Jyoti Prasad Agarwala – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 17 Jan 2021 07:32:11 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Jyoti Prasad Agarwala – Rupaliparda.com https://rupaliparda.com 32 32 163073109 আজি “শিল্পী দিৱস”; জ্যোতিপ্ৰসাদ আগৰৱালালৈ সহস্ৰ প্ৰণামঃ https://rupaliparda.com/archives/23553 https://rupaliparda.com/archives/23553#respond Sun, 17 Jan 2021 14:30:37 +0000 https://rupaliparda.com/?p=23553 “ৰূপকোঁৱৰ” খ্যাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি। একাধাৰে এগৰাকী পৰিচালক, নাট্যকাৰ, সুৰকাৰ লেখক আৰু প্ৰৱন্ধকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৫১ চনৰ আজিৰ দিনটোতেই ইহলীলা সম্বৰণ কৰিছিল। তেওঁৰ মৃত্যুৰ দিনটোকেই “শিল্পী দিৱস” ৰূপে পালন কৰে সমগ্ৰ অসমবাসীয়ে। অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা এই গৰাকী শিল্পীয়ে সংস্কৃতিৰ প্ৰতিটো দিশতেই বৰঙণি যোগাইছে। সৰুতেই সকলোৱে শিকি লোৱা “গছে গছে পাতি দিলে” শীৰ্ষক গীতটি আগন্তুক প্ৰতিটো প্ৰজন্মই যে প্ৰথমেই শিকিবলৈ সক্ষম হ’ব সেয়া নিশ্চিত বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামুলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ছবিক্ষেত্ৰতো উদ্গনি জগাইছে। তেওঁৰ দ্বাৰা নিৰ্মিত “জয়মতী” প্ৰথম অসমীয়া ছবি আছিল যদিও ই বহুল ৰূপত দৰ্শকৰ পৰা সঁহাৰি লাভ কৰা নাছিল। কিন্তু, পিছলৈ তেওঁৰ দ্বাৰা নিৰ্মিত “ইন্দ্ৰমালতী” য়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাৰ দিশত সুখ্যাতি প্ৰদান কৰিবলৈ সক্ষম হয়। বিগত বৰ্ষত ৮৫ টা বৰ্ষ সম্পূৰ্ণ কৰিছিল অসমীয়া ছবি “জয়মতী” য়ে। ১৯৩৫ চনত মুক্তি লাভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত অসমীয়া প্ৰথমখন ছবি “জয়মতী”। যেতিয়াই কোনো লোকে অসমীয়া ছবি জগত খনৰ উল্লেখ কৰিব;সমান্তৰালকৈ উল্লেখ কৰিব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত ছবি “জয়মতী” ৰ। কলিকতাৰ ৰৌণক থিয়েটাৰত ১০ মাৰ্চত মুকলি কৰা ছবিখনৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ পৰা।

আজি "শিল্পী দিৱস"; জ্যোতিপ্ৰসাদ আগৰৱালালৈ সহস্ৰ প্ৰণামঃ 1


ভোলাগুৰি চাহ বাগিচাত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজাববীয়াকৈ সজাই লৈছিল “চিত্ৰৱন ষ্টুডিঅ”। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই।শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতী কইনা, খনিকৰ আদি নাট হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্যতম সৃষ্টি। প্ৰায় তেৰটামান শিশু উপযোগী কবিতাও লিখি থৈ গৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই।

]]>
https://rupaliparda.com/archives/23553/feed 0 23553
১৯৩৫-৪০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ https://rupaliparda.com/archives/12392 https://rupaliparda.com/archives/12392#respond Mon, 30 Mar 2020 12:30:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12392 ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “জয়মতী” মুক্তিৰ পিছত অসমীয়া ছবিয়ে যেন প্ৰাণ পাই উঠিছিল। একাধাৰে ১৯৩০ বৰ্ষটোৰ পৰা ১৯৪০ বৰ্ষলৈ অসমীয়া ভাষাত মুঠ ২ খন ছবি নিৰ্মাণ হৈছিল; য’ত দুখন ছবিয়েই আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ। অসমীয়া ছবি ধাৰাটো সেইটো সময়ৰ পৰা বৰ্তমানলৈ একেদৰেই বৰ্তি আছে। জানো আহক ১৯৩৫ চনৰ পৰা পিছলৈ মুক্তিপ্ৰাপ্ত ছবিসমূহৰ বিষয়ে কিছু কথাঃ

জয়মতীঃ

১৯৩৫-৪০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 2

২০২০ চনৰ মাৰ্চৰ ১০ তাৰিখে “জয়মতী” ছবিখনে অতিক্ৰম কৰিছিল মুঠ ৮৫ টা বৰ্ষ। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি “জয়মতী” য়ে। কলিকতাৰ ৰৌণক থিয়েটাৰত ১০ মাৰ্চত মুকলি কৰা এই ছবিখনৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ পৰা। ভোলাগুৰি চাহ বাগিচাত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজাববীয়াকৈ সজাই লৈছিল “চিত্ৰৱন ষ্টুডিঅ”। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ আশানুৰূপ সঁহাৰি লাভ নকৰাৰ ফলত বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। উল্লেখ্য যে, দৰ্শকক আকৰ্ষিত কৰিব নোৱাৰাৰ বাবে সম্পূৰ্ণ দোষ নিজৰ ওপৰত লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছবিখন হেৰাই যোৱা বুলি মানি লোৱা হৈছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই ছবিখনৰ সাতোটা ৰীল গেৰেজ ঘৰত পৰি থকা আৱিষ্কাৰ কৰে। সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ আধাৰত নিৰ্মিত “জয়মতী” ত ৰাছিয়ান চলচিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়।
“জয়মতী” ত অভিনয় কৰিছিল আইদেউ সন্দিকৈ, স্বৰ্গজ্যোতি বৰুৱা, মনোভিৰাম বৰুৱা, ফণী শৰ্মা, স্নেহ চন্দ্ৰ বৰুৱা, নৰেন বৰদলৈ, ৰানা বৰুৱা, চামচুল হক, ৰাজেন বৰুৱা, পুতুল হক, প্ৰতাপ বৰুৱা, ৰাজকুমাৰী গোহাই, সুবৰ্ণৰেখা শইকীয়া, ললিত, মোহন চৌধুৰী, বনমালী দাস, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, কমলা প্ৰসাদ আগৰৱালা, ফুনু বৰুৱা আৰু মোহিনী ৰাজকুমাৰীয়ে। ছবিখনৰ মুঠ বস্ক অফিচ কালেকচন আছিল ১.৪৮ টকা।

ইন্দ্ৰমালতীঃ

১৯৩৫-৪০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 3

উক্ত বৰ্ষটোত মুক্তিপ্ৰাপ্ত দ্বিতীয়খন ছবি আছিল “ইন্দ্ৰমালতী”। সতী টকিজত ১৯৩৯ চনৰ ৩০ জুলাই তাৰিখে ইয়াৰ প্ৰিমিয়াৰ কৰা হৈছিল। জ্যোতিপ্ৰসাদৰ পৰিচালনা তথা প্ৰযোজনাৰ দ্বিতীয়খন অসমীয়া বোলছবি “ইন্দ্ৰমালতী”। বহুতেই কয় যে, জয়মতীত হোৱা লোকচানৰ বান্ধ মাৰিবলৈ এই ছবিখন প্ৰস্তুত কৰা হৈছিল। আছলতে, জ্যোতিপ্ৰসাদে নিজেও কৈছে “ফিল্মখনৰ অৰ্থক্ষতি আৰু সৌন্দৰ্য্য হানি কৰিও খৰচ কমাই ৰখা হৈছে। টকা খৰচ কমাবলৈকে ছবিখনৰ বহুত ঠাইত কথাৰ বহুলতা কমাই পেলোৱা হৈছে আৰু তাৰ বাবে ছবিখনৰ সৌন্দৰ্য্য হানি নোহোৱাকৈ থকা নাই।” এই ছবিখন নিৰ্মাণৰ মুঠ বাজেট আছিল মুঠ ১৫ হাজাৰ টকা।দৰাচলতে, “ইন্দ্ৰমালতী” ছবিখন এটা প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। জ্যোতিপ্ৰসাদৰ স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। বহিঃদৃশ্যৰ শ্বুটিং সম্পন্ন কৰা হৈছিল তেজপুৰৰ মিছন চাৰিআলিত আৰু অন্তঃদৃশ্যৰ শ্বুটিং কৰা হৈছিল কলিকতাৰ নাৰিকেলডোংগাৰ অৰোৰা ষ্টুডিঅ’ত।
ছবিখনৰ মূখ্য চৰিত্ৰ দুটাৰ নাম আছিল ইন্দ্ৰ+মালতী আৰু, নাম দুটা লৈয়ে ছবিখনৰ নাম দিয়া হৈছিল। ছবিখনৰ সম্পূৰ্ণ অংশ বৰ্তমান নাই। ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেও অভিনয় কৰিছিল। ইয়াৰ লগতে ছবিখনত অভিনয় কৰিছে মনোভিৰাম বৰুৱা,ফণী শৰ্মা, জ্ঞানদাভিৰাম বৰুৱা, ডাঃ ললিত মোহন চৌধুৰী,থানু বৰা ,ভূপেন হাজৰিকা,ৰাসেশ্বৰী বৰুৱা,উপা কটক, অন্ন বুজৰবৰুৱা,বেদানন্দ শৰ্মা,খৰ্গেশ্বৰ আগৰৱালা,মণি লাহিড়ী,গজেন বৰুৱা,কাশীকান্ত শইকীয়া,শুভ বৰুৱা,হেমলতা কলিতা,আৰু ঘনকান্ত সিংহই।
১৯৩০ চনত অসমীয়া ছবিৰ পাতনি মেলা হৈছিল যদিও ই ঠন ধৰি উঠিছিল ১৯৭০ চনতহে। ১৯৭০ চনত কেইবাখনো অসমীয়া ছবিয়ে মুক্তি লাভ কৰাৰ লগতে দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

]]>
https://rupaliparda.com/archives/12392/feed 0 12392
আৰম্ভণিৰ পৰা অসমীয়া ছবি ক্ষেত্ৰখন চহকী কৰা তিনি শিল্পীঃ https://rupaliparda.com/archives/11810 https://rupaliparda.com/archives/11810#respond Sat, 21 Mar 2020 10:30:54 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11810 বিশ্বৰ সকলোবোৰ সাংস্কৃতিক ক্ষেত্ৰতকৈ জনপ্ৰিয় চলচিত্ৰ ক্ষেত্ৰখন। এই ক্ষেত্ৰখনক আগবঢ়াই নিবলৈ বহুতো লোক উঠি-পৰি লাগি থকা দেখিবলৈ পোৱা যায়। বহু ছবিৰ যোগেৰে জনসাধাৰণলৈ কিছু গঠনমূলক বাৰ্তা প্ৰেৰণৰো চেষ্টা কৰে পৰিচালক ও শিল্পী সকলে। “জয়মতী” ৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ “ৰত্নাকৰ” লৈ প্ৰায় বহু অসমীয়া ছবিয়ে লাভ কৰিছে দৰ্শকৰ সঁহাৰি। গল্প, উপন্যাস তথা প্ৰকৃত ঘটনাৰ আঁৰ লৈ নিৰ্মিত ছবি নহওঁক কিয়; পূৰ্বৰ সময়ত সাধাৰণজনৰ উপভোগ্য ছবিৰ সংখ্যা আছিল লেখত ল’বলগীয়া। বঙালী ছবিক্ষেত্ৰ খনৰ যেনেদৰে তিনি স্তম্ভ সত্যজিৎ ৰায়, মৃণাল সেন তথা ঋত্বিক ঘটকক মানিব পাৰি; ঠিক তেনেদৰে অসমীয়া ছবিৰ ক্ষেত্ৰ ,তো সেইটো সময়ৰ উল্লেখনীয় ব্যক্তি বুলি ক’ব পাৰি জ্যোতিপ্ৰসাদ আগৰাৱালা, ভৱেন্দ্ৰনাথ শইকীয়া তথা ফণী শৰ্মাক।

আৰম্ভণিৰ পৰা অসমীয়া ছবি ক্ষেত্ৰখন চহকী কৰা তিনি শিল্পীঃ 4
আৰম্ভণিৰ পৰা অসমীয়া ছবি ক্ষেত্ৰখন চহকী কৰা তিনি শিল্পীঃ 5


ইয়াৰ পিছতেই বহুকেইজন ন-ন পৰিচালকৰ জন্ম হৈছিল যদিও তেওঁলোকৰ আগৰ সময়ছোৱাত এই ক্ষেত্ৰখনত ৰাজ কৰিছিল উক্ত পৰিচালক কেইগৰাকীয়ে। আহক জানো জ্যোতিপ্ৰসাদ-ভৱেন্দ্ৰনাথ-ফণী শৰ্মাৰ বিষয়ে কিছু কথাঃ

জ্যোতিপ্ৰসাদ আগৰৱালাঃ

আৰম্ভণিৰ পৰা অসমীয়া ছবি ক্ষেত্ৰখন চহকী কৰা তিনি শিল্পীঃ 6

অসমীয়া চলচিত্ৰ জগত খনত এক উল্লেখনীয় বৰঙণি যোগোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি ১৭ জানুৱাৰীত সমগ্ৰ অসমীয়াই শিল্পী দিৱস ৰূপে উদযাপন কৰে। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচিত্ৰ “জয়মতী” নিৰ্মাণ কৰে। একাধাৰে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা এই গৰাকী মহান শিল্পীক “ৰূপকোঁৱৰ” বুলিও কোৱা হয়। ১৯০৩ চনত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীৰ যেতিয়া প্ৰথমখন ছবিয়ে বাণিজ্যিকভাৱে লাভ অৰ্জন কৰা নাছিল; তেতিয়া তেওঁ ছবিৰ অসফলতাৰ দায়িত্ব নিজে মূৰ পাতি লৈছিল। “জয়মতী” ৰ পৰা হোৱা ব্যৱসায়িক লোকচানক পৰিপূৰ্ণ কৰিবলৈ তেওঁ তেওঁৰ দ্বিতীয়খন ছবি “ইন্দ্ৰমালতী” নিৰ্মাণ কৰে। ৪৮ বছৰ বয়সৰ ভিতৰত তেওঁ অসমীয়াৰ সাহিত্য ভঁৰাল চহকী কৰি থৈ গৈছে। অসমীয়া ছবি ক্ষেত্ৰলৈ জনোৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুনত ভাৰত চৰকাৰে আগৰৱালাৰ এটি স্মৃতিৰক্ষামূলক ডাক টিকট মুকলি কৰে।

ড° ভৱেন্দ্ৰনাথ শইকীয়াঃ

আৰম্ভণিৰ পৰা অসমীয়া ছবি ক্ষেত্ৰখন চহকী কৰা তিনি শিল্পীঃ 7

একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু ছবি পৰিচালক হৈছে ভৱেন্দ্ৰ নাথ শইকীয়া। তেওঁৰ প্ৰায় সকলোবোৰ কৰ্মৰাজিক এৰি যদি আমি কেৱল বোলছবি নিৰ্মাণৰ বিষয়ে ক’বলৈ যাওঁ তেনেহ’লে এক কথাত ক’ব লাগিব যে ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা নিৰ্মিত প্ৰায় প্ৰত্যেকখন ছবিয়ে লাভ কৰিছে ৰজত কমল বঁটা। ১৯৭৬ চনত ভৱেন্দ্ৰ নাথ শইকীয়াই সাহিত্য একাডেমী বঁটা আৰু ১৯৯০ চনত “অসম উপত্যকা সাহিত্য বঁটা” ৰ লগতে “পদ্মশ্ৰী” বঁটাও লাভ কৰে। কেইবাখনো ৰেডিঅ’ নাট, একাংকিকা নাট তথা ভ্ৰাম্যমাণ মঞ্চৰ বাবে একাধিক নাটক ৰচনা কৰা এইগৰাকী মহান ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে অসমীয়া চলচিত্ৰ জগতত অৰ্থবহ ছবিৰ শুভাৰম্ভ কৰে। তেওঁৰ দ্বাৰা নিৰ্মিত ছবি সমূহৰ প্ৰায় বোৰেই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেওঁ নিজৰ ছবিসমূহত প্ৰায়ে সংলাপৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বুলি সমালোচক সকলে ব্যক্ত কৰে। ভবেন্দ্ৰ নাথ শইকীয়াই অসমীয়াৰ লগতে এখন হিন্দী ছবি “কালসন্ধ্যা” ৰো নিৰ্মাণ কৰে;যিখন “ইন্টাৰনেশ্বনেল ফিল্ম অৱ ইণ্ডিয়া” ত প্ৰদৰ্শিত কৰা হয়।

ফণী শৰ্মাঃ

আৰম্ভণিৰ পৰা অসমীয়া ছবি ক্ষেত্ৰখন চহকী কৰা তিনি শিল্পীঃ 8

এগৰাকী পৰিচালক ও অসমৰ নাট তথা চলচিত্ৰ অভিনেতা, নাট্যকাৰ হৈছে ফণী শৰ্মা। “নটসূৰ্য্য” উপাধিৰে বিভূষিত এই গৰাকী জনপ্ৰিয় শিল্পীৰ জন্ম ১৯১০ চনত বুলি কোৱা হয়। বাণ ৰংগমঞ্চৰ দ্বাৰ ৰক্ষী হিচাপে নিজৰ নাট্যশালাৰ জীৱন আৰম্ভ কৰা ফণী শৰ্মাই প্ৰথম অভিনয় কৰিছিল ১৯২৮ চনত বাণ ৰংগমঞ্চৰ “ৰাণা প্ৰতাপ” নাটকত “আকবৰ” চৰিত্ৰত। ইয়াৰ পিছতে অভিনয় কৰি থকাৰ লগতে তেওঁ কেইবাখনো নাট পৰিচালনা কৰে; ১৯৩৫ চনত ছবি ক্ষেত্ৰত খোজ পেলায় ফণী শৰ্মাই। জ্যোতিপ্ৰসাদৰ দুয়োখন ছবিত অভিনয় কৰে ফণী শৰ্মাই লগতে তেওঁ বিষ্ণু প্ৰসাদ ৰাভাৰ সৈতে লগ হৈ “ছিৰাজ” ছবিখনৰো পৰিচালনা কৰে। উল্লেখ্য যে, এই খনেই আছিল অসমীয়া ছবি সমূহৰ ভিতৰত আটাইতকৈ বাণিজ্যিক ভাৱে সফল ছবি। ইয়াৰ পিছতে তেওঁ পৰিচালনা কৰে “পিয়লি ফুকন” আৰু ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত শেষৰখন ছবি আছিল “ইটো সিটো বহুতো”।

আৰম্ভণিৰ পৰা অসমীয়া ছবি ক্ষেত্ৰখন চহকী কৰা তিনি শিল্পীঃ 9


এই পৰিচালক সমূহৰ উপৰিও অসমীয়া ছবি ক্ষেত্ৰখনত পিছলৈ কেইবাজনো এনে পৰিচালকৰ জন্ম হয়;যিয়ে এই ক্ষেত্ৰখনত অধিক উন্নত কৰি তোলাৰ উপৰিও দৰ্শকৰ বাবে গ্ৰহণযোগ্য কৰি তোলে।

]]>
https://rupaliparda.com/archives/11810/feed 0 11810
প্ৰথম অসমীয়া ছবি “জয়মতী” য়ে অতিক্ৰম কৰিলে ৮৫ টা বৰ্ষঃ https://rupaliparda.com/archives/11229 https://rupaliparda.com/archives/11229#respond Tue, 10 Mar 2020 10:00:56 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11229 অসমীয়া ছবি ক্ষেত্ৰ খনৰ বাবে আজি এক বিশেষ দিন। ১৯৩৫ চনৰ আজিৰ দিনটোতেই মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি “জয়মতী”। “জয়মতী” ছবিখনে আজি সগৌৰৱেৰে অতিক্ৰম কৰিলে নিজ ৮৫ টা বছৰ। যেতিয়াই কোনো লোকে অসমীয়া ছবি জগত খনৰ উল্লেখ কৰিব;সমান্তৰালকৈ উল্লেখ কৰিব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত ছবি “জয়মতী” ৰ। কলিকতাৰ ৰৌণক থিয়েটাৰত ১০ মাৰ্চত মুকলি কৰা ছবিখনৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ পৰা। ভোলাগুৰি চাহ বাগিচাত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজাববীয়াকৈ সজাই লৈছিল “চিত্ৰৱন ষ্টুডিঅ”। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই।

প্ৰথম অসমীয়া ছবি "জয়মতী" য়ে অতিক্ৰম কৰিলে ৮৫ টা বৰ্ষঃ 10


গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ আশানুৰূপ সঁহাৰি লাভ নকৰাৰ ফলত বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। উল্লেখ্য যে, দৰ্শকক আকৰ্ষিত কৰিব নোৱাৰাৰ বাবে সম্পূৰ্ণ দোষ নিজৰ ওপৰত লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছবিখন হেৰাই যোৱা বুলি মানি লোৱা হৈছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই ছবিখনৰ সাতোটা ৰীল গেৰেজ ঘৰত পৰি থকা আৱিষ্কাৰ কৰে। সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ আধাৰত নিৰ্মিত “জয়মতী” ত ৰাছিয়ান চলচিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়।

প্ৰথম অসমীয়া ছবি "জয়মতী" য়ে অতিক্ৰম কৰিলে ৮৫ টা বৰ্ষঃ 11
প্ৰথম অসমীয়া ছবি "জয়মতী" য়ে অতিক্ৰম কৰিলে ৮৫ টা বৰ্ষঃ 12


“জয়মতী” ত অভিনয় কৰিছিল আইদেউ! সন্দিকৈ, স্বৰ্গজ্যোতি বৰুৱা, মনোভিৰাম বৰুৱা, ফণী শৰ্মা, স্নেহ চন্দ্ৰ বৰুৱা, নৰেন বৰদলৈ, ৰানা বৰুৱা, চামচুল হক, ৰাজেন বৰুৱা, পুতুল হক, প্ৰতাপ বৰুৱা, ৰাজকুমাৰী গোহাই, সুবৰ্ণৰেখা শইকীয়া, ললিত, মোহন চৌধুৰী, বনমালী দাস, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, কমলা প্ৰসাদ আগৰৱালা, ফুনু বৰুৱা আৰু মোহিনী ৰাজকুমাৰীয়ে।

]]>
https://rupaliparda.com/archives/11229/feed 0 11229
অসমীয়া চলচিত্ৰৰ জনক জ্যোতিপ্ৰসাদ আগৰৱালালৈ একাঁজলি শ্ৰদ্ধাঞ্জলীঃ https://rupaliparda.com/archives/9555 https://rupaliparda.com/archives/9555#respond Fri, 17 Jan 2020 08:35:55 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9555 অসমীয়া চলচিত্ৰ জগত খনত এক উল্লেখনীয় বৰঙণি যোগোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি ১৭ জানুৱাৰীত সমগ্ৰ অসমীয়াই শিল্পী দিৱস ৰূপে উদযাপন কৰে। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচিত্ৰ “জয়মতী” নিৰ্মাণ কৰে। একাধাৰে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা এই গৰাকী মহান শিল্পীক “ৰূপকোঁৱৰ” বুলিও কোৱা হয়।


অসমীয়া চলচিত্ৰৰ জনক খ্যাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিত তেওঁলৈ স্মৰণ কৰি বিভিন্ন জন অসমীয়া শিল্পীয়ে শিল্পী দিৱসত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


উল্লেখ্য যে, ১৯৩৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ প্ৰথমখন ছবি “জয়মতী” ৰ শ্বুটিঙৰ বাবে নিজাকৈ ভোলাগুৰি চাহ বাগিছাত “চিত্ৰৱন ষ্টুডিঅ’ স্থাপন কৰে। “জয়মতী” ছবিখন ব্যৱসায়িকভাৱে অধিক সফল নহ’ল বাবেই জ্যোতিপ্ৰসাদে “ইন্দ্ৰমালতী” ছবিখন নিৰ্মাণ কৰে।

অসমীয়া চলচিত্ৰৰ জনক জ্যোতিপ্ৰসাদ আগৰৱালালৈ একাঁজলি শ্ৰদ্ধাঞ্জলীঃ 13


দুখন ছবিৰ লগতে জ্যোতিপ্ৰসাদে ৬ খন সম্পূৰ্ণ নাটক নিৰ্মাণ কৰে।

]]>
https://rupaliparda.com/archives/9555/feed 0 9555
স্মৃতিৰ দলিচাৰ পৰা বুটলি- “ইন্দ্ৰমালতী”- https://rupaliparda.com/archives/7292 https://rupaliparda.com/archives/7292#respond Sun, 27 Oct 2019 08:31:50 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7292 অসমীয়া বোলছবি জগতৰ এখন আপুৰুগীয়া ছবি। জ্যোতিপ্ৰসাদৰ পৰিচালনা তথা প্ৰযোজনাৰ দ্বিতীয়খন অসমীয়া বোলছবি “ইন্দ্ৰমালতী”। বহুতেই কয় যে, জয়মতীত হোৱা লোকচানৰ বান্ধ মাৰিবলৈ এই ছবিখন প্ৰস্তুত কৰা হৈছিল। আছলতে, জ্যোতিপ্ৰসাদে নিজেও কৈছে “ফিল্মখনৰ অৰ্থক্ষতি আৰু সৌন্দৰ্য্য হানি কৰিও খৰচ কমাই ৰখা হৈছে। টকা খৰচ কমাবলৈকে ছবিখনৰ বহুত ঠাইত কথাৰ বহুলতা কমাই পেলোৱা হৈছে আৰু তাৰ বাবে ছবিখনৰ সৌন্দৰ্য্য হানি নোহোৱাকৈ থকা নাই।”

স্মৃতিৰ দলিচাৰ পৰা বুটলি- "ইন্দ্ৰমালতী"- 14
GOOGLE
স্মৃতিৰ দলিচাৰ পৰা বুটলি- "ইন্দ্ৰমালতী"- 15


দৰাচলতে ছবিখন এটা প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। জ্যোতিপ্ৰসাদৰ স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। বহিঃদৃশ্যৰ শ্বুটিং সম্পন্ন কৰা হৈছিল তেজপুৰৰ মিছন চাৰিআলিত আৰু অন্তঃদৃশ্যৰ শ্বুটিং কৰা হৈছিল কলিকতাৰ নাৰিকেলডোংগাৰ অৰোৰা ষ্টুডিঅ’ত।

স্মৃতিৰ দলিচাৰ পৰা বুটলি- "ইন্দ্ৰমালতী"- 16
ADN-ZB-Katscherowski-16.8.72-rz-Berlin: 3. Festival des politischen Liedes. “Internationale Beobachter” bei einer Veranstaltung vor jungen Arbeiterinnen und Arbeitern des Berliner Großbetriebes Narva am 16.2.1972. Hartmut König (l.) und Dr. Bhupen Hazarika aus Indien (r.)

ছবিখনৰ মূখ্য চৰিত্ৰ দুটাৰ নাম আছিল ইন্দ্ৰ+মালতী আৰু, নাম দুটা লৈয়ে ছবিখনৰ নাম দিয়া হৈছিল। ছবিখনৰ সম্পূৰ্ণ অংশ বৰ্তমান নাই। ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেও অভিনয় কৰিছিল। ইয়াৰ লগতে ছবিখনত অভিনয় কৰিছে মনোভিৰাম বৰুৱা,ফণী শৰ্মা, জ্ঞানদাভিৰাম বৰুৱা, ডাঃ ললিত মোহন চৌধুৰী,থানু বৰা ,ভূপেন হাজৰিকা,ৰাসেশ্বৰী বৰুৱা,উপা কটক, অন্ন বুজৰবৰুৱা,বেদানন্দ শৰ্মা,খৰ্গেশ্বৰ আগৰৱালা,মণি লাহিড়ী,গজেন বৰুৱা,কাশীকান্ত শইকীয়া,শুভ বৰুৱা,হেমলতা কলিতা,আৰু ঘনকান্ত সিংহই।

]]>
https://rupaliparda.com/archives/7292/feed 0 7292