Junu Nath – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 08 Aug 2021 02:13:18 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Junu Nath – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰাকেশ ৰিয়ানৰ “তুমি যে নাই” ৰ আৰম্ভ হৈছে শ্বুটিং চিড্যুলঃ https://rupaliparda.com/archives/27888 https://rupaliparda.com/archives/27888#respond Mon, 09 Aug 2021 10:30:00 +0000 https://rupaliparda.com/?p=27888 কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আগন্তুক গীত “তুমি যে নাই” ৰ ইতিমধ্যে আৰম্ভ হৈছে শ্বুটিং চিড্যুল। চচিয়েল মিডিয়াৰ জৰিয়তে কণ্ঠশিল্পী গৰাকীয়ে এই কথা জনাইছে। গীতটিৰ ভিডিঅ’টিত এইবাৰ তেওঁৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী জুনু নাথক। উল্লেখ্য যে, বিগত দিনত ৰাকেশ ৰিয়ানে নিজৰ তিনিটা নতুন গীতক ৰাইজৰ মাজত মুকলি কৰি দিয়াৰ কথা ব্যক্ত কৰিছিল। বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ তেওঁ এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আহিবলগীয়া গীত তিনিটা হৈছে ক্ৰমে “মৰমৰ দেহী ঐ”, “যদি মই কবিতা হওঁ”, “তুমি যে নাই”। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। শেহতীয়াকৈ পিতৃত্বৰ সুখ লাভ কৰা ৰাকেশ ৰিয়ানে জীয়ৰীৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতেই তেওঁ শ্বেয়াৰ কৰিছিল ফটো তথা ভিডিঅ’। কণ্ঠশিল্পী গৰাকীৰ জীয়ৰীৰ নাম নাইসা নাভেলী; তেওঁৰ জীয়ৰী তথা পত্নীৰ সৈতে কৰা ফটোশ্বুটে খলকনি লগাইছিল চচিয়েল মিডিয়াত।২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে।

ৰাকেশ ৰিয়ানৰ "তুমি যে নাই" ৰ আৰম্ভ হৈছে শ্বুটিং চিড্যুলঃ 1


তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ বৰ্তমান প্ৰতিটো গীতেই সাৱটিছে জনপ্ৰিয়তা।কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকী “অ মোৰে জান” শীৰ্ষক গীতটিয়ে অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয়তা। গীতটিয়ে সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰাত উৎসাহীত হৈ চচিয়েল মিডিয়াত পোষ্টো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

]]>
https://rupaliparda.com/archives/27888/feed 0 27888
“মইটো একচন কোৱাৰ লগে লগে কঁপিবলৈ লৈছিলো”- জুনু নাথ https://rupaliparda.com/archives/19510 https://rupaliparda.com/archives/19510#respond Tue, 25 Aug 2020 08:30:41 +0000 https://rupaliparda.com/?p=19510 “নুপূৰ” নামৰ সেই সৰল-সহজ ছোৱালীজনীৰ চৰিত্ৰটো নিশ্চয় আপোনালোকৰ সকলোৰে মনত আছে। কিয়নো এই চৰিত্ৰটোৱে প্ৰত্যেকৰে হৃদয়ত ঠাই বনাইছিল। প্ৰত্যেকেই চৰিত্ৰটোৰ সৈতে হাঁহিছিল-কান্দিছিল; আগন্তুক সময়ত অভিনেত্ৰী জুনু নাথক ৰং চেনেলত সম্প্ৰচাৰিত হ’বলগীয়া ধাৰাবাহিক “নমামী” ত দেখিবলৈ পোৱা যাব। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁৰ অভিনয় যাত্ৰাৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “মোৰ যাত্ৰা আৰম্ভ হৈছিল ২০১৭ চনৰ শেষ ভাগৰ পৰাহে। মোৰ এই ক্ষেত্ৰখনত জড়িত হোৱা কথাটো একেবাৰে অপৰিকল্পিত আছিল; পূৰ্বতে সত্ৰীয়া নৃত্য শিকিছিলো লগতে ভিন্ন ঠাইত পৰিৱেশন কৰিছিলো যদিও কলেজত পঢ়ি থকা সময়ছোৱালৈ এইবোৰ প্ৰায় বাদেই পৰিছিল। প্ৰত্যেকগৰাকী পিতৃ-মাতৃয়ে এটাই আশা কৰে যে নিজৰ সন্তানে ভালকৈ পঢ়ি এটা চাকৰি কৰক। ঠিক তেনেকৈ মোৰ ক্ষেত্ৰতো হৈছিল; মই চাকৰি কৰিছিলো। কিন্তু এবাৰ মই পঢ়ি থকা প্ৰতিষ্ঠান খনত ফটোশ্বুটৰ প্ৰয়োজন হৈছিল গতিকে মইও সাধাৰণ এটা ফটোশ্বুট কৰিছিলো প্ৰাঞ্জল প্ৰতীম দাৰ ওচৰত; তেওঁ বহু ধৰণে মোক গাইড কৰিছিলে এগৰাকী দাদা হিচাপে।”

"মইটো একচন কোৱাৰ লগে লগে কঁপিবলৈ লৈছিলো"- জুনু নাথ 2


অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “মোৰ যিখন প্ৰথম ছবি “ককাইদেউ বিন্দাছ” বুলি; ছবিখনৰ প্ৰযোজনা টীম “ড্ৰীম প্ৰডাকচনে” সেইটো সময়তে নতুন মুখৰ সন্ধান চলাইছিল আৰু বহু ফটোগ্ৰাফাৰৰ পৰা ফটো বোৰ যোগাৰ কৰিছিল। মোৰ ফটোখন তেনেকৈয়ে তেওঁলোকে পাই মোক অডি’শ্বনৰ বাবে মাতিছিল। সঁচা কথা ক’বলৈ গ’লে, এই আটাইবোৰ কথা প্ৰথম অৱস্থাত মই বিশ্বাস একেবাৰেই কৰা নাছিলো কিন্তু পিছলৈ অডিশ্বনৰ দিনা মই এনেই আছিলো বাবে কেনেকৈনো কি কৰে এবাৰ চাবলৈ অথবা নিজকে সেই পৰিস্থিতিটোত সংযোজন কৰিবলৈ ওলাই গৈছিলো। অডি’শ্বন তেনেদৰেই তিনিদিন মান চলিল; অন্য বহু ল’ৰা-ছোৱালীও আচলতে আছিল তাত। এইক্ষেত্ৰখনৰ কোনো জন ব্যক্তিক মই চিনি নাপাওঁ; কেতিয়াও এইবোৰৰ সৈতে জড়িত নাছিলো। কিন্তু যেতিয়া মোক কোৱা হৈছিল যে মোক ছবিখনৰ চৰিত্ৰটোৰ বাবে গ্ৰহণ কৰিছে তেতিয়া মই যিমান সুখী হৈছিলো, ভিতৰি ভয় মই তাতকৈ বেছি খাইছিলো। কিন্তু, ছবিখনৰ প্ৰযোজনা টীম ড্ৰীম প্ৰডাকচন, পৰিচালক ধ্ৰুৱ জ্যোতি বৰদলৈ দাদায়ে মোক অভিনয় কৰাত ইমান সহজ কৰি তুলিছিলে যে মই বিশ্বাসে কৰিব পৰা নাছিলো। মইটো একচন কোৱাৰ লগে লগে কঁপিবলৈ লৈছিলো কিন্তু আটাইবোৰে মোক অভিনয় কৰাত সহায় কৰিছিল। ভবা নাছিলো যে, এই কামটোৰ পিছতো মই বেলেগ কাম পাম। কিন্তু, এটা সঁচা কথা যে,ভাগ্যই তোমাক য’লৈকে টানিব; তালৈকে যাব লাগিব। মোৰো ছাগে ভাগ্যত এইটোৱে আছিল।”

"মইটো একচন কোৱাৰ লগে লগে কঁপিবলৈ লৈছিলো"- জুনু নাথ 3


“নূপুৰ” আৰু আহিবলগীয়া “নমামী” চৰিত্ৰটোৰ কোনগৰাকী তেওঁ ব্যক্তিগত জীৱনত বুলি প্ৰশ্ন কৰাত জুনুয়ে কয় যে, “ব্যক্তিগত জীৱনত মইয়ে “নুপূৰ” বা মই “নমামী” বুলি কয় দিব নোৱাৰো অথবা জুনু যে এগৰাকী বেলেগ সেইটোও মই ক’ব নোৱাৰো। “নুপূৰ” আছিলে এনে এক চৰিত্ৰ যিয়ে প্ৰতিটো সময়ত সকলোকে মৰমেৰে বান্ধিব পাৰে। আৰু, মই মানে “জুনু” য়ো এনে এগৰাকী ছোৱালী যিয়ে নিজৰ শেষ উশাহটোলৈ নিজৰ পৰিয়ালৰ সদস্য নাইবা প্ৰিয়জনৰ বাবে অহৰহ কাম কৰিব পাৰে। মোৰ এটা আন বেয়া স্বভাৱো আছে যে মই সহজতে সকলোকে বিশ্বাস কৰো। গতিকে, মই “নমামী” ৰ দৰেই হ’ম বা মইয়ে “নুপূৰ” আছিলো বুলি কয় দিব নোৱাৰো। কিন্তু, এইটোও ঠিক যে মোক মোৰ জীৱনত যাতে কোনোৱে আঙুলি টোঁৱাই কথা ক’ব নোৱাৰে মই তাৰ চেষ্টা কৰো। সন্মানটো মোৰ বাবে গুৰুত্বপূৰ্ণ; কাকো যাতে কোনো কাৰণতে মই দুখ নিদিও, মই তাৰ চেষ্টা কৰো। ব্যক্তিগত জীৱনত ক’বলৈ গ’লে মই এনেকুৱাই। এটা চৰিত্ৰৰ বাবে লিখোতাজনে এনে কিছু কামৰ সংযোজনো কৰিবলগীয়া হয় যিবোৰ হয়টো আমি ব্যক্তিগত জীৱনত কেতিয়াও নকৰিম। গতিকে তেনেকুৱা কথা; মই সাধাৰাণ কিন্তু মই “নমামী” নহওঁ অথবা “নুপূৰ” ও নহৈছিলো।”

"মইটো একচন কোৱাৰ লগে লগে কঁপিবলৈ লৈছিলো"- জুনু নাথ 4


আগন্তুক প্ৰকল্পৰ বিষয়ে সোধাত জুনুয়ে কয় যে, ” আগন্তুক পৰিকল্পনা বুলিবলৈ বহু কিবা কিবি আছে কিন্তু এতিয়ালৈ সঠিক হোৱা নাই। সমগ্ৰ পৃথিৱীৰ যিটো পৰিস্থিতি তাৰ বাবে আমি বহুখিনি পিছুৱাইও যাবলগীয়া হৈছে। মোৰ ভ্ৰাম্যমাণলৈ যোৱা কথা আছিল যদিও এইবছৰ এই সকলোবোৰেই স্তব্ধ হৈ পৰিল। গতিকে, চাওঁচোন কি হয়। ইয়াৰ উপৰিও মই নিজস্ব কিছু কাম কৰাৰ পৰিকল্পনা কৰিছো।”

]]>
https://rupaliparda.com/archives/19510/feed 0 19510
মাতৃৰ স্নেহ, অৰ্ধাংগিনীৰ দায়িত্বৰে ৩১ তাৰিখৰ পৰা টেলিভিছনলৈ “নমামী”- https://rupaliparda.com/archives/18955 https://rupaliparda.com/archives/18955#respond Fri, 07 Aug 2020 10:30:44 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18955 মাতৃ স্নেহতকৈ অইন কোনো স্নেহ উৰ্দ্ধত হ’ব নোৱাৰে। এগৰাকী “মাতৃ” কেনে হোৱা উচিত বা তেওঁ কেনেধৰণে থাকিব লাগে এনেবোৰ কথাৰ সংজ্ঞা আচলতে কোনোগৰাকী ব্যক্তিয়ে দিব নোৱাৰিব। এগৰাকী মাতৃ, পুত্ৰ আৰু তেওঁৰ পত্নীৰ কাহিনীৰে চলিত মাহৰ ৩১ তাৰিখে ৰং চেনেলত আহিবলৈ সাজু হৈছে এখন ধাৰাবাহিক “নমামী”। এগৰাকী মাতৃৰ পুত্ৰক লৈ থকা মৰম, ভালপোৱা তথা প্ৰতিৰক্ষা মূলক যি ভাৱ সেয়া অতুলনীয়। উক্ত ধাৰাবাহিকখনো এনে কিছু কাহিনীৰ আধাৰ লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে; কিন্তু ইয়াৰ মাজতো আছে এক টুইষ্ট। “নমামী” ত শাহু-বোৱাৰীৰ কাহিনীকো অন্তৰ্ভূক্ত কৰা হৈছে; য’ত এগৰাকী শাহুয়ে তেওঁৰ পুত্ৰক ইমান মৰম অথবা আবেগেৰে জড়িত কৰি তোলে যে পিছলৈ গৈ ই বোৱাৰীৰ বাবে মূৰৰ কামূৰণি হৈ পৰে। কিছু সময়লৈ সহজ হৈ থাকিলেও ক্ৰমান্বয়ে ই বাঢ়ি বাঢ়ি এখন ডাঙৰ বিবাদৰ সৃষ্টি কৰে।

মাতৃৰ স্নেহ, অৰ্ধাংগিনীৰ দায়িত্বৰে ৩১ তাৰিখৰ পৰা টেলিভিছনলৈ "নমামী"- 5
মাতৃৰ স্নেহ, অৰ্ধাংগিনীৰ দায়িত্বৰে ৩১ তাৰিখৰ পৰা টেলিভিছনলৈ "নমামী"- 6


আনহাতে, এই বিবাদৰ মাজত চেপা খাবলগীয়া হয় পুত্ৰ লগতে এগৰাকী স্বামীয়ে। ইতিমধ্যে ধাৰাবাহিকখনৰ বিভিন্ন প্ৰমো’ লগতে পোষ্টাৰ মুকলি কৰা হৈছে। কামৰূপা ক্ৰিয়েচনৰ বেনাৰত ধাৰাবাহিকখন প্ৰযোজনা কৰিছে ভৰত কলিতা আৰু ইয়াৰ পৰিচালনা নানান পাঁচনিৰ। ধাৰাবাহিকখনৰ মূল চৰিত্ৰ ৰূপায়নৰ কৰা অমিত কুমাৰ বৰাই ইতিমধ্যে “নমামী” ৰ বিভিন্ন আপডেট চচিয়েল মিডিয়া যোগে দি ইয়াৰ প্ৰতি জনসাধাৰণক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। ইয়াত অমিতৰ বাহিৰেও আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে সাগৰিকা গোস্বামী, জুৰি শৰ্মা, জুনু নাথ, অমিতাভ ৰাজখোৱা, অৱতোষ ভূঞা, অশ্ৰুমণি বৰা, হিমাক্ষী বৰা, ত্ৰৈলোক্য কাশ্যপ, জয় কাশ্যপ, শেইনী বৰ্মণ, বনজ্যোৎস্না দেৱী আৰু ধীৰাজ মজুমদাৰে।


নয়ন সাউদৰ কাহিনী, চিত্ৰনাট্য তথা জান্হৱী মজুমদাৰ আৰু নয়ন সাউদৰ সংলাপেৰে নিৰ্মিত ধাৰাবাহিকখনৰ সংগীত নৈবেদ্য হাজৰিকাৰ। ধাৰাবাহিকখনত আলহী শিল্পী ৰূপত দেখিবলৈ পোৱা যাব অভিনেতা জয় কাশ্যপকো। ভাস্কৰ শৰ্মাৰ চিত্ৰগ্ৰহণেৰে ধাৰাবাহিক সহঃ পৰিচালনা সিদ্ধাৰ্থ শংকৰ নাথ আৰু প্ৰাঞ্জল হালৈৰ। সহঃ চিত্ৰগ্ৰহণ শংকৰ ডেকাৰ লগতে কাৰ্যবাহী প্ৰযোজক কমল পৰাণ। অনিমা পাচনিৰ প্ৰডাকচন ডিজাইনেৰে ধাৰাবাহিক খনৰ প্ৰযোজনা নিয়ন্ত্ৰণ শশাংক নাথৰ। ৰূপসজ্জাৰ দায়িত্বত আছে নিতুল ঠেঙাল আৰু সম্পাদনা শ্যামল দাসৰ লগতে শব্দগ্ৰহণ দায়িত্বত আছে প্ৰণৱ কুমাৰ বড়ো।

]]>
https://rupaliparda.com/archives/18955/feed 0 18955
নূপুৰ-মৃত্তিক; এইবাৰ “নমামী” ত একেলগেঃ https://rupaliparda.com/archives/14519 https://rupaliparda.com/archives/14519#respond Fri, 08 May 2020 16:30:57 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14519 “ক’ভিড ১৯” ৰ সন্ত্ৰাসে মাধমাৰ সোধালেও প্ৰত্যেকেই নিজ কৰণীয় খিনি কৰি যোৱাটো নিয়ম মানিয়ে দৈনন্দিন কামবোৰ কৰিছে। সংবাদদাতাই বাতৰি যুগোতাইছে; সংগীত শিল্পীয়ে চচিয়েল মিডিয়াতেই গীত পৰিৱেশন কৰি অনুৰাগীক আমোদ যোগাইছে আনহাতে অভিনেতা-অভিনেত্ৰীয়ে বিভিন্ন ধৰণে মনোৰঞ্জন কৰোৱাইছে দৰ্শকৰ। কোনোৱে কোনোৱে তেওঁলোকৰ পূৰ্বৰ শ্বুটিং ভিডিঅ’ অথবা ফটো সমূহ শ্বেয়াৰ কৰিও পূৰণা দিন বোৰ মনত পেলাইছে। “অৰ্ধাংগিনী” ৰ মৃত্তিক অথবা “নূপুৰ” ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ নূপুৰক হয়টো আপোনালোকৰ এতিয়াও মনত আছে। আচলতে, থকাটো স্বাভাৱিক; কিয়নো তেওঁলোক অভিনীত ধাৰাবাহিক দুখনে ইতিমধ্যে আলোড়নৰ সৃষ্টি কৰিছিল দৰ্শকৰ মাজত। ধাৰাবাহিক দুখনৰ জনপ্ৰিয়তাই তেওঁলোকক টি.আৰ.পিৰ ক্ষেত্ৰতো আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। গতিকে, আপোনালোকৰ মাজলৈ আহি আছে আন এক সুঃখবৰ।

নূপুৰ-মৃত্তিক; এইবাৰ "নমামী" ত একেলগেঃ 7


এইবাৰ টি.ভি পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব নূপুৰ আৰু মৃত্তিকক। “নমামী” শীৰ্ষক আগন্তুক ধাৰাবাহিক খনৰ জৰিয়তেই দেখিবলৈ পোৱা যাব এওঁলোকক। কামৰূপা ক্ৰিয়েচনৰ প্ৰযোজনাত নানান পাচনিৰ নিৰ্দেশনাত তথা নয়ন সাউদৰ কাহিনীৰে নিৰ্মিত “নমামী” ত দেখা পাবলগীয়া উক্ত ন-যুঁটিটোক লৈ উৎসাহিতও হৈ আছে দৰ্শক সকল। অমিত কুমাৰ বৰাই পুনৰ বাৰ শ্বুটিং সময়ছোৱাৰ এখন ফটো আপলোড কৰি ধাৰাবাহিকখন মুক্তিৰ আগজাননী দিছে।

View this post on Instagram

#NAMAMI #rang #comingsoon #assamese_serial

A post shared by Amit Kumar Borah (@amit_kumar_borah) on


উল্লেখ্য যে, কামৰূপা ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ৰং চেনেলৰ ধাৰাবাহিক “কাঞ্চন” আৰু “দামিনী” য়ে ইতিমধ্যে দৰ্শকৰ মন টানিবলৈ সক্ষম হৈছিল।

]]>
https://rupaliparda.com/archives/14519/feed 0 14519
“নূপুৰ” আকৌ এবাৰ আপোনালোকৰ মাজলৈঃ আহি আছে “নমামি”- https://rupaliparda.com/archives/9877 https://rupaliparda.com/archives/9877#comments Wed, 29 Jan 2020 09:39:03 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9877 কামৰূপা ক্ৰিয়েছনৰ প্ৰযোজনাত পুনৰ বাৰ আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন ধাৰাবাহিক “নমামি”। ধাৰাবাহিকখনৰ ক’ত অথবা কেতিয়াৰ পৰা সম্প্ৰচাৰিত হ’ব ইয়াৰ কোনো আনুষ্ঠানিক ঘোষণা বৰ্তমানেও কৰা হোৱা নাই। কামৰূপা ক্ৰিয়েছনৰ প্ৰযোজনাত নিৰ্মিত ৰং চেলেন যোগে সম্প্ৰচাৰিত ধাৰাবাহিক “কাঞ্চন” আৰু “দামিনী” য়ে পূৰ্বতেই দৰ্শকৰ মন টানিবলৈ সক্ষম হৈ পৰিছিল।

"নূপুৰ" আকৌ এবাৰ আপোনালোকৰ মাজলৈঃ আহি আছে "নমামি"- 8
"নূপুৰ" আকৌ এবাৰ আপোনালোকৰ মাজলৈঃ আহি আছে "নমামি"- 9


পুনৰ বাৰ নানান পাচনিৰ নিৰ্দেশনাত তথা নয়ন সাউদৰ কাহিনীৰে নিৰ্মিত “নমামী” যোগে দৰ্শকক মনোৰঞ্জন প্ৰদানৰ আশ্বাস কামৰূপা ক্ৰিয়েছনৰ। বিগত সময়ত ধাৰাবাহিকখনৰ বিভিন্ন চৰিত্ৰৰ বাবে হোৱা অডি’শ্বনত প্ৰায় ৪০০ গৰাকী প্ৰতিযোগীয়ে নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰিছিল।

"নূপুৰ" আকৌ এবাৰ আপোনালোকৰ মাজলৈঃ আহি আছে "নমামি"- 10


ইয়াৰ লগতে, উল্লেখ্য যে উক্ত ধাৰাবাহিকখনত উদ্দেশ্যি হোৱা ফটোশ্বুটত “নূপুৰ” ধাৰাবাহিকখনৰ মূখ্য অভিনেত্ৰী আৰু ধাৰাবাহিক “অৰ্ধাংগিনী” ৰ মূখ্য অভিনেতা গৰাকী ক্ৰমে জুনু নাথ আৰু অমিত কুমাৰ বৰাক একেলগে দেখিবলৈ পোৱা গৈছে।

]]>
https://rupaliparda.com/archives/9877/feed 1 9877
বিন্দাছ ভাই-ককাইৰ কাহিনীৰে “ককাইদেউ বিন্দাছ”- https://rupaliparda.com/archives/6766 https://rupaliparda.com/archives/6766#respond Mon, 14 Oct 2019 13:02:04 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6766 জ্যোতি বৰদলৈৰ পৰিচালনাৰে চলিত বৰ্ষৰ ১ মাৰ্চ তাৰিখে মুক্তিপ্ৰাপ্ত অসমীয়া ছবিখন হৈছে “ককাইদেউ বিন্দাছ”। সম্পূৰ্ণ ড্ৰামা ও কমেডী সমৃদ্ধ এই ছবিখন নিৰ্মাণ কৰা হৈছিল ড্ৰীম প্ৰডাকচনৰ বেনাৰত।

বিন্দাছ ভাই-ককাইৰ কাহিনীৰে "ককাইদেউ বিন্দাছ"- 11


ড° অঞ্জন গোস্বামী, নাছিৰ হুছেইন,ৰমেশ পাণ্ডে চেট্ৰী আৰু ৰাহুল মোদীৰ প্ৰযোজনাৰে উক্ত ছবিখন দুজন ভাই-ককাইৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। দুজন ভাই-ককাইৰ চিন্তা-ধাৰা, তেওঁলোকৰ জীৱন দৰ্শন লগতে তেওঁলোক এজন আনজনৰ সৈতে কিমান অমিল সেইবোৰক কেন্দ্ৰ কৰিয়ে ঘূৰি আছে “ককাইদেউ বিন্দাছ” ৰ কাহিনীভাগ।

বিন্দাছ ভাই-ককাইৰ কাহিনীৰে "ককাইদেউ বিন্দাছ"- 12


ছবিখনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ,নিকুমণি বৰুৱা,আলিস্মিতা গোস্বামী, জুনু নাথ, মিন্টু বৰুৱা, জয়ন্ত দাস, মনুজ চক্ৰৱৰ্তী, পৰী মহন্ত, ডলি ঠাকুৰীয়া, ধৰ্মৰাম ডেকা আৰু গোপামণি গগৈয়ে।

বিন্দাছ ভাই-ককাইৰ কাহিনীৰে "ককাইদেউ বিন্দাছ"- 13


“ককাইদেউ বিন্দাছ” ৰ গীতসমূহত কন্ঠ নিগৰাইছে জুবিন গাৰ্গ, নাহিদ আফ্ৰিন, নীল আকাশ, ৰূপম ভূঞা, বৰ্ণালী কলিতা, সুবাসনা দত্ত আৰু ৰাকেশ ৰিয়ানে।

]]>
https://rupaliparda.com/archives/6766/feed 0 6766