অপেছাদাৰী নাট্যগোষ্ঠীৰ সৈতে “বিশ্বাস” নামে প্ৰথমখন নাটক কৰিছিলো। অভিনয় জীৱনৰ পাতনি মেলিছিলো সেইটো সময়ৰ পৰাই; তেনেকৈয়ে তেওঁলোকৰ ফালৰ পৰা প্ৰতিবছৰে হোৱা একোখন শিশু নাটত মই অভিনয় কৰিছিলো। তাৰ সমান্তৰালকৈ মই সত্ৰীয়া, মডাৰ্ণ তথা সমৰ কলাৰ সৈতে জড়িত হৈ আছিলো; আনহাতে নাটকৰ বিভিন্ন কৰ্মশালা সমূহত মই অংশগ্ৰহণ কৰা চেষ্টা কৰিছিলো। পিছলৈ ভাগ্যদেৱী থিয়েটাৰৰ সৈতে জড়িত হ’লো; ৯ টা বছৰে মই বিভিন্ন থিয়েটাৰ গোষ্ঠী সমূহৰ সৈতে জড়িত হৈ আছো। কেমেৰাৰ সমুখলৈ অহা মোৰ প্ৰথমখন ভিডিঅ’ চিডিৰ নাম আছিল “ৰিঙা ৰিঙা মন”। জানমণি, অঞ্জনা আদিকে ধৰি প্ৰায় দুই কুৰিৰো অধিক ভিডিঅ’ চিডিত মই অভিনয় কৰিছো।”

"প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো"- ৰাজকুমাৰ 1
"প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো"- ৰাজকুমাৰ 2


আগলৈ তেওঁ কয় যে, “শেহতীয়াকৈ মই ব্যস্ত হৈ আছো “যোদ্ধা” নামে ছবিখনৰ সৈতে। আৰু কেইটামান প্ৰকল্প আছে, ৰাইজক সময়ত জনাই যাম।” ৰাজকুমাৰৰ মুখেৰে “যোদ্ধা” ছবিখনৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “যোদ্ধা বুলি ক’লে ইংৰাজী সেইটো হ’ব Fighter। কিন্তু আমাৰ ছবিখনৰ এই “যোদ্ধা” গৰাকী কোনো ৰণক্ষেত্ৰৰ যোদ্ধা নহয়; তেওঁ হৈছে নিজ ব্যক্তিগত জীৱনত চলি থকা একোখন ৰণৰ যোদ্ধা। আমাৰ প্ৰত্যেকেৰে জীৱনত আচলতে ঘাত-প্ৰতিঘাত আছে; কিন্তু এই ঘাত- প্ৰতিঘাত সমূহ থাকিলেও যেতিয়া আমি ধনাত্মক মনোভাৱেৰে আগবাঢ়ি গৈ নিজ লক্ষ্যস্থান পাবলৈ চেষ্টা কৰো তেতিয়াই আমি নিজৰ মাজত একোগৰাকী “যোদ্ধা” ক জন্ম দিবলৈ সক্ষম হওঁ। এই ছবিখনত বিশেষকৈ নৱপ্ৰজন্মৰ বাবে এক বাৰ্তা আছে; সম্প্ৰতি সময়ছোৱাত আমি বহু হতাশগ্ৰস্ত নৱপ্ৰজন্ম দেখিছো কিন্তু এই হতাশাক নিজৰ মজবুত দিশ বুলি জ্ঞান কৰি পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পৰা যায় তেনে এক বাৰ্তা দিয়া হৈছে “যোদ্ধা” ছবিখনত।” যোদ্ধা” ৰ বাদেও অইন প্ৰকল্পৰ কথা জানিবলৈ বিচৰাত তেওঁ কয় যে, “যোদ্ধা” ৰ লগতে আন দুখন ছবিৰ কথা আলোচনা হৈ আছে। সময়ত ৰাইজক নিশ্চয় জনাম। লগতে, মই কিছুমান কৰ্মৰ সৈতেও জড়িত। প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো আৰু আগলৈও ৰাখিম।”

"প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো"- ৰাজকুমাৰ 3


উল্লেখ্য যে, সমৰ কলাত ব্লেক ব্লেটপ্ৰাপ্ত ৰাজকুমাৰ সামাজিক কৰ্মৰ সৈতেও জড়িত। তেওঁ লক-ডাউনৰ সময়ছোৱাত ৫০০ তকৈ অধিক পৰিয়ালক আৱশ্যকীয় সা-সামগ্ৰী প্ৰদানৰ লগতে ৰাজকুমাৰে তেওঁৰ জন্মঅঞ্চলৰ লগতে আন ঠাইৰ কেইবাটাও পৰিয়ালৰ দায়িত্ব নিজ মূৰ পাতি লৈছিল। ৰাজকুমাৰৰ এনে দায়িত্ব অথবা কৰ্মসমূহৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/24485/feed 0 24485
কাৰিকৰী দিশ আৰু উপস্থাপনৰ দিশ মজবুত ৰাখি শ্বুটিঙৰ বাবে সাজু “যোদ্ধা”- https://rupaliparda.com/archives/23777 https://rupaliparda.com/archives/23777#respond Thu, 28 Jan 2021 08:30:18 +0000 https://rupaliparda.com/?p=23777 ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস আৰু “লক-ডাউন” ৰ দীৰ্ঘদিনীয়া মাধমাৰৰ শেষত আকৌ এবাৰ ঠন ধৰি উঠিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰ। বহুদিনীয়া স্তব্ধতাৰ পিছতেই এতিয়া প্ৰত্যেকদিনেই একো একোটা সুখবৰে আহি টোকৰ মাৰিবলৈ আৰম্ভ কৰিছে চাৰিওফালে। শেহতীয়াকৈ কেইবাখনো ছবি নিৰ্মাণৰ কথা আমি শুনিবলৈ পাইছো, হয়টো অতিশীঘ্ৰে এই আটাইবোৰ ছবিৰ নিৰ্মাণৰ কামো পূৰ্ণদ্যোমত আগবাঢ়ি যাব। এইকেইদিনতে শুনিবলৈ পোৱা কেইখনমান ছবিৰ ভিতৰত এখন হৈছে “যোদ্ধা”। ২০ জানুৱাৰী তাৰিখে শুভ মহুৰৎ সম্পন্ন হোৱা এই ছবিখনৰ অহা ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব শ্বুটিং প্ৰক্ৰিয়া। আনহাতে, ৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে ছবিখনৰ কৰা হ’ব পোষ্টাৰ মুক্তি। পৰিমল এন্টাৰপ্ৰাইজৰ দ্বাৰা নিবেদিত ছবিখন পৰিচালনাৰ দায়িত্বত আছে ভাস্কৰ জ্যোতি গোস্বামী। কাৰিকৰী দিশৰ পৰা ছবিখনক উপভোগ্য কৰি তুলিবলৈ মুম্বাইৰ পৰা দৃশ্যগ্ৰহণকাৰীৰ লগতে অনা হৈছে উন্নত মানদণ্ডৰ কেমেৰা আৰু টেকনিচিয়ানৰ দল। ছবিখনৰ দুটা ফাইট চিকুৱেনচৰ বাবে চেন্নাইৰ পৰা অনা হৈছে বিশেষজ্ঞৰ দল। ছবিখনৰ কাহিনীৰ বিষয়ে কৰা প্ৰশ্ন উত্তৰত পৰিচালক গৰাকীয়ে কয় যে, “আমাৰ ইয়াৰ কাহিনী সমূহ ক’ৰবাত নহয় ক’ৰবাত এটা মূহুৰ্তলৈ গৈ এটা আনটোৰ সৈতে খাপ খাই পৰে।”

কাৰিকৰী দিশ আৰু উপস্থাপনৰ দিশ মজবুত ৰাখি শ্বুটিঙৰ বাবে সাজু "যোদ্ধা"- 4


আগলৈ তেওঁ কয় যে, “ভাৰতবৰ্ষত দুটাই কাহিনী আছে যি হৈছে “ৰামায়ণ” আৰু “মহাভাৰত”। গোটেই কাহিনীবোৰ এই দুই প্ৰসংগৰ পৰাই ওলাই অহা। গতিকে, আমাৰ এই ছবি “যোদ্ধা” ত আমি উপস্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছো। আমি প্ৰত্যেকেই একোজন একোজন নিজ জীৱনত যোদ্ধা, আমি সদায় কোনোবা এটা নিৰ্দ্দিষ্ট পৰ্যায়ত গৈ অবিৰত সংগ্ৰামত নিয়োজিত হৈ থাকো। কেতিয়াবা এই সংগ্ৰামত কোনোবা সফল হৈছে যদিও কোনোবাই কিবা এটা কাৰণত হাৰ মানিবলগীয়া হৈছে; গতিকে ছবিখনৰ দ্বাৰা মইয়ো এই বিষয়ত এটা নতুন বাখ্যা দিয়াৰ চেষ্টা কৰিছো। তাৰ মাজতে, “যোদ্ধা” ত চৰিত্ৰসমূহৰ উপস্থাপনৰ ক্ষেত্ৰত যৎপৰোনাস্তুি চেষ্টা কৰিছো। “ৰত্নাকৰ” য়ে যি এটা ৰেকৰ্ডৰ সৃষ্টি কৰিলে সেই ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি দৃশ্যসমূহ উপস্থাপন তথা সংলাপ সমূহৰ ক্ষেত্ৰত জোৰ দিয়াৰ প্ৰয়াস কৰিছো। সমান্তৰালকৈ, আমি ছবিখনৰ চিত্ৰনাট্যৰ দিশটো মজবুত কৰিবলৈ এতিয়ালৈ চিত্ৰনাট্য প্ৰায় ৫ বাৰকৈ সলনি কৰিছিলো। মই এতিয়াও এইটো দিশত এগৰাকী ছাত্ৰহে, “যোদ্ধা” ছবিখন দুগৰাকী দৰ্শকে উপভোগ কৰা পিছত যাতে আন চাৰিজনৰ সৈতে কথা পাতিবলৈ বিচাৰে আৰু ছবিখনৰ বিষয়ে ধনাত্মক চৰ্চা কৰিবলৈ বিচাৰে তাৰেই চেষ্টা অক্ষুণ্ন ৰাখিছো “যোদ্ধা” ত।

কাৰিকৰী দিশ আৰু উপস্থাপনৰ দিশ মজবুত ৰাখি শ্বুটিঙৰ বাবে সাজু "যোদ্ধা"- 5
কাৰিকৰী দিশ আৰু উপস্থাপনৰ দিশ মজবুত ৰাখি শ্বুটিঙৰ বাবে সাজু "যোদ্ধা"- 6


ছবিখনৰ বাবে দুটাকৈ সংগীতৰ কাম ইতিমধ্যে সম্পন্ন কৰিছে জুবিন গাৰ্গে। উল্লেখ্য যে, অহা চেপ্তেম্বৰ-অক্টোবৰ মাহলৈ যদি পৰিস্থিতি আৰু অকণমান সূস্থিৰলৈ নাহে তেতিয়াহ’লে ছবিখন মুক্তিৰ ক্ষেত্ৰত বিকল্প চিন্তা কৰা হ’ব বুলিয়ে প্ৰকাশ কৰে পৰিচালক ভাস্কৰ জ্যোতি দাসে। ছবিখনৰ বিভিন্নটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৰাজকুমাৰ, আলিস্মিতা গোস্বামী, কাজল শৰ্মা, সুনিত বৰা, শ্ৰদ্ধাৰ দীনেশ দাস, আৰু জুৰি শৰ্মাই।

]]>
https://rupaliparda.com/archives/23777/feed 0 23777